Skip to content

Skip to table of contents

অব্ৰাহামৰ দৰে বিশ্বাস কৰক!

অব্ৰাহামৰ দৰে বিশ্বাস কৰক!

অব্ৰাহামৰ দৰে বিশ্বাস কৰক!

যিবিলাক বিশ্বাসৰ, তেওঁবিলাকেহে অব্ৰাহামৰ সন্তান।”—গালাতীয়া ৩:৭.

১. কনান দেশত অব্ৰামে কেনেকৈ এক নতুন পৰীক্ষাৰ সম্মুখীন হৈছিল?

 অব্ৰামে যিহোৱাৰ আজ্ঞা পালন কৰি ঊৰৰ নিচিনা চহকী দেশকো ত্যাগ কৰিবলৈ কোণ্ঠাবোধ কৰা নাছিল। তেওঁ যিবোৰ পৰীক্ষাৰ সম্মুখীন হৈছিল, সেইবোৰ মিচৰ দেশত সম্মুখীন হোৱা পৰীক্ষাৰ তুলনাত একোৱেই নাছিল। এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “পাছে সেই দেশত আকাল হʼল।” গতিকে এনে পৰিস্থিতিত অব্ৰামে সহজে নিৰুৎসাহিত হৈ পৰিলহেঁতেঁন! কিন্তু ইয়াৰ পৰিৱৰ্ত্তে তেও নিজৰ পৰিয়ালটোৰ ভৌতিক আৱশ্যকতাবোৰক পূৰ কৰিবলৈ কিছুমান ব্যৱহাৰিক পদক্ষেপ লৈছিল। উদাহৰণস্বৰূপে, “আকাল অতিশয়ৰূপে বৃদ্ধি হৈ যোৱাত, অব্ৰামে মিচৰ দেশত নামি গʼল।” যিহেতু তেওঁৰ পৰিয়ালটো ডাঙৰ হোৱাৰ বাবে সহজে মিচৰীয়াহতঁৰ চকুত পৰিল। কিন্তু যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰণ কৰাৰ বাবে অব্ৰামক সুৰক্ষা প্ৰদান কৰিলেনে?—আদিপুস্তক ১২:১০; যাত্ৰাপুস্তক ১৬:২, ৩.

২, ৩. (ক) অব্ৰামে কিয় তেওঁৰ ভাৰ্য্যাৰ প্ৰকৃত পৰিচয় দিয়া নাছিল? (খ) বিপদপন্ন অৱস্থাৰ কথা মনত ৰাখি অব্ৰামে তেওঁ পত্নীৰ সৈতে কেনে আচৰণ কৰিছিল?

আদিপুস্তক ১২:১১-১৩ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁ মিচৰ দেশত সোমাবলৈ ধৰোঁতে, তেওঁৰ ভাৰ্য্যা চাৰীক কলে, চোৱা, তুমি যে সুন্দৰী তিৰোতা, তাক মই জানো। এই কাৰণে মিচৰীয়াবিলাকে তোমাক দেখি, তুমি মোৰ ভাৰ্য্যা বুলি, মোক বধ কৰি তোমাক জীয়াই ৰাখিব। মিনতি কৰোঁ, তোমাৰ দ্বাৰাই মোৰ মঙ্গল, আৰু তোমাৰ পৰাই মোৰ প্ৰাণ ৰক্ষা পৰিবৰ নিমিত্তে, তুমি, মই তেওঁৰ ভনীয়েক, বুলি কবা।” যদিও চাৰীৰ বয়স ৬৫ বছৰ হৈছিল, তাই দেখাত সুন্দৰী আছিল। সেইবাবে অব্ৰামৰ জীৱন বিপদপন্ন হৈ আছিল। * (আদিপুস্তক ১২:৪, ৫; ১৭:১৭) সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে যিহোৱাৰ উদ্দেশ্য বিপদপূৰ্ণ হৈ আছিল। কিয়নো তেওঁ কৈছিল যে অব্ৰামৰ বংশৰ দ্বাৰা সমুদায় জাতিয়ে আশীৰ্ব্বাদ প্ৰাপ্ত কৰিব। (আদিপুস্তক ১২:২, ৩, ৭) অব্ৰামৰ কোনো সন্তান নথকাৰ বাবে তেওঁ জীয়াই থকাটো অতি আৱশ্যক আছিল।

গতিকে অব্ৰামে তেওঁৰ ভাৰ্য্যক কৈছিল যে তেওঁলোকে এই বিপদৰ পৰা হাত সাৰিবলৈ এনে এক কৌশল অৱলম্বন কৰিব লাগিব যʼত চাৰীয়ে নিজকে অব্ৰামৰ ভনীয়েক বুলি পৰিচয় দিব। মন কৰিবলগা এই যে অব্ৰামে পৰিয়ালৰ মুখীয়াল হোৱাৰ ক্ষমতাক অনুচিতৰূপে ব্যৱহাৰ কৰা নাছিল। কিন্তু এই সকলোবোৰ তেওঁ চাৰীৰ সমৰ্থন আৰু সহযোগতেহে কৰিছিল। (আদিপুস্তক ১২:১১-১৩; ২০:১৩) এইদৰে অব্ৰামে বিবাহিত পুৰুষবিলাকৰ বাবে পৰিয়ালক মৰমীয়াল মুখীয়াল হিচাপে চোৱা-চিতা কৰা আৰু চাৰীয়ে ভাৰ্য্যাসকলৰ বাবে নিজ নিজ স্বামীৰ অধীনত থাকাৰ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।—ইফিচীয়া ৫:২৩-২৮; কলচীয়া ৪:৬.

