সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকা
সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকা
“তোমালোক যেন ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকা, এই কাৰণে তেওঁ সদায় প্ৰাৰ্থনাৰে তোমালোকৰ পক্ষে প্ৰাণপণ কৰিছে।”—কলচীয়া ৪:১২.
১, ২. (ক)প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ বিষয়ে অন্য লোকসকলে কি লক্ষ্য কৰিছিল? (খ) বাইবেলৰ কলচীয়া নামৰ পুস্তকে প্ৰেমময় চিন্তাৰ বিষয়ে কি মন্তব্য দিছে?
তেৰটুলিয়ান নামৰ এজন লিখকে (সা.যু. দ্বিতীয় আৰু তৃতীয় শতাব্দীৰ লিখক) কৈছিল যে যীচুৰ শিষ্যসকলে সঙ্গী উপাসকসকলৰ প্ৰতি অতি আগ্ৰহী আছিল। সেয়েহে তেওঁলোকে অনাথ সন্তান, দুখীয়া আৰু বৃদ্ধ লোকসকলৰ প্ৰতি কৃপা দেখুৱাইছিল। তেওঁলোকৰ এনে প্ৰেমৰ কাৰ্য্যই অবিশ্বাসীসকলকো আকৰ্ষিত কৰিছিল। এতেকে তেওঁলোকৰ কিছুমানে খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে কৈছিল, ‘চোৱা তেওঁলোকে ইজনে সিজনক কিমান প্ৰেম কৰে।’
২ বাইবেলত পোৱা কলচীয়া নামৰ কিতাপখনে পাঁচনি পৌল আৰু তেওঁৰ সঙ্গী ইপাফ্ৰাই কলচীয়াত থকা ভাই-ভনীসকলৰ প্ৰতি দেখুৱা প্ৰেমময় বিবেচনাৰ বিষয়ে প্ৰকাশ কৰিছে। কিয়নো পৌলে তেওঁলোকলৈ এইদৰে লিখিছিল: “তোমালোক যেন ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকা, এই কাৰণে তেওঁ [ইপাফ্ৰা] সদায় প্ৰাৰ্থনাৰে তোমালোকৰ পক্ষে প্ৰাণপণ কৰিছে।” গতিকে যিহোৱাৰ সাক্ষীসকলে ২০০১ চনৰ বাৰ্ষিক পাঠৰ বিষয়টো কলচীয়া ৪:১২ পদৰ পৰা লৈছে, যʼত কোৱা হৈছে: “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকা।”
৩. ইপাফ্ৰাৰ প্ৰাৰ্থনাত কি দুটা বিষয় প্ৰকাশ পাইছিল?
৩ আপুনি ইপাফ্ৰায়ে তেওঁ প্ৰিয় লোকসকললৈ কৰা প্ৰাৰ্থনাত দুটা বিষয়ক লক্ষ্য কৰিব পাৰে: (১) তেওঁলোকে “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ” আৰু (২) “নিশ্চয় কৰা হৈ থিৰে থাকা।” বাইবেলত এই সংবাদটোক আমাৰ লাভৰ বাবে লিপিবদ্ধ কৰা হʼল। সেইবাবে আমি নিজকে সোধা আৱশ্যক, ‘ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থাকিবলৈ মই ব্যক্তিগতভাৱে কি কৰিছোঁ? যেনেকৈ ইয়াকে কৰি যাওঁ ইয়াৰ ফলাফল কি হʼব?’ আহঁক আমি সেই বিষয়ে পৰীক্ষা কৰোঁহঁক।
“সিদ্ধ হৈ থিৰে” থাকিবলৈ প্ৰচেষ্টা কৰা
৪. কলচীয়াত থকা লোকসকলক কি ক্ষেত্ৰত “সিদ্ধ” হোৱাৰ আৱশ্যকতা আছিল?
৪ কলচীয়া মণ্ডলীত থকা ভাই-ভনীসকলে যাতে আধ্যাত্মিকতাত “সিদ্ধ হৈ থিৰে” থাকে, এয়াই ইপাফ্ৰাৰ আন্তৰিক ইচ্ছা আছিল। ইয়াত পৌলে ব্যৱহাৰ কৰা “সিদ্ধ” শব্দটোক সম্পূৰ্ণ পৰিপক্ক হোৱাৰ সৈতে তুলনা কৰিছে। (মথি ১৯:২১; ইব্ৰী ৫:১৪; যাকোব ১:৪, ২৫) আপুনি হয়তো জানে যে যেতিয়া কোনো এজন ব্যক্তিয়ে বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হয়, তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ এজন পৰিপক্ক খ্ৰীষ্টান হৈ পৰিল। সেইবাবে ইফিচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলক পৌলে এইদৰে লিখিছিল যে ৰখীয়া আৰু শিক্ষকসকলে সকলোকে “ঈশ্বৰৰ পুত্ৰবিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি, সিদ্ধ পুৰুষৰ (পৰিপক্ক) অৱস্থা, অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ নাপাওঁ, তেতিয়ালৈকে পৰিচৰ্য্যা-কৰ্ম্ম সাধন কৰিবলৈ, আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ, পবিত্ৰবিলাকৰ সিদ্ধিৰ অৰ্থে” সহায় কৰিব। ইয়াৰ ওপৰিও পৌলে খ্ৰীষ্টানসকলক “বিবেচনাত বয়সস্থ (পৰিপক্ক)” হবলৈ আগ্ৰহ কৰিছিল।—ইফিচীয়া ৪:৮-১৩; ১ কৰিন্থীয়া ১৪:২০.
