অধ্যয়নৰ লেখ ২৯
নিজৰ কামত আনন্দ লাভ কৰক!
“প্ৰতিজনে . . . অন্যৰ কথাত নহয়, নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব।”—গালা. ৬:৪.
গীত ৩৪ বিশ্বাসৰ পথত চলি থাকক
লেখৰ এক আভাস *
১. যিহোৱাই আমাৰ তুলনা আনৰ লগত কিয় নকৰে?
যিহোৱাই সকলোকে বিভিন্ন ধৰণে সৃষ্টি কৰিছে। তেওঁ বিভিন্ন ধৰণৰ গছ-গছনি আৰু জীৱ-জন্তুৰ সৃষ্টি কৰিছে। আনকি তেওঁ মানুহকো বেলেগ বেলেগ গুণ আৰু চেহেৰা-পাতি দি সৃষ্টি কৰিছে। যিহোৱাই কেতিয়াও আমাক আনৰ লগত তুলনা নকৰে। তেওঁ আমাৰ হৃদয় চায় অৰ্থাৎ আমি কেনেধৰণৰ ব্যক্তি হয় তাৰ প্ৰতি ধ্যান দিয়ে। (১ চমূ. ১৬:৭) আমাৰ দক্ষতা, দুৰ্বলতা আৰু আমি কেনে পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। সেইবাবে, আমি যিমান কৰিব পাৰোঁ তাতকৈ বেছি তেওঁ আমাৰপৰা আশা নকৰে। আমি নিজকে যিহোৱাৰ দৃষ্টিভংগীৰে চোৱা উচিত। এইদৰে কৰিলে আমি “গম্ভীৰ মনেৰে বিবেচনা” অৰ্থাৎ সঠিক দৃষ্টিভংগী ৰাখিব পাৰিম আৰু আনৰ লগত নিজকে তুলনা কৰাৰপৰা আঁতৰি থাকিব পাৰিম।—ৰোম. ১২:৩.
২. আমি আনৰ লগত নিজৰ তুলনা কিয় কৰা উচিত নহয়?
২ আনক দেখি শিকাটো কোনা ভুল নহয়। উদাহৰণস্বৰূপে, কোনো ভাই বা ভনীয়ে ভালদৰে প্ৰচাৰ কৰিব পাৰে, তেনেহʼলে আমি তেওঁক দেখি ভালদৰে প্ৰচাৰ কৰিবলৈ শিকিব পাৰোঁ। (ইব্ৰী ১৩:৭; ফিলি. ৩:১৭) কিন্তু আমি যদি আনৰ লগত নিজৰ তুলনা কৰোঁ, তেনেহʼলে হয়তো আমি ঈৰ্ষা কৰিব পাৰোঁ বা নিৰাশ হʼব পাৰোঁ অথবা আমি কোনো কামৰ যোগ্য নহয় বুলি ভাবিব পাৰোঁ। লগতে আমি আগৰ লেখত শিকিছিলোঁ যে যদি আমি আনতকৈ নিজে আগবাঢ়িবলৈ চেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া হʼব পাৰে। সেইবাবে যিহোৱাই আমাক এইদৰে কৈছে, “প্ৰতিজনে নিজৰ কৰ্ম্মৰ পৰীক্ষা কৰক; তেহে তেওঁ, অন্যৰ কথাত নহয়, নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব।”—গালা. ৬:৪.
৩. আপুনি যিহোৱাৰ সেৱাত কি কি উন্নতি কৰিলে, যাৰ বাবে আপুনি আনন্দিত হৈছে?
