আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
“কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।”—ইফিচীয়া ৬:৪.
১. পৰিয়ালৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি আছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে কেনে পৰিস্থিতিসমূহ দেখা গʼল?
“তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা।” (আদিপুস্তক ১:২৮) সেই বাক্যশাৰীৰ সৈতে যিহোৱাই আদম আৰু হৱাৰ সৈতে এটা পৰিয়াল ব্যৱস্থাৰ স্থাপন কৰিলে। (ইফিচীয়া ৩:১৪, ১৫) আগলৈ তেওঁলোকৰ দায়িত্ব আছিল গোটেই পৃথিৱীখনত সতি-সন্ততিৰে পূৰ্ণ কৰা। তদুপৰি সেই বৃহত পৰিয়ালৰ সকলো সিদ্ধ লোকে পাৰ্থিৱ পৰমদেশত আনন্দেৰে জীৱন নিৰ্বাহ আৰু ঐক্যতাৰে মহান ঈশ্বৰক সেৱা কৰিবলৈ আছিল। কিন্তু আদম আৰু হৱাই পাপ কৰাৰ বাবে, এই পৃথিৱীখনত ধাৰ্ম্মিক লোকৰ পৰিৱৰ্তে পাপী লোকেৰে ভৰি পৰিল। (ৰোমীয়া ৫:১২) অতি সোনকালে পৰিয়াল জীৱন অৱনতি হবলৈ ধৰিলে আৰু বিশেষকৈ “শেষকালত” ঘৃণা, অত্যাচাৰ, “নিজকে প্ৰীতি কৰোঁতা,” আদিৰ দৰে বেয়া কাৰ্য্যবোৰ দেখা দিবলৈ ধৰিলে।—২ তীমথিয় ৩:১-৫; আদিপুস্তক ৪:৮, ২৩; ৬:৫, ১১, ১২.
২. আদমৰ সন্তানসকলৰ ওচৰত কেনে দক্ষতা আছিল, কিন্তু আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তুলিবলৈ কিহৰ আৱশ্যকতা?
২ যিহেতু আদম আৰু হৱাক ঈশ্বৰে নিজ প্ৰতিমূৰ্ত্তিৰে নিৰ্ম্মাণ কৰিছিল। কিন্তু আদমে পাপ কৰাৰ স্বত্ত্বেও যিহোৱাই তেওঁক সন্তান উৎপন্ন কৰিবলৈ অনুমতি দিলে। (আদিপুস্তক ১:২৭; ৫:১-৪) আদমৰ নিচিনা তেওঁৰ সন্তানসকলৰো কি ভাল আৰু কি বেয়া তাক বুজিব পাৰিছিল। এতেকে সৃষ্টিকৰ্ত্তাক সম্পূৰ্ণ হৃদয়, সকলো প্ৰাণ সকলো চিত্ত আৰু শক্তিৰে কেনেকৈ উপাসনা কৰিব লাগে এই বিষয়ে আদম আৰু হৱাই তেওঁলোকৰ লʼৰা-ছোৱালীক শিকাব পাৰিলেহেঁতেঁন। (মাৰ্ক ১২:৩০; যোহন ৪:২৪; যাকোব ১:২৭) তদুপৰি, তেওঁলোকে সন্তান-সন্তিতক ‘ন্যায় কাৰ্য্য কৰা, দয়া ভাল পোৱা আৰু নম্ৰভাৱে নিজ ঈশ্বৰৰ সৈতে চলিবলৈ’ প্ৰশিক্ষণ দিব পাৰিলেহেঁতেন। (মীখা ৬:৮) তেওঁলোক পাপী হোৱাৰ স্বত্ত্বেও আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তুলিবলৈ অধিক প্ৰচেষ্টা কৰিব লাগিছিল।
সুসময়ক কিনি লওঁক
৩. পিতৃ-মাতৃসকলে নিজৰ সন্তানক প্ৰতিপালন কৰাত কেনেকৈ “সুসময়ক কিনি লব” পাৰে?
