অধ্যয়নৰ লেখ ৪২
যিহোৱাৰ বিশ্বাসীবিলাকে আনন্দ ধ্বনি কৰিব
“তোমাৰ সাধুবিলাকে [বিশ্বাসীবিলাকে] আনন্দ-ধ্বনি কৰক।”—গীত. ১৩২:৯.
গীত ১২৪ সদায় নিষ্ঠাৱান
লেখৰ এক আভাস *
১-২. (ক) কিছুমান চৰকাৰে কি কৰিলে, তথাপি যিহোৱাৰ লোকসকলে কি কৰে? (খ) আমাক তাড়না দিয়াৰ সময়তো আমি কিয় আনন্দিত থাকিব পাৰোঁ? (বেটুপাতত দিয়া ছবিখনো চাওক।)
আজি ৩০ খনতকৈ বেছি দেশত আৰু এলেকাত আমাৰ কামক নিষেধ কৰা হৈছে বা একেবাৰে বন্ধ কৰি দিয়া হৈছে। ইয়াৰে মাজৰ কিছুমান দেশৰ অধিকাৰীসকলে আমাৰ ভাই-ভনীসকলক জেইলতো বন্ধ কৰি ৰাখিছে। তেওঁলোকৰ অপৰাধনো কি? তেওঁলোকে যিহোৱাৰ দৃষ্টিত একো বেয়া কাম কৰা নাই। তেওঁলোকক জেইলত বন্ধ কৰাৰ কাৰণ হৈছে তেওঁলোক বাইবেল পঢ়ে আৰু অধ্যয়ন কৰে, প্ৰচাৰত ভাগ লয়, সভাত একগোট হয় বা তেওঁলোকে ৰাজনৈতিক বিষয়বোৰত কাৰো পক্ষ নলয়। ইমান বিৰোধৰ সত্ত্বেও তেওঁলোকৰ বিশ্বাস দুৰ্বল হোৱা নাই, ইয়াৰ পৰিৱৰ্তে তেওঁলোক যিহোৱাৰ বিশ্বাসী হৈ আছে। তেওঁলোকে সুখী থকাৰ এয়াই এক কাৰণ।
২ সঁচাকৈ এই ভাই-ভনীসকল বহুত সাহসী! হয়তো ইয়াৰে মাজৰ কিছুমান ভাই-ভনীৰ ফটো আপুনি নিশ্চয় দেখিছে। আপুনি ধ্যান দিছে যে এই ভাই-ভনীসকলৰ চেহেৰাত সদায় এটা মিচিকিয়া হাঁহি বিৰিঙি থাকে। তেওঁলোকে কিয় ইমান সুখী হৈ থাকিব পাৰে? কিয়নো তেওঁলোকে জানে যে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থকা দেখি যিহোৱা বহুত আনন্দিত হয়। (১ বং. ২৯:১৭) যীচুৱে এইদৰে কৈছিল, ‘ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য; আনন্দ কৰা, আৰু উল্লাসিত হোৱা; কিয়নো তোমালোকৰ পুৰস্কাৰ অধিক আছে।’—মথি ৫:১০-১২.
