“সময় আহিল”
“সময় আহিল”
“এই জগতৰ পৰা পিতৃৰ তʼলৈ তেওঁৰ যাবৰ সময় আহিল।”—যোহন ১৩:১.
১. সা.যু. ৩৩ চন কাষ চাপি অহাৰ লগে-লগেই যিৰূচালেমত বিভিন্ন ঠাইৰ পৰা অহা মানুহবিলাকে কিহৰ বিষয়ে কোৱা-মেলা কৰিছিল আৰু কিয়?
তেওঁৰ বাপ্তিষ্মাৰ সময়ত অৰ্থাৎ সা.যু. ২৯ চনত এই পৃথিৱীত আৰম্ভ হোৱা কাৰ্য্য, মৃত্যু আৰু পুনৰুত্থানে যীচুৰ মহিমাম্বিত হোৱাৰ “সময়” লৈ আগুৱাই নিয়ে। এতিয়া হৈছে বসন্ত ঋতুৰ সা.যু. ৩৩ চন, মাত্ৰ কিছুদিনৰ আগতেই যিহূদীসকলৰ মহাসভাত যীচুক বধ কৰিবলৈ সিদ্ধান্ত লয়। কিন্তু যীচুৱে নীকদীম নামৰ যিহূদী মহা-সভাৰ সদস্য এজনৰ পৰা তেওঁৰ বিৰুদ্ধে কৰা আচঁনিৰ বিষয়ে সকলো কথা গম পালে আৰু যিৰূচালেমৰ পৰা আঁতৰি যৰ্দ্দন নদীৰ সিপাৰলৈ গুচি গৈছিল। নিস্তাৰ-পৰ্ব্বৰ সময় কাষ চাপি অহাৰ লগে-লগেই বহুতে যিৰূচালেমত উপস্থিত হৈছিল আৰু তাত সমাগম হোৱা লোকবিলাকে যীচুৰ বিষয়ে কোৱা-মেলা কৰি আছিল। তেওঁলোকে ইজনে-সিজনক কৈছিল: “তোমালোকৰ মনে কি ধৰে? তেওঁ এই পৰ্ব্বলৈ নাহে নে?” কিন্তু প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে তেওঁক ধৰিবলৈ আজ্ঞা দি এইদৰে কʼলে, যে তেওঁ কʼত আছে, তাক কোনোবাই জানিলে, তেওঁ দেখুৱাই দিয়া উচিত।—যোহন ১১:৪৭-৫৭.
২. মৰিয়মে কৰা কি কাৰ্য্যৰ বাবে যীচুৰ শিষ্যসকলে বিৰোধ কৰিছিল আৰু যীচুৱে মৰিয়মৰ হৈ উত্তৰ দিয়াত, “তেওঁৰ সময়ৰ” প্ৰতি থকা সজাগতাক কেনেকৈ প্ৰকাশ কৰিলে?
২ নিস্তাৰ-পৰ্ব্ব আৰম্ভ হোৱা ছদিনৰ আগত অৰ্থাৎ নিচান মাহৰ ৮ তাৰিখে যীচুৱে যিৰূচালেম চহৰৰ ওচৰত থকা বৈথনিয়া নামৰ চহৰলৈ উভটি আহিছিল। বৈথনিয়াত তেওঁৰ প্ৰিয় বন্ধু লাজাৰ মাৰ্থা আৰু মৰিয়মৰ ঘৰ আছিল, যি যিৰূচালেমৰ পৰা তিনি কিলোমিটাৰ আঁতৰত। সেই দিনটো আছিল শুক্ৰবাৰৰ সন্ধ্যা আৰু যীচুৱে বিশ্ৰাম-দিনৰ সময়খিনি তাতে কটায়। পিছদিনা সন্ধ্যা মৰিয়মে যীচুৰ চৰণত বহুমূলীয়া সুগন্ধি তেল ঘঁহি দিয়াত তেওঁৰ শিষ্যবিলাকে প্ৰতিবাদ কৰিছিল। কিন্তু যীচুৱে এইদৰে উত্তৰ দি কʼলে: “মোক মৈদামত থোৱা দিনৰ নিমিত্তে তেওঁক ইয়াক ৰাখিবলৈ দিয়া। কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকোঁ। (যোহন ১২:১-৮; মথি ২৬:৬-১৩) যীচুৱে জানিছিল যে “এই জগতৰ পৰা পিতৃৰ তʼলৈ তেওঁৰ যাবৰ সময় আহিল।” (যোহন ১৩:১) মাথো পাঁচ দিন বাকী আছিল আৰু তাৰ পাছত তেওঁ ‘অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিব।’ (মাৰ্ক ১০:৪৫) সেইবাবে সময়ৰ গুৰুত্বতাই তেওঁৰ সকলো কাৰ্য্যতে প্ৰকাশ পাইছিল আৰু সেই অনুসাৰে শিক্ষাও দিছিল। এই জগতৰ শেষৰ সময়ত আগ্ৰহী হৈ অপেক্ষা কৰি থাকিবলৈ আমাৰ বাবে যীচুৱে এক সুন্দৰ আৰ্হি ৰাখিলে! তাৰ পিছৰ দিনাখন যীচুৰ ক্ষেত্ৰত কি হৈছিল এই বিষয়ে বিবেচনা কৰোঁহঁক।
যীচুক জয়-ধ্বনি কৰা দিনটো
৩. (ক)নিচান মাহৰ ৯ তাৰিখ অৰ্থাত দেওবাৰে যীচুৱে কেনেকৈ যিৰূচালেম চহৰত প্ৰৱেশ কৰে আৰু তেওঁৰ কাষত উপস্থিত থকা ভিৰসমূহে কি কৰে? (খ) যি ফৰীচীসকলে ভিৰসমূহৰ আহিতে গোচৰ দিয়ে, তেতিয়া যীচুৱে তেওঁলোকক কিদৰে প্ৰতুত্তৰ দিয়ে?
