Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৬

গীত ১০ যিহোৱাৰ প্ৰশংসা কৰক!

‘যিহোৱাৰ নাম প্ৰশংসা কৰক’

‘যিহোৱাৰ নাম প্ৰশংসা কৰক’

“হে যিহোৱাৰ দাসবিলাক, প্ৰশংসা কৰা, যিহোৱাৰ নামৰ প্ৰশংসা কৰা।”গীত. ১১৩:১.

কি শিকিম?

যিহোৱাৰ নাম সকলো সময়তে প্ৰশংসা কৰিবলৈ কি কথাই আমাক উৎসাহিত কৰে?

১-২. যেতিয়া যিহোৱাৰ নাম বদনাম কৰা হৈছিল, তেতিয়া তেওঁক কেনে লাগিছিল? বুজাওক।

 চিন্তা কৰক, আপোনাৰ কোনো আপোনজনাই আপোনাৰ ওপৰত বহুত ডাঙৰ অভিযোগ লগাইছে আৰু কিছুমান লোকে ইয়াক সঁচা বুলি মানি লয়। তেওঁলোকে ইয়াৰ বিষয়ে আনক জনায় আৰু আনেও এই কথা সঁচা হয় বুলি বিশ্বাস কৰে। এয়া দেখি আপোনাক কেনেকুৱা লাগিব? যদি আপুনি সেই লোকসকলক প্ৰেম কৰে আৰু চিন্তা কৰে যে তেওঁলোকে আপোনাৰ বিষয়ে কি ভাবিব, তেনেহʼলে আপোনাক বহুত দুখ লাগিব।—হিতো. ২২:১.

এই উদাহৰণৰ পৰা আমি বুজিব পাৰোঁ যে যেতিয়া যিহোৱাৰ নাম বদনাম কৰা হৈছিল, তেতিয়া তেওঁক কেনে লাগিছিল। স্বৰ্গত থকা তেওঁৰ নিজৰ পুত্ৰই প্ৰথম তিৰোতা হৱাক তেওঁৰ বিষয়ে মিছা কথা কʼলে আৰু হৱাই সেই মিছা কথাৰ ওপৰত বিশ্বাস কৰিলে। ইয়াৰ বাবে আমাৰ প্ৰথম পিতৃ-মাতৃ আদম আৰু হৱাই যিহোৱাৰ বিৰোধে বিদ্ৰোহ কৰিলে। এইদৰে সকলো মানুহৰ ওপৰত পাপ আৰু মৃত্যু আহিল। (আদি. ৩:১-৬; ৰোম. ৫:১২) চয়তানে এদন বাগিছাত যি মিছা কথা কʼলে, তাৰ বাবে আজি গোটেই লোকসকলে বহুতো সমস্যা সহিবলগীয়া হৈছে। তাৰ বাবেই আজি লোকসকলে বিভিন্ন ধৰণৰ দুখ-কষ্ট ভুগিবলগীয়া হৈছে, যুদ্ধ হৈছে আৰু লোকসকলৰ মৃত্যু হৈছে। এই সকলোবোৰ দেখি যিহোৱাক বহুত দুখ লাগে। কিন্তু তেওঁ যে সদায় খঙত থাকে, এনে নহয়। বাইবেলত কোৱা হৈছে যে তেওঁ ‘পৰম-ধন্য [আনন্দিত] ঈশ্বৰ’ হয়।—১ তীম. ১:১১.

৩. আমাৰ ওচৰত কি বিশেষ সুযোগ আছে?

যিহোৱাৰ নাম পবিত্ৰ কৰাৰ আমাৰ ওচৰত বিশেষ সুযোগ আছে। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? এই আজ্ঞা পালন কৰি: “যিহোৱাৰ নামৰ প্ৰশংসা কৰা।” (গীত. ১১৩:১) যেতিয়া আমি লোকসকলক জনাওঁ যে যিহোৱা কোন হয় আৰু তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়, তেতিয়া আমি তেওঁৰ পবিত্ৰ নাম প্ৰশংসা কৰোঁ। আপুনি এইদৰে কৰিব নে? আহক এনে তিনিটা কাৰণৰ ওপৰত ধ্যান দিওঁ যাৰ বিষয়ে জানিলে আমাক সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰৰ নাম পবিত্ৰ কৰিবলৈ মন যাব।

