Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৮

গীত নং ১৩০ ক্ষমা কৰিবলৈ শিকক

যিহোৱাই আপোনাক ক্ষমা কৰিছে—আপুনি আনক ক্ষমা কৰিব নে?

যিহোৱাই আপোনাক ক্ষমা কৰিছে—আপুনি আনক ক্ষমা কৰিব নে?

“যিহোৱাই যিদৰে তোমালোকক হৃদয় খুলি ক্ষমা কৰিলে, তোমালোকেও সেইদৰেই কৰা।”কল. ৩:১৩.

কি শিকিম?

এই লেখত আমি শিকিম যে যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে, তেতিয়া তেওঁক ক্ষমা কৰিবলৈ আমি কি কৰিব পাৰোঁ।

১-২. (ক) বিশেষকৈ আনক ক্ষমা কৰিবলৈ কেতিয়া আমাৰ বাবে কঠিন হʼব পাৰে? (খ) ক্ষমা কৰাৰ ক্ষেত্ৰত ভনী ডেনিচে কি ভাল উদাহৰণ ৰাখিলে?

 আনক ক্ষমা কৰিবলৈ আপোনাৰ বাবে কঠিন হয় নে? আমাৰ সকলোৰে বাবে কঠিন হয়। বিশেষকৈ সেই সময়ত যেতিয়া কোনোবাই আমাক এনে এটা কথা কয় বা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে। কিন্তু সেই সময়ত খং পুহি নাৰাখি আনক ক্ষমা কৰিব পাৰোঁ নে? নিশ্চয় কৰিব পাৰোঁ। খন্তেকৰ বাবে ভনী ডেনিচৰ a উদাহৰণলৈ মন কৰক, যি ক্ষমা কৰাৰ ক্ষেত্ৰত আমাৰ বাবে এক ভাল উদাহৰণ হয়। চন ২০১৭-ত তেওঁলোকৰ পৰিয়ালে নতুন মূখ্য কাৰ্য্যালয় চাবলৈ গৈছিল আৰু উভতি আহোঁতে এজন মানুহে নিজৰ গাড়ীখন চম্ভালিব নোৱাৰিলে, সেইবাবে তেওঁলোকৰ গাড়ীখনক খুন্দা মাৰিলে। ভনী অচেতন হৈ পৰিল। কিন্তু পাছত যেতিয়া তাই চেতনা পালে, তেতিয়া তাই জানিব পাৰিলে যে তাইৰ লʼৰা-ছোৱালীবিলাকে বেয়াকৈ আঘাত পাইছে আৰু তাইৰ স্বামী ব্ৰায়নৰ মৃত্যু হʼল। সেই ঘটনাটো মনত পেলাই ভনীয়ে এইদৰে কৈছে, “যেতিয়া মই সেই খবৰ শুনিলোঁ, তেতিয়া মই একেবাৰে ভাগি পৰিলোঁ, কি কৰিম বুজিয়ে পোৱা নাছিলোঁ।” পাছত ভনীয়ে যেতিয়া গʼম পালে যে সেই ব্যক্তিজনে মদ খাইছিল বা তেওঁৰ ধ্যান বিচলিত হৈছিল বুলি সেই একচিডেন হোৱা নাছিল, তেতিয়া ভনীয়ে মনৰ শান্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, যাতে নিজকে চম্ভালিব পাৰে।

সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হʼল, কাৰণ তেওঁ তেজৰ দোষী আছিল। তেওঁৰ বিৰোধে মোকৰ্দ্দমা চলোৱা হʼল আৰু যদি তেওঁ দোষী বুলি প্ৰমাণিত হয়, তেনেহʼলে তেওঁ শাস্তি পালেহেঁতেন। ভনীক কোৱা হʼল যে সেই ব্যক্তিজনে শাস্তি পাব নে নাই, সেয়া তেওঁ যি সাক্ষ্য দিব তাৰ ওপৰতে নিৰ্ভৰ কৰে। ভনী ডেনিচে এইদৰে কৈছে, “মোৰ জীৱনৰ আটাইতকৈ দুখজনক ঘটনা মোক আকৌ মনত পেলাবলগীয়া আছিল। মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ আঘাত পোৱা ঠাইৰ চিলাই খুলি দিছে আৰু তাত এসোপা নিমখ দি দিছে।” কিছু সপ্তাহৰ পাছত ভনী আদালতত আছিল আৰু তাই সেই ব্যক্তি জনৰ বিৰোধে সাক্ষ্য দিবলগীয়া আছিল, যাৰ বাবে তাইৰ জীৱন একেবাৰে সলনি হৈ গৈছিল। তেতিয়া ভনীয়ে কি কৰিলে? তাই সেই ব্যক্তিজনক ক্ষমা কৰিবলৈ ন্যায়াধীশজনক অনুৰোধ কৰিলে। b এই কথা শুনি ন্যায়াধীশজনৰ চকুপানী ওলাই পৰিল আৰু তেওঁ কʼলে, “মই ২৫ বছৰ ধৰি ন্যায়াধীশ হওঁ, কিন্তু যাৰ লগত অন্যায় হৈছে, তেওঁক অপৰাধীজনৰ বাবে দয়া দেখুৱাবলৈ অনুৰোধ কৰাটো কেতিয়াও দেখা নাই। এজন অপৰাধীক প্ৰেম দেখুৱা মই প্ৰথম বাৰ দেখিছোঁ।”

৩. ভনী ডেনিচে সেই ব্যক্তিজনক কিয় ক্ষমা কৰিব পাৰিলে?

ভনী ডেনিচে সেই ব্যক্তিজনৰ ইমান ডাঙৰ ভুল কিয় ক্ষমা কৰিব পাৰিলে? ভনীয়ে চিন্তা কৰিলে যে যিহোৱাই আমাৰ কিমান ডাঙৰ পাপ ক্ষমা কৰিলে। সেইবাবে, তাই এইদৰে কৰিব পাৰিলে। (মীখা ৭:১৮) যদি আমি চিন্তা কৰোঁ যে যিহোৱাই আমাৰ কিমান গভীৰ পাপবোৰ ক্ষমা কৰে, তেতিয়া আনৰ ভুল ক্ষমা কৰিবলৈ আমিও উৎসাহিত হʼম।

৪. যিহোৱাই আমাৰ পৰা কি বিচাৰে? (ইফিচীয়া ৪:৩২)

যিহোৱাই আমাক সম্পূৰ্ণৰূপে ক্ষমা কৰিছে আৰু আমিও আনক এইদৰে ক্ষমা কৰাটো তেওঁ বিচাৰে। (ইফিচীয়া ৪:৩২ পঢ়ক।) যিসকল লোকে আমাক আঘাত দিছে, আমি তেওঁলোকক ক্ষমা কৰাটো যিহোৱাই বিচাৰে। (গীত. ৮৬:৫; লূক ১৭:৪) এই লেখত আমি তিনিটা কথাৰ বিষয়ে আলোচনা কৰিম, যিবোৰ মনত ৰাখিলে আমি আনক অন্তৰৰ পৰা ক্ষমা কৰিব পাৰিম।

নিজৰ দুখ আওকাণ নকৰিব

৫. যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমাৰ কেনে লাগে? (হিতোপদেশ ১২:১৮)

বহুবাৰ লোকসকলে এনে কথা কয় বা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে। যদি সেই ব্যক্তিজন আমাৰ বন্ধু বা পৰিয়ালৰ লোক হয়, তেনেহʼলে বেছিকৈ দুখ লাগে। (গীত. ৫৫:১২-১৪) কেতিয়াবা কেতিয়াবা ইমানেই দুখ লাগে যে এনে অনুভৱ হয় যেন কোনোবাই আমাক চুৰিৰে আঘাত কৰিলে আৰু সেইখন তাতে এৰি দিছে। (হিতোপদেশ ১২:১৮ পঢ়ক।) যেতিয়া আমি নিজৰ দুখ আওকাণ কৰোঁ আৰু সকলোবোৰ ঠিকে আছে বুলি ভাবোঁ, তেতিয়া আমাৰ দুখ কম নহয়। এয়া এনে হয় যেন আমাক যি চুৰিৰে আঘাত কৰা হৈছিল, সেইখন আমি উলিয়াবলৈ চেষ্টাই কৰা নাই। মনত ৰাখক, দুখক আওকাণ কৰিলে আপোনাৰ দুখ কম নহʼব।

৬. যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে তেতিয়া কি হʼব পাৰে?