৩ দেওবাৰ, নিচান মাহৰ ৯ তাৰিখে যীচুৱে জয়-ধ্বনিৰ সৈতে যিৰূচালেমত প্ৰৱেশ কৰিছিল। জখৰিয়া ৯:৯ পদত ভৱিষ্যতবাণী কৰা অনুসাৰে তেওঁ এজনী গাধৰ ওপৰত বহি যিৰূচালেম চহৰত প্ৰৱেশ কৰাৰ সময়ত কিছুমান লোকে তেওঁলোকে পৰিধান কৰা বস্ত্ৰ যীচু অহা বাটত পাৰি দিছিল আৰু অন্য কিছুমানে গছৰ ডালকে কাটি কাটি বাটত পাৰি দিছিল। লোকসকলে এই বুলি চিঞৰি কৈছিল, ‘যি জন যিহোৱাৰ নামেৰে আহিছে, তেওঁ ধন্য!’ এই কথা শুনি কিছুমান ফৰীচীয়ে শিষ্যসকলক মনে মনে থাকিবলৈ যীচুক আজ্ঞা দিবলৈ কʼলে। কিন্তু, যীচুৱে এইদৰে উত্তৰ দি কʼলে: “মই তোমালোকক কওঁ, এওঁবিলাকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”—লূক ১৯:৩৮-৪০; মথি ২১:৬-৯.
৪. যেতিয়া যীচুৱে যিৰূচালেমত প্ৰৱেশ কৰিছিল তেতিয়া চহৰখনত কিয় হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল?
৪ কিছু সপ্তাহৰ আগতে যীচুৱে লাজাৰক পুনৰুত্থান কৰা কাৰ্য্যক বহুতে দেখিছিল। তেওঁলোকে যীচুৱে কৰা এই আচৰিত কাৰ্য্যৰ বিষয়ে সকলোকে কৈ আছিল। সেই সময়ছোৱাতে যীচুৱে যিৰূচালেমত উপস্থিত হোৱাৰ বাবে গোটেই চহৰখনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। তাত থকা লোকসকলে এইদৰে কৈছিল: ‘এওঁ কোন?’ কিন্তু ভিৰসমূহত থকা লোকে কʼলে, ‘এওঁ গালীল দেশৰ নাচৰতৰ সেই ভাববাদী যীচু!’ তাকে দেখি ফৰীচীসকলে দুখ কৰি কৈছিল: “জগতখনেই তেওঁৰ পাছত গল।”—মথি ২১:১০, ১১; যোহন ১২:১৭-১৯.
৫. যীচুৱে যেতিয়া মন্দিৰলৈ গৈছিল তেতিয়া তাত কি হৈছিল?
৫ পৰম্পৰাগতভাৱে, মহান শিক্ষক যীচুৱে যিৰূচালেমৰ মন্দিৰত শিক্ষা দিবলৈ গৈছিল। তাত তেওঁৰ ওচৰত সুস্থ হʼবলৈ অন্ধ আৰু খোৰা ব্যক্তিসকল আহিছিল। যেতিয়া প্ৰধান পুৰোহিত, অধ্যাপকসকলে যীচুৱে তেনে কাৰ্য্য কৰা আৰু মন্দিৰত কণ-কণ লʼৰাবিলাকে “জয়! জয়! দায়ূদৰ সন্তান” বুলি চিঞৰি কোৱা শুনিলে, তেওঁলোকে অতিশয় ক্ৰোধীত হʼল। তেওঁলোকে এই বুলি কʼলে, “ইহঁতে কি কৈছে শুনিছা নে?” তাতে যীচুৱে উত্তৰ দি কʼলে, “হয়, তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাই নে?” যীচুৱে যেনেকৈ একেৰাহে শিক্ষা দিবলৈ ধৰিছিল, তেওঁ ভালকৈ এইটোও লক্ষ্য কৰিছিল যে মন্দিৰত কি হৈছে।—মথি ২১:১৫, ১৬; মাৰ্ক ১১:১১.
৬. যীচুৱে এতিয়া শিক্ষা দিয়া প্ৰণালী আগতে শিক্ষা দিয়া প্ৰণালীতকৈ কেনেকৈ ভিন্ন আছিল আৰু যীচুৱে কিয় তেনেদৰে শিক্ষা দিছিল?