৩ আমি এতিয়ালৈকে যিহোৱাৰ সেৱাত যি কৰিলোঁ, তাৰপৰা আনন্দিত গীত. ১৪১:২) যদি আপুনি বিবাহিত হয়, তেনেহʼলে আপুনি যিহোৱাৰ সহায়ত এজন ভাল স্বামী, পত্নী বা পিতৃ-মাতৃ হʼব পাৰিছে। আপুনি ইমান উন্নতি কৰিছে, সেইবাবে আপুনি আনন্দিত হোৱা উচিত।
থকাটো তেওঁ বিচাৰে। যদি আপুনি বাপ্তিষ্মা লৈছে, তেনেহʼলে এই লক্ষ্যটো পোৱাৰ বাবে আপুনি আনন্দিত হʼব পাৰে। আপুনি যিহোৱাক প্ৰেম কৰে, সেইবাবে এই নিৰ্ণয়টো লʼলে। খন্তেক চিন্তা কৰকচোন, আপুনি বাপ্তিষ্মা লোৱাৰপৰা এতিয়ালৈকে কি কি উন্নতি কৰিছে। আপুনি হয়তো আগতকৈ এতিয়া ভালদৰে বাইবেল অধ্যয়ন কৰে, হৃদয়ৰপৰা প্ৰাৰ্থনা কৰে, প্ৰচাৰত ভালদৰে কথা পাতিব পাৰে আৰু প্ৰকাশনবোৰো ভালদৰে ব্যৱহাৰ কৰে। (৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
৪ কেতিয়াবা কেতিয়াবা পৰিয়ালৰ লোক বা মণ্ডলীৰ ভাই-ভনীসকলে নিজৰ তুলনা আনৰ লগত কৰিব পাৰে। এই লেখত আমি আলোচনা কৰিম যে পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীসকলক আৰু স্বামী-স্ত্ৰীয়ে এজনে-আনজনক যিহোৱাৰ সেৱাত আনন্দ লাভ কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে। আমি এয়াও জানিম যে প্ৰাচীন আৰু আন ভাই-ভনীসকলে মণ্ডলীৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে। আমি বাইবেলৰ কিছুমান পদৰ ওপৰত ধ্যান দিম, যিবোৰে আমাক পাব পৰা লক্ষ্য ৰাখিবলৈ সহায় কৰিব।
পিতৃ-মাতৃ আৰু স্বামী-স্ত্ৰীয়ে কি কৰিব পাৰে?
৫. ইফিচীয়া ৬:৪ পদৰ অনুসৰি পিতৃ-মাতৃসকলে কি কৰা উচিত নহয়?
৫ পিতৃ-মাতৃয়ে এটি সন্তানৰ তুলনা আন লʼৰা-ছোৱালীৰ লগত কৰিব নালাগে বা সি যিমান কৰিব পাৰে তাতকৈ বেছি আশা কৰিব নালাগে। যদি পিতৃ-মাতৃসকলে এইদৰে কৰে, তেনেহʼলে লʼৰা-ছোৱালীয়ে নিৰাশ হʼব পাৰে। (ইফিচীয়া ৬:৪ পঢ়ক।) ভনী চাছীকʼয়ে * এইদৰে কৈছে, “যেতিয়া মই সৰু আছিলোঁ, তেতিয়া স্কুলৰ সকলো শিক্ষকে মই ভাল নম্বৰ পোৱাটো বিচাৰিছিল। আনকি মোৰ মায়ো মই পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পোৱাটো বিচাৰিছিল। যাতে মই শিক্ষকসকলক আৰু দেউতাক ভাল সাক্ষ্য দিব পাৰোঁ। কিয়নো মোৰ দেউতা সত্যত নাছিল। কিন্তু মই জানিছিলোঁ এয়া মই কেতিয়াও কৰিব নোৱাৰিম। যদিও আজি স্কুল এৰা মোৰ বহুবছৰ হʼল, তথাপি আজি মই যিহোৱাৰ সেৱাত যি কৰি আছোঁ, সেয়া যথেষ্ট নহয় বুলি ভাবোঁ আৰু মোৰ এনে অনুভৱ হয় যেন যিহোৱাই মোৰ পৰিশ্ৰমত আনন্দিত হোৱা নাই।”
৬. গীতমালা ১৩১:১, ২ পদৰপৰা পিতৃ-মাতৃয়ে কি শিকিব পাৰে?