পাঁচনিসকলৰ দৰে যিহোৱাৰ বিশ্বাসী হৈ থাকক
৩. পাঁচনিসকলক বিৰোধ কৰাৰ সময়ত তেওঁলোকে কি কৰিলে আৰু কিয়? (পাঁচনিৰ কৰ্ম্ম ৪:১৯, ২০)
৩ আজি আমাৰ ভাই-ভনীসকলৰ লগত যি বিৰোধ হৈ আছে, সেয়া কোনো নতুন কথা নহয়। কাৰণ প্ৰথম শতিকাৰ পাঁচনিসকলৰ লগতো এইদৰেই হৈছিল। তেওঁলোকে যেতিয়া যীচুৰ বিষয়ে প্ৰচাৰ কৰিছিল, তেতিয়া তেওঁলোককো অত্যাচাৰ কৰা হৈছিল। মহা-সভাৰ অধিকাৰীসকলে প্ৰচাৰ কাম বন্ধ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। তেওঁলোকে পাঁচনিসকলক ‘যীচুৰ নামেৰে কোনো কথা নকবলৈ’ আদেশ দিছিল। (পাঁচ. ৪:১৮; ৫:২৭, ২৮, ৪০) কিন্তু পাঁচনিসকলে কি কৰিলে? (পাঁচনিৰ কৰ্ম্ম ৪:১৯, ২০ পঢ়ক।) তেওঁলোকে জানিছিল যে এই অধিকাৰীসকলতকৈও বেছি অধিকাৰ থকা কোনোবা এজন আছে। যিয়ে “জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ” তেওঁলোকক আজ্ঞা দিছে। (পাঁচ. ১০:৪২) সেইবাবে, সকলো পাঁচনিসকলৰ ফালৰ পৰা পিতৰ আৰু যোহনে সাহসেৰে সেই অধিকাৰীসকলক কৈছিল যে পাঁচনিসকলে তেওঁলোকৰ আজ্ঞা মনাৰ পৰিৱৰ্তে যিহোৱাৰ আজ্ঞা মানিব আৰু যীচুৰ বিষয়ে প্ৰচাৰ কৰিবলৈ নেৰিব। পাঁচনিসকলে যেন তেওঁলোকক এইদৰে কৈছিল, ‘তোমালোকেনো কোন হোৱা যে আমি ঈশ্বৰৰ আজ্ঞা নামানি তোমালোকৰ আজ্ঞা পালন কৰিম?’
৪. পাঁচনিৰ কৰ্ম্ম ৫:২৭-২৯ পদৰ অনুসৰি পাঁচনিসকলে কি কৰিলে আৰু আমি তেওঁলোকৰ দৰে কেনেকৈ হʼব পাৰিম?
৪ পাঁচনিসকলে ‘মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিলে।’ তেতিয়াৰে পৰা সত্য খ্ৰীষ্টানসকলে এইদৰেই কৰিবলৈ চেষ্টা কৰে। (পাঁচনিৰ কৰ্ম্ম ৫:২৭-২৯ পঢ়ক।) যেতিয়া পাঁচনিসকলে অধিকাৰীসকলৰ আজ্ঞা নামানিলে আৰু যীচুৰ বিষয়ে প্ৰচাৰ কৰি থাকিল, তেতিয়া অধিকাৰীসকলে তেওঁলোকক মাৰ-পিট কৰিলে। কিন্তু পাঁচনিসকলে হাৰ মানিলে নে? নহয়। যেতিয়া তেওঁলোকে মহা-সভাৰ পৰা ওলাই আহিলে, তেতিয়া ‘তেওঁলোকে যীচুৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত, আনন্দিত হʼল।’ তেওঁলোকে হাৰ নামানিলে আৰু উৎসাহেৰে প্ৰচাৰ কৰি থাকিল।—পাঁচ. ৫:৪০-৪২.
৫. আমাৰ মনলৈ হয়তো কি প্ৰশ্ন আহিব পাৰে?
৫ বিৰোধৰ সত্ত্বেও পাঁচনিসকলে যি কৰিলে, তাৰ পৰা আমাৰ মনলৈ কিছুমান প্ৰশ্ন আহিব পাৰে। তেওঁলোকে অধিকাৰীসকলৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে। এয়া সঠিক আছিলনে? কাৰণ আজি আমি জানোঁ যে সত্য খ্ৰীষ্টানসকলে “ক্ষমতা পোৱাবিলাকৰ” অৰ্থাৎ উচ্চ অধিকাৰীসকলৰ অধীনত থকা উচিত। (ৰোম. ১৩:১) আজি আমি ‘অধিপতি [চৰকাৰ] আৰু ক্ষমতা পোৱাবিলাকৰ বশীভূত’ হোৱাৰ লগতে কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ?—তীত ৩:১.
