জীৱন কাহিনী
মোৰ যি কৰ্তব্য, তাকেহে কৰিলোঁ
ভাই ডনাল্ড ৰিডলী এজন উকীল আছিল। তেওঁ ৩০ তকৈ বেছি বছৰ যিহোৱাৰ সাক্ষীসকলৰ পক্ষে উকালতি কৰিলে। তেওঁ ডাক্তৰ আৰু উকীলসকলক বুজিবলৈ সহায় কৰিছিল যে প্ৰতিজন ব্যক্তিয়ে তেজ নোলোৱাকৈ চিকিৎসা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁ আমেৰিকাৰ বহুতো উচ্চতম ন্যায়ালয়ত আমাৰ সংগঠনক বহুতো মোকৰ্দ্দমাত জয়লাভ কৰিবলৈ সহায় কৰিছিল। ভাই ডনাল্ড ৰিডলীক তেওঁৰ বন্ধুসকলে ডন বুলি মাতিছিল। তেওঁ পৰিশ্ৰমী আৰু নম্ৰ স্বভাৱৰ ব্যক্তি আছিল আৰু সংগঠনৰ বাবে তেওঁ বহুতো ত্যাগ কৰিছিল।
২০১৯ চনত তেওঁ গম পালে যে তেওঁৰ এক ডাঙৰ ৰোগ হৈছে, যাৰ কোনো চিকিৎসা নাই। সেই ৰোগ তেওঁৰ শৰীৰত তীব্ৰ বেগেৰে বিয়পি পৰিল আৰু ২০১৯ চনৰ ১৬ আগষ্টত তেওঁৰ মৃত্যু হʼল। এয়া হৈছে ভাই ডনৰ কাহিনী।
মোৰ জন্ম ১৯৫৪ চনত হৈছিল। মই আমেৰিকাৰ মিনেছʼটা ৰাজ্যৰ চেণ্ট পৌল নামৰ ঠাইত জন্ম হৈছিলোঁ। মোৰ পৰিয়াল ৰোমান কেথʼলিক আছিল। আমি ইমান ধনী নাছিলোঁ, কিন্তু আমাৰ পৰিয়ালত কোনো বস্তুৰ অভাৱো হোৱা নাছিল। মোৰ এজন ডাঙৰ দাদা আৰু মোতকৈ তিনিজন সৰু ভাই-ভনী আছিল। মই এখন কেথʼলিক স্কুলত পঢ়িছিলোঁ। মই গীৰ্জা ঘৰত এল্টাৰ বয় আছিলোঁ আৰু পাদুৰীক সহায় কৰিছিলোঁ। কিন্তু মই বাইবেলৰ বিষয়ে অধিক জনা নাছিলোঁ। এজন ঈশ্বৰ আছে আৰু তেওঁ সকলো সৃষ্টি কৰিছে বুলি মই বিশ্বাস কৰিছিলোঁ। কিন্তু গীৰ্জাৰ ওপৰত মোৰ একেবাৰে বিশ্বাস নাছিল।
মই সত্য জানিলোঁ
মই উকালতি পঢ়াৰ বাবে ‘বিলিয়াম মিখেল কলেজ অফ ল’ নামৰ কলেজলৈ গৈছিলোঁ। কলেজৰ প্ৰথম বছৰ পঢ়ি থকাৰ সময়ত দুজন যিহোৱাৰ সাক্ষী মোৰ ঘৰলৈ আহিছিল। সেইদিনা মই মোৰ কাপোৰ ধোৱাত ব্যস্ত থকাৰ বাবে তেওঁলোকক আন এদিনা আহিবলৈ কʼলোঁ। তেওঁলোক সন্মত হৈছিল। যেতিয়া তেওঁলোকে মোক লগ কৰিবলৈ আহিছিল, তেতিয়া মই তেওঁলোকক দুটা প্ৰশ্ন সুধিলোঁ। প্ৰথমটো আছিল, “ভাল মানুহে কিয় ইমান দুখ-কষ্ট ভুগিবলগীয়া হয় আৰু বেয়া মানুহে কিয় আনন্দত থাকে?” আনটো আছিল, “আমি কেনেকৈ আনন্দত থাকিব পাৰোঁ?” তেওঁলোকে মোক সত্য যি অনন্ত জীৱনলৈ লৈ যায় (হিন্দী) নামৰ কিতাপখন
