মৃত্যুৰ প্ৰতি থকা ভয়ক আপুনি কেনেকৈ দূৰ কৰিব?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
আমি সকলোৱে মৃত্যুক এটা শত্ৰু হিচাপে ভয় কৰোঁ আৰু নিজৰ জীৱন সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰোঁ। (১ কৰিন্থীয়া ১৫:২৬) কিন্তু মন কৰিবলগীয়া কথা যে মৃত্যুৰ প্ৰতি থকা ভয় হৈছে অন্ধবিশ্বাস আৰু ইয়াত কোনো সত্যতা নাই আৰু ইয়ে এজন ব্যক্তিক “গোটেই আয়ুসৰ দিন দাসত্বৰ অধীন” কৰি তোলে। (ইব্ৰী ২:১৫) মৃত্যুৰ প্ৰতি থকা যি ভয়ে আপোনাৰ জীৱনৰ আনন্দ কাঢ়ি নিয়ে, আপুনি সত্য জনাৰ যোগেদি সেই ভয়ৰপৰা মুক্ত হʼব পাৰিব।—যোহন ৮:৩২.
মৃত্যুৰ বিষয়ে সত্যতা
মৃত্যু হোৱা এজন ব্যক্তিৰ কোনো জ্ঞান নাথাকে। (গীতমালা ১৪৬:৪) মৃত্যুৰ পাছত আপুনি কোনো কষ্ট বা শাস্তি পাব বুলি ভয় কৰা উচিত নহয়। কিয়নো বাইবেলে মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে।—গীতমালা ১৩:৩; যোহন ১১:১১-১৪.
মৃত লোকসকলে আমাক কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে। আনকি অতীতৰ ভয়ানক শত্ৰুবিলাকেও “মৃতবিলাকৰ সমাজত” আছে। (হিতোপদেশ ২১:১৬) তেওঁলোকৰ অৱস্থাৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “সিহঁতৰ ঘিণ, আৰু সিহঁতৰ অসূয়া নষ্ট হৈ গল।”—উপদেশক ৯:৬.
মৃত্যুৱে আমাৰ অস্তিত্ব স্থায়ীভাৱে লুপ্ত কৰিব নোৱাৰে। পুনৰুত্থানৰ যোগেদি ঈশ্বৰে মৃত লোকসকলক পুনৰ জীৱন দিব।—যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.
ঈশ্বৰে এনে এক সময়ৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে, যেতিয়া “মৃত্যু আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪) সেই সময়ৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:২৯.