Skip to content

Skip to table of contents

আমাৰ মূল্যবান উত্তৰাধিকাৰ—ই আপোনাৰ বাবে কি অৰ্থ ৰাখে?

আমাৰ মূল্যবান উত্তৰাধিকাৰ—ই আপোনাৰ বাবে কি অৰ্থ ৰাখে?

আমাৰ মূল্যবান উত্তৰাধিকাৰ—ই আপোনাৰ বাবে কি অৰ্থ ৰাখে?

“আহাঁ, মোৰ পিতৃৰ আশীৰ্ব্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।”মথি ২৫:৩৪.

১. উত্তৰাধিকাৰীৰূপে লোকসকলে কি কি পায়?

 সকলো মানুহৰ উত্তৰাধিকাৰ কিছু নহʼলে কিছু আছে। কিছুমানে হয়তো উত্তৰাধিকাৰীৰূপে বহুতো ধন-সম্মত্তি পাইছে যাৰ দ্বাৰা তেওঁলোকে আৰামদায়ক জীৱন-যাপন কৰে। কিছুমানে হয়তু উত্তৰাধিকাৰীৰূপে দুখীয়া জীৱন-যাপন কৰে। কিছুমান ক্ষেত্ৰত, অন্য এক জাতিক ঘৃণা কৰা শুনিছে বা অনুভৱ কৰিছে, এই ঘৃণাভাৱটো বংশ ধৰি চলি আহিছে। সাধাৰণতে আমাৰ সকলোৰে মাজত একেই উত্তৰাধিকাৰ দেখিবলৈ পোৱা যায় আৰু সেইয়া হৈছে প্ৰথম পুৰুষ আদমৰ পৰা পোৱা পাপ। এই উত্তৰাধিকাৰে অৱশেষত মৃত্যুলৈ পৰিচালিত কৰে।—উপদেশক ৯:২, ১০; ৰোমীয়া ৫:১২.

২, ৩. আদম আৰু হৱাৰ সন্তান-সন্ততিৰ বাবে যিহোৱাই উত্তৰাধিকাৰীৰূপে প্ৰকৃততে কি ৰাখিছিল, আৰু কিয় তেওঁলোকে ইয়াক গ্ৰহণ কৰিবলৈ নোৱাৰিলে?

আমাৰ মৰমীয়াল স্বৰ্গীয় পিতৃ, যিহোৱাই, প্ৰকৃততে মানৱজাতিলৈ এক ভিন্ন উত্তৰাধিকাৰ আগবঢ়াইছিল পৰমদেশত সিদ্ধ অনন্ত জীৱন। আমাৰ প্ৰথম পিতৃ-মাতৃ আদম আৰু হৱাকো এক সিদ্ধ আৰু নিষ্পাপ জীৱন আৰম্ভ কৰিবলৈ দিয়া হৈছিল। যিহোৱা ঈশ্বৰে মানৱজাতিক পৃথিৱীখন এটা উপহাৰৰূপে দিছিল। (গীতমালা ১১৫:১৬) গোটেই পৃথিৱীখন যে কেনেকুৱা হʼব তাক নমুনাৰূপে এদন বাগিছাখন আৰু লগতে তেওঁলোকক এক অদ্ভুত, আকৰ্ষণীয় নিযুক্তিভাৰ দিছিল। তেওঁলোকে সন্তান জন্ম দি প্ৰতিপালন কৰিবলৈ আৰু লগতে পৃথিৱীখন আৰু ইয়াত থকা বিভিন্ন গছ-গছনি আৰু জীৱ-জন্তুৰবোৰ চোৱাচিতা কৰিবলৈ আছিল। ইয়াৰ ওপৰিও পৰমদেশ গোটেই পৃথিৱীত বিস্তাৰিত কৰিবলৈ আছিল। (আদিপুস্তক ১:২৮; ২:৮, ৯, ১৫) তেওঁলোকৰ সন্তান-সন্ততিয়ে ইয়াত ভাগ লবলৈ আছিল। কিযে বিস্ময়জনক উত্তৰাধিকাৰ যিটো তেওঁলোকে নিজৰ সন্তান-সন্ততিক দিবলৈ লাগিছিল!

যিহেতু আদম হৱা আৰু তেওঁলোকৰ সতি-সনন্তিয়ে যদি এই সকলোবোৰ আনন্দ লাভ কৰিবলৈ বিচৰাহʼলে, তেওঁলোকে নিশ্চয়ে যিহোৱা ঈশ্বৰৰ সৈতে এটা ভাল সমন্ধ বজাই ৰাখি তেওঁৰ প্ৰতি প্ৰেম আৰু আজ্ঞাকাৰীতা দেখুৱা আৱশ্যক আছিল। কিন্তু এই সকলোবোৰ আৰম্ভ হোৱাৰ পূৰ্বেই আদম আৰু হৱাই ঈশ্বৰে দিয়া বস্তুবোৰৰ বাবে কৃতজ্ঞতা দেখুৱাবলৈ অক্ষম হʼল আৰু তেওঁলোকে ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰিলে। তাৰ ফলস্বৰূপে তেওঁলোকে পৰমদেশীয় ঘৰ আৰু ঈশ্বৰে প্ৰদান কৰা এক অত্যুত্তম ভৱিষ্যত হেৰুৱাই পেলালে। সেইবাবে, তেওঁলোকে নিজৰ সন্তান-সন্ততিক সেই উত্তম বৰদানসমূহ দিব নোৱাৰিলে।—আদিপুস্তক ২:১৬, ১৭; ৩:১-২৪.

