পাঠকসকলৰ প্ৰশ্ন
যদি এজন খ্ৰীষ্টানে বাইবেল সিদ্ধান্তৰ বিৰুদ্ধে গৈ নিজৰ পত্নীৰ লগত বিবাহ-বিচ্ছেদ কৰে আৰু দ্বিতীয় বিবাহ কৰে, তেনেহʼলে তেওঁৰ প্ৰথম বিবাহ আৰু দ্বিতীয় বিবাহক মণ্ডলীত কেনে দৃষ্টিৰে চোৱা হʼব?
মণ্ডলীৰ দৃষ্টিত তেওঁৰ প্ৰথম বিয়াৰ বন্ধন শেষ হৈ যাব আৰু তেওঁৰ দ্বিতীয় বিবাহৰ বন্ধনক আইন মতে সঠিক বুলি কোৱা হʼব। এইদৰে কিয় কʼব পাৰি? ইয়াৰ উত্তৰ জানিবলৈ আহক চাওঁ যে যীচুৱে বিবাহ-বিচ্ছেদ আৰু দ্বিতীয় বিবাহৰ বিষয়ে কি কৈছিল।
মথি ১৯:৯ পদত যীচুৱে কৈছিল বিবাহ-বিচ্ছেদ কৰাৰ কেৱল এটাই আধাৰ আছে। তেওঁ এইদৰে কৈছে, “যি কোনোৱে ব্যভিচাৰত বাজে, আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে।” ইয়াৰ পৰা দুটা কথা জানিব পাৰি, (১) বাইবেলৰ অনুসৰি যেতিয়া স্বামী বা পত্নীৰ মাজৰ কোনো এজনে অনৈতিক যৌন সম্পৰ্ক ৰাখে, তেতিয়াহে বিবাহ-বিচ্ছেদ কৰিব পাৰি। (২) যদি কোনোবাই আন কাৰণৰ বাবে বিবাহ-বিচ্ছেদ কৰে আৰু দ্বিতীয় বিবাহ কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ কৰাৰ দোষী হʼব। *
গতিকে যীচুৱে কোৱা কথা এইটো নেকি যে যদি এজন পুৰুষে অনৈতিক যৌন সম্পৰ্ক ৰাখে আৰু নিজৰ পত্নীৰ লগত বিবাহ-বিচ্ছেদ কৰে, তেনেহʼলে শাস্ত্ৰৰ অনুসৰি তেওঁ দ্বিতীয় বিবাহ কৰিবলৈ স্বাধীনতা পাইছে? এনে নহয়। যেতিয়া স্বামীয়ে ব্যভিচাৰ কৰে, তেতিয়া ইয়াৰ নিৰ্ণয় নিৰ্দোষী পত্নীয়ে লʼব যে তেওঁ নিজৰ স্বামীক ক্ষমা কৰিব নে এৰি দিব। যদি তেওঁ স্বামীক এৰি দিয়ে আৰু আইনৰ মতে তেওঁলোকৰ বিবাহ-বিচ্ছেদৰ কাৰ্য্য সম্পূৰ্ণ হৈ যায়, কেৱল তেতিয়াহে দুয়োজনে দ্বিতীয় বিবাহ কৰিব পাৰে।
আনহাতে, ধৰি লওক পত্নীয়ে বিবাহ-বিচ্ছেদ কৰিব নিবিচাৰে আৰু স্বামীক ক্ষমা কৰিবলৈ সাজু আছে। কিন্তু স্বামীয়ে তেওঁৰ লগত থাকিব নিবিচাৰে আৰু পত্নীৰ অনুমতি নোলোৱাকৈ বিবাহ-বিচ্ছেদ কৰে। এনে পৰিস্থিতিত স্বামীয়ে দ্বিতীয় বিবাহ কৰিব পাৰেনে? বাইবেলৰ অনুসৰি তেওঁ এনে কৰিবলৈ স্বাধীনতা নাপায়। তথাপি যদি তেওঁ বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ দ্বিতীয় বিবাহ কৰে, তেনেহʼলে তেওঁ পুনৰ ব্যভিচাৰ কৰাৰ দোষী হʼব। সেইবাবে, মণ্ডলীৰ প্ৰাচীনে তেওঁৰ বিৰুদ্ধে আকৌ এবাৰ ন্যায়িক সমিতি বহাব।—১ কৰি. ৫:১, ২; ৬:৯, ১০.
