নিজৰ দেশলৈ উভতি অহা লোকসকলে আশীৰ্বাদ পাইছিল
টকা-পইচা অৰ্জন কৰিবলৈ বিদেশলৈ যোৱা আমাৰ বহুতো ভাই-ভনীয়ে এতিয়া নিজৰ দেশলৈ উভতি আহিছে। তেওঁলোকে নিজৰ দেশৰ এনে ঠাইলৈ গৈ বসবাস কৰিছে, যʼত প্ৰচাৰকৰ অতি প্ৰয়োজন। কিয়নো তেওঁলোকে যিহোৱা আৰু লোকসকলক বহুত প্ৰেম কৰে। (মথি ২২:৩৭-৩৯) আহক চাওঁ, এই ভাই-ভনীসকলে কি কি ত্যাগ কৰিছে আৰু যিহোৱাই তেওঁলোকক কি কি আশীৰ্বাদ দিছে। আমি এনে ভাই-ভনীসকলৰ অনুভৱ চাম, যিসকলে পশ্চিম আফ্ৰিকাৰ কেমৰুণৰপৰা অন্য দেশলৈ গৈছিল। কিন্তু এতিয়া নিজৰ দেশলৈ উভতি আহিছে।
“সঠিক ঠাইত মাছ ধৰি আছোঁ”
১৯৯৮ চনত অনেছীম নামৰ এজন ভায়ে নিজৰ দেশ কেমৰুণৰপৰা বিদেশলৈ গৈছিল আৰু ১৪ বছৰ তাতে আছিল। এদিনাখন এখন খ্ৰীষ্টান সভাত অনেছীমে প্ৰচাৰ কামৰ বিষয়ে এটা ভাষণ শুনিছিল। ভাষণ দিয়া ভাইজনে এই উদাহৰণ দিছিল, “যদি দুজন বন্ধুৱে বেলেগ বেলেগ ঠাইত মাছ ধৰি আছে আৰু এজন বন্ধুৱে আনজনতকৈ বেছি মাছ পাইছে, তেনেহʼলে তেওঁ বেছি মাছ পোৱা ঠাইলৈ নাযাবনে?”
এই উদাহৰণটো শুনাৰ পাছত অনেছীমে নিজৰ দেশ কেমৰুণৰ বিষয়ে ভাবিলে। কিয়নো তাত বহুতোলোকে বাইবেল অধ্যয়ন কৰিব বিচাৰে। তেওঁ তালৈ উভতি আহিব বিচাৰিছিল। কিন্তু তেওঁ চিন্তিত হৈছিল। ইমানদিন বিদেশত থকাৰ পাছত তেওঁ নিজৰ দেশত থাকিব পাৰিবনে? এয়া জানিবলৈ তেওঁ ছমাহৰ বাবে কেমৰুণলৈ আহিছিল। তাৰ পাছত ২০১২ চনত তেওঁ সদায় কালৰ বাবে উভতি আহিল।
অনেছীমে কয়, “আৰম্ভণিত মোৰ অলপ কষ্ট হৈছিল। কিয়নো ইয়াত বৰ গৰম আৰু সুবিধাজনক বুলিবলৈ ইয়াত একোৱেই নাই। ৰাজ্যগৃহত বেঞ্চ থাকে। তাত বহিবলৈ মই নিজকে পুনৰ ঢাল খোৱাবলগীয়া হৈছিল। কিয়নো বিদেশৰ ৰাজ্যগৃহত আৰামদায়ক চকী থাকে।” তাৰ পাছত অনেছীমে হাঁহি হাঁহি কয়, “কিন্তু মই যেতিয়া কাৰ্য্যক্ৰমত ধ্যান দিবলৈ ধৰিলোঁ, তেতিয়া আৰামদায়ক চকীৰ কথা ভাবিবলৈ এৰি দিলোঁ।”