৬ ছমাহৰ আগতে যীচুৱে যিদৰে শিক্ষা দিছিল, কিন্তু এতিয়া মন্দিৰত তেওঁৰ শিক্ষা দিয়াৰ প্ৰণালী কিমান যে ভিন্ন! যেতিয়া তেওঁ তম্বু পৰ্ব্বৰ সময়ত যিৰূচালেমলৈ আহিছিল, তেতিয়া “প্ৰকাশকৈ নহয়, প্ৰায় গুপুতে” আহিছিল। (যোহন ৭:১০) যেতিয়াই তেওঁ কোনো বিপদৰ সন্মূখীন হৈছিল লগে লগে তেওঁ নিৰাপদজনক স্থানলৈ আঁতৰি গৈছিল। কিন্তু এতিয়া তেওঁৰ বাবে মৃত্যুদণ্ডৰ আজ্ঞা জাৰি কৰা স্বত্তেও সকলোৱে দেখাকৈ মন্দিৰত প্ৰৱেশ কৰা নাই নে! যীচুৰ এই কাৰ্য্যই তেওঁ যে মচীহ, সেই বিষয়ে কাকো নোকোৱাৰ পৰম্পৰাকো ভঙ্গ কৰিছিল। (যিচয়া ৪২:২; মাৰ্ক ১:৪০-৪৪) তেওঁ, তেওঁৰ বিষয়ে মিছা বাতৰি বা মুখে-মুখে বাগৰি অহা ৰহণ সানি কোৱা কাহিনী শুনাটো নিবিচাৰিছিল। কিয়নো তেওঁ সকলোকে তেওঁ কৰা কাৰ্য্যক স্পষ্টকৈ দেখি পোৱাতো বিচাৰিছিল, সেইবাবে তাত উপস্থিত থকা ভিৰসমূহে চিঞৰি যীচুৱেই যে ৰজা আৰু উদ্ধাৰকৰ্ত্তা—মচীহ এই বুলি ঘোষণা কৰিছিল। সেইসময়ত যীচুক ধৰ্ম্মীয় নেতাসকলে ভিৰসমূহক মনে মনে থাকিবলৈ কৰা নিৱেদনত তেওঁ ওলাটাই তেওঁলোক গৰিহণা কৰিছিল! তেওঁ কিয় এইধৰেণে আচৰণ কৰিছিল? কিয়নো তাৰ পাছতেই যীচুৱে এই বুলি কৈছিল: “মানুহৰ পুত্ৰ মহিমাম্বিত হবৰ সময় আহিল।”—যোহন ১২:২৩.
সম্পূৰ্ণ সাহসেৰে জীৱনদায়ক শিক্ষা প্ৰদান কৰা
৭, ৮. সা.যু. ৩৩ চনৰ নিচান মাহৰ ১০ তাৰিখে যীচুৱে কৰা কাৰ্য্যই সা.যু. ৩০ চনৰ নিস্তাৰ-পৰ্ব্বৰ সময়ত মন্দিৰত কৰা কাৰ্য্যক কেনেকৈ প্ৰকাশ কৰিলে?
৭ নিচান মাহৰ ১০ তাৰিখে অৰ্থাৎ সোমবাৰে যীচুৱে মন্দিৰত উপস্থিত হয় আৰু তাত তেওঁ পূৰ্ববৰ্তী দুপৰীয়া যি দেখিছিল তাৰ বাবে ক্ৰোধেৰে কাৰ্য্য কৰে। তেওঁ “ধৰ্ম্মধামত বেচা-কিনা কৰাবিলাকক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱাবিলাকৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে; আৰু ধৰ্ম্মধামৰ মাজেদি একো পাত্ৰ লৈ যাব নিদিলে।” ভুলকৰ্ম্ম কৰাবিলাকক দোষী সাব্যস্ত কৰি যীচুৱে এইদৰে কʼলে: “মোৰ ঘৰকে সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব, এনে লিখা নাই নে? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”—মাৰ্ক ১১:১৫-১৭.
৮ যীচুৱে তিনি বছৰৰ আগত অৰ্থাৎ সা.যু. ৩০ চন যিৰূচালেমত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যোৱা সময়তো সেই একেইদৰে কাৰ্য্য কৰিছিল। যিহেতু এইবাৰ তেওঁ আগতকৈও অতি ক্ৰোধেৰে কাৰ্য্য কৰিছিল। এইবাৰ যীচুৱে মন্দিৰৰ ভিতৰত বেপাৰ কৰিবলৈ অহা বেপাৰীসকলক “ডকাইত” বুলি উল্লেখ কৰিছিল। (লূক ১৯:৪৫, ৪৬; যোহন ২:১৩-১৬) তেওঁলোকক ডকাইত বুলি এই কাৰণে কোৱা হৈছিল, কিয়নো বলিদানৰ বাবে জন্তু কিনিব অহা লোকৰ পৰা তেওঁলোকে অধিক মুল্য দাবী কৰিছিল। তাত থকা প্ৰধান পুৰোহিত, অধ্যাপক আৰু ফৰীচীসকলে যেতিয়া যীচুৱে তেনে কাৰ্য্য কৰা বিষয়ে শুনিছিল, তেতিয়া পুনৰ তেওঁক মাৰিবলৈ সুযোগ বিচাৰিছিল। কিন্তু তেতিয়া তেওঁলোকে শিক্ষা শুনাৰ বাবে যীচুৰ চাৰিওফালে আগুৰি থকা লোকসকলৰ পৰা ভয় কৰিছিল।—মাৰ্ক ১১:১৮; লূক ১৯:৪৭, ৪৮.
৯. যীচুৱে আমাক কি উপদেশ দিছে আৰু মন্দিৰত তেওঁৰ কথা শুনিবলৈ থকা লোকসকললৈ কি নিমন্ত্ৰণ দিছিল?
