এটা বিশেষ প্ৰশ্ন!
মাৰিয়া আৰু তাইৰ স্বামী জʼন a যিখন দেশত থাকে, তাত ফিলিপাইনৰ পৰা বহুতো লোকে থাকিবলৈ আৰু কাম কৰিবলৈ আহে। এই লোকসকলক শুভবাৰ্তা শুনাই তেওঁলোকৰ বহুত ভাল লাগে। কʼভিড ১৯ মহামাৰীৰ সময়ছোৱাত মাৰিয়াই বহুতো বাইবেল অধ্যয়ন আৰম্ভ কৰিলে। তাইৰ বিদ্যাৰ্থীসকল অকল সেই দেশতে নহয়, আন আন দেশতো আছে। তেনেহʼলে মাৰিয়াই ইমান কেইটা অধ্যয়ন কেনেকৈ আৰম্ভ কৰিলে?
মাৰিয়াই প্ৰায়ে নিজৰ বিদ্যাৰ্থীসকলক এটা প্ৰশ্ন সোধে, “আপুনি এনে কোনো ব্যক্তিৰ বিষয়ে জানেনে, যিজনে বাইবেল অধ্যয়ন কৰিব বিচাৰে?” যদি তেওঁলোকে হয় বুলি কয়, তেনেহʼলে তাই তেওঁলোকক কয় যে আপুনি তেওঁৰ লগত মোক লগ কৰাই দিব পাৰিব নে? প্ৰায়ে দেখা গৈছে যে কেৱল এই প্ৰশ্ন সুধিলে তাৰ আচৰিতজনক পৰিণাম পোৱা যায়। কেনেকৈ বাৰু? যেতিয়া এজন বিদ্যাৰ্থীয়ে সত্য শিকিবলৈ ধৰে, তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ লোকআৰু বন্ধুসকলক ইয়াৰ বিষয়ে জনাব বিচাৰে। মাৰিয়াই এই প্ৰশ্ন সোধাৰ বাবে কি পৰিণাম হʼল? আহক এই বিষয়ে চাওঁ।
মাৰিয়াৰ বাইবেল বিদ্যাৰ্থী জেচমিনে নিজৰ চাৰিজনী বান্ধৱীৰ লগত তাইক লগ কৰালে। তাৰে মাজৰ এজনী আছিল ক্ৰীষ্টিন। তাই বাইবেল অধ্যয়ন কৰি ইমানে ভাল পালে যে তাই সপ্তাহত দুবাৰ অধ্যয়ন কৰিব বিচাৰোঁ বুলি মাৰিয়াক কʼলে। যেতিয়া মাৰিয়াই তাইক সুধিলে যে আন কোনোবাই অধ্যয়ন কৰিব বিচাৰে নে, তেতিয়া ক্ৰীষ্টিনে তাইক কʼলে, “হয়, মোৰ কিছুমান বন্ধু আছে, যাৰ লগত মই আপোনাক লগ কৰাই দিম।” কিছু সপ্তাহৰ ভিতৰতে ক্ৰীষ্টিনে মাৰিয়াক তাইৰ চাৰিজনী বান্ধৱীক লগ কৰাই দিলে, যিসকলে অধ্যয়ন কৰিব বিচাৰিছিল। আগলৈ গৈ ক্ৰীষ্টিনে নিজৰ আন কিছুমান বান্ধৱীৰ লগত তাইক লগ কৰালে। তেওঁলোকে মাৰিয়াক আৰু কিছুমান লোকৰ নাম দিলে।
ক্ৰীষ্টিনৰ পৰিয়াল ফিলিপাইনত থাকে আৰু তেওঁলোকেও বাইবেল অধ্যয়ন কৰাটো তাই বিচাৰিছিল। সেইবাবে, তাই নিজৰ ছোৱালী এণ্ড্ৰিয়াৰ লগত কথা পাতিলে। এণ্ড্ৰিয়াই আগতে ভাবিছিল, ‘সাক্ষীসকল বৰ অদ্ভুত ধৰণৰ লোক হয়, তেওঁলোকে অকল পুৰণি নিয়ম পঢ়ে আৰু যীচুক বিশ্বাস নকৰে।’ প্ৰথমবাৰ অধ্যয়ন কৰোঁতেই তাইৰ অনুভৱ হʼল যে তাই সাক্ষীসকলৰ বিষয়ে যি ভাবিছিল, সেয়া একেবাৰে ভুল আছিল। যেতিয়া তাই অধ্যয়নত কিবা নতুন কথা শিকিছিল, তেতিয়া লগে লগে তাই কৈছিল, “বাইবেলততো ইয়াৰ বিষয়ে স্পষ্টকৈ কোৱা আছে, আমি এয়াই পালন কৰা উচিত।”
