আপোনাক দিয়া কামটো মনে-প্ৰাণে কৰক!
যদি আপোনাৰ এজন ঘনিষ্ঠ বন্ধুৱে আপোনালৈ এখন চিঠি লিখে, তেতিয়া আপোনাক কেনেকুৱা লাগে? আপুনি নিশ্চয় আনন্দত প্ৰফুল্লিত হয়। তীমথিয়েও নিজৰ বন্ধু পাঁচনি পৌলৰপৰা এনে এখন চিঠি পাইছিল। আজি এইখন বাইবেলত ২ তীমথিয় হিচাপে জনা যায়। চিঠিখন পোৱাৰ লগে লগে তীমথিয়ই হয়তো নিজান ঠাই বিচাৰিলে, যাতে তেওঁ চিঠিখন পঢ়িব পাৰে। তীমথিয়ৰ মনত হয়তো এই প্ৰশ্নবোৰ আহিছিল: ‘পৌল কেনে পৰিস্থিতিত আছে? মই মোৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ তেওঁ মোক কিবা পৰামৰ্শ দিছে নেকি? মই কেনেকৈ প্ৰচাৰ আৰু শিকোৱাৰ কাম ভালদৰে কৰিব পাৰোঁ আৰু আনক সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে তেওঁ কিবা কৈছে নেকি?’ পৌলে চিঠিত এই সকলো বিষয়ৰ ওপৰত তীমথিয়ক কʼলে। ইয়াৰ উপৰিও, তেওঁ আৰু কিছুমান কথা কʼলে। ইয়াৰে কিছুমানৰ ওপৰত আমি আলোচনা কৰিম।
“মই সকলোকে সহন কৰিছোঁ”
চিঠিখনৰ আৰম্ভণিৰ শব্দবোৰ পঢ়িয়েই তীমথিয়ই অনুভৱ কৰিলে যে পৌলে তেওঁক কিমান প্ৰেম কৰে। পৌলে তেওঁক “প্ৰিয় পুত্ৰ” বুলি কয়। (২ তীম. ১:১) তীমথিয়ই এই চিঠিখন প্ৰায় ৬৫ খ্ৰীষ্টাব্দত পাইছিল। সেইসময়ত হয়তো তেওঁৰ বয়স ৩০ বছৰতকৈ বেছি আছিল। তেতিয়ালৈকে তেওঁ প্ৰাচীন হিচাপে সেৱা কৰাৰ বহুতো অনুভৱ লাভ কৰিছিল। কিয়নো তেওঁ ১০ বছৰতকৈ বেছি সময় পৌলৰ লগত মিলি সেৱা কৰিছিল আৰু তেওঁৰপৰা বহুতো কথা শিকিছিল।
তীমথিয়ই এই কথা জানি আনন্দিত হৈছিল যে পৌলে ধৈৰ্য্যেৰে সমস্যাবোৰ সহন কৰি আছে। পৌল ৰোমত বন্দী হৈ আছিল আৰু তেওঁৰ মৃত্যুদণ্ড হʼলহেঁতেন। (২ তীম. ১:১৫, ১৬; ৪:৬-৮) পৌলে লিখিছিল, “মই সকলোকে সহন কৰিছোঁ।” এই বাক্যৰপৰা তীমথিয়ই পৌলৰ সাহস দেখিবলৈ পালে। (২ তীম. ২:৮-১৩) পৌলে ধৈৰ্য্য ধৰাত এক ভাল উদাহৰণ ৰাখিলে। তেওঁৰপৰা তীমথিয়ই যেনেকৈ সাহস লাভ কৰিলে, আমিও লাভ কৰিব পাৰোঁ।
‘অনুগ্ৰহৰ বৰক উজ্জ্বল কৰি ৰাখক’
তীমথিয়ই ঈশ্বৰৰ সেৱাত যি দায়িত্ব লাভ কৰিছে, তাক মূল্যৱান বুলি ভাবিবলৈ পৌলে তেওঁক পৰামৰ্শ দিছিল। তীমথিয়ই “ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ” লাভ কৰিছিল, ‘তাক উজ্জ্বল কৰি’ ৰখাৰ প্ৰয়োজন আছিল। (২ তীম. ১:৬) পৌলে “বৰ” শব্দটোৰ বাবে গ্ৰীক শব্দ খাৰিস্মা ব্যৱহাৰ কৰিছিল। এই শব্দৰ অৰ্থ হৈছে, এনে এক বস্তু, যি আমি নিজে পৰিশ্ৰম কৰি আহৰণ কৰা নাই। ইয়াৰ পৰিৱৰ্তে আমাক অনুগ্ৰহ কৰি দিয়া হৈছে আৰু ইয়াৰ ওপৰত আমাৰ অধিকাৰ নাই। তীমথিয়ই সেৱা কৰাৰ এই বৰ কেতিয়া লাভ কৰিছিল? যেতিয়া তেওঁক এক বিশেষ দায়িত্বৰ বাবে বাছনি কৰা হৈছিল আৰু মণ্ডলীৰ সেৱা কৰিবলৈ দায়িত্ব দিয়া হৈছিল, তেতিয়া তেওঁ এই বৰ লাভ কৰিছিল।—১ তীম. ৪:১৪.
