অধ্যয়নৰ লেখ ৪৮
তোমালোক পবিত্ৰ হোৱা
‘তোমালোকে সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হোৱা।’—১ পিত. ১:১৫.
গীত ৩৪ বিশ্বাসৰ পথত চলি থাকক
লেখৰ এক আভাস *
১. (ক) পিতৰে খ্ৰীষ্টানসকলক কি পৰামৰ্শ দিছিল? (খ) তেওঁৰ পৰামৰ্শ পালন কৰিবলৈ কিয় কঠিন লাগিব পাৰে?
আমাৰ আশা স্বৰ্গত জীয়াই থকা হওক বা পৃথিৱীত জীয়াই থকাৰ হওক, আমি সকলোৱে পাঁচনি পিতৰৰ এই পৰামৰ্শ পালন কৰিব পাৰোঁ। তেওঁ এইদৰে কৈছিল, “তোমালোকক আমন্ত্ৰন কৰা জনা যেন পবিত্ৰ, তোমালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হোৱা, কিয়নো লিখা আছে, তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।” (১ পিত. ১: ১৫, ১৬) যিহোৱা, পবিত্ৰতাৰ সকলোতকৈ ভাল উদাহৰণ হয়। এই পদবোৰৰপৰা আমি বুজিব পাৰিলোঁ যে আমিও যিহোৱাৰ নিচিনা পবিত্ৰ হʼব পাৰোঁ আৰু আমি পবিত্ৰ হʼবই লাগিব। কিন্তু কিছুমান লোকে হয়তো ভাবিব পাৰে যে আমি পাপী হোৱাৰ বাবে এইদৰে কৰাটো অসম্ভৱ। কিন্তু পিতৰৰ উদাহৰণলৈ মন কৰক, তেওঁ বহুবাৰ ভুল কৰিছিল। তথাপি তেওঁ আগলৈ গৈ নিজৰ আচাৰ-ব্যৱহাৰ পবিত্ৰ কৰিব পাৰিলে।
২. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?
২ এই লেখত আমি চাৰিটা প্ৰশ্নৰ উত্তৰ জানিম। পবিত্ৰ হৈ থকাৰ অৰ্থ কি? বাইবেলত যিহোৱাৰ পবিত্ৰতাৰ বিষয়ে কি কোৱা হৈছে? আমি নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ পবিত্ৰ কৰিব পাৰোঁ? পবিত্ৰতা আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কৰ মাজত কি সম্বন্ধ আছে?
পবিত্ৰ হৈ থকাৰ অৰ্থ কি?
৩. (ক) জগতৰ লোকসকলে কোন লোকসকলক পবিত্ৰ বুলি কয়? (খ) পবিত্ৰতাৰ বিষয়ে আমি কʼৰপৰা শিকিব পাৰোঁ?
৩ বহুতোলোকে ভাবে যে সাধু-সন্ত লোকসকলে পবিত্ৰ বা ধাৰ্মিক লোক হয়, যিসকলে বিশেষ ধৰণৰ কাপোৰ পিন্ধে আৰু কেতিয়াও নাহাঁহে। কিন্তু এইদৰে ভবাটো ভুল হয়। যদিও যিহোৱা পবিত্ৰ হয়, তথাপি বাইবেলত তেওঁক ‘পৰম-ধন্য ১ তীম. ১:১১) যিসকল লোকে তেওঁৰ উপাসনা কৰে, তেওঁলোককো “ধন্য” বুলি কোৱা হৈছে। (গীত. ১৪৪:১৫) যিসকল লোকে বিশেষ ধৰণৰ কাপোৰ পিন্ধে আৰু আনক দেখুৱাবলৈ কেৱল ভাল