৯ যেনেকৈ যীচুৱে মন্দিৰত উপদেশ দিবলৈ ধৰিলে আৰু তেওঁ এইটোও কʼলে: “মানুহৰ পুত্ৰ মহিমাম্বিত হবৰ সময় আহিল।” তেওঁ এইদৰে এইবাবে কৈছিল, কিয়নো তেওঁ জানিছিল যে মানৱ জীৱন ত্যাগ কৰিবলৈ মাত্ৰ কেইটামান দিনহে তেওঁৰ হাতত থাকিল। তেওঁ এইদৰে দৃষ্টান্ত দি কৈছিল যে, ধানৰ গুটি যদি মাটিত পৰি মৰে, তেন্তে অনেক ফল ধৰে। এই দৃষ্টান্তৰ অৰ্থ হৈছে পৃথিৱীত থকা মানৱজাতিক অনন্তজীৱন দিবলৈ তেওঁৰ মৃত্যু হোৱা। সেইকাৰণে যীচুৱে তেওঁৰ উপদেশ শুনোতাসকলক নিমন্ত্ৰণ দি এইদৰে কৈছিল: “কোনোৱে যদি মোৰ সেৱা কৰিব খোজে, তেন্তে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱকো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেন্তে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।”—যোহন ১২:২৩-২৬.
১০. যীচুৰ বাবে যি যাতনাদায়ক মৃত্যু অপেক্ষা কৰি আছিল তাৰ বাবে তেওঁ কি অনুভৱ কৰিছিল?
১০ মাত্ৰ চাৰিদিনৰ পাছতে যে যীচুৱে কঠোৰ যাতনা ভুগি মৃত্যুবৰণ কৰিব লাগিব এই বিষয়ে তেওঁ চিন্তা কৰি এইদৰে কৈছিল: “এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে, আৰু মই কি কম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা।” কিন্তু যীচুৰ বাবে যি অপেক্ষা কৰি আছিল তাক তেওঁ কেতিয়াও হেয়জ্ঞান কৰিব নোৱাৰে। পাছলৈ তেওঁ এইদৰে কৈছিল, “কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।” যীচুৱে কৰা এই কাৰ্য্যৰ পৰা এইটো জানিব পাৰি যে ঈশ্বৰে কৰা সকলোবোৰ প্ৰৱন্ধত তেওঁ সন্মত আছিল। সেইবাবে যীচুৱে ঈশ্বৰীয় কাৰ্য্যৰ বাবে তেওঁ নিজকে বলিদান দিবলৈ থিৰাং কৰি লৈছিল। (যোহন ১২:২৭) ঈশ্বৰীয় ইচ্ছাক পালন কৰিবলৈ নিজকে সমৰ্পণ কৰা! আমাৰ বাবে তেওঁ কি যে এক উত্তম আৰ্হি ৰাখিলে।
১১. স্বৰ্গৰ পৰা আকাশী বাণী হোৱাৰ পাছত যীচুৱে তাত উপস্থিত থকা লোকসমূহক কিহৰ বিষয়ে শিক্ষা দিবলৈ ধৰিলে?
১১ যীচুৱে নিজৰ মৃত্যুত তেওঁৰ পিতৃৰ মৰ্য্যাদাত কিদৰে আঘাত পাব, এই বিষয়ে তেওঁ গভীৰভাৱে বিবেচনা কৰিছিল। সেইবাবে তেওঁ এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা।” ইয়াৰ অলপ পাছতেই মন্দিৰত একত্ৰিত হোৱা ভিৰসমূহক আচৰিত কৰি স্বৰ্গৰ পৰা এক আকাশী বাণী শুনা গʼল: “মই মহিমাম্বিত কৰিলোঁ, আকৌ মহিমাম্বিত কৰিম।” এই সুযোগতে মহান শিক্ষক যীচুৱে তাত উপস্থিত থকা সকলো লোকক এই বিষয়ে বুজাই দিলে যে এই বাণী কিয় হʼল, তেওঁৰ মৃত্যুৰ ফলস্বৰূপে কি হʼব আৰু কিয় তেওঁত বিশ্বাস কৰা আৱশ্যক। (যোহন ১২:২৭-৩৬) শেষৰ দুদিন নিশ্চয়ে যীচুৰ কাৰ্য্যৰ বাবে সকলোতকৈ ব্যস্ত দিন আছিল। কিন্তু তেতিয়াও সেই ক্লেশদায়ক দিনৰ সময় বাকী আছিল।
অভিযোগৰ সেই দিন
১২. মঙ্গলবাৰ, নিচান মাহৰ ১১ তাৰিখে ধৰ্ম্মীয় নেতাসকলে কেনেকৈ যীচুক তেওঁলোকে পতা ফান্দত পেলাবলৈ খুজিছিল আৰু তাৰ পৰিণামস্বৰূপে কি কি ঘটিছিল?
