যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে
যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে
“যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।”—হিতোপদেশ ১০:২২.
১, ২. ভৌতিক বস্তুৰ দ্বাৰা কিয় প্ৰকৃত আনন্দ লাভ কৰিব নোৱাৰি?
আজি কোটি কোটি লোকৰ জীৱনত ভৌতিক বস্তুৱে প্ৰথম স্থান লাভ কৰিছে। কিন্তু ভৌতিক বস্তুৱে তেওঁলোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব পাৰেনে বাৰু? অষ্ট্ৰেলিয়ান উইমেনচ্ উইকলি নামৰ বাতৰি কাকতখনত এইদৰে কয়: “আজিৰ নিচিনাকৈ লোকসকলে জীৱনত ইমান দুখী হোৱা আগতে মই কেতিয়াও দেখা নাছিলোঁ। এইটো একেবাৰে সাঁথৰ যেন লগা কথা, কিয়নো আমাক কোৱা হৈছে যে অষ্ট্ৰেলিয়াৰ আৰ্থিক অৱস্থা একেবাৰে উন্নত। বাস্তৱতে আজিৰ তুলনাত কেতিয়াও ইমান ভাল পৰিস্থিতি দেখা দিয়া নাছিল . . . তথাপিও লোকসকলে দুখময় অৱস্থাত আছে। দৰাচলতে পুৰুষ আৰু স্ত্ৰী উভয়ে জীৱনত কিবা হেৰুৱাইছে বুলি বিবেচনা কৰে। কিন্তু কি হেৰুৱাইছে তাক তেওঁলোকে কব নোৱাৰে।” এই সম্পৰ্কে কোৱা বাইবেলৰ এই কথাষাৰ আচলতে কিমান যে সঁচা, যʼত কোৱা হৈছে আমি গোটোৱা ভৌতিক বস্তুৱে আমাক প্ৰকৃত আনন্দ দিব নোৱাৰে!—উপদেশক ৫:১০; লূক ১২:১৫.
২ বাইবেলত কৈছে যে প্ৰকৃত আনন্দ কেৱল যিহোৱাৰ আশীৰ্ব্বাদৰ যোগেদিহে লাভ কৰিব পাৰি। এই বিষয়ে হিতোপদেশ ১০:২২ পদে এইদৰে কৈছে: “যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।” ভৌতিক বস্তুসমূহত হোৱা ধনৱানে প্ৰায়ে আমাৰ মনত লোভৰ ভাব উৎপন্ন কৰে। যুক্তিসঙ্গতভাৱে পাঁচনি পৌলে এইদৰে কৈছিল: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল; তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।”—১ তীমথিয় ৬:৯, ১০.
৩. যিহোৱাৰ সেৱকসকলে কিয় দুখ-কষ্ট ভোগীবলগীয়া হয়?
৩ আনহাতে, যিসকলে “ঈশ্বৰৰ বাক্যলৈ কাণ দিয়ে” তেওঁলোকত ঈশ্বৰৰ আশীৰ্ব্বাদ ফলিয়াই। (দ্বিতীয় বিবৰণ ২৮:২) তথাপি কিছুমানে এইদৰে সুধিব পাৰে: ‘যদি যিহোৱাৰ আশীৰ্ব্বাদত কোনো বেদনা নাই তেন্তে তেওঁৰ বহুতো সেৱকে কিয় দুখ-কষ্ট অনুভৱ কৰে?’ এই সন্দৰ্ভত বাইবেলে কৈছে যে আচলতে সেইবোৰ আমাৰ অপৰিপূৰ্ণ শৰীৰ, চয়তান আৰু তাৰ দুষ্ট জগতৰ ফলত হয়। ঈশ্বৰে কেৱল তাৰ অনুমতিহে দিয়ে। (আদিপুস্তক ৬:৫; দ্বিতীয় বিবৰণ ৩২:৪, ৫; যোহন ১৫:১৯; যাকোব ১:১৪, ১৫) যিহোৱা হৈছে ‘সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰৰ’ উৎস। (যাকোব ১:১৭) তেওঁৰ পৰা অহা আশীৰ্ব্বাদত কোনো বেদনা বা ক্লেশ নাথাকে। আঁহক আমি তেওঁৰ কিছুমান উত্তম দানৰ বিষয়ে বিবেচনা কৰোঁহঁক।
ঈশ্বৰৰ বাক্য হৈছে এক বহুমূলীয়া উপহাৰ
৪ যিহোৱাৰ লোকসকলে এই “শেষকালত” কেনে আশীৰ্ব্বাদ আৰু বহুমূল্য উপহাৰৰ আনন্দ লাভ কৰিছে?