‘ক্ষমতা পোৱাবিলাক’
৬. (ক) ৰোমীয়া ১৩:১ পদৰ অনুসৰি ‘ক্ষমতা পোৱাবিলাক’ কোন হয় আৰু আমি তেওঁলোকৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত? (খ) তেওঁলোকৰ ওচৰত যি অধিকাৰ আছে, সেই বিষয়ে কি কʼব পাৰি?
৬ ৰোমীয়া ১৩:১ পঢ়ক। এই পদত ‘ক্ষমতা পোৱাবিলাক’ এনে লোকসকলক কোৱা হৈছে, যিসকলৰ আন লোকসকলৰ ওপৰত কিছুমান অধিকাৰ থাকে। সকলোৱে নিয়মবোৰ পালন কৰিছে নে নাই আৰু সকলোবোৰ শৃংখলাবদ্বভাৱে চলিছে নে নাই, তাৰ ওপৰত তেওঁলোকে ধ্যান দিয়ে। কেতিয়াবা কেতিয়াবা তেওঁলোকে যিহোৱাৰ লোকসকলক ৰক্ষাও কৰে। (প্ৰকা. ১২:১৬) সকলো সত্য খ্ৰীষ্টানে এই অধিকাৰীসকলৰ অধীনত থকা উচিত। বাইবেলে কৈছে যে আমি তেওঁলোকক সন্মান কৰা আৰু টেক্স দিয়া উচিত। (ৰোম. ১৩:৭) যিহোৱাই এই চৰকাৰসকলক অধিকাৰ দিছে। মন কৰক ইয়াৰ বিষয়ে এবাৰ যীচুৱে কি কৈছিল। যেতিয়া ৰোমৰ ৰাজ্যপাল পন্তীয় পীলাতে যীচুক কৈছিল যে তেওঁৰ জীৱন আৰু মৃত্যু পীলাতৰ হাতত আছে, তেতিয়া যীচুৱে এইদৰে কৈছিল, “ওপৰৰ পৰা নিদিয়া হলে, মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহলহেঁতেন।” (যোহ. ১৯:১১) পীলাতৰ নিচিনা আজি অধিকাৰী আৰু নেতাসকলৰ ওচৰত অলপহে অধিকাৰ আছে।
৭. (ক) আমি অধিকাৰীসকলৰ কথা কেতিয়া মনা উচিত নহয়? (খ) যি অধিকাৰীসকলে যীচুৰ শিষ্যসকলৰ বিৰোধ কৰে, তেওঁলোকৰ কি হʼব?
৭ খ্ৰীষ্টানসকলে যিহোৱাৰ সিদ্ধান্তৰ বিৰোধে নোহোৱা সকলো নিয়ম পালন কৰে। কিন্তু চৰকাৰে যদি আমাক এনে কিবা কাম কৰিবলৈ কয়, যিটো যিহোৱাই আমাক কৰিবলৈ মান কৰিছে নাইবা এনে কাম কৰিবলৈ মানা কৰে, যিটো যিহোৱাই আমাক কৰিবলৈ কৈছে, তেনেহʼলে এনে পৰিস্থিতিত আমি তেওঁলোকৰ কথা নামানিম। উদাহৰণস্বৰূপে, তেওঁলোকে হয়তো এই নিময় বনাব পাৰে যে নিৰ্ধাৰিত এটা বয়স পাৰ কৰাৰ পাছত সকলোৱে সেনা-বাহিনীত ভৰ্তি হʼবই লাগিব। * অথবা আমাৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ বাইবেল বা আন প্ৰকাশনবোৰক নিষেধ কৰিব পাৰে। নাইবা তেওঁলোকে হয়তো আমাক প্ৰচাৰ কৰিবলৈ বা সভাত একেলগে গোট খাবলৈও মানা কৰিব পাৰে। বহুতো চৰকাৰে আৰু অধিকাৰীয়ে এইদৰেই কৰে। তেওঁলোকে নিজৰ অধিকাৰ ব্যৱহাৰ কৰি যীচুৰ শিষ্যসকলক বিৰোধ কৰে আৰু তেওঁলোকক তাড়না দিয়ে। কিন্তু এই সকলোবোৰ যিহোৱাৰ পৰা লুকাই থকা নাই আৰু তেওঁলোকে যিহোৱাক ইয়াৰ হিচাপ দিব লাগিব!—উপ. ৫:৮.