যিহোৱাৰ নাম প্ৰশংসা কৰিলে তেওঁ আনন্দিত হয়

৪. উদাহৰণ দি বুজাওক যে যেতিয়া আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ, তেতিয়া তেওঁ কিয় আনন্দিত হয়? (ছবিখনো চাওক।)

যেতিয়া আমি স্বৰ্গত থকা আমাৰ পিতৃৰ নাম প্ৰশংসা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। (গীত. ১১৯:১০৮) যিদৰে মানুহক প্ৰশংসা আৰু উৎসাহৰ প্ৰয়োজন হয়, ঠিক সেইদৰে যিহোৱাক মানুহৰ পৰা প্ৰশংসা পোৱাৰ প্ৰয়োজন নাই। তথাপিও যেতিয়া আমি তেওঁৰ প্ৰশংসা কৰোঁ, তেতিয়া তেওঁক ভাল লাগে। এটা উদাহৰণলৈ মন কৰক। এজনী সৰু ছোৱালী দৌৰি নিজৰ দেউতাকৰ ওচৰলৈ আহে আৰু সাৱটি এইদৰে কয়, “আপুনি পৃথিৱীৰ সকলোতকৈ ভাল দেউতা হয়!” দেউতাকৰ চেহেৰা আনন্দেৰে উজ্বলি উঠে। জীয়েকৰ এই কথা তেওঁৰ অন্তৰ চুই যায়। ইয়াৰ অৰ্থ এয়া নাছিল যে তেওঁ নিজৰ জীয়েকৰ পৰা উৎসাহ পাব বিচাৰিছিল ইয়াৰ পৰিৱৰ্তে তেওঁ আনন্দিত হোৱাৰ কাৰণ আছিল যে তেওঁ নিজৰ ছোৱালীজনীক বহুত প্ৰেম কৰে। আনকি তেওঁৰ ছোৱালীজনীয়েও তেওঁক প্ৰেম কৰে আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ আছে তাক দেখি তেওঁ আনন্দিত হৈছিল। তেওঁ জানে যে তেওঁৰ জীয়েকৰ ওচৰত যি ভাল গুণ আছে, তাৰ বাবে তাই আগলৈ গৈ আনন্দিত থাকিব পাৰিব। ইয়াৰ পৰা জানিব পাৰি যে যেতিয়া আমি আমাৰ মহান পিতৃ যিহোৱাৰ প্ৰশংসা কৰোঁ, তেতিয়া তেওঁ কিয় আনন্দিত হয়।

যেতিয়া এটি সন্তানে নিজৰ দেউতাকক প্ৰেম কৰে আৰু তেওঁৰ প্ৰশংসা কৰে, তেতিয়া দেউতাকে আনন্দিত হয়, ঠিক সেইদৰে যেতিয়া আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয় (অনুচ্ছেদ ৪ চাওক)


৫. ঈশ্বৰৰ নাম প্ৰশংসা কৰি আমি চয়তানৰ কোনটো অভিযোগ মিছা হয় বুলি প্ৰমাণ কৰিব পাৰোঁ?

যেতিয়া আমি স্বৰ্গত থকা আমাৰ পিতৃ যিহোৱাৰ প্ৰশংসা কৰোঁ, তেতিয়া চয়তানে আমাৰ সকলোৰে ওপৰত যি অভিযোগ লগাইছে, সেয়া মিছা হয় বুলি প্ৰমাণ কৰোঁ। সি অভিযোগ কৰিছিল যে কোনো মানুহেই সদায় যিহোৱাৰ নাম প্ৰশংসা কৰি নাথাকিব। সি কয় যে যদি এজন ব্যক্তিৰ ওপৰত সমস্যা আহিব বা তেওঁ ভাবিব যে ঈশ্বৰৰ কথা নামানিলে তেওঁৰ লাভ হʼব, তেনেহʼলে সেই ব্যক্তিজনে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিব। (ইয়ো. ১:৯-১১; ২:৪) কিন্তু ঈশ্বৰৰ বিশ্বাসী সেৱক ইয়োবে চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিলে। আপুনিও এইদৰে কৰিব নে? আমাৰ পিতৃ যিহোৱাৰ নামত কোনো কলংক আহিবলৈ নিদিয়া আৰু সদায় বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি তেওঁক আনন্দিত কৰিবলৈ আমাৰ সকলোৰে ওচৰত এটা ভাল সুযোগ আছে। (হিতো. ২৭:১১) সঁচাকৈ, এয়া আমাৰ বাবে বহুত ডাঙৰ সন্মান হয়!

