অধ্যয়নৰ লেখ ২৬
শিষ্য বনোৱা কাৰ্য্যত সহায় কৰক
“ঈশ্বৰেই . . . তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য্য-সাধন কৰা, এই উভয়ৰ সাধনকৰ্ত্তা হৈছে।”—ফিলি. ২:১৩.
গীত ৬৪ শস্য দোৱাত আনন্দেৰে ভাগ লওক
লেখৰ এক আভাস *
১. আপুনি কিহৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ?
আপুনি কেনেকৈ এজন যিহোৱাৰ সাক্ষী হʼল? আপুনি হয়তো নিজৰ পিতৃ-মাতৃৰপৰা, সহকৰ্মীৰপৰা বা সহপাঠীৰপৰা সত্যৰ বিষয়ে শুনিছিল। অথবা কোনো এজন সাক্ষীয়ে আপোনাৰ ঘৰত আহি বাইবেলৰপৰা “শুভবাৰ্তাৰ” বিষয়ে জনাইছিল। (মাৰ্ক ১৩:১০) যেতিয়া আপুনি বাইবেল অধ্যয়ন আৰম্ভ কৰিলে, তেতিয়া কোনোবাই আপোনাক শিকাবলৈ বহুত পৰিশ্ৰম কৰিলে আৰু আপোনাক সময়ো দিলে। অধ্যয়নৰপৰা আপুনি শিকিব পাৰিলে যে যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপুনি তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। এইদৰে যিহোৱাই আপোনাক সত্যৰ ফালে আকৰ্ষিত কৰিলে। আজি আপুনি এজন যিহোৱাৰ সেৱক হয় আৰু আপোনাৰ ওচৰত অনন্ত জীৱনৰ আশাও আছে। (যোহ. ৬:৪৪) আপুনি ইয়াৰ বাবে কৃতজ্ঞ যে সত্যৰ বিষয়ে জানিবলৈ যিহোৱাই আপোনাক সহায় কৰিলে আৰু তেওঁৰ সেৱা কৰিবলৈ সুযোগ দিলে।
২. এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
২ আমি সত্যৰ বিষয়ে জানিবলৈ পালোঁ, গতিকে এতিয়া আনক সত্য শিকোৱাটো আমাৰ দায়িত্ব হয়। হয়তো ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ আমাক সহজ যেন লাগিব পাৰে। কিন্তু কাৰোবাৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰি তাক চলোৱাটো কঠিন লাগিব পাৰে। আপোনাৰ লগতো এইদৰে হয়নে? যদি হয়, তেনেহʼলে এই লেখত কিছুমান উপায় দিয়া হৈছে, যিয়ে আপোনাক সহায় কৰিব। আমি শিষ্য বনোৱা কাম কিয় কৰোঁ আৰু যদি বাইবেল অধ্যয়ন চলোৱাটো আমাৰ বাবে কঠিন, তেনেহʼলে আমি কি কৰিব পাৰোঁ। ইয়াৰ বিষয়ে এই লেখত উল্লেখ আছে। আহক প্ৰথমে আমি এয়া চাওঁ যে শিষ্য বনাবলৈ প্ৰচাৰ কৰাটোৱে যথেষ্ট নহয়, কিন্তু লোকসকলক শিকোৱাটো অতি গুৰুত্বপূৰ্ণ।
যীচুৱে প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ আজ্ঞা দিছিল
৩. আমি কিয় প্ৰচাৰ কৰোঁ?
৩ যীচুৱে শিষ্যসকলক শিষ্য বনোৱাৰ দায়িত্ব দিয়াৰ সময়ত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ কৈছিল। লগতে এয়া কেনেকৈ কৰিব লাগিব, তাৰ বিষয়েও কৈছিল। (মথি ১০:৭; লূক ৮:১) উদাহৰণস্বৰূপে, যদি লোকসকলে তেওঁলোকৰ কথা শুনে, তেন্তে কি কৰিব লাগিব আৰু যদি নুশুনে, তেন্তে কি কৰিব লাগিব। (লূক ৯:২-৫) যীচুৱে এয়াও কৈছিল যে “শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।” ইয়াৰপৰা জানিব পাৰি যে পৃথিৱীৰ দূৰ-দূৰণি ঠাইলৈকে প্ৰচাৰ কৰা হʼব। (মথি ২৪:১৪; পাঁচ. ১:৮) গতিকে লোকসকলে শুনক বা নুশুনক যীচুৰ শিষ্যসকলে ঈশ্বৰৰ ৰাজ্যই কি কি কৰিব, তাৰ বিষয়ে সাক্ষ্য দিবলগীয়া হৈছিল।
৪. মথি ২৮:১৮-২০ পদৰ অনুসৰি আমি প্ৰচাৰ কৰাৰ লগতে আৰু কি কৰা উচিত?