যদি এজন পুৰুষে বাইবেল সিদ্ধান্তৰ বিৰুদ্ধে গৈ দ্বিতীয় বিবাহ কৰে, তেনেহʼলে মণ্ডলীত তেওঁৰ প্ৰথম আৰু দ্বিতীয় বিবাহক কেনে দৃষ্টিৰে চোৱা হʼব? বাইবেলৰ অনুসৰি তেওঁৰ প্ৰথম বিয়াৰ বন্ধন বৰ্তি থাকিবনে? তেওঁৰ নিৰ্দোষী পত্নীয়ে এতিয়াও নিৰ্ণয় লʼব পাৰেনে যে তেওঁ নিজৰ স্বামীক ক্ষমা কৰিব নে তেওঁক এৰি দিব? স্বামীয়ে দ্বিতীয় পত্নীৰ লগত থকাটো দুয়োজনে ব্যভিচাৰ কৰাৰ দৰে হʼবনে?
আগতে আমি বিশ্বাস কৰিছিলোঁ যে যেতিয়ালৈকে নিৰ্দোষী পত্নী জীৱিত থাকে আৰু তেওঁ দ্বিতীয় বিবাহ নকৰে বা কাৰোবাৰ লগত অনৈতিক যৌন সম্পৰ্ক নাৰাখে, তেতিয়ালৈকে প্ৰথম বিবাহৰ বন্ধন শেষ নহয় আৰু স্বামীৰ দ্বিতীয় বিবাহৰ বন্ধনটোক ব্যভিচাৰ বুলি গণ্য কৰা হʼব অৰ্থাৎ মণ্ডলীত সেই বিবাহক অবৈধ বুলি গণ্য কৰা হʼব। কিন্তু মন কৰক যে যেতিয়া যীচুৱে বিবাহ-বিচ্ছেদ আৰু দ্বিতীয় বিবাহৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ নিৰ্দোষী পত্নীৰ বিষয়ে একোৱেই কোৱা নাছিল। তেওঁ কেৱল বুজাইছিল যে যদি এজন ব্যক্তিয়ে শাস্ত্ৰৰ বিৰুদ্ধে গৈ বিবাহ-বিচ্ছেদ কৰে আৰু তাৰ পাছত দ্বিতীয় বিবাহ কৰে, তেতিয়া এয়া ব্যভিচাৰ হʼব। ইয়াৰ অৰ্থ হৈছে যেতিয়া এজন ব্যক্তিয়ে বিবাহ-বিচ্ছেদ কৰি দ্বিতীয় বিবাহ কৰে, তেতিয়া প্ৰথম বিবাহৰ বন্ধন শেষ হৈ যায়।
“যি কোনোৱে ব্যভিচাৰত বাজে, আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে।”—মথি ১৯:৯
এতিয়ালৈকে আমি দেখিলোঁ যে যেতিয়া এজন স্বামীয়ে ব্যভিচাৰ কৰাৰ পাছত বিবাহ-বিচ্ছেদ কৰে, তেতিয়া কি হয়। কিন্তু আৰু দুটা পৰিস্থিতিলৈ মন কৰক। ধৰি লওক এজন স্বামীয়ে ব্যভিচাৰ নকৰে, তথাপি তেওঁ বিবাহ-বিচ্ছেদ কৰি দ্বিতীয় বিবাহ কৰে। আনহাতে, হয়তো এজন স্বামীয়ে বিবাহ-বিচ্ছেদ কৰাৰ পাছত অনৈতিক যৌন সম্পৰ্ক ৰাখে আৰু তেওঁৰ পত্নীয়ে তেওঁক ক্ষমা কৰিবলৈ সাজু থাকে, তথাপি তেওঁ দ্বিতীয় বিবাহ কৰে। এই দুয়োটা পৰিস্থিতিতে প্ৰথম বিবাহৰ বন্ধন শেষ হৈ যাব। কিয়নো স্বামীয়ে বিবাহ-বিচ্ছেদ কৰি দ্বিতীয় বিবাহ কৰে আৰু সেইবাবে ব্যভিচাৰ কৰাৰ দোষী হয়। তেওঁৰ দ্বিতীয় বিবাহৰ বন্ধনক আইন মতে সঠিক বুলি গণ্য কৰা হʼব। ১৫ নবেম্বৰ, ১৯৭৯ চনৰ প্ৰহৰীদুৰ্গৰ (ইংৰাজী) ৩২ পৃষ্ঠাত এইদৰে লিখা আছে, “যেতিয়া স্বামীয়ে দ্বিতীয় বিবাহ কৰে, তেতিয়া তেওঁ এই বিবাহক এৰি প্ৰথম পত্নীৰ ওচৰলৈ ঘূৰি যাব নোৱাৰে। তেওঁৰ প্ৰথম বিবাহৰ বন্ধন বিবাহ-বিচ্ছেদ, ব্যভিচাৰ আৰু দ্বিতীয় বিবাহৰ বাবে শেষ হৈ গʼল।”
