যীচুক ঈশ্বৰৰ পুত্ৰ বুলি কিয় কোৱা হয়?
পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
বাইবেলৰ বহুতো পদত যীচুক “ঈশ্বৰৰ পুত্ৰ” বুলি কোৱা হৈছে। (যোহন ১:৪৯) “ঈশ্বৰৰ পুত্ৰ,” এই শব্দৰপৰা বুজিব পাৰি যে ঈশ্বৰেই সকলো প্ৰাণীক জীৱন দিছে, আনকি যীচুকো। (গীতমালা ৩৬:৯; প্ৰকাশিত বাক্য ৪:১১) বাইবেলে এইদৰে শিকোৱা নাই যে মানুহে যিদৰে সন্তানক জন্ম দিয়ে, ঠিক সেইদৰে ঈশ্বৰে নিজৰ পুত্ৰক জন্ম দিছিল।
বাইবেলত স্বৰ্গদূতসকলকো ‘ঈশ্বৰৰ সন্তান’ বুলি কোৱা হৈছে। (ইয়োব ১:৬) ইয়াৰ উপৰিও, প্ৰথম পুৰুষ আদমকো “ঈশ্বৰৰ পুত্ৰ” বুলি কোৱা হৈছে। (লূক ৩:৩৮) কিন্তু ঈশ্বৰে যীচুক নিজেই সৰ্বপ্ৰথমে সৃষ্টি কৰিছিল। সেইবাবে, বাইবেলত যীচুক ঈশ্বৰৰ প্ৰিয় পুত্ৰ বুলি কোৱা হৈছে।
পৃথিৱীলৈ অহাৰ আগতে যীচু স্বৰ্গত আছিল নে?
হয় আছিল। পৃথিৱীত মানুহ হিচাপে জন্ম হোৱাৰ আগতে যীচুৱে স্বৰ্গত এজন অদৃশ্য প্ৰাণী হিচাপে আছিল। যীচুৱে নিজেই এইদৰে কৈছিল, “মই . . . স্বৰ্গৰ পৰা নামি আহিছোঁ।”—যোহন ৬:৩৮; ৮:২৩.
ঈশ্বৰে সৰ্বপ্ৰথমে যীচুক সৃষ্টি কৰিছিল। যীচুৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে:
“তেওঁ . . . গোটেই সৃষ্টিৰ প্ৰথমজাত।”—কলচীয়া ১:১৫.
তেওঁ “ঈশ্বৰৰ সৃষ্টিৰ আদি।”—প্ৰকাশিত বাক্য ৩:১৪.
যীচুৰ বিষয়ে কৰা ভৱিষ্যতবাণীত লিখা আছে যে “পূৰ্ব্বকালৰ পৰা, অনাদি কালৰে পৰা তেওঁৰ উৎপত্তি।”—মীখা ৫:২; মথি ২:৪-৬.
পৃথিৱীলৈ অহাৰ আগতে যীচুৱে কি কৰিছিল?
স্বৰ্গত তেওঁ উচ্চ পদত আছিল। যীচুৱে নিজৰ প্ৰাৰ্থনাত উল্লেখ কৰিছিল যে স্বৰ্গত তেওঁৰ এটা উচ্চ পদ আছিল। যীচুৱে এইদৰে কৈছিল, “হে পিতৃ, জগত হোৱাৰ আগেয়ে, তোমাৰে সৈতে থাকোঁতে, মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া তোমাৰেই সৈতে মোক মহিমান্বিত কৰা।”—যোহন ১৭:৫.
তেওঁ বাকী সকলো প্ৰাণী আৰু বস্তুবোৰ সৃষ্টি কৰিবলৈ নিজৰ পিতৃক সহায় কৰিছিল। এজন “প্ৰধান কাৰ্য্যকাৰিণী” হিচাপে যীচুৱে নিজৰ পিতৃৰ লগত কাম কৰিছিল। (হিতোপদেশ ৮:৩০) যীচুৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, “স্বৰ্গত আৰু পৃথিবীত . . . সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই স্ৰজা হল।”—কলচীয়া ১:১৬.
ঈশ্বৰে যীচুৰ যোগেদি বাকী সকলো প্ৰাণী, সকলো বস্তু, স্বৰ্গদূত আৰু গোটেই বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰিছিল। (প্ৰকাশিত বাক্য ৫:১১) ঈশ্বৰ আৰু যীচুৱে মিলি সকলো সৃষ্টি কৰিলে, যিদৰে এজন আৰ্কিটেক আৰু বিল্ডাৰে মিলি কাম কৰে। আৰ্কিটেকে ডিজাইন বনায় আৰু বিল্ডাৰে সেই ডিজাইনৰ অনুসৰি ঘৰ নিৰ্মাণ কৰে।
যীচুক “বাক্য” বুলি কোৱা হয়। বাইবেলত লিখা আছে যে পৃথিৱীলৈ অহাৰ আগতে যীচুৱে স্বৰ্গত “বাক্য” হিচাপে কাম কৰিছিল। (যোহন ১:১) ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে নিজৰ পুত্ৰৰ যোগেদি স্বৰ্গদূতসকলৰ ওচৰলৈ বাক্য পঠাইছিল অৰ্থাৎ বাৰ্তা আৰু নিৰ্দেশনা দিছিল।
ঈশ্বৰে যীচুৰ যোগেদি মানুহৰ লগতো কথা পাতিছিল। ঈশ্বৰে এদন বাগিচাত আদম আৰু হৱাক হয়তো যীচুৰ যোগেদিয়েই নিৰ্দেশনা দিছিল। (আদিপুস্তক ২:১৬, ১৭) প্ৰাচীন সময়ত অৰণ্যৰ মাজত এজন স্বৰ্গদূতে ইস্ৰায়েলীসকলক পথ দেখুৱাইছিল আৰু সেইজন স্বৰ্গদূত হয়তো যীচুৱেই আছিল। তেওঁৰ আজ্ঞা পালন কৰিবলৈ ইস্ৰায়েলীসকলক কোৱা হৈছিল।—যাত্ৰাপুস্তক ২৩:২০-২৩. a
a ঈশ্বৰে কেৱল যীচুৰ যোগেদিয়েই কথা পতা নাছিল। উদাহৰণস্বৰূপে, তেওঁ আন কিছুমান স্বৰ্গদূতৰ যোগেদি ইস্ৰায়েলীসকলক নিজৰ নিয়ম দিছিল।—পাঁচনিৰ কৰ্ম্ম ৭:৫৩; গালাতীয়া ৩:১৯; ইব্ৰী ২:২, ৩.