৪. যেতিয়া ভাই-ভনীসকলৰ জীৱন বিপদপন্ন অৱস্থাত থাকে তেতিয়া ঈশ্বৰৰ বিশ্বাসী সেৱকসকলে কেনে আচাৰণ কৰা উচিত?

বাস্তৱতে চাৰীয়ে অব্ৰামৰ সতীয়া ভনী হোৱা হেতুকে ভনীৰূপে নিজৰ পৰিচয় দিব পাৰিছিল। (আদিপুস্তক ২০:১২) তদুপৰি, মিচৰীয়াসকলে অব্ৰামৰ বংশধৰ নোহাৱাৰ বাবে তেওঁলোকক প্ৰকৃত পৰিচয় দিয়াৰ কোনো আৱশ্যকতা নাছিল। (মথি ৭:৬) আধুনিক সময়ৰ যিহোৱাৰ সেৱকসকলে সাধুতা বজাই ৰাখিবলৈ বাইবেলৰ আজ্ঞাক পালন কৰে। (ইব্ৰী ১৩:১৮) উদাহৰণস্বৰূপে, তেওঁলোকে আদালতত শপত খোৱাৰ সময়ত কেতিয়াও মিছা নামাতে। কিন্তু যেতিয়া তেওঁলোকৰ কোনো শাৰীৰিক বা আধ্যাত্মিক ভাই-ভনীৰ জীৱন বিপদত পৰে, তেতিয়া তেওঁলোকে যীচুৱে কোৱা এই বাক্যশাৰীক পালন কৰে, যʼত কৈছে, “এই হেতুকে সাপৰ দৰে টেঙৰ, আৰু কপৌৰ নিচিনা হোজা হোৱা।”—মথি ১০:১৬; নম্ববেৰ ১, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ, ১৮ পৃষ্ঠা, ১৯ অনুচ্ছেদ চাওঁক।

৫. চাৰীয়ে কিয় অব্ৰামৰ অনুৰোধক ৰাখিবলৈ ইচ্ছুক হৈছিল?

অব্ৰামৰ অনুৰোধৰ প্ৰতি চাৰীয়ে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? এই সন্দৰ্ভত পাঁচনি পিতৰে তাইৰ নিচনা তিৰোতাবোৰক “ঈশ্বৰত ভাৰসা” ৰখা বুলি আখ্যা দিছিল। চাৰীয়ে আধ্যাত্মিক বিষয়ৰ সৈতে সম্পৰ্ক থকা বিষয়বোৰক বুজিব পাৰি কৃতজ্ঞতা জ্ঞাপন কৰিলে। তদুপৰি, তাই নিজৰ স্বামীক প্ৰেম আৰু সন্মান কৰাৰ বাবে “নিজ স্বামীৰ বশীভূত হৈ” নিজকে অবিবাহিত স্ত্ৰী বুলি পৰিচয় দিছিল। (১ পিতৰ ৩:৫) অৱশ্যে, তেনে পদক্ষেপ লৈ তাই নিশ্চয়ে নিজৰ জীৱনলৈ বিপদ চপাই আনিছিল। আগলৈ এই বিষয়ে বাইবেলে এইদৰে কৈছে যে “পাছে অব্ৰাম মিচৰত সোমালত, মিচৰীয়াবিলাকে সেই তিৰোতাক পৰম সুন্দৰী দেখিলে। আৰু ফৰৌণৰ পাত্ৰমন্ত্ৰীবিলাকে তেওঁক দেখি, ৰজাৰ আগত তেওঁক শলাগিলে; তাতে সেই তিৰোতাক ফৰোণৰ ঘৰলৈ নিয়া হল।”—আদিপুস্তক ১২:১৪, ১৫.

যিহোৱাৰ দ্বাৰা পৰিত্ৰাণ

৬, ৭. অব্ৰাম আৰু চাৰীয়ে কেনেধৰণৰ বেদনাদায়ক পৰিস্থিতৰ সম্মুখীন হৈছিল আৰু যিহোৱাই চাৰীক সেই পৰিস্থিতিৰ পৰা কেনেকৈ ৰক্ষা কৰিলে?