৪ যীচুৱে শিষ্যসকলক প্ৰচাৰ কৰাৰ লগতে লোকসকলক শিকোৱাৰ দায়িত্বও দিছিল। কিছুমান লোকে কয় যে শিষ্য বনোৱাৰ দায়িত্ব কেৱল প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ আছিল। কিন্তু এইদৰে কোৱাটো সঠিক নহʼব। এয়া সঁচা যে যীচুৱে প্ৰচাৰ কৰাৰ দায়িত্ব নিজৰ ৫০০ জন শিষ্যসকলক দিছিল। (১ কৰি. ১৫:৬) কিন্তু তেওঁ এয়াও কৈছিল যে এই কাম “জগতৰ শেষলৈকে” অৰ্থাৎ বৰ্তমানৰলৈকে চলি থাকিব। (মথি ২৮:১৮-২০ পঢ়ক।) ইয়াৰ উপৰিও যীচুৱে পাঁচনি যোহনক দৰ্শন দি বুজাইছিল যে তেওঁৰ সকলো শিষ্যই লোকসকলক যিহোৱাৰ বিষয়ে শিকাবলৈ সহায় কৰিব।—প্ৰকা. ২২:১৭.
৫. প্ৰচাৰ কৰাটো আৰু শিক্ষা দিয়াটো অতি গুৰুত্বপূৰ্ণ বুলি বুজাবলৈ পৌলে কিহৰ উদাহৰণ দিছিল? (১ কৰিন্থীয়া ৩:৬-৯)
৫ পাঁচনি পৌলে শিষ্য বনোৱা কামক খেতিৰ লগত তুলনা কৰিছিল। তেওঁ কৰিন্থ মণ্ডলীৰ খ্ৰীষ্টানসকলক কৈছিল, ‘মই ৰুলোঁ, আপল্লোৱে পানী দিলে; তোমালোক ঈশ্বৰৰ ক্ষেত্ৰ, ঈশ্বৰে সজা ঘৰস্বৰূপ।’ (১ কৰিন্থীয়া ৩:৬-৯ পঢ়ক।) ইয়াৰপৰা বুজিব পাৰি যে বীজ সিঁচাটোৱে যথেষ্ট নহয়, তাৰ লগতে পানী দিয়াটো অতি প্ৰয়োজন। যেতিয়া আমি প্ৰচাৰ কৰোঁ, তেতিয়া আমি বীজ সিঁচো আৰু যেতিয়া আমি লোকসকলক শিক্ষা দিওঁ, তেতিয়া পানী দিওঁ। (যোহ. ৪:৩৫) কিন্তু আমি সদায় মনত ৰখা উচিত যে যিহোৱাই বীজক বঢ়ায়। অৰ্থাৎ তেৱেঁ লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰে।
৬. আমি লোকসকলক শিক্ষা দিয়াৰ সময়ত কি কৰা উচিত?