৪. আমি কেনেকৈ আদমে হেৰুৱা উত্তৰাধিকাৰক পাব পাৰোঁ?

কিন্তু যিহোৱা এজন দয়ালু ঈশ্বৰ হোৱাৰ বাবে আদমৰ অপৰাধৰ বাবে হেৰুৱা উত্তৰাধিকাৰক আদম আৰু হৱাৰ সন্তান-সন্ততিয়ে পাবলৈ তেওঁ এক আয়োজনৰ প্ৰৱন্ধ কৰিলে। কেনেকৈ? ঈশ্বৰৰ নিজৰ উচিত সময়ত তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই নিজৰ সিদ্ধ জীৱনক আদমৰ সন্তান-সন্ততিৰ বাবে বলিদান কৰিলে। আৰু এইদৰে খ্ৰীষ্টই সকলোকে কিনি লʼলে। কিন্তু, এই উত্তৰাধিকাৰ আপোনা-আপুনি তেওঁলোকৰ হৈ নাযায়। তেওঁলোকে ঈশ্বৰৰ সৈতে অনুমোদন পোৱা স্থিতিত হোৱা আৱশ্যক। ইয়াৰ বাবে যীচুৱে প্ৰায়চিত্ত মূল্যৰূপে দিয়া বলিদানৰ ওপৰত বিশ্বাস কৰা প্ৰয়োজন আৰু এই বিশ্বাস আজ্ঞাকাৰীতা হৈ প্ৰদৰ্শন কৰাৰ দ্বাৰাহে আহে। (যোহন ৩:১৬, ৩৬; ১ তীমথিয় ২:৫, ৬; ইব্ৰী ২:৯; ৫:৯) এই প্ৰৱন্ধৰ বাবে আপোনাৰ জীৱন প্ৰণালীয়ে কৃতজ্ঞতা দেখুৱাইনে?

অব্ৰাহামৰ যোগেদি এক উত্তৰাধিকাৰী স্থাপন কৰা

৫. যিহোৱাৰ সৈতে থকা সমন্ধৰ প্ৰতি অব্ৰাহামে কেনেকৈ কৃতজ্ঞতা দেখুৱাইছিল?

পৃথিৱীৰ বাবে থকা তেওঁৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ, যিহোৱাই অব্ৰাহামৰ সৈতে এক বিশেষৰূপে কাৰ্য্য কৰিলে। তেওঁ সেই বিশ্বাসী ব্যক্তিজনক নিজৰ দেশ এৰি ঈশ্বৰে দেখুৱা স্থানত যাবলৈ নিৰ্দ্দেশ দিলে। অব্ৰাহামে এই নিৰ্দ্দেশ পালন কৰিবলৈ ইচ্ছূক আছিল। যেতিয়া অব্ৰাহামে সেই স্থানত উপস্থিত হʼল যিহোৱাই অব্ৰাহামক কʼলে যে তেওঁ নহয়, কিন্তু তেওঁৰ বংশধৰে উত্তৰাধিকাৰীৰূপে প্ৰতিজ্ঞাত দেশ অধিকাৰ কৰিব। (আদিপুস্তক ১২:১, ২, ৭) আপুনি জানেনে অব্ৰাহামৰ প্ৰতিক্ৰিয়া কি আছিল? যিহোৱাই যিহকে আৰু যʼতেই যাবলৈ কয় তাক পালন কৰি তেওঁক সেৱা কৰিবলৈ অব্ৰাহাম ইচ্ছূক আছিল, যাতে তেওঁৰ বংশধৰে সেই উত্তৰাধিকাৰক গ্ৰহণ কৰিব পাৰে। অব্ৰাহামে সেই স্থানত যিহোৱাক মাত্ৰ ১০০ বছৰলৈকে নহয় কিন্তু মৃত্যু নোহোৱালৈকে সেৱা কৰিছিল। কি আপুনি তেনেদৰে কৰিলেহেঁতেননে? সেইবাবে যিহোৱাই অব্ৰাহামক নিজৰ “বন্ধু” বুলি মাতিছিল।—যিচয়া ৪১:৮.

৬. (ক)নিজৰ পুত্ৰক বলিদান দিবলৈ সাজু হোৱাৰ দ্বাৰা অব্ৰাহামে কি প্ৰদৰ্শন কৰিলে? (খ) অব্ৰাহামে নিজৰ সন্তান-সন্ততিলৈ কি অমূল্য উত্তৰাধিকাৰ দিবলৈ আছিল?