৪ এই “শেষকালৰ” বিষয়ে ভৱিষ্যতবক্তা দানিয়েল এইদৰে কৈছিল: “জ্ঞানৰ বৃদ্ধি হʼব।” আগলৈ তেওঁ কৈছিল: “দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নুবুজিব, কেৱল জ্ঞানী লোকবিলাকেহে বুজিব।” (দানিয়েল ১২:৪, ১০) কল্পনা কৰক যে সেই ভৱিষ্যতবাণী অৰ্থাৎ ঈশ্বৰীয় জ্ঞানক যিহোৱাৰ লোকসকলৰ বাহিৰে দুষ্টলোকে ইয়াৰ বিষয়ে একোকে বুজিব নোৱাৰে! এই সন্দৰ্ভে ঈশ্বৰৰ পুত্ৰ যীচুৱে এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ।” (লূক ১০:২১) গতিকে যিসকলক ঈশ্বৰৰ বাক্যৰ অৰ্থ বুজিবলৈ আধ্যাত্মিক অন্তৰ্দৃষ্টি প্ৰদান কৰা হৈছে, তেওঁলোকৰ বাবে সঁচাকৈ ই এক বহুমূলীয়া উপহাৰ!—১ কৰিন্থীয়া ১:২১, ২৭, ২৮; ২:১৪, ১৫.
৫. জ্ঞান কি আৰু তাক আমি কেনেকৈ পাব পাৰোঁ?
৫ যদি “ওপৰৰ পৰা জ্ঞান” নোপোৱা হʼলে আমি আধ্যাত্মিক বিষয়বোৰৰ অৰ্থ আৰু তাৎপৰ্য্যতা বুজিব নোৱাৰিলোঁহেঁতেন। (যাকোব ৩:১৭) তদুপৰি, সেই জ্ঞানে সমস্যাবোৰক সমাধান, বিপদসমূহৰ পৰা আঁতৰি থকা, লক্ষ্য বা উত্তম পৰামৰ্শত উপনীত হোৱাত আমাক দক্ষতা আৰু প্ৰজ্ঞা প্ৰদান কৰে। আমি সেই ঈশ্বৰীয় জ্ঞান কেনেকৈ প্ৰাপ্ত কৰিব পাৰোঁ? এই সন্দৰ্ভত হিতোপদেশ ২:৬ পদত এইদৰে কৈছে: “কিয়নো যিহোৱায়েই প্ৰজ্ঞা দিয়ে, তেওঁৰেই মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায়।” যদি আমি প্ৰাৰ্থনাত লাগি থাকোঁ তেন্তে যিহোৱাই ৰজা চলোমনক “জ্ঞান আৰু বুদ্ধি থকা মন” দিয়াৰ দৰে আমাকো তেনে আশীৰ্ব্বাদ দিব। (১ ৰাজাৱলি ৩:১১, ১২; যাকোব ১:৫-৮) গতিকে জ্ঞান লাভ কৰিবলৈ হʼলে, আমি একেৰাহে তেওঁৰ বাক্যক নিয়মীয়াকৈ অধ্যয়ন আৰু তাৰ পৰামৰ্শৰ অনুসাৰে চলাৰ যোগেদি তেওঁৰ প্ৰতি কাণ দিয়া আৱশ্যক।
৬. আমাৰ জীৱনত ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰাটো কিয় এক বুদ্ধিমানৰ বিষয়?
৬ ঈশ্বৰীয় জ্ঞানৰ উৎকৃষ্ট উদাহৰণসমূহ তেওঁৰ বাক্য বাইবেলত উল্লেখ কৰা নিয়ম আৰু সিদ্ধান্তবোৰৰ জড়িয়তে পোৱা যায়। এইবোৰে আমাক শাৰীৰিক, মানসিক, আৱেগীক আৰু আধ্যাত্মিকৰূপে লাভবান কৰে। সেইবাবে গীতমালা লিখকে এইদৰে কৈছিল: “যিহোৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোঁতা; যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। যিহোৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক; যিহোৱাৰ আজ্ঞা নিৰ্ম্মল, চকুৰ দীপ্তিজনক। যিহোৱাবিষয়ক ভয় শুচি, চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সত্য, সম্পূৰ্ণৰূপে ন্যায়। সেইবোৰ সোণত্কৈ বাঞ্ছনীয়, অধিক নিভাঁজ সোণত্কৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌত্কৈ সোৱাদ, ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌত্কৈয়ো সোৱাদ। হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো, তোমাৰ মুখৰ ব্যৱস্থা মোলৈ বহুমূলীয়া।”—গীতমালা ১৯:৭-১০; ১১৯:৭২.
৭. ঈশ্বৰৰ সিদ্ধান্তবোৰক অগ্ৰাহ্য কৰাৰ বাবে কেনে পৰিণামসমূহ দেখা গৈছে?
