নতুন পৃথিৱীত বাস কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন?
এতিয়ালৈকে আমি শিকিলোঁ যে ঈশ্বৰে অতি সোনকালে দুষ্ট লোকসকলক আৰু তেওঁলোকে কৰা বেয়া কামবোৰক শেষ কৰিব। আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে এইদৰে নিশ্চয় কৰিব, কিয়নো তেওঁ প্ৰতিজ্ঞা কৰিছে:
‘এই জগতখন গুচি যাব লাগিছে।’—১ যোহন ২:১৭.
কিন্তু যেতিয়া ঈশ্বৰে এই জগতক অন্ত কৰিব, তেতিয়া কিছুমান লোক ৰক্ষা পৰিব। কিয়নো তেওঁ কৈছে:
“যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”
ইয়াৰ অৰ্থ হৈছে, যদি আমি জগতৰ ধ্বংসৰপৰা ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব লাগিব। কিন্তু তেওঁৰ ইচ্ছা কি হয়? এই বিষয়ে জানিবলৈ আমি ঈশ্বৰৰ বিষয়ে ভালদৰে জানিব লাগিব।
অন্তৰপৰা বাচিবলৈ ঈশ্বৰৰ বিষয়ে জানক
যীচুৱে কৈছিল, ‘একমাত্ৰ সত্য ঈশ্বৰক জনা এয়েই অনন্ত জীৱন।’ (যোহন ১৭:৩) যদি আমি আহিবলগীয়া অন্তৰপৰা বাচিব বিচাৰোঁ আৰু এই পৃথিৱীত সদায় জীয়াই থাকিব বিচাৰোঁ, তেনেহʼলে আমি ঈশ্বৰক ভালদৰে জানিব লাগিব। এজন ঈশ্বৰ আছে বুলি বহুতোলোকে বিশ্বাস কৰে আৰু তেওঁৰ বিষয়ে কম বেছি পৰিমাণে জানে। কিন্তু ইমানেই যথেষ্ট নহয়। ঈশ্বৰৰ লগত আমি এটা ভাল সম্পৰ্ক গঢ়ি তুলিব লাগিব, যিদৰে এজন বন্ধুৰ লগত থাকে। যেতিয়া আমি কাৰোবাৰ লগত বন্ধুত্ব কৰোঁ, তেতিয়া তেওঁৰ বিষয়ে ভালদৰে জানিবলৈ আমি তেওঁৰ লগত সময় অতিবাহিত কৰোঁ। এইদৰে আমাৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰে। ঈশ্বৰৰ লগত বন্ধুত্ব কৰিবলৈও আমি সময় উলিয়াই তেওঁৰ বিষয়ে জানিব লাগিব। তেনেহʼলে আহক, আমি বাইবেলৰপৰা ঈশ্বৰৰ বিষয়ে জানোঁ।
প্ৰতিদিনে পবিত্ৰ শাস্ত্ৰ বাইবেল পঢ়ক
জীয়াই থাকিবলৈ আমি প্ৰতিদিনে আহাৰ খাওঁ। কিন্তু মন কৰক যীচুৱে কি কৈছে, “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।”—মথি ৪:৪.
বাইবেলৰপৰা আমি যিহোৱা ঈশ্বৰৰ বিষয়ে ভালদৰে জানিব পাৰিম। যেতিয়া আমি বাইবেলখন পঢ়িম, তেতিয়া আমি জানিম যে তেওঁ অতীতত কি কৰিলে, আজি কি কৰি আছে আৰু ভৱিষ্যতে কি কৰিব।
ঈশ্বৰৰপৰা সহায় লওক
আপুনি হয়তো ঈশ্বৰৰ কথা পালন কৰিব বিচাৰে, কিন্তু আপুনি এনে কাম কৰি আছে, যি ঈশ্বৰে ভাল নাপায়। তেনেহʼলে আপুনি কি কৰিব? ঈশ্বৰৰ বিষয়ে ভালদৰে জানক, ইয়ে আপোনাক সহায় কৰিব।
এছিয়াত থকা এগৰাকী তিৰোতাৰ বিষয়ে মন কৰক, তাই অনৈতিক জীৱন-যাপন কৰিছিল। কিন্তু তাই বাইবেল পঢ়ি ঈশ্বৰৰ এই আজ্ঞা জানিব পাৰিলে, “ব্যভিচাৰৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ৬:১৭) বেয়া কাম এৰিবলৈ তাই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে আৰু ঈশ্বৰৰ সহায়ত তাই এইবোৰ এৰিব পাৰিলে। কিন্তু এতিয়াও তাই সংঘৰ্ষ কৰি থাকিবলগীয়া হয়। তাই এইদৰে কয়, “যেতিয়া মোৰ মনলৈ বেয়া ভাৱনা আহে, তেতিয়া মই যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ আৰু মই কেনে অনুভৱ কৰিছোঁ, সেই সকলো কথা ঈশ্বৰক খুলি কওঁ। মই জানোঁ যে মই নিজৰ শক্তিৰে এই যুদ্ধত জয়লাভ কৰিব নোৱাৰোঁ। প্ৰাৰ্থনাৰ যোগেদি মই যিহোৱাৰ কাষ চাপিব পাৰিছোঁ।” এই তিৰোতাগৰাকীৰ দৰে গোটেই পৃথিৱীত লাখ লাখ লোকে যিহোৱা ঈশ্বৰক ভালদৰে জানিবলৈ চেষ্টা কৰি আছে। নিজকে সলনি কৰিবলৈ আৰু ঈশ্বৰৰ ইচ্ছাৰ দৰে কাম কৰিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰি আছে।—ফিলিপীয়া ৪:১৩.
যেতিয়া আপুনি ঈশ্বৰক ভালদৰে জানিব, তেতিয়া ঈশ্বৰেও আপোনাক জানিব আৰু আপুনি তেওঁৰ এজন ভাল বন্ধু হৈ পৰিব। (গালাতীয়া ৪:৯; গীতমালা ২৫:১৪) যেতিয়া এই পৃথিৱীৰ পৰিস্থিতি সলনি হʼব, তেতিয়া আপুনি তাত জীয়াই থাকিব। কিন্তু তাৰ পৰিস্থিতি কেনেকুৱা হʼব? আহক এই বিষয়ে পৰৱৰ্তী লেখত চাওঁ।
a বাইবেলৰ অনুসৰি ঈশ্বৰৰ নাম যিহোৱা হয়।