অধ্যয়নৰ লেখ ২২
অদৃশ্য কিন্তু অমূল্য ৰত্ন
‘দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্ত-কলীয়া; এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকক।’—২ কৰি. ৪:১৭, ১৮.
গীত ৪৫ মোৰ মনৰ ভাৱধাৰা
লেখৰ এক আভাস *
১. যীচুৱে স্বৰ্গত ধন জমা কৰাৰ বিষয়ে কি কৈছিল?
এনে কিছুমান ৰত্ন আছে, যাক আমি দেখা নাপাওঁ আৰু আমি লাভ কৰা অমূল্য ৰত্নকো আমি দেখা নাপাওঁ। যীচুৱে পৰ্বতীয়া উপদেশত কৈছিল যে আমি ‘স্বৰ্গত ধন’ জমা কৰা উচিত, যি টকা-পইচা আৰু ধন-সম্পত্তিতকৈ বহু গুণে উত্তম। তেওঁ এয়াও কৈছিল, “যʼতে তোমাৰ ধন, তʼতে তোমাৰ মনো হব।” (মথি ৬:১৯-২১) যীচুৱে একেবাৰে সঠিক কৈছিল। আমি যি বস্তুক ৰত্ন বুলি ভাবোঁ, তাক পাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। স্বৰ্গত ধন জমা কৰাৰ অৰ্থ হৈছে যিহোৱাৰ দৃষ্টিত ভাল নাম অৰ্জন কৰা। এই ৰত্নক কোনেও চুৰ কৰিব নোৱাৰে আৰু ই কেতিয়াও নষ্ট নহয়।
২. (ক) পাঁচনি পৌলে আমাক কি পৰামৰ্শ দিছে? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
২ পাঁচনি পৌলে আমাক পৰামৰ্শ দিছিল যে আমি “অদৃশ্য বস্তুলৈ” লক্ষ্য কৰা উচিত। (২ কৰিন্থীয়া ৪:১৭, ১৮ পঢ়ক।) ইয়াত অদৃশ্য বস্তুৰ অৰ্থ হৈছে যিহোৱাই দিয়া সেইবোৰ আশীৰ্বাদ, যাক আমি দেখা নাপাওঁ। কিছুমান আশীৰ্বাদ আমি আজি লাভ কৰিছোঁ আৰু কিছুমান আমি নতুন পৃথিৱীত লাভ কৰিম। এই লেখত আমি এনে চাৰিটা আশীৰ্বাদৰ বিষয়ে আলোচনা কৰিম যি আমি বৰ্তমান সময়ত লাভ কৰি আছোঁ। সেয়া হৈছে ঈশ্বৰৰ লগত আমাৰ বন্ধুত্ব, প্ৰাৰ্থনা কৰাৰ সুযোগ, পবিত্ৰ আত্মাৰ সহায় আৰু প্ৰচাৰ কাৰ্য্যৰ বাবে যিহোৱা, যীচু খ্ৰীষ্ট আৰু স্বৰ্গদূতৰপৰা লাভ কৰা সহায়। এই লেখত আমি এয়াও আলোচনা কৰিম যে যদি আমি এই আশীৰ্বাদৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম।
যিহোৱাৰ লগত বন্ধুত্ব
৩. (ক) সকলোতকৈ ডাঙৰ ৰত্ন কি হয়? (খ) এয়া কেনেকৈ সম্ভৱ হʼল?
৩ সকলোতকৈ ডাঙৰ ৰত্ন হৈছে যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্ব। (গীত. ২৫:১৪) ঈশ্বৰ পবিত্ৰ হৈয়ো আমাৰ দৰে অসিদ্ধ মানুহৰ লগত কেনেকৈ বন্ধুত্ব কৰিব পাৰে? যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ বাবে। যীচু “জগতৰ পাপ নিওঁতা” হয় অৰ্থাৎ তেওঁৰ বলিদানে আমাৰ পাপবোৰ মচি পেলায়। (যোহ. ১:৩০) যীচু অহাৰ আগতে যিসকল লোক পৃথিৱীত আছিল, তেওঁলোকৰ লগতো যিহোৱাই বন্ধুত্ব কৰিছিল। কিয়নো যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যীচু মৃত্যুলৈকে বিশ্বাসী হৈ থাকিব আৰু মানৱজাতিক উদ্ধাৰ কৰিব।—ৰোম. ৩:২৫.