আৰু দ্যা নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অব দ্য হলি স্ক্ৰিপশ্বাৰচ্ বাইবেলখন দিয়ে, যি সেউজীয়া ৰঙৰ এক সুন্দৰ বাইবেল আছিল। মই তেওঁলোকৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ সন্মত হʼলোঁ। বাইবেলৰ শিক্ষাই মোৰ চকু মুকলি কৰে। মই এই বিষয়ে জানি আনন্দিত হʼলো যে ঈশ্বৰৰ ৰাজ্য এখন চৰকাৰ হয়, যাৰ যোগেদি লোকসকলৰ সকলো দুখ-কষ্ট দূৰ কৰিব। মই ভাবিলোঁ, ‘কথাটো সত্য, কিয়নো মানৱীয় চৰকাৰে সম্পূৰ্ণৰূপে বিফল হৈছে আৰু তেওঁলোকে মানুহক দুখ-কষ্টৰ বাহিৰে আৰু কি দিছে।’১৯৮২ চনৰ আৰম্ভণিত মই নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলোঁ। সেই বছৰতে চেণ্ট পৌল চিবিক চেণ্টাৰত “ৰাজ্যৰ সত্যতা” অধিৱেশন হৈছিল। মই তাত বাপ্তিষ্মা লৈছিলোঁ। তাৰ পৰৱৰ্তী সপ্তাহত মই পুনৰ চিবিক চেণ্টাৰলৈ গ’লোঁ। তাত মই উকালতিৰ পৰীক্ষা দিলোঁ। অক্টোবৰৰ আৰম্ভণিত মই জানিব পাৰিলোঁ যে মই উত্তীৰ্ণ হৈছোঁ অৰ্থাৎ এতিয়া মই উকালতি কৰিব পাৰিলোঁহেঁতেন।
“ৰাজ্যৰ সত্যতা” অধিৱেশনত মই মাইক ৰিচাৰ্ডচনক লগ পাইছিলোঁ। ভাইজনে ব্ৰুকলিন বেথেলত সেৱা কৰিছিল আৰু তেওঁ মোক কৈছিল যে এতিয়া আমাৰ মুখ্য কাৰ্য্যালয়ত আইন বিভাগৰ আৰম্ভ কৰা হৈছে। ইয়াৰপৰা মোক কূচ-দেশৰ নপুংসকৰ সেই কথা মনত পৰিল, যি পাঁচনিৰ কৰ্ম্ম ৮:৩৬ পদত উল্লেখ আছিল। ময়ো তেওঁৰ দৰে ভাবিবলৈ ধৰিলোঁ, ‘এতিয়া মোক আইন বিভাগত কাম কৰাৰ বাবে ফৰ্ম পূৰ কৰিবলৈ কি কথাই বাধা দিব পাৰে?’ সেইবাবে, মই বেথেল সেৱাৰ বাবে ফৰ্ম পূৰ কৰিলোঁ।