বহু বছৰ অপেক্ষা কৰাৰ পাছত অব্ৰাহামৰ ইচ্‌হাক নামেৰে এজন পুত্ৰ জন্ম হয়, যিজন তেওঁৰ বাবে অতি মৰমৰ আছিল। যেতিয়া ইচ্‌হাক ডেকা হʼল, যিহোৱাই অব্ৰাহামক সেই লʼৰাটিক লৈ গৈ বলিদান দিবলৈ নিৰ্দ্দেশ দিলে। অব্ৰাহামে জনা নাছিল যে কিয় ঈশ্বৰে তেওঁক নিজৰ পুত্ৰক বলিদান দিবলৈ কৈছে, তথাপি তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰিলে আৰু ইচ্‌হাকক বলিদান দিবলৈ যেনেকৈ হাত মেলিলে ঈশ্বৰৰ স্বৰ্গদূতে তেওঁক হত্যা কৰাৰ পৰা বাধা দিলে। (আদিপুস্তক ২২:৯-১৪) যিহোৱাই ইতিমধ্যে তেওঁক কৈছিল যে ইচ্‌হাকৰ যোগেদি তেওঁৰ প্ৰতিজ্ঞা পূৰ্ণ হʼব। সেইবাবে, যদিও আগতে কেতিয়াও এইদৰে হোৱা নাছিল কিন্তু অব্ৰাহামৰ বিশ্বাস আছিল যে যদি আৱশ্যক হয় ঈশ্বৰে ইচ্‌হাকক মৃত্যুৰ পৰা জীয়াব। (আদিপুস্তক ১৭:১৫-১৮; ইব্ৰী ১১:১৭-১৯) অব্ৰাহামে নিজৰ পুত্ৰকো বলিদান দিবলৈ পিছ হুঁহূকা নাছিল। সেইবাবে ঈশ্বৰে ঘোষণা কৰিলে: “পৃথিবীৰ সমুদায় জাতি, তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হব।” (আদিপুস্তক ২২:১৫-১৮) ইয়াৰ অৰ্থ এইটো আছিল যে আদিপুস্তক ৩:১৫ পদত বৰ্ণনা কৰা বংশ অৰ্থাত মচীহৰ উদ্ধাৰকৰ্ত্তা অব্ৰাহামৰ বংশৰ যোগেদি আহিব। কিযে এক অমূল্য আৰু বিশেষ উত্তৰাধিকাৰ আহিবলৈ আছিল!

৭. অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবে কেনেকৈ তেওঁলোকৰ উত্তৰাধিকাৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাইছিল?

যিহোৱাই কি কৰিবলৈ গৈ আছে তাৰ বিষয়ে অব্ৰাহামে একোকে জনা নাছিল, আনকি তেওঁ পুত্ৰ ইচ্‌হাক বা তেওঁ নাতি যাকোৱেও জনা নাছিল, যিসকল “সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী” আছিল। কিন্তু সকলোৱে যিহোৱাৰ ওপৰত বিশ্বাস ৰাখিছিল। তেওঁলোকে সেই দেশত থকা কোনো নগৰ বা ৰাজ্যৰ সৈতে নিজকে বান্ধ খোৱা নাছিল, কিয়নো তেওঁলোকে “যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল।” (ইব্ৰী ১১:৮-১০, ১৩-১৬) তথাপি, অব্ৰাহামৰ সকলোবোৰ সন্তান-সন্ততিয়ে সেই মূল্যৱান উত্তৰাধিকাৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱাবলৈ নোৱাৰিলে যিটো অব্ৰাহামৰ যোগেদি প্ৰৱন্ধ কৰা হৈছিল।

যিসকলে সেই উত্তৰাধিকাৰক হেয়জ্ঞান কৰিলে

৮. এচৌৱে নিজৰ মূল্যবান উত্তৰাধিকাৰৰ প্ৰতি থকা মূল্যাঙ্কনক কেনেকৈ ত্যাগ কৰিলে?

ইচ্‌হাকৰ ডাঙৰ পুত্ৰ এচৌৱে নিজৰ জন্মগত প্ৰথমজাত হোৱা অধিকাৰক বজাই ৰাখিবলৈ অক্ষম হʼল। তেওঁ পবিত্ৰ বস্তুক মূল্যাঙ্কন নকৰিলে। এইহেতুকে, যেতিয়া এদিন এচৌৱে ক্লান্ত আৰু ভুকাতুৰ আছিল, তেওঁ নিজৰ ভায়েক যাকোবক জ্যেষ্ঠাধিকাৰ বিক্ৰি কৰিলে। কিহৰ বাবে? পিঠা আৰু মচুৰ দাইলৰ ৰন্ধা তৰকাৰিৰ বাবে! (আদিপুস্তক ২৫:২৯-৩৪; ইব্ৰী ১২:১৪-১৭) আৰু এইদৰে যি জাতিৰ যোগেদি ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰিলে সেই জাতি যাকোবৰ পৰা আহিবলৈ আছিল। সেইবাবে ঈশ্বৰে যাকোবৰ নাম সলনি কৰি ইস্ৰায়েল ৰাখিলে। সেই বিশেষ উত্তৰাধিকাৰে তেওঁলোকৰ বাবে কি কি সুযোগৰ পথ মুকলি কৰিলে?