৫. সিদ্ধতাত উপনীত হʼবলৈ কেনেকৈ আমি নিজৰ লক্ষ্য বনাব পাৰোঁ?
৫ কলচীয়া ভাইসকলৰ মাজত যদি কোনো ব্যক্তিয়ে আধ্যাত্মিকৰূপে পৰিপক্ক নাছিল, তেনেহʼলে তেওঁলোকক পৰিপক্ক হʼবলৈ লক্ষ্য বনোৱা আৱশ্যক আছিল। আজিৰ সময়তো সেই একেদৰে সত্য নহয়নে? যদিও আমি বহু বছৰৰ আগতে বাপ্তিষ্মা ললোঁ বা অলপ দিনৰ আগতে লৈছোঁ, আমি আমাৰ যুক্তি দৰ্শোৱা ক্ষমতা আৰু দৃষ্টিভঙ্গীক স্পষ্টৰূপে উন্নতি হোৱাটো দেখিছোঁনে? কোনো সিদ্ধান্ত লোৱাৰ আগতে আমি বাইবেলৰ সিদ্ধান্তসমূহে এই বিষয়ে কি কৈছে তাক বিবেচনা কৰোঁনে? ঈশ্বৰৰ সমন্ধীয় বিষয়ে আৰু মণ্ডলীৰ কাৰ্য্যবোৰক আমি আমাৰ জীৱনত আন কাৰ্য্যবোৰতকৈ অধিক গুৰুত্ব দিছোঁনে? আমি কেনেকৈ সিদ্ধতালৈ উন্নতি কৰিব পাৰোঁ তাৰ বিষয়ে যদিও ইয়াত সকলোবোৰ বৰ্ণনা কৰিব পৰা নাই, তথাপিও তাৰে দুটা উদাহৰণক বিবেচনা কৰিব পাৰোঁ।
৬. আমি কেনে ক্ষেত্ৰবোৰত যিহোৱাৰ অপক্ষপাতী গুণক সিদ্ধৰূপে প্ৰতিফলিত কৰিবলৈ পাৰোঁ?
৬ প্ৰথমটো উদাহৰণ হৈছে: আমি যিহোৱাৰ সেৱক হোৱাৰ বাবে জানো যে ঈশ্বৰ পক্ষপাতী নহয়, সেইবাবে আমিও পক্ষপাতী হোৱা উচিত নহয়। (পাঁচনিৰ কৰ্ম্ম ১০:১৪, ১৫, ৩৪, ৩৫) কিন্তু ধৰি লওঁক আমি জাতিয়তা, ৰাষ্ট্ৰীয়তাবাদ বা আন দেশৰ লোকসকলৰ প্ৰতি পক্ষপাতী বা শত্ৰুতা ভাব ৰখা পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ। এইবাবে আমাৰ মণ্ডলী বা এলেকাত বিভিন্ন পৃষ্ঠভূমিৰ ভাই-ভনীসকল থকাৰ বাবে আমি তেওঁলোকৰ প্ৰতি জাতিয়তা, ৰাষ্ট্ৰীয়তা, সন্দেহৰ মনোভাৱ বিকাশিত কৰিছোঁনে? যদি আন পৃষ্ঠভূমিৰ ভাই-ভনীসকলে আমাৰ বিৰোদ্ধে এটি সৰু ভুল কৰে তেনেক্ষেত্ৰত আমাৰ মনত তেওঁলোকৰ প্ৰতি কোনো ভুল ধাৰণা উৎপন্ন হয়নে? এতেকে নিজকে সোধক, ‘ঈশ্বৰৰ অপক্ষপাতী গুণক, মই নিজেই অনুকৰণ কৰিবলৈ মোক আধ্যাত্মিকতাত অধিক উন্নতি কৰা আৱশ্যক আছেনে?’
৭. খ্ৰীষ্টানৰূপে পৰিপক্ক হʼবলৈ আনৰ প্ৰতি আমি কেনে ধৰণৰ দৃষ্টিভঙ্গী ৰখাটো সন্মিলিত আছে?
৭ দ্বিতীয়টো হৈছে: ফিলিপীয়া ২:৩ পদ কৈছে আমি ‘বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰি; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মনা’ উচিত। এই পদটোত দিয়া পৰামৰ্শ অনুসাৰে আমি কেনেকৈ জীৱন-যাপন কৰিব পাৰোঁ? কিয়নো আমি প্ৰত্যেকে জানোঁ যে সকলো ব্যক্তিৰে কিছুমান বিষয়ত দুৰ্ব্বল আৰু পৰাক্ৰমী হʼব পাৰে। গতিকে যদিও আমি অতীতত কোনো এজন ব্যক্তিৰ দুৰ্ব্বলতাৰ বিষয়বোৰক উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকতো যে “ক্ৰটি” আছে তাক আমি বিবেচনা কৰোঁনে? (যাকোব ৩:১, ২) বৰ্তমান সময়ত আমি আন ভাই-ভনীসকলক আমাতকৈ অধিক উত্তম বুলি দৃষ্টি কৰোঁনে? যেনে—‘মই স্বীকাৰ কৰিব লাগিব যে এই ভনীগৰাকীয়ে মোতকৈও অধিক সহনশীল।’ ‘সেই ব্যক্তিজনৰ বিশ্বাস মোতকৈ অধিক শক্তিশালী।’ ‘স্পষ্টৰূপে, তেওঁ মোতকৈ ভাল শিক্ষা দিব পাৰে।’ ‘সেই ভনীগৰাকীয়ে মোতকৈ অধিকৰূপে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰিব পাৰে।’ এতেকে প্ৰাচীন সময়ত কলচীয়া মণ্ডলীত থকা ভাই-ভনীসকলকো হয়তো এই বিষয়বোৰত উন্নতি কৰিছিল। গতিকে আমিও এনে বিষয়বোৰত উন্নতি কৰা আৱশ্যক আছেনে?