চাৰীৰ সতীত্ব নাশ হʼবলগীয়া হোৱা বিষয়টো অব্ৰাম আৰু চাৰীৰ বাবে কিমান যে এক মনোবেদনাৰ বিষয় আছিল! এনে অৱস্থাত চাৰীয়ে অব্ৰামৰ আজ্ঞাক উলঙ্ঘন কৰাৰ যেন বোধ হৈছিল। তদুপৰি, ফৌৰণ ৰজাই নাজানিছিল যে চাৰী এজনী বিবাহিত স্ত্ৰী। সেইবাবে চাৰীৰ নিচিনা এজনী সুন্দৰী স্ত্ৰীক পাই তেওঁ অব্ৰামক উপহাৰস্বৰূপে “মেৰ, ছাগ, গৰু, গাধ, বন্দী, বেটী, গাধী, আৰু উট” প্ৰদান কৰিছিল। * (আদিপুস্তক ১২:১৬) অব্ৰামে সেইবোৰক পাই নিজকে কিমান যে তুচ্ছ বুলি অনুভৱ কৰা নাছিলনে বাৰু! পৰিস্থিতি যিমানেই বেয়া নহওঁক কিয়, যিহোৱাই অব্ৰামক নিৰুসাহিৎ হবলৈ এৰি নিদিলে।

“কিন্তু অব্ৰামৰ ভাৰ্য্যা চাৰীৰ কাৰণে, যিহোৱাই ফৰৌণৰ আৰু তেওঁৰ পৰিয়ালৰো মহাক্লেশ ঘটালে।” (আদিপুস্তক ১২:১৭) পাছলৈ ফৌৰণে এই “মহাক্লেশ” হোৱাৰ সঁচা কাৰণক কিবা প্ৰকাৰে জানিব পাৰি, তেওঁ তৎক্ষণাত এইদৰে প্ৰতিক্ৰিয়া দেখুৱালে: “ফৰৌণে অব্ৰামক মাতি কলে, তুমি মোলৈ এইটো কি কাম কৰিলা? এওঁ যে তোমাৰ ভাৰ্য্যা, তাক মোক কিয় নকলা? এওঁক তোমাৰ ভনী বুলি কেলেই কৈছিলা? সেই কাৰণেই মই এওঁক বিয়া কৰিবলৈ আনিছিলো। এতিয়া চোৱা, তোমাৰ ভাৰ্য্যা এয়া, লৈ যোৱা। এই বুলি কৈ, ফৰৌণে অব্ৰামৰ বিষয়ে লোকবিলাকক আজ্ঞা দিলে; তাতে সিবিলাকে সৰ্ব্বস্বে সৈতে তেওঁক আৰু তেওঁৰ ভাৰ্য্যাকো আগবঢ়াই থলেগৈ। তেওঁ সিবিলাকৰ অপকাৰ কৰিবলৈ কাকো নিদিলে; এনে কি, তেওঁ সিবিলাকৰ নিমিত্তে ৰজাবিলাকক ধম্‌কাই কৈছিল, তোমালোকে মোৰ অভিষিক্তবিলাকক নুচুবা, আৰু মোৰ ভাববাদীবিলাকৰ কোনো অপকাৰ নকৰিবা।”—আদিপুস্তক ১২:১৮-২০; গীতমালা ১০৫:১৪, ১৫.

৮. বৰ্তমান সময়ত খ্ৰীষ্টানসকলক যিহোৱাই কেনে সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিজ্ঞা কৰিছে?

বৰ্তমান সময়ত যিহোৱাই মৃত্যু, অপৰাধ, ক্লেশ বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা মূত্যুৰ পৰা ৰক্ষা কৰিবলৈ আমাক কোনো অশ্বাস নিদিয়ে। কিন্তু আমাৰ আধ্যাত্মিকতাত অহা বিপদসমূহৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ প্ৰতিজ্ঞা কৰিছে। (গীতমালা ৯১:১-৪) প্ৰাথমিকভাৱে তেওঁ আগতীয়াকৈ উচিত সময়ত নিজৰ বাক্য আৰু “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গৰ পৰামৰ্শৰ যোগেদি ৰক্ষা কৰে। (মথি ২৪:৪৫) তেন্তে অত্যাচাৰৰ বাবে মৃত্যুক সাৱটি লবলগীয়া হোৱাৰ বিষয়ে কি? হয়তো তেওঁৰ সেৱকসকলে মৃত্যুক সাৱটি লবলৈ অনুমতি দিব পাৰে, কিন্তু কেতিয়াও তেওঁৰ সমুদায় লোকৰ ওপৰত তেনে পৰিস্থিতি হʼবলৈ অনুমতি নিদিব। (গীতমালা ১১৬:১৫) যদিও কিছুমান বিশ্বাসী ব্যক্তিয়ে মৃত্যুক আকোঁৱালি লʼব লগা হয়, তথাপিও আমি নিশ্চিত যে যিহোৱাই তেওঁলোকক পুনৰাই জীয়াই তুলিব।—যোহন ৫:২৮, ২৯.