কাম কৰে, তেওঁলোকক যীচুৱে কপটীয়া বুলি কৈছিল। (মথি ৬:১; মাৰ্ক ১২:৩৮) কিন্তু আমাৰ চিন্তাধাৰা জগতৰ চিন্তাধাৰাতকৈ একেবাৰে বেলেগ হয়। যেতিয়া আমি বাইবেলৰপৰা যিহোৱাৰ বিষয়ে শিকিলোঁ, তেতিয়া আমি বুজিব পাৰিলোঁ যে পবিত্ৰতাৰ বিষয়ে সঠিক দৃষ্টিভংগী কি হয়। আমাৰ বিশ্বাস আছে যে যিহোৱা পবিত্ৰ হয় আৰু তেওঁ আমাক প্ৰেম কৰে। তেওঁ আমাক এনে আজ্ঞা কেতিয়াও নিদিব, যিবোৰ পালন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। সেইবাবে, যদি যিহোৱাই ‘তোমালোকে পবিত্ৰ হোৱা’ বুলি কৈছে, তেনেহʼলে আমি নিশ্চয় পবিত্ৰ হʼব পাৰিম। কিন্তু আমি নিজৰ আচাৰ-ব্যৱহাৰ পবিত্ৰ কৰিবলৈ হʼলে প্ৰথমে বুজিব লাগিব যে পবিত্ৰতাৰ অৰ্থ কি।
ঈশ্বৰ’ বা আনন্দিত ঈশ্বৰ বুলি কোৱা হৈছে। (৪. পবিত্ৰ বা পবিত্ৰতাৰ অৰ্থ কি?
৪ পবিত্ৰতাৰ অৰ্থ কি? বাইবেলত পবিত্ৰ আৰু পবিত্ৰতা শব্দৰ অৰ্থ হৈছে উপাসনাৰ ক্ষেত্ৰত আৰু নৈতিক বিষয়বোৰত শুদ্ধ হৈ থকা। এই দুয়োটা শব্দৰ আৰু এটা অৰ্থ আছে ঈশ্বৰৰ সেৱাৰ বাবে পৃথকে কৰা অৰ্থাৎ যদি আমি পবিত্ৰ হʼব বিচাৰোঁ, তেনেহʼলে আমাৰ আচাৰ-ব্যৱহাৰ শুদ্ধ হোৱা উচিত। আমি যিহোৱাই বিচৰা অনুসৰি উপাসনা কৰা উচিত আৰু তেওঁৰ লগত ঘনিষ্ঠ বন্ধুত্ব কৰা উচিত। চিন্তা কৰক, যিহোৱা কিমান পবিত্ৰ হয় আৰু আমি পাপী, তথাপিও তেওঁ আমাৰ লগত বন্ধুত্ব কৰিব বিচাৰে।
‘যিহোৱা পবিত্ৰ, পবিত্ৰ, পবিত্ৰ হয়’
৫. স্বৰ্গদূতসকলে যিহোৱাৰ বিষয়ে কি কৈছিল?
৫ যিহোৱা সকলো বিষয়তে শুদ্ধ আৰু পবিত্ৰ হয়। এয়া চিৰাফৰ কথাৰপৰা স্পষ্টকৈ জানিব পাৰি। চিৰাফ এনে স্বৰ্গদূতসকল হয়, যিসকলে যিহোৱাৰ সিংহাসনৰ একেবাৰে কাষত থাকে। তেওঁলোকে এইদৰে কৈছিল, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীবিলাকৰ যিহোৱা।” (যিচ. ৬:৩) যদি এই স্বৰ্গদূতসকলৰ যিহোৱাৰ লগত ইমান ঘনিষ্ঠ সম্পৰ্ক আছে, তেনেহʼলে তেওঁলোকো পবিত্ৰ হয়। সেইবাবে, যেতিয়া বহুবাৰ স্বৰ্গদূতসকলে পৃথিৱীত কিবা বাৰ্তা দিবলৈ আহিছিল, তেতিয়া সেই ঠাই পবিত্ৰ হৈ গৈছিল। যেতিয়া মোচিয়ে জ্বলি থকা জোপোহাৰ ওচৰত আছিল, তেতিয়া এইদৰেই হৈছিল।—যাত্ৰা. ৩:২-৫; যিহো. ৫:১৫.