৬. আমি কেনেকৈ ৰজা দায়ূদ আৰু লেবীসকলৰ দৰে হʼব পাৰোঁ? (নহিমিয়া ৯:৫)

যিহোৱাৰ বিশ্বাসী সেৱকসকলে তেওঁক প্ৰেম কৰে। সেইবাবে, সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ নাম প্ৰশংসা কৰে। ৰজা দায়ূদে এইদৰে লিখিছিল, “হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ অন্তৰত থকাবিলাক, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।” (গীত. ১০৩:১) দায়ূদে জানিছিল যে যিহোৱাৰ নাম প্ৰশংসা কৰাৰ অৰ্থ হৈছে যিহোৱাৰ প্ৰশংসা কৰা। কাৰণ যিহোৱাৰ নাম শুনাৰ লগে লগে আমাৰ মনত এনে এজন ব্যক্তিৰ ছবি আহে, যিজনৰ বহুত ভাল ভাল গুণ আছে আৰু যিজনে বহুত ভাল কাম কৰিছে। সেইবাবে, দায়ূদে নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিব বিচাৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ প্ৰশংসা কৰিব বিচাৰিছিল। তেওঁৰ ‘অন্তৰত থকাবিলাকে’ যিহোৱাৰ প্ৰশংসা কৰাটো তেওঁ বিচাৰিছিল। দায়ূদৰ দৰে লেবীসকলেও উৎসাহেৰে যিহোৱাৰ প্ৰশংসা কৰিলে। তেওঁলোকে নম্ৰ আছিল, সেইবাবে তেওঁলোকে কʼলে যে যিহোৱাৰ পবিত্ৰ নাম যিমানো প্ৰশংসা কৰে, তথাপিও সেয়া কমেই হʼব। (নহিমিয়া ৯:৫ পঢ়ক।) লেবীসকলে হৃদয়েৰে কৰা প্ৰশংসা শুনি হয়তো যিহোৱাই নিশ্চয় আনন্দিত হৈছিল।

৭. আমি প্ৰচাৰ কৰাৰ সময়ত আৰু দৈনন্দিন জীৱনত কেনেকৈ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ?

আজি আমি কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ? আমি যিহোৱাৰ বিষয়ে লোকসকলৰ লগত এনেদৰে কথা পাতিব পাৰোঁ, যাৰ পৰা প্ৰমাণ হয় যে আমি তেওঁক বহুত প্ৰেম কৰোঁ আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ প্ৰতি কৃতজ্ঞ আছোঁ। প্ৰচাৰ কৰাৰ সময়ত লোকসকলে যাতে যিহোৱাৰ বিষয়ে জানিব পাৰে, তেওঁক প্ৰেম কৰে আৰু তেওঁৰ ফালে আকৰ্ষিত হৈ আহে, তাৰ বাবে চেষ্টা কৰোঁ। (যাকো. ৪:৮) বাইবেলৰ পৰা যিহোৱাৰ গুণবোৰৰ বিষয়ে জনাবলৈও আমাক বহুত ভাল লাগে। যেনে: তেওঁৰ প্ৰেম, ন্যায়, বুদ্ধি, শক্তি আৰু এনেধৰণৰ আন গুণবোৰৰ বিষয়ে। এইদৰে আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ। ইয়াৰ উপৰিও যেতিয়া আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, তেতিয়াও তেওঁৰ নাম প্ৰশংসা কৰোঁ আৰু তেওঁৰ মন আনন্দিত কৰোঁ। (ইফি. ৫:১) যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া কিছুমান লোকে হয়তো এই কথাৰ ওপৰত ধ্যান দিব যে আমি জগতৰ লোকসকলৰ পৰা কিমান বেলেগ। (মথি ৫:১৪-১৬) দৈনন্দিন কামবোৰ কৰাৰ সময়ত যেতিয়া আমি এনেধৰণৰ লোকসকলক লগ পাওঁ, তেতিয়া আমি জগতৰ লোকসকলৰ দৰে কিয় নহয়, তাৰ বিষয়ে তেওঁলোকক জনাবলৈ সুযোগ পাওঁ। সেইবাবে, ভাল মন থকা লোকসকলে যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহে। এই সকলো উপায়েৰে যেতিয়া আমি যিহোৱাৰ প্ৰশংসা কৰোঁ, তেতিয়া তেওঁৰ মন আনন্দিত হয়।—১ তীম. ২:৩, ৪.