৩ এইটো সঁচা যে এই কঠিন পৰিস্থিতিত লʼৰা-ছোৱালীক “যিহোৱাক প্ৰেম কৰোঁতা” আৰু “দুষ্টতাক ঘিণ কৰোঁতা” হʼবলৈ শিক্ষা দিয়াত কঠোৰ পৰিশ্ৰম কৰা উচিত। (গীতমালা ৯৭:১০) গতিকে বুদ্ধিমান পিতৃ-মাতৃসকলে এই প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ নিশ্চয় “সুসময়ক কিনি” লʼব। (ইফিচীয়া ৫:১৫-১৭) যদি আপুনি এজন পিতৃ বা মাতৃ তেন্তে কেনেকৈ ইয়াক পালন কৰিব? সৰ্ব্বপ্ৰথমে, নিজৰ লʼৰা-ছোৱালীক শিক্ষা আৰু প্ৰশিক্ষণ দিয়াৰ ওপৰিও “সকলো বিবেচনাত অধিক” গুৰুত্ব দিয়ক। (ফিলিপীয়া ১:১০, ১১) দ্বিতীয়তে, আপুনি সৰলভাৱে জীৱন-যাপন কৰক। ইয়াৰ বাবে হয়তো আপুনি অনাৱশ্যকীয় কাৰ্য্যবোৰক ত্যাগ কৰিব লাগিব। নতুৱা আপোনাক হয়তো এনে কিছু কাৰ্য্যৰ পৰা নিজৰ ধ্যান আতঁৰোৱা উচিত যিটোত অধিক সময় ব্যয় হয়। খ্ৰীষ্টান পিতৃ-মাতৃ হোৱাৰ নিজৰ সন্তানক যিহোৱাৰ ভয় মানি চলিবলৈ শিকোৱা কাৰ্য্যৰ বাবে আপুনি কেতিয়াও অনুতাপ নকৰিব।—হিতোপদেশ ২৯:১৫, ১৭.
৪. কেনেকৈ এটা পৰিয়ালক ঐক্যতাৰ বন্ধনত ৰাখিব পাৰি?
৪ পিতৃ-মাতৃয়ে নিজ লʼৰা-ছোৱালীৰ সৈতে একেলগে আধ্যাত্মিক বিষয়বোৰত মনোযোগ দিবলৈ সময় অতিবাহিত কৰি নিজৰ পৰিয়ালক উত্তমৰূপে একত্ৰিত কৰি ৰাখিব পাৰে। কিন্তু সুযোগক কেতিয়াও অথলে যাব নিদিব। ইয়াৰ বাবে নিজৰ পৰিয়ালৰ সৈতে সময় ব্যয় কৰিবলৈ নিশ্চিত তালিকা বনাওঁক। ইয়াৰ অৰ্থ এইটো নহয় যে মাত্ৰ কিছুমান পৰিয়ালতহে এনে কৰা আৱশ্যক। প্ৰত্যেক পৰিয়ালে তেওঁলোকৰ নিজৰ নিজৰ তালিকাৰ অনুসাৰে পৰিয়ালৰ সদস্যৰ সৈতে একেলগে আধ্যাত্মিক বিষয়বোৰক বিবেচনা কৰিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক। আপুনি তেনেদৰে কৰিলেহে আপোনাৰ লʼৰা-ছোৱালীয়ে নিয়মীয়াকৈ পোৱা আধ্যাত্মিক বিষয়সমহূৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼব পাৰিব। তেওঁলোকৰ প্ৰতি উদাৰভাৱে প্ৰেম আৰু আপোনাৰ তত্ত্বাৱধান প্ৰকাশ কৰক। আনকি বিবাহিত দম্পতীয়েও লʼৰা-ছোৱালী জন্ম দিয়াৰ আগতেই এই গুৰুত্বপূৰ্ণ দায়িত্বৰ বিষয়ে গভীৰভাৱে বিবেচনা কৰা উচিত। (লূক ১৪:২৮) তেতিয়াহে তেওঁলোকে লʼৰা-ছোৱালীক প্ৰতিপালন কৰিবলৈ কঠিন অনুভৱ নকৰিব। তদুপৰি তেওঁলোকে ইয়াক কেৱল কৰ্তব্য হিচাপে নহয়, কিন্তু ইয়াক বিশেষ অধিকাৰ হিচাপে দৃষ্টি কৰিব।—আদিপুস্তক ৩৩:৫; গীতমালা ১২৭:৩.
বাক্য আৰু আৰ্হিৰ যোগেদি শিক্ষা দিয়া
৫. (ক)কেনে ধৰণৰ শিক্ষাৰ যোগেদি লʼৰা-ছোৱালীক যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ শিকাব পাৰি? (খ) দ্বিতীয় বিবৰণ ৬:৫-৭ পদত পিতৃ-মাতৃসকলৰ বাবে কেনেধৰণৰ পৰামৰ্শ দিয়া হৈছে?