৬-৭. (ক) যাত্ৰাপুস্তক ১৫:১, ১১ পদত মোচিয়ে যিহোৱা পবিত্ৰ হয় বুলি কেনেকৈ জোৰ দি কৈছিল? (খ) যিহোৱা পবিত্ৰ হয় বুলি ইস্ৰায়েলীসকলক কেনেকৈ মনত পেলাই দিয়া হৈছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)
৬ যেতিয়া ইস্ৰায়েলীসকলে চূফ সাগৰ পাৰ হৈছিল, তেতিয়া মোচিয়ে তেওঁলোকৰ ঈশ্বৰ যিহোৱা পবিত্ৰ হয়, এই কথাৰ ওপৰত জোৰ দিছিল। (যাত্ৰাপুস্তক ১৫:১, ১১ পঢ়ক।) যি মিচৰ দেশৰপৰা তেওঁলোক ওলাই আহিছিল আৰু যি কনান দেশলৈ তেওঁলোকে যাবলগীয়া আছিল, সেই দুয়োখন দেশৰ লোকসকল পবিত্ৰ নাছিল। কিয়নো তেওঁলোকে মিছা দেবী-দেৱতাক উপাসনা কৰিছিল। কনানৰ লোকসকলে উপাসনাত নিজৰ লʼৰা-ছোৱালীক বলিদান দিছিল আৰু ঘৃণনীয় যৌন কামবোৰ কৰিছিল। (লেবী. ১৮:৩, ৪, ২১-২৪; দ্বিতী. ১৮:৯-১১) কিন্তু যিহোৱা সেই দেবী-দেৱতাবিলাকৰ নিচিনা নাছিল, তেওঁ পবিত্ৰ আছিল। যিহোৱাই ইস্ৰায়েলীসকলক এনেধৰণৰ ঘৃণনীয় কাম কৰিবলৈ কেতিয়াও কোৱা নাছিল। যিহোৱা প্ৰতিটো ক্ষেত্ৰতে পবিত্ৰ হয়, এই কথাষাৰ ইস্ৰায়েলীসকলক মনত পেলাবলৈ মহাপুৰোহিতৰ পাগুৰিৰ সোণৰ পতাত এইদৰে লিখা হৈছিল, “যিহোৱাৰ উদ্দেশে পবিত্ৰ।”—যাত্ৰা. ২৮:৩৬-৩৮.
৭ যেতিয়া কোনো এজন ইস্ৰায়েলীয়ে সোণৰ এই পতা দেখিছিল, তেতিয়া তেওঁৰ মনত পৰিছিল যে যিহোৱা পবিত্ৰ হয়। কিন্তু যদি এজন ইস্ৰায়েলীয়ে মহাপুৰোহিতৰ ওচৰত যাব নোৱাৰে আৰু এই পতা চাব নোৱাৰে, তেনেহʼলে তেওঁক এই কথা কেনেকৈ মনত পেলাই দিয়া হৈছিল। যেতিয়া গোটেই মণ্ডলীক ব্যৱস্থাৰ পুস্তক পঢ়ি শুনোৱা হৈছিল, তেতিয়া যিহোৱা পবিত্ৰ হয় বুলি তেওঁলোকক মনত পেলাই দিয়া হৈছিল। (দ্বিতী. ৩১:৯-১২) আপুনিও তাত থকা হʼলে এই কথাষাৰ বাৰে বাৰে শুনিব পালেহেঁতেন, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা তোমালোক পবিত্ৰ হোৱা তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হব লাগে; কিয়নো মই যিহোৱা পবিত্ৰ।’—লেবী. ১১:৪৪, ৪৫; ২০:৭, ২৬.
৮. লেবীয়া পুস্তক ১৯:২ আৰু ১ পিতৰ ১:১৪-১৬ পদৰপৰা আমি কি শিকিব পাৰোঁ?
১ পিতৰ ১:১৪-১৬ পঢ়ক।) যদিও আজি আমি মোচিৰ নিয়মৰ অধীনত নাই, তথাপি পিতৰে কোৱা কথাষাৰৰপৰা বুজিব পাৰি যে আমি লেবীয়া পুস্তক ১৯:২ পদৰপৰা শিকিব পাৰোঁ যে যিহোৱা পবিত্ৰ হয় আৰু আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ হওক বা পৃথিৱীত আমি যিহোৱাৰ দৰে পবিত্ৰ হোৱা উচিত।—১ পিত. ১:৪; ২ পিত. ৩:১৩.