৪. ঈশ্বৰৰ এনে কিছুমান বন্ধুসকলৰ বিষয়ে কওক, যিসকলে যীচু খ্ৰীষ্টৰ আগতে এই পৃথিৱীত আছিল?
৪ আহক ঈশ্বৰৰ এনে কিছুমান বন্ধুৰ বিষয়ে আলোচনা কৰিম, যিসকলে যীচুৰ আগতে পৃথিৱীত আছিল। তেওঁলোকৰ মাজত এজন হৈছে অব্ৰাহাম। তেওঁৰ বিশ্বাস দৃঢ় আছিল। অব্ৰাহামৰ মৃত্যুৰ ১,০০০ বছৰৰ পাছতো, যিহোৱাই অব্ৰাহামক “মোৰ বন্ধু” বুলি কৈছিল। (যিচ. ৪১:৮) ইয়াৰপৰা বুজিব পাৰি যে অব্ৰাহামৰ দৰে লোকসকলক মৃত্যুৰ পাছতো যিহোৱাই সদায় নিজৰ বন্ধু বুলি গণ্য কৰে। অব্ৰাহাম যিহোৱাৰ দৃষ্টিত আজিও জীৱিত। (লূক ২০:৩৭, ৩৮) যিহোৱাৰ আন এজন বন্ধু আছিল ইয়োব। এবাৰ যেতিয়া স্বৰ্গত সকলো স্বৰ্গদূতে যিহোৱাৰ সন্মুখত উপস্থিত হৈছিল, তেতিয়া যিহোৱাই তেওঁলোকক ইয়োবৰ বিষয়ে এইদৰে কৈছিল, “তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিবীত কোনো নাই।” (ইয়ো. ১:৬-৮) যিহোৱাৰ আন এজন বন্ধুৰ নাম হৈছে দানিয়েল। তেওঁ প্ৰায় ৮০ বছৰলৈকে এনে এখন দেশত বাস কৰিছিল, যʼত লোকসকলে মিছা উপাসনা কৰিছিল। এনে লোকসকলৰ মাজত থকাৰ সত্ত্বেও তেওঁ যিহোৱাৰ সেৱা কৰি থাকিল। যিহোৱাই দানিয়েলৰ বিষয়ে কেনে অনুভৱ কৰিছিল। যিহোৱাই তেওঁক মূল্যৱান বুলি গণ্য কৰিছিল। যেতিয়া তেওঁ বৃদ্ধ হৈছিল, তেতিয়া স্বৰ্গদূতজনে তেওঁক তিনিবাৰ আশ্বাস দিছিল যে তেওঁ যিহোৱাৰ দৃষ্টিত “অতি প্ৰিয়।” (দানি. ৯:২৩; ১০:১১, ১৯) আমি নিশ্চিত যে যিহোৱা ঈশ্বৰে সেই দিনৰ বাবে অপেক্ষা কৰিছে, যেতিয়া তেওঁ নিজৰ বিশ্বাসী বন্ধুসকলক পুনৰুত্থান কৰিব।—ইয়ো. ১৪:১৫.
৫. যিহোৱাৰ বন্ধু হʼবলৈ এজন ব্যক্তিয়ে কি কৰাৰ প্ৰয়োজন?