কিছু সময়ৰ ভিতৰতে এণ্ড্ৰিয়াই তাইৰ লগত কাম কৰা এগৰাকী তিৰোতা আৰু দুজনী বান্ধৱীৰ বিষয়ে মাৰিয়াক জনালে। সেই তিনিজনেও অধ্যয়ন আৰম্ভ কৰিলে। এণ্ড্ৰিয়াৰ এঞ্জেলা নামৰ এজনী পেহীয়েক আছে আৰু তাই চকুৰে দেখা নাপায়। যেতিয়া এণ্ড্ৰিয়াই অধ্যয়ন কৰিছিল, তেতিয়া তাইয়ো শুনিছিল। কিন্তু মাৰিয়াই ইয়াৰ বিষয়ে জনা নাছিল। এঞ্জেলাই এদিন এণ্ড্ৰিয়াক মাৰিয়াৰ লগত কথা পতাই দিবলৈ কʼলে। তাৰ পাছত পেহীয়েকৰ অধ্যয়ন আৰম্ভ হʼল। অধ্যয়ন কৰি এঞ্জেলাক ভাল লাগিবলৈ ধৰিলে। তাই এমাহতে বহুকেইটা পদ মুখস্থ কৰি লৈছিল আৰু সপ্তাহত চাৰিবাৰকৈ অধ্যয়ন কৰিব বিচাৰিছিল। ইয়াৰ ওপৰিও, তাই এণ্ড্ৰিয়াৰ সহায়ত অনলাইনৰ যোগেদি সভাত উপস্থিত হʼবলৈ ধৰিলে।
মাৰিয়াই লক্ষ্য কৰিলে যে যেতিয়াই ক্ৰীষ্টিনৰ অধ্যয়ন হৈছিল, তেতিয়াই তাইৰ স্বামী যচূৱা তাইৰ আশে-পাশে থাকিছিল। সেইবাবে, মাৰিয়াই সুধিলে, “আপুনিও আমাৰ লগত অধ্যয়নত বহিব বিচাৰে নে?” যচূৱাই কʼলে, “মই অকল বহি শুনিম তুমি মোক একো নুসুধিবা। যদি মোক কিবা প্ৰশ্ন সোধা, তেনেহʼলে মই লগে লগে উঠি গুচি যাম।” অধ্যয়ন আৰম্ভ হোৱাৰ পাঁচ মিনিটো হোৱা নাছিল আৰু যচূৱাই বহুতো প্ৰশ্ন সুধিবলৈ ধৰিলে। তেওঁ নিজৰ পত্নীতকৈও বেছি প্ৰশ্ন সুধিলে আৰু কʼলে মইয়ো অধ্যয়ন কৰিব বিচাৰোঁ।
মাৰিয়াই অকল এটা প্ৰশ্ন সোধাৰ বাবে তাই বহুতো লোকক লগ কৰিব পাৰিলে। তাই ইমানে বাইবেল অধ্যয়ন পালে যে কিছুমান অধ্যয়ন তাই আন ভাই-ভনীসকলক দিলে। তাই ২৮ জন লোকৰ লগত বাইবেল অধ্যয়ন কৰিলে, যিসকল চাৰিখন বেলেগ বেলেগ দেশত থাকে।
এই অনুভৱত কোৱা মাৰিয়াৰ প্ৰথম বিদ্যাৰ্থী জেচমিনে ২০২১ চনৰ এপ্ৰিল মাহত বাপ্তিষ্মা লʼলে। ক্ৰীষ্টিনৰ বাপ্তিষ্মা ২০২২ চনৰ মে’ মাহত হʼল। ইয়াৰ পাছত তাই নিজৰ পৰিয়ালৰ লগত থাকিবলৈ ফিলিপাইনত উভতি গʼল। ক্ৰীষ্টিনৰ স্বামী যচূৱা আৰু তেওঁৰ ছোৱালী এণ্ড্ৰিয়া এতিয়া ভালদৰে উন্নতি কৰি আছে। ক্ৰীষ্টিনে যি দুগৰাকী লোকক মাৰিয়াৰ লগত লগ কৰাই দিছিল, তেওঁলোকেও বাপ্তিষ্মা লʼলে। ইয়াৰ কিছু মাহৰ পাছত এঞ্জেলাৰ বাপ্তিষ্মা হʼল আৰু তাই এতিয়া অগ্ৰগামী সেৱক হিচাপে সেৱা কৰি আছে। মাৰিয়াৰ আন বিদ্যাৰ্থীসকলে নিয়মীয়াকৈ শিকি আছে আৰু তেওঁলোকৰ অন্তৰত যিহোৱাৰ বাবে প্ৰেম বাঢ়ি আছে।
প্ৰথম শতিকাত যেতিয়া লোকসকলে শুভবাৰ্তা শুনিছিল, তেতিয়া তেওঁলোকে ইয়াক নিজৰ মাজতে ৰখা নাছিল, তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ পৰিয়াল আৰু বন্ধুসকলক ইয়াৰ বিষয়ে জনাইছিল। (যোহ. ১:৪১, ৪২ক; পাঁচ. ১০:২৪, ২৭, ৪৮; ১৬:২৫-৩৩) আপুনিও নিজৰ বাইবেল বিদ্যাৰ্থী আৰু আগ্ৰহী লোকসকলক এই প্ৰশ্ন সুধিব পাৰে, “আপুনি এনে কোনো ব্যক্তিৰ বিষয়ে জানেনে, যিজনে বাইবেল অধ্যয়ন কৰিব বিচাৰে?” কি জানি এই প্ৰশ্নই আপোনাক বহুত বাইবেল অধ্যয়ন পাবলৈ সহায় কৰিব পাৰে।
a কিছুমান নাম সলনি কৰা হৈছে।