৫ নিজৰ লʼৰা-ছোৱালীক আপুনি প্ৰেম কৰাৰ লগে লগে যিহোৱাকো প্ৰেম কৰিবলৈ শিক্ষা দিয়ক। কিয়নো যিহোৱাৰ প্ৰতি থকা আপোনাৰ অটুট প্ৰেমে আপোনাক তেওঁৰ আজ্ঞাবোৰক বিশ্বাসী হৈ পালন কৰিবলৈ প্ৰেৰিত কৰিব। তদুপৰি আপুনি নিজৰ লʼৰা-ছোৱালীক “প্ৰভুৰ শিক্ষা আৰু চেতনাত প্ৰতিপালন” কৰিব। (ইফিচীয়া ৬:৪) পিতৃ-মাতৃসকলৰ বাবে আজ্ঞা দি যিহোৱাই কৈছে যে পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানৰ সৈতে যোগাযোগ আৰু শিক্ষা দিবলৈ, নিজেই প্ৰথমতে উত্তম আৰ্হি প্ৰস্তুত কৰা আৱশ্যক। এই সন্দৰ্ভত দ্বিতীয় বিবৰণ ৬:৫-৭ পদত এইদৰে কৈছে: “আৰু তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা। আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা; আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হবা।” গতিকে পিতৃ-মাতৃসকলে নিয়মিতৰূপে এই উপদেশক বাৰম্বাৰভাৱে স্মৰণ কৰাৰ দ্বাৰা নিজৰ লʼৰা-ছোৱালীকো ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ শিক্ষা দিব পাৰে। তেতিয়াহে আপোনাৰ সন্তানে যিহোৱাৰ প্ৰতি থকা আপোনাৰ প্ৰেম বুজি পাব আৰু তেওঁলোকেও ঈশ্বৰৰ কাষ চাপিবলৈ প্ৰেৰিত হʼব।—হিতোপদেশ ২০:৭.
৬. লʼৰা-ছোৱালীৰ নিজ আৰ্হিৰ দ্বাৰা শিক্ষা দান কৰাত পিতৃ-মাতৃয়ে কেনে সুযোগ লʼব পাৰে?
৬ লʼৰা-ছোৱালীবিলাকে শিকিবলৈ আগ্ৰহী হয়। তেওঁলোকে শুনাত, নিৰীক্ষণ কৰাত অধিক ইচ্ছুক আৰু শীঘ্ৰে আপোনাৰ আৰ্হিক অনুকৰণ কৰিব পাৰে। যেতিয়া তেওঁলোকে লক্ষ্য কৰে যে আপুনি ভৌতিকবাদী নহয়, তেতিয়া তেওঁলোকে যীচুৰ উপদেশক পালন কৰিবলৈ অধিক আগ্ৰহী হʼব। আপুনি তেওঁলোকক ভৌতিক বস্তুৰ প্ৰতি নহয় কিন্তু “প্ৰথমতে ঈশ্বৰৰ ৰাজ্যৰ” প্ৰতি চিন্তা কৰিবলৈ শিকোৱা আৱশ্যক। (মথি ৬:২৫-৩৩) সেইবাবে স্ফুৰ্তিদায়ক খেলা-ধুলা, বাইবেলৰ বিষয়সমূহৰ বিষয়ে উন্নতিজনক আলোচনা, ঈশ্বৰৰ মণ্ডলী আৰু নিযুক্ত প্ৰাচীনসকলৰ সৈতে কৰা সঙ্গতিৰ যোগেদি আপুনি আপোনাৰ সন্তানক ঈশ্বৰে কৰা আধ্যাত্মিক আয়োজনৰ প্ৰতি প্ৰশংসা দেখুৱাবলৈ শিক্ষা দিব পাৰে। যিহেতু লʼৰা-ছোৱালীবিলাকৰ মনত চঞ্চলতা বাহঁ লৈ থাকে, সেইবাবে আপুনি তেওঁলোকক আচৰণ আৰু মনোবৃত্তিৰ ওপৰত মৌখিকভাৱে পৰামৰ্শ দি আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি গভীৰ সন্মানক প্ৰকাশ কৰি দেখুৱাওক। যেতিয়া পিতৃ-মাতৃয়ে নিজৰ উত্তম আৰ্হিৰে লʼৰা-ছোৱালীৰ হৃদয়ত ঈশ্বৰ প্ৰতি সম্পূৰ্ণ প্ৰেম বিকাশিত কৰিবলৈ সক্ষম হয়, তেন্তে সেইটো কিমান যে আশীৰ্ব্বাদজনক কাৰ্য্য হʼব!—হিতোপদেশ ২৩:২৪, ২৫.
৭, ৮. শিশুকালৰ পৰাই শিক্ষা দিয়াৰ পৰিণাম যে সফলদায়ক এই বিষয়ে কেনে উদাহৰণ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ বাবে কোনে মহিমা পোৱাৰ যোগ্য?