এই বৰক উজ্জ্বল কৰি ৰাখিবলৈ পৌলে তীমথিয়ক পৰামৰ্শ দিছিল। এই শব্দৰপৰা তীমথিয়ৰ মনলৈ আহিল যে যেতিয়া চৌকাত জুই নুমাবলৈ ধৰে, তেতিয়া লোকসকলে কি কৰে। জুই জ্বলি থাকিবলৈ তেওঁলোকে আঙঠাক বতাহ দিয়ে। ‘উজ্জ্বল কৰি ৰাখক,’ এই শব্দৰ বাবে পৌলে গ্ৰীক ক্ৰিয়াপদ আনাজʼপীৰেঅʼ ব্যৱহাৰ কৰিছিল। এখন শব্দকোষৰ অনুসৰি এই ক্ৰিয়াপদৰ অৰ্থ হৈছে, “জুইক বতাহ দিয়া” বা “নতুনকৈ উদ্যমী কৰা” অৰ্থাৎ সম্পূৰ্ণ উৎসাহেৰে কোনো কাম কৰা। আন কথাত পৌলে হয়তো তীমথিয়ক এইদৰে কৈছিল, ‘তোমাক যি দায়িত্ব দিয়া হৈছে, তাক মনে-প্ৰাণে কৰা।’ আজি আমিও যিহোৱাৰ সেৱাত যি দায়িত্ব লাভ কৰোঁ, তাক মনে-প্ৰাণে কৰা উচিত।
‘এই উত্তম দানক পহৰা দি ৰাখা’
তীমথিয়ই নিজৰ বন্ধু পৌলে দিয়া চিঠিখন পঢ়াৰ সময়ত আৰু এটা কথাৰ ওপৰত তেওঁ ধ্যান দিয়ে। পৌলে লিখিছে, “যি উত্তম দান তোমাত গতাই দিয়া হৈছে, তাক আমাত বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখা।” (২ তীম. ১:১৪) তীমথিয়ক কি উত্তম বস্তু গতাই দিয়া হৈছিল? ইয়াৰ আগত পদত পৌলে কৈছে যে তেওঁক ‘নিৰাময় বাক্য’ গতাই দিয়া হৈছিল অৰ্থাৎ শাস্ত্ৰত দিয়া সত্যতা শিকোৱা হৈছিল। (২ তীম. ১:১৩) এজন খ্ৰীষ্টান সেৱক হিচাপে মণ্ডলীৰ ভাই-ভনীসকলৰ লগতে আন লোকসকলকো সত্য শিকোৱাৰ দায়িত্ব তীমথিয়ৰ আছিল। (২ তীম. ৪:১-৫) প্ৰাচীন হিচাপে তীমথিয়ৰ আৰু এটা দায়িত্ব আছিল। তেওঁ ঈশ্বৰৰ লোকসকলক চোৱা-চিতা কৰাৰ প্ৰয়োজন আছিল। (১ পিত. ৫:২) ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু বাক্যৰ ওপৰত ভৰসা কৰাৰ যোগেদি তীমথিয়ই সত্যতাক সুৰক্ষা দিব পাৰিলেহেঁতেন।—২ তীম. ৩:১৪-১৭.
