Skip to content

Skip to table of contents

লোকসকলে কি কয়?

লোকসকলে কি কয়?

মাৰিয়াই কৈছে, “যেতিয়া মই প্ৰাৰ্থনা কৰোঁ, তেতিয়া অনুভৱ কৰোঁ যে ঈশ্বৰ মোৰ লগত আছে, তেওঁ মোৰ হাত ধৰি আছে আৰু সঠিক পথ দেখুৱাইছে।”

ৰাহুলে কৈছে, “মোৰ পত্নীয়ে ১৩ বছৰলৈকে কেন্সাৰৰ লগত যুঁজিলে আৰু তাৰ পাছত তাইৰ মৃত্যু হʼল। এই সময়ছোৱাত মই সদায় ঈশ্বৰক মোৰ মনৰ সকলো কথা জনাইছিলোঁ। এইদৰে কৰাৰ বাবে মই মনৰ শান্তি লাভ কৰিলোঁ।”

আৰ্নে কৈছে, “এয়া কিমান ডাঙৰ কথা যে আমি ঈশ্বৰক নিজৰ মনৰ সকলো কথা খুলি কʼব পাৰোঁ।”

বহুতো লোকে বিশ্বাস কৰে যে ঈশ্বৰৰ লগত কথা পাতিবলৈ পোৱাটো এক উপহাৰ হয়। তেওঁলোকে প্ৰাৰ্থনাত ঈশ্বৰৰ লগত কথা পাতে, তেওঁক ধন্যবাদ দিয়ে আৰু সহায় বিচাৰে। ‘তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে যে যদি তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰে, তেন্তে তেওঁ তেওঁলোকৰ যাচনা শুনিব।’—১ যোহন ৫:১৪.

আন কিছুমানে ভাবে যে প্ৰাৰ্থনা কৰাৰ একো লাভ নাই। ষ্টীব নামৰ এজন ব্যক্তিও এইদৰে ভাবিছিল। তেওঁ কৈছে, “যেতিয়া মোৰ বয়স ১৭ বছৰ আছিল, তেতিয়া মোৰ তিনিজন বন্ধুৰ মৃত্যু হʼল। এজনৰ পথ দুৰ্ঘটনাত আৰু দুজনৰ সাগৰত ডুবি মৃত্যু হʼল। মই ভগৱানক বাৰে বাৰে সুধিছিলোঁ, ‘তুমি কিয় এইদৰে হʼবলৈ দিলা?’ কিন্তু মই কোনো উত্তৰ নাপালোঁ। মই ভাবিলোঁ, ‘যদি কোনোৱে শুনাই নাই, তেনেহʼলে প্ৰাৰ্থনা কৰাৰ কি লাভ?’” ষ্টীবৰ দৰে যেতিয়া বহুতো লোকে প্ৰাৰ্থনাৰ উত্তৰ নাপায়, তেতিয়া প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে।

আকৌ বহুতো লোকে ভাবে যে ঈশ্বৰে দেখোন সকলো কথা জানে, সেইবাবে তেওঁলোকে প্ৰাৰ্থনা নকৰে। তেওঁলোকে কয় ঈশ্বৰে জানে যে আমাৰ জীৱনত কি চলি আছে, আমাৰ কিহৰ প্ৰয়োজন আছে, তেনেহʼলে সকলো কথাৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নাই।

কিছুমান লোকে প্ৰাৰ্থনা কৰিবলৈ সংকোচ কৰে। কিয়নো তেওঁলোকে আগতে বহুতো ভুল কৰিছিল। তেওঁলোকে ভাবে যে ঈশ্বৰে পাপী লোকসকলৰ কথা নুশুনে। জেনী নামৰ এগৰাকী তিৰোতাই কৈছে, “মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ যোগ্য নহয়। মই বহুতো ভুল কৰিলোঁ, সেইবাবে হয়তো ঈশ্বৰে মোৰ প্ৰাৰ্থনা নুশুনিব।”

আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে নে আপুনিও ভাবে যে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ কোনো লাভ নাই? পবিত্ৰ শাস্ত্ৰ বাইবেলত এই সকলো প্ৰশ্নৰ উত্তৰ দিয়া হৈছে আৰু ইয়াত লিখা কথাবোৰৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ। a প্ৰাৰ্থনাৰ বিষয়ে আপোনাৰ মনতো কিবা প্ৰশ্ন হʼব পাৰে, যেনে:

  • ঈশ্বৰে সঁচাকৈ আমাৰ প্ৰাৰ্থনা শুনেনে?

  • ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

  • আমি কেনেকৈ প্ৰাৰ্থনা কৰা উচিত?

  • প্ৰাৰ্থনা কৰিলে আমাৰ কি লাভ হʼব পাৰে?

a বাইবেলত ঈশ্বৰৰ বহুতো উপাসকৰ প্ৰাৰ্থনা উল্লেখ আছে। যেনে, যীচু খ্ৰীষ্টৰ প্ৰাৰ্থনা। ইয়াৰ এটা ভাগত (যাক পুৰণি নিয়ম বুলিও কোৱা হয়) ১৫০ টা প্ৰাৰ্থনা লিখা আছে।