৭ আনহাতে যিসকলে ঈশ্বৰৰ বাক্যক অগ্ৰাহ্য কৰে তেওঁলোকে কেতিয়াও জীৱনত সুখ আৰু মুক্তি অনুভৱ কৰিব নোৱাৰে। তেওঁলোকে নিশ্চয়ে আজি নহলেও কালিলৈ স্বীকাৰ কৰিব যে ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয়, তাকেহে দাব। (গালাতীয়া ৬:৭) আজি লাখ লাখ লোকে বাইবেলৰ সিদ্ধান্তবোৰক অগ্ৰাহ্য কৰাৰ বাবে অবৈধ গৰ্ভধাৰণ, নিচা জাতীয় পদাৰ্থৰ সেৱন আৰু মাৰাত্মাক ৰোগত ভুগীবলগীয়া হৈছে। যদি তেওঁলোকে মন পালটন কৰি তেনে জীৱন-প্ৰণালী ত্যাগ নিদিয়ে তেন্তে মৃত্যুৱে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে। তদুপৰি তেওঁলোকে ঈশ্বৰৰ ক্ৰোধৰ পৰা কোনোপধ্যেই ৰক্ষা নাপাব।—মথি ৭:১৩, ১৪.
৮. ঈশ্বৰৰ বাক্যক প্ৰেম কৰোঁতাসকলে কিয় আনন্দিত হয়?
৮ কিন্তু যিসকলে ঈশ্বৰৰ বাক্যক প্ৰেম আৰু তাৰ অনুসাৰে চলে, তেওঁলোকৰ ওপৰত বৰ্তমান আৰু ভৱিষ্যতে মহান আশীৰ্ব্বাদসমূহ ফলিয়াব। বৰ্তমান সময়ত তেওঁলোকে ঈশ্বৰৰ নিয়মবোৰ পালন কৰাৰ যোগেদি মুক্তি আৰু আনন্দ অনুভৱ কৰিছে আৰু সেই দিনটোৰ বাবে অপেক্ষা কৰি আছে যেতিয়া তেওঁলোকে পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পাব। (ৰোমীয়া ৮:২০, ২১; যাকোব ১:২৫) তেওঁলোকৰ এই আশা নিশ্চয়ে পূৰণ হʼব, কিয়নো যিহোৱাই নিজৰ পুত্ৰ যীচুৰ বলিদানৰ যোগেদি মানৱজাতিলৈ এই প্ৰবন্ধ কৰিলে। (মথি ২০:২৮; যোহন ৩:১৬; ৰোমীয়া ৬:২৩) তেনেধৰণৰ উৎকৃষ্ট উপহাৰৰ জড়িয়তে তেনে লোকসকলৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেম আৰু চিৰকলীয়া আশীৰ্ব্বাদ ফলিয়াই যিসকলে তেওঁৰ বাক্যৰ প্ৰতি কাণ দিয়ে।—ৰোমীয়া ৮:৩২.
উপহাৰ হিচাপে পবিত্ৰ আত্মাক পাই আমি ঈশ্বৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰোঁ
৯, ১০. আমি যিহোৱাই প্ৰদান কৰা উপহাৰ অৰ্থাৎ পবিত্ৰ আত্মাৰ দ্বাৰা কেনেকৈ লাভৱান হৈছোঁ? উদাহৰণ দি বুজাওঁক।
৯ যিহোৱাৰ আন এটা প্ৰেমময় উপহাৰ হৈছে পবিত্ৰ আত্মা যাৰ বাবে আমি তেওঁলৈ কৃতজ্ঞ হোৱা উচিত। পেন্টাকোষ্ট সা.যু. ৩৩ চনত পাঁচনি পিতৰে যিৰূচালেমত উপস্থিত হোৱা লোকসকলৰ উদ্দেশে এইদৰে কৈছিল: “তোমালোকৰ পাপ-মোচনৰ অৰ্থে মন পালটোৱা, আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা; তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা।” (পাঁচনিৰ কৰ্ম্ম ২:৩৮) বৰ্তমান সময়ত যিসকলে পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰে আৰু ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ চেষ্টা কৰে, তেওঁলোকক যিহোৱাই পবিত্ৰ আত্মা প্ৰদান কৰিছে। (লূক ১১:৯-১৩) অতীত বিশ্বাসী পুৰুষ, স্ত্ৰী আৰু প্ৰাৰম্ভীক খ্ৰীষ্টানসকলক যিহোৱাই তেওঁৰ আটাইতকৈ শক্তিশালী শক্তি অৰ্থাৎ পবিত্ৰ আত্মা বা সক্ৰিয় শক্তিৰ দ্বাৰা আধ্যাত্মিকৰূপে বলৱান কৰি তুলিছিল। (জখৰিয়া ৪:৬; পাঁচনিৰ কৰ্ম্ম ৪:৩১) অতীতৰ নিচিনাকৈ আধুনিক সময়ৰ যিহোৱাৰ সেৱকসকল অৰ্থাৎ আমিও বিভিন্ন পৰীক্ষাৰ সম্মুখীন হোৱা সত্ত্বেও যিহোৱাই আমাকো তেওঁৰ পবিত্ৰ আত্মা প্ৰদান কৰিছে।—যোৱেল ২:২৮, ২৯.