৬ আমি এনে লোকসকলক বিচাৰি আছোঁ, যিসকলে “অনন্ত জীৱন পাবলৈ নিৰূপিত” হয়। (পাঁচ. ১৩:৪৮) লোকসকলে যীচুৰ শিষ্য হোৱাটো আমি বিচাৰোঁ। ইয়াৰ বাবে আমি তেওঁলোকক সহায় কৰিব লাগিব, যাতে তেওঁলোকে বাইবেলৰপৰা শিকা কথাবোৰ (১) বুজিব পাৰে, (২) বিশ্বাস কৰিব পাৰে আৰু (৩) তাৰ অনুসৰি জীৱন-যাপন কৰিব পাৰে। (যোহ. ১৭:৩; কল. ২:৬, ৭; ১ থিচ. ২:১৩) এয়া সঁচা যে যেতিয়া কোনো বিদ্যাৰ্থী সভালৈ আহে, তেতিয়া মণ্ডলীৰ সকলো ভাই-ভনীয়ে তেওঁক আদৰণি জনায় আৰু তেওঁৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰে। (যোহ. ১৩:৩৫) কিন্তু অধ্যয়ন চলোৱা ভাই বা ভনীয়ে বিদ্যাৰ্থীক সময় দিয়া আৰু কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে, যাতে বিদ্যাৰ্থীৰ “শক্তিশালীভাৱে” থকা কিছুমান অভ্যাস দূৰ কৰিবলৈ সহায় কৰিব পাৰে। (২ কৰি. ১০:৪, ৫, NW) হয়তো এজন বিদ্যাৰ্থীক নিজৰ জীৱন পৰিবৰ্তন কৰি বাপ্তিষ্মা লʼবলৈ কেইবা মাহো লাগিব পাৰে। কিন্তু তেওঁক সহায় কৰিবলৈ আমি যি পৰিশ্ৰম কৰোঁ ইয়াৰ ভাল পৰিণাম হʼব।
প্ৰেমে আনক শিকাবলৈ উৎসাহিত কৰে
৭. আমি কিয় লোকসকলক সত্যৰ বিষয়ে জনাওঁ আৰু শিকাওঁ?
৭ আমি কিয় লোকসকলক সত্যৰ বিষয়ে জনাওঁ আৰু শিকাওঁ? ইয়াৰ প্ৰথম কাৰণ হৈছে যে আমি যিহোৱাক প্ৰেম কৰোঁ। (১ যোহ. ৫:৩) চিন্তা কৰক, আপুনি যিহোৱাক প্ৰেম কৰাৰ বাবেহে প্ৰচাৰ কাম কৰিবলৈ আৰম্ভ কৰিলে। হয়তো প্ৰথমবাৰ প্ৰচাৰলৈ যোৱাটো আপোনাৰ বাবে ইমান সহজ নাছিল। কিন্তু আপুনি জানিছিল যে এই কাম যীচুৱে আপোনাক দিছে। সেইবাবে, আপুনি যীচুৰ আজ্ঞা মানিলে আৰু তেতিয়া সহজে প্ৰচাৰ কৰিব পাৰিলে। কিন্তু বাইবেল অধ্যয়ন কৰিবলৈ হয়তো এতিয়াও আপোনাক ভয় লাগে। তথাপি যদি আপোনাক বাইবেল অধ্যয়ন কৰিবলৈ ইচ্ছা আছে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক। তেওঁ আপোনাৰ ভয় দূৰ কৰিব আৰু বাইবেল অধ্যয়ন কৰিবলৈ সাহস দিব।
৮. মাৰ্ক ৬:৩৪ পদৰ অনুসৰি আমি লোকসকলক সত্য শিকোৱাৰ দ্বিতীয় কাৰণ কি হয়?