২০১৩ চনত অনেছীমে জেৰলডীনক বিয়া কৰে। তাই ফ্ৰান্সত ন বছৰ থকাৰ পাছত কেমৰুণলৈ উভতি আহিছিল। তেওঁলোকে জীৱনত ঈশ্বৰৰ কামক প্ৰথম স্থান দিছিল। সেইবাবে, তেওঁলোকে বহুতো আশীৰ্বাদ লাভ কৰিছিল। অনেছীমে কয়, “আমি দুয়োজনে ‘ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুলত’ গৈছিলোঁ আৰু আজি আমি বেথেলত সেয়া কৰি আছোঁ। এবছৰৰ ভিতৰতে আমাৰ মণ্ডলীৰ ২০ জন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼলে। এতিয়া মই কʼব পাৰোঁ, মই সঠিক ঠাইত মাছ ধৰি আছোঁ।” (মাৰ্ক ১:১৭, ১৮) জেৰলডীনে কয়, “ইমান আশীৰ্বাদ পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ।”
শিষ্য বনোৱা কামত আনন্দ লাভ কৰিলোঁ
ভনী জুডিথে আমেৰিকাত গৈ থাকিবলৈ লৈছিল। কিন্তু তাই যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰিছিল। তাই কয়, “মই মোৰ পৰিয়ালক লগ কৰিবলৈ কেমৰুণলৈ আহিলে বহুতো বাইবেল অধ্যয়ন আৰম্ভ কৰিছিলোঁ। কিন্তু তেওঁলোকক এৰি আহোঁতে মোৰ চকুপানী ওলাইছিল।” জুডিথে পুনৰ কেমৰুণতে থাকিব বিচাৰিছিল। কিন্তু এটা
কথাৰ বাবে তাই ভয়ো কৰিছিল। কেমৰুণত থকা তাইৰ পিতৃৰ চিকিৎসাৰ বাবে টকাৰ প্ৰয়োজন আছিল আৰু জুডিথে তেওঁক সহায় কৰিব পাৰিছিল। কিয়নো আমেৰিকাত তাইৰ ভাল চাকৰি আছিল। কিন্তু যিহোৱাৰ ওপৰত ভৰসা ৰাখি তাই কেমৰুণলৈ উভতি আহে। তাই কয় যে আৰম্ভণিতে তাইক বিদেশৰ সুখ-সুবিধাবোৰ মনত পৰিছিল। সহায় বিচাৰি তাই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল, যাতে তাই ইয়াত থকাৰ অভ্যাস গঢ়ি লʼব পাৰে। চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীয়ে তাইক উৎসাহিত কৰে।জুডিথে কয় যে কেমৰুণলৈ উভতি অহাৰ “তিনি বছৰৰ ভিতৰতে মোৰ চাৰিজন বাইবেল বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লয়। তেওঁলোকক সহায় কৰি মই সঁচাকৈ আনন্দিত।” জুডিথে বিশেষ অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰে। আজি তাই নিজৰ স্বামী চেম কেস্টলৰ লগত চাৰ্কিটৰ কাম কৰি আছে। কিন্তু জুডিথৰ পিতৃৰ কি হʼল? তাই আৰু তাইৰ পৰিয়ালে বিনামূলীয়াকৈ চিকিৎসা কৰা এখন চিকিৎসালয়, বিদেশত বিচাৰি উলিয়ালে আৰু আনন্দৰ বিষয় যে তেওঁৰ অপাৰেশ্ব্যন ভালদৰে হৈ গʼল।
যিহোৱাই আমাৰ ভালদৰে যত্ন লʼলে