যেতিয়া কোনোবাই আমাৰ মনত আঘাত দিয়ে, তেতিয়া আমাৰ হয়তো খং উঠিব পাৰে। বাইবেলতো কোৱা হৈছে যে মানুহৰ খং উঠিব পাৰে। কিন্তু তাত এয়াও কোৱা হৈছে যে আমি নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰা উচিত। (গীত. ৪:৪; ইফি. ৪:২৬) কিয় বাৰু? কাৰণ আমি যিদৰে ভাবোঁ বা অনুভৱ কৰোঁ, তাৰ অনুসৰি কামো কৰোঁ। সেইবাবে, যদি আমি মনতে কাৰোবাক খং কৰি থাকোঁ, তেনেহʼলে ইয়াৰ বেয়া পৰিণাম হʼব। (যাকো. ১:২০) মনত ৰাখক, আমাৰ খং উঠিব পাৰে, কিন্তু আমি খং পুহি ৰাখিম নে তাক এৰি দিম, এয়া আমাৰ হাতত আছে।

আমাৰ খং উঠিব পাৰে, কিন্তু আমি খং পুহি ৰাখিম নে তাক এৰি দিম, এয়া আমাৰ হাতত আছে

৭. যেতিয়া কোনোবাই আমাক দুখ দিয়ে, তেতিয়া আমি আৰু কেনে অনুভৱ কৰোঁ?

যেতিয়া কোনোবাই আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি কেনে অনুভৱ কৰোঁ? এই উদাহৰণবোৰলৈ মন কৰক, এন নামৰ ভনীয়ে এইদৰে কৈছে, “যেতিয়া মই সৰু আছিলোঁ, তেতিয়া মোৰ দেউতাই মাক এৰি গুচি গৈছিল আৰু যিগৰাকী তিৰোতাই মোৰ চোৱা-চিতা কৰিছিল, তেওঁক বিয়া পাতিছিল। মই একেবাৰে অকলশৰীয়া অনুভৱ কৰিছিলোঁ। যেতিয়া দেউতাৰ আন লʼৰা-ছোৱালী হʼল, তেতিয়া তেওঁলোকে মোৰ ঠাই লৈ লʼলে বুলি মই ভাবিছিলোঁ। মই নিজকে একেবাৰে অযোগ্য আৰু কাকো মোৰ প্ৰয়োজন নাই বুলি ভাবিবলৈ ধৰিলোঁ।” ভনী জাৰ্জেটৰ স্বামীয়ে যেতিয়া তাইক বিশ্বাসঘাত কৰিলে, তেতিয়া তাই কেনে অনুভৱ কৰিছিল তাৰ বিষয়ে তাই এইদৰে কৈছে, “আমি সৰুৰে পৰা বন্ধু আছিলোঁ আৰু একেলগে অগ্ৰগামী সেৱা কৰিছিলোঁ। কিন্তু যেতিয়া তেওঁ এইদৰে কৰিলে, তেতিয়া মই একেবাৰে ভাগি পৰিলোঁ।” তাৰ পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হʼল। ভনী নয়মীয়ে কৈছে, “মোৰ স্বামীয়ে মোক ইমান দুখ দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। যেতিয়া তেওঁ মোক জনালে যে তেওঁ লুকাই লুকাই অশ্লীল ছবি আৰু ভিডিঅʼ চায়, তেতিয়া মোৰ এনে লাগিল যেন মোৰ লগত বিশ্বাসঘাত হৈছে আৰু তেওঁৰ ওপৰত মোৰ বিশ্বাস নাইকিয়া হʼল।”

৮. (ক) আমি আনক কিয় ক্ষমা কৰা উচিত? (খ) আনক ক্ষমা কৰিলে আমাৰ কি লাভ হয়? (“ যেতিয়া কোনোবাই আপোনাক আঘাত দিয়ে, তেতিয়া কি কৰিব” নামৰ বক্সখনো চাওক।)