যিহোৱাৰ নাম প্ৰশংসা কৰিলে যীচু আনন্দিত হয়

৮. আমি কিয় কʼব পাৰোঁ যে যীচুৱে সকলোতকৈ বেছি যিহোৱাৰ নাম প্ৰশংসা কৰিলে?

যীচুৱে যিহোৱাক যিমান ভালদৰে জানে, সিমান স্বৰ্গত স্বৰ্গদূতেই হওক বা পৃথিৱীত মানুহ, কোনেও যীচুৰ সমান যিহোৱাক নাজানে। (মথি ১১:২৭) তেওঁ নিজৰ পিতৃক বহুত প্ৰেম কৰে আৰু তেওঁ সদায় উৎসাহেৰে যিহোৱাৰ নাম প্ৰশংসা কৰিছিল। (যোহ. ১৪:৩১) মৃত্যুৰ অলপ আগতে যীচুৱে প্ৰাৰ্থনাত নিজৰ পিতৃক এইদৰে কৈছিল, “মই তোমাৰ নাম [লোকসকল] জনালোঁ।” (যোহ. ১৭:২৬) পৃথিৱীত চাৰে তিনি বছৰৰ সেৱাৰ সময়ছোৱাত এয়াই তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আছিল। আহক চাওঁ যে তেওঁ এয়া কেনেকৈ কৰিলে।

৯. যীচুৱে কেনেকৈ এটা উদাহৰণ দি নিজৰ পিতৃৰ বিষয়ে আৰু ভালদৰে বুজালে?

যীচুৱে লোকসকলক ঈশ্বৰৰ নাম যিহোৱা হয় বুলি কেৱল জনোৱা নাছিল। কাৰণ তেওঁ যিসকল যিহূদীক শিকাইছিল, তেওঁলোকে আগৰে পৰা ঈশ্বৰৰ নাম জানিছিল। তথাপিও যীচুৱে তেওঁলোকক “পিতৃৰ” বিষয়ে ভালদৰে বুজালে। (যোহ. ১:১৭, ১৮) যেনে, হিব্ৰু শাস্ত্ৰত কোৱা হৈছে যে যিহোৱা দয়া আৰু কৃপাৰে ভৰা ঈশ্বৰ হয়। (যাত্ৰা. ৩৪:৫-৭) কিন্তু এই কথা আৰু ভালদৰে বুজাবলৈ যীচুৱে বিদ্ৰোহী পুত্ৰ আৰু তেওঁৰ পিতৃৰ উদাহৰণ দিলে। বাইবেলত আমি পঢ়োঁ যে পুত্ৰই অনুতাপ কৰে আৰু নিজৰ পিতৃৰ ঘৰলৈ উভতি আহে। কিন্তু তেওঁ “দূৰৈত থাকোঁতেই” পিতৃয়ে তেওঁক চালে আৰু দৌৰি গৈ তেওঁক সাৱটি ধৰিলে। পিতৃয়ে তেওঁক সম্পূৰ্ণ হৃদয়েৰে ক্ষমা কৰিলে। ইয়াৰ পৰা আমি স্পষ্টকৈ বুজিবলৈ পাওঁ যে যিহোৱা কিমান দয়ালু আৰু তেওঁৰ অন্তৰত কিমান কৰুণা আছে। (লূক ১৫:১১-৩২) যীচুৱে আমাক পিতৃৰ বিষয়ে ভালদৰে বুজালে।

১০. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে যীচুৱে নিজৰ পিতৃৰ নাম ব্যৱহাৰ কৰিলে আৰু আনেও এইদৰে কৰাটো তেওঁ বিচাৰে? (মাৰ্ক ৫:১৯) (ছবিখনো চাওক।) (খ) আজি যীচুৱে আমাৰ পৰা কি বিচাৰে?

