Skip to content

Skip to table of contents

ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনে নে?

ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনে নে?

আপুনি কি ভাবে যেতিয়া আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনে নে?

পবিত্ৰ শাস্ত্ৰত কি লিখা আছে?

  • ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনে। ‘যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ সিবিলাকৰ প্ৰাৰ্থনা শুনে।’—গীতমালা ১৪৫:১৮, ১৯.

  • আপুনি ঈশ্বৰক প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। ঈশ্বৰে পবিত্ৰ শাস্ত্ৰত আমাৰ বাবে এই কথা লিখাইছে, “সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক।”—ফিলিপীয়া ৪:৬.

  • ঈশ্বৰে আমাৰ বিষয়ে চিন্তা কৰে। ঈশ্বৰে আমাৰ চিন্তা আৰু সমস্যাৰ বিষয়ে ভালদৰে জানে আৰু তেওঁ আমাক সহায় কৰিব বিচাৰে। পবিত্ৰ শাস্ত্ৰত লিখা আছে, “তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.