Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৬

গীত নং ১৮ মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা

যিহোৱাই আপোনাক ক্ষমা কৰিছে—তেওঁৰ কৃতজ্ঞ হওক

যিহোৱাই আপোনাক ক্ষমা কৰিছে—তেওঁৰ কৃতজ্ঞ হওক

ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে।”যোহ. ৩:১৬.

কি শিকিম?

আমি শিকিম যে যিহোৱাই আমাৰ পাপ ক্ষমা কৰিবলৈ কি কি কৰিলে। ইয়াৰ সহায়ত যিহোৱাৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বাঢ়িব।

১-২. আমাৰ পৰিস্থিতিও কেনেকৈ অনুচ্ছেদত কোৱা সেই ডেকা লʼৰাজনৰ দৰে হয়?

 এনে এজন লʼৰাৰ বিষয়ে চিন্তা কৰক, যি বহুত ধনী পৰিয়ালৰ হয়। তেওঁ এদিনাখন গʼম পালে যে এটা দুৰ্ঘটনাত তেওঁৰ মা-দেউতাকৰ মৃত্যু হʼল। এয়া শুনি তেওঁ একেবাৰে ভাঙি পৰিছিল। কিন্তু তেওঁ আৰু এটা বেয়া খবৰ পালে। তেওঁৰ মা-দেউতাকে সকলো সম্পত্তি শেষ কৰি পেলালে। ইয়াৰ উপৰিও তেওঁলোকে বহুত ধাৰো লৈছিল, যি এতিয়া তেওঁ ঘূৰাই দিব লাগিব। ইয়াৰ উপৰিও তেওঁৰ মা-দেউতাকে যিসকল লোকৰ পৰা ধাৰ লৈছিল, তেওঁলোকেও সেই লʼৰাজনক আমনি কৰিবলৈ ধৰিলে। আপুনি কল্পনা কৰিব পাৰে নে সেই লʼৰাজনৰ কেনে অনুভৱ হৈছিল? তেওঁ উত্তৰাধিকাৰী হিচাপে ধন-সম্পত্তি পাবলগীয়া আছিল, কিন্তু তেওঁ সেয়া নাপালে। তাৰ পৰিৱৰ্তে তেওঁ নিজৰ মা-দেউতাই লোৱা ধাৰহে দিবলগীয়া হʼল, যি ধাৰ তেওঁ গোটেই জীৱন দিলেও পূৰ কৰিব নোৱাৰিলেহেঁতেন।

আমাৰ লগতো ঠিক সেইদৰে হʼল। আমাৰ প্ৰথম পিতৃ-মাতৃ আদম আৰু হৱা সিদ্ধ আছিল আৰু এখন ধুনীয়া বাগিচাত থাকিছিল। (আদি. ১:২৭; ২:৭-৯) তেওঁলোকৰ ওচৰত সকলো আছিল আৰু সদায় জীয়াই থকাৰ সুযোগো আছিল। কিন্তু পাছত সকলো সলনি হৈ গʼল। তেওঁলোকে নিজৰ ধুনীয়া ঘৰ আৰু সদায় জীয়াই থকাৰ সুযোগো হেৰুৱালে। আদম আৰু হৱাই উত্তৰাধিকাৰী হিচাপে আমাক কি দিলে? বাইবেলত লিখা আছে “এজন মানুহৰ [আদম] পৰা পাপ জগতলৈ আহিল আৰু পাপৰ পৰা মৃত্যু আহিল আৰু এইদৰে মৃত্যু সকলো মানুহলৈ বিয়পি গʼল, কিয়নো সকলোৱে পাপ কৰিলে।” (ৰোম. ৫:১২) আদমে উত্তৰাধিকাৰী হিচাপে আমাক পাপ দিলে আৰু পাপৰ বাবে আমাৰ মৃত্যু হয়। এই পাপৰ ধাৰ ইমানেই বেছি যে আমি এয়া কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ।—গীত. ৪৯:৮.

৩. যীচুৱে পাপৰ তুলনা কিহৰ লগত কৰিলে আৰু কিয়?