৬ গীতমালা ১৩১:১, ২ পঢ়ক। ৰজা দায়ূদে কৈছিল যে তেওঁৰ ‘মহৎ কাৰ্য্য’ কৰাৰ ইচ্ছা নাই আৰু তেওঁ এনে বস্তু পাবলৈ বিচৰা নাছিল, যিবোৰ পাবলৈ তেওঁৰ বাবে অসম্ভৱ হয়। ইয়াৰপৰা বুজিব পাৰি যে দায়ূদ বৰ নম্ৰ আছিল। সেইবাবে, তেওঁৰ ওচৰত যি আছিল, তেওঁ তাতে সন্তুষ্ট আছিল। দায়ূদৰপৰা পিতৃ-মাতৃয়ে কি শিকিব পাৰে? পিতৃ-মাতৃয়েও নম্ৰ হোৱা উচিত আৰু নিজৰ আৰু নিজৰ লʼৰা-ছোৱালীৰপৰা প্ৰয়োজনতকৈ বেছি আশা কৰা উচিত নহয়। তেওঁলোকে বুজি পোৱা উচিত যে লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে আৰু তাৰ অনুসৰি লʼৰা-ছোৱালীক লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰা উচিত। এইদৰে কৰিলে লʼৰা-ছোৱালীয়ে নিজকে কোনো কামৰ যোগ্য নহয় বুলি নাভাবিব। ভনী মৰিণাই এইদৰে কৈছে, “মায়ে মোৰ তুলনা আন লʼৰা-ছোৱালীৰ লগত কেতিয়াও কৰা নাছিল। আনকি মোৰ নিজৰ দাদা আৰু দুজন ভাইটিৰ লগতো কৰা নাছিল। তেওঁ মোক বুজাইছিল যে আমাৰ সকলোৰে মাজত কিবা নহয় কিবা ভাল গুণ থাকে আৰু যিহোৱাৰ দৃষ্টিত আমি সকলোৱে মূল্যৱান হয়। সেইবাবে, মই কেতিয়াও নিজৰ তুলনা আনৰ লগত নকৰোঁ।”
৭-৮. এজন স্বামীয়ে নিজৰ পত্নীক কেনেকৈ সন্মান কৰা উচিত?
৭ স্বামীয়ে নিজৰ পত্নীৰ লগত সন্মানেৰে ব্যৱহাৰ কৰা উচিত। (১ পিত. ৩:৭) ইয়াৰ অৰ্থ হৈছে তেওঁ নিজৰ পত্নীক সন্মান কৰিব, তাইৰপৰা প্ৰয়োজনতকৈ বেছি আশা নকৰিব আৰু আন তিৰোতাসকলৰ লগত তাইৰ তুলনা নকৰিব। যদি স্বামীয়ে নিজৰ পত্নীক আন তিৰোতাসকলৰ লগত তুলনা কৰে, তেনেহʼলে তাইক কেনেকুৱা লাগিব? আহক ইয়াক ভালদৰে বুজিবলৈ ভনী ৰুছাৰ উদাহৰণলৈ মন কৰোঁ। তাইৰ স্বামী সত্যত নাই আৰু তেওঁ প্ৰায়েই তাইৰ তুলনা আন তিৰোতাসকলৰ লগত কৰে। তেওঁৰ কথাবোৰে ভনীৰ হৃদয়ত আঘাত দিয়ে। সেইবাবে, তাই নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবে। ভনী ৰুছাই এইদৰে কৈছে, “মই মনত ৰাখোঁ যে যিহোৱাই মোক মূল্যৱান বুলি গণ্য কৰে।” এজন খ্ৰীষ্টান স্বামীয়ে নিজৰ পত্নীক সন্মান কৰে, কিয়নো তেওঁ ভালদৰে জানে যে এইদৰে কৰিলে তেওঁৰ পত্নী আৰু যিহোৱাৰ লগত তেওঁৰ এক ভাল সম্পৰ্ক হʼব। *