৮. যিহোৱা আৰু “ক্ষমতা পোৱাবিলাকৰ” মাজত কি পাৰ্থক্য আছে?
৮ “ক্ষমতা পোৱাবিলাকৰ” অৰ্থ হৈছে উচ্চ পদত থকা লোক। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁতকৈ ওপৰত আৰু কোনো নাই। বাইবেলত মানৱীয় চৰকাৰক ‘ক্ষমতা পোৱাবিলাক’ বুলি কোৱা হৈছে। কিন্তু তেওঁলোকতকৈ ওপৰত আৰু এজন আছে, যাৰ “ক্ষমতা” তেওঁলোকতকৈ বেছি আছে। তেওঁ হৈছে যিহোৱা ঈশ্বৰ আৰু বহু বাৰ বাইবেলত তেওঁক ‘সৰ্ব্বোপৰিজনা’ বুলি কোৱা হৈছে।—দানি. ৭:১৮, ২২, ২৫, ২৭.
‘সৰ্ব্বোপৰিজনা’
৯. দানিয়েলে দৰ্শনত কি দেখিলে?
৯ ভৱিষ্যতবক্তা দানিয়েলে এনে দৰ্শন দেখিছিল, যাৰ পৰা জানিব পাৰি যে যিহোৱা সকলো অধিকাৰীতকৈ মহান হয়। তেওঁ দৰ্শনত প্ৰথমে চাৰিটা ডাঙৰ ডাঙৰ জন্তু দেখিছিল, যিয়ে বেলেগ বেলগ বিশ্ব শক্তিক চিত্ৰিত কৰে অৰ্থাৎ বাবিল, মাদিয়া-পাৰস্য, গ্ৰীচ, ৰোম আৰু ৰোমৰ পৰা ওলোৱা ব্ৰিটেইন-আমেৰিকা, যি আজি আমাৰ সময়ত শাসন কৰিছে। (দানি. ৭:১-৩, ১৭) ইয়াৰ পাছত দানিয়েলে দেখে যে যিহোৱা স্বৰ্গৰ আসনত বহিল আৰু তেওঁৰ আগত বিচাৰ সভা হʼল। (দানি. ৭:৯, ১০) এই সকলো দেখাৰ পাছত দানিয়েলে দৰ্শনত দেখিলে যে আজিৰ চৰকাৰসকলৰ কি অৱস্থা হʼব।
১০. দানিয়েল ৭:১৩, ১৪, ২৭ পদৰ অনুসৰি যিহোৱাই এই পৃথিৱীত শাসন কৰিবলৈ কাক অধিকাৰ দিব আৰু ইয়াৰ পৰা কি জানিব পাৰি?
১০ দানিয়েল ৭:১৩, ১৪, ২৭ পঢ়ক। যিহোৱাই মানৱীয় চৰকাৰৰ শাসন কৰা অধিকাৰক কাঢ়ি লʼব আৰু যিসকল মানৱীয় চৰকাৰকতৈ বেছি যোগ্য আৰু শক্তিশালী হয়, তেওঁলোকক দিব। যিহোৱাই সেই অধিকাৰ কাক দিব? ‘মানুহৰ পুত্ৰৰ নিচিনাক’ অৰ্থাৎ যীচু খ্ৰীষ্টক আৰু “সৰ্ব্বোপৰিজনাৰ পবিত্ৰ প্ৰজাবিলাকক” অৰ্থাৎ ১,৪৪,০০০ জন লোকক দিব আৰু তেওঁলোকে “যুগে যুগে অনন্ত কাললৈকে” শাসন কৰিব। (দানি. ৭:১৮) কেৱল যিহোৱাইহে মানৱীয় চৰকাৰৰ পৰা তেওঁলোকৰ অধিকাৰ লৈ আন কাৰোবাক দিব পাৰে। সঁচাকৈ তেৱেঁই ‘সৰ্ব্বোপৰিজনা’ হয়।
১১. দানিয়েলে আৰু কি দেখিলে, যাৰ পৰা জানিব পাৰি যে যিহোৱাৰ ওচৰত সকলোতকৈ বেছি অধিকাৰ আছে?