৮, ৯. (ক)কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলে সিদ্ধ হৈ “থিৰে” থাকিবলৈ কৰা ইপাফ্ৰাৰ প্ৰাৰ্থনাৰ অভিপ্ৰায় কি আছিল? (খ) ‘সিদ্ধ হৈ থিৰে থকাৰ’ সৈতে কিদৰে আমাৰ ভৱিষ্যত জড়িত আছে?
৮ সেয়েহে ইপাফ্ৰাই কলচীয়াত থকা ভাই-ভনীসকলে “সিদ্ধ হৈ থিৰে” থাকি খ্ৰীষ্টান পৰিপক্কতালৈ অগ্ৰগতি কৰিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল।
৯ সেইবাবে, বাপ্তিষ্মা লৈ খ্ৰীষ্টান হোৱা প্ৰত্যেক ব্যক্তি আৰু আনকি পৰিপক্ক ব্যক্তিসকলেও যে এইবোৰৰ বাবে দৃঢ়ৰূপে চেষ্টা কৰিব, তাক আমি ধাৰণা কৰাটো উচিত নহয়। এইবাবে যীচুৱে কৈছিল যে ঈশ্বৰৰ এজন স্বৰ্গীয় পুত্ৰও ‘সত্যত নাথাকিল।’ (যোহন ৮:৪৪) পাঁচনি পৌলেও কৰিন্থীয়া মণ্ডলীত থকা ভাই-ভনীসকলক কৈছিল যে অতীতত কিছুমান লোকে এসময়ত যিহোৱাক সেৱা কৰিছিল, কিন্তু পাছলৈ তেওঁলোকে যিহোৱাৰ পৰা আঁতৰি গৈছিল। ইয়াৰ ওপৰিও তেওঁ আত্মা-অভিষিক্ত ভাইসকলক সাৱধান কৰিছিল: “যি কোনোৱে থিৰে আছোঁ বুলি ভাবে, তেওঁ যেন নপৰে, তাৰ নিমিত্তে সাৱধান হওক।” (১ কৰিন্থীয়া ১০:১২) এতেকে, কলচীয়াত থকা ভাই-ভনীসকলে যাতে ‘সিদ্ধ হৈ থিৰে থাকে,’ আৰু সিদ্ধ, পৰিপক্ক হোৱাৰ পাছতো তেওঁলোকে যেন পিছ নুহুঁকিবলৈ দৃঢ়ভাৱে চেষ্টা কৰি থকা তাৰ বাবে পৌলে প্ৰাৰ্থনা কৰিছিল। (ইব্ৰী ২:১; ৩:১২; ৬:৬; ১০:৩৯; ১২:২৫) এইদৰে তেওঁলোকে যিহোৱাৰ শেষ অনুমোদন পোৱা লৈকে “সিদ্ধ” হʼবলৈ নিজকে পৰিক্ষা কৰিবলৈ আছিল।—২ কৰিন্থীয়া ৫:১০; ১ পিতৰ ২:১২.
১০, ১১. (ক)প্ৰাৰ্থনা কৰাৰ সম্বন্ধে ইপাফ্ৰাই কেনে আৰ্হি প্ৰস্তুত কৰিলে? (খ) ইপাফ্ৰাই কৰা প্ৰাৰ্থনাৰ সামঞ্জস্যত আমি কি কৰিবলৈ দৃঢ় সঙ্কল্প লোৱা উচিত?
১০ আমি ইতিমধ্যেই পূৰ্ববৰ্তী লেখত আনৰ সহায়, সান্ত্বনা, আশীৰ্ব্বাদ আৰু তেওঁলোকক ওপৰত পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ কৰা আমাৰ ব্যক্তিগত প্ৰাৰ্থনাত নিৰ্দিষ্টকৈ তেওঁলোকৰ নাম উল্লেখ কৰা গুৰুত্বপূৰ্ণতাৰ বিষয়ে আলোচনা কৰিলোঁ। এতেকে ইপাফ্ৰাই কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ অভিপ্ৰায়ো সেই একেই আছিল। আমিও যাতে সেই বাক্যবোৰৰ পৰা মূল্যবান পৰামৰ্শ বিচাৰি পাওঁ, সেইবাবে যিহোৱালৈ প্ৰাৰ্থনা কৰা আৱশ্যক। বাস্তৱতে আমি যাতে ব্যক্তিগতভাৱে ‘সিদ্ধ হৈ থিৰে থাকা’ লক্ষ্যত উপনীত হʼব পাৰোঁ, এইবাবে যিহোৱাৰ পৰা সহায় বিচৰাটো আমাৰ কৰ্তব্য। গতিকে আপুনি তেওঁৰ সহায় বিচাৰেনে?