৮ দ্বিতীয় কাৰণ হৈছে যে আমি লোকসকলক প্ৰেম কৰোঁ। সেইবাবে আমি তেওঁলোকক সত্যৰ বিষয়ে জনাওঁ আৰু শিকাওঁ। এবাৰ যীচু আৰু তেওঁৰ শিষ্যসকলে প্ৰচাৰ কৰি বৰ ভাগৰি পৰিছিল। সেইবাবে তেওঁলোকে অলপ সময় জিৰণি লʼব বিচাৰিছিল। কিন্তু লোকসকলে তেওঁলোকৰ পাছে পাছে আহিবলৈ ধৰিলে, সেইসময়ত তেওঁলোকৰ প্ৰতি যীচুৰ মৰম লাগিল। তেওঁবিলাকক “অনেক উপদেশ” দিবলৈ ধৰিলে। (মাৰ্ক ৬:৩৪ পঢ়ক।) যীচুৱে লোকসকলৰ পৰিস্থিতি ভালদৰে বুজি পাইছিল। সেইবাবে তেওঁ ভাগৰি পৰাৰ সত্ত্বেও লোকসকলক শিকাইছিল। আজিও লোকসকলৰ পৰিস্থিতি ঠিক সেইদৰে হয়। তেওঁলোকে আনন্দত থকা যেন লাগে, কিন্তু তেওঁলোকে বহুতো দুখ-কষ্ট ভুগিছে। তেওঁলোকে ৰখীয়া নোহোৱা মেৰৰ নিচিনা হয় অৰ্থাৎ তেওঁলোকক সহায় কৰোতা কোনো নাই। পৌলে তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকৰ ওচৰত কোনো আশা নাই আৰু তেওঁলোকে সত্য ঈশ্বৰৰ বিষয়ে নাজানে। (ইফি. ২:১২) তেওঁলোকে এনে এটা ৰাস্তাত গৈ আছে “যি বাটে সৰ্ব্বনাশলৈ নিয়ে।” (মথি ৭:১৩) যেতিয়া আমি লোকসকলৰ পৰিস্থিতি বুজি পাম, তেতিয়া তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িবলৈ ধৰিব আৰু ইয়ে আমাক তেওঁলোকৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ উৎসাহিত কৰিব।
৯. ফিলিপীয়া ২:১৩ পদৰ অনুসৰি যিহোৱাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
৯ হয়তো আপুনি বাইবেল অধ্যয়ন কৰাবলৈ সংকোচ কৰিব পাৰে। আপুনি চিন্তা কৰিব পাৰে যে বিদ্যাৰ্থীক বহুত সময় দিব লাগিব। লগতে অধ্যয়নৰ বাবে প্ৰস্তুতি কৰিবলৈ সময়ৰ প্ৰয়োজন হʼব। যদি আপোনাৰ এনে অনুভৱ হয়, তেনেহʼলে প্ৰাৰ্থনাৰ যোগেদি যিহোৱাক নিজৰ মনৰ কথা জনাওক, যাতে কাৰোবাৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ যিহোৱাই আপোনাৰ ভিতৰত আগ্ৰহ জন্মায়। (ফিলিপীয়া ২:১৩ পঢ়ক।) পাঁচনি যোহনে কৈছিল যে যদি আমি যিহোৱাৰ ইচ্ছাৰ অনুসৰি প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে তেওঁ নিশ্চয় শুনিব। (১ যোহ. ৫:১৪, ১৫) হয়, যিহোৱাই আপোনাৰো প্ৰাৰ্থনা শুনিব আৰু লোকসকলক বাইবেলৰ বিষয়ে শিকাবলৈ আপোনাৰ হৃদয়ত আগ্ৰহ জন্মাব।
আন বাধাবোৰ পাৰ কৰক
১০-১১. কিছুমান ভাই-ভনীয়ে বাইবেল অধ্যয়ন কৰিবলৈ কিয় সংকোচ কৰে?
১০ আমি জানোঁ যে লোকসকলক শিক্ষা দিয়াটো অতি গুৰুত্বপূৰ্ণ। কিন্তু এনে কৰাটো ইমান সহজ নহয়। আহক চাওঁ যে লোকসকলক শিক্ষা দিবলৈ কিহে বাধা দিব পাৰে আৰু সেইবোৰক পাৰ কৰিবলৈ কিহে আমাক সহায় কৰিব।
১১ হয়তো আমি যিমান বিচাৰোঁ, সিমান কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, কিছুমান প্ৰচাৰকে বৃদ্ধ হৈছে বা বেমাৰত ভুগিছে। আপোনাৰো এনে পৰিস্থিতি হয়নে? যদি হয়, তেনেহʼলে কভিড-১৯ মহামাৰীৰ সময়ছোৱাত আমি শিকা কথাবোৰ মনত পেলাওক। আমি ঘৰত বহি ফোন আৰু আন ইলেক্ট্ৰনিক উপকৰণৰ যোগেদি বাইবেল অধ্যয়ন কৰাবলৈ শিকিলোঁ। এইবোৰৰ যোগেদি আপুনি যিকোনো সময়ত অধ্যয়ন কৰাব পাৰে। যেনে, কিছুমান লোকে দিনত ব্যস্ত থাকে, কিন্তু তেওঁলোকে ৰাতিপুৱা বা ৰাতি সময় দিব পাৰে। আপুনি সেইসময়ত তেওঁলোকক বাইবেলৰ বিষয়ে শিকাব পাৰিবনে? নীকদীমে ৰাতি যীচুৰ ওচৰত যোহ. ৩:১, ২.