৭ আহঁক আমি ভেনজুৱেলা নামৰ দেশত এহাল দম্পতীয়ে তেওঁলোকৰ পুতেকক শিশুকালৰে পৰা প্ৰশিক্ষণ দিয়াৰ এক উত্তম আৰ্হিক বিবেচনা কৰোঁহঁক। (২ তীমথিয় ৩:১৫) ফেলেক্স আৰু মায়েৰলিন নামৰ এহাল যুৱা পূৰ্ণ সময়ৰ সেৱা কৰা অগ্ৰগামী দম্পতীৰ ফ্লেটো নামৰ এটি লʼৰা জন্ম হয়। তেওঁলোকে নিজৰ পুতেকক যিহোৱাৰ সত্য উপাসক হিচাপে ডাঙৰ-দীঘল কৰাত সম্পূৰ্ণকৈ প্ৰচেষ্টা কৰে। সেইবাবে মায়েৰলিনে নিজৰ নিচেই কম বয়সীয়া পুতেকৰ সন্মূখত উচ্চস্বৰে যিহোৱাৰ সাক্ষীসকলৰ সন্থাই প্ৰকাশ কৰা মোৰ পুস্তক বাইবেলৰ গল্প নামৰ পুস্তকখন পঢ়িবলৈ আৰম্ভ কৰে। ফলস্বৰূপে ফ্লেটোৱে কম বয়সতে মোচি আৰু আন আন বাইবেলত উল্লেখ কৰা চৰিত্ৰসমূহৰ সৈতে ভালকৈ পৰিচিত হৈ পৰিল।
৮ অতি কম বয়সৰ পৰাই ফ্লেটোৱে নিজে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে।
ৰাজ্য প্ৰচাৰক হোৱাৰ তেওঁৰ ইচ্ছা পূৰ্ণ হয়। পাছলৈ তেওঁ বাপ্তিষ্মা লৈ নিয়মিত অগ্ৰগামী হিচাপে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুতেক ফ্লেটোৰ বিষয়ে এইদৰে কয়: “আমাৰ লʼৰাটোক আধ্যাত্মিকৰূপে উন্নতি কৰা দেখি, আমি যিহোৱা আৰু তেওঁৰ পৰামৰ্শৰ বাবে কৃতজ্ঞতা যাপন কৰিছোঁ।”
লʼৰা-ছোৱালীক আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ সহায় কৰক
৯. যিহোৱাই বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ দ্বাৰা প্ৰবন্ধ কৰা আধ্যাত্মিক প্ৰবন্ধবোৰৰ প্ৰতি আমি কিয় কৃতজ্ঞতা হোৱা উচিত?
৯ লʼৰা-ছোৱালীক কেনেকৈ প্ৰতিপালন কৰা আৱশ্যক, এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াবলৈ আজি বহুতো সাহিত্য, পুস্তক আৰু হাজাৰ হাজাৰ ইন্টাৰনেট ৱেবচাইট পোৱা যায়। কিন্তু, লʼৰা-ছোৱালীৰ ওপৰত বিশেষভাৱে প্ৰকাশ হোৱা এখন নিউজউইক্ নামৰ আলোচনীয়ে কৈছে যে, প্ৰায়ে “সেই পৰামৰ্শবোৰে মতবিৰোধ সৃষ্টি কৰে। আটাইকৈ দুশ্চিন্তাজনক কথা হৈছে, যদি আপুনি সেই পৰামৰ্শসমূহক সাধাৰণভাৱে ভৰসা কৰে তেন্তে তাৰ পৰিণাম বেয়া হʼব।” এতেকে যিহোৱাই আমাৰ পৰিয়ালৰ আধ্যাত্মিক বৃদ্ধিৰ কাৰণে প্ৰচুৰমাত্ৰাত পৰামৰ্শ আগবঢ়োৱাৰ বাবে আমি তেওঁৰ প্ৰতি কিমান যে কৃতজ্ঞতা অনুভৱ কৰোঁ! আপুনি বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰবন্ধ কৰা আধ্যাত্মিক প্ৰবন্ধসমূহৰ দ্বাৰা সম্পূৰ্ণকৈ লাভৱান হোৱাৰ সুযোগ লয়নে?—মথি ২৪:৪৫-৪৭.
১০. এক কাৰ্য্যকাৰী পৰিয়ালৰ অধ্যয়নে পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ বাবে কেনেকৈ লাভদায়ক হʼব পাৰে?