৫ আজি গোটেই পৃথিৱীত লাখ লাখ পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীয়ে যিহোৱাৰ বন্ধু হʼব পাৰিছে। অসিদ্ধ হোৱাৰ সত্ত্বেও তেওঁলোকে যিহোৱাৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিব পাৰিছে। তেওঁলোকৰ আচাৰ-ব্যৱহাৰৰপৰা বুজিব পৰা গৈছে যে তেওঁলোক যিহোৱাৰ প্ৰকৃত বন্ধু। বাইবেলে কৈছে যে যিহোৱাৰ “গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগত্হে।” (হিতো. ৩:৩২) যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবেহে তেওঁলোকে যিহোৱাৰ বন্ধু হʼব পাৰিছে। আমি নিজৰ জীৱন যিহোৱাক সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ, এই বলিদানৰ বাবেই তেওঁ আমাক সুযোগ দিছে। এজন ব্যক্তিয়ে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰি আৰু বাপ্তিষ্মা লোৱাৰ যোগেদিহে যিহোৱাৰ বন্ধু হʼব পাৰে। আজি লাখ লাখ লোকে এইদৰে কৰিছে। সেইবাবে, তেওঁলোকে গোটেই পৃথিৱীৰ মহান ঈশ্বৰ যিহোৱাৰ লগত বন্ধুত্ব কৰিব পাৰিছে।
৬. যিহোৱাৰ লগত থকা বন্ধুত্বক যদি আমি ৰত্নৰ দৰে অমূল্য বুলি গণ্য কৰোঁ, তেনেহʼলে আমি কি কৰিম?
৬ যিহোৱাৰ লগত থকা বন্ধুত্বক যদি আমি ৰত্নৰ দৰে অমূল্য বুলি গণ্য কৰোঁ, তেনেহʼলে আমি কি কৰিম? যদিও আমি বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰি আছোঁ, তথাপি আমি তেওঁৰ কথা পালন কৰিম। অব্ৰাহাম আৰু ইয়োব এশতকৈ বেছি বছৰ জীয়াই আছিল, কিন্তু তেওঁলোকে মৃত্যুলৈকে যিহোৱাৰ উপাসনা কৰি থাকিল। দানিয়েলৰ দৰে আমি যিহোৱাৰ লগত থকা বন্ধুত্বক নিজৰ জীৱনতকৈ মূল্যৱান বুলি গণ্য কৰা উচিত। (দানি. ৬:৭, ১০, ১৬, ২২) আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, আমি যিহোৱাৰ সহায়ত, সেইবোৰ সহন কৰিব পাৰিম আৰু তেওঁৰ বন্ধু হৈ থাকিব পাৰিম।—ফিলি. ৪:১৩.
প্ৰাৰ্থনা কৰাৰ সুযোগ
৭. (ক) হিতোপদেশ ১৫:৮ পদৰ অনুসৰি যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি কেনে অনুভৱ কৰে? (খ) যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি কি কৰে?
৭ আমি দেখা নোপোৱা আন এটা ৰত্ন হৈছে প্ৰাৰ্থনা। ভাল বন্ধুৱে এজনে-আনজনক যেনেকৈ নিজৰ মনৰ কথা কয়, ঠিক সেইদৰে আমিও নিজৰ মনৰ কথা যিহোৱাক কওঁ আৰু তেওঁ আমাৰ লগত কথা পাতে। যিহোৱাই নিজৰ বাক্য বাইবেলৰ যোগেদি আমাৰ লগত কথা পাতে আৰু প্ৰাৰ্থনাৰ যোগেদি আমি তেওঁৰ লগত কথা পাতোঁ। বেলেগ বেলেগ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী কি আৰু তেওঁ কেনে অনুভৱ কৰে, এই সকলো তেওঁ বাইবেলত লিখাইছে। যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি নিজৰ মনৰ হিতোপদেশ ১৫:৮ পঢ়ক।) তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰো দিয়ে, কিয়নো এজন ভাল বন্ধু হিচাপে তেওঁ আমাৰ যত্ন লয়। কেতিয়াবা কেতিয়াবা তেওঁ লগে লগে উত্তৰ দিয়ে। কিন্তু কেতিয়াবা কেতিয়াবা আমি অপেক্ষা কৰাৰ প্ৰয়োজন হয়। আমি হয়তো একেটা বিষয় লৈ বাৰে বাৰে প্ৰাৰ্থনা কৰোঁ, তথাপি আমি তাৰ কোনো উত্তৰ নাপাওঁ। এনে ক্ষেত্ৰত আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাক সঠিক সময়ত আৰু সঠিক উপায়েৰে নিশ্চয় উত্তৰ দিব। হয়তো ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনি, আমি যিদৰে ভাবোঁ সেইদৰে নকৰিবও পাৰে। উদাহৰণস্বৰূপে, যদি আমি কিবা সমস্যাত ভুগি আছোঁ, তেনেহʼলে সেই সমস্যা দূৰ হোৱাটো আমি বিচাৰোঁ। কিন্তু যিহোৱাই হয়তো সেয়া দূৰ নকৰিবও পাৰে। তেওঁ হয়তো আমাৰ প্ৰাৰ্থনা শুনি আমাক বুদ্ধি আৰু শক্তি দিব, যাতে আমি তাক ‘সহিব পাৰোঁ।’—১ কৰি. ১০:১৩.