৮ এতিয়া আহক লেবীয়া পুস্তকৰ ১৯:২ পদলৈ মন কৰোঁ। ইয়াত লিখা কথাবোৰ সকলোকে পঢ়ি শুনোৱা হৈছিল। যিহোৱাই মোচিক এইদৰে কৈছিল, “তুমি ইস্ৰায়েলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক এই কথা কোৱা, তোমালোক পবিত্ৰ হব লাগে; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা যি মই, মই পবিত্ৰ।” পিতৰে হয়তো এই পদটো মনত ৰাখি খ্ৰীষ্টানসকলক পৰামৰ্শ দিছিল যে তেওঁলোকে পবিত্ৰ হোৱা উচিত। (তোমালোক সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হোৱা
৯. লেবীয়া পুস্তক ১৯ পৰা আমি কি শিকিব পাৰোঁ?
৯ আমি নিজৰ পবিত্ৰ ঈশ্বৰ যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ। সেইবাবে, আমি তেওঁৰ নিচিনা হʼব বিচাৰোঁ। কিন্তু আমি পবিত্ৰ কেনেকৈ হʼব পাৰোঁ। ইয়াৰ বিষয়ে যিহোৱাই বহুতো ভাল ভাল পৰামৰ্শ দিছে। বিশেষকৈ লেবীয়া পুস্তক ১৯ অধ্যায়ত। ইব্ৰী ভাষাৰ এজন বিদ্বান মাৰ্কছ কালিছে লিখিছে যে এই অধ্যায়টো কেৱল লেবীয়া পুস্তকৰে নহয় কিন্তু বাইবেলৰ প্ৰথম পাঁচটা কিতাপৰ আটাইতকৈ বিশেষ অধ্যায় বুলি কʼব পাৰি। মনত ৰাখক যে এই অধ্যায়ৰ আৰম্ভণিতে লিখা আছে “তোমালোক পবিত্ৰ হʼব লাগে।” এই কথা মনত ৰাখি আমি আন পদবোৰৰপৰা শিকিম যে আমি প্ৰতিদিনে কেনেকৈ পবিত্ৰ হʼব পাৰোঁ।
১০-১১. লেবীয়া পুস্তক ১৯:১০ অনুসৰি আমি কি কৰা উচিত আৰু কিয়?
১০ যিহোৱাই ইস্ৰায়েলীসকলক পবিত্ৰ হোৱা উচিত বুলি কোৱাৰ পাছত যিহোৱাই তেওঁলোকক এইদৰে কৈছিল, “তোমালোক প্ৰতিজনে নিজ নিজ মাতৃক, আৰু নিজ নিজ পিতৃক ভয় কৰিবা, . . . মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”—লেবী. ১৯: ২, ৩.
১১ আমি ঈশ্বৰৰ এই পৰামৰ্শ কিয় পালন কৰা উচিত? এবাৰ এজন ব্যক্তিয়ে যীচুক এইদৰে সুধিছিল, “মই অনন্ত জীৱন পাবলৈ কি সৎকৰ্ম্ম কৰিব লাগে।” যীচুৱে তেওঁক উত্তৰ দিয়াৰ সময়ত এয়াও কৈছিল যে নিজৰ পিতৃ-মাতৃক সন্মান কৰা। (মথি ১৯:১৬-১৯) যীচুৱে সেই ফৰীচি আৰু অধ্যাপকসকলক কপটীয়া বুলি কৈছিল, যিসকলে নিজৰ পিতৃ-মাতৃক চোৱা-চিতা কৰা নাছিল। এইদৰে তেওঁলোকে “ঈশ্বৰৰ বাক্য লোপ” কৰিছিল। (মথি ১৫:৩-৬) ‘ঈশ্বৰৰ বাক্যতো’ পিতৃ-মাতৃ সন্মান কৰিবলৈ আজ্ঞা দিয়া হৈছে। এই আজ্ঞাটো দহটা আজ্ঞাৰ ভিতৰত পঞ্চম আজ্ঞা হয় আৰু লেবীয়া পুস্তক ১৯:৩ পদতো উল্লেখ আছে। (যাত্ৰা. ২০:১২) মনত ৰাখক যে লেবীয়া পুস্তক ১৯:৩ পদৰ আগৰ পদত যিহোৱাই এইদৰে কৈছে, “তোমালোক পবিত্ৰ হব লাগে; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱা যি মই, মই পবিত্ৰ।”
১২. লেবীয়া পুস্তক ১৯:৩ পদত দিয়া পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ?