যীচুৱে কৈছিল যে আমাৰ পাপ ‘ধাৰৰ’ দৰে হয়। (মথি ৬:১২, ফুট.; লূক ১১:৪) যেতিয়া আমি পাপ কৰোঁ, তেতিয়া আমিও যিহোৱাৰ ধৰুৱা হৈ পৰোঁ আৰু এই ধাৰ আমি পৰিশোধ কৰিবই লাগিব। যদি আমি এই ধাৰ পৰিশোধ নকৰোঁ, তেনেহʼলে যেতিয়া আমাৰ মৃত্যু হʼব, তেতিয়াহে আমি এই ধাৰৰ পৰা মুক্ত হʼম।—ৰোম. ৬:৭, ২৩.

৪. (ক) আমাক সহায় নকৰা হʼলে কি হʼলহেঁতেন? (গীতমালা ৪৯:৭-৯) (খ) বাইবেলত “পাপ” শব্দটোৰ অৰ্থ কি? (“ পাপ” নামৰ বক্সখন চাওক।)

আদম আৰু হৱাই যি হেৰুৱালে, সেয়া আমি নিজৰ শক্তিৰে কেতিয়াও ঘূৰাই পাব নোৱাৰোঁ। (গীতমালা ৪৯:৭-৯ পঢ়ক।) কোনোৱে আমাক সহায় নকৰা হʼলে, আমি সদায় জীয়াই থকাৰ আশা আৰু মৃত্যু হোৱাৰ পাছত আকৌ জীয়াই তোলাৰ আশা কেতিয়াও নাপালোহেঁতেন। আমাৰ পৰিস্থিতি জন্তুবোৰৰ দৰে হʼলহেঁতেন, যি জন্ম হয় আৰু এদিন মৰি যায়। সিহঁতৰ ওচৰত কোনো আশা নাই।—উপ. ৩:১৯; ২ পিত. ২:১২.

৫. আমাৰ পাপৰ ধাৰ পৰিশোধ কৰিবলৈ আমাৰ মৰমিয়াল পিতৃ যিহোৱাই কি কৰিলে? ( দিয়া ছবিখন চাওক।)

খন্তেকৰ বাবে সেই ডেকা লʼৰাজনৰ বিষয়ে আকৌ চিন্তা কৰক। ধৰি লওক, তেওঁৰ ওচৰলৈ এজন ধনী আৰু দয়ালু ব্যক্তি আহে আৰু কয় যে তেওঁৰ সকলো ধাৰ তেওঁ পৰিশোধ কৰিব। এয়া শুনি সেই ডেকাজনে কেনে অনুভৱ কৰিব? সেই ব্যক্তিজনৰ প্ৰতি তেওঁ বহুত কৃতজ্ঞ হʼব আৰু আনন্দেৰে তেওঁৰ সহায় লʼব। সেই ধনী ব্যক্তিৰ দৰে আমাৰ মৰমিয়াল পিতৃ যিহোৱাই সহায়ৰ হাত আগবঢ়াইছে। আমাৰ ধাৰ পৰিশোধ কৰিবলৈ তেওঁ কি কৰিলে? বাইবেলত কোৱা হৈছে, “ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।” (যোহ. ৩:১৬) আমি পাপৰ পৰা ক্ষমা পাবলৈ ঈশ্বৰ যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক বলিদান দিলে। এয়া আমাৰ বাবে বহুমূলীয়া উপহাৰৰ দৰে হয়। এই উপহাৰৰ বাবে আমি যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ।

যীচুৱে শুভবাৰ্তা শুনালে যে ঈশ্বৰে মুক্তিৰ মূল্যৰ আধাৰত আমাৰ পাপ ক্ষমা কৰে। (যোহ. ৩:১৬) তেওঁ মুক্তিৰ মূল্য দিবলৈ আনন্দেৰে নিজৰ জীৱন বলিদান দিলে (অনুচ্ছেদ ৫ চাওক)


৬. এই লেখত আমি কি কি শব্দৰ অৰ্থ জানিম আৰু কিয়?