সেই সকলো কথা জনাব পাৰোঁ, যি আমি আনক জনাব নিবিচাৰোঁ। যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি আনন্দিত হয়। (৮. যিহোৱালৈ প্ৰাৰ্থনা কৰাটো এক সুযোগ হয় বুলি যদি আমি বিশ্বাস কৰোঁ, তেনেহʼলে আমি কি কৰিম?
৮ যিহোৱালৈ প্ৰাৰ্থনা কৰাটো এক সুযোগ হয় বুলি যদি আমি বিশ্বাস কৰোঁ, তেনেহʼলে আমি কি কৰিম? আমি “নিৰন্তৰে প্ৰাৰ্থনা” কৰি থাকিম। (১ থিচ. ৫:১৭) যিহোৱাই প্ৰাৰ্থনা কৰিবলৈ আমাক জোৰ নকৰে। তেওঁ আমাক স্বাধীনতা দিছে আৰু তেওঁ আমাক “প্ৰাৰ্থনাত লাগি” থাকিবলৈ উৎসাহিত কৰিছে। (ৰোম. ১২:১২) আমি প্ৰতিদিনে কেইবাবাৰো যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি প্ৰাৰ্থনাত যিহোৱাক ধন্যবাদ দিয়া উচিত আৰু তেওঁৰ প্ৰশংসা কৰা উচিত।—গীত. ১৪৫:২, ৩.
৯. (ক) প্ৰাৰ্থনাৰ বিষয়ে এজন ভায়ে কেনে অনুভৱ কৰে? (খ) এই বিষয়ে আপুনি কেনে অনুভৱ কৰে?
৯ যদি আমি বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰি আছোঁ, তেনেহʼলে আমি কেইবাবাৰো দেখিবলৈ পাইছোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে। গতিকে, আমি বুজিব পাৰোঁ যে প্ৰাৰ্থনা কৰাটো সঁচাকৈ এক ডাঙৰ সুযোগ হয়। ৪৭ বছৰৰপৰা পূৰ্ণসময়ৰ সেৱা কৰা খ্ৰীচ নামৰ ভাইজনে এইদৰে কৈছে, “মই প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠোঁ আৰু বহু দেৰিলৈকে যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। মোক বৰ ভাল লাগে। ৰাতিপুৱাৰ পৰিৱেশ মনোমোহা হয় আৰু এনে সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰি মই ভাল অনুভৱ কৰোঁ। প্ৰাৰ্থনাৰ লগতে যিহোৱাই দিয়া সকলো আশীৰ্বাদৰ বাবে মই তেওঁক ধন্যবাদ দিওঁ। তাৰ পাছত ৰাতি যেতিয়া মই প্ৰাৰ্থনাত নিজৰ সকলো কথা যিহোৱাক জনাওঁ, তেতিয়া মোৰ বিবেক শুদ্ধ হয় আৰু মই শান্তিৰে শুব পাৰোঁ।”
পবিত্ৰ আত্মাৰপৰা পোৱা সহায়
১০. আমি কিয় যিহোৱাৰপৰা পবিত্ৰ আত্মা বিচাৰি থকা উচিত?