আনে কি কয় বা কৰে সেয়া আমাৰ হাতত নাথাকে, কিন্তু সেই সময়ত আমি কি কৰিম এয়া আমাৰ হাতত থাকে। সেই সময়ত তেওঁলোকক ক্ষমা কৰাটোৱেই আমাৰ বাবে ভাল হʼব। কাৰণ আমি যিহোৱাক প্ৰেম কৰোঁ আৰু আমি আনক ক্ষমা কৰাটো তেওঁ বিচাৰে। কিন্তু আমি যদি খং কৰি থাকোঁ আৰু আনক ক্ষমা নকৰোঁ, তেনেহʼলে আমি অজ্ঞানীৰ দৰে কাম কৰিব পাৰোঁ আৰু আমাৰ স্বাস্থ্যও বেয়া হʼব পাৰে। (হিতো. ১৪:১৭, ২৯, ৩০) ভনী খ্ৰীষ্টিনৰ উদাহৰণলৈ মন কৰক। তাই কৈছে, “যেতিয়া মোৰ খং উঠে, তেতিয়া মোৰ আনন্দ নাইকিয়া হৈ যায়। মই নিজৰ স্বাস্থ্য আৰু খোৱা-বোৱাৰ প্ৰতি ধ্যান নিদিওঁ। মই ভালদৰে শুব নোৱাৰোঁ। নভৱা-নিচিন্তাকৈ কওঁ বা কাম কৰোঁ। ইয়াৰ বাবে মোৰ স্বামী আৰু আনৰ লগত মোৰ সম্পৰ্ক বেয়া হয়।”

৯. আমি কিয় খং পুহি ৰখা উচিত নহয়?

যিজন ব্যক্তিয়ে আমাক বহুত আঘাত দিছিল, তেওঁ হয়তো আমাক ক্ষমা নুখুজিবও পাৰে। সেই সময়ত আমি কি কৰিম? যদি আমি তেওঁক ক্ষমা কৰি দিওঁ, তেনেহʼলে আমাৰেই লাভ হʼব। ভনী জাৰ্জেটৰ উদাহৰণলৈ আকৌ মন কৰক। তাই কৈছে, “বিবাহ বিচ্ছেদৰ পাছতো মই খং কৰি আছিলোঁ। ইয়াৰ বাবে মই অশান্তিত আছিলোঁ। মোৰ অলপ সময় লাগিল, কিন্তু মই নিজৰ খং শেষ কৰিব পাৰিলোঁ। তেতিয়া মই মনৰ শান্তি পালোঁ।” খং পুহি ৰাখিলে আমাৰেই হানি হʼব। সেইবাবে, যেতিয়া আমি আনক ক্ষমা কৰোঁ, তেতিয়া আমাৰেই লাভ হয়। আমি আগৰ কথাবোৰ পাহৰি যাওঁ আৰু নিজৰ আনন্দ ঘূৰাই পাওঁ। (হিতো. ১১:১৭) ইয়াৰ পাছতো যদি আনক ক্ষমা কৰিবলৈ আপোনাৰ বাবে কঠিন হয়, তেনেহʼলে আপুনি কি কৰিব পাৰে?

খং পুহি নাৰাখিব

১০. কাৰোবাক অন্তৰৰ পৰা ক্ষমা কৰিবলৈ আমি কি কথা মনত ৰখা উচিত? (ছবিখনো চাওক।)

১০ হয়তো কোনোবাই আপোনাৰ মনত বহুত আঘাত দিছে আৰু সেয়া আপুনি পাহৰিব পৰা নাই, এনে পৰিস্থিতিত আপুনি কি কৰিব? মনত ৰাখক যে কাৰোবাক অন্তৰৰ পৰা ক্ষমা কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, যেতিয়া এজন ব্যক্তিয়ে বেয়াকৈ আঘাত পায়, তেতিয়া সেই ঘাঁ ভাল হʼবলৈ সময়ৰ প্ৰয়োজন হয়। ঠিক সেইদৰে মনৰ আঘাত ভাল হʼবলৈও সময়ৰ প্ৰয়োজন হয়। ইয়াৰ পাছতহে আমি কাৰোবাক অন্তৰৰ পৰা ক্ষমা কৰিব পাৰোঁ।—উপ. ৩:৩; ১ পিত. ১:২২.

এজন ব্যক্তিয়ে যেতিয়া আঘাত পায়, তেতিয়া তেওঁক চোৱা-চিতা কৰাৰ প্ৰয়োজন হয় আৰু তাক ভাল হʼবলৈ সময়ৰ প্ৰয়োজন হয়। ঠিক সেইদৰে মনৰ আঘাত ভাল হʼবলৈও সময়ৰ প্ৰয়োজন হয় (অনুচ্ছেদ ১০ চাওক)


১১. আনক ক্ষমা কৰিবলৈ প্ৰাৰ্থনা কৰাটো কিয় গুৰুত্বপূৰ্ণ?