মই যিহোৱাৰ সাক্ষী হোৱাৰ বাবে মা-দেউতাই আনন্দিত হোৱা নাছিল। দেউতাই এইদৰে কৈছিল, ‘নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা। বেথেলত কাম কৰি তুমি কিমান টকা গোটাব পাৰিবা?’ মই তেওঁক কʼলোঁ যে মই তাত স্বেচ্ছাসেৱক হিচাপে কাম কৰিম আৰু মোৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ প্ৰতি মাহে কিছু পৰিমাণে টকা দিয়া হʼব, যিদৰে বেথেলত সেৱা কৰা ভাই-ভনীসকলে লাভ কৰে।
মই বেলেগ ঠাইত চাকৰি কৰাৰ বাবে বেথেললৈ লগে লগে যাব নোৱাৰিলোঁ। কিছু সময়ৰ পাছত অৰ্থাৎ ১৯৮৪ চনত মই ব্ৰুকলিন বেথেলত সেৱা কৰিবলৈ আৰম্ভ কৰোঁ। মোক আইন বিভাগত কাম কৰিবলৈ দিয়া হৈছিল। সেইসময়ত মই নাজানিছিলোঁ যে ন্যায়ালয়ত কাম কৰাৰ সৰু-সুৰা অভিজ্ঞতাই ভৱিষ্যতে কিমান কামত আহিব।
ষ্টেনলী থিয়েটাৰৰ তদাৰক
১৯৮৩ চনত সংগঠনে ষ্টেনলী থিয়েটাৰ কিনে। এই থিয়েটাৰ নিউ জাৰ্চী ৰাজ্যৰ জাৰ্চী চহৰত আছিল। ভাইসকলে তাত ইলেকট্ৰিকৰ কাম আৰু পাইপ বহোৱাৰ কাম কৰিবলৈ ফৰ্ম পূৰ কৰে। ভাইসকলে অধিকাৰীসকলক লগ কৰি কʼলে যে আমি ষ্টেনলী থিয়েটাৰক যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনৰ গৃহ বনাব বিচাৰিছোঁ। কিন্তু এটা সমস্যা উদ্ভৱ হʼল। এই চহৰৰ আইনৰ অনুসৰি উপাসনাৰ গৃহ কেৱল লোকসকলে থকা ঠাইতহে হোৱা উচিত। কিন্তু ষ্টেনলী থিয়েটাৰ ব্যৱসায়ী এলেকাত আছিল। সেইবাবে, এই চহৰৰ অধিকাৰীসকলে আমাক তদাৰক কৰিবলৈ অনুমতি
নিদিলে। ভাইসকলে অধিকাৰীসকলক আপীল কৰে, কিন্তু তেওঁলোকৰ আপীল গ্ৰহণ কৰা নহʼল।বেথেলত সেৱা কৰা মোৰ এসপ্তাহৰ পাছতে সংগঠনে এই বিষয়টো সমাধান কৰিবলৈ সংযুক্ত জিলা ন্যায়ালয়ত গোচৰ দিয়ে। মই দুবছৰ মিনেছʼটাৰ চেণ্ট পৌল সংযুক্ত জিলা ন্যায়ালয়ত কাম কৰিছিলোঁ। সেইবাবে, এনেধৰণৰ মোকৰ্দ্দমা কেনেকৈ কৰা হয় মই জানিছিলোঁ। আমাৰ এজন উকীলে এইদৰে কৈছিল, “ষ্টেনলী থিয়েটাৰত ইয়াৰ আগতেও জনসাধাৰণৰ বাবে বহুতো কাৰ্য্যক্ৰম ৰখা হৈছিল। যেনে, চিনেমা দেখুৱা হৈছিল আৰু সংগীতৰ কাৰ্য্যক্ৰমো হৈছিল। তেনেহʼলে এই ধাৰ্মিক কাৰ্য্যক্ৰম কিয় ৰাখিব পৰা নাযাব?” সংযুক্ত