১০ এই সন্দৰ্ভত লʼৰেল নামৰ এগৰাকী যিহোৱাৰ সাক্ষী ভনীৰ বিষয়ে বিবেচনা কৰক। তাই পোলিও ৰোগত আক্ৰান্ত হোৱাৰ বাবে প্ৰায় ৩৭ বছৰ কৃত্ৰিম হাওঁফাওঁ যন্ত্ৰৰ সহায়েৰে জীৱন নিৰ্বাহ কৰিবলগা হৈছিল। * তেনে কষ্টদায়ক পৰিস্থিতিত থকাৰ স্বত্ত্বেও তাই মৃত্যু পৰ্য্যন্তলৈকে আগ্ৰহেৰে যিহোৱাৰ সেৱা কৰিলে। সেইবাবে তাই বহু বছৰলৈকে যিহোৱাৰ আশীৰ্ব্বাদৰ অনুভৱ কৰিছিল। উদাহৰণস্বৰূপে, ২৪ ঘন্টা সময় কৃত্ৰিম হাওফাও যন্ত্ৰটোৰ ভিতৰত থকাৰ স্বত্ত্বেও তাই প্ৰায় ১৭ জন ব্যক্তিক সত্য বিষয়ে জানিবলৈ সহায় কৰিলে! তাইৰ তেনে পৰিস্থিতিয়ে আমাক পাঁচনি পৌলৰ এই কথাষাৰ স্মৰণ কৰাই দিয়ে, যʼত এইদৰে কোৱা হৈছিল: “কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰিন্থীয়া ১২:১০) বাস্তৱতে আমি নিজ শক্তিৰ যোগেদি প্ৰচাৰকাৰ্য্যত সফলতা লাভ কৰিব নোৱাৰোঁ। কেৱল ঈশ্বৰে প্ৰদান কৰা পবিত্ৰ আত্মাৰ যোগেদিহে সফলতা লাভ কৰিব পাৰোঁ।—যিচয়া ৪০:২৯-৩১.
১১. যিসকলে ‘নতুন পুৰুষক’ পৰিধান কৰে, তেওঁলোকত ঈশ্বৰৰ আত্মাই কেনেধৰণৰ গুণবোৰ উৎপন্ন কৰে?
১১ যদি আমি আজ্ঞাকাৰিতা হৈ যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিওঁ তেন্তে তেওঁৰ আত্মাই আমাত প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমনৰ দৰে আত্মাৰ ফল উৎপন্ন কৰে। (গালাতীয়া ৫:২২, ২৩) খ্ৰীষ্টানসকলে, পূৰ্বেই থকা হিংসা আৰু পশুৰদৰে থকা অভ্যাসবোৰ ত্যাগ দি “নতুন পুৰুষক” পৰিধান কৰিছে আৰু এয়া হৈছে ‘আত্মাৰ ফলৰ’ এটা ভাগ। (ইফিচীয়া ৪:২০-২৪; যিচয়া ১১:৬-৯) এই আত্মাৰ ফলৰ সকলোতকৈ মুখ্য গুণটো হৈছে প্ৰেম যি “সৰ্ব্বসিদ্ধিৰ বান্ধনি।”—কলচীয়া ৩:১৪.
খ্ৰীষ্টীয় প্ৰেম হৈছে এক উপহাৰ, যাৰ প্ৰতি মূল্যাঙ্কণ দেখুৱা উচিত
১২. প্ৰথম শতাব্দীৰ টাবিথা আৰু অন্য খ্ৰীষ্টানসকলে কেনেকৈ প্ৰেম প্ৰদৰ্শন কৰিলে?