যিহোৱাই আমাক যি উপহাৰ দিছে, তাৰ পৰা আমাৰ “ধাৰ” বা পাপ ক্ষমা হʼব পাৰে। এই উপহাৰৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি কি কৰিব লাগিব? ইয়াৰ উত্তৰ জানিবলৈ আমি বাইবেলত দিয়া কিছুমান শব্দৰ অৰ্থ বুজিব লাগিব। যেনে: মিল হোৱা, প্ৰায়শ্চিত, মুক্তিৰ মূল্য, মুকলি কৰা আৰু ভাল বুলি গণিত হোৱা। এই লেখত আমি এই শব্দবোৰৰ অৰ্থ জানিম। ইয়াৰ পৰা আমি বুজিব পাৰিম যে যিহোৱাই আমাৰ পাপ ক্ষমা কৰিবলৈ কি কি কৰিলে। এইদৰে তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বাঢ়িব।

যিহোৱাৰ ইচ্ছা কি: মিল হোৱা

৭. (ক) অনন্ত জীৱন হেৰুৱাৰ লগতে আদম আৰু হৱাই আৰু কি হেৰুৱালে? (খ) আদম আৰু হৱাৰ লʼৰা-ছোৱালী হোৱাৰ বাবে আমি কি কৰাটো অতি গুৰুত্বপূৰ্ণ? (ৰোমীয়া ৫:১০, ১১)

আদম আৰু হৱাই অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱাৰ লগতে আৰু কি হেৰুৱালে? যিহোৱাৰ লগত তেওঁলোকৰ যি বিশেষ সম্পৰ্ক আছিল, সেয়া তেওঁলোকে হেৰুৱালে। তেওঁলোক যিহোৱাৰ পৰিয়ালৰ ভাগ আছিল। (লূক ৩:৩৮) কিন্তু তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন নকৰিলে। সেইবাবে, যিহোৱাই তেওঁলোকক নিজৰ পৰিয়ালৰ পৰা উলিয়াই দিলে আৰু তাৰ পাছতেই তেওঁলোকৰ লʼৰা-ছোৱালী হʼল। (আদি. ৩:২৩, ২৪; ৪:১) তেওঁলোকৰ লʼৰা-ছোৱালী হোৱাৰ বাবে আমিও যিহোৱাৰ পৰিয়ালৰ ভাগ নহওঁ। সেইবাবে, যিহোৱাৰ লগত মিল হোৱা বা শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। (ৰোমীয়া ৫:১০, ১১ পঢ়ক।) এখন কিতাপত কোৱা হৈছে যে যি গ্ৰীক শব্দৰ অনুবাদ “মিল হোৱা” বা শান্তিপূৰ্ণ সম্পৰ্ক বুলি কৰা হৈছে, তাৰ অৰ্থ এয়াও হʼব পাৰে “এজন শত্ৰুৰ লগত বন্ধুত্ব কৰা।” কিন্তু আনন্দৰ বিষয় যে যিহোৱাই নিজেই আমাৰ লগত বন্ধত্ব কৰিবলৈ আগবাঢ়ি আহিছে। কেনেকৈ বাৰু?

তেওঁ কি কৰিলে: প্ৰায়শ্চিতৰ ব্যৱস্থা

৮. প্ৰায়শ্চিতৰ ব্যৱস্থা কি?

আমাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ যিহোৱাই প্ৰায়শ্চিতৰ ব্যৱস্থা কৰিলে। এই ব্যৱস্থাত এটা বস্তুৰ সলনি আন এটা বস্তু দিয়া হয়। কিন্তু দুয়োটাৰে দাম সমান হয়। আদমে যি হেৰুৱাইছিল, তাক ঘূৰাই পাবলৈ যিহোৱাই সমান মূল্য দিলে। এই ব্যৱস্থাৰ সহায়ত আমি যিহোৱাৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ আৰু পুনৰ তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ।—ৰোম. ৩:২৫.

৯. ইস্ৰায়েলীসকলৰ পাপ ক্ষমা কৰিবলৈ যিহোৱাই কি ব্যৱস্থা কৰিছিল?