১২ নিচান মাহৰ ১১ তাৰিখ অৰ্থাৎ মঙ্গলবাৰে যীচুৱে পুনৰ মন্দিৰলৈ গৈ তেওঁৰ বিৰুদ্ধে থকা লোকসমূহৰ আগত শিক্ষা দিব ধৰিলে। যীচুৱে আগৰ দিনা কৰা কাৰ্য্যৰ বাবে বৃদ্ধসকল আৰু প্ৰধান পুৰোহিতে তেওঁক আহি সুধিলে: “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? আৰু তোমাক এই ক্ষমতা কোনে দিলে?” কিন্তু মহান শিক্ষক যীচুৱে তিনিটা দৃষ্টান্ত ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁলোকক বিমোৰত পেলালে। প্ৰথম দুটা দৃষ্টান্ত এখন দ্ৰাক্ষাবাৰী আৰু এটা বিয়াৰ ভোজৰ বিষয়ে আছিল, যিয়ে যীচুৰ বিৰোধীসকলে কিমান যে দুষ্টতা মনোবৃত্তি ৰাখিছিল তাক সকলোৰে আগতে প্ৰকাশ কৰিলে। এই কথা শুনি ধৰ্ম্মীয় নেতাসকলে তেওঁক ধৰিবলৈ বিচাৰিলে। কিন্তু তেওঁলোকে ভিৰসমূহলৈ ভয় কৰিলে, কিয়নো ভিৰসমূহে যীচুক এজন ভৱিষ্যতবক্তা বুলি মানিছিল। গতিকে তেওঁলোকে কৌশলেৰে কাৰ্য্য কৰিছিল যাতে যীচুৱে এনে কিবা কথা কোৱাৰ বাবে আটক কৰিব পাৰে। কিন্তু যীচুৱে দিয়া উত্তৰে তেওঁলোকক নিস্তব্ধ কৰিলে।—মথি ২১:২৩-২২:৪৬.
১৩. ফৰীচী আৰু অধ্যাপকসকলৰ বিষয়ে যীচুৱে তেওঁৰ শ্ৰোতাসকলক কি পৰামৰ্শ দিছিল?
১৩ যিহেতু অধ্যাপক আৰু ফৰীচীসকলে অন্যক ঈশ্বৰৰ ব্যৱস্থা বিষয়ে শিকাই, কিন্তু যীচুৱে তেওঁৰ শ্ৰোতাসকলক কʼলে: “তেওঁবিলাকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁবিলাকৰ কৰ্ম্মৰ দৰে নকৰিবা; কিয়নো তেওঁবিলাকে কয়, কিন্তু নকৰে।” (মথি ২৩:১-৩) এইটো যীচুৰ বিৰোধীলোকৰ বাবে ৰাজহুৱা ভাৱে কৰা কিমান যে এক শক্তিশালী অভিযোগ আছিল! কিন্তু যীচুৱে অভিযোগ দিয়াত সিমানতেই ক্ষান্ত হৈ নাথাকিল। কিয়নো এইটো হৈছে মন্দিৰত যীচুৰ বাবে শেষ দিন, সেইবাবে তেওঁ সাহসী হৈ তেওঁৰ বিৰোধীসকলৰ বিৰুদ্ধে এটাৰ পাছত আনটোকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ সকলোৰে আগত প্ৰকাশ কৰিলে—এই ঘোষণা তেওঁৰ বিৰোধীসকলৰ বাবে একেলেথাৰি পৰা বজ্ৰপাতৰ দৰে আছিল।
১৪, ১৫. যীচুৱে ফৰীচী আৰু অধ্যাপকৰ বিৰুদ্ধে কি কটু সমালোচনা কৰিছিল?
১৪ যীচুৱে ছয়বাৰ এইদৰে কৈছিল, “হায় হায় কপটীয়া অধ্যাপক আৰু ফৰীচীবিলাক!” তেওঁলোকক কিয় এইদৰে কৈছিল, এই বিষয়ে বৰ্ণনা কৰি যীচুৱে কৈছিল, বাস্তৱতে তেওঁলোকে মানুহৰ আগত স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিলে, কিয়নো তেওঁলোকে নিজেও নোসোমাই আৰু আনকো সোমাবলৈ নিদিয়ে। এনে কপটীয়ালোকে যিহূদী-ধৰ্ম্ম লোৱাবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে আৰু তেওঁক নিজতকৈয়ো দুগুণ নৰকী কৰে। কিয়নো তেওঁলোকে “বিধানৰ মাজৰ গুৰুতৰ ভাগ যি ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস” এই সকলোকে অগ্ৰাহ্য কৰি দশম ভাগ দান কৰাৰ প্ৰতি বেছি গুৰুত্ব দিলে। ফলস্বৰূপে তেওঁলোকে ‘বাটি-কাঁহীৰ বাহিৰ ফাল নিকা কৰে, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অপৰিমিততাৰে পৰিপূৰ্ণ’ এইদৰে তেওঁলোক বাহিৰৰ যি নম্ৰ হৃদয়ৰ ব্যক্তিত্ব, তাৰ ভিতৰ ফালে অপহৰণ আৰু অপৰিমিততাৰে পূৰ্ণ হৈ আছে। ইয়াৰ উপৰিও যীচুৱে কৈছিল, যদিও তেওঁলোকে “ভাববাদীসকলক বধ কৰাবিলাকৰ সন্তান” তথাপিও তেওঁলোকে ভাববাদীসকলৰ মৈদাম বনোৱাত আৰু তাক সুন্দৰকৈ সজোৱাত ইচ্ছুক যাতে তেওঁলোকৰ দানশীল কাৰ্য্যৰ প্ৰতি অন্যলোকে আকৰ্ষিত হয়।—মথি ২৩:১৩-১৫, ২৩-৩১.