১২ আপুনি নিজকে এইদৰে সুধিব পাৰে, ‘মই নিজৰ পিতৃ-মাতৃক সন্মান কৰোঁনে?’ হয়তো আগতে আপুনি নিজৰ পিতৃ-মাতৃক বেছিকৈ সন্মান কৰা নাছিল। ইয়াক আপুনি সলনি কৰিব নোৱাৰে, কিন্তু এতিয়াৰপৰা আপুনি তেওঁলোকক সন্মান কৰিব পাৰে। আপুনি তেওঁলোকৰ লগত বেছি সময় কটাব পাৰে। যদি তেওঁলোকক কিবা বস্তুৰ প্ৰয়োজন আছে, তেনেহʼলে সেয়া আনি দিব পাৰে। যিহোৱাৰ কাষ চাপিবলৈ তেওঁলোকক সহায় কৰিব পাৰে আৰু তেওঁলোকক উৎসাহিত কৰিব পাৰে। এইদৰে কৰাৰ যোগেদি আপুনি লেবীয়া পুস্তক ১৯:৩ পদত দিয়া পৰামৰ্শ পালন কৰাৰ দৰে হʼব।
১৩. (ক) লেবীয়া পুস্তক ১৯:৩ পদত আৰু কি আজ্ঞা দিয়া হৈছে? (খ) লূক ৪:১৬-১৮ পদৰ অনুসৰি আমি যীচুৰ দৰে কি কৰা উচিত?
১৩ লেবীয়া পুস্তক ১৯:৩ পদত আৰু এটা আজ্ঞা দিয়া হৈছিল, যিটো পালন কৰিলে ইস্ৰায়েলীসকলে পবিত্ৰ হৈ থাকিব পাৰিছিল। যিহোৱাই তেওঁলোকক এইদৰে কৈছিল, তোমালোকে “মোৰ বিশ্ৰাম-দিন পালন কৰিবা।” আমি আজি মোচিৰ নিয়মৰ অধীনত নাই, সেইবাবে আমি বিশ্ৰাম দিন পালন নকৰোঁ। কিন্তু ইস্ৰায়েলীসকলে বিশ্ৰাম দিনাখন যি কৰিছিল আৰু তাৰপৰা তেওঁলোকৰ যি লাভ হৈছিল, তাৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। ইস্ৰায়েলীসকলে বিশ্ৰাম দিনাখন কোনো কাম নকৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে যিহোৱাৰ উপাসনা কৰিছিল। * যীচুৱে বিশ্ৰাম দিনাখন সভা ঘৰলৈ গৈছিল আৰু ঈশ্বৰৰ বাক্য পঢ়িছিল। (যাত্ৰা. ৩১:১২-১৫; লূক ৪:১৬-১৮ পঢ়ক।) লেবীয়া পুস্তক ১৯:৩ পদত দিয়া ঈশ্বৰৰ আজ্ঞাৰপৰা আমি শিকোঁ যে আমিও দৈনিক কামৰপৰা অলপ সময় উলিয়াই যিহোৱাৰ উপাসনা কৰা উচিত। এই ক্ষেত্ৰত আপুনি আৰু বেছিকৈ কৰিব পাৰিব বুলি ভাবেনে? যদি আপুনি প্ৰতিদিনে সময় উলিয়াই যিহোৱাৰ উপাসনা কৰে, তেনেহʼলে আপুনি যিহোৱাৰ আৰু কাষ চাপিব পাৰিব আৰু পবিত্ৰ হৈ থাকিবলৈ এইদৰে কৰাটো অতি প্ৰয়োজন।
যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক
১৪. লেবীয়া পুস্তক ১৯ অধ্যায়ত কোনটো সত্যতা বাৰে বাৰে কোৱা হৈছে?