প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে পাপৰ পৰা ক্ষমা পাবলৈ যিহোৱাই এটা ব্যৱস্থা কৰিছিল, যাৰ সহায়ত তেওঁলোকে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছিল। এই ব্যৱস্থা কিছুসময়লৈকে আছিল আৰু ইয়াক প্ৰায়শ্চিতৰ দিন বুলি কোৱা হৈছিল। ইস্ৰায়েলীসকলে প্ৰতি বছৰে এই বিশেষ দিন পালন কৰিছিল। সেইদিনা মহাপুৰোহিতে লোকসকলৰ পাপৰ বাবে জীৱ-জন্তুৰ বলিদান দিছিল। কিন্তু এই বলিদানৰ বাবে তেওঁলোকে পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পোৱা নাছিল। কিয় বাৰু? কিয়নো জীৱ-জন্তু মানুহৰ সমান নহয়। সেইবাবে, এজন ইস্ৰায়েলীয়ে যেতিয়া সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰিছিল আৰু নিয়মৰ অনুসৰি বলিদান আগবঢ়াইছিল, তেতিয়া যিহোৱাই তেওঁৰ পাপ ক্ষমা কৰিছিল। (ইব্ৰী ১০:১-৪) প্ৰায়শ্চিতৰ দিন আৰু আন দিনবোৰত যেতিয়া ইস্ৰায়েলীসকলে বলিদান দিছিল, তেতিয়া তেওঁলোকৰ অনুভৱ হৈছিল যে তেওঁলোক পাপী আৰু তেওঁলোকক এটা উত্তম বলিদানৰ প্ৰয়োজন। এনে বলিদান, যাৰ সহায়ত তেওঁলোকে নিজৰ পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পাব পাৰে।

১০. যিহোৱাই লোকসকলৰ পাপ সম্পূৰ্ণৰূপে ক্ষমা কৰিবলৈ কি কৰিলে?

১০ যিহোৱাই আৰু এটা ব্যৱস্থা কৰিলে যাৰ সহায়ত লোকসকলে পাপৰ পৰা সম্পূৰ্ণৰূপে ক্ষমা পাব পাৰে। তেওঁ নিজৰ মৰমৰ পুত্ৰক পৃথিৱীলৈ পঠিয়ালে যাতে তেওঁ “বহুতো লোকৰ পাপ উঠাবলৈ এবাৰেই সদায়ৰ কাৰণে বলিদান” দিব পাৰে। (ইব্ৰী ৯:২৮) যীচুৱে ঠিক সেইদৰে কৰিলে। বাইবেলত লিখা আছে, তেওঁ “বহুতো লোকৰ জীৱনৰ কাৰণে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে” দিলে। (মথি ২০:২৮) কিন্তু মুক্তিৰ মূল্যৰ অৰ্থ কি?

কি মূল্য দিলে: মুক্তিৰ মূল্য

১১. (ক) বাইবেলৰ অনুসৰি মুক্তিৰ মূল্য কি? (খ) যিজন ব্যক্তিয়ে মুক্তিৰ মূল্য দিলেহেঁতেন, তেওঁ কেনে ব্যক্তি হোৱাৰ প্ৰয়োজন আছিল?

১১ যিহোৱাৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু আমাৰ পাপৰ প্ৰায়শ্চিতৰ বাবে যি মূল্য দিবলগীয়া আছিল, a তাক বাইবেলৰ অনুসৰি মুক্তিৰ মূল্য বুলি কোৱা হৈছে। আদমে যি হেৰুৱাইছিল সেয়া মুক্তিৰ মূল্যৰ আধাৰতে আমি আকৌ ঘূৰাই পালোঁহেঁতেন। তেওঁ কি হেৰুৱাইছিল? আদম আৰু হৱা সিদ্ধ আছিল আৰু তেওঁলোকৰ ওচৰত অনন্ত জীৱন জীয়াই থকাৰ আশা আছিল, কিন্তু তেওঁলোকে সেয়া হেৰুৱালে। সেইবাবে, মুক্তিৰ মূল্য দিয়া ব্যক্তিজন আদমৰ দৰে হোৱাৰ প্ৰয়োজন আছিল অৰ্থাৎ আদমে যি হেৰুৱাইছিল, সেই সকলো তেওঁৰ ওচৰত থকাৰ প্ৰয়োজন আছিল। (১ তীম. ২:৬) ইয়াৰ অৰ্থ হৈছে কেৱল এনে এজন ব্যক্তিয়েহে মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন, (১) যি সিদ্ধ হʼলহেঁতেন, (২) যাৰ ওচৰত পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা থাকিলেহেঁতেন, আৰু (৩) যিয়ে আমাৰ বাবে নিজৰ বলিদান দিবলৈ সাজু হʼলহেঁতেন। এনে ব্যক্তিৰ বলিদানৰ পৰাহে আমি আদমে যি হেৰুৱাইছিল, সেয়া আকৌ ঘূৰাই পালোঁহেঁতেন।