১১ দানিয়েল ৭ অধ্যায়ত কোৱা দৰ্শনৰ উপৰিও, দানিয়েলে আগতেও এইদৰেই লিখিছিল, যাৰ যোগেদি গম পোৱা যায় যে যিহোৱাই যিকোনো ব্যক্তিৰ পৰা অধিকাৰ লৈ লʼব পাৰে আৰু যাকে ইচ্ছা কৰে তাকে দিব পাৰে। তেওঁ এইদৰে লিখিছিল, ‘স্বৰ্গৰ ঈশ্বৰে ৰজাবিলাকক ভাঙে আৰু পাতে।’ তেওঁ এয়াও লিখিছিল যে “মনুষ্যবিলাকৰ ৰাজ্যত সৰ্ব্বোপৰিজনাই যে শাসন কৰে, আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে, তাকে তাক দিয়ে।” (দানি. ২:১৯-২১; ৪:১৭) বাইবেলৰ এনে কোনো ঘটনা আপোনাৰ মনত আছেনে, যʼত যিহোৱাই কোনো ৰজাক তেওঁৰ পদৰ পৰা আঁতৰাই আন কাৰোবাক তেওঁৰ ঠাইত ৰজা পাতিলে?
১২. যিহোৱাই কোনো ৰজাক তেওঁৰ পদৰ পৰা আঁতৰাই দিয়াৰ কোনো এটা ঘটনাৰ বিষয়ে কওক। (ছবিখনো চাওক।)
১২ বাইবেলত এনে বহুতো ঘটনাৰ বিষয়ে উল্লেখ আছে, যাৰ পৰা জানিব পাৰি যে যিহোৱাৰ ওচৰত ‘ক্ষমতা পোৱাবিলাতকৈ’ বেছি অধিকাৰ আছে। আহক তাৰে মাজত তিনিটা ঘটনালৈ মন কৰোঁ। মিচৰৰ ৰজা ফৰৌণে ঈশ্বৰৰ লোকসকলক দাস বনাই লৈছিল। যিহোৱাই ফৰৌণক বাৰে বাৰে নিজৰ লোকসকলক মুকলি কৰিবলৈ মোচিৰ যোগেদি কৈছিল। কিন্তু ফৰৌণে যিহোৱাৰ কথা নুশুনিলে। অৱশেষত যিহোৱাই নিজৰ লোকসকলক মুকলি কৰিলে আৰু ফৰৌণক চূফ সাগৰত ধ্বংস কৰিলে। (যাত্ৰা. ১৪:২৬-২৮; গীত. ১৩৬:১৫) ইয়াৰ বহু বছৰৰ পাছত এদিনাখন বাবিলৰ ৰজা বেল্চচৰে এটা ডাঙৰ ভোজৰ ব্যৱস্থা কৰিলে আৰু “স্বৰ্গৰ প্ৰভুৰ অহিতে নিজকে ওখ কৰিলে।” তেওঁ যিহোৱাৰ পৰিৱৰ্তে ‘ৰূপ আৰু সোণেৰে নিৰ্মিত দেৱতাবোৰক প্ৰশংসা কৰিলে।’ (দানি. ৫:২২, ২৩) কিন্তু যিহোৱাই তেওঁৰ অহংকাৰ নাইকিয়া কৰিলে আৰু তেওঁক “সেই ৰাতিতে” মাৰি পেলোৱা হʼল আৰু তেওঁৰ ৰাজ্য মাদীয়-পাৰস্যক দিয়া হʼল। (দানি. ৫:২৮, ৩০, ৩১) বহু বছৰৰ পাছত পেলেষ্টাইনৰ ৰজা হেৰোদ আগ্ৰী প্ৰথমে পাঁচনি যাকোবক মাৰি পেলালে আৰু পিতৰকো মাৰি পেলাবলৈ তেওঁক গ্ৰেপ্তাৰ কৰিলে। কিন্তু যিহোৱাই এইদৰে হʼবলৈ নিদিলে। তেওঁৰ স্বৰ্গদূতে হেৰোদক তেতিয়াই শাস্তি দিলে আৰু কিছু সয়মৰ পাছত তেওঁৰ মৃত্যু হʼল।—পাঁচ. ১২:১-৫, ২১-২৩.