১০ যিহোৱাৰ পবিত্ৰ আত্মা আন এক আশীৰ্বাদ হয়। এয়াও এনে এক ৰত্ন হয়, যাক আমি দেখা নাপাওঁ। যদি আমি এই আশীৰ্বাদৰ বাবে কৃতজ্ঞ, তেনেহʼলে আমি যিহোৱাৰপৰা পবিত্ৰ আত্মা বিচাৰি থাকিম। যীচুৱে আমাক এনে কৰিবলৈ উৎসাহিত কৰিছে। (লূক ১১:৯, ১৩) যেতিয়া যিহোৱা ঈশ্বৰে আমাক পবিত্ৰ আত্মা দিয়ে, তেতিয়া আমি শক্তি লাভ কৰোঁ। যিহোৱা ঈশ্বৰে পবিত্ৰ আত্মা ব্যৱহাৰ কৰি আমাক “শক্তিৰ বাহুল্যতা” দিয়ে। (২ কৰি. ৪:৭; পাঁচ. ১:৮) আমাৰ ওপৰত যিমানেই সমস্যা নাহক কিয়, পবিত্ৰ আত্মাৰ সহায়ত আমি তাক সহন কৰিব পাৰিম।
১১. পবিত্ৰ আত্মাৰ সহায়ত আমি কি কৰিব পাৰোঁ?
১১ পবিত্ৰ আত্মাৰ সহায়ত আমি যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰোঁ। ইয়াৰ যোগেদি আমাক দিয়া কাম বা দায়িত্ববোৰ ভালদৰে কৰিব পাৰোঁ। আমাৰ ওচৰত থকা প্ৰতিভা বা দক্ষতা আৰু বেছি বঢ়াবলৈ পবিত্ৰ আত্মাই সহায় কৰে। আমি বিশ্বাস কৰোঁ যে এতিয়ালৈকে আমি যিবোৰ কাম কৰিছোঁ, সেয়া নিজৰ দক্ষতাৰ সহায়ত নহয়, কিন্তু কেৱল পবিত্ৰ আত্মাৰ সহায়তহে কৰিবলৈ সক্ষম হৈছোঁ।
১২. গীতমালা ১৩৯:২৩, ২৪ পদৰ অনুসৰি আমি যিহোৱালৈ কি প্ৰাৰ্থনা কৰা উচিত?
১২ আমি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বাবে কৃতজ্ঞ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? এটা উপায় হৈছে আমাৰ মনত কিবা বেয়া ভাবনা বা বেয়া ইচ্ছা আছে নে নাই, তাৰ বিষয়ে জানিবলৈ আমি পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিম। (গীতমালা ১৩৯:২৩, ২৪ পঢ়ক।) যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি আমাক সহায় কৰিব। তেতিয়া আমি অনুভৱ কৰিব পাৰিম যে আমাৰ অন্তৰত কি বেয়া ইচ্ছা আছে। তাৰ পাছত পবিত্ৰ আত্মাৰ সহায়ত আমাৰ বেয়া ইচ্ছাবোৰ দূৰ কৰিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। এনে কৰাৰ যোগেদি আমি দেখুৱাম যে আমি বেয়া কাম কৰিবলৈ বিচৰা নাই আৰু তেতিয়া যিহোৱা ঈশ্বৰে আমাক নিশ্চয় পবিত্ৰ আত্মা দিব।—ইফি. ৪:৩০.
১৩. পবিত্ৰ আত্মাৰ বাবে আমি নিজৰ কৃতজ্ঞতা কেনেকৈ বঢ়াব পাৰোঁ?
১৩ বৰ্তমান সময়ত পবিত্ৰ আত্মাৰ সহায়ত কি কি কাম সম্পন্ন হৈছে, তাৰ বিষয়ে আমি গভীৰভাৱে চিন্তা কৰা উচিত। এনে কৰিলে পবিত্ৰ আত্মাৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বেছি বাঢ়িব। যীচুৱে স্বৰ্গলৈ উভতি যোৱাৰ আগতে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “যেতিয়া তোমালোকৰ পাঁচ. ১:৮) যীচুৱে যি কৈছিল সেয়া আজি পূৰ হৈছে। পবিত্ৰ আত্মাৰ সহায়ত গোটেই পৃথিৱীত ইমানেই প্ৰচাৰ হৈছে যে আজি প্ৰায় ৮৫ লাখ লোকে যিহোৱাৰ উপাসনা কৰি আছে। পবিত্ৰ আত্মাৰ সহায়ৰ বাবেহে ভাই-ভনীসকলৰ মাজত একতা সম্ভৱ হৈছে। একতা থকাৰ কাৰণ হৈছে আমি পবিত্ৰ আত্মাৰ সহায়ত প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমনৰ গুণ বিকশিত কৰিব পাৰোঁ। এই সকলো “আত্মাৰ ফল” হয়। (গালা. ৫:২২, ২৩) পবিত্ৰ আত্মা সচাঁকৈ এটা আশীৰ্বাদ আৰু এয়া কোনো ৰত্নতকৈ কম নহয়।
ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। আৰু যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” (প্ৰচাৰ কাৰ্য্যত স্বৰ্গৰপৰা সহায়
১৪. প্ৰচাৰ কাৰ্য্য কৰিবলৈ আমাক কোনে কোনে সহায় কৰে?