১৪ লেবীয়া পুস্তক ১৯ অধ্যায়ত বাৰে বাৰে এটা সত্যতাৰ বিষয়ে কোৱা হৈছে, যিয়ে পবিত্ৰ হৈ থাকিবলৈ আমাক সহায় কৰিব। ৪ পদত এইদৰে লিখা আছে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা।” এই কথাষাৰ এই অধ্যায়ত ১৬ বাৰ উল্লেখ কৰা হৈছে। দহটা আজ্ঞাৰ ভিতৰত প্ৰথম আজ্ঞাটো এয়াই লিখা আছিল। “তোমাৰ ঈশ্বৰ ময়েই। মোৰ আগত তোমাৰ আন কোনো দেৱতা নেথাকক।” (যাত্ৰা. ২০:২, ৩) যদি আমি পবিত্ৰ হৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি ধ্যান দিয়া উচিত যে কোনো ব্যক্তি বা কোনো বস্তুৱে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কৰ মাজত আহিব নালাগে। আমাৰ লগত যিহোৱাৰ নাম জড়িত হৈ আছে। সেইবাবে, আমি থিৰাং কৰা উচিত যে আমি এনে কোনো কাম নকৰোঁ, যিয়ে যিহোৱাৰ পবিত্ৰ নামক অপমান কৰিব পাৰে।—লেবী. ১৯:১২; যিচ. ৫৭:১৫.
১৫. লেবীয়া পুস্তক ১৯:৫-৮, ২১, ২২ পদৰপৰা আমি কি কৰিবলৈ উৎসাহিত হওঁ?
১৫ যিহোৱাক নিজৰ ঈশ্বৰ বুলি মানিবলৈ ইস্ৰায়েলীসকলে কি কৰাৰ প্ৰয়োজন আছিল? লেবীয়া পুস্তক ১৮:৪ পদত এইদৰে উল্লেখ আছে, “তোমালোকে মোৰ শাসন-প্ৰণালী-মতে কাৰ্য্য কৰিবা, আৰু মোৰেই বিধিবোৰ পালন কৰি সেই অনুসাৰে আচৰণ কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।” কিছুমান বিধি ১৯ অধ্যায়ত উল্লেখ কৰা হৈছে। যেনে, ৫-৮, ২১ আৰু ২২ পদত জীৱ-জন্তুৰ বলিদান দিয়াৰ বিষয়ে কিছুমান বিধি উল্লেখ কৰা হৈছে। ইস্ৰায়েলীসকলে সঠিকভাৱে এই বলিদান দিয়াৰ প্ৰয়োজন আছিল, নহʼলে তেওঁলোকে ‘যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলেহেঁতেন।’ এই পদবোৰ পঢ়িলে আমি যিহোৱাক আনন্দিত কৰিবলৈ আৰু তেওঁৰ প্ৰশংসা হোৱা বলিদান আগবঢ়াবলৈ উৎসাহিত হওঁ।—ইব্ৰী ১৩:১৫.
১৬. লেবীয়া পুস্তক ১৯:১৯ পদৰপৰা আমি কি কথা শিকিব পাৰোঁ?