১৩. বহুতো ৰজাই মিলি যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত যিহোৱাই কি প্ৰমাণ কৰিলে? উদাহৰণ দিয়ক।
১৩ বহু বাৰ যেতিয়া বহুতো ৰজাই একেলগে মিলি যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিছিল, তেতিয়া যিহোৱাই নিজৰ লোকসকলক বচাই প্ৰমাণ কৰিছিল যে তেওঁ সেই সকলো ৰজাতকৈ মহান হয়। উদাৰণস্বৰূপে, ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশখন অধিকাৰ কৰিবলৈ লোৱাৰ সময়ত কনানৰ ৩১ জন ৰজাই মিলি তেওঁলোকৰ বিৰোধ কৰিছিল। সেই সময়ত যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে আৰু সেই সকলো ৰজাক পৰাজয় কৰিলে। (যিহো. ১১:৪-৬, ২০; ১২:১, ৭, ২৪) এবাৰ অৰামৰ ৰজা বিন হদদ আৰু আন ৩২ জন ৰজাই মিলি ইস্ৰায়েলীসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। সেই সময়তো সেই সকলোকে পৰাজয় কৰি যিহোৱাই প্ৰমাণ কৰিলে যে সেই ৰজাবোৰতকৈ মহান হয়।—১ ৰাজা. ২০:১, ২৬-২৯.
১৪-১৫. (ক) ৰজা নবুখদ্নেচৰ আৰু ৰজা দাৰিয়াবছে যিহোৱাৰ অধিকাৰৰ বিষয়ে কি কʼলে? (খ) এজন গীত ৰচকে যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিষয়ে কি কʼলে?
১৪ বহু বাৰ যিহোৱাই প্ৰমাণ কৰিলে যে তেওঁ আন ৰজাবোৰতকৈ মহান হয় আৰু এই কথাষাৰ কিছুমান ৰজাই স্বীকাৰ কৰিলে। বাবিলৰ ৰজা নবুখদ্নেচৰ বৰ অহংকাৰী আছিল আৰু তেওঁ কৈছিল যে তেওঁ নিজ শক্তিৰে নিজৰ শাসন স্থাপন কৰিছে আৰু তেওঁ সকলোতকৈ মহান। সেইবাবে, যিহোৱাই তেওঁক শাস্তি দিলে আৰু তেওঁ পাগল হʼল। যেতিয়া তেওঁ সুস্থ হʼল, তেতিয়া তেওঁ স্বীকাৰ কৰিলে যে যিহোৱা সকলোতকৈ মহান হয়। তেওঁ “সৰ্বোপৰিজনাৰ ধন্যবাদ” কৰিলে আৰু এইদৰে কʼলে, ‘যিহোৱাৰ ৰাজশাসন চিৰকলীয়া।’ তেওঁ এয়াও কৈছিল যে যিহোৱাৰ ইচ্ছা পূৰ কৰাত তেওঁক কোনেও বাধা দিব নোৱাৰে। (দানি. ৪:৩০, ৩৩-৩৫) মন কৰক দানিয়েল যিহোৱাৰ বিশ্বাসী হৈ থকাৰ বাবে তেওঁক সিংহৰ গাতত পেলাই দিয়া হৈছিল। কিন্তু যিহোৱাই তেওঁক বচালে। যেতিয়া ৰজা দাৰিয়াবছে তেওঁক দেখিলে, তেতিয়া তেওঁ এইদৰে ঘোষণা কৰিলে, “ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক আৰু তেওঁক ভয় কৰক; কিয়নো তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকোঁতা; তেওঁৰ ৰাজ্য অবিনাশী, তেওঁৰ ৰাজশাসন শেষলৈকে থাকিব।”—দানি. ৬:৭-১০, ১৯-২২, ২৬, ২৭.