৯. যাকোব বা ইস্ৰায়েলৰ সন্তান-সন্ততিসকলৰ আধ্যাত্মিক উত্তৰাধিকাৰৰ বাবে কি উদ্ধাৰৰ অনুভৱী হʼল?

সেইসময়ত প্ৰখৰৰূপে আকাল হোৱাত যাকোব আৰু তেওঁ পৰিয়ালসমূহে মিচৰলৈ প্ৰস্থান কৰিলে। তাত যদিও তেওঁলোক বহু বৃদ্ধি হʼল, কিন্তু তেওঁলোকে দাসত্বৰূপে থাকিব লগীয়া হʼল। যিহেতু, যিহোৱাই অব্ৰাহামৰ সৈতে হোৱা নিজৰ নিয়মক পাহৰা নাছিল। সেইবাবে ঈশ্বৰৰ নিযুক্ত সময়ৰ অনুসৰি ইস্ৰায়েলসকলক গোলামীৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক কʼলে যে তেওঁ তেওঁলোকক “গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশ” দিব যিখন দেশৰ বিষয়ে তেওঁ অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল।—যাত্ৰাপুস্তক ৩:৭, ৮; আদিপুস্তক ১৫:১৮-২১.

১০. চীনয় পৰ্ব্বতত উত্তৰাধিকাৰীৰূপে ইস্ৰায়েল জাতিৰ সৈতে কি অতিৰিক্ত কাৰ্য্য সম্পন্ন হৈছিল?

১০ প্ৰতিজ্ঞাত দেশত লৈ যাবলৈ যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলক চীনয় পৰ্ব্বতৰ কাষত একত্ৰিত কৰে। তাত তেওঁ তেওঁলোকক কʼলে: “এতিয়া যদি তোমালোকে নিশ্চয়ে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেন্তে, তোমালোক সকলো জাতিবিলাকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ স্বত্ব থকা ধনস্বৰূপ লোক হবা; কিয়নো সমুদায় পৃথিবী মোৰেই। আৰু মোৰ নিমিত্তে তোমালোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হবা।” (যাত্ৰাপুস্তক ১৯:৫, ৬) এই আজ্ঞাত সকলোবোৰ ইচ্ছাকৃত আৰু সৰ্বসম্মতিৰে সন্মত হোৱাত যিহোৱাই তেওঁলোকক নিজৰ ব্যৱস্থা দিয়ে—যিটো আগতে কেতিয়াও কোনো জাতিক দিয়া নাছিল।—গীতমালা ১৪৭:১৯, ২০.

১১. ইস্ৰায়েলৰ সন্তানসকলৰ আধ্যাত্মিক উত্তৰাধিকাৰত কি কি বহুমূল্য অধিকাৰ সন্মিলিত আছিল?

১১ সেই নতুন জাতিৰ বাবে কিযে এক আধ্যাত্মিক উত্তৰাধিকাৰ আছিল! তেওঁলোকে একমাত্ৰ সত্য ঈশ্বৰক সেৱা কৰিছিল। যিজনে তেওঁলোকক মিচৰৰ পৰা উদ্ধাৰ কৰিছিল আৰু তেওঁলোকক চীনয় পৰ্ব্বতত ব্যৱস্থা দিয়াৰ সময়ত ঘটা বিশ্ময়জনক ঘটনাক নিজ চকুৰে দেখিছিল। তেওঁলোকে ভৱিষ্যতবক্তাৰ যোগেদি অতিৰিক্ত “ঈশ্বৰৰ বচনসমূহ” পোৱাৰ বাবে তেওঁলোকৰ উত্তৰাধিকাৰ আগলৈ সমৃদ্ধিশালী হৈছিল। (ৰোমীয়া ৩:১, ২) নিজৰ সাক্ষী হʼবলৈ যিহোৱাই তেওঁলোকক মনোনীত কৰিছিল। (যিচয়া ৪৩:১০-১২) মচীহৰ বংশ সেই জাতিৰ মাজত অবিৰ্ভাৱ হʼবলৈ আছিল। তেওঁলোকক দিয়া ব্যৱস্থাই সেই বংশলৈ আঙুলিয়াইছিল, তেওঁক চিনাক্ত কৰিবলৈ আছিল আৰু তেওঁলোকৰ আৱশ্যকতাৰ বাবে তেওঁ কৰা কাৰ্য্যৰ প্ৰতি কৃতজ্ঞতা হʼবলৈ সহায় কৰিছিল। (গালাতীয়া ৩:১৯, ২৪) ইয়াৰ ওপৰিও, সেই মচীহৰ বংশৰ সৈতে ৰাজকীয় পুৰোহিত আৰু এক পবিত্ৰ জাতিৰূপে একলগ হৈ সেৱা কৰিবলৈ সুযোগ পাবলৈ আছিল।—ৰোমীয়া ৯:৪, ৫.

১২. ইস্ৰায়েলসকলে যদিও প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিলে, তথাপি তেওঁলোকে কি অনুভৱ কৰিবলৈ বিফল হʼল? আৰু কিয়?