যিহোৱাৰ সৈতে শান্তি বজাই ৰাখিবলৈ অব্ৰামে স্বইচ্ছাৰে কৰা বলিদান

৯. কিহে দৰ্শাইছে যে অব্ৰামে কনানত স্থায়ীৰূপে নাথাকিল?

কনান দেশত হয়তো আকালৰ সমাপ্তি হোৱাৰ পাছত “অব্ৰামে সৰ্ব্বস্বে সৈতে তেওঁৰ ভাৰ্য্যাক আৰু লোটকো লগত লৈ, মিচৰ দেশৰ পৰা কনান দেশৰ দক্ষিণ-অঞ্চললৈ গল। অব্ৰাম পশুৰ জাক আৰু সোণ-ৰূপেৰেও অতিশয় চহকী আছিল।” (আদিপুস্তক ১৩:১, ২) গতিকে স্থানীয় বাসীন্দাসকলে তেওঁক এজন পৰাক্ৰমী ৰজাস্বৰূপে দৃষ্টি কৰিছিল। (আদিপুস্তক ২৩:৬) তথাপিও অব্ৰামে তাত স্থায়ীৰূপে বাস কৰিবলৈ আৰু কনানীসকলৰ ৰাজনৈতিকৰ সৈতে জড়িত হোৱাৰ তেনে কোনো ধৰণৰ বিচাৰ তেওঁৰ মনলৈ অহা নাছিল। ইয়াৰ পৰিৱৰ্ত্তে, “তেওঁ দক্ষিণ অঞ্চলৰ পৰা যাত্ৰা কৰি কৰি, বৈৎএলত, অৰ্থাৎ বৈৎএল আৰু অয়ৰ মাজত পূৰ্ব্বে যি ঠাইত তেওঁৰ তম্বু আছিল।” আগৰ নিচিনাকৈ তেওঁ সদায়ে যিহোৱাৰ উপাসনাক প্ৰথম স্থান দিছিল।—আদিপুস্তক ১৩:৩, ৪.

১০. অব্ৰাম আৰু লোটৰ ৰখীয়াসকলৰ মাজত কেনেধৰণৰ বিবাদৰ সৃষ্টি হৈছিল আৰু বিনা কোনো পলমে তাৰ সমাধান কৰাটো কিয় আৱশ্যক আছিল?

১০ “অব্ৰামৰ লগত যোৱা যি লোট, তেওঁৰো, মেৰ, ছাগ, আৰু গৰুৰ জাক, আৰু তম্বু আছিল। এই নিমিত্তে সিবিলাক দুজন একে ঠাইতে থাকিবলৈ দেশে নুজুৰিলে; কিয়নো সিবিলাকৰ সম্পত্তি ইমান অধিক আছিল, যে, সিবিলাক একেলগে থাকিব নোৱৰা হল। অব্ৰামৰ পশু-ৰখীয়া আৰু লোটৰ পশু-ৰখীয়া এই উভয়ৰ মাজত বিবাদ হল; আৰু সেই কালত কনানীয়া আৰু পৰিজ্জীয়াবিলাক সেই দেশত নিবাস কৰিছিল।” (আদিপুস্তক ১৩:৫-৭) অব্ৰাম আৰু লোটে বাস কৰা ঠাই ডোখৰত তেওঁলোকৰ পশু-পক্ষীৰ বাবে আৱশ্যকীয় পানী আৰু খাদ্য পোৱা নগৈছিল। সেয়েহে, দুয়ো পক্ষৰ ৰখীয়াসকলৰ মাজত ক্ৰমান্বায়ে বিৰোধীতা বৃদ্ধি হবলৈ ধৰিলে। তেনেধৰণৰ কাজিয়াৰ পৰিবেশ ঈশ্বৰৰ সত্য উপাসকৰ বাবে কেতিয়াও উচিত নাছিল। যদি তেনেধৰণৰ বিৰোধীতা প্ৰায়ে হৈ থকা হʼলে হয়তো এটা সময়ত অব্ৰাম আৰু লোটৰ মাজত থকা সম্বন্ধ ছেদ হʼলহেঁতেঁন। এই সমস্যাক অব্ৰামে কেনেকৈ সমাধান কৰিবলগীয়া আছিল? তদুপৰি অব্ৰামে পিতৃ-মাতৃহীন লোটক নিজ পৰিয়ালৰ সদস্য হিচাপে দৃষ্টি কৰিছিল। গতিকে অব্ৰাম জেষ্ঠ হোৱাৰ বাবে নিজলৈ সকলোতকৈ উত্তম স্থান বাচি লবলৈ তেওঁৰ অধিকাৰ নাছিলনে বাৰু?

১১, ১২. অব্ৰামে লোটৰ প্ৰতি কেনে উদাৰশীল মনোবৃত্তি প্ৰকাশ কৰিলে আৰু লোটে লোৱা নিৰ্ণয় কিয় বুদ্ধিমানী নাছিল?