১৪ যিহোৱা, যীচু আৰু স্বৰ্গদূতৰ লগত “সহকাৰী হৈ” কাম কৰাৰ বাবে আমি সুযোগ লাভ কৰিছোঁ। (২ কৰি. ৬:১) এই আশীৰ্বাদো এটা ৰত্নৰ দৰে হয়। যেতিয়া আমি শিষ্য বনোৱা কাম কৰোঁ, তেতিয়া আমি যিহোৱা, যীচু আৰু স্বৰ্গদূতৰ লগত মিলি কাম কৰোঁ। পৌলে নিজৰ আৰু আন খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে কৈছিল, “আমি ঈশ্বৰৰ সহকৰ্ম্মী।” (১ কৰি. ৩:৯) আমি যীচুৰো সহকৰ্ম্মী হয়। কিয়নো যেতিয়া যীচুৱে “সকলো জাতিকে শিষ্য” বনাবলৈ আজ্ঞা দিছিল, তেতিয়া তেওঁ এইদৰে কৈছিল, ‘মই তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।’ (মথি ২৮:১৯, ২০) স্বৰ্গদূতো আমাৰ সহকৰ্ম্মী হয়নে? নিশ্চয় হয়। কিয়নো আমি লোকসকলক শুভবাৰ্তা ঘোষনা কৰাৰ সময়ত স্বৰ্গদূতে আমাক সহায় কৰে।—প্ৰকা. ১৪:৬.
১৫. বাইবেলৰ এটা উদাহৰণ দি বুজাওক যে কেৱল যিহোৱাই সত্যৰ বীজ বঢ়ায়?
১৫ যিহোৱা, যীচু আৰু স্বৰ্গদূতে আমাৰ সহায় কৰে। সেইবাবে, আমি প্ৰচাৰ কাৰ্য্যত ভাল ফলাফল লাভ কৰিছোঁ। যিহোৱাৰ বাবেহে আমি প্ৰচাৰ কাৰ্য্যত ভাল ফলাফল লাভ কৰোঁ। যেতিয়া আমি সত্যৰ বীজ সিঁচোঁ, তেতিয়া কিছুমান বীজ ভাল মাটিত পৰে আৰু বাঢ়িবলৈ ধৰে। (মথি ১৩:১৮, ২৩) কিন্তু প্ৰকৃততে সত্যৰ বীজ কোনে বঢ়ায়? যীচুৱে কৈছিল যে যেতিয়ালৈকে পিতৃয়ে এজন ব্যক্তিক যীচুৰ ওচৰলৈ আকৰ্ষণ নকৰে, তেতিয়ালৈকে তেওঁ যীচুৰ শিষ্য হʼব নোৱাৰে। (যোহ. ৬:৪৪) ইয়াৰ এক ভাল উদাহৰণ বাইবেলত উল্লেখ কৰা হৈছে। যেতিয়া পৌলে ফিলিপী নগৰৰ বাহিৰত কিছুমান তিৰোতাক সাক্ষ্য দিছিল, তেতিয়া তাত লুদীয়া নামৰ এগৰাকী তিৰোতায়ো আছিল। “পৌলে কোৱা কথা মানিবলৈ প্ৰভুৱে তেওঁৰ মন মুকলি কৰিলে।” (পাঁচ. ১৬:১৩-১৫) যিহোৱাই লুদীয়াৰ দৰে লাখ লাখ লোকক নিজৰ ফালে আকৰ্ষণ কৰিছে।
১৬. প্ৰচাৰ কাৰ্য্যত ভাল ফলাফল লাভ কৰিলে আমি কাৰ প্ৰশংসা কৰা উচিত?