১৬ পবিত্ৰ হৈ থাকিবলৈ আমি হয়তো আনৰপৰা বেলেগ দেখিব লাগিব আৰু এইদৰে কৰাটো সহজ নহয়। হয়তো স্কুলৰ বন্ধু, লগত কাম কৰা লোক, পৰিয়ালৰ সম্বন্ধীয় লোক আৰু আন লোকসকলে যিহোৱাই ভাল নোপোৱা কামবোৰ কৰিবলৈ আমাক হেঁচা দিব পাৰে। এনে পৰিস্থিতিত আমি সঠিক নিৰ্ণয় কেনেকৈ লʼব পাৰোঁ? লেবীয়া পুস্তক ১৯:১৯ পদটো আমি মনত ৰাখিব পাৰোঁ যʼত লিখা আছে, “দুই প্ৰকাৰ সূতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।” এই আজ্ঞা পালন কৰাৰ বাবে ইস্ৰায়েলীসকলে আন দেশৰ লোকসকলৰপৰা বেলেগ দেখিছিল। আজি আমি মোচিৰ নিয়মৰ অধীনত নাই। সেইবাবে আমি এনেধৰণৰ কাপোৰ পিন্ধো, কিন্তু এই আজ্ঞাৰ সিদ্ধান্ত আমি নিশ্চয় পালন কৰোঁ। অৰ্থাৎ আমি সেই লোকসকলৰ দৰে নহওঁ, যিসকলৰ শিক্ষা আৰু কাম বাইবেলৰ অনুসৰি সঠিক নহয়। যদিও তেওঁলোক আমাৰ বন্ধু বা আমাৰ পৰিয়ালৰ লোকেই নহওঁ কিয় আমি তেওঁলোকৰ দৰে নহওঁ। এয়া সঁচা যে আমি নিজৰ পৰিয়ালৰ লোকসকল আৰু ওচৰ-চুবুৰীয়াক প্ৰেম কৰোঁ, কিন্তু জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ। ইয়াৰ বাবে আমি আনৰপৰা বেলেগ দেখিবলৈও সাজু আছোঁ। কিয়নো আমি ওপৰত শিকিলোঁ যে পবিত্ৰ হৈ থকাৰ এটা অৰ্থ হৈছে যিহোৱাৰ সেৱাৰ বাবে পৃথক কৰা।—২ কৰি. ৬:১৪-১৬; ১ পিত. ৪:৩, ৪.
১৭-১৮. লেবীয়া পুস্তক ১৯:২৩-২৫ পদৰপৰা আমি কি শিকিব পাৰোঁ?
১৭ “মই তোমালোকৰ ঈশ্বৰ যিহোৱা” এই কথাৰপৰা ইস্ৰায়েলীসকলে বুজি পোৱা উচিত আছিল যে তেওঁলোকে যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্ক সকলোতকৈ বেছি গুৰুত্ব দিব লাগিব। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰিলেহেঁতেন? ইয়াৰ এটা উপায়ৰ বিষয়ে লেবীয়া পুস্তক ১৯:২৩-২৫ পদৰপৰা জানিব পাৰি। (পঢ়ক।) ইস্ৰায়েলীসকলে এই কথা প্ৰতিজ্ঞা কৰা দেশত যোৱাৰ পাছত মানিবলগীয়া আছিল। যদি কোনো ইস্ৰায়েলীয়ে গছ পুলি ৰোৱে, তেনেহʼলে তেওঁ তিনি বছৰলৈকে সেই গছৰ ফল খাব নোৱাৰিছিল। চতুৰ্থ বছৰত এই গছবোৰত যি ফল ধৰিছিল, সেয়া তেওঁ পবিত্ৰ স্থানত দিবলগীয়া আছিল। পঞ্চম বছৰতহে তেওঁ সেই গছৰ ফল খাব পাৰিছিল। এই আজ্ঞাৰপৰা ইস্ৰায়েলীসকলে বুজি পোৱা উচিত আছিল যে তেওঁলোকে নিজৰ প্ৰয়োজনীয়তাৰ পৰিৱৰ্তে যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিব লাগিব। যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি তেওঁলোকে ভৰসা কৰাৰ প্ৰয়োজন আছিল। তেওঁলোকে হৃদয় খুলি পবিত্ৰ স্থানৰ বাবে দান দিবলৈ যিহোৱাই তেওঁলোকক উৎসাহিত কৰিছিল।