৮ এজন স্বামীয়ে নিজৰ পত্নীক আন এক প্ৰকাৰে সন্মান কৰা উচিত। সেয়া হৈছে তেওঁ তাইক প্ৰেম কৰে বুলি আশ্বাস দিব আৰু আনৰ আগত তাইৰ প্ৰশংসা কৰিব। (হিতো. ৩১:২৮) আগৰ লেখত ভনী কাটাৰিণাৰ বিষয়ে উল্লেখ কৰা হৈছে, তাই নিজকে অযোগ্য বুলি অনুভৱ কৰিছিল। সৰু থাকোঁতে তাইৰ মাতৃয়ে বন্ধুসকলৰ লগত তাইৰ তুলনা কৰি তাইক হেয়জ্ঞান কৰিছিল। এই অভ্যাস তাইৰ ওপৰতো আহি পৰিল। সত্যত অহাৰ পাছত তাই নিজৰ তুলনা আনৰ লগত কৰিবলৈ ধৰিলে। কিন্তু তাইৰ স্বামীৰ সহায়ত তাই এই অভ্যাস দূৰ কৰিব পাৰিলে। ভনী কাটাৰিণাই এইদৰে কৈছে, “তেওঁ মোক বহুত প্ৰেম কৰে, মোৰ ভাল কামৰ বাবে তেওঁ প্ৰশংসা কৰে আৰু মোৰ বাবে প্ৰাৰ্থনাও কৰে। যেতিয়া মই নিজকে অযোগ্য অনুভৱ কৰোঁ, তেতিয়া তেওঁ মোক মনত পেলাই দিয়ে যে যিহোৱাই মোৰ বিষয়ে এইদৰে নাভাবে।”
প্ৰাচীন আৰু আন ভাই-ভনীয়ে কি কৰিব পাৰে?
৯-১০. প্ৰাচীনসকলে এগৰাকী ভনীক কেনেকৈ সহায় কৰিলে?
৯ যিসকল ভাই-ভনীয়ে নিজৰ তুলনা আনৰ লগত কৰে, প্ৰাচীনসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? ভনী হানুনীৰ উদাহৰণলৈ মন কৰক। সৰুৰেপৰা কোনেও তাইক প্ৰশংসা কৰা নাছিল। তাই এইদৰে কৈছে, “মই নিজৰ তুলনা আনৰ লগত কৰিবলৈ ধৰিলোঁ। কিয়নো মই বৰ লাজুকীয়া স্বভাৱৰ আছিলোঁ আৰু ভাবিছিলোঁ যে আন লʼৰা-ছোৱালীসকল মোতকৈ বহুত ভাল হয়।” সত্য শিকাৰ পাছতো তাই এইদৰেই অনুভৱ কৰিছিল। তাই ভাবিছিল যে অগ্ৰগামী সেৱাত তাই যি কৰি আছে, তাৰ কোনো মূল্য নাই। কিন্তু এতিয়া তাই যিহোৱাৰ সেৱা কৰি অতি আনন্দিত
হৈছে। তাই নিজৰ চিন্তাধাৰা কেনেকৈ সলনি কৰিব পাৰিলে?১০ প্ৰাচীনসকলে তাইক বহুত সহায় কৰিলে। তেওঁলোকে তাইক আশ্বাস দিলে যে মণ্ডলীত তাইৰ প্ৰয়োজন আছে আৰু তাই যি ভাল কাম কৰিছিল, তাৰ বাবেও তাইক প্ৰশংসা কৰিলে। ভনীয়ে এইদৰে কৈছে, “বহুবাৰ প্ৰাচীনে মোক আন ভনীসকলক উৎসাহিত কৰিবলৈ কৈছিল। এইদৰে কৰি মোৰ অনুভৱ হʼল যে মণ্ডলীত মোৰ প্ৰয়োজন আছে। এবাৰ তেওঁলোকে মোক কিছুমান যুৱতী ভনীক সহায় কৰিবলৈ কৈছিল আৰু তাৰ পাছত প্ৰাচীনে মোক ধন্যবাদো দিলে। তেওঁলোকে মোক ১ থিচলনীকীয়া ১:২, ৩ পদ পঢ়ি শুনালে। ইয়াৰপৰা মই বহুত আনন্দিত হʼলোঁ। প্ৰাচীনসকলৰ যোগেদি মোৰ বিশ্বাস হʼল যে মণ্ডলীত মোৰ মূল্য আছে।”
১১. যিচয়া ৫৭:১৫ পদত উল্লেখ থকা ‘ভগ্নচিত্তীয়া’ লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