১৬ প্ৰচাৰ কাৰ্য্যত ভাল ফলাফল লাভ কৰিলে আমি কাৰ প্ৰশংসা কৰা উচিত? পৌলে যেতিয়া কৰিন্থ নগৰত প্ৰচাৰ কৰিছিল, তেতিয়া তাত বহুতোলোক খ্ৰীষ্টান হৈছিল। পৌলে তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল, “মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে। এতেকে ৰোওঁতা জন একো নহয়, আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু বৃদ্ধিকৰ্ত্তা ঈশ্বৰহে সাৰ।” (১ কৰি. ৩:৬, ৭) পৌলে যিহোৱাৰ প্ৰশংসা কৰিলে। ঠিক সেইদৰে, প্ৰচাৰ কাৰ্য্যত ভাল ফলাফল লাভ কৰিলে আমি যিহোৱাৰ প্ৰশংসা কৰা উচিত।
১৭. ঈশ্বৰ, যীচু খ্ৰীষ্ট আৰু স্বৰ্গদূতৰ লগত সহকাৰী হৈ কাম কৰাৰ বাবে যদি আমি কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম?
১৭ আমি দেখিলোঁ যে আমি ঈশ্বৰ, যীচু আৰু স্বৰ্গদূতৰ লগত “সহকাৰী হৈ” কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। যদি আমি এই আশীৰ্বাদৰ বাবে কৃতজ্ঞ, তেনেহʼলে আমি কি কৰিম? আমি সুযোগ পালেই লোকসকলক শুভবাৰ্তা ঘোষণা কৰিম। এনে কৰাৰ বহুতো উপায় আছে। আমি “সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে” গৈ সাক্ষ্য দিব পাৰোঁ। (পাঁচ. ২০:২০) ইয়াৰ উপৰিও, বহুতো ভাই-ভনীয়ে বিভিন্ন উপায়েৰে সাক্ষ্য দিয়ে। যেতিয়া ভাই-ভনীসকলে অচিনাকী ব্যক্তিক লগ পায়, তেতিয়া তেওঁলোকে হাঁহি মুখেৰে কথা পাতে। যদি ব্যক্তিজনে কথা পাতিবলৈ ইচ্ছা কৰে, তেনেহʼলে তেওঁলোকে সেই ব্যক্তিজনক শুভবাৰ্তা জনায়।
১৮-১৯. (ক) সত্যৰ বীজ সিঁচাৰ লগতে আমি কি কৰা উচিত? (খ) যিহোৱাই এজন বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিলে?
১৮ আমি সত্যৰ বীজ সিঁচাৰ লগতে পানীও দিয়া উচিত। যেতিয়া কোনোবাই আমাৰ বাৰ্তা ভালদৰে শুনে, তেতিয়া
আমি তেওঁক পুনৰ সাক্ষাৎ কৰিবলৈ চেষ্টা কৰা উচিত। যদি আমি নিজে যাব নোৱাৰোঁ, তেনেহʼলে আমি আন কাৰোবাক যাবলৈ কোৱা উচিত যাতে তেওঁ ব্যক্তিজনক সাক্ষাৎ কৰে আৰু পাছলৈ তেওঁৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। কল্পনা কৰক, যদি এজন ব্যক্তিয়ে অধ্যয়ন কৰে আৰু যিহোৱাৰ সহায়ত নিজৰ পুৰণি চিন্তাধাৰা সলনি কৰে, তেনেহʼলে তেওঁৰ উন্নতি দেখি আপুনি কিমান যে আনন্দিত হʼব!১৯ দক্ষিণ আফ্ৰিকাত থকা এজন বেজে যেতিয়া বাইবেল অধ্যয়ন কৰে, তেতিয়া তেওঁক বাইবেলৰ কথাবোৰ ভাল লাগিল। যেতিয়া তেওঁ শিকিলে যে মৃত লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰাটো ভুল হয়, তেতিয়া তেওঁৰ বাবে এই কথাটো মানি লʼবলৈ কঠিন হৈছিল। (দ্বিতী. ১৮:১০-১২) কিন্তু লাহে লাহে তেওঁ ঈশ্বৰৰ সহায়ত নিজৰ চিন্তাধাৰা সলনি কৰিলে। যদিও বেজৰ কাম তেওঁৰ জীৱিকা উপাৰ্জনৰ এটা উপায় আছিল, তথাপি তেওঁ সেই কামটো এৰি দিয়ে। আজি তেওঁৰ বয়স ৬০ বছৰ হৈছে। তেওঁ এইদৰে কয়, “যিহোৱাৰ সাক্ষীসকলে মোক বিভিন্ন উপায়েৰে সহায় কৰাৰ বাবে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকে মোক বেলেগ কাম বিচাৰিবলৈ সহায় কৰিলে। মই সকলোতকৈ যিহোৱাৰ প্ৰতি কৃতজ্ঞ। তেওঁৰ সহায়তহে মই সকলো বেয়া কাম এৰিবলৈ সক্ষম হʼলোঁ। এতিয়া মই বাপ্তিষ্মা লৈ এজন সাক্ষী হʼলোঁ আৰু প্ৰচাৰ কাম কৰোঁ।”
২০. আপুনি যি ৰত্নবোৰ লাভ কৰিছে, তাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?