জিলা ন্যায়লয়ে এই বিষয়ে ধ্যান দিলে আৰু আমাৰ পক্ষে নিৰ্ণয় লʼলে। ন্যায়লয়ে কʼলে যে যিহোৱাৰ সাক্ষীসকলে নিজৰ ধৰ্ম পালন কৰাৰ স্বাধীনতা আছে আৰু জাৰ্চী চহৰে তেওঁলোকক বাধা দিব নোৱাৰে। ন্যায়লয়ে জাৰ্চী চহৰক আদেশ দিলে যে তেওঁলোকে আমাক তদাৰক কৰিবলৈ অনুমতি দিয়ে। মই প্ৰথমবাৰ দেখিবলৈ পালোঁ যে যিহোৱাই সংগঠনৰ আইন বিভাগৰ যোগেদি ৰাজ্যৰ কাম কেনেকৈ আগবঢ়াইছে। মই আনন্দিত যে মই ইয়াত এটা সৰু ভূমিকা পালন কৰিব পাৰিলোঁ।
ভাইসকলে বহুলভাৱে তদাৰকৰ কাম আৰম্ভ কৰিলে। এবছৰৰ ভিতৰতে তদাৰকৰ কাম সম্পূৰ্ণ হয় আৰু ১৯৮৫ চনৰ ৮ চেপ্টেম্বৰত জাৰ্চী চহৰৰ আমাৰ নতুন সন্মিলন গৃহত ৭৯ তম ক্লাচৰ গ্ৰেজুৱেশ্ব্যনৰ বাবে কাৰ্য্যক্ৰম ৰখা হয়। আইন বিভাগত ভাই-ভনীসকলৰ লগত মিলি যিহোৱাৰ সেৱা কৰাটো মোৰ বাবে এটা সন্মানৰ বিষয় আছিল। বেথেললৈ অহাৰ আগতেও মই উকালতি কৰিছিলোঁ। কিন্তু যি আনন্দ মই ইয়াত লাভ কৰিলোঁ, ইয়াৰ আগতে মই কেতিয়াও পোৱা নাছিলোঁ। মই সেইসময়ত অলপো ভবা নাছিলোঁ যে যিহোৱাই মোক নিজৰ সংগঠনৰ বহুতো মোকৰ্দ্দমাৰ বাবে সুযোগ দিব।
তেজ নোলোৱাকৈ চিকিৎসা কৰাৰ যুঁজ
১৯৮০ দশকত যিহোৱাৰ সাক্ষীসকলে ইচ্ছা কৰিলেও তেওঁলোকে তেজ নোলোৱাকৈ চিকিৎসা কৰিব নোৱাৰিছিল। বহুতো চিকিৎসালয় আৰু ডাক্টৰে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে তেজ দিছিল। গৰ্ভৱতী ভনীসকলৰ বেছিকৈ সমস্যা হৈছিল। বিচাৰকসকলে ভাবিছিল যে ভনীসকলে তেজ লʼবলৈ অস্বীকাৰ কৰাটো তেওঁলোকৰ কোনো অধিকাৰ নাছিল। তেওঁলোকে এইদৰে বিশ্বাস কৰাৰ কাৰণ হৈছে, যদি তেজ নোলোৱাৰ বাবে মাকৰ মৃত্যু হয়, তেনেহʼলে সন্তানক কোনে ডাঙৰ-দীঘল কৰিব।
১৯৮৮ চনৰ ২৯ ডিচেম্বৰত ভনী ডেনীচ নিকেলʼৰ জীৱন বিপদত আছিল। তাই এইমাত্ৰ নিজৰ সন্তানক জন্ম দিছিল আৰু বহুতো তেজ বৈ গৈছিল। তাইৰ হিমগ্লʼবিন একেবাৰে কম আছিল (৫ তকৈ কম)। সেইবাবে, ডাক্টৰে তাইক তেজ লʼবলৈ কৈছিল। কিন্তু ভনী নিকেলʼয়ে অস্বীকাৰ কৰি দিয়ে। পাছদিনাখন ৰাতিপুৱা চিকিৎসালয়ে এজন বিচাৰকৰপৰা ভনীগৰাকীক তেজ দিবলৈ অনুমতি বিচাৰে। বিচাৰকজনে তেওঁলোকক অনুমতি দিয়ে। এই বিষয়ে ভনী নিকেলʼ আৰু তাইৰ স্বামীক একো জনোৱা নহʼল।