১৫ যীচুৱে তেওঁৰ বিৰোধীসকলক আধ্যাত্মিকতাৰ অভাৱ হোৱাৰ বাবে তিৰস্কাৰ কৰি কʼলে: “হায় হায় অন্ধ পথদৰ্শকবিলাক!” কিয়নো তেওঁলোকে নৈতিকভাৱে অন্ধ, আচলতে তেওঁলোকে উপাসনাৰ বাবে আধ্যাত্মিক বিষয়বোৰত বেছি গুৰুত্ব নিদি মন্দিৰৰ সোণবোৰতহে বেছি গুৰুত্ব দিছিল। সেইবাবে যীচুৱে একেৰাহে তেওঁলোকৰ বিৰুদ্ধে শক্তিশালী শব্দৰে অভিযোগ কৰি এইদৰে কৈছিল, হে সৰ্পগণ, কালসৰ্পৰ বংশ, তোমালোকে নো কেনেকৈ নৰকৰ দণ্ডৰ পৰা সাৰিবা?” আচলতে, যীচুৱে তেওঁলোকে গ্ৰহণ কৰা দুষ্ট কাৰ্য্য প্ৰণালীৰ বাবে তেওঁলোকে অনন্তকালৰ বাবে বিনাশ হʼব বুলি কৈছিল।(মথি ২৩:১৬-২২, ৩৩) গতিকে আহঁক আমিও যীচুৰ দৰে মিছা ধৰ্ম্মৰ কাৰ্য্যবোৰক প্ৰকাশ কৰি সাহসেৰে ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰোঁহঁক।
১৬. যীচুৱে জৈতুন পাহাৰৰ ওপৰত বহি তেওঁৰ শিষ্যসকলক কি গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে কৈছিল?
১৬ দুপৰীয়া সূৰ্য্যৰ চোকা পোহৰ ম্লান হোৱাৰ পাছত যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে মন্দিৰৰ পৰা ওলাই গৈ জৈতুন পাহাৰলৈ যায়। তাত বহি, যীচুৱে শিষ্যসকলক যিৰূচালেম মন্দিৰ বিনাশ হোৱা আৰু তেওঁৰ উপস্থিতিৰ চিহ্ন আৰু এই জগতৰ শেষ হোৱাৰ ভৱিষ্যতবাণীৰ বিষয়ে কয়। এই ভৱিষ্যতবাণীবোৰে আজি আমাৰ সময়কো চিহ্নিত কৰে। সেই সন্ধ্যা যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল: “দুদিনৰ পাছত নিস্তাৰ-পৰ্ব্ব হব, আৰু মানুহৰ পুত্ৰক ক্ৰুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হব বুলি তোমালোকে জানিছা।”—মথি ২৪:১-১৪; ২৬:১, ২.
যীচুৱে “তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে”
১৭. (ক)যীচুৱে নিচান মাহৰ ১৪ তাৰিখে নিস্তাৰ-পৰ্ব্বৰ উৎযাপন চলি থকা সময়ত ১২ জন শিষ্যক কি গুৰুত্বপূৰ্ণ পাঠৰ বিষয়ে শিকাই? (খ) ঈষ্কৰিয়োতীয়া যিহূদা যোৱাৰ পাছত যীচুৱে উৎযাপন কৰিবলৈ কি পৰ্ব্বৰ স্থাপনা কৰে?
১৭ শেষৰ দুদিন অৰ্থাত নিচান মাহৰ ১২ আৰু ১৩ তাৰিখে, যীচুৱে নিজকে মন্দিৰত মুক্তভাৱে দেখা নকৰিলে। কিয়নো ধৰ্ম্মীয় নেতাসকলে তেওঁক বধ কৰিবলৈ বিচাৰি আছিল আৰু যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে নিস্তাৰ-পৰ্ব্ব পালন কৰোঁতে কোনো বাধা হোৱাটো বিচৰা নাছিল। বৃহস্পতিবাৰ নিচান মাহৰ ১৪ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পাছৰ সন্ধ্যাটো হৈছে যীচুৰ বাবে পৃথিৱীত মানৱ জীৱনৰ শেষ সন্ধ্যা। সেই সন্ধ্যা যিৰূচালেমত যʼত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ ব্যৱস্থা কৰা হৈছিল, সেই স্থানত যীচু আৰু তেওঁৰ শিষ্যসকলে একত্ৰিত হয়। নিস্তাৰ-পৰ্ব্বৰ উৎযাপন চলি থকা সময়ত, তেওঁ ১২ জন শিষ্যৰ ভৰি ধুৱাই নম্ৰতাৰ বিষয়ে এক সুন্দৰ শিক্ষা দিয়ে। ত্ৰিশ চেকল ৰূপৰ বিনিময়ত নিজৰ প্ৰভুক বেচা ঈষ্কৰিয়োতীয়া যিহূদা তেওঁলোকৰ মাজৰ পৰা যোৱাৰ পাছত যীচুৱে তেওঁৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্বৰ উৎযাপন স্থাপন কৰে। ঈষ্কৰিয়োতীয়া যিহূদাই যীচুৰ বিনিময়ত যি ত্ৰিশ চেকল ৰূপ লৈছিল, সেই ধন মোচিৰ ব্যৱস্থাৰ অনুসৰি এজন দাসৰ বিনিময়ত লোৱা হৈছিল।—যাত্ৰাপুস্তক ২১:৩২; মথি ২৬:১৪, ১৫, ২৬-২৯; যোহন ১৩:২-৩০.
