Skip to content

ধাৰ আৰু টকা-পইচাৰ সমস্যা—বাইবেলে সহায় আগবঢ়ায়নে?

ধাৰ আৰু টকা-পইচাৰ সমস্যা—বাইবেলে সহায় আগবঢ়ায়নে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

নিশ্চয় সহায় আগবঢ়াব পাৰে। নিম্নলিখিত বাইবেলৰ চাৰিটা সিদ্ধান্তই আপোনাক ধাৰ আৰু টকা-পইচাৰ সমস্যা সমাধান কৰিবলৈ সহায় কৰিব:

  1. ১. কিমান খৰচ কৰিব তাৰ পৰিকল্পনা কৰক। “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভহে জন্মায়; কিন্তু খৰ কৰোঁতাই কেৱল দৰিদ্ৰতালৈহে খৰ কৰে।” (হিতোপদেশ ২১:৫) কোনো এটা বস্তু কম দামত বিক্ৰী কৰা হৈছে বুলিয়েই কিনিবলৈ খৰ-খেদা নকৰিব। কিমান খৰচ কৰিব তাৰ পৰিকল্পনা কৰক আৰু সেই অনুসৰি চলক।

  2. ২. আৱশ্যক নহʼলে ধাৰ লোৱাৰপৰা আঁতৰি থাকক। “ধৰুৱা ধাৰ দিওঁতাৰ দাস হয়।” (হিতোপদেশ ২২:৭) যদি আপুনি ধাৰ লৈছে আৰু পৰিশোধ কৰিব পৰা নাই, তেনেহʼলে ধাৰ দিওঁতাৰ লগত আলোচনা কৰি কেনেকৈ পৰিশোধ কৰিব তাৰ বাবে নতুন আঁচনি তৈয়াৰ কৰক আৰু সেই আঁচনি পৰিৱৰ্তন নকৰাকৈ দৃঢ় থাকক। যিজনে কোনো চিন্তা-চৰ্চ্চা নকৰাকৈ আনৰ ধাৰ পৰিশোধ কৰাৰ বাবে দায়িত্ব লয়, তেনে লোকসকলে বাইবেলে আগবঢ়োৱা এই পৰামৰ্শ পালন কৰা উচিত: “তুমি দণ্ডৱতে তোমাৰ ওচৰ-চুবুৰীয়াক মিনতি কৰাগৈ। তোমাৰ চকুক টোপনি যাবলৈ, বা চকুৰ পিৰিঠক মুদ যাবলৈ নিদিবা।” (হিতোপদেশ ৬:১-৫) যদি আপোনাৰ অনুৰোধ প্ৰথমবাৰ সফল হোৱা নাই, তথাপিও সাল-সলনিৰ বাবে বাৰে বাৰে অনুৰোধ কৰি থাকক।

  3. ৩. টকা-পইচা উচিত স্থানত ৰাখক। “চকু-চৰহা লোকে অতি আগ্ৰহেৰে ধনলৈ চেষ্টা কৰে; কিন্তু তালৈ যে দৰিদ্ৰতা ঘটিব, তাক সি নাজানে।” (হিতোপদেশ ২৮:২২) ঈৰ্ষা আৰু লোভে কেৱল আপোনাক আৰ্থিকভাৱে ক্ষতি কৰিব এনে নহয়, কিন্তু ইয়ে আপোনাক আধ্যাত্মিকভাৱেও অনিষ্ট কৰিব।

  4. ৪. যি আছে তাতে সন্তুষ্ট থাকক। “আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” (১ তীমথিয় ৬:৮) এজন ব্যক্তিৰ ওচৰত টকা-পইচা থাকিলেই যে তেওঁ সুখী বা আনন্দিত হʼব এনে নহয়। এই পৃথিৱীত এনে বহুতো লোক আছে, যাৰ ওচৰত টকা-পইচা নাই, তথাপিও তেওঁলোক আনন্দিত। তেওঁলোকৰ ওচৰত পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰেম আৰু ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক আছে।​—হিতোপদেশ ১৫:১৭; ১ পিতৰ ৫:৬, ৭.