১১ কিন্তু, “অব্ৰামে লোটক কলে, মিনতি কৰিছোঁ, মোৰে তোমাৰে মাজত, আৰু মোৰ পশু-ৰখীয়া ও তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ নহওক; কিয়নো আমি পৰস্পৰ জ্ঞাতি। তোমাৰ আগত জানো গোটেইখন দেশ নাই? মই বিনয় কৰিছোঁ, তুমি মোৰ পৰা বেলেগ হোৱা; যদি তুমি বাওঁহাতে যোৱা, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গলে, মই বাওঁহাতে যাম। তেতিয়া লোটে যৰ্দ্দন নদীৰ পাৰৰ গোটেইখন সমথললৈ চকু তুলি চাই দেখিলে, যে, চোৱৰলৈকে গোটেইখনেই পানীৰ সুচল, মিচৰ দেশৰ নিচিনা, আৰু যিহোৱাৰ উদ্যানৰ সদৃশ; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ বিনষ্ট কৰাৰ পূৰ্ব্বেই, এই সমথল তেনেকুৱা আছিল।”—আদিপুস্তক ১৩:৮-১০.

১২ বাইবেলত যদিও লোটক “ধাৰ্ম্মিক” ব্যক্তি হিচাপে বৰ্ণনা কৰিছে। ইয়াৰ কাৰণ হয়তো তেওঁ অব্ৰামৰ এই নিৰ্ণয়ত অসন্তুষ্ট বা বৃদ্ধসকলৰ ওচৰত গৈ পৰামৰ্শ লোৱাৰ পৰিৱৰ্ত্তে সেই নিৰ্ণয়ত সন্মত হৈছিল। (২ পিতৰ ২:৭) “তাতে লোটে যৰ্দ্দনৰ গোটেইখন সমথল নিজলৈ মনোনীত কৰি, পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে সিবিলাকে ইজনে সিজনৰ পৰা বেলেগ হল। অব্ৰাম কনান দেশতে থাকিল, কিন্তু লোট সেই সমথলৰ নগৰবোৰত থাকিল, আৰু তেওঁৰ তম্বু লৰাই লৰাই চদোমৰ ওচৰ পালেগৈ।” (আদিপুস্তক ১৩:১১, ১২) চদোম এক উন্নত আৰু ভৌতিকৰূপে চহকী চহৰ আছিল। (যিহিষ্কেল ১৬:৪৯, ৫০) ভৌতিকৰূপে চাবলৈ গʼলে লোটে লোৱা এই নিৰ্ণয় বুদ্ধিমান যেন জ্ঞাত হয়, কিন্তু আধ্যাত্মিকৰূপে সেই নিৰ্ণয় একেবাৰে অজ্ঞানীৰ দৰে আছিল। কিয়? কিয়নো আদিপুস্তক ১৩:১৩ পদৰ অনুসাৰে “সেই চদোমৰ লোকবিলাক যিহোৱাৰ দৃষ্টিত অতি দুষ্ট আৰু পাপিষ্ঠ আছিল।” গতিকে লোটে লোৱা এই নিৰ্ণয়ে তেওঁৰ পৰিয়ালক ধ্বংসলৈ পৰিচালিত কৰিলে।

১৩. যিসকলে আৰ্থিক সমস্যাৰ সৈতে জড়িত আছে তেওঁলোকক অব্ৰামৰ উদাহৰণে কেনেকৈ সহায় কৰিব পাৰে?

১৩ অব্ৰামে যদিও যিহোৱাই তেওঁৰ সন্তান-সন্ততিক গোটেইখন দেশ দিব বুলি কৰা প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিছিল; তথাপিও তেওঁ সেই দেশৰ এক ক্ষুদ্ৰ অংশও বিচাৰি তৰ্ক-বিতৰ্ক কৰা নাছিল। তেওঁ উদাৰশীল হৈ কাৰ্য্য কৰিলে, যাৰ বিষয়ে পাছলৈ ১ কৰিন্থীয়া ১০:২৪ পদত এইদৰে বৰ্ণনা কৰা হৈছিল: “প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” এই পৰামৰ্শটোৱে সঙ্গী ভাই-ভনীকসকলৰ সৈতে উৎপন্ন হোৱা আৰ্থিক সমস্যাক সমাধান কৰিবলৈ উত্তমভাৱে সহায় কৰিব। কেতিয়াবা আকৌ দেখা যায় যে কিছুমানে মথি ১৮:১৫-১৭ পদত উল্লেখ কৰা সিদ্ধান্তক পালন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ আধ্যাত্মিক ভাইসকলক আদালতলৈ নিয়ে। (১ কৰিন্থীয়া ৬:১, ৭) অব্ৰামৰ উদাহৰণৰ পৰা বুজিব পৰা যায় যে যিহোৱাৰ নামলৈ অপমান বা খ্ৰীষ্টান মণ্ডলীত শান্তি ভংগ কৰাৰ পৰিৱৰ্তে আৰ্থিকৰূপে লোকচান সহন কৰাটোৱে সকলোতকৈ উত্তম।—যাকোব ৩:১৮.