১৮. যীচুৱে কি শিক্ষাৰ দ্বাৰাই তেওঁৰ ১১ জন বিশ্বাসী শিষ্যক প্ৰেম দেখুৱালে আৰু তেওঁ মৃত্যু হোৱাৰ পাছতো সাহসী হৈ কাৰ্য্য কৰিবলৈ শিষ্যসকলক কেনেকৈ উৎসাহিত কৰিলে?
১৮ এই স্মৰণীয় পৰ্ব্বৰ উৎযাপন চলি থকাৰ সময়ত শিষ্যসকলৰ মাজত কোন শ্ৰেষ্ঠ এই বিষয়ে এক তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। কিন্তু যীচুৱে ধৈৰ্য্য ধৰি তেওঁলোকক কোনো তিৰস্কাৰ নকৰি ইজনে-সিজনক পৰিচৰ্য্যা কৰাৰ অৰ্থ কি আৰু ই কিমান মুল্যৱান এই বিষয়ে বুজাই দিলে। যীচুক যাতনা দিয়াৰ সময়ত তেওঁলোকেও যে সেই যাতনাৰ ভাগী হʼব, এইবাবে তেওঁ তেওঁলোকক প্ৰশংসা কৰি এখন ৰাজ্যৰ বাবে ব্যক্তিগতভাৱে প্ৰতিজ্ঞা কৰিলে। (লূক ২২:২৪-৩০) যীচুৱে শিষ্যসকলক আজ্ঞা দি কৈছিল যে যেনেকৈ তেওঁ তেওঁবিলাকক প্ৰেম কৰিলে ঠিক তেনেকৈ তেওঁলোকেও যেন ইজনে-সিজনক প্ৰেম কৰে। (যোহন ১৩:৩৪) শিষ্যসকলৰ সৈতে কোঠাটোত থকা সময়ত যীচুৱে প্ৰেমেৰে তেওঁলোকক তেওঁ যোৱাৰ পাছতো সাহসী হৈ থাকিবলৈ উৎসাহিত কৰিছিল। তাৰ উপৰিও যীচুৱে শিষ্যসকলক তেওঁৰ বন্ধুত্বৰ আশা প্ৰদান কৰে, তেওঁলোকক বিশ্বাসী হৈ থাকিবলৈ উৎসাহিত আৰু তেওঁলোকক সহায় কৰিবলৈ পবিত্ৰ আত্মা পঠিয়াবলৈ প্ৰতিজ্ঞা কৰিছিল। (যোহন ১৪:১-১৭; ১৫:১৫) যীচুৱে সেই ঘৰ ত্যাগ কৰাৰ আগতে তেওঁৰ পিতৃলৈ এইদৰে নিৱেদন কৰিছিল: “হে পিতৃ, সময় আহিল; . . . পুত্ৰই তোমাক মহিমাম্বিত কৰিবলৈ, তেওঁক তেনেকৈ মহিমাম্বিতো কৰা।” দৰাচলতে, যীচুৰ মৃত্যুৰ পাছত সাহসী হৈ কাৰ্য্য কৰি থাকিবলৈ তেওঁ শিষ্যসকলক উৎসাহিত কৰিছিল আৰু যীচুৱে অৱশ্যেই “তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে।” (যোহন ১৩:১; ১৭:১, ২)
১৯. যীচুৱে গেৎচিমানী বাগিছাত কিয় বেজাৰ কৰিছিল?
১৯ মাজ নিশা যীচুৱে তেওঁৰ ১১ জন বিশ্বাসী শিষ্যৰ সৈতে গেৎচিমানী বাগিছা পালেগৈ, যি বাগিছালৈ তেওঁ শিষ্যসকলৰ সৈতে প্ৰায়ে গৈছিল। (যোহন ১৮:১, ২) যীচুৱে এজন জঘন্য অপৰাধীৰ দৰে মৃত্যু বৰণ কৰিবলৈ মাথোন কিছু সময়হে বাকী থাকিল। গতিকে তেওঁৰ পিতৃৰ নাম নিন্দিত হোৱা আৰু তেওঁ ভুগীব লগীয়া মৰ্মদাহ অনুভৱৰ বিষয়ে বেজাৰ কৰি নিজ পিতৃলৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ যে এই বিষয় বিলাকৰ প্ৰতি ইমানে চিন্তিত আছিল যেতিয়া তেওঁ পিতৃলৈ প্ৰাৰ্থনা কৰা সময়ত তেওঁৰ ঘাম গোট বান্ধি মাটিলৈ তেজময় হৈ বৈ যায়। (লূক ২২:৪১-৪৪) তাৰ পাছত যীচুৱে তেওঁৰ শিষ্যসকলক কʼলে: “চোৱা, মোক শোধাই দিয়াজন ওচৰ পালেহি।” যেতিয়া যীচুৱে তেওঁ শিষ্যসকলৰ সৈতে এই কথা কৈ আছিল, তেতিয়া ঈষ্কৰিয়োতীয়া যিহূদা আৰু হাতত তাৰোৱাল, টাঙোন, জুই আদি ধৰি জুম বান্ধি এজাক মানুহ আহিল। তেওঁলোকে যীচুক আটক কৰিবলৈ আহিল, কিন্তু তেওঁ কোনো বাধা নিদিলে। তাৰ পৰিবৰ্তে এইদৰে কয়: “কিন্তু তাক কৰিলে, এইদৰে ঘটিব লাগে বুলি কোৱা শাস্ত্ৰীয় বচন কেনেকৈ সিদ্ধ হব?”—মাৰ্ক ১৪:৪১-৪৩; মথি ২৬:৪৮-৫৪.