১২ নিজৰ প্ৰতিজ্ঞাক পূৰ্ণ কৰিবলৈ, যিহোৱাই ইস্ৰায়েলসকলক প্ৰতিজ্ঞাত দেশলৈ পৰিচালিত কৰে। কিন্তু যিদৰে পাঁচনি পৌলে পিছলৈ বৰ্ণনা কৰিছিল, তেওঁলোকৰ বিশ্বাস হ্ৰাস হোৱাৰ বাবে সেই দেশ প্ৰকৃতৰূপে “বিশ্ৰাম” প্ৰমাণিত নহʼল। জাতিৰূপে তেওঁলোক ‘ঈশ্বৰৰ বিশ্ৰামত” প্ৰৱেশ কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকে আদম আৰু হৱাক সৃষ্টি কৰাৰ পাছত আৰম্ভ হোৱা ঈশ্বৰৰ বিশ্ৰাম দিনৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ সামঞ্জস্যত কাৰ্য্য কৰিবলৈ বিফল হʼল।—ইব্ৰী ৪:৩-১০.

১৩. ইস্ৰায়েলসকলে নিজৰ আধ্যাত্মিক অধিকাৰক কৃতজ্ঞতা দেখুৱাবলৈ বিফল হোৱাৰ বাবে জাতিৰূপে তেওঁলোকে কি অধিকাৰৰ পৰা বঞ্চিত হʼল?

১৩ মচীহৰ সৈতে স্বৰ্গীয় ৰাজ্যত “ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি” ৰূপে ভাগ লোৱা সম্পূৰ্ণ সংখ্যাক জন্মগত ইস্ৰায়েলে সম্পূৰ্ণ কৰিবলৈ পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে নিজৰ বহুমূলীয়া অধিকাৰৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱালে। যেতিয়া মচীহ আহিল মাত্ৰ জন্মগত ইস্ৰায়েলৰ এক অৱশিষ্টবৰ্গই তেওঁক গ্ৰহণ কৰিলে। ফলস্বৰূপে, মাত্ৰ এক সৰু সংখ্যাইহে ভৱিষ্যতবাণী কৰা ৰাজকীয় পুৰোহিতবিলাকৰ ভাগ হʼল। সেই ৰাজ্যক জন্মগত ইস্ৰায়েলৰ পৰা লৈ “তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া” হʼল। তেনেহʼলে সেই জাতি কোন ?

স্বৰ্গত এক উত্তৰাধিকাৰী

১৪, ১৫. (ক)যীচুৰ মৃত্যুৰ যোগেদি সেই নতুন জাতিয়ে কেনেকৈ অব্ৰাহামৰ “বংশৰ” যোগেদি আশীৰ্ব্বাদ প্ৰাপ্ত হʼবলৈ আৰম্ভ হʼল? (খ) “ঈশ্বৰৰ ইস্ৰায়েলৰ” সদস্যসকলে উত্তৰাধিকাৰীৰূপে কি পুৰস্কাৰ গ্ৰহণ কৰে?

১৪ যি জাতিক সেই ৰাজ্য দিয়া হʼল সেয়া হৈছে “ঈশ্বৰৰ ইস্ৰায়েল” অৰ্থাৎ আধ্যাত্মিক ইস্ৰায়েল, আৰু তেওঁলোক হৈছে আত্মাৰে অভিষিক্ত ১, ৪৪, ০০০ জন যীচু খ্ৰীষ্টৰ অনুগামী। (গালাতীয়া ৬:১৬; প্ৰকাশিত বাক্য ৫:৯, ১০; ১৪:১-৩) এই ১, ৪৪, ০০০ জনৰ ভিতৰত কিছুমান জন্মগত যিহুদীসকলও আছিল কিন্তু বেছি সংখ্যক লোক অন্য জাতিবোৰৰ পৰা। আৰু এই দৰে অব্ৰাহামৰ যোগেদি অহা “বংশৰ” দ্বাৰা আশীৰ্ব্বাদ পাব বুলি তেওঁক কৰা যিহোৱাৰ প্ৰতিজ্ঞা পূৰ্ণ হʼবলৈ আৰম্ভ হʼল। (পাঁচনিৰ কৰ্ম্ম ৩:২৫, ২৬; গালাতীয়া ৩:৮, ৯) লোকসকলক পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত কৰাৰ যোগেদি ভৱিষ্যতবাণীৰ প্ৰথম ভাগটো পূৰ্ণ হʼল আৰু যিহোৱাই তেওঁলোকক আধ্যাত্মিক পুত্ৰ অৰ্থাৎ যীচু খ্ৰীষ্টৰ ভাইৰূপে গ্ৰহণ কৰিলে। এইদৰে তেওঁলোক সেই “বংশৰ” দ্বিতীয় ভাগ হʼল।—গালাতীয়া ৩:২৮, ২৯.