ভিক্টৰ নামৰ এজন ভায়ে কেমৰুণৰপৰা কানাডালৈ গৈছিল। তাত তেওঁ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। কিন্তু প্ৰহৰীদুৰ্গৰ এটা লেখত উচ্চ শিক্ষাৰ বিষয়ে পঢ়িছিল, তেতিয়া তেওঁ নিজৰ বিষয়ে ভাবিছিল। তেওঁ উচ্চ শিক্ষা নকৰিলে আৰু টেকনিকেল ট্ৰেইনিং লʼবলৈ এটা কৰ্চ কৰিলে, যি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈছিল। তেওঁ কয়, “এই কৰ্চৰ বাবে মই সোনকালে চাকৰি পালোঁ আৰু বহু দিনৰপৰা ভাবি থকা অগ্ৰগামী সেৱাও কৰিব পাৰিলোঁ।” পাছত ভিক্টৰে কেৰʼলিনক বিয়া কৰিলে আৰু তেওঁলোক দুয়োজনে পুনৰ কেমৰুণলৈ আহে। তেওঁলোকে যেতিয়া শাখা কাৰ্য্যালয়লৈ গৈছিল, তেতিয়া তাত থকা ভাইসকলে তেওঁক কেমৰুণলৈ আহি সেৱা কৰাৰ বিষয়ে কৈছিল। ভিক্টৰে কৈছিল, “আমি ভাবিলোঁ, নিশ্চয়! যিহেতু আমাৰ ওচৰত একো বাধাও নাই। তদুপৰি আমি সৰল জীৱন অতিবাহিত কৰিছিলোঁ। সেইবাবে, কেমৰুণলৈ গৈ তাত সেৱা কৰাৰ বিষয়ে ভাবিলোঁ।” কেৰʼলিনৰ স্বাস্থ্য সদায় ভাল নাছিল, তথাপি আমি কেমৰুণলৈ গৈ সেৱা কৰাৰ বিষয়ে ভাবিলোঁ।
ভিক্টৰ আৰু কেৰʼলিনে কেমৰুণত অগ্ৰগামী সেৱা আৰম্ভ কৰে। তাত বহুতোলোকে বাইবেলৰ বিষয়ে শিকিব বিচাৰিছিল। কিছুমান টকা জমা কৰি ৰখাৰ বাবে তেওঁলোকে তাত কিছুদিন চলিব পাৰিলে। টকা শেষ হোৱাৰ পাছত তেওঁলোকে কেইমাহমানৰ বাবে কানাডালৈ গৈছিল। তাত তেওঁলোকে কাম কৰিলে আৰু পুনৰ কেমৰুণলৈ উভতি আহি অগ্ৰগামী সেৱা পুনৰ কৰিলে। ভিক্টৰ আৰু কেৰʼলিনে যি ত্যাগ কৰিলে, তাৰ বিনিময়ত তেওঁলোকে বহুতো আশীৰ্বাদ লাভ কৰিলে। তেওঁলোকে ‘ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুলত’ যাবলৈ সুযোগ পালে, তেওঁলোকে বিশেষ অগ্ৰগামী সেৱা কৰিলে আৰু আজি তেওঁলোকে নিৰ্মাণ কামৰ সেৱক হিচাপে কাম কৰি আছে। ভিক্টৰে কয়, “আমি আৰামৰ জীৱন ত্যাগ কৰিছিলোঁ। সেইবাবে, আমি সম্পূৰ্ণৰূপে যিহোৱাৰ ওপৰত নিৰ্ভৰশীল হʼব পাৰিলোঁ আৰু তেওঁ আমাৰ ভালদৰে যত্ন লʼলে।”
বহুতোলোকক নিজকে যিহোৱালৈ সমৰ্পণ কৰিবলৈ সহায় কৰি আমি আনন্দ লাভ কৰিলোঁ
জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ অলেন ২০০২ চনত যেতিয়া যুৱক-যুৱতীসকল—আপুনি নিজৰ জীৱনৰ লগত কি কৰিব? নামৰ ট্ৰেক্টখন পঢ়িছিল, তেতিয়া তেওঁ নিজৰ লক্ষ্য সলনি কৰে। ২০০৬ চনত তেওঁ ‘মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলত’ উপস্থিত হʼবলৈ সুযোগ পাইছিল। তাৰ পাছত তেওঁক নিজৰ দেশ কেমৰুণলৈ পঠিওৱা হৈছিল।