আজি আমাকো সত্যতাৰ অমূল্য ৰত্ন দিয়া হৈছে আৰু এই সত্যতা আমি লোকসকলক জনাওঁ। (মথি ২৮:১৯, ২০) যদি আমি প্ৰাৰ্থনাত লাগি থাকোঁ আৰু ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰিবলৈ ভাল অভ্যাস গঢ়ি তোলোঁ, তেনেহʼলে আমি এই সত্যতাক মূল্যৱান বুলি গণ্য কৰিম। (ৰোম. ১২:১১, ১২; ১ তীম. ৪:১৩, ১৫, ১৬) প্ৰচাৰ কামৰ উপৰিও, কিছুমান খ্ৰীষ্টানে প্ৰাচীন বা পূৰ্ণসময়ৰ সেৱক হোৱাৰ আশীৰ্বাদ লাভ কৰিছে। আমাৰ ওপৰত ভৰসা কৰি এই দায়িত্ব দিয়া হৈছে। সেইবাবে, আমি নম্ৰ হোৱা উচিত আৰু ইয়াক কৰিবলৈ যিহোৱাৰপৰা সহায় বিচৰা উচিত। আমাক দিয়া কামটো যদি আমি মূল্যৱান বুলি গণ্য কৰিম আৰু তাক পূৰ কৰিবলৈ যিহোৱাৰপৰা সহায় বিচাৰিম, তেনেহʼলে এই ৰত্নৰ সুৰক্ষা দিব পাৰিম।
‘সেই সকলোকে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা’
তীমথিয়ৰ আৰু এটা দায়িত্ব আছিল। তেওঁ কৰা কামটো আন ভাইসকলকো শিকোৱাৰ প্ৰয়োজন আছিল। সেইবাবে, পৌলে তীমথিয়ক এইদৰে পৰামৰ্শ দিয়ে, “মোৰ পৰা যি যি শুনিলা, সেই সকলোকে, অন্য লোককো শিকাবলৈ নিপুণ হোৱা এনে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা।” (২ তীম. ২:২) তীমথিয়ই পৌলৰপৰা শিকা কথাবোৰ আন ভাইসকলকো শিকোৱাৰ প্ৰয়োজন আছিল। আজিও দায়িত্বত থকা ভাইসকলে তীমথিয়ৰ দৰে আনক শিকোৱাৰ প্ৰয়োজন। যেতিয়া এজন দায়িত্বত থকা ভাইক কোনো এটা কাম আন এজন ভাইক শিকাবলৈ কোৱা হয়, তেতিয়া তেওঁ সেই কামৰ সকলো কথা ভাইজনক শিকোৱা উচিত। তেওঁ এইদৰে ভবা উচিত নহয় যে যদি তেওঁ সকলো কথা শিকায়, তেনেহʼলে ভাইজন তেওঁতকৈ আগবাঢ়ি যাব। কোনো ভাইক কাম শিকোৱাৰ সময়ত তেওঁক কিছুমান কথা শিকাই এৰি দিয়া উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁ ভাইজনক এইদৰে শিকোৱা উচিত, যাতে তেওঁ নিজৰ দায়িত্বৰ লগত জড়িত থকা কথাবোৰ ভালদৰে বুজিব পাৰে আৰু নিজে নিৰ্ণয় লʼব পাৰে। যদি দায়িত্বত থকা এজন ভায়ে আন ‘বিশ্বাসী মানুহবিলাকক’ ভালদৰে কাম শিকায়, তেনেহʼলে গোটেই মণ্ডলীয়ে লাভৱান হʼব।
পৌলে দিয়া চিঠিখন হয়তো তীমথিয়ই বাৰে বাৰে পঢ়িছিল আৰু পৌলে কোৱা কথাৰ ওপৰত ধ্যান কৰিছিল। তেওঁ এই বিষয়ে হয়তো চিন্তা কৰিছিল যে পৌলে দিয়া পৰামৰ্শ তেওঁ কেনেকৈ পালন কৰিব পাৰে, যাতে তেওঁ নিজৰ দায়িত্ব ভালদৰে কৰিব পাৰে।
আমিও এই পৰামৰ্শবোৰ আন্তৰিকতাৰে পালন কৰিব বিচাৰোঁ। আমি লাভ কৰা দায়িত্বও এক বৰ হয়। এই কামৰ বাবে আমাৰ উদ্যম জুইৰ দৰে জ্বলি থকা উচিত। আমি লাভ কৰা সত্যতাক সুৰক্ষা দিয়া উচিত। আমি লাভ কৰা অভিজ্ঞতা আৰু শিকা কথাবোৰ আনকো শিকোৱা উচিত। এইদৰে কৰাৰ যোগেদি আমি পৌলে তীমথিয়ক দিয়া এই পৰামৰ্শ পালন কৰা যেন হʼব: “তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।”—২ তীম. ৪:৫.