১০ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এক শান্তি পৰিৱেশত পৰিয়ালৰ সৈতে নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰা। এই অধ্যয়নক অধিক উপদেশমূলক আৰু তৃপ্তিজনক কৰি তুলিবলৈ হʼলে আগতীয়াকৈ প্ৰস্তুতি কৰা আৱশ্যক। পিতৃ-মাতৃসকলে নিজৰ সন্তানসকলৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি তেওঁলোকৰ হৃদয় আৰু মনত কি আছে জানিব পাৰে। তদুপৰি, পৰিয়ালৰ অধ্যয়নক কাৰ্য্যকাৰী কৰি তুলিবলৈ পৰিয়ালৰ সকলো সদস্যই ইয়াৰ বাবে আগ্ৰহী হোৱা উচিত।
১১. (ক)পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক কেনেধৰণৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব পাৰে? (খ) এজনী জাপানী ছোৱালীয়ে নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰ্য্যৰ পৰিণাম কি হʼল?
১১ ঠিক একেইদৰে আধ্যাত্মিক লক্ষ্যসমূহেও পৰিয়ালক আধ্যাত্মিকৰূপে শক্তিশালী কৰাত সহায় কৰে আৰু পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক তেনে লক্ষ্য ৰাখিবলৈ সহায় কৰা আৱশ্যক। সেই আধ্যাত্মিক লক্ষ্যবোৰত নিতৌ বাইবেল পঢ়া, নিয়মীয়কৈ শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা কাৰ্য্য সন্মিলিত আছে। ইয়াৰ ওপৰিও সেই লক্ষ্যবোৰত পূৰ্ণ-সময়ৰ অগ্ৰগামী সেৱা, বেথেল সদস্য বা মিছনাৰী হিচাপে কাৰ্য্য কৰাও জড়িত আছে। উদাহৰণস্বৰূপে, জাপানৰ আয়ুমি নামৰ এগৰাকী প্ৰাথমিক বিধ্যালয়ৰ ছাত্ৰীয়ে তাইৰ শ্ৰেণীৰ সকলো বিদ্যাৰ্থীক সাক্ষী দিবলৈ লক্ষ্য কৰি লয়। গতিকে সেই লক্ষ্যত উপনীত হবলৈ অৰ্থাৎ তাইৰ শিক্ষক আৰু সহপাঠীসকলক আগ্ৰহী কৰি তুলিবলৈ স্কুলৰ লাইব্ৰেৰীত বাইবেলৰ কিছুমান সাহিত্য ৰাখিবলৈ অনুমতি লয়। তেনে কৰাৰ দ্বাৰাই তাই ছয় বছৰ বয়সতে প্ৰায় ১৩ টা বাইবেল অধ্যয়ন কৰিবলৈ সক্ষম হয়। ফলস্বৰূপে সেই বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ আন আন সদস্যই বাপ্তিষ্মা লৈ যিহোৱাৰ সাক্ষী হয়।
১২. লʼৰা-ছোৱালীয়ে সভাৰ পৰা কেনেকৈ অত্যাধিকভাৱে লাভৱান হʼব পাৰে?
১২ আধ্যাত্মিকৰূপে শক্তিশালী পৰিয়াল গঢ়ি তোলাৰ আন এটা কাৰণ হৈছে নিয়মিতৰূপে সভাবোৰত উপস্থিত হোৱা। সেইবাবে পাঁচনি পৌলে তেওঁৰ সহ উপাসকসকলক কৈছিলে যে তেওঁলোকে ‘দস্তুৰমতে গোট খাবলৈ’ যেন নেৰে। গতিকে শিশুৱে হওঁক বা বৃদ্ধই হওঁক, আমি সকলোৱে দস্তুৰমতে গোট খাই লাভৱান হʼবলৈ নিয়মীয়াকৈ সভাবোৰত উপস্থিত হওঁহঁক। (ইব্ৰী ১০:২৪, ২৫; দ্বিতীয় বিবৰণ ৩১:১২) সভাত দিয়া উপদেশবোৰৰ প্ৰতি লʼৰা-ছোৱালীয়ে মনোযোগ দিবলৈ তেওঁলোকক শিক্ষা দিয়া উচিত। তাৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰা আৱশ্যক, তেহে সভাবোৰত মন্তব্য দি সম্পূৰ্ণকৈ লাভৱান হʼব পাৰিব। কিন্তু কণ-কণ লʼৰা-ছোৱালীবিলাকৰ বিষয়েনো কি? অৱশ্যে তেওঁলোককো কিছুমান শব্দত উত্তৰ দিবলৈ বা বাইবেলৰ পৰা সৰু অংশ পাঠ কৰি তাৰ পৰা উত্তৰ বিচাৰি ওলিয়াই নিজৰ বাক্যত প্ৰকাশ কৰিবলৈ পিতৃ-মাতৃয়ে প্ৰশিক্ষণ দিলেহে অধিক লাভদায়ক হʼব। গতিকে, পিতৃ-মাতৃসকলেও নিয়মিত আৰু অৰ্থপূৰ্ণ উত্তৰ দি নিজৰ লʼৰ-ছোৱালীৰ বাবে আৰ্হি প্ৰস্তুত কৰিছেনে? তদুপৰি, পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ ওচৰত নিজা বাইবেল, গানৰ কিতাপ আৰু সভাত ব্যৱহাৰ কৰা আলোচনীসমূহ থাকিলে উত্তম হʼব।
১৩, ১৪. (ক)পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ সৈতে কিয় একেলগে প্ৰচাৰকাৰ্য্য কৰা আৱশ্যক? (খ) লʼৰা-ছোৱালীয়ে প্ৰচাৰকাৰ্য্যত সফলতা আৰু আনন্দ লাভ কৰিবলৈ কিহে সহায় কৰিব?