১৫ নিজৰ মৃত্যুৰ আগতে, যীচুৱে ভৱিষ্যতে হʼব লগা সেই নতুন জাতিৰ যিহুদী সদস্যসকলৰ সৈতে নতুন চুক্তি স্থাপন কৰিছিল, যিটো তেওঁৰ নিজৰ তেজৰ দ্বাৰা অনুমোদন হʼবলৈ আছিল। সেই অনুমোদিত বলিদানৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাসত নিৰ্ভৰ কৰি যি সকলক সেই চুক্তিত অন্তৰ্ভূক্ত কৰা হৈছে তেওঁলোকে “সদাকালৰ অৰ্থে সিদ্ধ।” (ইব্ৰী ১০:১৪-১৮) তেওঁলোক “ধাৰ্ম্মিক বুলি গণিত” হʼবলৈ আৰু তেওঁলোকৰ পাপক ক্ষমা কৰিবলৈ আছিল। (১ কৰিন্থীয়া ৬:১১) আৰু এইদৰে আদমে পাপ কৰা আগতে থকা স্থিতিৰ দৰে তেওঁলোক সিদ্ধ হʼল। তেওঁলোক কিন্তু পৰমদেশ পৃথিৱীত জীয়াই নাথাকে। যীচুৱে কৈছিল যে তেওঁ তেওঁলোকৰ বাবে স্বৰ্গত ঠাই যুগুত কৰিবলৈ গৈছে। (যোহন ১৪:২, ৩) ‘তেওঁলোকৰ বাবে সঞ্চিত থকা স্বৰ্গৰ উত্তৰাধিকাৰ হʼবলৈ’ তেওঁলোকে এই পৃথিৱীৰ ভৱিষ্যতক ত্যাগ কৰে। (১ পিতৰ ১:৪) তেওঁলোকে তাত কি কৰিব? যীচুৱে বৰ্ণনা কৰিছিল: “তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত, . . . ময়ো তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ।”—লূক ২২:২৯.

১৬. অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে কি বিশ্ময়জনক নিযুক্তি অপেক্ষা কৰি আছে?

১৬ যিসকলে খ্ৰীষ্টৰ সৈতে স্বৰ্গৰ পৰা শাসন কৰিব, তেওঁলোকে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ বিৰুদ্ধে থকা বিদ্ৰোহৰ সকলোবোৰ বস্তুক পৃথিৱীৰ পৰা আতঁৰ কৰিব। (প্ৰকাশিত বাক্য ২:২৬, ২৭) অব্ৰাহামৰ আধ্যাত্মিক বংশৰ দ্বিতীয় ভাগৰূপে তেওঁলোকে সকলো জাতিৰ লোকসকলক আশীৰ্ব্বাদ পায় সিদ্ধ হʼবলৈ সহায় কৰিব। (ৰোমীয়া ৮:১৭-২১) তেওঁলোকৰ কিযে এক বহুমূলীয়া উত্তৰাধিকাৰ আছে!—ইফিচীয়া ১:১৬-১৮.

১৭. পৃথিৱীত থকা সময়ত অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ উত্তৰাধিকাৰৰ কি কি ভাগত আনন্দ লাভ কৰে?

১৭ কিন্তু অভিষিক্ত অনুগামীসকলৰ বাবে যীচুৰ এই উত্তৰাধিকাৰী সকলোবোৰ কাৰ্য্য ভৱিষ্যতে নহয়। যিহেতু যীচুৰ বাহিৰে কোনেও যিহোৱাৰ বিষয়ে জ্ঞান দিব নোৱাৰে সেইবাবে একমাত্ৰ সত্য ঈশ্বৰক জানিবলৈ যীচুৱে তেওঁলোক সহায় কৰিছিল। (মথি ১১:২৭; যোহন ১৭:৩, ২৬) বাক্য আৰু উদাহৰণৰ যোগেদি তেওঁ তেওঁলোকক শিকাইছিল যে ‘যিহোৱাত ভৰসা’ ৰখা অৰ্থ কি আৰু যিহোৱালৈ আজ্ঞাকাৰী হʼবলৈ কি কি সন্মিলিত আছে। (ইব্ৰী ২:১৩; ৫:৭-৯) ঈশ্বৰৰ উদ্দেশ্যৰ সমন্ধে থকা সত্য জ্ঞানৰ সৈতে যীচুৱে তেওঁলোকক দায়িত্ব আৰু ভৰসা দিছিল যে ইয়াৰ নিগূঢ় তত্ত্বক বুজিবলৈ পবিত্ৰ আত্মাই তেওঁলোকক পৰিচালিত কৰিব। “যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু এই যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সি মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। মই তোমালোকৰ লগত থাকোঁতেই এইবোৰ কথা তোমালোকক কলোঁ; কিন্তু পিতৃয়ে মোৰ নামেৰে যি জনক পঠাব, সেই সহায়কৰ্ত্তা, অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই, মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব।” (যোহন ১৪:২৪-২৬) ঈশ্বৰৰ ৰাজ্য প্ৰতি থকা গুৰুত্বতাক তেওঁ তেওঁলোকৰ হৃদয় আৰু মনত ভালকৈ বহুৱাই দিছিল। “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।” (মথি ৬:১০, ৩৩) যীচুৱে তেওঁলোকক যিৰূচালেম, যিহূদিয়া, চমৰিয়া আৰু পৃথিৱীৰ সীমালৈকে সাক্ষী দি শিষ্য বনাবলৈ বিশ্বাসেৰে দায়িত্ব দিছিল।—মথি ২৪:১৪; ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ১:৮.