১৫ এজন গীত ৰচকে এইদৰে কৈছিল, “যিহোৱাই জাতিবোৰৰ মন্ত্ৰণা নিস্ফল কৰে; তেওঁ লোকসমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।” তেওঁ এয়াও কৈছিল যে “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য; যি লোকবিলাকক তেওঁ নিজ আধিপত্যৰ নিমিত্তে মনোনীত কৰিলে, সেই লোকবিলাক ধন্য।” (গীত. ৩৩:১০, ১২) সঁচাকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিলে আমাৰেই লাভ হয়।
কোন জয়ী হʼব
১৬. মহাক্লেশৰ সময়ছোৱাত যিহোৱাই কি কৰিব আৰু আমি এই কথাৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰোঁ? (ছবিখনো চাওক।)
১৬ আমি বাইবেলৰ পৰা এনে বহুতো ঘটনাৰ বিষয়ে শিকিলোঁ, যাৰ পৰা জানিব পাৰি যে সকলোতকৈ যিহোৱাৰহে বেছি অধিকাৰ আছে। যেতিয়া তেওঁৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰা হৈছিল, তেতিয়া তেওঁ নিজৰ লোকসকলক বচাইছিল। অতি সোনকালে ‘মহাক্লেশৰ’ সময়ছোৱাত বহুতো ৰাষ্ট্ৰই মিলি এটা সমূহ গঠন কৰি যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব (মথি ২৪:২১) বাইবেলত ৰাষ্ট্ৰৰ এই সমূহক মাগোগ দেশীয় গোগ বুলি কোৱা হৈছে। আমি বিশ্বাস কৰিব পাৰোঁ যে প্ৰাচীন সময়ত যেনেকৈ যিহোৱাই নিজৰ লোকসকলক বচাইছিল, ঠিক সেইদৰে সেই সময়তো যিহোৱাই নিজৰ লোকসকলক বচাব। (দানি. ১২:১) এই সমূহত সংযুক্ত ৰাষ্ট্ৰৰ ১৯৩ জন সদস্যও যদি মিলি যায়, তথাপি সৰ্বোপৰিজনা ইশ্বৰ যিহোৱা আৰু তেওঁৰ স্বৰ্গীয় সেনা-বাহিনীৰ ওচৰত তেওঁলোকে একোৱেই কৰিব নোৱাৰিব। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে “মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকিদিম; তাতে, মই যে যিহোৱা, তাক সিহঁতেজানিব।”—যিহি. ৩৮:১৪-১৬, ২৩; গীত. ৪৬:১০.
১৭. ভৱিষ্যতে পৃথিৱীৰ ৰজাসকল আৰু যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ কি হʼব?
১৭ যেতিয়া মাগোগ দেশীয়া গোগে যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব, তেতিয়া যিহোৱাই নিজৰ লোকসকলক বচাবৰ কাৰণে পদক্ষেপ লʼব আৰু সেই সময়ত হৰমাগিদোনৰ যুদ্ধ আৰম্ভ হʼব। এই যুদ্ধত যিহোৱাই “গোটেই জগতৰ ৰজা সকলক” শেষ কৰিব। (প্ৰকা. ১৬:১৪, ১৬; ১৯:১৯-২১) কিন্তু যিহোৱাই নিজৰ “বিশ্বাসীবিলাকক ৰক্ষা” কৰিব আৰু কেৱল তেওঁলোকে পৃথিৱীত জীয়াই থাকিব।—গীত. ৩১:২৩.