১১ আপুনি নিজৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি যিহোৱালৈ প্ৰাৰ্থনা নকৰে কিয়? তেওঁক কওঁক যে আপুনিও এজন “সিদ্ধ,” পৰিপক্ক খ্ৰীষ্টান ব্যক্তি হʼবলৈ বিচাৰিছে। ইয়াৰ ওপৰিও তেওঁক জনাওঁক যে আপুনি সেই বিষয়বোৰৰ ওপৰত কাৰ্য্য কৰিব বিচাৰিছে যিবোৰৰ দ্বাৰাই আধ্যাত্মিকৰূপে অগ্ৰগতি লাভ কৰিবলৈ পাৰিব। (গীতমালা ১৭:৩; ১৩৯:২৩, ২৪) নিঃসন্দেহ, আপুনি আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ নিশ্চয়ে আপোনাৰ ওচৰত তেনে বিষয়বোৰ আছে, যিবোৰত কাৰ্য্য কৰা আৱশ্যক। গতিকে এই বিষয়েবোৰে আপোনাক সত্যত চলাৰ পথত বাধা দিয়া পূৰ্বেই আপুনি সেইবোৰক আঁতৰাবলৈ যিহোৱাৰ ওচৰত সহায়ৰ বাবে নিৱেদন কৰক। এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনাত এবাৰ উল্লেখ কৰাটোৱেই যথেষ্ঠ নহয়। ইয়াৰ বিপৰীতে আপুনি আহিবলগীয়া সপ্তাহত এনেবোৰ ক্ষেত্ৰবোৰত আধ্যাত্মিৰূপে অগ্ৰগতি লাভ কৰিবলৈ অৰ্থাৎ ‘সিদ্ধ হৈ থিৰে’ থাকিবলৈ দৃঢ় সিদ্ধান্ত লোৱা আৱশ্যক। এতেকে আপুনি যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পাঠ বিবেচনা কৰি অধিকৰূপে সেই ক্ষেত্ৰবোৰত উন্নতি কৰিবলৈ আঁচনি বনাওঁক। ইয়াৰ ওপৰিও প্ৰাৰ্থনাত নিৰ্দেষ্টভাবে সেই ক্ষেত্ৰবোৰৰ বিষয়ে উল্লেখ কৰক যিবোৰে আপোনাক ঈশ্বৰৰ সেৱাত বাধা দিব পাৰে।—ইফিচীয়া ৬:১১, ১৩, ১৪, ১৮.
দৃঢ় নিশ্চয়তাৰ বাবে প্ৰাৰ্থনা কৰা
১২. কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলে কিয় বিশেষভাবে “নিশ্চয় হৈ থিৰে” থকাটো আৱশ্যক আছিল?
১২ কলচীয়া মণ্ডলীত থকা ভাই-ভনীসকলে শেষলৈকে ঈশ্বৰৰ গ্ৰহণযোগ্য হৈ থাকিবলৈ, ইপাফ্ৰাই আন এটা গুৰুত্বপূৰ্ণ বিষয়কো প্ৰাৰ্থনাত উল্লেখ কৰিছিল। আমি সেই একেইদৰে কৰা আৱশ্যক। সেই গুৰুত্বপূৰ্ণ বিষয়টো কি আছিল যাক আমি প্ৰাৰ্থনাত উল্লেখ কৰিব পাৰোঁ? ইপাফ্ৰাই সেই ভাই-ভনীসকলৰ বাবে কৰা প্ৰাৰ্থনাত সেই বিষয়টো এইদৰে উল্লেখ কৰিছিল, ‘ঈশ্বৰৰ সকলো ইচ্ছাত নিশ্চয় কৰা হৈ থিৰে থাকা।’ কিয়নো সেই সময়ত কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলক এনে পৰিস্থিতিসমূহে আবৰি ৰাখিছিল, যʼত বিভিন্ন অসত্য ধৰ্ম্ম, হানিকাৰক দৰ্শনশাস্ত্ৰ আৰু কিছুমান সত্য উপাসকৰ ছদ্মবেশ লোৱা ব্যক্তি আছিল। উদাহৰণস্বৰূপে, কলচীয়াৰ ভাই-ভনীসকলক বিশেষ দিনবোৰত উপবাস কৰিবলৈ বা ভোজ দিবলৈ হেঁচা দিয়া হৈছিল, যিটো এটা সময়ত যিহুদীসকলৰ উপাসনাৰ বাবে আৱশ্যক আছিল। কিছুমান সত্য উপাসকৰ ছদ্মবেশ ধৰা মিছা শিক্ষকসকলে উপাসনাক স্বৰ্গদূতৰ ওপৰত কেন্দ্ৰীত কৰিছিল আৰু মোচিৰ ব্যৱস্থাৰ শিক্ষা দিবলৈ সেই শক্তিশালী আত্মিক প্ৰাণীবোৰক ব্যৱহাৰ কৰা হৈছিল। এতেকে ক্ষন্তেক বিবেচনা কৰক, সেই সময়ৰ ভাই-ভনীসকলে এনেবোৰ ভুল বিচাৰ-ধাৰাক পালন কৰিবলৈ, কিমান যে হেঁচাৰ সন্মূখীন হʼবলগীয়া হৈছিল! আচলতে, তেনেধৰণৰ বিচাৰ-ধাৰাবোৰে বিভিন্ন প্ৰকাৰৰ বিভ্ৰান্তি জন্মাইছিল।—গালাতীয়া ৩:১৯; কলচীয়া ২:৮, ১৬-১৮.
১৩. কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলে কেনে ধৰণৰ বিষয়ক চিনাক্ত কৰাৰ দ্বাৰাই আধ্যাত্মিক ক্ষেত্ৰত অহা বাধাবোৰক প্ৰতিৰোধ কৰিব পাৰিছিল আৰু ই কেনেকৈ আমাক সহায় কৰিব পাৰে?
১৩ সেইবাবে পাঁচনি পৌলে কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলক এইদৰে কৈছিল: “তোমালোকে খ্ৰীষ্টক, অৰ্থাৎ প্ৰভু যীচুক যেনেকৈ গ্ৰহণ কৰিলা, তেনেকৈ তেওঁতেই চলা; আৰু তেওঁতেই শিপা ধৰি, যেনেকৈ শিক্ষা পাইছিলা।” এইদৰে পৌলে যীচু খ্ৰীষ্টই আদায় কৰা ভূমিকাৰ ওপৰত জোৰ দি তেনেবোৰ বিচাৰধাৰক বাধা দিয়াত সক্ষম হৈছিল। বাস্তৱতে, এনে পৰিস্থিতিত (কলচীয়া মণ্ডলীৰ ভাই-ভনীসকল আৰু বৰ্তমান সময়ত আমি) ঈশ্বৰৰ উদ্দেশ্য আৰু আমাৰ জীৱনৰ বাবে যীচুৱে আদায় কৰা ভূমিকাক সম্পূৰ্ণৰূপে নিশ্চয়তা হোৱা আৱশ্যকতা আছিল। পৌলে আগলৈ এইদৰে বৰ্ণনা কৰিছিল: “কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিকৰূপে নিবাস কৰে। আৰু তোমালোক তেওঁতেই পূৰ্ণ আছা; তেওঁ সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ।”—কলচীয়া ২:৬-১০.
১৪. কলচীয়াৰ ভাই-ভনীসকলে কি সেই আশাক এক বাস্তবিক বুলি বিবেচনা কৰিছিল?
১৪ প্ৰকৃততে, কলচীয়াৰ ভাই-ভনীসকলে আত্মিক-অভিষিক্ত খ্ৰীষ্টান আছিল। সেয়েহে তেওঁলোকৰ বাবে এক বিশেষ অধিকাৰ অৰ্থাৎ স্বৰ্গীয় জীৱনৰ আশা আছিল আৰু এই বিশেষ অধিকাৰৰ ওপৰত উজ্জ্বল আশা ৰাখিবলৈ তেওঁলোকৰ ওচৰত বহুতো কাৰণ আছিল। (কলচীয়া ১:৫) গতিকে “ঈশ্বৰৰ ইচ্ছা” আছিল যে তেওঁলোকে যাতে এই আশাত দৃঢ় হৈ থিৰে থাকে। এতেকে তেওঁলোকৰ কোনো এজনৰ এই বিষয়ে সন্দেহ হোৱাটো উচিত আছিলনে? নিশ্চয়ে নাছিল! ঠিক তেনেদৰে, বৰ্তমান সময়ত যিসকলৰ বাবে ঈশ্বৰে পৰমদেশ পৃথিৱীত অনন্ত জীৱনৰ আশা প্ৰদান কৰিছে, তাত কোনো এজনৰ সন্দেহ আছেনে? অৱশ্যেই নাই! কিয়নো স্পষ্টৰূপে, সেই অটুট আশা হৈছে ‘ঈশ্বৰৰ ইচ্ছাৰ’ এটা ভাগ। এতেকে আঁহক আমি এই প্ৰশ্নসমূহৰ বিষয়ে বিবেচনা কৰোঁহঁক: যদি আপুনি “এক বৰ লোকসমূহ” অৰ্থাৎ “মহাক্লেশৰ” পৰা ৰক্ষা পোৱাসকলৰ এজন হʼবলৈ পৰিশ্ৰম কৰিছে, তেনেহʼলে আপোনাৰ আশা কিমান বাস্তৱ? (প্ৰকাশিত বাক্য ৭:৯, ১৪) এই আশাই আপোনাৰ “ঈশ্বৰৰ সকলো ইচ্ছাত নিশ্চয় কৰা হৈ থিৰে” থকাৰ এটা ভাগনে?
১৫. পৌলে ৰোমত থকা ভাইসকলক সম্বোধন কৰি লিখা চিঠিখনত আশাৰ বিষয়ে কি কোৱা হৈছে?
১৫ কিন্তু এই “আশা” ৰখাৰ এইটো অৰ্থ নহয় যে আমি এনে এটা অসম্ভৱ বস্তুৰ প্ৰতি হাবিয়াস কৰিছোঁ বা আকাশত চাং পাতিছোঁ। কিয়নো আমি এই সংক্ৰান্তত পৌলে ৰোমত থকা ভাইসকলক সম্বোধন কৰি লিখা চিঠিৰ বিষয়বোৰৰ পৰা ভালকৈ বুজিব পাৰিছোঁ যে তেওঁ চিঠিখনত উল্লেখ কৰা সকলোবোৰ বিষয় আমাৰ আশাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। সেয়েহে পৌলে “আশাৰ” সম্পৰ্কে যুক্তি দৰ্শোৱা বিষয়টোৰ উপৰত মনোযোগ দিয়ক, তেওঁ এইদৰে কৈছিল: “নানা ক্লেশতো উল্লাস কৰোঁহঁক; কিয়নো আমি জানো যে, ক্লেশ ধৈৰ্য্য, ধৈৰ্য্যে প্ৰমাণ (ঈশ্বৰৰ মঞ্জুৰী, NW) আৰু প্ৰমাণে আশা সাধন কৰে; আৰু সেই আশাই লাজত নেপেলাই; কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।”—ৰোমীয়া ৫:৩-৫.
১৬. যেতিয়া আপুনি প্ৰথমাবাৰৰ বাবে বাইবেল শিকিছিল, তেতিয়া আপুনি কেনে ধৰণৰ আশাক বিচাৰি পাইছিল?
১৬ ক্ষন্তেক বিবেচনা কৰক, যেতিয়া আপুনি যিহোৱাৰ সাক্ষীসকলৰ পৰা প্ৰথমবাৰৰ বাবে বাইবেলৰ বাৰ্ত্তা শুনে, তেতিয়া হয়তো বিশেষ সত্যৰ বিষয়বোৰে আপোনাক আকৰ্ষিত কৰে, যেনে মৃতবিলাকৰ অৱস্থা বা পুনৰুত্থান। ঠিক একেইদৰে আন বহুতৰে বাবে, হয়তো বাইবেলত প্ৰদান কৰা আশা অৰ্থাৎ পৰমদেশীয় পৃথিৱীত অনন্ত কালৰ জীৱনৰ বিষয়টো তেওঁলোকৰ বাবে একবাৰে নতুন বিষয় আছিল। আপুনি এই বিষয়বোৰক শুনি আচৰিত হোৱা নাছিলনে বাৰু যে সেই পৰমদেশীয় পৃথিৱীত বেমাৰ আৰু বৃদ্ধ অৱস্থা নাথাকিব, আপুনি নিজৰ পৰিশ্ৰমৰ ফল আনন্দেৰে ভোগ কৰিব পাৰিব আৰু তাত জীৱ-জন্তুৰ মাজতো শান্তি হʼব! (উপদেশক ৯:৫, ১০; যিচয়া ৬৫:১৭-২৫; যোহন ৫:২৮, ২৯; প্ৰকাশিত বাক্য ২১:৩, ৪) আপুনি এই আচৰিত আশাৰ বিষয়ে জ্ঞান লৈ কিমান যে উত্তম কাৰ্য্য কৰিলে!
১৭, ১৮. (ক)পৌলে চিঠিত লিখা বিষয়বোৰে কেনেকৈ ৰোম দেশত থকা ভাইসকলক আশালৈ পৰিচালিত কৰিছিল? (খ) ৰোমীয়া ৫:৪, ৫ পদত উল্লেখ কৰা আশাৰ অৰ্থ কি আৰু আপোনাৰ তেনে আশা আছেনে?
১৭ এসময়তে হয়তো আপুনি বিৰুদ্ধীতা আৰু অত্যাচাৰৰ সন্মূখীন হʼবলগীয়া হৈছিল। (মথি ১০:৩৪-৩৯; ২৪:৯) বৰ্তমান সময়তো বহুতো দেশত কিছুমান ভাই-ভনীসকলৰ ঘৰ-দুৱাৰ বলেৰে কাঢ়ি নিছে, যাৰ ফলত তেওঁলোকে শৰণাৰ্থীৰূপে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কিছুমানক শাৰীৰিকভাবে অত্যাচাৰ কৰিছে, তেওঁলোকৰ বাইবেল আধাৰিত সাহিত্য, আলোচনীসমূহত বে-আইনী বুলি ঘোষণা কৰিছে বা তেওঁলোকৰ অহিতে সংবাদিকসকলে ভুৱা সংবাদ দিছে। গতিকে যিয়েই অত্যাচাৰ নহওঁক কিয়, আপুনিও ৰোমীয়া ৫:৩ পদত কোৱাৰ দৰে ক্লেশত উল্লাসিত হʼব পাৰিছিল আৰু ইয়ে আপোনালৈ এক ভাল প্ৰতিফল কঢ়িয়াই আনিলে। এই বিষয়ে পৌলেও লিখিছিল যে ক্লেশে আপোনালৈ ধৈৰ্য্য কঢ়িয়াই আনে আৰু পাছলৈ ধৈৰ্য্যই আপোনাক ঈশ্বৰৰ অনুমোদন পাবলৈ পৰিচালিত কৰিলে। কিয়নো আপুনি জানিছিল যে যিটো সঠিক অৰ্থাৎ ঈশ্বৰৰ ইচ্ছা যি তাক আপুনি কৰিছে, আৰু সেইবাবে আপুনিও নিশ্চয়ে অনুভৱ কৰিলে যে আপুনি তেওঁৰ অনুমোদন পালে। গতিকে পৌলৰ বাক্যত কবলৈ গʼলে আপোনাৰ চিন্তাধাৰা ‘ঈশ্বৰৰ অনুমোদনলৈ’ সলনি হʼল। আগলৈ পৌলে এইদৰে লিখিছিল যে ‘ঈশ্বৰৰ অনুমোদনে আশা সাধন কৰে।’ এইটো হয়তো আচৰিত যেন বোধ হʼব পাৰে। কিয় পৌলে শেষত “আশাৰ” বিষয়ে উল্লেখ কৰিছিল? যেতিয়া আপুনি প্ৰথমে শুভবাৰ্ত্তা শুনিছিল তেতিয়া আপোনাৰ কোনো আশা নাছিলনে?