১১ ক্ষমা কৰিবলৈ প্ৰাৰ্থনা কৰাটো অতি গুৰুত্বপূৰ্ণ। c ভনী এনৰ উদাহৰণলৈ আকৌ মন কৰক। প্ৰাৰ্থনা কৰাৰ বাবে তাই কেনেকৈ সহায় পালে, তাৰ বিষয়ে তাই এইদৰে কৈছে, “আমাক সকলোকে ক্ষমা কৰিবলৈ মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। কাৰণ আমি সকলোৱে এনে কিবা কৈছিলোঁ বা কৰিছিলোঁ যি সঠিক নাছিল। তাৰ পাছত মই দেউতা আৰু তেওঁৰ পত্নীলৈ এখন চিঠি লিখিলোঁ আৰু মই তেওঁলোকক ক্ষমা কৰিলোঁ বুলি জনালোঁ।” ভনী এনৰ বাবে এইদৰে কৰাটো ইমান সহজ নাছিল, তথাপি তাই তেওঁলোকক ক্ষমা কৰিলে। তাই কৈছে, “যিহোৱাই আমাক ক্ষমা কৰে, সেইবাবে মই দেউতা আৰু তেওঁৰ পত্নীক ক্ষমা কৰিলোঁ। কিজানি আগলৈ গৈ তেওঁলোকে যিহোৱাৰ বিষয়ে শিকিব বিচাৰে।”

১২. আমি নিজৰ মনৰ কথা শুনাৰ পৰিৱৰ্তে কিয় যিহোৱাৰ ওপৰত ভৰসা ৰখা উচিত? (হিতোপদেশ ৩:৫, ৬)

১২ নিজৰ মনৰ কথা নুশুনিব, তাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক। (হিতোপদেশ ৩:৫, ৬ পঢ়ক।) আমাৰ বাবে কি ভাল, সেয়া যিহোৱাইহে ভালদৰে জানে। (যিচ. ৫৫:৮, ৯) তেওঁ আমাক কেতিয়াও এনে কাম কৰিবলৈ নকʼব, যি কৰিলে আমাৰ হানি হʼব। সেইবাবে, যেতিয়া তেওঁ আমাক ক্ষমা কৰিবলৈ কয়, তেতিয়া আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ যে ইয়াৰ পৰা আমাৰেই লাভ হʼব। (গীত. ৪০:৪; যিচ. ৪৮:১৭, ১৮) কিন্তু আমি যদি নিজৰ মনৰ কথা শুনোঁ, তেনেহʼলে আমি হয়তো আনক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। (হিতো. ১৪:১২; যিৰি. ১৭:৯) ওপৰত উল্লেখ কৰা ভনী নয়মীয়ে এইদৰে কৈছে, “মই ভাবি লৈছিলোঁ যে যিয়েই নহওক কিয়, মই মোৰ স্বামীক কেতিয়াও ক্ষমা নকৰিম। কাৰণ তেওঁক যদি ক্ষমা কৰোঁ, তেনেহʼলে তেওঁ সেই ভুল আকৌ কৰিব আৰু মোক কিমান আঘাত দিছে সেয়া পাহৰি যাব। যিহোৱাই মোক বুজি পায়, গতিকে এইদৰে কৰাটো ভাল হʼব বুলি মই ভাবিছিলোঁ। কিন্তু পাছত মোৰ অনুভৱ হʼল, এয়া সঁচা যে যিহোৱাই মোৰ ভাৱনা বুজি পাই কিন্তু তেওঁ মোৰ কথাত সন্মতও যে হʼব এনে নহয়। তেওঁ জানে যে মই কেনে অনুভৱ কৰিছোঁ আৰু মই পোৱা আঘাত ভাল হʼবলৈ সময় লাগিব। কিন্তু মই নিজৰ স্বামীক ক্ষমা কৰাটোও তেওঁ বিচাৰে।” d

নিজৰ চিন্তাধাৰা সলনি কৰক

১৩. ৰোমীয়া ১২:১৮-২১ পদৰ অনুসৰি আমি কি কৰিব লাগিব?