১২ খ্ৰীষ্টীয় প্ৰেম হৈছে যিহোৱাৰ পৰা অহা আন এক উপহাৰ, যাক আমি মূল্যাঙ্কণ কৰা আৱশ্যক। এই প্ৰেম সিন্ধান্তসমূহৰ যোগেদি পৰিচালিত হয়। ইয়াৰ পৰিণাম অতি আশীৰ্ব্বাদ দায়ক। এই প্ৰেমে এজন ঈশ্বৰৰ উপাসকক আন জনৰ সৈতে এনে এক নিবিঢ় সম্পৰ্ক গঢ়ি তুলাত সহায় কৰে, যি শাৰীৰিক সম্বন্ধতকৈও শক্তিশালী। (যোহন ১৫:১২, ১৩; ১ পিতৰ ১:২২) এই সন্দৰ্ভত প্ৰথম শতাব্দীৰ টাবিথা নামৰ এগৰাকী খ্ৰীষ্টান বিশ্বাসী স্ত্ৰীৰ বিষয়ে বিবেচনা কৰক। তাই মণ্ডলীত থকা বিধৱা ভনীসকলক “দান আদি সৎকৰ্ম্মৰে” সহায় কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৯:৩৬) এই বিধৱা স্ত্ৰীসকলৰ হয়তো আত্মিয়-স্বজন থকাৰ স্বত্ত্বেও টাবিথাই তেওঁলোকলৈ সহায় আৰু প্ৰেৰণা আগবঢ়াইছিল। (১ যোহন ৩:১৮) টাবিথাই কিযে এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে! আনহাতে ভাতৃ প্ৰেমে প্ৰিষ্কা আৰু আক্কিলাক পাঁচনি পৌলৰ প্ৰাণৰ কাৰণে বিৰোধীসকলৰ আগত নিজৰ “ডিঙি পাতি” দিবলৈ পিছ নুহুঁহঁকিলে। একেইদৰে প্ৰেমে ইপাফ্ৰা, লূক, মাৰ্ক আৰু অনীচিফে ৰোমৰ বন্দীশালত থকা ভাইসকলক সহায় কৰিবলৈও প্ৰেৰণা দিছিল। (ৰোমীয়া ১৬:৩, ৪; ২ তীমথিয় ১:১৬; ৪:১১ ফিলীমন ২৩, ২৪) বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলেও ঈশ্বৰৰ পৰা উপহাৰ হিচাপে পোৱা যি ‘পৰস্পৰৰ মাজত থকা প্ৰেমৰ’ দ্বাৰা যীচুৰ প্ৰকৃত শিষ্য হোৱাৰ পৰিচয় দিয়ে।—যোহন ১৩:৩৪, ৩৫.
১৩. আমি যে খ্ৰীষ্টান ভাতৃসমাজক গভীৰতাৰে মূল্যাঙ্কাণ কৰোঁ তাক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?
১৩ খ্ৰীষ্টান মণ্ডলীত প্ৰকাশ হোৱা প্ৰেমৰ প্ৰতি আপুনি মূল্যাঙ্কণ দেখুৱাই নে? আপুনি বিশ্বব্যাপি আধ্যাত্মিক ভাতৃসমাজৰ বাবে কৃতজ্ঞতা বোধ কৰেনে? এই দুয়োটা হৈছে ঈশ্বৰে আশীৰ্ব্বাদৰূপে প্ৰদান কৰা বহুমূলীয়া উপহাৰ। এই উপহাৰৰ প্ৰতি আমি কেনেকৈ মূল্যাঙ্কণ দেখুৱাব পাৰোঁ? আমি খ্ৰীষ্টান সভাবোৰত নিয়মীয়াকৈ উপস্থিত আৰু ঈশ্বৰৰ আত্মাই বিকাশিত কৰা আত্মাৰ ফল অৰ্থাৎ প্ৰেম প্ৰকাশ কৰি আমি ঈশ্বৰলৈ পবিত্ৰ সেৱা আগবঢ়োৱাৰ যোগেদি এই উপহাৰৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাব পাৰোঁ।—ফিলিপীয়া ১:৯; ইব্ৰী ১০:২৪, ২৫.
‘মানুহবিলাকত নানা বৰ’
১৪. যদি এজন খ্ৰীষ্টান ব্যক্তিয়ে প্ৰাচীন বা সহায়ক সেৱক হিচাপে সেৱা কৰিব বিচাৰে তেন্তে তেওঁ কি কৰা আৱশ্যক?
১৪ যিসকল খ্ৰীষ্টান পুৰুষে নিজৰ সঙ্গী সেৱকসকলক সেৱা কৰিবলৈ প্ৰাচীন বা সহায়ক সেৱক হʼবলৈ বিচাৰিছে, প্ৰকৃততে তেওঁলোকে এক উত্তম লক্ষ্য ৰাখিছে। (১ তীমথিয় ৩:১, ৮) তেনে লক্ষ্যত উপনীত হবলৈ এজন ভায়ে আধ্যাত্মিক ব্যক্তি, সকলো বিষয়ত চেতনাযুক্ত আৰু পৰিচৰ্য্যা কৰ্ম্মত আগ্ৰহী হোৱা উচিত। (পাঁচনিৰ কৰ্ম্ম ১৮:২৪; ১ তীমথিয় ৪:১৫; ২ তীমথিয় ৪:৫) তেওঁ নিশ্চয়ে উগ্ৰ, আত্মনিয়ন্ত্ৰণহীন, অধৈৰ্য্যশীল আৰু ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰাৰ বাবে অহংকাৰী, দাম্ভিক বা ইচ্চাকাংক্ষী ব্যক্তি হোৱা উচিত নহয়। (হিতোপদেশ ১১:২; ইব্ৰী ৬:১৫; ৩ যোহন ৯, ১০) যদি তেওঁ বিবাহিত ব্যক্তি, তেনেহʼলে তেওঁ এজন প্ৰেমময় মুখীয়াল আৰু নিজ ঘৰখনক উত্তমৰূপে চোৱা-চিতা কৰোঁতা হোৱা উচিত। (১ তীমথিয় ৩:৪, ৫, ১২) কিয়নো তেওঁ আধ্যাত্মিক বিষয়বোৰৰ মূল্য বুজি পাই আৰু তেনে লোকে যিহোৱাৰ প্ৰচুৰ আশীৰ্ব্বাদ কেতিয়াও অস্বীকাৰ নকৰে।—মথি ৬:১৯-২১.