আহিছিল আৰু যীচুৱে সেইসময়তে তেওঁক শিকাইছিল।—১২. আমি বাইবেল অধ্যয়ন কৰিব পাৰিম বুলি কি কি কথাই আমাৰ সাহস বঢ়াব পাৰে?
১২ আমি হয়তো ভাবিব পাৰোঁ যে আমি বাইবেল অধ্যয়ন চলাব নোৱাৰিম। কাৰোবাক অধ্যয়ন কৰিবলৈ বেছি জ্ঞান বা দক্ষতা হোৱা উচিত বুলি আমি ভাবিব পাৰোঁ। যদি আপুনি এইদৰে ভাবে, তেনেহʼলে এই তিনিটা কথাই আপোনাক সাহস দিব। প্ৰথম, যিহোৱাই আপোনাৰ ওপৰত ভৰসা কৰে আৰু আপুনি আনক শিকাব পাৰে বুলি তেওঁ ভালদৰে জানে। (২ কৰি. ৩:৫) দ্বিতীয়তে, যীচুৱে আপোনাক এই দায়িত্ব দিছে। তেওঁক “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা” দিয়া হৈছে। তেওঁ আপোনাৰ ওপৰত ভৰসা কৰে। (মথি ২৮:১৮) তৃতীয়তে, আপুনি যিহোৱা আৰু ভাই-ভনীসকলৰপৰা সহায় লʼব পাৰে। যীচুৱেও যিহোৱাৰপৰা সহায় লৈছিল। যিহোৱাই যীচুক যি কথা শিকাইছিল, তেওঁ সেয়াই কৈছিল। আপুনিও যিহোৱাৰপৰা সহায় লʼব পাৰে। (যোহ. ৮:২৮; ১২:৪৯) অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি প্ৰচাৰ সমূহৰ অধ্যক্ষ, অগ্ৰগামী সেৱক আৰু অভিজ্ঞ প্ৰচাৰকসকলৰপৰা সহায় লʼব পাৰে। আপুনি তেওঁলোকৰ অধ্যয়নতো যাব পাৰে। এইদৰে কৰি আপুনি তেওঁলোকৰপৰা বহুতো কথা শিকিব আৰু আপোনাৰ সাহসো বাঢ়িব।
১৩. আমি নতুন উপায় ব্যৱহাৰ কৰিবলৈ কিয় সাজু থকা উচিত?
১৩ নতুন উপায় বা নতুন প্ৰকাশন ব্যৱহাৰ কৰিবলৈ আমাক হয়তো কঠিন লাগিব পাৰে। দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ কিতাপখন অহাৰপৰা বহুতো সলনি হʼল। অধ্যয়নৰ বাবে প্ৰস্তুতি কৰাৰ আৰু অধ্যয়ন চলোৱাৰ উপায়ো সলনি হʼল। যেনে, এতিয়া অধ্যয়ন কৰোঁতে কম অনুচ্ছেদ পঢ়া হয় আৰু বিদ্যাৰ্থীৰ লগত এই বিষয়ৰ লগত জড়িত বেছি কথা-বতৰা হয়। আমি বিদ্যাৰ্থীক ভিডিঅʼ দেখুৱাওঁ বা JW লাইব্ৰেৰি বা আমাৰ ৱেবছাইটৰপৰা প্ৰকাশনো ব্যৱহাৰ কৰোঁ। নতুন উপায় ব্যৱহাৰ কৰিবলৈ আমাৰ হয়তো কঠিন লাগিব পাৰে। কিয়নো অভ্যাস এৰা আৰু অভ্যাস কৰাটো ইমান সহজ নহয়। যদি আপুনিও এনে অনুভৱ কৰে, তেনেহʼলে যিহোৱা আৰু ভাই-ভনীসকলে এই নতুন উপায় শিকিবলৈ আপোনাক সহায় কৰিব পাৰে আৰু আপুনি ভালদৰে অধ্যয়ন কৰি পাৰিব। এজন অগ্ৰগামী ভায়ে এইদৰে কৈছিল, “এতিয়া অধ্যয়ন কৰাৰ সময়ত বিদ্যাৰ্থী আৰু শিক্ষক দুয়োজনে আনন্দিত হয়।”
১৪. (ক) যদি বাইবেল অধ্যয়ন পাবলৈ কঠিন হয়, তেনেহʼলে আমি কিয় আশা এৰি দিয়া উচিত নহয়? (খ) ১ কৰিন্থীয়া ৩:৬, ৭ পদৰপৰা আমি কি সান্ত্বনা লাভ কৰোঁ?