১৩ বুদ্ধিমান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক তেওঁলোকৰ ডেকা অৱস্থাত যিহোৱাৰ সেৱা আৰু শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক জীৱনৰ এক অনিবাৰ্য্য অংশ কৰিবলৈ সহায় কৰা উচিত। (ইব্ৰী ১৩:১৫) এইটো মাথো তেতিয়াহে সম্ভৱ হʼব, যেতিয়া পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ তেওঁলোকক পৰিচাৰক হʼবলৈ আৱশ্যকীয় প্ৰশিক্ষণ দিব, যাতে তেওঁলোকে “লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক” হʼব পাৰে। (২ তীমথিয় ২:১৫) এতেকে আপুনি কি কৰা উচিত? যদি আপুনি পিতৃ মাতৃ, তেন্তে আপোনাৰ সন্তানকো প্ৰচাৰকাৰ্য্যত ভাগ লবলৈ সহায় কৰেনে? তেনে কৰা ফলত তেওঁলোকৰ প্ৰচাৰকাৰ্য্য আনন্দময়, অৰ্থপূৰ্ণ আৰু ফলদায়ক হʼব।
১৪ প্ৰচাৰ কাৰ্য্যত পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে একেলগে কাৰ্য্য কৰাটো কিয় লাভজনক? কিয়নো, তেতিয়াহে সন্তানসকলে পিতৃ-মাতৃসকলৰ উত্তম আৰ্হিক দেখি অনুকৰণ কৰিবলৈ চেষ্টা কৰিব। একেসময়তে পিতৃ-মাতৃসকলেও তেওঁলোকৰ সন্তানৰ মনোবৃত্তি, উন্নতি আৰু সফলতাক লক্ষ্য কৰিব পাৰিব। গতিকে বিভিন্ন প্ৰকাৰে কৰা প্ৰচাৰ কাৰ্য্যত পিতৃ-মাতৃসকলে নিজ নিজ লʼৰা-ছোৱালীক নিজৰ লগত ৰখা আৱশ্যক। যদি সম্ভৱ তেনেহʼলে প্ৰত্যেক সন্তানকে প্ৰচাৰকাৰ্য্যত ব্যৱহাৰ কৰিবলৈ বেগ দি তাৰ ভিতৰত আলোচনী, পুস্তক, ট্ৰেক্ট আৰু বাইবেল আদিক যেন পৰিপাটিকৈ ৰাখিবলৈ শিকাই। গতিকে নিয়মিতৰূপে প্ৰশিক্ষণ আৰু উদগণি দি তেওঁলোকক প্ৰচাৰকাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি গঢ়ি তোলাত সহায় কৰক আৰু লʼৰা-ছোৱালীও এই কাৰ্য্যৰ দ্বাৰা ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি যে প্ৰেম প্ৰদৰ্শিত কৰা হয় তাক বুজিব পাৰিব।—মথি ২২:৩৭-৩৯; ২৮:১৯, ২০.
আধ্যাত্মিকতা বজাই ৰাখক
১৫. যিহেতু পৰিয়ালত আধ্যাত্মিকতা বজাই ৰখাটো হৈছে অতি গুৰুত্বপূৰ্ণ, কিন্তু ইয়াকে কৰাৰ কিছুমান পদ্ধতি কি কি?