১৪. অব্ৰামে দেখুৱা উদাৰশীলতাৰ বাবে কেনে আশীৰ্ব্বাদৰ ভাগী হৈছিল?

১৪ অব্ৰাম উদাৰশীল হোৱা বাবে যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰি এইদৰে কʼলে: “মই তোমাৰ বংশ পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; তাতে কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।” এই বাক্য শুনি সন্তানহীন অব্ৰাম কিমান যে উৎসাহিত হৈছিল! ইয়াৰ পাছত ঈশ্বৰে এইদৰে আজ্ঞা দিলে: “উঠা, এই দেশৰ দীঘে পথালিয়ে ফুৰা; কিয়নো ইয়াক মই তোমাকেই দিম।” (আদিপুস্তক ১৩:১৬, ১৭) ইয়াৰ অৰ্থ আছিল, তেওঁক কোনো চহৰত নিগাজিকৈ থাকি বিলাসপূৰ্ণ জীৱন-যাপন কৰিবলৈ অনুমতি দিয়া নাছিল। তেওঁক কনানীহঁতৰ পৰা আঁতৰি থাকিব লাগিছিল। ঠিক তেনেদৰেই বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলেও জগতৰ পৰা আঁতৰি থকা উচিত। তেওঁলোকে নিজকে আনতকৈ মহান বুলি গণ্য নকৰে আৰু বেয়া আচৰণ কৰোঁতাসকলৰ সৈতেও নিবিঢ় সম্পৰ্ক নাৰাখে।—১ পিতৰ ৪:৩, ৪.

১৫. (ক) অব্ৰামে কৰা যাত্ৰাত কেনে বৈশিষ্টতা সন্মিলিত আছিল? (খ) বৰ্তমান সময়ৰ খ্ৰীষ্টান পৰিয়ালৰ বাবে অব্ৰামে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

১৫ বাইবেলৰ সময়ত এজন ব্যক্তিয়ে কোনো এখন ঠাই অধিকাৰ কৰা পূৰ্বেই সেই ঠাইখনৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লোৱাটো আৱশ্যক আছিল। সেয়েহে অব্ৰামে কৰা যাত্ৰাই তেওঁক একেৰাহে এইটো স্মৰণ কৰাই দিছিল যে, এদিন এই সকলো দেশত তেওঁৰ সতি-সন্তিতসকলে অধিকাৰ কৰিব। ঈশ্বৰৰ আজ্ঞাক পালন কৰি “অব্ৰামে তেওঁৰ তম্বু তৰি গৈ গৈ, হিব্ৰোণত থকা মম্ৰিৰ এলোন গছবোৰৰ ওচৰত নিবাস কৰিলে, আৰু সেই ঠাইতে তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে।” (আদিপুস্তক ১৩:১৮) আগৰ নিচিনাকৈ অব্ৰামে পুনৰ যিহোৱাৰ উপাসনাক প্ৰথম স্থান দিছিল। ঠিক সেইদৰে আপোনাৰ পৰিয়ালত পৰিবাৰিক অধ্যয়ন, প্ৰাৰ্থনা আৰু সভাত উপস্থিত হোৱা বিষয়বোৰক প্ৰথম স্থান দিয়েনে?

শত্ৰুৱে আক্ৰমণ কৰা

১৬. (ক) আদিপুস্তক ১৪:১ পদত “দিনত এনে হʼল” বুলি উল্লেখ কৰা বাক্যশাৰীয়ে কিয় ভয়াবহ অৰ্থ প্ৰকাশ কৰিছে? (খ) পূবৰ ফালৰ পৰা অহা সেই চাৰিজন ৰজাই কি উদ্দেশ্যেৰে আক্ৰমণ কৰিছিল?