ভনীগৰাকীৰ স্বামী আৰু পৰিয়ালৰ লোকসকলে মানা কৰাৰ সত্ত্বেও ৩০ ডিচেম্বৰ শুক্ৰবাৰে চিকিৎসালয়ে ভনী নিকেলʼক তেজ দিছিল। সেই দিনা গধূলি ভনীগৰাকীৰ পৰিয়ালৰ কিছুমান লোকক আৰু এজন বা দুজন প্ৰাচীনক
গ্ৰেপ্তাৰ কৰা হৈছিল। কিয়নো তেওঁলোকে ভনীগৰাকীৰ চাৰিওফালে থিয় হৈ আছিল, যাতে তেওঁলোকে তেজ দিব নোৱাৰে। পাছদিনাখন ৰাতিপুৱা অৰ্থাৎ ৩১ ডিচেম্বৰ শনিবাৰে এই খবৰ নিউয়ৰ্ক চহৰৰ আৰু তাৰ আশে-পাশে থকা চহৰবোৰত বিয়পি পৰিল।সোমবাৰ ৰাতিপুৱা মই উচ্চ ন্যায়ালয়ৰ এজন বিচাৰক মিল্টন মʼলেনৰ লগত কথা পাতিলোঁ। মই তেওঁক এই বিষয়ে জনালোঁ আৰু কʼলোঁ যে সেই বিচাৰকজনে একো নজনোৱাকৈ তেজ দিবলৈ অনুমতি দিছিল। বিচাৰক মʼলেনে কʼলে, গধূলি মোৰ অফিচত আহিবা। এই বিষয়ে আমি মুকলিভাৱে কথা পাতিম আৰু চাম যে এই বিষয়ত কোনটো আইন প্ৰয়োগ হয়। মোৰ লগত আইন বিভাগৰ অধ্যক্ষ ফিলিপ ব্ৰমলীয়ো বিচাৰক মʼলেনক লগ কৰিবলৈ গৈছিল। বিচাৰকজনে চিকিৎসালয়ৰ উকীলজনকো মাতে। কথা পাতি থকাৰ সময়তে আমাৰ মাজত কাজিয়া আৰম্ভ হয়। কাজিয়া ইমানেই বেছি হৈ গʼল যে ভাই ফিলিপে মোক লিখি দিয়ে, “অলপ শান্ত হোৱা।” তেওঁ ভাল পৰামৰ্শ দিলে, কিয়নো চিকিৎসালয়ৰ উকীলক ভুল বুলি বিবেচিত কৰিবলৈ মই বৰ ক্ৰোধিত হৈ পৰিছিলোঁ।
প্ৰায় এঘণ্টাৰ পাছত বিচাৰক মʼলেনে এইদৰে কৈছিল যে কালি ৰাতিপুৱা ন্যায়ালয়ত সৰ্বপ্ৰথমে এই মোকৰ্দ্দমাৰ নিৰ্ণয়টো জনোৱা হʼব। অফিচৰপৰা যোৱাৰ সময়ত তেওঁ এইদৰে কৈছিল, “কালি চিকিৎসালয়ৰ উকীলক নিজৰ কথা প্ৰমাণ কৰিবলৈ বৰ কঠিন হʼব।” মোক এনে লাগিছিল যেন যিহোৱাই মোক আশ্বাস দিছে যে আমি এই মোকৰ্দ্দমা জয় কৰিব পাৰিম। মই এয়া দেখি আচৰিত হʼলোঁ যে যিহোৱাই কেনেকৈ সাধাৰণ মানুহক ব্যৱহাৰ কৰি নিজৰ ইচ্ছা পূৰ কৰি আছে।