১৮ বাস্তৱতে পৌলে ইয়াত, সিদ্ধ জীৱনৰ প্ৰতি থকা আশাৰ বিষয়ে উল্লেখ কৰা নাছিল। তেওঁ যিহৰ বিষয়ে উল্লেখ কৰিছিল, তাৰ অৰ্থ আমি ৰখা আশাতকৈ গভীৰ আছিল আৰু ইয়ে আমাক অধিক প্ৰেৰণা যোগায়। যেতিয়া আমি বিশ্বাসেৰে ধৈৰ্য্যশীল হওঁ তেতিয়া এই কাৰ্য্যই আমাক বুজাত সহায় কৰে যে আমি ঈশ্বৰৰ অনুমোদন লাভ কৰিব পাৰিছোঁ আৰু ইয়াৰ ওপৰিও ইয়ে আমাৰ আশাক অধিক প্ৰবল কৰি তুলে। গতিকে আৰম্ভণিতে থকা আমাৰ আশা অধিক বাস্তৱ, যথাৰ্থ আৰু অতি আপোনজনক হৈ পৰে। এতেকে এই ভৰসাযুক্ত আশা অধিক উজ্জ্বল হৈ উঠে। ইয়ে আমাৰ অস্তিত্ব, আমাৰ সকলোবোৰ দৃঢ়তাক বিস্তাৰিত কৰে। ইয়াৰ বিষয়ে বাইবেল এইদৰে কৈছে: “সেই আশাই লাজত নেপেলাই; কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।”
১৯. আপুনি প্ৰাৰ্থনাত কিয় আপোনাৰ আশাৰ বিষয়ে নিয়মিতৰূপে উল্লেখ কৰা আৱশ্যক?
১৯ সেইকাৰণে ইপাফ্ৰায়ে কলচীয়া মণ্ডলীত থকা তেওঁৰ সঙ্গী ভাই-ভনীসকলৰ বাবে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল, যাতে তেওঁলোকে ‘ঈশ্বৰৰ সকলো ইচ্ছাত নিশ্চয় কৰা হৈ থিৰে’ থকাৰ প্ৰতি যেন পূৰ্ণ ভৰসাৰে লাগি থাকে। এতেকে আমিও আমাৰ আশাৰ বিষয়ে নিয়মিতৰূপে ঈশ্বৰৰ কাষ চাপোঁহঁক। আপোনাৰ ব্যক্তিগত প্ৰাৰ্থনাত নতুন জগতৰ প্ৰতি থকা আপোনাৰ আশাৰ বিষয়ে উল্লেখ কৰক। ইয়াৰ ওপৰিও আপুনি, ভৱিষ্যতে আহিবলগীয়া নতুন জগতৰ প্ৰতি সম্পূৰ্ণ ভৰসা ৰাখি যিহোৱালৈ নিজৰ আগ্ৰহ প্ৰকাশ কৰক। আপুনি লোৱা সিদ্ধান্তত অটল হৈ থাকিবলৈ তেওঁৰ সহায়ৰ বাবে নিৱেদন কৰক। যিদৰে ইপাফ্ৰাই কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলে ‘ঈশ্বৰৰ সকলো ইচ্ছাত নিশ্চয় কৰা হৈ থিৰে’ থাকিবলৈ প্ৰাৰ্থনা কৰিছিল, আপুনিও যিহোৱাক তেনেদৰে নিতৌ নিৱেদন কৰা আৱশ্যক।
২০. আমি কিয় নিৰুৎসাহী হোৱা উচিত নহয়, যেতিয়া কিছুমানে সত্যৰ পৰা পিচলি পৰে বা বিপথগামী হয়?
২০ গতিকে, কিছুমানে হয়তো সত্যৰ পৰা আঁতৰি যাব বা সত্য পথৰ পৰা পিচলি পৰিব পাৰে। কিন্তু আপুনি সিদ্ধ আৰু নিশ্চয় হৈ থিৰে থকাৰ বিপৰীতে বাধা অহাৰ স্বত্ত্বেও নিৰুৎসাহী বা আপুনি লোৱা সিদ্ধান্তৰ পৰা বিচলিত নহʼব। এই সম্বন্ধে আমি যীচুৱে তেওঁৰ ঘনিষ্ঠ পাঁচনিসকলৰ মাজত থকাৰ স্বত্ত্বেও ঘটা এটা পৰিস্থিতিক বিবেচনা কৰিব পাৰোঁ। যেতিয়া এজন শিষ্যই অৰ্থাৎ যিহূদাই যীচুক বিশ্বাস-ঘাটক কৰে, তেতিয়া আন পাঁচনিসকলে সত্যত দুৰ্ব্বল হৈ পৰিছিলনে অথবা সত্যক ত্যাগ কৰিছিলনে? নিশ্চয়ে কৰা নাছিল! তেওঁলোকে যে তেনে পৰিস্থিতিতো নিৰুৎসাহী হোৱা নাছিল বুলি আমি কেনেকৈ কʼব পাৰোঁ? কিয়নো পাঁচনি পিতৰে গীতমালা ১০৯:৮ পদটো ব্যৱহাৰ কৰি কৈছিল যে আন এজন পাঁচনিয়ে যিহূদাৰ স্থান লʼব। সেই অনুসাৰে এজন পাঁচনিক বাচঁনি কৰা হʼল আৰু ঈশ্বৰৰ বিশ্বাসী লোকসকলেও নিজৰ প্ৰচাৰ কাৰ্য্যত উৎসাহেৰে লাগি থাকিল। (পাঁচনিৰ কৰ্ম্ম ১:১৫-২৬) তেওঁলোক সিদ্ধ (পৰিপক্ক) আৰু নিশ্চয় কৰা হৈ থিৰে থাকিবলৈ দৃঢ়ভাৱে ঠিৰাং কৰিছিল।
২১, ২২. আপুনি সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে থকাৰ প্ৰতি কি অৰ্থত লক্ষ্য কৰা হয়?