১৫ পৰিয়ালত আধ্যাত্মিকতা বজাই ৰখাটো এক আৱশ্যকীয় কৰ্তব্য। (গীতমালা ১১৯:৯৩) ইয়াৰে এটা পদ্ধতি হৈছে পৰিয়ালত নিয়মিতৰূপে আধ্যাত্মিক বিষয়বোৰৰ আলোচনা কৰা। আপুনি লʼৰা-ছোৱালীৰ সৈতে নিতৌ বাইবেলৰ পদসমূহ আলোচনা কৰেনে? “বাটত যাওঁতে” প্ৰচাৰ কাৰ্য্যত পোৱা অনুভৱ বা চলিত প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ পৰা যি কোনো বিষয়ৰ সম্পৰ্কে আলোচনা কৰাটো আপোনাৰ অভ্যাসত পৰিণত হৈছেনে? আপুনি “শোওঁতে বা উঠোতে” প্ৰাৰ্থনাৰ দ্বাৰা আপোনাৰ প্ৰত্যেক দিনৰ জীৱন আৰু আধ্যাত্মিক প্ৰবন্ধবোৰৰ বাবে যিহোৱালৈ ধন্যবাদ কৰেনে? (দ্বিতীয় বিবৰণ ৬:৬-৯) আপুনি যি কাৰ্য্য কৰে তাত যেতিয়া লʼৰা-ছোৱালীয়ে যিহোৱাৰ প্ৰতি থকা আপোনাৰ প্ৰেম দেখিব, তেতিয়া সেই আৰ্হিয়ে তেওঁলোকক সত্যক আপোন কৰি লবলৈ সহায় কৰিব।
১৬. লʼৰা-ছোৱালীক নিজে অনুসন্ধান কৰিবলৈ শিক্ষা দিয়াৰ দ্বাৰা তেওঁলোকে কি লাভ কৰিব?
১৬ যেনেকৈ লʼৰা-ছোৱালী ডাঙৰ হৈ আহিব, তেতিয়া তেওঁলোকক সমস্যা বা পৰিস্থিতিসমূহৰ সৈতে সফলতাৰে সন্মূখীন হবলৈ সহায়ৰ আৱশ্যক হʼব। প্ৰত্যেকবাৰে তেওঁলোকক তেনে পৰিস্থিতিত কি কৰা উচিত কি কৰা উচিত নহয় তাক কোৱাৰ পৰিৱৰ্ত্তে, সেই সম্পৰ্কে যিহোৱাৰ দৃষ্টিভঙ্গী কি তাক জানিবলৈ বাইবেল বা বাইবেল আধাৰিত আলোচনীৰ পৰা অনুসন্ধান কৰিবলৈ উৎসাহিত নকৰে কিয়? তদুপৰি, তেওঁলোকে বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰবন্ধ কৰা আলোচনীবোৰক উচিত ৰীতিৰে ব্যৱহাৰ কৰিবলৈ শিক্ষা দিয়াৰ দ্বাৰা তেওঁলোকে যিহোৱাৰ সৈতে এক অটুট সম্বন্ধ গঢ়ি তুলাত সহায় লাভ কৰিব। (১ চমূৱেল ২:২১খ) যেতিয়া তেওঁলোকে বাইবেল অনুসন্ধানৰ পৰা প্ৰাপ্ত কৰা লাভসমূহৰ বিষয়ে পৰিয়ালৰ আন সদস্যসকলৰ সৈতে আলোচনা কৰে, তেতিয়া পৰিয়ালৰ আধ্যাত্মিকতাৰ অধিক বৃদ্ধি হয়।
সম্পূৰ্ণৰূপে যিহোৱাত ভৰসা কৰা
১৭. এক জনক পিতৃ বা মাতৃসকলে নিজ নিজ লʼৰা-ছোৱালীক যিহোৱাৰ উদ্দেশ্যৰ সামঞ্জস্যত প্ৰতিপালন কৰাত কিয় নিৰুৎসাহিত হোৱা উচিত নহয়?
১৭ কেনেকৈ এক জনক পিতৃ বা মাতৃয়ে নিজৰ পৰিয়ালক আধ্যাত্মিকৰূপে শক্তিশালী কৰি তুলিব পাৰে? বাস্তৱতে তেওঁলোকৰ বাবে লʼৰা-ছোৱালীক প্ৰতিপালন কৰাটো এক প্ৰত্যাহ্বাজনক বিষয়। তথাপিও এক জনক পিতৃ বা মাতৃয়ে নিৰুৎসাহিত হোৱা আৱশ্যক নহয়। আপোনালোকেও সেই সফলতা প্ৰাপ্ত কৰিব পাৰে। উদাহৰণস্বৰূপে, বহুতো এক জনক পিতৃ বা মাতৃয়ে যিহোৱাত ভৰসা ৰাখি আৰু তেওঁৰ পৰামৰ্শবোৰৰ অনুসাৰে চলি নিজ নিজ সন্তানক আধ্যাত্মিকৰূপে শক্তিশালী কৰি তুলিছে। (হিতোপদেশ ২২:৬) গতিকে খ্ৰীষ্টান এক জনক পিতৃ বাবে মাতৃয়ে সহায়ৰ বাবে সম্পূৰ্ণৰূপে যিহোৱাত ভৰসা আৰু বিশ্বাস কৰা উচিত।—গীতমালা ১২১:১-৩.
