আমি কোনো সাধু বা সন্তক প্ৰাৰ্থনা কৰা উচিতনে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
আমি কোনো সাধু বা সন্তক প্ৰাৰ্থনা কৰা উচিত নহয়। বাইবেলে বৰ্ণনা কৰে যে আমি যীচুৰ নামেৰে কেৱল ঈশ্বৰক প্ৰাৰ্থনা কৰা উচিত। যীচুৱে নিজৰ শিষ্যসকলক কৈছিল: “এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা; হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।” (মথি ৬:৯) যীচুৱে নিজৰ শিষ্যসকলক সৰ্ব্বশক্তিমান ঈশ্বৰৰ বাহিৰে কোনো সাধু বা সন্ত, স্বৰ্গদূত বা আন কোনো ব্যক্তিক প্ৰাৰ্থনা কৰিবলৈ আজ্ঞা দিয়া নাছিল।
ইয়াৰ উপৰিও যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) আমাৰ হৈ মধ্যস্থতা কৰিবলৈ ঈশ্বৰে কেৱল যীচুক অধিকাৰ দিছে।—ইব্ৰী ৭:২৫.
যদি মই ঈশ্বৰ আৰু লগতে কোনো সাধু বা সন্তক প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে কি হʼব?
দহ আজ্ঞাৰ ভিতৰৰ এটা আজ্ঞাত ঈশ্বৰে এইদৰে কৈছে: “তোমাৰ ঈশ্বৰ যিহোৱা মই মোৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।” (যাত্ৰাপুস্তক ২০:৫) এই বাক্যৰপৰা কেনেকৈ কʼব পাৰি যে ঈশ্বৰ “উদ্যোগী” বা কৰ্তব্যপৰায়ণ? দ্যা নিউ আমেৰিকান বাইবেলত যাত্ৰাপুস্তক ২০:৫ পদৰ ফুটনোটত এইদৰে বৰ্ণনা কৰা হৈছে যে তেওঁ “কেৱল আনুগত্য দাবী কৰে।” ঈশ্বৰে দাবী কৰে যে আনুগত্য বা উপাসনা কেৱল তেওঁক উদ্দেশ্য কৰি কৰা উচিত, যʼত প্ৰাৰ্থনাও জড়িত আছে।—যিচয়া ৪৮:১১.
যদি আমি কোনো সাধু বা সন্ত বা কোনো স্বৰ্গদূতক প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে আমি ঈশ্বৰক অসন্তুষ্টি কৰা হʼব। যেতিয়া পাঁচনি যোহনে এজন স্বৰ্গদূতক প্ৰণিপাত কৰিব বিচাৰিছিল, তেতিয়া স্বৰ্গদূতজনে তেওঁক বাধা দি এইদৰে কৈছিল: “সাৱধান, এনে নকৰিবা; মই তোমাৰ সহদাস, আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইবিলাকৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।”—প্ৰকাশিত বাক্য ১৯:১০.