কেমৰুণত অলেনে পাৰ্ট-টাইমৰ চাকৰি পালে। তাৰ পাছত তেওঁ বেছি দৰমহা পোৱা চাকৰি এটা পালে। কিন্তু তেওঁৰ চিন্তা হৈছিল যে এই চাকৰিৰ বাবে তেওঁ প্ৰচাৰ কাম বেছিকৈ কৰিব নোৱাৰিব। সেইবাবে, বিশেষ অগ্ৰগামী সেৱা কৰিবলৈ নিমন্ত্ৰণ পোৱাৰ সময়ত তেওঁ কোনো সংকোচ নকৰাকৈ তাক গ্ৰহণ কৰিলে। তেওঁৰ কৰ্তৃপক্ষই তেওঁক দৰমহা বঢ়াম বুলি কৈছিল। কিন্তু অলেনে অস্বীকাৰ কৰিলে। পাছত অলেনে স্টেফনীক বিয়া কৰে। তাই কেইবা বছৰ ফ্ৰান্সত আছিল। কেমৰুণলৈ অহাৰ পাছত স্টেফনীয়ে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল।
স্টেফনীয়ে কয়, “স্বাস্থ্যৰ বাবে মোৰ সৰু-সুৰা সমস্যা হৈছিল। মোৰ এলাৰ্জীও হৈছিল। কিন্তু মই কোনোমতে নিজৰ চিকিৎসা কৰি থাকিলোঁ আৰু মই সকাহ পালোঁ।” অলেন আৰু স্টেফনীয়ে সমস্যাৰ সত্ত্বেও থিৰে থাকিল। সেইবাবে, তেওঁলোকে আশীৰ্বাদ লাভ কৰিলে। অনেলে কয়, “যেতিয়া আমি কাতে নামৰ দূৰৈৰ এখন গাঁৱত প্ৰচাৰ কৰিবলৈ গৈছিলোঁ, তাত আমি বাইবেল অধ্যয়ন কৰিব বিচৰা বহুতোলোকক লগ পালোঁ। তাৰপৰা অহাৰ পাছত আমি ফোনৰ যোগেদি অধ্যয়ন কৰিলোঁ। তাৰ মাজৰ দুজন বিদ্যাৰ্থীয়ে বাপ্তিষ্মা লʼলে আৰু সেই গাঁৱত প্ৰচাৰকৰ এটা সমূহ হʼল।” স্টেফনীয়ে কয়, “নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ কাৰোবাক সহায় কৰিলে বহুতো আনন্দ পাওঁ। এয়া আন কোনো কামৰপৰা পোৱা নাযায়। কেমৰুণত সেৱা কৰাৰ বাবে আমি এই আনন্দ কেইবাবাৰো পাইছোঁ।” আজি অলেন আৰু স্টেফনীয়ে চাৰ্কিটৰ কাম কৰি আছে।
‘আমি সঠিক নিৰ্ণয় লʼলোঁ’
জীজলীয়ে ইটালীত ডাক্তৰি পঢ়ি থকাৰ সময়ত বাপ্তিষ্মা লৈছিল। তাইক অধ্যয়ন কৰা অগ্ৰগামী দম্পতীৰ সৰল জীৱন-যাপনে তাইক প্ৰভাৱিত কৰিছিল। তাই প্ৰচাৰ কাম বেছিকৈ কৰিব বিচাৰিছিল। সেইবাবে, স্কুলৰ পঢ়া শেষ হওঁতেই তাই অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰে।