বৰ লোকসমূহৰ বাবে বহুমূলীয়া উত্তৰাধিকাৰ

১৮. অব্ৰাহামৰ যোগেদি সকলো জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হʼবলৈ যিহোৱাই কৰা প্ৰতিজ্ঞা আজিৰ সময়ত কিদৰে পূৰ্ণ হৈছে?

১৮ ঠিক একেইদৰে, ৰাজ্য উত্তৰাধিকাৰীৰ সেই “তাকৰ জাক” অৰ্থাৎ আধ্যাত্মিক ইস্ৰায়েলৰ সম্পূৰ্ণ সংখ্যা হৈছে সীমিত। (লূক ১২:৩২) দশক ধৰি যিহোৱাই সকলো জাতিৰ পৰা বৰ লোকসমূহক একত্ৰিত কৰিছে। আৰু অব্ৰাহামৰ “বংশৰ” দ্বাৰা সকলো জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হোৱাৰ বাবে তেওঁলৈ কৰা যিহোৱাৰ প্ৰতিজ্ঞা এইদৰে বৃহতৰূপে পূৰ্ণ হৈছে। এই আশীৰ্ব্বাদ পোৱা লোকসকলে সেইদৰে যিহোৱালৈ পবিত্ৰ সেৱা আগবঢ়াই আনন্দ লাভ কৰে আৰু তেওঁলোকে চিনাক্ত কৰে যে তেওঁলোকৰ উদ্ধাৰ হৈছে ঈশ্বৰৰ মেৰ পোৱালি অৰ্থাৎ যীচু খ্ৰীষ্টক বিশ্বাস কৰা। (প্ৰকাশিত বাক্য ৭:৯, ১০) সেই আনন্দিত লোকসমূহৰ সৈতে ভাগ লবলৈ আপুনি যিহোৱাৰ কৃপালু নিমন্ত্ৰণক স্বীকাৰ কৰিবনে?

১৯. যিসকল জাতি এতিয়া আশীৰ্ব্বাদ প্ৰাপ্ত হৈছে তেওঁলোকে কি উত্তৰাধিকাৰৰ প্ৰতি অপেক্ষা কৰি আছে?

১৯ যিসকলে সেই তাকৰ জাকৰ সদস্য নহয় তেওঁলোকলৈ যিহোৱাই কি মূল্যৱান উত্তৰাধিকাৰ আগবঢ়াইছে? অৱশ্যে এইটো কিন্তু স্বৰ্গীয় উত্তৰাধিকাৰ নহয়। কিন্তু এই উত্তৰাধিকাৰ হৈছে ক্ৰমান্বয়ে গোটেই বিশ্বত সম্পন্ন কৰা পৰমদেশত সিদ্ধতাৰে অনন্ত জীৱন—যিটো উত্তৰাধিকাৰ আদমে তেওঁৰ সন্তান-সন্ততিক দিবলৈ আছিল। ই এনে এক জগত হʼব যʼত “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪) এই বাণী আপোনাৰ বাবে, কিয়নো ঈশ্বৰৰ প্ৰেৰিত বাক্যই কৈছে: “যিহোৱাত ভাৰসা ৰাখা, আৰু সুকৰ্ম্ম কৰা; দেশত বাস কৰা, আৰু বিশ্বস্ততাৰূপ পথাৰত চৰা। যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব। কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব; . . .। কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব। ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:৩, ৪, ১০, ১১, ২৯.

২০. অভিষিক্ত খ্ৰীষ্টানসকলৰ বেছিভাগ আধ্যাত্মিক উত্তৰাধিকাৰত কেনেকৈ ‘অন্য মেৰসকলে’ আনন্দিত হয়?

২০ স্বৰ্গীয় ৰাজ্যৰ অধীনত যীচুৰ ‘অন্য মেৰ’ সকলে পৃথিৱীত উত্তৰাধিকাৰী পাব। (যোহন ১০:১৬ক) যদিও তেওঁলোকে স্বৰ্গত নাথাকিব, তথাপি অভিষিক্ত লোকসকলৰ যোগেদি অত্যাধিকৰূপে পোৱা আধ্যাত্মিক উত্তৰাধিকাৰৰ বাবে আনন্দিত হʼব। আৰু এই আধ্যাত্মিক আহাৰবোৰ অভিষিক্তজনৰ সন্মিলিত সমূহ অৰ্থাৎ ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি হʼয যিটো ঈশ্বৰৰ বাক্যৰ বহুমূলীয়া প্ৰতিজ্ঞাত থকা অন্য মেৰৰ বিষয়ে বুজ তেওঁলোকক দিয়া হৈছে। (মথি ২৪:৪৫-৪৭; ২৫:৩৪) এই অভিষিক্ত সমূহ আৰু অন্য মেৰে একলগে একমাত্ৰ সত্য ঈশ্বৰ যিহোৱাক সেৱা কৰে। (যোহন ১৭:২০, ২১) তেওঁলোকে একলগ হৈ যীচুৱে দিয়া পাপ-প্ৰায়শ্চিত্তৰ মূল্যৰ বলিদানৰ বাবে ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোক একেলগে এক জাক আৰু এজন মেৰৰখীয়া অৰ্থাৎ যীচু খ্ৰীষ্টৰ অধীন হৈ ঈশ্বৰৰ সেৱা কৰে। (যোহন ১০:১৬খ) তেওঁলোক সকলোৱে বিশ্বজুৰি মৰমীয়াল এক ভাতৃসমাজৰ ভাগ। তেওঁলোকে যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে সাক্ষী হোৱা বিশেষ অধিকাৰত ভাগ লয়। যদি আপুনি যিহোৱাৰ এজন সমৰ্পিত আৰু বাপ্তিষ্মাপ্ৰাপ্ত সেৱক এই সকলোবোৰ আপোনাৰ আধ্যাত্মিক উত্তৰাধিকাৰৰ ভাগ।