আমি বহু ৰাতিলৈকে কাম কৰিলোঁ আৰু ভাবি থাকিলোঁ যে কালি আমি তেওঁক কি প্ৰমাণ দিম। ন্যায়ালয় ব্ৰুকলিন বেথেলৰ ওচৰত আছিল, সেইবাবে আইন বিভাগৰ ভাই-ভনীসকলে খোজকাঢ়ি তালৈ গৈছিল। চাৰিজন বিচাৰকৰ ওচৰত এই বিষয়টো আলোচনা কৰা হয়। তাৰ পাছত তেওঁলোকে কʼলে যে তেজ দিয়াটো উচিত নাছিল। ন্যায়লয়ে ভনী নিকেলʼৰ পক্ষে নিৰ্ণয় লয়। তেওঁলোকে এয়াও কʼলে যে ৰোগীৰ অনুমতি অবিহনে তেজ দিব নোৱাৰি। এইদৰে কৰিলে তেওঁৰ মৌলিক অধিকাৰক উলংঘন কৰা হʼব।
ইয়াৰ কিছু সময়ৰ পাছত নিউয়ৰ্কৰ আটাইতকৈ ডাঙৰ ন্যায়ালয়তো এই নিৰ্ণয় লৈছিল যে ভনী নিকেলʼক তেজ নোলোৱাকৈ চিকিৎসা কৰাৰ অধিকাৰ আছে। ইয়াৰ পাছত মই আমেৰিকাৰ আন আন ৰাজ্যবোৰতো তেজৰ লগত জড়িত তিনিটা মোকৰ্দ্দমা যুঁজ কৰিবলৈ সন্মান লাভ কৰিলোঁ। (“ আন আন ৰাজ্যৰ উচ্চতম ন্যায়ালয়ত পোৱা জয়লাভ” নামৰ বক্স পঢ়ক।) মই বেথেলৰ আন আন উকীলৰ লগত মিলি বহুতো মোকৰ্দ্দমা যুঁজ কৰিলোঁ। যেনে, বিবাহ-বিচ্ছেদ, লʼৰা-ছোৱালীক প্ৰতিপালন কৰা দায়িত্ব আৰু মাটি-বাৰীৰ মোকৰ্দ্দমা।
বিবাহ আৰু পাৰিবাৰিক জীৱন
যেতিয়া মই ডেনীচক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, তেতিয়া তাইৰ বিবাহ-বিচ্ছেদ হৈছিল আৰু তাই তিনিজন সন্তানৰ প্ৰতিপালন কৰিছিল। তাই চাকৰি কৰাৰ লগতে অগ্ৰগামী সেৱাও কৰিছিল। তাই বহুতো সমস্যাৰ সন্মুখীন হৈছিল, তথাপিও তাই যিহোৱাৰ সেৱা কৰিছিল। এই কথাই মোৰ হৃদয় স্পৰ্শ কৰিলে। ১৯৯২ চনত নিউয়ৰ্ক চহৰত “পোহৰৰ বাহক” নামৰ অধিৱেশন হৈছিল। তাত মই ডেনীচক সুধিছিলোঁ আমি এজনে-আনজনক আৰু ভালকৈ জানিব পাৰোঁনে। ইয়াৰ এবছৰৰ পাছত আমি বিয়া কৰোঁ। ডেনীচ যিহোৱাৰ ফালৰপৰা এটা উপহাৰ। তাই যিহোৱাক প্ৰেম কৰে আৰু হাঁহি-ধেমালি কৰা লোক হয়। ডেনীচ আৰু মই একেলগে ভাল সময় অতিবাহিত কৰিছোঁ। তাই সদায় মোক সহায় কৰে।—হিতো. ৩১:১২.