১২. যীচুৱে কিয় মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন?

১২ যীচু এনে এজন ব্যক্তি আছিল, যি মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন। আমি এয়া কিয় কʼব পাৰোঁ? (১) যীচু সিদ্ধ আছিল আৰু “তেওঁ কোনো পাপ কৰা নাছিল।” (১ পিত. ২:২২) (২) সেইবাবে, তেওঁ পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব পাৰিলেহেঁতেন আৰু (৩) তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দিবলৈ সাজু আছিল। (ইব্ৰী ১০:৯, ১০) তেওঁ আদমৰ দৰেই সিদ্ধ আছিল। সেইবাবে, তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দি মুক্তিৰ মূল্য দিব পাৰিলেহেঁতেন আৰু আদমে যি হেৰুৱাইছিল সেয়া আকৌ ঘূৰাই পাবলৈ সহায় কৰিব পাৰিলেহেঁতেন। (ৰোম. ৫:১৯; ১ কৰি. ১৫:৪৫) সেই কাৰণে বাইবেলত তেওঁক “শেষ আদম” বুলি কোৱা হৈছে। যীচুৱে “এবাৰেই আৰু সদায় কালৰ কাৰণে নিজকে বলিদান হিচাপে উৎসৰ্গ কৰিলে।” সেইবাবে, এতিয়া আমাক আন কোনো সিদ্ধ ব্যক্তিৰ বলিদানৰ প্ৰয়োজন নাই।—ইব্ৰী ৭:২৭; ১০:১২.

১৩. যিহোৱাৰ লগত আমি যাতে এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে তেওঁ কি কৰিলে?

১৩ এতিয়ালৈকে আমি চালোঁ যে প্ৰায়শ্চিতৰ ব্যৱস্থাৰ জৰিয়তে যিহোৱাই আমাৰ বাবে এটা বাট মুকলি কৰিছে। ইয়াৰ সহায়ত আমি নিজৰ পাপৰ পৰা ক্ষমা পালোঁহেঁতেন আৰু যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিলোঁহেঁতেন। কিন্তু পাপৰ প্ৰায়শ্চিতৰ বাবে মুক্তিৰ মূল্য দিয়াটো অতি গুৰুত্বপূৰ্ণ আছিল। যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দি এই মূল্য দিলে। (ইফি. ১:৭; ইব্ৰী ৯:১৪) ইয়াৰ বাবে কি সম্ভৱ হʼল? আহক চাওঁ।

কি লাভ হʼল: মুকলি কৰা হʼল আৰু ভাল ব্যক্তি বুলি গণ্য কৰা হʼল

১৪. এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম আৰু কিয়?

১৪ প্ৰায়শ্চিতৰ ব্যৱস্থাৰ পৰা আমাৰ বহুতো লাভ হয়। এয়া বুজিবলৈ আহক বাইবেলত দিয়া কিছুমান শব্দলৈ মন কৰোঁ। সেয়া হৈছে, মুকলি কৰা আৰু ভাল ব্যক্তি বুলি গণ্য কৰা। এই শব্দবোৰৰ অৰ্থ বুজি পালে আমি জানিব পাৰিম যে যেতিয়া যিহোৱাই আমাক ক্ষমা কৰে, তেতিয়া আমাৰ কি লাভ হয়।

১৫-১৬. (ক) মুক্তিৰ মূল্য দিয়াৰ বাবে আমাৰ কি লাভ হৈছে? (খ) আপুনি পাপ আৰু মৃত্যুৰ পৰা মুকলি হʼব পাৰে, এয়া জানি আপোনাৰ কেনেকুৱা লাগে?

