বাইবেল অধ্যয়ন কিয় কৰা আৱশ্যক?
বাইবেল অধ্যয়ন কিয় কৰা আৱশ্যক?
বিল এজন ক্ৰীড়াবিদ, ধনী আৰু শিক্ষিত যুৱক আছিল। কিন্তু, তথাপিও তেওঁ সন্তুষ্ট নাছিল। তেওঁৰ জীৱন উদ্দেশ্যবিহীন হোৱাৰ বাবে অতি দুখিত আছিল। গতিকে জীৱনত উদ্দেশ্য বিচাৰি পাবলৈ তেওঁ বহুতো ধৰ্ম্মৰ পৰীক্ষা কৰিব ধৰিলে। কিন্তু, কʼতো তেওঁ বিচৰা উদ্দেশ্যক বিচাৰি নাপালে। ১৯৯১ চনত তেওঁ এজন যিহোৱাৰ সাক্ষীৰ সৈতে সাক্ষাৎ হৈছিল। সেই সাক্ষীজনে তেওঁক জীৱনৰ অৰ্থ কি আৰু বাইবেলে ইয়াৰ বিষয়ে কি কয়, এই বিষয়ে এখন কিতাপ দিলে। বিলক এই বিষয়টোৰ সম্পৰ্কে ভালদৰে বুজাই দিবলৈ বাইবেল অধ্যয়নৰ আয়োজন কৰা হʼল।
পাছলৈ বিলে এইদৰে কৈছিল: “আমাৰ প্ৰথমবাৰৰ অধ্যয়নত, বাৰে বাৰে বাইবেলৰ পৰা পদসমূহ খুলি পঢ়া হʼল। মই বুজিব পাৰিলোঁ যে এইটোৱেই সেই বিষয় যাক মই ইমান দিনে বিচাৰি আছিলোঁ। বাইবেলৰ পৰা পোৱা উত্তৰসমূহ মোৰ বাবে অতি ৰোমাঞ্চিতজনক আছিল। অধ্যয়নৰ পাছত মই মোৰ গাড়ীখন লৈ পাহৰৰ অভিমুখে যাত্ৰা কৰিলোঁ আৰু তাত উপস্থিত হৈ মই গাড়ীখনৰ পৰা নামি আনন্দত জোৰেৰে চিঞৰ মাৰিছিলোঁ। কিয়নো মই জানিব পাৰিলোঁ যে অৱশেষত মই ইমান দিনে বিচাৰি ফুৰা প্ৰশ্নসমূহৰ উত্তৰ পালোঁ।”
অৱশ্যে, যিসকলে বাইবেলৰ পৰা সত্য শিকে সেই সকলোৱে যে আনন্দত এনে প্ৰতিক্ৰিয়া দেখুৱাই এনে নহয়। কিন্তু জীৱনৰ সম্বন্ধ থকা প্ৰশ্নসমূহৰ উত্তৰ পোৱাত বহুতে নিশ্চয়ে আনন্দ অনুভৱ কৰে। তেওঁলোকে যীচুৱে এটা দৃষ্টান্তত উল্লেখ কৰা এজন ব্যক্তিৰ দৰে অনুভৱ কৰে, যিজনে পথাৰত লুকুৱাই থোৱা গুপ্ত ধনক পায় আনন্দিত হৈছিল। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “কোনো মানুহে দেখা পাই, পাছে আনন্দেৰে গৈ, তেওঁৰ সৰ্ব্বস্ব বেচি, সেই পথাৰ কিনে।”—অৰ্থপূৰ্ণ জীৱনৰ এক চাবি
বিলে বিবেচনা কৰা এটা মুখ্য প্ৰশ্ন আছিল, জীৱনৰ উদ্দেশ্য কি? আজি হাজাৰ হাজাৰ বছৰ ধৰি দাৰ্শনিক, ধৰ্ম্মতত্ত্ববিদ আৰু বৈজ্ঞানিকসকলে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলাই আহিছে। তদুপৰি এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰি বহুতো ব্যক্তিয়ে বহু ধৰণৰ কিতাপ লিখিলে। কিন্তু তেওঁলোকৰ সকলো চেষ্টা অথলে গʼল আৰু বহুতে আকৌ এই প্ৰশ্নটোৰ কোনো উত্তৰ নাই বুলি কৈ সামৰণি মাৰিলে। দৰাচলতে সঁচাকৈ এই প্ৰশ্নটোৰ উত্তৰ আছে। যদিও ইয়াৰ উত্তৰ বিবেচনা কৰিবলগীয়া, তথাপিও ই জটিল নহয়। বাইবেলে এই প্ৰশ্নটোৰ সঠিক উত্তৰ দিছে। এতেকে অৰ্থপূৰ্ণ আৰু আনন্দিত জীৱনৰ চাবি হৈছে: আমি আমাৰ সৃষ্টিকৰ্তা আৰু স্বৰ্গীয় পিতৃ যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰখা উচিত। আমি কেনেকৈ তেওঁৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিব পাৰোঁ?