১৩ হয়তো যিজন ব্যক্তিয়ে আমাক বহুত আঘাত দিছিল, আমি তেওঁক ক্ষমা কৰিলোঁ আৰু তাৰ বিষয়ে আৰু কেতিয়াও কথা নাপাতোঁ। কিন্তু আমি যদি তেওঁক সঁচাকৈ ক্ষমা কৰিলোঁ, তেনেহʼলে আমি আৰু কিছুমান কাম কৰিম। যদি সেই ব্যক্তিজন আমাৰ ভাই বা ভনী হয়, তেনেহʼলে তেওঁৰ লগত শান্তি বজাই ৰাখিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিম। (মথি ৫:২৩, ২৪) আমি খং কৰাৰ পৰিৱৰ্তে তেওঁক দয়া দেখুৱাম। খং পুহি ৰখাৰ পৰিৱৰ্তে তেওঁক ক্ষমা কৰিম। (ৰোমীয়া ১২:১৮-২১ পঢ়ক; ১ পিত. ৩:৯) কিন্তু আমি এইদৰে কেতিয়া কৰিব পাৰিম?

১৪. আমি কি কৰিবলৈ চেষ্টা কৰা উচিত আৰু কিয়?

১৪ যিহোৱাই লোকসকলৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে। (২ বং. ১৬:৯; গীত. ১৩০:৩) আমিও যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰা উচিত আৰু যিজন ব্যক্তিয়ে আমাক আঘাত দিছে, তেওঁৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত। যদি আমি ভাল গুণবোৰলৈ ধ্যান দিওঁ, তেনেহʼলে ভাল গুণবোৰ দেখা পাম আৰু যদি তেওঁৰ বেয়া গুণবোৰলৈ ধ্যান দিম, তেনেহʼলে বেয়াহে দেখা পাম। সেইবাবে, যেতিয়া আমি আনৰ ভাল গুণবোৰলৈ ধ্যান দিওঁ, তেতিয়া তেওঁক ক্ষমা কৰিবলৈ আমাৰ বাবে সহজ হৈ পৰিব। ভাই জেৰাৰ্ডে কৈছে, “যেতিয়া কোনো এজন ভায়ে মোৰ মনত আঘাত দিয়ে, তেতিয়া মই তেওঁৰ এটা ভুলৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁৰ বহুতো ভাল গুণৰ বিষয়ে চিন্তা কৰোঁ। এইদৰে কৰিলে তেওঁক ক্ষমা কৰিবলৈ মোৰ বাবে সহজ হৈ পৰে।”

১৫. যদি আপুনি কোনো এজন ব্যক্তিক ক্ষমা কৰিলে, তেনেহʼলে সেই কথাটো তেওঁক জনোৱাটো কিয় গুৰুত্বপূৰ্ণ?

১৫ যিজন ভাই বা ভনীয়ে আমাৰ মনত আঘাত দিছে, তেওঁৰ লগত আকৌ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ আমি আৰু এটা কাম কৰিব লাগিব। তেওঁক জনাব লাগিব যে আমি তেওঁক ক্ষমা কৰিলোঁ। এনে কৰাটো কিয় গুৰুত্বপূৰ্ণ? মন কৰক ভনী নয়মীয়ে কি কৈছিল, “যেতিয়া মোৰ স্বামীয়ে মোক সুধিলে যে তুমি মোক ক্ষমা কৰিলা নে? তেতিয়া মই একোৱে কʼব নোৱাৰিলোঁ। সেই সময়ত মোৰ অনুভৱ হʼল যে মই তেওঁক অন্তৰৰ পৰা ক্ষমা কৰা নাছিলোঁ। কিন্তু কিছু সময়ৰ পাছত মই তেওঁক অন্তৰৰ পৰা কʼব পাৰিলোঁ ‘মই আপোনাক ক্ষমা কৰিলোঁ।’ এই কথা শুনি তেওঁৰ চকুপানী বৈ আহিল আৰু তেওঁৰ মনৰ পৰা এটা ডাঙৰ বোজা আঁতৰি গʼল। মোৰ মনটোও পাতল লাগিল। মই পুনৰ তেওঁৰ ওপৰত ভৰসা কৰিবলৈ ধৰিলোঁ আৰু ভাল বন্ধু হৈ পৰিলোঁ।”

১৬. আনক ক্ষমা কৰিবলৈ আমি কি কৰা উচিত?