যিহোৱাৰ বিশ্বাসী হৈ থাকক
১৮. যিহোৱাৰ বহুতো সেৱকে কি কৰিলে আৰু কিয়? (দানিয়েল ৩:২৮)
১৮ যিহোৱাৰ এনে বহুতো বিশ্বাসী সেৱক আছিল, যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। তেওঁলোকে এই বিষয়ে ভাবিও চিন্তিত হোৱা নাছিল যে তেওঁলোকক বন্দী কৰা হʼব বা তেওঁলোকৰ জীৱন বিপদত পৰিব। আজিও এনে বহুতো বিশ্বাসী ভাই-ভনী আছে। তেওঁলোকে বিশ্বাসী হৈ থকাৰ কাৰণ হৈছে তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু বিশ্বাস কৰে যে তেৱেঁ এই গোটেই পৃথিৱীৰ মালিক হয় আৰু আমাৰ ওপৰত শাসন কৰাৰ কেৱল তেওঁৰে অধিকাৰ আছে। তেওঁলোকে সেই তিনিজন ইব্ৰী ব্যক্তিৰ দৰে হয়, যিসকলে যিকোনো পৰিস্থিতিতে যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰিছিল আৰু অগ্নি কুণ্ডত যাবৰ কাৰণেও সাজু আছিল।—দানিয়েল ৩:২৮ পঢ়ক।
১৯. (ক) যিহোৱাই কিহৰ আধাৰত নিজৰ লোকসকলৰ ন্যায় কৰিব? (খ) আজি আমাক কি কৰা উচিত?
১৯ গীত ৰচক এজনে কৈছিল যে যেতিয়া যিহোৱাই ভৱিষ্যতে আমাৰ ন্যায় কৰিব, তেতিয়া তেওঁ চাব যে আমি তেওঁৰ বিশ্বাসী হয় নে নহয়। সেই সময়ত যিহোৱাই কʼব, ‘মোৰ সাধুবিলাকক [বিশ্বাসীবিলাকক] মোৰ ওচৰত গোটোৱা।’ (গীত. ৫০:৪, ৫) দায়ূদ এয়াও লিখিছিল, “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়, আৰু নিজ সাধুবিলাকক [বিশ্বাসীবিলাকক] পৰিত্যাগ নকৰে; তেওঁবিলাকক অনন্ত কাললৈকে ৰখা হয়।” (গীত. ৩৭:২৮) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাৰ বিশ্বাসী হৈ থকাটো কিমান গুৰুত্বপূৰ্ণ আৰু ইয়াত আমাৰে লাভ আছে। গতিকে আহক আমি থিৰাং কৰোঁ যে যিকোনো পৰিস্থিতি নহওক কিয়, আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিম। তেতিয়া আমিও গীত ৰচকৰ দৰে “আনন্দ-ধ্বনি” কৰিম।—গীত. ১৩২:৯.
গীত ১২২ থিৰে থাকক!
^ বাইবেলত সত্য খ্ৰীষ্টানসকলক চৰকাৰী অধিকাৰীসকলৰ অধীনত থাকিবলৈ কোৱা হৈছে। কিন্তু কিছুমান চৰকাৰে যিহোৱা আৰু যিহোৱাৰ সাক্ষীসকলক বিৰোধ কৰে। এনে পৰিস্থিতিত আমি চৰকাৰৰ অধীনত থকাৰ লগতে কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ।
^ এই প্ৰহৰীদুৰ্গত দিয়া “ইস্ৰায়েলীসকলে যুদ্ধ কৰিছিল, তেনেহʼলে আমি কিয় কৰিব নোৱাৰোঁ?” নামৰ লেখটো চাওক।