আমাৰ বিয়াৰ সময়ত ডেনীচৰ সন্তানৰ বয়স ক্ৰমে ১১, ১৩ আৰু ১৬ বছৰ আছিল। মই এজন ভাল পিতৃ হʼব বিচাৰিছিলোঁ। সেইবাবে, আমাৰ প্ৰকাশনত সতীয়া পিতৃ-মাতৃৰ বাবে যি নিৰ্দেশনা দিয়া হৈছে, সেইবোৰ মই মনোযোগেৰে পঢ়িলোঁ আৰু সেইবোৰ পালন কৰিবলৈ চেষ্টা কৰিলোঁ। এজন ভাল পিতৃ হʼবলৈ মই সমস্যাৰ সন্মুখীন হৈছিলোঁ, কিন্তু দিন অতিবাহিত হোৱাৰ লগে লগে সন্তানসকলে মোক প্ৰেম কৰিবলৈ ধৰিলে আৰু মই তেওঁলোকৰ এজন ভাল বন্ধু হʼব পাৰিলোঁ। যেতিয়া সন্তানসকলে নিজৰ বন্ধুক ঘৰলৈ আনিছিল, তেতিয়া আমাকো ভাল লাগিছিল। ইয়ে ঘৰখনক আনন্দপূৰ্ণ কৰি তুলিছিল আৰু আমিও তেওঁলোকৰ লগত আনন্দ কৰিছিলোঁ।
২০১৩ চনত ডেনীচ আৰু মই নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ চোৱা-চিতা কৰিবলৈ বিছকাঞ্চন ৰাজ্যলৈ আহিলোঁ। কিন্তু মই এই বিষয়ে জানি আচৰিত হৈছিলোঁ যে মই এতিয়াও বেথেল সেৱা কৰি থাকিব পাৰিম। এজন স্বেচ্ছাসেৱক হিচাপে আইন বিভাগক সেৱা কৰিবলৈ মোক কোৱা হৈছিল।
হঠাতে পৰিস্থিতি সলনি হয়
২০১৮ চনৰ ছেপ্তেম্বৰ মাহৰপৰা মই জানিব পাৰিলোঁ যে মোৰ ডিঙিত কʼফ জমা হʼবলৈ ধৰিছে আৰু কথা কোৱাৰ আগতে মই ডিঙি পৰিষ্কাৰ কৰোঁ। মই এজন চিকিৎসকক দেখুৱালোঁ, কিন্তু মোৰ এইদৰে কিয় হৈছে, তেওঁ কʼব নোৱাৰিলে। আন এজন চিকিৎসকে মোক স্নায়ুতত্ব বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ কৈছিল। ২০১৯ চনত চিকিৎসকে কয় যে মোৰ প্ৰʼগ্ৰেচিভ চুপৰানুক্লীয়ৰ পাল্চী (পিএচপি) নামৰ এনে এক বেমাৰ আছিল, যি অতি কম লোকৰ হয়।
তিনিদিনৰ পাছত যেতিয়া মই বৰফত স্কেটিং কৰি আছিলোঁ, তেতিয়া মই পৰি গৈছিলোঁ আৰু মোৰ সোঁ হাতখন ভাঙি গৈছিল। মই বহুবছৰ ধৰি স্কেটিং কৰিছিলোঁ আৰু মই স্কেটিং কৰাত পাৰ্গত আছিলোঁ। এই ঘটনাৰপৰা মই বুজিব পাৰিলোঁ যে মই সন্তুলন বজাই ৰখাটো কঠিন হৈ পৰিছে। এই ৰোগ তীব্ৰভাৱে মোৰ শৰীৰত বিয়পিবলৈ ধৰিলে। মই ভালদৰে কʼব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ আৰু খোৱা-বোৱাও কৰিব নোৱাৰিছিলোঁ।
মই আনন্দিত যে মই এজন উকীল হিচাপে যিহোৱাৰ সংগঠনত কাম কৰিব পাৰিলোঁ আৰু ৰাজ্যৰ কামক বঢ়াবলৈ এটা সৰু ভূমিকা পালন কৰিব পাৰিলোঁ। মই এনে প্ৰকাশনত লেখ লিখিবলৈ সুযোগ পালোঁ, যিবোৰ চিকিৎসক, উকীল আৰু বিচাৰকসকলে পঢ়ে। গোটেই পৃথিৱীত ৰখা বহুতো চেমিনাৰত ভাষণ দিবলৈ মই সুযোগ পালোঁ। ইয়াত মই বুজাব পাৰিলোঁ যে যিহোৱাৰ সাক্ষীসকলে কিয় তেজ নোলোৱাকৈ চিকিৎসা কৰে। এতিয়াও মই বাইবেলৰ লেখক লূকৰ দৰে কম। তেওঁ এইদৰে কৈছে, “আমি অনুপযোগী দাস, আমাৰ যি কৰ্ত্তব্য, তাকেহে কৰিলোঁ।”—লূক ১৭:১০.