১৬ আমি আনক ক্ষমা কৰাটো যিহোৱাই বিচাৰে। (কল. ৩:১৩) কিন্তু বহুবাৰ এইদৰে কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে, তথাপিও আমি এইদৰে কৰিব পাৰোঁ। কেনেকৈ বাৰু? যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমি নিজৰ ভাৱনাক আওকাণ কৰিব নালাগে। সেই ব্যক্তিজনক খং নকৰিবলৈ আৰু তেওঁৰ প্ৰতি ভাল চিন্তাধাৰা ৰাখিবলৈ আমি চেষ্টা কৰা উচিত। (“ আনক কেনেকৈ ক্ষমা কৰিম—তিনিটা উপায়” নামৰ বক্সখন চাওক।)

ক্ষমা কৰিলে লাভ হয়

১৭. আমি কিয় আনক ক্ষমা কৰা উচিত?

১৭ আনক ক্ষমা কৰিবলৈ আমাৰ ওচৰত বহুতো কাৰণ আছে। তাৰে মাজৰ কিছুমানৰ ওপৰত ধ্যান দিয়ক। যেতিয়া আমি আনক ক্ষমা কৰোঁ, তেতিয়া (১) আমি আমাৰ মৰমিয়াল পিতৃ যিহোৱাৰ দৰে হওঁ আৰু তেওঁৰ মন আনন্দিত কৰোঁ। (লূক ৬:৩৬) (২) আমি দেখুৱাও যে যিহোৱাই আমাক ক্ষমা কৰাৰ বাবে তেওঁৰ প্ৰতি আমি বহুত কৃতজ্ঞ। (মথি ৬:১২) আৰু (৩) আমাৰ স্বাস্থ্য আৰু আনৰ লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকে।

১৮-১৯. আনক ক্ষমা কৰিলে কি পৰিণাম হʼব পাৰে?

১৮ যেতিয়া আমি আনক ক্ষমা কৰোঁ, তেতিয়া আমি বহুতো আশীৰ্বাদ পাওঁ। আহক ভনী ডেনিচৰ উদাহৰণলৈ আকৌ মন কৰোঁ। যিজন ব্যক্তিয়ে ভনীৰ গাড়ীক খুন্দা মাৰিছিল তেওঁ মোকৰ্দ্দমাৰ পাছত আত্মহত্যা কৰিম বুলি আগতে ভাবি থৈছিল। ভনীয়ে এই কথা গʼম পোৱা নাছিল। কিন্তু যেতিয়া ভনীয়ে তেওঁক ক্ষমা কৰিলে, তেতিয়া এই কথাই তেওঁৰ হৃদয় স্পৰ্শ কৰিলে আৰু তেওঁ যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে।

১৯ আনক ক্ষমা কৰাটো আমাৰ বাবে কঠিন হʼব পাৰে। কিন্তু আমি যদি এইদৰে কৰোঁ, তেনেহʼলে আমি বহুতো আশীৰ্বাদ পাম। (মথি ৫:৭) তেনেহʼলে আহক আমি নিজৰ পিতৃ যিহোৱাৰ দৰে হওঁ আৰু আনক ক্ষমা কৰোঁ।

গীত নং ১২৫ দয়ালুসকল সুখী!

a কিছুমান নাম সলনি কৰা হৈছে।

b এনে পৰিস্থিতিত প্ৰতিজন খ্ৰীষ্টানে নিজে নিৰ্ণয় লʼবলগীয়া হয় যে তেওঁ কি কৰিব।

c jw.org-ত দিয়া হিন্দী ব্ৰডকাষ্টিঙৰ এই গানবোৰ চাওক, “এজনে-আনজনক ক্ষমা কৰক”, “অন্তৰৰ পৰা ক্ষমা কৰোঁ” আৰু “আহা শান্তি স্থাপন কৰোঁ।”

d অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাটো এটা ডাঙৰ পাপ হয় আৰু ইয়াৰ বাবে নিৰ্দোষী সংগীয়ে বহুত আঘাত পায়। কিন্তু বাইবেলৰ অনুসৰি নিৰ্দোষী সংগীয়ে ইয়াৰ বাবে তালাক লʼব নোৱাৰে।