মানুহৰ পুত্ৰ মহিমাম্বিত হোৱা!
২০. (ক)যীচুক আটক কৰাৰ পাছত তেওঁক কি কি যাতনা দিয়া হৈছিল? (খ) মৃত্যুৰ মাত্ৰ কিছু মহূৰ্তৰ আগতে যীচুৱে “সিদ্ধ হল!” বুলি কিয় চিঞৰি কৈছিল?
২০ যীচুক আটক কৰাৰ পাছত, অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে, বিচাৰকসকলে তেওঁক দোষী সাব্যস্ত কৰিলে, পন্তীয় পীলাতে তেওঁক শাস্তি দিবলৈ আজ্ঞা জাৰি কৰিলে, মহা-পুৰোহিতে ঠাট্টা কৰিলে আৰু সেনাবিলাকে তেওঁক নিৰ্য্যাতনা দিলে। (মাৰ্ক ১৪:৫৩-৬৫; ১৫:১, ১৫; যোহন ১৯:১-৩) শুক্ৰবাৰে যীচুৰ হাত আৰু ভৰিত গজালেৰে বিন্ধি যাতনা স্তম্ভত আঁৰি থলে আৰু সেই যাতনা অতি অসহ্য যন্ত্ৰণাদায়ক আছিল, তেওঁৰ গোটেই শৰীৰৰ ভাৰ গজালেৰে স্তম্ভত বান্ধি ৰখা হাত আৰু ভৰিত পৰিছিল। (যোহন ১৯:১৭, ১৮) প্ৰায় আবেলি তিনি বজাত যীচুৱে চিঞৰি এইদৰে কʼলে: “সিদ্ধ হল!” হয়, এই পৃথিৱীত তেওঁক যি যি কাৰ্য্য কৰিবলৈ দিয়া হৈছিল সেই সকলোকে তেওঁ সম্পূৰ্ণ কৰিলে। পাছে তেওঁ মূৰ দোঁৱাই, ঈশ্বৰলৈ আত্মা অৰ্পণ কৰিলে আৰু তেওঁৰ মৃত্যু হʼল। (যোহন ১৯:২৮, ৩০; মথি ২৭:৪৫, ৪৬; লূক ২৩:৪৬) মৃত্যুৰ তিনি দিনৰ পাছত যিহোৱাই তেওঁৰ পুত্ৰক পুনৰ জীৱিত কৰিলে। (মাৰ্ক ১৬:১-৬) পুনৰুত্থানৰ পাছত যীচুৱে ৪০ দিন এই পৃথিৱীত কটোৱাৰ পাছত, তেওঁ পিতৃৰ ওচৰলৈ স্বৰ্গত গুচি গʼল আৰু তাত তেওঁৰ পিতৃয়ে যীচুক মহিমাম্বিত কৰিলে।—যোহন ১৭:৫; পাঁচনিৰ কৰ্ম্ম ১:৩, ৯-১২; ফিলিপীয়া ২:৮-১১.
২১. আমি যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?
২১ আমি কিদৰে “খ্ৰীষ্টৰ খোজৰ অনুগামী” হʼব পাৰোঁ? (১ পিতৰ ২:২১) তেওঁৰ দৰে আমিও উৎসাহিত হৈ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা, ঈশ্বৰৰ এই কাৰ্য্যত নিৰ্ভীক আৰু সাহিয়াল হৈ ভাগ লোৱা আৱশ্যক। (মথি ২৪:১৪; ২৮:১৯, ২০; পাঁচনিৰ কৰ্ম্ম ৪:২৯-৩১; ফিলিপীয়া ১:১৪) আহঁক আমি এই জগতৰ গতি ধাৰাত উটি নগৈ ইজনে-সিজনক প্ৰেম আৰু সৎকৰ্ম্মত উত্তেজিত কৰোঁহঁক। (মাৰ্ক ১৩:২৮-৩৩; ইব্ৰী ১০:২৪, ২৫) ইয়াৰ উপৰিও, আমি যিহোৱাৰ ইচ্ছা আৰু ‘শেষকালৰ’ প্ৰতি সজাগতা হৈ, সেই অনুসাৰে আমাৰ জীৱন-প্ৰণালী অতিবাহিত কৰিবলৈ কাৰ্য্য কৰোঁহঁক।—দানিয়েল ১২:৪.
আপুনি কিদৰে উত্তৰ দিব?
•যিহেতু যীচুৱে জানিছিল যে তেওঁৰ মৃত্যুৰ সময় একেবাৰে ওচৰত আছিল, গতিকে মন্দিৰত কৰা তেওঁৰ শেষ পৰিচৰ্য্যা কাৰ্য্যত কেনে প্ৰভাৱ পৰিছিল?
•কি কাৰ্য্যই প্ৰকাশ কৰিলে যে যীচুৱে “তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে”?
•শেষৰ কিছু ঘন্টাত যীচুৰ জীৱনে তেওঁৰ বিষয়ে কি উনুকিয়াই?
•আমাৰ পৰিচৰ্য্যা কাৰ্য্যত আমি কনেকৈ যীচুক অনুকৰণ কৰিব পাৰোঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[Picture on page 30]
যীচুৱে “তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে”