তেওঁলোকে সমস্যা পাৰ কৰিলে
ৰিকাৰ্ডো আৰু আন্দ্ৰেছৰ জীৱন কাহিনী
বাইবেলৰ শিক্ষাই লোকসকলৰ জীৱন সলনি কৰিব পাৰে। ৰিকাৰ্ডো আৰু আন্দ্ৰেছৰ উদাহৰণলৈ মন কৰক।
ৰিকাৰ্ডো: যেতিয়া মই ১৫ বছৰৰ আছিলোঁ, তেতিয়া মই এটা গেঙৰ লগত জড়িত হʼলোঁ। মই নিজৰ সেই নতুন বন্ধুসকলৰ দৰে কাম কৰিবলৈ ধৰিলোঁ। মই কোনোমতে দহ বছৰৰ বাবে জেইললৈ যাব বিচাৰিছিলোঁ। এয়া শুনি আপুনি হয়তো আচৰিত হʼব। কিন্তু আমাৰ এলেকাৰ লোকসকলে জেইলৰ পৰা অহা লোকসকলক বহুত সন্মান কৰিছিল, সেইবাবে মইও জেইললৈ যাব বিচাৰিছিলোঁ।
গেঙৰ লোকসকলে যি যি কাম কৰিছিল, মইও সেই কামবোৰ কৰিবলৈ ধৰিলোঁ। ইয়াৰ উপৰিও নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিলোঁ আৰু শাৰীৰিক সম্পৰ্ক ৰাখিলোঁ আৰু মাৰ-পিটো কৰিছিলোঁ। এদিনাখন ৰাতি যেতিয়া মই গেঙৰ লগত গুলিয়া-গুলি কৰিছিলোঁ, তেতিয়া মোৰ এনে অনুভৱ হʼল যেন মই মৰিয়ে থাকিম, কিন্তু মই বাচি গʼলোঁ। তাৰ পাছত মই চিন্তা কৰিবলৈ ধৰিলোঁ যে মই কেনেধৰণৰ জীৱন-যাপন কৰিছোঁ; আচলতে মই কি বিচাৰোঁ। তাৰ পাছত মই নিজৰ জীৱন সলনি কৰিবলৈ থিৰাং কৰিলোঁ। কিন্তু এইদৰে কৰিবলৈ কোনে মোক সহায় কৰিলেহেঁতেন।
মোৰ সম্বন্ধীয় লোকৰ বেছিভাগ পৰিয়ালত বহুতো সমস্যা আছিল, সেইবাবে তেওঁলোকে দুখত থাকিছিল। কিন্তু মোৰ এজন মামাৰ পৰিয়াল বহুত আনন্দত থাকিছিল আৰু তেওঁলোক বহুত ভাল মানুহ আছিল, কিয়নো তেওঁলোকে বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিছিল। বহু সময়ৰ আগতে তেওঁলোকে মোক জনাইছিল যে ঈশ্বৰৰ নাম যিহোৱা হয়। সেইবাবে গুলিয়া-গুলিৰ কিছুসময়ৰ পাছত মই যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা কৰি তেওঁক সহায় বিচাৰিলোঁ। পাছদিনাখন এজন যিহোৱাৰ সাক্ষীয়ে আমাৰ ঘৰলৈ আহিলে, মই আচৰিত হʼলোঁ। সেই সাক্ষীজনে মোক বাইবেলৰ পৰা শিকালে।
ইয়াৰ কিছুসময়ৰ পাছতেই মই এটা সমস্যাৰ সন্মুখীন হʼলোঁ। মোৰ পুৰণি বন্ধুসকলে মোক ফোন কৰি তেওঁলোকৰ লগত ফুৰিবলৈ মাতিছিল। তেওঁলোকক মানা কৰাটো মোৰ বাবে বৰ কঠিন হৈছিল। কিন্তু মই থিৰাং কৰি লৈছিলোঁ যে মই বাইবেলৰ পৰা শিকি থাকিম। এই নিৰ্ণয় লোৱাৰ বাবে মোৰ জীৱন সলনি হʼল আৰু মই প্ৰকৃত আনন্দ লাভ কৰিলোঁ।
মোৰ মনত আছে মই দহ বছৰৰ কাৰণে জেইললৈ যাবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিলোঁ, যাতে গেঙত মোৰ সন্মান বাঢ়ে। কিন্তু এতিয়া মই কমেও দহ বছৰ যিহোৱাক বেছিতকৈ বেছি সেৱা কৰিব বিচাৰোঁ। যিদৰে মোক শিকোৱা হৈছিল, মইও আনক ভাল জীৱন লাভ কৰিবলৈ শিকাব বিচাৰোঁ। ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে মই ১৭ বছৰ ধৰি লোকসকলক বাইবেলৰ পৰা শিকাই আছোঁ। প্ৰতি মাহে প্ৰায় ৭০ ঘণ্টা মই এই কামত অতিবাহিত কৰোঁ। মই আপোনালোকক জনাব বিচাৰোঁ যে মই কেতিয়াও জেইললৈ নগলোঁ।
কিন্তু মোৰ বেছি ভাগ পুৰণি বন্ধু দীঘলীয়া সময়লৈকে জেইলত আছিল। কিছুমানৰ মৃত্যুও হʼল। যেতিয়া মই আগৰ দিনবোৰলৈ চিন্তা কৰোঁ, তেতিয়া সেই সম্বন্ধীয় লোক যিসকল যিহোৱাৰ সাক্ষী হয়, তেওঁলোকক কৃতজ্ঞতা জনাওঁ। মই তেওঁলোকক লক্ষ্য কৰিছিলোঁ যে তেওঁলোকে বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিছিল আৰু আনৰ পৰা পৃথক দেখাত কোনো সংকোচ কৰা নাছিল। মই গেঙৰ বন্ধুসকলতকৈ বেছি তেওঁলোকক সন্মান কৰিছিলোঁ। আটাইতকৈ বেছি মই যিহোৱাৰ কৃতজ্ঞ, কিয়নো তেওঁ ভালদৰে জীৱন-যাপন কৰিবলৈ মোক শিকালে।
আন্দ্ৰেছ: মই এখন দুখীয়া এলেকাত ডাঙৰ-দীঘল হৈছিলোঁ, তাত নিচাজাতীয় দ্ৰব্য সেৱন কৰা, আনৰ বস্তু কাঢ়ি লোৱা, হত্যা কৰা আৰু বেশ্যা অৰ্থাৎ দেহ ব্যৱসায় সাধাৰণ কথা আছিল। দেউতাই কʼকেইন আৰু মদ খাইছিল। মা-দেউতাই প্ৰায় কাজিয়া লাগিছিল। তেওঁলোকে এজনে-আনজনক গালি পাৰিছিল আৰু মাৰ-পিটো কৰিছিল।
মই কম বয়সৰ পৰাই মদ খাবলৈ আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ ধৰিলোঁ। মই বেছিভাগ সময় ৰাস্তাত ঘূৰি ফুৰিছিলোঁ, মই চুৰ কৰিছিল আৰু চুৰ কৰা বস্তুবোৰ বিক্ৰী কৰিছিলোঁ। যেতিয়া মই অলপ ডাঙৰ হʼলোঁ, তেতিয়া দেউতাই মোৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল। কিন্তু ইয়াৰ বাবে তেওঁ ভুল পথ বাছনি কৰিলে। তেওঁ মোক শিকালে যে নিচাজাতীয় দ্ৰব্য কেনেকৈ অবৈধ্য ভাবে দেশলৈ অনা হয় আৰু বিক্ৰী কৰা হয়। কিছুসময়ৰ ভিতৰতে মই ধনী হৈ গʼলোঁ। কিন্তু এদিনাখন মোৰ ঘৰলৈ পুলিচ আহিলে আৰু মোক গ্ৰেপ্তাৰ কৰি লৈ গʼল। কিয়নো মই এজন ব্যক্তিক হত্যা কৰিবলৈ চেষ্টা কৰিছিলোঁ, ইয়াৰ বাবে মোক পাঁচ বছৰৰ জেইলৰ শাস্তি দিয়া হʼল।