১৫, ১৬. কোনে ‘মানুহবিলাকত নানা বৰ’ হোৱাৰ প্ৰমাণ দিছে? উদাহৰণ দিয়ক।
১৫ যিসকলে মণ্ডলীত প্ৰাচীন হিচাপে সেৱা কৰিছে, তেওঁলোকে প্ৰচাৰক, ৰক্ষক আৰু শিক্ষক হবলৈ নিজেই প্ৰচেষ্টা কৰিছে। তদুপৰি তেওঁলোকে ‘মানুহবিলাকত নানা বৰ’ হোৱাৰ উপযুক্ত প্ৰমাণ দিছে। (ইফিচীয়া ৪:৮, ১১) যিসকলে তেওঁলোকৰ প্ৰেমময় সেৱাৰ দ্বাৰা লাভৱান হৈছে, তেওঁলোকে হয়তো সদায়ে তেওঁলোকক মূল্যাঙ্কণ নকৰিবও পাৰে, কিন্তু যিহোৱাই তেনে বিশ্বাসী প্ৰাচীনসকলে কৰা কাৰ্য্যক লক্ষ্য কৰে। ঈশ্বৰলৈ প্ৰকাশ কৰা তেওঁলোকৰ প্ৰেম আৰু পৰিশ্ৰমৰ কথা ঈশ্বৰে কেতিয়াও নাপাহৰে।—১ তীমথিয় ৫:১৭; ইব্ৰী ৬:১০.
১৬ এজন পৰিশ্ৰমী প্ৰাচীনৰ বিষয়ে বিবেচনা কৰক যিজনে মগজুৰ অস্ত্ৰচিকিৎসা হʼবলগীয়া হোৱা মণ্ডলীৰ এগৰাকী কম বয়সীয়া খ্ৰীষ্টান ভনীক সাক্ষাত কৰে। পাছলৈ সেই ভনী গৰাকীৰ পৰিয়ালৰ এগৰাকী বান্ধবীয়ে সেই প্ৰাচীনজনৰ সম্পৰ্কে এইদৰে লিখিছিল: “তেওঁ অতি দয়ালু, চিন্তাশীল আৰু সহায়ক আছিল। তেওঁ আমাৰ সৈতে তাইৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুমতি বিচাৰিছিল। যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে সেই ভনী গৰাকীৰ দেউতাকে [যিহোৱাৰ সাক্ষী নহয়] ফেঁকুৰি কান্দিব ধৰিলে আৰু চিকিৎসালয়ৰ সেই কোঠাত থকা সকলোৰে চকুৰ পানী ওলাই আহিল। সেই প্ৰাচীনজনৰ প্ৰাৰ্থনা কিমান যে হৃদয়স্পৰ্ষী আৰু যিহোৱাই সেই সময়ছোৱাত তেওঁক পঠিয়াই নিজৰ প্ৰেম প্ৰকাশ কৰিলে!” আন এগৰাকী সাক্ষী ভনীয়ে তাইক চাবলৈ অহা প্ৰাচীনসকলৰ বিষয়ে এইদৰে কৈছিল: “যেতিয়া তেওঁলোকে মই থকা চিকিৎসালয়ৰ কোঠা অৰ্থাৎ ইন্টেন্চিভ কেয়াৰ ইউনিটত প্ৰবেশ কৰিলে, তেতিয়া মই জানিছিলোঁ যে মই সকলো প্ৰকাৰৰ কষ্ট সহন কৰিব পাৰিম। মই সাহস আৰু মনত সকাহ পালোঁ।” কোনোৱাই তেনেধৰণৰ প্ৰেমময় বিবেচনাশীল কিনিব পাৰেনে? কোনেও নোৱাৰে! ই ঈশ্বৰৰ পৰা অহা এক উপহাৰ যাক তেওঁ খ্ৰীষ্টান মণ্ডলীৰ যোগেদি উপলব্ধ কৰিছে।—যিচয়া ৩২:১, ২.
উপহাৰস্বৰূপে পোৱা প্ৰচাৰকাৰ্য্য
১৭, ১৮ (ক) যিহোৱাই তেওঁৰ লোকসকলক কেনেধৰণৰ উপহাৰ অৰ্থাৎ কাৰ্য্যৰ দায়িত্ব দিছে? (খ) আমি প্ৰচাৰকাৰ্য্য সম্পন্ন কৰিবলৈ ঈশ্বৰে কেনে সহায় আগবঢ়াইছে?