১৪ আমি প্ৰচাৰ কৰা এলেকাত বাইবেল অধ্যয়ন পোৱাটো হয়তো কঠিন হয়। হয়তো লোকসকলে আমাৰ বাৰ্তা নুশুনে বা আমাৰ বিৰোধ কৰে। এনে পৰিস্থিতিত আমি আশা এৰি দিয়াটো উচিত নহয়। কিয়নো আজি পৃথিৱীৰ পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাইছে যে লোকসকলৰ জীৱনত বহুতো সলনি হৈছে। আজি যিসকল লোকে যিহোৱাৰ বিষয়ে জানিবলৈ আগ্ৰহী নহয়, তেওঁলোকে ভৱিষ্যতে হয়তো তেওঁৰ বিষয়ে জানিবলৈ বিচাৰিব পাৰে। (মথি ৫:৩) যিসকল লোকে হয়তো আমাৰ প্ৰকাশন পঢ়িব নিবিচাৰে, তেওঁলোকে আগলৈ গৈ বাইবেল অধ্যয়ন কৰিব পাৰে আৰু এইদৰে হৈছেও। আমি জানোঁ যে যিহোৱা খেতিৰ মালিক হয়। (মথি ৯:৩৮) আমি বীজ সিঁচা আৰু পানি দিয়াটো তেওঁ বিচাৰে। কিন্তু বঢ়োৱাৰ কাম যিহোৱাৰ হয়। (১ কৰি. ৩:৬, ৭) যদিও আজি আমাৰ ওচৰত বাইবেল অধ্যয়ন নাই, কিন্তু যিহোৱাই আমাৰ পৰিশ্ৰমলৈ ধ্যান দিয়ে আৰু আমাক পুৰস্কাৰ দিয়ে। ইয়াৰপৰা আমি বহুতো সান্ত্বনা লাভ কৰোঁ। *
সত্য শিকাওক আৰু আনন্দিত হওঁক
১৫. যেতিয়া কোনোবাই বাইবেলৰপৰা শিকে আৰু তাৰ অনুসৰি জীৱন-যাপন কৰে, তেতিয়া যিহোৱাক কেনেকুৱা লাগে?
১৫ যেতিয়া এজন ব্যক্তিয়ে সত্য গ্ৰহণ কৰে আৰু হিতো. ২৩:১৫, ১৬) ২০২০ চনৰ সেৱা বছৰৰ উদাহৰণলৈ মন কৰক। সেই সময়ছোৱাত গোটেই বিশ্বজুৰিত মহামাৰী বিয়পি পৰিছিল। তথাপি ৭৭,০৫,৭৬৫ জন লোকে অধ্যয়ন কৰিছিল আৰু ২,৪১,৯৯৪ জন লোকে বাপ্তিষ্মা লৈছিল। সঁচাকৈ এইবোৰ উন্নতি দেখি যিহোৱাই বৰ আনন্দিত হৈছে। যিসকল লোকে বাপ্তিষ্মা লৈ যীচুৰ শিষ্য হৈছে, তেওঁলোকে এতিয়া নিজে বাইবেল অধ্যয়ন চলায় আৰু বহুতো লোকক যীচুৰ শিষ্য হʼবলৈ সহায় কৰিছে। (লূক ৬:৪০) আমি ভৰসা কৰিব পাৰোঁ যে যেতিয়া আমি আনক শিকাওঁ আৰু যীচুৰ শিষ্য হʼবলৈ সহায় কৰোঁ, তেতিয়া এয়া দেখি যিহোৱা বৰ আনন্দিত হয়।
আনক সত্য শিকায়, তেতিয়া যিহোৱাই বৰ আনন্দিত হয়। (১৬. আমি সকলোৱে কি লক্ষ্য ৰাখিব পাৰোঁ?