এদিনাখন ৰাতিপুৱা জেইলত লাউড স্পিকাৰত ঘোষণা কৰা হʼল যে যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ পৰা কিছুমান কথা আলোচনা কৰিব, তাত সকলো কৈদিয়ে যাব পাৰে। মই ভাবিলোঁ মইও যাম! যিহোৱাৰ সাক্ষীসকলৰ কথা শুনি মোক ভাল লাগিলে, সেইবাবে মই বাইবেলৰ পৰা শিকিবলৈ ধৰিলোঁ। তেওঁলোকে মোক স্পষ্টকৈ জনালে যে ঈশ্বৰৰ উচ্চ মানদণ্ড কি? কিন্তু তেওঁলোকে মোক ইয়াৰ গভীৰতা কম কৰি জনোৱা নাছিল।
মই অনুভৱ কৰিলোঁ যে মই নিজৰ জীৱন শুধৰণি কৰিব লাগিব। কিন্তু মই জানিছিলোঁ যে এয়া নিজে নিজে হʼব নোৱাৰে। যেতিয়া আন কৈদিসকলে মোক ধমকি দিছিল, তেতিয়া মোৰ সমস্যা আৰু বাঢ়ি গৈছিল। কিয়নো মই যি কাম কৰিছিলোঁ, সেয়া তেওঁলোকে ভাল পোৱা নাছিল। মই যিহোৱাক বুদ্ধি আৰু শক্তি বিচাৰি প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁ মোক সহায় কৰিলে। মই সাহস লাভ কৰাৰ বাবে বাইবেল পঢ়িবলৈ কেতিয়াও নেৰিলোঁ। ইয়াৰ উপৰিও মই আন কৈদিসকলক ইয়াৰ বিষয়ে জনাবলৈ ধৰিলোঁ।
যেতিয়া মোৰ মুকলি হোৱাৰ সময় আহি পৰিল, তেতিয়া মই নাৰ্ভাচ অনুভৱ কৰিছিলোঁ। মই আৰু কিছুদিন তাতে থাকিব বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে বাহিৰৰ পৰিৱেশত থাকিব পাৰিম নে নোৱাৰিম। যেতিয়া মই জেইলৰ পৰা ওলাই আহিছিলোঁ, তেতিয়া বহুতো কৈদিয়ে মোক বিদাই দিবলৈ আহিলে আৰু কিছুমান কৈদিয়ে মৰমেৰে মোক কʼলে, “ভালকে থাকিবা সৰু গুৰু।”
কেতিয়াবা কেতিয়াবা মই ভাবো যদি মই ঈশ্বৰৰ শিক্ষা নোপোৱা হʼলে মোৰ জীৱন কেনেকুৱা হʼলহেঁতেন! এই বিষয়ে ভাবিয়ে মোৰ গা শিহৰি যায়। মই ঈশ্বৰক বহুত বহুত ধন্যবাদ দিওঁ যে তেওঁ মোক নিজৰ প্ৰেমৰ যোগ্য বুলি ভাবিলে। a
a বাইবেলে বহুতোলোকৰ জীৱন পৰিৱৰ্তন কৰিলে, তেওঁলোকৰ বিষয়ে জানিবলৈ jw.org ৱেবছাইটলৈ গৈ লাইব্ৰেৰীৰ লেখৰ ধাৰাবাহিকত ক্লিক কৰক, তাৰ পাছত “বাইবেলে জীৱনলৈ পৰিৱৰ্তন আনে” ভাগ চাওক।