১৫ বাইবেলত কোৱা হৈছে যে মুক্তিৰ মূল্য দি আমাক মুকলি কৰা হৈছে। পাঁচনি পিতৰে ইয়াৰ বিষয়ে এইদৰে কৈছে, “তোমালোকে জানা যে তোমালোকে নিজৰ পূৰ্বপুৰুষসকলৰ পৰা ব্যৰ্থ জীৱনৰ যি আচাৰ-ব্যৱহাৰ শিকিছিলা, তাৰ পৰা তোমালোকে ৰূপ বা সোণৰ দৰে বিনাশ হোৱা বস্তুবোৰৰ দ্বাৰা মুক্ত হোৱা নাই, ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ দ্বাৰা মুক্ত হৈছা, যি এক নিখুঁত আৰু নিৰ্দোষী ভেড়া পোৱালি হয়।”—১ পিত. ১:১৮, ১৯.

১৬ মুক্তিৰ মূল্য দিয়াৰ বাবে আমি পাপ আৰু মৃত্যুৰ কবলৰ পৰা মুকলি হʼব পাৰোঁ। (ৰোম. ৫:২১) যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দি আমাক মুকলি কৰিলে। ইয়াৰ বাবে আমি যিহোৱা আৰু যীচুৰ প্ৰতি বহুত কৃতজ্ঞ।—১ কৰি. ১৫:২২.

১৭-১৮. (ক) ভাল ব্যক্তি বুলি গণ্য হোৱাৰ অৰ্থ কি? (খ) ভাল ব্যক্তি বুলি গণ্য হোৱাৰ বাবে কি কি লাভ হয়?

১৭ বাইবেলত এয়াও কোৱা হৈছে যে যিহোৱাৰ সেৱকসকলক ভাল ব্যক্তি বুলি গণ্য কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যিহোৱাই আমাৰ সকলো অভিযোগৰ পৰা আমাক মুকলি কৰিলে আৰু আমাৰ পাপ সম্পূৰ্ণৰূপে মচি দিলে। এইদৰে কৰাৰ যোগেদি যিহোৱাই নিজৰ ন্যায়ৰ মানদণ্ড উলংঘন কৰা নাছিল। তেওঁ আমাৰ পাপবোৰক আওকাণ কৰে বা আমি কিবা ভাল কাম কৰাৰ বাবে তেওঁ আমাক ভাল ব্যক্তি বুলি গণ্য কৰে, এনে নহয়। ইয়াৰ পৰিৱৰ্তে মুক্তিৰ মূল্য দিয়া হʼল আৰু আমি প্ৰায়শ্চিত্তৰ ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰোঁ, সেইবাবে যিহোৱাই আমাৰ ধাৰ বা পাপ ক্ষমা কৰে।—ৰোম. ৩:২৪; গালা. ২:১৬.