লেবীয়া পুস্তক ১৯:২৩-২৫ পদত দিয়া আজ্ঞাৰপৰা আমাক যীচুৱে দিয়া পৰ্ব্বতীয়া উপদেশটো মনলৈ আহে। এই উপদেশ দিয়াৰ সময়ত যীচুৱে এইদৰে কৈছিল, “কি ভোজন কৰিম, বা কি পান কৰিম? এই বুলি . . . চিন্তা নকৰিবা . . . এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন আছে, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।” (মথি ৬:২৫, ২৬, ৩২) যদি ঈশ্বৰে চৰাইবোৰক খাবলৈ আহাৰ দিব পাৰে, তেনেহʼলে তেওঁ আমাৰো যত্ন লʼব পাৰিব। সেইবাবে, যিহোৱাই আমাৰ খোৱা-বোৱাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব বুলি আমি তেওঁৰ ওপৰত ভৰসা কৰা উচিত। সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক আমি “দান” দিয়া উচিত, কিন্তু আনক দেখুৱাই নহয়। আমি মণ্ডলীৰ খৰচ-পাতিৰ বাবেও দান দিয়া উচিত। যিহোৱাই আমাৰ এই উদাৰতাৰ ওপৰত ধ্যান দিব আৰু আশীৰ্বাদ দিব। (মথি ৬:২-৪) যদি আমি উদাৰশীল হওঁ, তেনেহʼলে লেবীয়া পুস্তক ১৯:২৩-২৫ পদত দিয়া শিক্ষা আমি পালন কৰা নিচিনা হʼব।
১৮১৯. এই লেখত লেবীয়া পুস্তক ১৯ অধ্যায়ৰ যিবোৰ পদৰ ওপৰত আলোচনা কৰা হʼল, তাৰপৰা আপুনি কি শিকিলে?
১৯ এই লেখত আমি লেবীয়া পুস্তক ১৯ অধ্যায়ৰ কিছুমান পদৰপৰা শিকিলোঁ যে আমি নিজৰ পবিত্ৰ ঈশ্বৰৰ দৰে কেনেকৈ হʼব পাৰোঁ। যদি আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি নিজৰ সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হৈ থাকিব পাৰিম। (১ পিত. ১:১৫) বহুতোলোকে যিহোৱাৰ সেৱকৰ ভাল আচাৰ-ব্যৱহাৰৰ ওপৰত ধ্যান দিছিল আৰু কিছুমানে যিহোৱাৰ মহিমাও কৰিছিল। (১ পিত. ২:১২) লেবীয়া পুস্তক ১৯ অধ্যায়ৰপৰা আমি আৰু বহুতো কথা শিকিব পাৰোঁ। পৰৱৰ্তী লেখত আমি এই অধ্যায়ৰ আৰু কিছুমান পদ আলোচনা কৰিম আৰু তাৰপৰা শিকিম যে আমি জীৱনৰ আন বিষয়বোৰত কেনেকৈ পবিত্ৰ হৈ থাকিব পাৰিম।
গীত ৮০ ‘যিহোৱা যে মঙ্গলময়, তাক আস্বাদন কৰি চোৱা’
^ অনু. 5 আমি যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ। ইয়াৰ বাবে আমি তেওঁৰ নিচিনা হʼব লাগিব, কিয়নো তেওঁ পবিত্ৰ হয়। কিন্তু পাপী মানুহে পবিত্ৰ হʼব পাৰিবনে? নিশ্চয় পাৰিব। পাঁচনি পৌলে খ্ৰীষ্টানসকলক যি পৰামৰ্শ দিছিল আৰু প্ৰাচীন সময়ত যিহোৱাই যি নিয়ম দিছিল, তাৰ ওপৰত ধ্যান দিলে আমি শিকিম যে আমি নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ পবিত্ৰ কৰিব পাৰিম।
^ অনু. 13 বিশ্ৰাম দিন আৰু তাৰপৰা পোৱা শিক্ষাৰ বিষয়ে জানিবলৈ ডিচেম্বৰ, ২০১৯ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “কাম আৰু আৰাম কৰাৰ ‘এক সময়’ আছে” নামৰ লেখ পঢ়ক।