ঈশ্বৰৰ কাষ চপাৰ বিসঙ্গতি যেন লগা দুটা কাৰণ আছে। যিসকলে ঈশ্বৰৰ কাষ চাপিবলৈ বিচাৰে তেওঁলোকে তেওঁক ভয় আৰু প্ৰেম কৰা উচিত। এতেকে আঁহক এই উক্তিটোৰ সম্বন্ধে দুটা শাস্ত্ৰীয় পদৰ প্ৰমাণৰ বিষয়ে বিবেচনা কৰোঁহঁক। বহু সময়ৰ আগতে জ্ঞানী ৰজা চলোমনে মানৱজাতিৰ বিষয়ে সাৱধানে অধ্যয়ন কৰি বাইবেলত পোৱা উপদেশ নামৰ কিতাপখনত লিপিবদ্ধ কৰাই থলে। তেওঁ কৰা নিৰীক্ষণক সামৰণি মাৰি এইদৰে লিখিছিল: “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।” (উপদেশক ১২:১৩) কেইবা শতাব্দীৰ পাছতো মোচিক দিয়া মহান আজ্ঞাৰ বিষয়ে যেতিয়া যীচুক সোধা হৈছিল, তেতিয়া তেওঁ উত্তৰ দি এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মথি ২২:৩৭) বাস্তৱতে ঈশ্বৰক ভয় আৰু প্ৰেম কৰা বুলি কোৱা উক্তিটো শুনি আঁচৰিত যেন বোধ হয়নে? আঁহক আমি ভয় আৰু প্ৰেমৰ গুৰুত্বতাৰ বিষয়ে জানিবলৈ আৰু এইবিলাকৰ সৈতে কেনেকৈ ঈশ্বৰৰ সৈতে সন্তোষজনক সম্বন্ধ গঢ়ি তুলিব পাৰি, এই বিষয়ে বিবেচনা কৰোঁহঁক।
ঈশ্বৰক ভয় কৰাৰ অৰ্থ কি
যদি ঈশ্বৰে আমাৰ উপাসনাক গ্ৰহণ কৰাটো বিচাৰোঁ, তেন্তে আমি তেওঁলৈ এক শ্ৰদ্ধাপূৰ্ণ ভয় ৰখাটো অতি আৱশ্যক। কিয়নো বাইবেলে এইদৰে কৈছে: “যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ।” (গীতমালা ১১১:১০) তদুপৰি পাঁচনি পৌলেও এইদৰে লিখিছিল: “আহাঁ যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষৰূপে ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ মানোহঁক।” (ইব্ৰী ১২:২৮) পাঁচনি যোহনেও, আকাশৰ মাজত উড়ি ফুৰা এজন স্বৰ্গদূতে একেইদৰে শুভবাৰ্ত্তা ঘোষণা কৰাৰ বিষয়ে এইদৰে কোৱা শুনিলে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।”—প্ৰকাশিত বাক্য ১৪:৬, ৭.