১৭ সৰ্ব্বশক্তিমান ঈশ্বৰক সেৱা কৰাৰ অবিহনে কোনো মানুহে ইমান মান-সন্মান লাভ কৰিব পৰা নাই। (যিচয়া ৪৩:১০; ২ কৰিন্থীয়া ৪:৭; ১ পিতৰ ২:৯) এতেকে ডেকা বা বৃদ্ধ, পুৰুষ অথবা স্ত্ৰীয়েই নহওঁক কিয়, ঈশ্বৰক সেৱা কৰিবলৈ ইচ্ছা ৰখা সকলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সুযোগ দিয়া হৈছে। আপুনি এই বহুমূল্য উপহাৰ অৰ্থাৎ আনক শুভবাৰ্ত্তাৰ বিষয়ে কয় নে? কিছুমানে হয়তো নিজকে অযোগ্য বুলি ভাবি প্ৰচাৰকাৰ্য্যত ভাগ নলবও পাৰে। কিন্তু মনত ৰাখক যে যিসকলে যিহোৱাক সেৱা কৰে তেওঁ তেওঁলোকক নিজৰ পবিত্ৰ আত্মা প্ৰদান কৰে আৰু সেই শক্তিয়ে তেওঁলোকক শক্তিশালী কৰি তুলে।—যিৰিমিয়া ১:৬-৮; ২০:১.
১৮ যিহোৱাই এই প্ৰচাৰ কাৰ্য্যৰ বাবে অহঙ্কাৰী আৰু বলৱান লোকৰ পৰিৱৰ্তে নম্ৰ ব্যক্তিসকলক নিযুক্ত কৰিছে। (১ কৰিন্থীয়া ১:২০, ২৬-২৯) কিয়নো এনে নম্ৰমনৰ লোকসকলে প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ নিজৰ বাহুবলৰ ওপৰত নহয় কিন্তু যিহোৱাৰ সহায়ৰ ওপৰত নৰ্ভৰ কৰে। তদুপৰি, তেওঁলোকে যিহোৱাই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি প্ৰবন্ধ কৰা আধ্যাত্মিক সহায়ক মূল্যাঙ্কণ কৰে।—লূক ১২:৪২-৪৪; হিতোপদেশ ২২:৪.
সুখী পৰিয়ালৰ জীৱন হৈছে এক উত্তম উপহাৰ
১৯. নিজ লʼৰা-ছোৱলীক উত্তমৰূপে প্ৰতিপালন কৰাত সফলতা লাভ কৰিবলৈ কি কাৰণসমূহে আমাক সহায় কৰিব পাৰে?
১৯ বিবাহ আৰু এক সুখী পৰিয়ালৰ জীৱন হৈছে ঈশ্বৰৰ পৰা পোৱা এক অত্যুত্তম উপহাৰ। (ৰূথ ১:৯; ইফিচীয়া ৩:১৪, ১৫) তদুপৰি, জন্ম হোৱা লʼৰা-ছোৱালীবিলাকো হৈছে “যিহোৱাই দিয়া আধিপত্য” আৰু যিসকল পিতৃ-মাতৃয়ে নিজ লʼৰা-ছোৱালীক ঈশ্বৰীয় শিক্ষাৰে প্ৰতিপালন কৰে, পাছলৈ সেই সন্তানে পিতৃ-মাতৃসকললৈ গৌৰৱ কঢ়িয়াই আনে। (গীতমালা ১২৭:৩) যদি আপুনি এজন পিতৃ বা মাতৃ, তেন্তে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়ক যাতে আপুনিও নিজৰ লʼৰা-ছোৱালীক তেওঁৰ শিক্ষাৰ অনুসাৰে প্ৰতিপালন কৰিব পাৰে। যিসকল পিতৃ-মাতৃয়ে তেনে কৰে তেওঁলোকে নিশ্চয়ে যিহোৱাৰ সমৰ্থন আৰু মহান আশীৰ্ব্বাদ লাভ কৰিব।—হিতোপদেশ ৩:৫, ৬; ২২:৬; ইফিচীয়া ৬:১-৪.
২০. যিসকল পিতৃ-মাতৃৰ লʼৰা-ছোৱালীয়ে সত্যৰ পথত চলিবলৈ ত্যাগ দিছে, তেনে পিতৃ-মাতৃসকলে কেনেধৰণৰ সমৰ্থন আশা কৰিব পাৰে?