১০ আন লোকসকলেও যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ নাম ব্যৱহাৰ কৰাটো যীচুৱে বিচাৰিছিল। সেই সময়ৰ কিছুমান ধৰ্মগুৰুৱে বিশ্বাস কৰিছিল যে ঈশ্বৰৰ নাম বহুত পবিত্ৰ হয়, সেইবাবে তেওঁৰ নাম লোৱাটো উচিত নহয়। কিন্তু যীচুৱে মানুহে বনোৱা পৰম্পৰাক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিলে আৰু নিজৰ পিতৃৰ নাম মহিমা কৰি থাকিল। এটা উদাহৰণলৈ মন কৰক। এবাৰ গেৰাচেনীয়াবিলাকৰ এলেকাত দুষ্ট স্বৰ্গদূত সোমাই থকা এজন ব্যক্তিক যীচুৱে ঠিক কৰিলে। এয়া দেখি লোকসকলে বহুত ভয় খালে আৰু তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ যীচুক মিনতি কৰিলে। (মাৰ্ক ৫:১৬, ১৭) কিন্তু তাত থকা লোকসকলেও যিহোৱাৰ নাম জনাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তাৰ পৰা যোৱাৰ আগতে তেওঁ যিজন ব্যক্তিক ঠিক কৰিছিল, তেওঁক যীচুৰ বিষয়ে নহয় যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে তাৰ বিষয়ে লোকসকলক জনাবলৈ কʼলে। (মাৰ্ক ৫:১৯ পঢ়ক।) a যীচুৱে আজিও এয়াই বিচাৰে। গোটেই পৃথিৱীত তেওঁৰ পিতৃৰ নাম ঘোষণা হোৱাটো তেওঁ বিচাৰে। (মথি ২৪:১৪; ২৮:১৯, ২০) যেতিয়া আমি এই কামত ভাগ লওঁ, তেতিয়া আমাৰ ৰজা যীচু বহুত আনন্দিত হয়।

যিজন ব্যক্তিৰ শৰীৰত আগতে দুষ্ট স্বৰ্গদূত সোমাই আছিল, যিহোৱাই তেওঁৰ বাবে কি কি কৰিলে তাৰ বিষয়ে লোকসকলক গৈ কʼবলৈ যীচুৱে তেওঁক কʼলে (অনুচ্ছেদ ১০ চাওক)


১১. যীচুৱে নিজৰ শিষ্যসকলক কি প্ৰাৰ্থনা কৰিবলৈ শিকালে আৰু এই প্ৰাৰ্থনা কৰাটো কিয় অতি গুৰুত্বপূৰ্ণ? (যিহিষ্কেল ৩৬:২৩)

১১ যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু তেওঁৰ নামত লগা কলংক আঁতৰি যোৱাটোৱেই যিহোৱাৰ উদ্দেশ্য হয় বুলি যীচুৱে জানিছিল। সেইবাবে, তেওঁ আমাক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকালে, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক।” (মথি ৬:৯) যীচুৱে জানিছিল যে যিহোৱাৰ নাম পবিত্ৰ কৰাটোৱেই গোটেই বিশ্বৰ আটাইতকৈ ডাঙৰ বিষয় হয়। (যিহিষ্কেল ৩৬:২৩ পঢ়ক।) তেওঁ এই নাম পবিত্ৰ কৰিবলৈ যি কৰিলে, গোটেই পৃথিৱীত সিমান কোনেও কৰা নাই। তথাপিও যেতিয়া যীচুক গ্ৰেপ্তাৰ কৰা হʼল, তেতিয়া শত্ৰুসকলে তেওঁৰ ওপৰত কি অভিযোগ লগালে? ঈশ্বৰক নিন্দা কৰাৰ। যীচুৱে জানিছিল যে নিজৰ পিতৃৰ পবিত্ৰ নামক বদনাম কৰাটো সকলোতকৈ ডাঙৰ পাপ হয়। যীচুৱে জানিছিল যে তেওঁৰ ওপৰতো এই অভিযোগ লগোৱা হʼব। হয়তো ইয়াৰ বাবেই গ্ৰেপ্তাৰ হোৱা কিছু সময়ৰ আগতে যীচুৰ মন ‘অতি যাতনা পাইছিল।’—লূক ২২:৪১-৪৪.

১২. যীচুৱে আটাইতকৈ কঠিন পৰিস্থিতিতো কেনেকৈ নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিলে?