যদিও আমাৰ বুজা-বজিত সাল-সলনি হৈছে, কিন্তু আমি বিবাহৰ বন্ধনক এতিয়াও পবিত্ৰ বুলি গণ্য কৰোঁ আৰু বিশ্বাস কৰোঁ যে ব্যভিচাৰ এক গম্ভীৰ পাপ। যদি এজন পুৰুষে বাইবেল সিদ্ধান্তৰ বিৰুদ্ধে গৈ বিবাহ-বিচ্ছেদ কৰে আৰু দ্বিতীয় বিবাহ কৰে, তেনেহʼলে তেওঁ ব্যভিচাৰ কৰাৰ দোষী হʼব আৰু তেওঁৰ ওপৰত ন্যায়িক কাৰ্য্য কৰা হʼব। (যদি তেওঁৰ দ্বিতীয় পত্নীও এগৰাকী খ্ৰীষ্টান হয়, তেনেহʼলে অনৈতিক যৌন সম্পৰ্ক ৰখাৰ বাবে তেওঁক দোষী বুলি গণ্য কৰা হʼব আৰু তেওঁৰ ওপৰতো ন্যায়িক কাৰ্য্য কৰা হʼব।) যদিও সেই ব্যক্তিৰ দ্বিতীয় বিবাহৰ বন্ধনক আইন মতে সঠিক বুলি গণ্য কৰা হʼব, তথাপি তেওঁক বহুবছৰলৈকে মণ্ডলীত কোনো দায়িত্ব দিয়া নহʼব। বহুবছৰৰ পাছত যদিও তেওঁক দায়িত্ব দিয়া হয়, তথাপি প্ৰাচীনে প্ৰথমে চালি-জাৰি চাব যে ‘মণ্ডলীৰ ভাই-ভনী আৰু আন লোকসকলে তেওঁৰ ভুলৰ বাবে এতিয়াও দুখ পাইছে নেকি? তেওঁলোকে সেই ভাইজনক সন্মান দিয়েনে?’ প্ৰাচীনসকলে তেওঁৰ প্ৰথম পত্নীৰ পৰিস্থিতি আৰু ভাবনাৰ বিষয়েও চিন্তা কৰিব, যাৰ লগত সেই ব্যক্তিজনে হয়তো ষড়যন্ত্ৰ কৰি বিশ্বাসঘাত কৰিছিল। (মলা. ২:১৪-১৬) যদি তেওঁলোকৰ কোনো নাবালক বা নাবালিকা সন্তান আছে, যাক তেওঁ আগতে এৰি গৈছিল, তেনেহʼলে প্ৰাচীনে সেই সন্তানৰ বিষয়েও চিন্তা কৰিব।
যেতিয়া কোনোবাই বাইবেল সিদ্ধান্তৰ বিৰুদ্ধে গৈ বিবাহ-বিচ্ছেদ কৰে আৰু দ্বিতীয় বিবাহ কৰে, তেনেহʼলে ইয়াৰ বহুতো বেয়া পৰিণাম হয়। সেইবাবে, খ্ৰীষ্টানসকলে ধ্যান দিয়া উচিত যে তেওঁলোকে যিহোৱাৰ দৰে বিবাহৰ বন্ধনক পবিত্ৰ বুলি গণ্য কৰে।—উপ. ৫:৪, ৫; ইব্ৰী ১৩:৪.
^ অনু. 2 যদিও এই লেখত কোৱা উদাহৰণবোৰত স্বামীক দোষী কোৱা হৈছে আৰু পত্নীক নিৰ্দোষী, কিন্তু মাৰ্ক ১০:১১, ১২ পদত উল্লেখ থকা যীচুৰ পৰামৰ্শ স্বামী আৰু পত্নী দুয়োজনৰ বাবে প্ৰযোজ্য হয়।
^ অনু. 1 আগতে আমি বিশ্বাস কৰিছিলোঁ যে যেতিয়ালৈকে নিৰ্দোষী পত্নী জীৱিত থাকে আৰু দ্বিতীয় বিবাহ নকৰে বা আন কাৰোবাৰ লগত অনৈতিক যৌন সম্পৰ্ক নাৰাখে, তেতিয়ালৈকে স্বামীৰ দ্বিতীয় বিবাহৰ বন্ধনটোক ব্যভিচাৰ বুলি গণ্য কৰা হʼব। কিন্তু এতিয়া আমাৰ বুজা-বুজিত সাল-সলনি হৈছে।