অৰ্থপূৰ্ণ জীৱনৰ বাবে ঈশ্বৰলৈ এনে ভয় ৰখাটো অতি আৱশ্যক। কিয়নো এই ভয় হৈছে, এজন ব্যক্তিৰ নাম শুনি আতঙ্কিত হোৱাৰ দৰে নহয় অথবা ই কোনো এনে ধৰণৰ ভয়ো নহয়, যিটো আমি নিষ্ঠুৰ আৰু ভয়ানক অপৰাধীৰ সন্মূখীন হোৱাৰ ফলত অনুভৱ কৰোঁ। কিন্তু এই ঈশ্বৰীয় বা ঈশ্বৰলৈ কৰা ভয় হৈছে সৃষ্টিকৰ্ত্তাৰ প্ৰতি শ্ৰদ্ধা দেখুউৱা। ইয়া ওপৰিও এই ভয়ত সন্মিলিত হৈ আছে সৰ্ব্বশক্তিমান, মহান ন্যায়ী আৰু দুষ্ট লোকসকলক শাস্তি দিয়াত ক্ষমতা ৰখা যিহোৱা ঈশ্বৰক অসন্তোষ্ট কৰাৰ পৰা বিৰত থকা।
ভয় আৰু প্ৰেমে একেলগে কাৰ্য্য কৰে
যিহোৱাই নিবিচাৰে যে লোকসকলে তেওঁৰ পৰাক্ৰম দেখি কেৱল তেওঁক উপাসনা কৰা। কিয়নো তেওঁ হৈছে এজন প্ৰেমময় ঈশ্বৰ। সেইবাবে পাঁচনি যোহেন এইদৰে লিখিছিল: “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) যিহোৱাই মানৱজাতিৰ সৈতে প্ৰেমময় আচৰণ কৰে আৰু সেইবাবে তেওঁ বিচাৰে যে মানৱজাতিয়েও যেন তেওঁক প্ৰেমেৰে উপাসনা কৰে। কিন্তু তেনেধৰণৰ প্ৰেম কেনেকৈ ঈশ্বৰীয় ভয়ৰ সামঞ্জস্যত আছে? দৰাচলতে প্ৰেম আৰু ভয় পৰস্পৰে সন্মিলিত হৈ আছে। সেইকাৰণে গীতমালা লিখকে এইদৰে লিখিছিল: “যিহোৱালৈ ভয় ৰাখোঁতাবিলাক তেওঁৰ নিগূঢ় মন্ত্ৰণাৰ অধিকাৰী।”—গীতমালা ২৫:১৪.
দ্বিতীয় বিবৰণ ৫:২৯.
এটা সন্তানৰ তেওঁৰ জ্ঞানী পিতৃৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভয়ৰ অনুভূতিৰ বিষয়ে ক্ষন্তেক বিবেচনা কৰক। একেইসময়ত সেই সন্তানে তেওঁলৈ প্ৰকাশ কৰা পিতৃৰ প্ৰেমৰ প্ৰতি মূল্যাঙ্কন দেখুৱাব। তদুপৰি সেই সন্তানটিয়ে তেওঁৰ পিতৃৰ পথ-প্ৰদৰ্শনলৈ বাট চাব, কিয়নো সন্তানটিয়ে নিশ্চিত যে সেই পথ-প্ৰদৰ্শন তেওঁৰ বাবে লাভজনক। ঠিক একেইদৰে যদি আমি যিহোৱাক প্ৰেম আৰু ভয় কৰোঁ, তেন্তে আমি তেওঁৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলিম, কাৰণ ই আমাৰ বাবে লাভদায়ক। লক্ষ্য কৰক যে যিহোৱাই ইস্ৰায়েল জাতিক উদ্দেশ্য কৰি কি কৈছিল। তেওঁ কৈছিল: “তেওঁবিলাক আৰু তেওঁবিলাকৰ সন্তানবিলাক চিৰকাল মঙ্গলে থাকিবৰ নিমিত্তে, মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰিবলৈ, তেওঁবিলাকৰ তেনে মন সদায় থকা হলে কেনে ভাল আছিল!”—দৰাচলতে ঈশ্বৰীয় ভয়ে আমাক দাসত্ব বন্ধনলৈ নহয় কিন্তু স্বাধীনতালৈ আৰু ইয়াৰ ওপৰিও ই আমাক আনন্দ লাভ কৰিবলৈ পৰিচালিত কৰে। সেইবাবে ভবিষ্যতবক্তা যিচয়াই যীচুৰ বিষয়ে এইদৰে কৈছিল: “যিহোৱা বিষয়ক ভয় তেওঁলৈ সুঘ্ৰাণস্বৰূপ হব।” (যিচয়া ১১:৩) তদুপৰি, গীতমালা লিখকেও এইদৰে কৈছিল: “যিহোৱালৈ ভয় ৰখা জন ধন্য; যিহোৱাৰ আজ্ঞাবোৰত অতি সন্তোষ পোৱা জন ধন্য।”—গীতমালা ১১২:১.
