এতিয়াৰে পৰা ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰক!
কল্পনা কৰক যে আপোনাৰ তাত এটা ডাঙৰ ধুমুহা আহিবলগীয়া আছে। অধিকাৰীসকলে সকলোকে অতি সোনকালে সেই ঠাই এৰি এক সুৰক্ষিত ঠাইলৈ যাবলৈ কৈছে। এনে পৰিস্থিতিত আপুনি কি কৰিব? নিশ্চয় আপুনি থাকিবলৈ এটা সুৰক্ষিত ঠাই বিচাৰিব।
কʼবলৈ গʼলে আমাৰ সময়তো এক ভয়ানক “ধুমুহা” আহিবলগীয়া আছে। যীচুৱে সেই ধুমুহাক “মহা-সংকট” বুলি কৈছে। (মথি ২৪:২১) এই ধুমুহাক কোনেও ৰখাব নোৱাৰে। কিন্তু ইয়াৰ পৰা বাচিবলৈ আমি কিছুমান পদক্ষেপ লʼব পাৰোঁ। সেইবোৰনো কি?
যীচু খ্ৰীষ্টই এইদৰে পৰামৰ্শ দিছে, “তোমালোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু তেওঁৰ আজ্ঞা পালন কৰা।” (মথি ৬:৩৩) এই পৰামৰ্শ আমি কেনেকৈ মানিব পাৰোঁ?
প্ৰথমতে ঈশ্বৰৰ ৰাজ্যক বিচৰাৰ যোগেদি। ইয়াৰ অৰ্থ হৈছে আমি ঈশ্বৰৰ ৰাজ্যক আন কামবোৰতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভবা উচিত। (মথি ৬:২৫, ৩২, ৩৩) কিয় বাৰু? কিয়নো মানুহে পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পৰা নাই। কেৱল ঈশ্বৰৰ ৰাজ্যইহে মানুহৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব।
ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ যোগেদি। আমি ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। এয়া কিয় প্ৰয়োজন? কিয়নো যদি আমি নিজে নিৰ্ণয় লওঁ যে ভাল আৰু বেয়া কি, তেনেহʼলে ইয়াৰ পৰিণাম বেয়া হʼব। (হিতোপদেশ ১৬:২৫) কিন্তু যদি আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু সেই অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আমাৰ লগতে ঈশ্বৰো আনন্দিত হʼব।—যিচয়া ৪৮:১৭, ১৮.
আমি ঈশ্বৰৰ ৰাজ্যক বিচৰা আৰু তেওঁৰ আজ্ঞা মানি থকা উচিত। যীচুৱে সতৰ্ক কৰিছিল যে কিছুমান লোকৰ ধ্যান ঈশ্বৰৰ ৰাজ্যৰ পৰা আঁতৰি যাব। হয়তো তেওঁলোকে ভাবিব পাৰে যে বেছিকৈ টকা-পইচা অৰ্জন কৰিলে তেওঁলোকৰ ভৱিষ্য সুৰক্ষিত থাকিব। আনহাতে, কিছুমান লোকে নিজৰ জীৱনৰ সমস্যাবোৰত ইমানেই সোমাই পৰে যে তেওঁলোকৰ ওচৰত ঈশ্বৰৰ ৰাজ্যক বিচাৰিবলৈ সময়েই নাথাকে।—মথি ৬:১৯-২১, ২৫-৩২.
কিন্তু যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে যিসকল লোকে আজি ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেওঁলোকে জীয়াই থাকিবলৈ প্ৰয়োজনীয় বস্তুবোৰ পাব। ইয়াৰ লগতে ভৱিষ্যতেও তেওঁলোকে বহুতো আশীৰ্বাদ লাভ কৰিব।—প্ৰথম শতিকাৰ যীচুৰ শিষ্যসকলে ঈশ্বৰৰ ৰাজ্য বিচাৰি আছিল আৰু তেওঁৰ আজ্ঞা পালন কৰিছিল। কিন্তু তেওঁলোকে জীয়াই থাকোঁতে সকলো দুখ-কষ্টৰ অন্ত হোৱা দেখা নাপালে, তথাপি তেওঁলোকে বহুতো সমস্যাৰ পৰা বাচি থাকিল। কেনেকৈ বাৰু? আহক চাওঁ।
যীচুৰ শিষ্যসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল। সেইবাবে, তেওঁলোকে সেই সমস্যাবোৰৰ পৰা বাচি থাকিব পাৰিলে, যিবোৰ সমস্যা ঈশ্বৰৰ আজ্ঞা নামানিলে আহে। শিষ্যসকলৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ঈশ্বৰৰ ৰাজ্য আহিব। সেইবাবে, তেওঁলোকে ডাঙৰ ডাঙৰ সমস্যাবোৰৰ সন্মুখীন হʼব পাৰিলে। ইয়াৰ লগতে সেই সমস্যাবোৰ পাৰ কৰিবলৈ ঈশ্বৰে তেওঁলোকক ‘শক্তিৰ বাহুল্যতা দিয়ে, যি সাধাৰণ মানুহৰ শক্তিতকৈ বহুত বেছি।’—২ কৰিন্থীয়া ৪:৭-৯, NW.
আপুনি ঈশ্বৰৰ ৰাজ্যক বিচাৰিবনে?
প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যীচুৰ আজ্ঞা পালন কৰিলে আৰু ঈশ্বৰৰ ৰাজ্যক বিচাৰিলে। তেওঁলোকে ঠায়ে ঠায়ে গৈ ৰাজ্যৰ শুভবাৰ্তা জনালে। (কলচীয়া ১:২৩) আজিও কোনোবাই এই কাম কৰি আছেনে?
হয়! যিহোৱাৰ সাক্ষীসকলে ভালদৰে জানে যে চয়তানৰ এই জগতৰ বহুত কম সময় বাকী আছে। অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই এই জগতৰ ব্যৱস্থাক অন্ত কৰিব। সেইবাবে, তেওঁলোকে যীচুৰ এই আজ্ঞা মানিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে। “সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।”—মথি ২৪:১৪.
আপুনি এই শুভবাৰ্তাত ধ্যান দিবনে? প্ৰথম শতিকাৰ বিৰয়া নামৰ চহৰত থকা লোকসকলৰ দৰে হʼবলৈ আমি আপোনাক উৎসাহিত কৰিছোঁ। যেতিয়া পাঁচনি পৌলে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনাইছিল, তেতিয়া তেওঁলোকে “অতি আগ্ৰহেৰে” শুনিছিল। পৌলৰ বাক্য সঁচা হয় নে নহয়, এয়া জানিবলৈ তেওঁলোকে “প্ৰতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।” তাৰ পাছত, যেতিয়া তেওঁলোকৰ এয়া সঁচা হয় বুলি বিশ্বাস হʼল, তেতিয়া তেওঁলোকে সেই অনুসৰি পদক্ষেপ লʼলে।—পাঁচনিৰ কৰ্ম্ম ১৭:১১, ১২.
আপুনিও বিৰয়া চহৰৰ লোকসকলৰ দৰে শাস্ত্ৰৰ পৰীক্ষা কৰিব পাৰে। বিশ্বাস ৰাখক, ঈশ্বৰৰ ৰাজ্যক বিচৰা আৰু তেওঁৰ আজ্ঞাক পালন কৰি থকাৰ যোগেদি আপুনি কেৱল আজিয়েই নহয়, ভৱিষ্যতেও প্ৰকৃত শান্তি আৰু সুৰক্ষা লাভ কৰিব পাৰিব।