১১ যিচয়া ৫৭:১৫ পঢ়ক। যিহোৱাই “ভগ্নচিত্তীয়া” অৰ্থাৎ দুখ-কষ্টত থকা লোকসকলৰ যত্ন লয়। আমিও ঠিক সেইদৰেই কৰা উচিত। এই কামটো কেৱল প্ৰাচীনসকলৰ নহয়, মণ্ডলীৰ সকলো ভাই-ভনীৰে দায়িত্ব হয়। আমি দুখ-কষ্টত থকা ভাই-ভনীক আশ্বাস দিয়া উচিত যে যিহোৱাই তেওঁলোকক প্ৰেম কৰে আৰু মূল্যৱান বুলি গণ্য কৰে। (কল. ৩:১২) আমি নম্ৰ হোৱা উচিত আৰু নিজৰ দক্ষতাক লৈ অহংকাৰ কৰা উচিত নহয়। যদি আমি অহংকাৰ কৰোঁ, তেনেহʼলে ভাই-ভনীসকলে আমাক ঈৰ্ষা কৰিব পাৰে। এইদৰে হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আমাৰ ওচৰত যি দক্ষতা আছে, তাৰপৰা ভাই-ভনীসকলে উৎসাহিত হোৱাটো আমি বিচাৰোঁ।—১ পিত. ৪:১০, ১১.
১২. সাধাৰণ লোকসকলে যীচুক কিয় ভাল পাইছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)
১২ আমি লোকসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত, তাৰ বিষয়ে আমি যীচুৰপৰা শিকিব পাৰোঁ। তেওঁ এই পৃথিৱীৰ আটাইতকৈ মহান ব্যক্তি আছিল। তথাপি তেওঁ “নম্ৰ আৰু কোমল চিত্তৰ” ব্যক্তি আছিল। (মথি ১১:২৮-৩০) তেওঁ কেতিয়াও নিজৰ বুদ্ধি আৰু জ্ঞানক লৈ অহংকাৰ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ সহজ, সৰল শব্দ ব্যৱহাৰ কৰি লোকসকলক শিকাইছিল আৰু তেওঁলোকে বুজি পোৱাকৈ উদাহৰণবোৰ দিছিল। (লূক ১০:২১) তেওঁ ধৰ্মগুৰুসকলৰ নিচিনা নাছিল, যিসকলে সাধাৰণ লোকসকলক তুচ্ছ বুলি গণ্য কৰিছিল। যীচুৱে এনে লোকসকলৰ লগত সন্মানেৰে ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকে নিজকে যিহোৱাৰ দৃষ্টিত মূল্যৱান বুলি অনুভৱ কৰিছিল।—যোহ. ৬:৩৭.
১৩. যীচুৱে নিজৰ শিষ্যসকলক প্ৰেম কৰিছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ?
১৩ যীচুৱে নিজৰ শিষ্যসকলক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁ শিষ্যসকলৰ পৰিস্থিতি আৰু দক্ষতা বেলেগ বেলেগ হয় বুলি ভালদৰে জানিছিল। এজন শিষ্যই যিমান কৰিছিল, হয়তো আন এজন শিষ্যই সিমান কৰিব পৰা নাছিল। তথাপি যীচুৱে প্ৰতিজন শিষ্যৰ পৰিশ্ৰমৰ ওপৰত আনন্দিত আছিল। এই কথাষাৰ গাগৰিৰ উদাহৰণৰপৰা ভালদৰে বুজিব পাৰি। মালিকে নিজৰ প্ৰতিজন দাসক “তাৰ শক্তি অনুসাৰে” কাম দিছিল। যদিও এজন দাসে আনজন দাসতকৈ বেছি গাগৰি উপাৰ্জন কৰিছিল, তথাপি মালিকে দুয়োজন দাসকে এইদৰে কৈছিল, “চাবাইচ, উত্তম বিশ্বাসী দাস।”—মথি ২৫:১৪-২৩.