১২ নিজৰ পিতৃৰ নাম পবিত্ৰ কৰিবলৈ যীচুৱে সকলো ধৰণৰ তাড়না, অপমান আৰু বদনাম সহন কৰিছিল। সেইবাবে, তেওঁ লাজ অনুভৱ কৰা নাছিল, কাৰণ তেওঁ জানিছিল যে তেওঁ সদায় নিজৰ পিতৃৰ আজ্ঞা মানি চলিছে। (ইব্ৰী ১২:২) তেওঁ এয়াও জানিছিল যে সেই কঠিন সময়ছোৱাত চয়তানে চিধা-চিধিকৈ তেওঁৰ ওপৰত আক্ৰমণ কৰি আছে। (লূক ২২:২-৪; ২৩:৩৩, ৩৪) যীচু যিহোৱাৰ বিশ্বাসী হৈ নাথাকিব বুলি চয়তানে আশা কৰিছিল। কিন্তু তাৰ এই আশা পূৰ নহʼল। যীচুৱে প্ৰমাণ কৰিলে যে চয়তান কিমান নিৰ্দয় আৰু মিছলীয়া হয় আৰু এই পৃথিৱীত এনে সেৱক আছে, যিসকলে কঠিন সমস্যাৰ সময়তো যিহোৱাৰ বিশ্বাসী হৈ থাকে।

১৩. আপুনি নিজৰ ৰজা যীচুক আনন্দিত কৰিবলৈ কি কৰিব পাৰে?

১৩ আপুনি নিজৰ ৰজা যীচুক আনন্দিত কৰিব বিচাৰে নে? যদি বিচাৰে, তেনেহʼলে যিহোৱাৰ নাম প্ৰশংসা কৰি থাকক আৰু ঈশ্বৰৰ ভাল ভাল গুণৰ বিষয়ে জানিবলৈ আনক সহায় কৰক। যেতিয়া আপুনি এইদৰে কৰিব, তেতিয়া আপুনি যীচুৰ উদাহৰণত চলিছে বুলি দেখুৱাব। (১ পিত. ২:২১) যীচুৰ দৰে আপুনি যিহোৱাৰ মন আনন্দিত কৰিব আৰু এয়া প্ৰমাণ কৰিব যে তেওঁৰ শত্ৰু চয়তানে যি অভিযোগ লগাইছে, সেয়া একেবাৰে মিছা হয়।

যিহোৱাৰ নাম প্ৰশংসা কৰিলে লোকসকলৰ জীৱন ৰক্ষা পৰিব পাৰে

১৪-১৫. যেতিয়া আমি লোকসকলক যিহোৱাৰ বিষয়ে সত্যতা শিকাওঁ, তেতিয়া ইয়াৰ পৰিণাম কি হʼব পাৰে?

১৪ যেতিয়া আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ, তেতিয়া ইয়াৰ সহায়ত লোকসকলৰ জীৱন ৰক্ষা পৰিব পাৰে। কেনেকৈ বাৰু? চয়তানে অবিশ্বাসী লোকসকলৰ “জ্ঞান-চকু অন্ধ” কৰি ৰাখিছে। (২ কৰি. ৪:৪) সেইবাবে, লোকসকলে চয়তানৰ মিছা শিক্ষাবোৰ মানি লয়। যেনে, ঈশ্বৰ নাই, যদি আছে তেনেহʼলে তেওঁ লোকসকলৰ বিষয়ে চিন্তা নকৰে, তেওঁ বহুত নিৰ্দয় হয় আৰু পাপ কৰা লোকসকলক সদায় শাস্তি দি থাকে। চয়তানে এই সকলো মিছা শিক্ষা বিয়পাই, কাৰণ সি যিহোৱাৰ নাম বেয়া কৰিব বিচাৰে আৰু তেওঁক বদনাম কৰিব বিচাৰে যাতে লোকসকলে তেওঁৰ কাষ চপাৰ পৰিৱৰ্তে তেওঁৰ পৰা দূৰ হৈ যায়। কিন্তু যেতিয়া আমি প্ৰচাৰ কৰোঁ, তেতিয়া চয়তানৰ এই উদ্দেশ্য বিফল হয়। আমি লোকসকলক আমাৰ পিতৃৰ বিষয়ে সত্যতা জনাও আৰু এইদৰে তেওঁৰ পবিত্ৰ নাম প্ৰশংসা কৰোঁ। ইয়াৰ পৰা আৰু কি লাভ হয়?