নিজৰ দেশ কেমৰুণলৈ উভতি আহি সেৱা কৰিবলৈ জীজলীৰ বৰ মন আছিল। কিন্তু তাইৰ কিছুমান চিন্তা আছিল। তাই কয়, “মই ইটালীৰ নাগৰিকতা, তাত থকা মোৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলক এৰিবলগীয়া হʼলহেঁতেন।” তথাপি ২০১৬ চনৰ মেʼ মাহত জীজলীয়ে কেমৰুণলৈ উভতি আহে। কিছু সময়ৰ পাছত তাই লিয়ন্সৰ লগত বিয়া হয়। তাৰ পাছত কেমৰুণৰ শাখা কাৰ্য্যালয়ে তেওঁলোকক এয়ʼছ নামৰ ঠাইলৈ যাবলৈ পৰামৰ্শ দিয়ে, যʼত প্ৰচাৰকৰ প্ৰয়োজন আছিল।
জীজলীয়ে এয়ʼছৰ বিষয়ে কয়, “কেতিয়াবা কেতিয়াবা সপ্তাহ ধৰি বিজুলী নাথাকে। আমি নিজৰ ফোনো চাৰ্জ কৰিব নোৱাৰোঁ। বেছি সময় সেইবোৰ কাম নকৰে। মই চৌকাত আহাৰ ৰান্ধিবলৈ শিকিলোঁ। আমি পানী আনিবলৈ ৰাতি গৈছিলোঁ, কিয়নো সেইসময়ত পানী অনা ঠাইত ইমান ভিৰ নাথাকে। আমি টৰ্চ লৈ ঠেলাত পানী আনিছিলোঁ।” ইমান সমস্যাৰ মাজতো তেওঁলোকে কেনেকৈ সেৱা কৰিব পাৰিলে, তাৰ বিষয়ে জীজলীয়ে কয়, “যিহোৱাৰ পবিত্ৰ আত্মাই আমাক সহায় কৰিছিল। আমি দুয়োজনে এজনে-আনজনক সহযোগ কৰিছিলোঁ। আমাৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলে আমাক উৎসাহিত কৰিছিল আৰু কেতিয়াবা কেতিয়াবা টকা পঠিয়াই আমাক সহায় কৰিছিল।”
জীজলীয়ে নিজৰ দেশলৈ উভতি আহি আনন্দিত নে? তাই কয়, “মই আনন্দিত। আৰম্ভণিতে কিছুমান সমস্যা আহিছিল আৰু কেতিয়াবা কেতিয়াবা আমি নিৰাশো হৈছিলোঁ। কিন্তু এইবোৰ সমস্যা পাৰ কৰি আমি বুজিলোঁ যে ইয়াত আহি আমি সঠিক নিৰ্ণয় লʼলোঁ। যিহোৱাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু আমি তেওঁৰ একেবাৰে কাষত অনুভৱ কৰোঁ।” লিয়ন্স আৰু জীজলীয়ে ‘ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত’ গৈছিল আৰু আজি তেওঁলোকে অস্থায়ী বিশেষ অগ্ৰগামী সেৱা কৰিছে।
যিসকল ভাই-ভনীয়ে উভতি আহে, তেওঁলোকে মাছমৰীয়াৰ দৰে সাহসেৰে কাম কৰে। এই ভাই-ভনীসকলে বহুতো ত্যাগ কৰি এনে ঠাইলৈ যায়, যʼত নম্ৰ লোকসকলে শুভবাৰ্তা শুনে। যিহোৱাৰ কামক প্ৰেম কৰা এই পৰিশ্ৰমী ভাই-ভনীসকলক যিহোৱাই সদায় মনত ৰাখিব। (নহি. ৫:১৯; ইব্ৰী ৬:১০) যদি আপুনিও বিদেশত থাকে আৰু আপোনাৰ দেশত প্ৰচাৰকৰ প্ৰয়োজন আছে, তেনেহʼলে আপুনি উভতি আহিব পাৰিবনে? এইদৰে কৰিলে আপুনি বহুতো আশীৰ্বাদ লাভ কৰিব।—হিতো. ১০:২২.