১৪. যীচুৰ দৰে আমিও কি কৰিব পাৰোঁ?
১৪ যীচুৱে আমাৰ লগতো প্ৰেমেৰে ব্যৱহাৰ কৰে। আমাৰ প্ৰতিজনৰে পৰিস্থিতি আৰু দক্ষতা বেলেগ বেলেগ হয় বুলি তেওঁ ভালদৰে জানে। সেইবাবে, যেতিয়া আমি নিজকে আনৰ লগত তুলনা নকৰোঁ আৰু আমি যিমান কৰিব পাৰোঁ, সিমান মনে-প্ৰাণে কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। আমিও যীচুৰ দৰে আনৰ লগত প্ৰেমেৰ ব্যৱহাৰ কৰা উচিত। যদি মণ্ডলীত কোনো ভাই বা ভনীয়ে আমাৰ সমান কৰিব নোৱাৰে, তেনেহʼলে তেওঁ কোনো কামৰ যোগ্য নহয় বুলি আমি তেওঁক অনুভৱ কৰা উচিত নহয়। তাৰ সলনি তেওঁ যি কৰিছে, তাৰ বাবে আমি তেওঁক প্ৰশংসা কৰা উচিত।
আপুনি পাব পৰা লক্ষ্য ৰাখক
১৫-১৬. এগৰাকী ভনীয়ে নিজৰ পৰিস্থিতি অনুসৰি লক্ষ্য ৰখাৰ বাবে কি লাভ হʼল?
১৫ যেতিয়া আমি যিহোৱাৰ সেৱাত লক্ষ্য ৰাখোঁ, তেতিয়া আমাৰ জীৱনৰ এটা উদ্দেশ্য থাকিব আৰু আমি আনন্দিত হʼম। কিন্তু আমি নিজৰ পৰিস্থিতি আৰু দক্ষতাৰ অনুসৰি লক্ষ্য ৰখা উচিত। যদি আমি আনৰ পৰিস্থিতি আৰু দক্ষতাৰ অনুসৰি লক্ষ্য ৰাখোঁ, তেনেহʼলে আমি নিৰাশ হʼম। (লূক ১৪:২৮) মন কৰক যে মিডৰী নামৰ অগ্ৰগামী ভনীয়ে কি কৰিলে।
১৬ ভনী মিডৰীৰ দেউতা সত্যত নাছিল। মিডৰী সৰু থাকোঁতে তাইৰ দেউতাই প্ৰায়ে তাইৰ তুলনা নিজৰ ভাই-ভনী আৰু ক্লাছৰ আন লʼৰা-ছোৱালীৰ লগত কৰিছিল। সেইবাবে, তাই নিজকে অযোগ্য অনুভৱ কৰিছিল। যেতিয়া তাই ডাঙৰ হʼবলৈ ধৰিলে, তেতিয়া তাই নিজৰ এই চিন্তাধাৰা সলনি কৰিলে। কেনেকৈ বাৰু? তাই এইদৰে কৈছে, “মই প্ৰতিদিনে বাইবেল পঢ়িবলৈ ধৰিলোঁ। এইদৰে কৰি মোৰ বিশ্বাস হʼল যে যিহোৱাই মোক প্ৰেম কৰে।” লগতে তাই নিজৰ পৰিস্থিতি অনুসৰি লক্ষ্য ৰাখিলে আৰু তাক পাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। সেইবাবে, তাই যিহোৱাৰ সেৱাত যি কৰিব পাৰিছিল, তাৰপৰা তাই সন্তুষ্টি লাভ কৰিলে।
যিহোৱাক আপোনাৰ উত্তম দিয়ক
১৭. (ক) আমি নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ কি কৰিব লাগিব? (খ) এইদৰে কৰিলে কি লাভ হʼব?