১৮. পিতৃ-মাতৃসকলে নিজ লʼৰা-ছোৱালীৰ মানসিক আৰু শাৰীৰিক আৱশ্যকতাসমূহৰ প্ৰতি কেনে মনোযোগ দিয়া উচিত, কিন্তু কিবোৰক প্ৰথম স্থান দিয়াৰ বিষয়ে জোৰ দিয়া আৱশ্যক?
১৮ বুদ্ধিমান পিতৃ-মাতৃসকলে জানে যে ‘হাঁহিব আৰু নাচিবৰ সময়’ আছে। সন্তানসকলৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে জিৰণী আৰু পৰিমিতৰূপে খেলা-ধুলা কৰা আৱশ্যক। ইয়াৰ ওপৰিও, ভাল সঙ্গীত আৰু বিশেষকৈ ঈশ্বৰৰ স্তুতি গীতসমূহে লʼৰা-ছোৱালীক সঠিক মনোবৃত্তি গঢ়ি তুলাত সহায় কৰে, যিয়ে যিহোৱাৰ সৈতে তেওঁলোকৰ সম্বন্ধক অটুট কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। (কলচীয়া ৩:১৬) ডেকা অৱস্থা হৈছে এনে এটা সময়, যি সময়ত লʼৰা-ছোৱালীয়ে ঈশ্বৰৰ প্ৰতি ভয় ৰাখি পৰিপক্ক ব্যক্তি হোৱাৰ আনন্দ লাভ কৰিব। তেওঁলোকে পৰমদেশীয় পৃথিৱীতো সেই আনন্দ বজাই ৰাখিব পাৰিব।—গালাতীয়া ৬:৮.
১৯. নিজৰ লʼৰা-ছোৱালীক প্ৰতিপালন কৰা প্ৰচেষ্টাৰ বাবে যিহোৱাই যে আশীৰ্ব্বাদ কৰিব, তাক পিতৃ-মাতৃসকলে কিয় ভৰসা কৰিব পাৰে? (w01 5/15)
১৯ যিহোৱাৰ ইচ্ছা এই যে সকলো খ্ৰীষ্টান পৰিয়ালে যেন আধ্যাত্মিকৰূপে শক্তিশালী হৈ ঐক্যতাৰে জীৱন-যাপন কৰে। সেইবাবে যদি আমি ঈশ্বৰক সঁচাকৈ প্ৰেম আৰু তেওঁৰ বাক্যক সম্পূৰ্ণ হৃদয়েৰে পালন কৰোঁ তেনেহʼলে, তেওঁ আমাক আশীৰ্ব্বাদ কৰিব। তদুপৰি তেওঁ আমাক তেওঁৰ নিৰ্দ্দেশনৰ অনুসাৰে চলিবলৈ শক্তি প্ৰদান কৰিব। (যিচয়া ৪৮:১৭; ফিলিপীয়া ৪:১৩) সদায়ে মনত ৰাখক যে লʼৰা-ছোৱালীক শিক্ষা আৰু প্ৰশিক্ষণ দিয়াৰ এইটোৱে উপযুক্ত সময়। এবাৰ সেই সময় হাতৰ পৰা ওলাই গʼলে, তাক পুনৰ ঘূৰাই আনিব নোৱাৰি। গতিকে ঈশ্বৰৰ বাক্যই দিয়া পৰামৰ্শ অনুসাৰে কাৰ্য্য কৰিবলৈ সম্পূৰ্ণ মনেৰে চেষ্টা কৰক। আপুনি কৰা প্ৰচেষ্টাৰ বাবে যিহোৱাই নিশ্চয়ে আপোনাক আশীৰ্ব্বাদ দিব আৰু আপোনাৰ পৰিয়ালক আধ্যাত্মিকৰূপে শক্তিশালী কৰিব।
আমি কেনে শিক্ষা লাভ কৰিলোঁ?
•লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ সময়ত কিয় সুসময়ক কিনি লোৱা অতি আৱশ্যক?
•পিতৃ-মাতৃসকলে কিয় উত্তম আৰ্হি ৰখা আৱশ্যক?
•লʼৰা-ছোৱালীক আধ্যাত্মিকৰূপে গঢ়ি তোলাৰ কিছুমান গুৰুত্বপূৰ্ণ পদ্ধতি কি কি?
•এটা পৰিয়ালে কেনেকৈ আধ্যাত্মিকতাক বজাই ৰাখিব পাৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৩০, ৩১ পৃষ্ঠাৰ ছবি]
আধ্যাত্মিকৰূপে শক্তিশালী পৰিয়ালে নিয়মিতৰূপে ঈশ্বৰৰ বাক্যৰ অধ্যয়ন, সভাত উপস্থিতি আৰু প্ৰচাৰকাৰ্য্যত ভাগ লয়।