১৮ যিহোৱাই আমাক ভাল ব্যক্তি বুলি গণ্য কৰিছে, ইয়াৰ পৰা আমাৰ কি লাভ হয়? যিসকলক স্বৰ্গত যীচুৰ লগত শাসন কৰিবলৈ বাছনি কৰা হৈছে, তেওঁলোকক ঈশ্বৰে নিজৰ সন্তান বুলি কৈছে। (তীত ৩:৭; ১ যোহ. ৩:১) যিহোৱাই তেওঁলোকৰ পাপ ক্ষমা কৰিলে। এয়া এনে হয় যেন তেওঁলোকৰ ওপৰত লগা সকলো অভিযোগৰ পৰা তেওঁলোকক মুক্ত কৰিলে। সেইবাবে, তেওঁলোকে স্বৰ্গত গৈ যীচুৰ লগত শাসন কৰিব পাৰিব। (ৰোম. ৮:১, ২, ৩০) যিসকলৰ এই পৃথিৱীতে জীয়াই থকাৰ আশা আছে, তেওঁলোককো যিহোৱাই ভাল ব্যক্তি বুলি গণ্য কৰিছে। যিহোৱাই তেওঁলোকৰ পাপ ক্ষমা কৰিলে আৰু নিজৰ বন্ধু হʼবলৈ সুযোগ দিলে। (যাকো. ২:২১-২৩) যি বৰ লোকসমূহ হৰমাগিদোনৰ পৰা বাচি ওলাব, তেওঁলোকৰ ওচৰতো অনন্ত জীৱন জীয়াই থকাৰ সুযোগ থাকিব। (যোহ. ১১:২৬) কিন্তু যিসকল “ভাল” আৰু “বেয়া” লোক মৃত্যুৰ টোপনিত আছে, তেওঁলোকে কেনেকৈ লাভৱান হʼব? তেওঁলোকক নতুন পৃথিৱীত আকৌ জীয়াই তোলা হʼব। (পাঁচ. ২৪:১৫; যোহ. ৫:২৮, ২৯) অৱশেষত পৃথিৱীত ঈশ্বৰৰ সকলো বিশ্বাসী সেৱকে ‘তেওঁৰ সন্তান হোৱা প্ৰতাপমূলক স্বাধীনতা পাব।’ (ৰোম. ৮:২১) প্ৰায়শ্চিতৰ এই ব্যৱস্থাৰ বাবে আমি যিহোৱাৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পাৰিম, এয়া কিমান ডাঙৰ আশীৰ্বাদ! নহয় নে বাৰু?

১৯. যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি কৰিলে, তাৰ বাবে আমাৰ জীৱন কেনেকৈ সলনি হʼল? (“ আমি যিহোৱাৰ পৰা কেনেকৈ ক্ষমা পালোঁ?” নামৰ বক্সখনো চাওক।)

১৯ খন্তেকৰ বাবে সেই লʼৰাজনৰ বিষয়ে আকৌ চিন্তা কৰক, যিজনে নিজৰ সকলো হেৰুৱাইছিল। তেওঁ ইমানেই বেছি ধাৰ দিবলগীয়া আছিল যে তেওঁ গোটেই জীৱন দিলেও, সেই ধাৰ পৰিশোধ কৰিব নোৱাৰিলেহেঁতেন। আমাৰ পৰিস্থিতিও সেই লʼৰাজনৰ নিচিনা আছিল। কিন্তু যিহোৱাই আমাৰ ফালে যেতিয়া সহায়ৰ হাত আগবঢ়ালে, তেতিয়া সকলো সলনি হʼল। তেওঁ আমাৰ বাবে প্ৰায়শ্চিতৰ ব্যৱস্থা কৰিলে আৰু যীচুক পৃথিৱীত পঠিয়ালে, যাতে তেওঁ মুক্তিৰ মূল্য দিব পাৰে। আমি যীচুৰ ওপৰত বিশ্বাস কৰাৰ বাবেহে আমাক পাপ আৰু মৃত্যুৰ কবলৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ পাপ আৰু আমাৰ ওপৰত লগোৱা অভিযোগ মচি পেলোৱা হৈছে। আটাইতকৈ ডাঙৰ কথা হৈছে, আমাৰ পিতৃ যিহোৱাৰ লগত আমি এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ।

২০. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২০ যিহোৱা আৰু যীচুৱে আমাৰ বাবে কি কি কৰিলে তাৰ বিষয়ে যদি আমি চিন্তা কৰোঁ, তেনেহʼলে আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিব। (২ কৰি. ৫:১৫) তেওঁলোকে আমাৰ ফালে সহায়ৰ হাত আগ নবঢ়োৱা হʼলে, আমাৰ ওচৰত কোনো আশা নাথাকিলেহেঁতেন। পৰৱৰ্তী লেখত আমি কিছুমান উদাহৰণলৈ ধ্যান দিম আৰু চাম যে আমাক যিহোৱাই কেনেকৈ ক্ষমা কৰে।

গীত নং ১০ যিহোৱাৰ প্ৰশংসা কৰক!

a কিছুমান ভাষাত ‘মুক্তিৰ মূল্যৰ’ অনুবাদ “জীৱনৰ মূল্য” বা “জৰিমনা” বুলি কৰা হৈছে।