২১ এতেকে আপুনিও নিশ্চিত হʼব পাৰে যে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় হৈ থিৰে থাকিবলৈ লোৱা সিদ্ধান্তটো কেতিয়াও অথলে নাযায়। কিন্তু কোনে এই সকলোবোৰৰ প্ৰতি দৃষ্টি দিয়ে আৰু গভীৰভাবে উপলব্ধি কৰে?
২২ অৱশ্যে সেই ব্যক্তিসকল হৈছে আপোনাৰ সঙ্গী ভাই-ভনীসকল, যিসকলে আপোনাক জানে আৰু ভাল পায়। যিহেতু যদিও বহুতে হয়তো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে, কিন্তু তেওঁলোকে ১ থিচলনীকীয়া ১:২-৬ পদত উল্লেখ কৰাৰ দৰে আপোনাৰ বাবে যিহোৱালৈ নিৱেদন কৰে, সেই পদত এইদৰে কৈছে: “আমি তোমালোকৰ বিশ্বাসৰ কাৰ্য্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ৰ প্ৰত্যাশাৰ ধৈৰ্য্য আমাৰ পিতৃ ঈশ্বৰৰ আগত নিৰন্তৰে সুঁৱৰি, আমাৰ প্ৰাৰ্থনাত তোমালোকৰ নাম উল্লেখ কৰি, তোমালোক সকলোৰে কাৰণে সদায় ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ; কিয়নো, . . . আমাৰ শুভবাৰ্ত্তা কেৱল বাক্যেৰে নহৈ, শক্তি, পবিত্ৰ আত্মা, আৰু সম্পূৰ্ণ নিশ্চয়তাৰে . . . আমাৰ আৰু প্ৰভুৰো এনে অনুকাৰী হলা।” এতেকে আপোনাৰ চাৰিওফালে থকা বিশ্বাসী ভাই-ভনীসকলে আপোনাক অনুভৱ আৰু লক্ষ্য কৰে যাতে আপুনি “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ (পৰিপক্ক) আৰু নিশ্চয় কৰা হৈ থিৰে” থাকে।—কলচীয়া ১:২৩.
২৩. আগন্তুক বছৰৰ সময়ছোৱাত আপুনি কি কৰিবলৈ দৃঢ় সঙ্কল্প লোৱা উচিত?
২৩ ঠিক একেইদৰে আপোনাৰ স্বৰ্গীয় পিতৃয়েও যে আপোনাৰ কাৰ্য্যৰ প্ৰতি দৃষ্টি দি আৰু আনন্দিত হʼব, ইয়াৰ প্ৰতি নিশ্চিত হওঁক। কিয় নিশ্চিত হোৱা প্ৰয়োজন? কিয়নো আপুনি “ঈশ্বৰৰ সকলো ইচ্ছাত” সিদ্ধ (পৰিপক্ক) আৰু নিশ্চয় কৰা হৈ থিৰে আছে। সেই একেই কাৰণৰ বাবে পাঁচনি পৌলে কলচীয়া মণ্ডলীত থকা ভাই-ভনীসকলৰ কাৰ্য্যৰ বাবে উৎসাহিত কৰি লিখিছিল, ‘সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন যিহোৱাৰ যোগ্যৰূপে আচৰণ কৰা।’ (কলচীয়া ১:১০) এতেকে কলচীয়াৰ ভাই-ভনীসকলে কৰাৰ দৰে আমি অসিদ্ধ হোৱাৰ স্বত্ত্বেও যিহোৱাৰ মন সম্পূৰ্ণকৈ আনন্দিত কৰিব পাৰোঁ। ইয়াৰ ওপৰিও আপোনাৰ চাৰিওফালে থকা খ্ৰীষ্টান ভাই-ভনীসকলেও তেনে কৰি আছে। গতিকে আপুনিও সেই একেইদৰে কৰিব পাৰিব! সেইবাবে আঁহক আমি আগন্তুক বছৰৰ সময়ছোৱাত আমাৰ প্ৰাৰ্থনা আৰু কাৰ্য্যৰ দ্বাৰাই প্ৰকাশ কৰি দেখুৱাওঁ যে আমি “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ (পৰিপক্ক) আৰু নিশ্চয় কৰা হৈ থিৰে” থাকিবলৈ দৃঢ়ভাৱে সঙ্কল্প লৈছোঁ।
আপুনি স্মৰণ কৰিব পাৰেনে?
•আপুনি ‘সিদ্ধ হৈ থিৰে থকাত’ কি কি জড়িত আছে?
•আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁতে ব্যক্তিগতভাৱে নিজৰ কি কি বিষয়ে উল্লেখ কৰা উচিত?
•ৰোমীয়া ৫:৪, ৫ পদত পৰামৰ্শ দিয়াৰ দৰে আপুনি নিজৰ বাবে কেনে ধৰণৰ আশা ৰখাটো বিচাৰে?
•আগন্তুক বছৰত আমাৰ অধ্যয়নৰ লেখে আপোনাক কেনে ধৰণৰ লক্ষ্য ৰাখিবলৈ প্ৰেৰণা দিয়ে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৭ পৃষ্ঠাৰ ছবি]
ইপাফ্ৰায়ে প্ৰাৰ্থনা কৰিছিল যে তেওঁৰ সঙ্গী ভাই-ভনীসকলে খ্ৰীষ্ট আৰু তেওঁলোকৰ আশাৰ প্ৰতি দৃঢ় নিশ্চয় হৈ থাকে
[২৯ পৃষ্ঠাৰ ছবি]
আন লাখ সংখ্যক লোকেও আপোনাৰ নিশ্চিত আশা আৰু দৃঢ় নিশ্চয়তাত অংশীদাৰ হয়