১৫ ঈশ্বৰৰ বাক্যত বহুত শক্তি আছে। যেতিয়া আমি বাইবেলৰ পৰা লোকসকলক যিহোৱাৰ বিষয়ে শিকাওঁ আৰু জনাও যে ঈশ্বৰ প্ৰকৃততে কেনেকুৱা, তেতিয়া ইয়াৰ বহুত ভাল পৰিণাম হয়। চয়তানে লোকসকলক মিছা কথা কৈ তেওঁলোকৰ জ্ঞান-চকু অন্ধ কৰি ৰাখিছে, সেয়া মুকলি হয় আৰু তেওঁলোকে আমাৰ দৰে যিহোৱাক প্ৰেম কৰিবলৈ ধৰে। যেতিয়া তেওঁলোকে যিহোৱাৰ অদ্ভুদ শক্তিৰ বিষয়ে গম পায়, তেতিয়া তেওঁলোকে আচৰিত হয়। (যিচ. ৪০:২৬) তেওঁৰ ন্যায়ৰ বিষয়ে জানি তেওঁলোকে বহুত শান্ত্বনা লাভ কৰে। (দ্বিতী. ৩২:৪) যেতিয়া তেওঁলোকে যিহোৱাৰ বুদ্ধিৰ বিষয়ে গম পায়, তেতিয়া তেওঁলোকৰ চকু মুকলি হৈ যায়। (যিচ. ৫৫:৯; ৰোম. ১১:৩৩) যেতিয়া তেওঁলোকে শিকে যে বাইবেলত যিহোৱাক প্ৰেম বুলি কোৱা হৈছে, তেতিয়া তেওঁলোকে ইয়াৰ পৰা বহুত শান্ত্বনা লাভ কৰে। (১ যোহ. ৪:৮) তেওঁলোকে যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহে, যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক মজবুত হয় আৰু তেওঁৰ সন্তান হিচাপে অনন্ত জীৱন জীয়াই থকাৰ আশা আৰু দৃঢ় হয়। সঁচাকৈ, পিতৃ যিহোৱাৰ কাষ চাপিবলৈ লোকসকলক সহায় কৰাটো কিমান ভাল দায়িত্ব হয়! যেতিয়া আমি এই দায়িত্ব পূৰ কৰোঁ, তেতিয়া যিহোৱাই আমাক নিজৰ “সহকৰ্ম্মী” বুলি ভাবে।—১ কৰি. ৩:৫, ৯.

১৬. ঈশ্বৰৰ নাম জানি কিছুমান লোকৰ কেনে অনুভৱ হʼল? উদাহৰণ দি বুজাওক।

১৬ আৰম্ভণিতে আমি লোকসকলক কেৱল ইমানেই জনাওঁ যে ঈশ্বৰৰ নাম যিহোৱা হয়। এই সৰু-সুৰা কথাই ভাল মন ৰখা বহুতো লোকৰ মন চুই যায়। আলিয়া b নামৰ এজনী যুৱতীৰ উদাহৰণলৈ মন কৰক। তাই এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল যʼত কোনেও বাইবেলৰ বিষয়ে জনা নাছিল। তাই নিজৰ ধৰ্মৰ পৰাও আনন্দিত নাছিল আৰু তাই ভাবিছিল যে ঈশ্বৰ তাইৰ পৰা বহুত দূৰত আছে। কিন্তু যেতিয়া তাই সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তাইৰ চিন্তাধাৰা সলনি হʼল। তাই বুজি পালে যে ঈশ্বৰ তাইৰ বন্ধু হʼব পাৰে। তাই এয়াও জানি আচৰিত হৈছিল যে বাইবেলৰ বহুতো অনুবাদত ঈশ্বৰৰ নাম উলিয়াই দিয়া হৈছে আৰু তাৰ ঠাইত ‘প্ৰভুৰ’ দৰে উপাধিবোৰ দিয়া হৈছে। যেতিয়া তাই প্ৰথমবাৰ যিহোৱাৰ নাম শুনিলে, তেতিয়া এয়া তাইৰ বাবে এটা বিশেষ সময় আছিল। তাই আনন্দিত হৈ এইদৰে কৈছিল, “মোৰ সকলোতকৈ ভাল বন্ধুৰ এটা নামো আছে!” এই সত্যতা জনাৰ বাবে তাই এইদৰে কৈছে, “এতিয়া মই শান্তি অনুভৱ কৰোঁ। মই যিহোৱাক জানিবলৈ সুযোগ পোৱাৰ বাবে অতি আনন্দিত।” এতিয়া ষ্টীব নামৰ এজন ব্যক্তিৰ উদাহৰণলৈ মন কৰক, যিজন আগতে সংগীতকাৰ আছিল। তেওঁ কঠোৰ যিহূদী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। কিন্তু তেওঁ লাহে লাহে ধৰ্মৰ পৰা আঁতৰি গʼল। কাৰণ তেওঁ দেখিলে যে ধৰ্মৰ লোকসকলে শিকাই বেলেগ আৰু কৰে বেলেগ। কিন্তু যেতিয়া তেওঁ নিজৰ মাকক হেৰুৱাৰ দুখ সহি আছিল, তেতিয়া তেওঁ এটা বাইবেল অধ্যয়নত বহিলে, যি এজন যিহোৱাৰ সাক্ষীয়ে চলাই আছিলে। যেতিয়া তেওঁ ঈশ্বৰৰ নাম শুনিলে, তেতিয়া তেওঁ বহুত আনন্দিত হʼল। তেওঁ এইদৰে কৈছে, “মই আগতে কেতিয়াও ঈশ্বৰৰ নাম শুনা নাছিলোঁ।” তেওঁ এয়াও কৈছে, “মই প্ৰথমবাৰ জানিব পাৰিলোঁ যে ঈশ্বৰ সঁচাকৈ আছে আৰু তেওঁৰ আমাৰ দৰে ভাৱনা আৰু গুণ আছে। মই বুজিলোঁ যে মই এজন বন্ধু পালোঁ।”