২১, ২২. আমি সকলোৱে কেনেকৈ দেখুৱাব পাৰোঁ যে আমি আমাৰ আধ্যাত্মিক উত্তৰাধিকাৰসমূহক শ্ৰদ্ধা কৰোঁ?

২১ আপোনাৰ বাবে এই আধ্যাত্মিক উত্তৰাধিকাৰসমূহ মূল্যৱান নহয়নে বাৰু? ঈশ্বৰৰ ইচ্ছাক আপোনাৰ জীৱনত প্ৰথম স্থান দিয়াটো মূল্যৱান বুলি আপুনি ভাবেনে? ইয়াৰ সাক্ষীৰূপে খ্ৰীষ্টান মণ্ডলীৰ সকলো সভাত নিয়মীয়াকৈ উপস্থিত হবলৈ তেওঁৰ বাক্য আৰু তেওঁৰ সংগঠনে দিয়া উপদেশক আপুনি পালন কৰেনে? (ইব্ৰী ১০:২৪, ২৫) সেই উত্তৰাধিকাৰে আপোনাৰ বাবে মূল্য ৰাখেনে যে কঠিন সময়তো আপুনি একেৰাহে যিহোৱাক সেৱা কৰিব? আপোনাৰ কৃতজ্ঞতাই পৰিক্ষাৰ সময়ত যুঁজ দিবলৈ আপোনাক শক্তিশালী কৰেনে যিবোৰ পৰীক্ষাই হয়তু অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰে?

২২ আহঁক আমি সকলোৱে ঈশ্বৰে দিয়া আধ্যাত্মিক উত্তৰাধিকাৰৰ প্ৰতি শ্ৰদ্ধা দেখুৱাওঁহঁক। যিহেতু আমি আমাৰ দৃষ্টি আহিবলগীয়া পৃথিৱীৰ বাবে দৃঢ়ভাৱে স্থিৰ কৰিছোঁ। গতিকে আহঁক আমি যিহোৱাই বৰ্তমান সময়ত প্ৰদান কৰা আধ্যাত্মিক বিশেষ অধিকাৰবোৰত ভাগ লওঁহঁক। ঈশ্বৰৰ সৈতে প্ৰকৃতৰূপে সমন্ধ স্থাপন কৰাৰ যোগেদি আমি বিশ্বাসেৰে প্ৰমাণ দিওঁ যে ঈশ্বৰে দিয়া উত্তৰাধিকাৰ আমাৰ বাবে প্ৰকৃততে কিমান মূল্যবান। আহঁক আমি সেই লোকসকলৰ মাজৰ এজন হওঁ যিসকলে ঘোষণা কৰিছে: “হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম, যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।”—গীতমালা ১৪৫:১.

আপুনি কেনেকৈ উত্তৰ দিব?

•যদি আদমে ঈশ্বৰলৈ বিশ্বাসী হৈ থকাহʼলে আমালৈ কি উত্তৰাধিকাৰক দিব পাৰিলেহেঁতেন?

•তেওঁলোকৰ বাবে থকা উত্তৰাধিকাৰক অব্ৰাহামৰ সন্তান-সন্ততিয়ে কিদৰে দৃষ্টি কৰিছিল?

•খ্ৰীষ্টৰ অভিষিক্ত অনুগামীৰ উত্তৰাধিকাৰত কি সন্মিলিত আছে?

•বৰ লোকসমূহৰ বাবে কি উত্তৰাধিকাৰ আছে আৰু তেওঁলোকে কেনেকৈ দেখুৱাব পাৰে যে তেওঁলোকে ইয়াৰ প্ৰতি কৃতজ্ঞ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

অব্ৰাহামৰ সতি-সন্ততিসকলে প্ৰতিজ্ঞা কৰা সেই মূল্যৱান উত্তৰাধিকাৰত ভাগ পায়

[২১ পৃষ্ঠাৰ ছবি]

আপুনি আপোনাৰ আধ্যাত্মিক বৰসমূহক মূল্যৱান বুলি দৃষ্টি কৰেনে?