২০ এই লেখত আমি এনে চাৰিটা ৰত্নৰ বিষয়ে আলোচনা কৰিলোঁ, যিবোৰ আমি দেখা নাপাওঁ। আটাইতকৈ ডাঙৰ ৰত্ন হৈছে যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্ব। এই ৰত্নৰ বাবে আমি বাকী সকলো ৰত্ন লাভ কৰিছোঁ। আমি প্ৰাৰ্থনা কৰাৰ সুযোগ পাইছোঁ, পবিত্ৰ আত্মাৰ সহায় লাভ কৰিছোঁ আৰু প্ৰচাৰ কাৰ্য্যত স্বৰ্গৰপৰা সহায় লাভ কৰিছোঁ। আমি এই ৰত্নবোৰক সদায় মূল্যৱান বুলি গণ্য কৰা উচিত। আমি যিহোৱাক ধন্যবাদ দিয়া উচিত, কিয়নো তেওঁ আমাৰ সকলোতকৈ ভাল বন্ধু হয়।
গীত ১৪৫ প্ৰমোদবন ঈশ্বৰৰ প্ৰতিজ্ঞা
^ অনু. 5 আগৰ লেখত আমি যিহোৱাই দিয়া তিনিটা উপহাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেইবোৰ আমি দেখা পাওঁ। কিন্তু এই লেখত আমি এনে কিছুমান আশীৰ্বাদৰ বিষয়ে আলোচনা কৰিম যি আমি দেখা নাপাওঁ। যিহোৱাৰপৰা পোৱা এই আশীৰ্বাদ আমাৰ বাবে ৰত্নৰ দৰে হয়। এই বিষয়ে আলোচনা কৰিলে আমি যিহোৱাৰ প্ৰতি আৰু কৃতজ্ঞ হʼম।
^ অনু. 58 ছবিৰ বিষয়ে: (১) এগৰাকী ভনীয়ে যিহোৱাৰ সৃষ্টিৰ মনোমোহা দৃশ্যৰ আনন্দ লৈছে আৰু যিহোৱাৰ লগত থকা নিজৰ বন্ধুত্বৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিছে।
^ অনু. 60 ছবিৰ বিষয়ে: (২) সেই ভনীগৰাকীয়ে চাহ-জলপানৰ বাবে এটা ঠাইত বহিছে। তাত তাই ঘোষণা কৰিবলৈ সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছে।
^ অনু. 62 ছবিৰ বিষয়ে: (৩) পবিত্ৰ আত্মাই তাইক সাহস দিলে, সেইবাবে তাই এগৰাকী তিৰোতাক সাক্ষ্য দিব পাৰিলে।
^ অনু. 64 ছবিৰ বিষয়ে: (৪) ভনীগৰাকীয়ে সেই তিৰোতাক বাইবেলৰপৰা শিকাইছে। স্বৰ্গদূতৰ সহায়ত তাই প্ৰচাৰ কৰিছে আৰু শিষ্য বনোৱা কাম কৰিছে।