১৭. আপুনি সদায় যিহোৱাৰ নাম প্ৰশংসা কৰি থাকিব বুলি কিয় থিৰাং কৰিছে? (ছবিখনো চাওক।)

১৭ আপুনি প্ৰচাৰ কৰাৰ সময়ত আৰু শিকোৱাৰ সময়ত ঈশ্বৰৰ নাম যিহোৱা হয় বুলি লোকসকলক কয় নে? আপুনি তেওঁলোকক বুজাই নে যে আমাৰ ঈশ্বৰ কেনে ব্যক্তি হয়? যদি এইদৰে কৰি আছে, তেনেহʼলে আপুনি ঈশ্বৰৰ নাম প্ৰশংসা কৰিছে বুলি দেখুৱাব। আপুনি সদায় যিহোৱাৰ পবিত্ৰ নাম প্ৰশংসা কৰি থাকক আৰু তেওঁৰ বিষয়ে জানিবলৈ লোকসকলক সহায় কৰি থাকক, এয়াই আমাৰ প্ৰাৰ্থনা। এইদৰে আপুনি তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰিব। আপুনি আমাৰ ৰজা যীচুৰ উদাহৰণত চলি থাকিব পাৰিব। আটাইতকৈ ডাঙৰ কথা আপুনি পিতৃ যিহোৱাৰ মন আনন্দিত কৰিব পাৰিব, যিজনে আমাক বহুত প্ৰেম কৰে। গতিকে আহক ‘যুগে যুগে অনন্ত কাললৈকে তেওঁৰ নাম প্ৰশংসা’ কৰি থাকোঁ।—গীত. ১৪৫:২.

যেতিয়া আমি লোকসকলক যিহোৱাৰ নাম আৰু তেওঁ কেনে ঈশ্বৰ হয় তাৰ বিষয়ে জনাওঁ, তেতিয়া আমি তেওঁৰ নাম প্ৰশংসা কৰি আছোঁ বুলি দেখুৱাওঁ (অনুচ্ছেদ ১৭ চাওক)

যেতিয়া আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ, তেতিয়া ইয়াৰ পৰা . . .

  • যিহোৱা কেনেকৈ আনন্দিত হয়?

  • যীচু কেনেকৈ আনন্দিত হয়?

  • লোকসকলৰ জীৱন কেনেকৈ ৰক্ষা পৰিব পাৰে?

গীত ২ যিহোৱা তোমাৰ নাম

a প্ৰমাণবোৰৰ পৰা জানিব পাৰি যে আৰম্ভণিতে যেতিয়া মাৰ্কে যীচুৱে কোৱা এই কথা লিখিছিল, তেতিয়া তেওঁ ঈশ্বৰৰ নামো লিখিছিল। সেইবাবে, পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ বাইবেলত এই পদত যিহোৱাৰ নাম লিখা হৈছে। এই পদত দিয়া অধ্যয়ন নোট চাওক।

b কিছুমান নাম সলনি কৰা হৈছে।