১৭ যদি আমি নিজকে অযোগ্য বুলি ভাবোঁ, তেনেহʼলে এই চিন্তাধাৰা লগে লগে আঁতৰি নাযাব। সেইবাবে যিহোৱাই আমাক “নিজ নিজ মনৰ আত্মাত নতুন” কৰি গৈ থাকিবলৈ উৎসাহিত কৰিছে। (ইফি. ৪:২৩, ২৪) এনে কৰিবলৈ আমি নিয়মীয়াকৈ অধ্যয়ন, প্ৰাৰ্থনা আৰু ধ্যান কৰা উচিত। তেতিয়া যিহোৱাই আমাক নিজৰ পবিত্ৰ আত্মা দিব, যাতে আমি নিজৰ তুলনা আনৰ লগত নকৰোঁ। যদি আমাৰ মনত ঈৰ্ষা আৰু অহংকাৰৰ ভাবনা আহে, তেনেহʼলে এইবোৰ দূৰ কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব।
১৮. দ্বিতীয় বংশাৱলি ৬:২৯, ৩০ পদৰপৰা আপুনি কি সান্ত্বনা লাভ কৰে?
১৮ দ্বিতীয় বংশাৱলি ৬:২৯, ৩০ পঢ়ক। যিহোৱাই আমাৰ হৃদয়খন চায়। আমি কি চিন্তা কৰিছোঁ আৰু কেনে অনুভৱ কৰিছোঁ, তাৰ বিষয়ে তেওঁ ভালদৰে জানে। লগতে তেওঁ এয়াও জানে যে আমি জগতৰ প্ৰভাৱৰপৰা বাচি থাকিবলৈ আৰু নিজৰ দুৰ্বলতাৰ বিৰোধে যুঁজ কৰিবলৈ কিমান সংঘৰ্ষ কৰি আছোঁ। এয়া দেখি তেওঁৰ আমাৰ প্ৰতি থকা প্ৰেম আৰু বাঢ়িবলৈ ধৰে।
১৯. যিহোৱাই আমাক প্ৰেম কৰে বুলি কি উদাহৰণ দি বুজালে?
১৯ যিহোৱাই এগৰাকী মাতৃৰ উদাহৰণ দি বুজালে যে তেওঁ আমাক কিমান প্ৰেম কৰে। (যিচ. ৪৯:১৫) ৰেচল নামৰ ভনীগৰাকীয়ে এইদৰে কৈছে, “মোৰ ছোৱালী স্টেফনী মাহটো পূৰ হোৱাৰ আগতেই জন্ম হৈছিল। যেতিয়া তাইক মই প্ৰথমবাৰ দেখিছিলোঁ, তেতিয়া তাই বহুত সৰু আৰু সহায়হীন আছিল। তাইৰ অৱস্থা দেখি ডাক্তৰে এমাহৰ বাবে তাইক বেলেগ এটা ৰুমত ৰাখিলে। কিন্তু মই প্ৰতিদিনে তাইক লগ কৰিবলৈ পাৰিছিলোঁ আৰু কোলাত লʼব পাৰিছিলোঁ। এই সময়ছোৱাত আমাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক হʼল। আজি স্টেফনী ছয় বছৰৰ হʼল আৰু তাই দেখাত নিজৰ সমনীয়াতকৈ সৰু হয়। কিন্তু মই তাইক বহুত প্ৰেম কৰোঁ, কিয়নো তাই জীয়াই থাকিবলৈ বহুত সংঘৰ্ষ কৰিলে। তাইৰ বাবে মোৰ জীৱনটো আনন্দেৰে ভৰি পৰিল।” যেতিয়া আমি যিহোৱাৰ সেৱা কৰিবলৈ সংঘৰ্ষ কৰোঁ, তেতিয়া এগৰাকী মাতৃৰ দৰেই তেওঁ অনুভৱ কৰে। ইয়াৰপৰা আমি বহুত সান্ত্বনা লাভ কৰোঁ।
২০. যিহোৱাৰ সেৱকসকলক কি কথাই আনন্দিত কৰে?