১৬ কাৰোবাক শিষ্য বনাবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। কিন্তু যিহোৱাৰ সহায়ত আমি এজন ব্যক্তিক যিহোৱাক প্ৰেম কৰিবলৈ শিকাব পাৰোঁ। গতিকে আমি সকলোৱে কমেও এটা বাইবেল অধ্যয়ন চলাবলৈ লক্ষ্য ৰাখিব পাৰিমনে? যেতিয়া আমি কাৰোবাক লগ পাওঁ, তেতিয়া তেওঁ বাইবেলৰপৰা শিকিব বিচাৰেনে বুলি আমি তেওঁক সুধিব পাৰোঁ। আমি মনত ৰাখিম যে যিহোৱাই আমাৰ পৰিশ্ৰমৰ ওপৰত নিশ্চয় আশীৰ্বাদ দিব।
১৭. যেতিয়া আমি কাৰোবাৰ বাইবেল অধ্যয়ন কৰিম, তেতিয়া আমাক কেনেকুৱা লাগিব?
১৭ লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু নিজৰ বিষয়ে শিকাবলৈ যিহোৱাই আমাক এক ডাঙৰ সুযোগ দিছে। এই কাম কৰি আমি বৰ আনন্দিত হওঁ। পাঁচনি পৌলে থিচলনীকীয়াত থকা বহুতো লোকক সত্য শিকাইছিল। তেওঁলোকৰ বিষয়ে পৌলে এইদৰে কৈছিল, “আমাৰ আশা, বা আনন্দ, বা শ্লাঘাৰ কিৰীটি কি? আমাৰ প্ৰভু যীচুৰ আগমনত তেওঁৰ সাক্ষাতে তোমালোকেই নোহোৱা নে? বাস্তৱিক তোমালোকেই আমাৰ গৌৰব আৰু আনন্দ।” (১ থিচ. ২:১৯, ২০; পাঁচ. ১৭:১-৪) আজিও বহুতো ভাই-ভনীয়ে ঠিক এইদৰেই অনুভৱ কৰে। স্টেফনী আৰু তাইৰ স্বামীয়ে বহুতোলোকক সত্য শিকাইছিল। ভনী স্টেফনীয়ে এইদৰে কৈছে, “নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ যেতিয়া আমি কাৰোবাক সহায় কৰোঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। এই আনন্দ আৰু আন কোনো কামে দিব নোৱাৰে।”
গীত ৫৭ বিভিন্ন জাতিৰ লোকক সত্যৰ বিষয়ে জনাওঁক
^ অনু. 5 যিহোৱাই আমাক প্ৰচাৰ কৰাৰ লগতে লোকসকলক শিকাই যীচুৰ শিষ্য বনোৱাৰ দায়িত্বও দিছে। এয়া আমি কিয় কৰোঁ? শিষ্য বনোৱা কাৰ্য্যত কি কি বাধা আহিব পাৰে আৰু আমি এইবোৰ কেনেকৈ পাৰ কৰিব পাৰোঁ। ইয়াৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব।
^ অনু. 14 শিষ্য বনোৱা কামৰ বিষয়ে বেছিকৈ জানিবলৈ ২০২১ চনৰ মাৰ্চ মাহৰ প্ৰহৰীদুৰ্গৰ “মণ্ডলীৰ সকলোৱে বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে” নামৰ লেখটো পঢ়ক।
^ অনু. 53 ছবিৰ বিষয়ে: বাইবেল অধ্যয়ন কৰিলে এজন ব্যক্তিৰ জীৱন সলনি হয়। আৰম্ভণিতে তেওঁ যিহোৱাৰ বিষয়ে একোৱে নাজানে আৰু তেওঁৰ জীৱনৰ কোনো উদ্দেশ্যও নাথাকে। কিন্তু তেওঁ এজন সাক্ষীক লগ পায় আৰু তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কিছু সময়ৰ পাছত তেওঁ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লয়। তাৰ পাছত তেওঁ শিষ্য বনোৱা কাৰ্য্যত ভাগ লয়। শেষত তেওঁলোকে নতুন পৃথিৱীত আনন্দেৰে জীৱন-যাপন কৰে।