অৱশ্যে, আমি যদি ঈশ্বৰক নাজানো তেন্তে তেওঁক ভয় আৰু প্ৰেম কৰিব নোৱাৰিম। সেইবাবে বাইবেল অধ্যয়ন কৰাটো অতি আৱশ্যক। কিয়নো তেনে অধ্যয়নে আমাক তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ অনুসাৰে চলি জ্ঞান লাভৰ বিষয়ে জানিবলৈ সহায় কৰিব। যেনেকৈ তেওঁৰ কাষ চাপিম, তেতিয়া আমি তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আৰু আজ্ঞাসমূহক পালন কৰিবলৈ ইচ্ছুক হʼম, যিয়ে আমাৰ বাবে লাভ কঢ়িয়াই আনিব।—১ যোহন ৫:৩.
এজন ব্যক্তিয়ে যেতিয়া জীৱনৰ সঠিক পথত চলিবলৈ আগবাঢ়ি আহে, তেতিয়া আমি আনন্দিত হওঁ। ঠিক একেইদৰে ওপৰত উল্লেখ কৰা বিলৰ বিষয়েও সত্য আছিল, তেৱোঁ সত্যৰ পথত চলিবলৈ আগবাঢ়ি আহিল। অলপতে তেওঁ এইদৰে কৈছিল: “আজি সেই বাইবেল অধ্যয়ন আৰম্ভ কৰা ন বছৰ সময় পাৰ হৈ গʼল আৰু যিহোৱাৰ সৈতে মোৰ এক নিবিড় সম্পৰ্ক গঢ়ি উঠিল। প্ৰথম অৱস্থাত মই অনুভৱ কৰা এক আন্তৰিক সুখে মোৰ জীৱনটোক সঁচাকৈ আনন্দিত কৰি তুলিলে। তেতিয়া অনুভৱ কৰিছিলোঁ যেতিয়া জীৱনৰ উদ্দেশ্যৰ বিষয়ে জানিব পাৰিলোঁ। তদুপৰি মই মোৰ জীৱনত এক আশা লাভ কৰিলোঁ। মোৰ জীৱন উদ্দেশ্যহীন নহয় কিন্তু অৰ্থপূৰ্ণ হৈ পৰিল। মোৰ বাবে যিহোৱা এজন বাস্তৱিক ব্যক্তি হৈ পৰিল আৰু মই জানো যে তেওঁ মোৰ হিতৰ বাবে চিন্তা কৰে।”
পৰৱৰ্তী লেখত আমি আলোচনা কৰিম যে যিসকলে যিহোৱাৰ জ্ঞানৰ অনুসাৰে চলে, তেওঁলোকে কেনেকৈ আনন্দিত হʼব আৰু লাভ প্ৰাপ্ত কৰিব পাৰে।(w01 7/1)
[৫ পৃষ্ঠাৰ ব্লাৰ্ব]
ঈশ্বৰৰ কাষ চপাৰ অৰ্থ হৈছে, আমি তেওঁক প্ৰেম আৰু ভয় কৰোঁ
[৬ পৃষ্ঠাৰ ছবি]
যীচুৱে যিহোৱাক ভয় কৰি আনন্দিত হৈছিল