১৬ “পাছে চিনাৰৰ অম্ৰাফল ৰজা, ইল্লাচৰৰ অৰিয়োক ৰজা, এলমৰ, * কদৰ্লায়োমৰ ৰজা, গোয়ীমৰ তিদিয়ল ৰজাৰ দিনত এনে হল, যে, তেওঁলোকে চদোমৰ বিৰা ৰজা ঘমোৰাৰ বিৰ্চা ৰজা, অদ্‌মাৰ চিনাৰ ৰজা, চবোয়ীমৰ চিমেবৰ ৰজা, আৰু বিলা অৰ্থাৎ চোৱৰৰ ৰজাৰে সৈতে ৰণ কৰিলে।” (আদিপুস্তক ১৪:১, ২) ইয়াত উল্লেখ কৰা (“দিনত এনে হʼল.  . . ”) বাক্যশাৰী মূল হিব্ৰুভাষাত ভয়াবহ অৰ্থত প্ৰকাশ পাইছে আৰু ই “বিপদৰ সময়ছোৱাক” বুজাইছে। যেতিয়া পূব দিশত থকা চাৰিজন ৰজা আৰু শত্ৰুসকলে কনান দেশ আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়াৰ পৰাই বিপদৰ সময়ছোৱা আৰম্ভ হয়। তেওঁলোকে আক্ৰমণ কৰাৰ উদ্দেশ্য কি আছিল? তেওঁলোকৰ চদোম, ঘমোৰা, অদমা, চবোয়ীম আৰু বিলা নামৰ এই পাচোঁখন বিদ্ৰোহ চহৰক দমন কৰা উদ্দেশ্যেৰে আক্ৰমণ কৰিছিল। সেই সকলোবোৰ চহৰক সমূলি ধ্বংস কৰি “যি চিদ্দীম উপত্যকা এতিয়া লোণসমুদ্ৰ হল, সেই উপত্যকাত এওঁবিলাক সকলোৱে গোট খাইছিল।” লোট আৰু তেওঁৰ পৰিয়ালে সেই ধ্বংসপ্ৰাপ্ত ঠাইবোৰৰ কাষৰীয়া অঞ্চলত বাস কৰিছিল।—আদিপুস্তক ১৪:৩-৭.

১৭. লোটক আটক কৰি নিয়াত অব্ৰামৰ বিশ্বাস কিয় পৰীক্ষিত হʼল?

১৭ আনহাতে, কনান দেশৰ ৰজাসকলে প্ৰাণপণে শত্ৰুসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, কিন্তু তেওঁলোকে বেয়াকৈ পৰাজিত হয়। “শত্ৰুবোৰে চদোমৰ আৰু ঘমোৰাৰ সকলো সম্পত্তি আৰু খোৱা বস্তুকো লৈ প্ৰস্থান কৰিলে। তাৰ বাহিৰে সিহঁতে চদোম-নিবাসী অব্ৰামৰ ভতিজা পুতেক লোটক; আৰু তেওঁৰ আটাই সম্পত্তিকো লৈ গল। তেতিয়া পলাই ৰক্ষা পোৱা এজনে আহি, ইব্ৰীয়া অব্ৰামক বাৰ্ত্তা দিলে; সেই সময়ত তেওঁ ইষ্কোল আৰু আনেৰৰ ভায়েক ইমোৰীয়া মম্ৰিৰ এলোন গছবোৰৰ ওচৰত নিবাস কৰিছিল, আৰু ইবিলাক অব্ৰামৰ মিত্ৰ আছিল। তেতিয়া অব্ৰামে আপোনাৰ ভতিজা পুতেকক নিয়াৰ বাৰ্ত্তা শুনিল।” (আদিপুস্তক ১৪:৮-১৪) তেওঁৰ বিশ্বাস কিমান যে পৰীক্ষিত হʼল! লোটে নিজৰ মনৰ পছন্দৰ অনুসৰি উত্তম ঠাই বাছি লোৱাৰ বাবে অব্ৰামে নিজৰ হৃদয় কঠোৰ কৰিছিল নে? মনকৰিবলগীয়া যে এই শত্ৰুসকল তেওঁৰ মাতৃভূমি চিনাৰৰ পৰা আহিছিল। গতিকে তেওঁলোকৰ বিৰুদ্ধে থিয় হোৱাৰ অৰ্থ হৈছে পুনৰাই নিজৰ মাতৃভূমিলৈ ঘূৰি যোৱাৰ সম্ভাৱনাক প্ৰতিৰোধ কৰা। তদুপৰি, কনানীয় সেনাও সেই সংযুক্ত শক্তিৰ সম্মুখত তিষ্টিব নোৱাৰিলে, তেওঁনো অকলে কেনেকৈ সম্মুখীন কৰিব?

১৮, ১৯. (ক) অব্ৰামে কেনেকৈ লোটক উদ্ধাৰ কৰিবলৈ সক্ষম হʼল? (খ) এই বিজয়ৰ বাবে কোনে সন্মান পোৱা আৱশ্যক?