২০ পিতৃ-মাতৃয়ে ঈশ্বৰীয় শিক্ষাৰ অনুসাৰে প্ৰতিপালন কৰাৰ স্বত্ত্বেও কিছুমান লʼৰা-ছোৱীলেয়ে ডেকা হোৱাৰ পাছত সত্য উপাসনা কৰিবলৈ ত্যাগ দিয়ে। (আদিপুস্তক ২৬:৩৪, ৩৫) এনে কাৰ্য্যই পিতৃ-মাতৃসকলকৰ মনত হয়তো অতিশয়ৰূপে আঘাট দিব পাৰে। (হিতোপদেশ ১৭:২১, ২৫) এনে অৱস্থাত নিৰুৎসাহিত বা আশাহীন হৈ পৰাৰ পৰিৱৰ্তে পিতৃ-মাতৃসকলে যীচুৱে দিয়া অবাধ্য পুত্ৰৰ দৃষ্টান্তৰ বিষয়ে বিবেচনা কৰিলে উত্তম হʼব। তেওঁৰ দৃষ্টান্তৰ অনুসাৰে যদিও সেই অবাধ্য পুত্ৰই ঘৰ এৰি নিজৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰে। কিন্তু পাছলৈ যেতিয়া সি মনপালটন কৰি পুনৰাই পিতৃৰ ঘৰলৈ উভটি আহে, পিতৃয়ে তেওঁক অতি আনন্দ আৰু প্ৰেমেৰে গ্ৰহণ কৰে। (লূক ১৫:১১-৩২) গতিকে যিয়েই নহওঁক কিয়, বিশ্বাসী খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিশ্চিত হʼব পাৰে যে যিহোৱাই তেওঁলোকে কৰা প্ৰেমময় প্ৰাতিপালনক বুজি পাই আৰু তেওঁ সমৰ্থন আগবঢ়োৱাত কেতিয়াও বিফল নহয়।—গীতমালা ১৪৫:১৪.
২১. আমি কাৰ প্ৰতি কাণ দিয়া উচিত আৰু কিয়?
২১ সেইবাবে আঁহক আমি সকলোৱে আমাৰ জীৱনত আৱশ্যক হোৱা সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কি তাক নিশ্চিত কৰোঁহঁক। আমি ভৌতিক বস্তু লাভ কৰাৰ প্ৰতি ইমানেই আগুৱাই গৈছোঁনে, যিয়ে আমাৰ আৰু নিজৰ পৰিয়ালৰ বাবে হানিকাৰক হʼব পাৰে? অথবা আমি “উত্তম দান আৰু সিদ্ধ বৰ” পাবলৈ আগবাঢ়িছোঁনে যি “জ্যোতিঃবিলাকৰ পিতৃৰ পৰা” আহে? (যাকোব ১:১৭) আনহাতে চয়তান অৰ্থাৎ ‘মিছলীয়াৰ পিতৃয়ে’ আমাক ভৌতিক বস্তুৰ ফান্দত পেলাবলৈ চেষ্টা কৰে যাতে আমি আমাৰ সুখ আৰু জীৱন দুয়োকে হেৰুৱাই পেলাওঁ। (যোহন ৮:৪৪; লূক ১২:১৫) কিন্তু যিহোৱা হৈছে আমাৰ উত্তম আৰু হিতৰ বাবে আগ্ৰহী। (যিচয়া ৪৮:১৭, ১৮) সেইবাবে আমি সকলোৱে তেওঁৰ বাক্যৰ প্ৰতি কাণ দি “যিহোৱাত হৰ্ষ” কৰোঁহঁক। (গীতমালা ৩৭:৪) যদি আমি তেনে ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেতিহʼলে যিহোৱাই আমাক প্ৰচুৰমাত্ৰাত বহুমূলীয়া উপহাৰৰ দ্বাৰা আশীৰ্ব্বাদ কৰিব, যʼত কোনো দুখ বা বেদনা নাই। (w01 9/15)
[ফুটনোট]
^ সচেতন! ১৯৯৩ চনৰ ২২ জানুৱাৰী, ১৮-২১ পৃষ্ঠাত চাওঁক।
আপোনাৰ মনত আছেনে?
• প্ৰকৃত আনন্দ কʼত পাব পাৰি?
• যিহোৱাই নিজৰ লোকসকলক দিয়া কিছুমান উপহাৰ কি কি?
• প্ৰচাৰকাৰ্য্যক কিয় উপহাৰ বুলি কোৱা হৈছে?
• পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক প্ৰতিপালন কৰা সময়ত যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ কি কৰা আৱশ্যক?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৪ পৃষ্ঠাৰ ছবি]
আপুনি ঈশ্বৰে উপহাৰস্বৰূপে দিয়া তেওঁৰ লিখিত বাক্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছেনে?
[২৫ পৃষ্ঠাৰ ছবি]
লৰেল নীচবেটে সকলো ধৰণৰ পৰীক্ষাৰ সম্মুখীন হোৱা স্বত্ত্বেও উৎসাহী হৈ যিহোৱাৰ সেৱা কৰিলে
[২৬ পৃষ্ঠাৰ ছবি]
টাবিথাৰ দৰে প্ৰেমৰ কাৰ্য্য কৰাৰ বাবে বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলে জনাজাত হৈ পৰিছে
[২৭ পৃষ্ঠাৰ ছবি]
খ্ৰীষ্টান প্ৰাচীনসকলে নিজৰ সঙ্গী উপাসকসকলক প্ৰেমেৰে চোৱা-চিতা কৰে