২০ আমি যিহোৱাৰ সেৱক হয়, সেইবাবে আমি সকলোৱে বহুমূলীয়া হয়। তেওঁ ভালদৰে জানে যে আমি সকলোৱে এজনে-আনজনতকৈ একেবাৰে বেলেগ হয়। আমি আনতকৈ শ্ৰেষ্ঠ হয় বুলি যিহোৱাই আমাক তেওঁৰ সেৱক হʼবলৈ বাছনি কৰা নাই। তেওঁ আমাৰ হৃদয়খন চালে। আমি নম্ৰ হয়, আনৰপৰা শিকিবলৈ আৰু নিজকে সলনি কৰিবলৈ সদায় সাজু থাকোঁ, এয়া যিহোৱা ঈশ্বৰে লক্ষ্য কৰিলে। (গীত. ২৫:৯) আমি মনে-প্ৰাণে কৰা সেৱাক যিহোৱাই মূল্যাংকন কৰে। যেতিয়া আমি ধৈৰ্য্য ধৰোঁ আৰু তেওঁৰ সেৱা কৰি থাকোঁ, তেতিয়া ইয়াৰপৰা জানিব পাৰি যে আমাৰ মন “সৰল আৰু শুদ্ধ” হয়। (লূক ৮:১৫) গতিকে, আহক আমি নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰোঁ, কিন্তু আমি যিমান কৰিব পাৰোঁ, সিমান মনে-প্ৰাণে কৰি থাকোঁ। এইদৰে কৰিলে আমি ‘নিজৰ কামৰ’ পৰা আনন্দ লাভ কৰিম।
গীত ৩৮ তেওঁ তোমাক শক্তিশালী কৰিব
^ অনু. 5 যিহোৱাই কেতিয়াও আমাৰ তুলনা আনৰ লগত নকৰে। কিন্তু আমি কেতিয়াবা নিজৰ তুলনা আনৰ লগত কৰিব পাৰোঁ আৰু ভাবিব পাৰোঁ যে আমি তেওঁলোকৰ সমান ভাল নহয়। এই লেখত আমি আলোচনা কৰিম যে আমি কিয় নিজৰ তুলনা আনৰ লগত কৰা উচিত নহয়। লগতে এয়াও শিকিম যে আমি এনে কি কৰিব পাৰোঁ, যাতে আমাৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলে নিজকে যিহোৱাৰ দৃষ্টিভংগীৰে চাব পাৰে।
^ অনু. 5 কিছুমান নাম সলনি কৰা হৈছে।
^ অনু. 7 যদিও ইয়াত স্বামীসকলৰ বিষয়ে কোৱা হৈছে, কিন্তু এই সিদ্ধান্ত পত্নীসকলৰ বাবেও হয়।
^ অনু. 58 ছবিৰ বিষয়ে: পাৰিবাৰিক উপাসনাৰ সময়ত পৰিয়ালৰ সকলোৱে মিলি নোহৰ জাহাজ বনাই আছে। প্ৰতিজন সন্তানে জাহাজৰ বাবে কিবা নহয় কিবা বনাই আছে। পিতৃ-মাতৃয়ে প্ৰতিজন সন্তানৰ কামৰপৰা আনন্দিত হৈছে।
^ অনু. 62 ছবিৰ বিষয়ে: এগৰাকী মাতৃয়ে অকলে নিজৰ সন্তানৰ চোৱা-চিতা কৰিছে। তাই অগ্ৰগামী সেৱা কৰিবলৈ তালিকা বনাই আছে। তাই সেই লক্ষ্য পোৱাৰ বাবে অতি আনন্দিত হৈছে।