১৮ অব্ৰামে আকৌ এবাৰ নিজৰ অটল বিশ্বাস যিহোৱাত ৰাখিলে। “তেওঁৰ ঘৰত ওপজা তিনি শ ওঠৰ জন শিক্ষিত লোকক উলিয়াই লৈ, শত্ৰুবোৰৰ পাছে পাছে দানলৈকে খেদি গল। পাছে ৰাতি তেওঁ আৰু তেওঁৰ বন্দীবিলাক বিভক্ত হৈ, শত্ৰুবোৰক আক্ৰমণ কৰি হৰুৱালে, আৰু দম্মেচকৰ বাওঁফালে থকা হোবালৈকে সিহঁতৰ পাছে পাছে খেদিলে। আৰু তেওঁ সেই সকলো সম্পত্তি, আৰু তেওঁৰ ভতিজা পুতেক লোট আৰু তেওঁৰ সম্পত্তিকো, আৰু তিৰোতা মানুহবোৰ আৰু লোকবিলাককোঁ ওভোটাই আনিলে।” (আদিপুস্তক ১৪:১৪-১৬) স্পষ্টৰূপে অব্ৰামে যিহোৱাত ভাৰসা ৰখাৰ বাবে তেওঁ সেই সংযুক্ত সৈনিকক পৰাজিত কৰি লোট আৰু তেওঁৰ পৰিয়ালক ওভোটাই আনিব পাৰিলে। তাৰ পাছত অব্ৰামে চালেমৰ ৰজা মল্কীচেদকৰ আগত উপস্থিত হʼল। ইয়াৰ পাছত যি ঘটিল তাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “চালেমৰ ৰজা মল্কীচেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে; তেওঁ সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত। তেওঁ অব্ৰামক আশীৰ্ব্বাদ কৰি কলে, স্বৰ্গ আৰু পৃথিবীৰ অধিকাৰী সৰ্ব্বোপৰি ঈশ্বৰৰ পৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক; আৰু তোমাৰ শত্ৰুবোৰক তোমাৰ হাতত সমৰ্পণ কৰা সৰ্ব্বোপৰি ঈশ্বৰো ধন্য হওক। তেতিয়া অব্ৰামে সকলো বস্তুৰ দহ ভাগৰ এভাগ তেওঁক দিলে।”—আদিপুস্তক ১৪:১৮-২০.

১৯ প্ৰকৃততে, যিহোৱাই তেওঁক বিজয়ী কৰালে। তেওঁ যিহোৱাত সম্পূৰ্ণৰূপে ভৰসা কৰাৰ বাবে আকৌ এবাৰ উদ্ধাৰৰ অভিজ্ঞতা হʼল। কিন্তু বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে তেনে কোনো যুদ্ধত ভাগ নোলোৱা স্বত্ত্বেও উৎপীড়ন আৰু বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সম্মুখীন হবলগা হয়। আমাৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব যে অব্ৰামৰ আৰ্হিয়ে আমাক সমস্যাসমূহৰ সৈতে সফলতাৰে সম্মুখীন হবলৈ কেনেকৈ সহায় কৰিব পাৰে। (w01 8/15)

[ফুটনোটবোৰ]

^ ইনচাইট্‌ অন দ্যা স্ক্ৰিপচ্যাৰ (যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত) নামৰ কিতাপখন এই দৰে বৰ্ণনা কৰিছে, “প্ৰাচীন সময়ত লিখা এখন পেপিৰাচ লিখনিৰ অনুসাৰে ফৌৰণ ৰজাই তেওঁৰ সৈনিকসকলক আদেশ দিছিল, যে যদি কোনো সুন্দৰী তিৰোতা আছে তেন্তে তাইক বন্দী কৰি, তাইৰ স্বামীক হত্যা কৰা।” সেইবাবে অব্ৰামে তেওঁক হত্যা কৰা হʼব বুলি আতঙ্কিত হৈছিল।

^ সেই সময়ত উপহাৰস্বৰূপে পোৱা হাগাৰ নামৰ তিৰোতাজনীও আছিল যি পাছলৈ গৈ অব্ৰামৰ উপপত্নী হৈছিল।—আদিপুস্তক ১৬:১.

^ সমালোচকসকলৰ মতে এলোমে কেতিয়াও চিনাৰক দমন কৰা নাছিল আৰু সেই কদৰ্লায়েমে আক্ৰমণ কৰা যি বৃতান্ত উল্লেখ কৰা হৈছে, ই অসত্য। কিন্তু বাইবেলৰ বৃতান্তসমূহক পুৰাতত্ত্বসকলেও সমৰ্থন কৰিছে। এই বিষয়ে বিতংকৈ জানিবলৈ জুলাই ১, ১৯৮৯ চনৰ প্ৰহৰীদুৰ্গ, ৪-৭ পৃষ্ঠাত, চাওঁক।

আপুনি উত্তৰ দিব পাৰিবনে?

• কনান দেশত হোৱা আকালৰ বাবে অব্ৰামৰ বিশ্বাস কেনেকৈ পৰীক্ষিত হৈছিল?

• অব্ৰাম আৰু চাৰীয়ে বৰ্তমান সময়ৰ খ্ৰীষ্টান পুৰুষ আৰু স্ত্ৰীৰ বাবে কেনে আৰ্হি প্ৰস্তু কৰিলে?

• অব্ৰামে নিজৰ আৰু লোটৰ ৰখীয়াসকলৰ মাজত হোৱা বিবাদক সমাধান কৰাৰ পৰা আমি কি শিক্ষা পাওঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবি]

অব্ৰামে নিজৰ অধিকাৰক নহয় কিন্তু লোটৰ হিতক প্ৰথম স্থান দিছিল