ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বিছিন্ন কৰিব পাৰে?
ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনে বিছিন্ন কৰিব পাৰে?
“তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।”—১ যোহন ৪:১৯.
১, ২. (ক) আমাক যে প্ৰেমেৰে চোৱা-চিতা কৰা হৈছিল তাক জনাটো কিয় গুৰুত্বপূৰ্ণ? (খ) আমাক কাৰ প্ৰেম অধিকৈ আৱশ্যক?
আপোনাক যে প্ৰেমেৰে চোৱা-চিতা কৰা হৈছে ইয়াক জনাটো কিমান গুৰুত্বপূৰ্ণ? কণমাণি কেচুৱাৰ পৰা লৈ ডেকা অৱস্থালৈকে সকলোৱে এই প্ৰেমৰ অনুভৱ কৰিছে। আপুনি কেতিয়াবা এটি শিশুক মাকৰ কোলাত আলফুলকৈ শুই থকা দেখিছেনে? চাৰিওফালে যিয়েই নহওক কিয়, শিশুটোৱে প্ৰায়ে মাকৰ কোলাত নিশ্চিন্ত মনে অতি আনন্দেৰে থাকে। নতুবা কোনো বেয়া পৰিস্থিতিৰ সম্মুখীন হোৱাৰ সময়ত আপুনি কেনে অনুভৱ কৰিছিল, সেইবোৰৰ বিষয়ে মনত আছেনে? (১ থিচলনীকীয়া ২:৭) একসময়ত আপুনি হয়তো নাজানিছিল যে আপুনাক কিহৰ আৱশ্যকতা আছিল বা কেনে অনুভৱ কৰিছিল। গতিকে আপোনৰ পিতৃ-মাতৃয়ে আপোনাক কেনেকৈ প্ৰেমেৰে প্ৰতি-পালন কৰিলে তাক জনাটো কিমান যে আৱশ্যক! আপুনি কোনো সমস্যাতে তেওঁলোকৰ কাষ চপাৰ বিষয়ে জনাটো উপকাৰী নাছিলনে বাৰু? সঁচাকৈ আমাৰ গোটেই জীৱনটোত আটাইতকৈ প্ৰয়োজনীয় আৱশ্যকতা হৈছে প্ৰেম। এনে প্ৰেমে আশ্বাস দিয়ে যে ঈশ্বৰে আমাক অতি মূল্যবানৰূপে দৃষ্টি কৰে।
২ এজন পিতৃ-মাতৃৰ প্ৰেমৰ সৈতে থকা সহনশীলতাৰ গুণে তেওঁলোকৰ সন্তানক চোৱা-চিতা আৰু ভাৰসাম্য বজাই ৰাখাত এক প্ৰমুখ ভূমিকা আদায় কৰে। কিন্তু তথাপিও আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই আমাক আধ্যাত্মিক বা আৱেগপূৰ্ণতাৰে চোৱা-চিতা কৰিবলৈ যি প্ৰেম দেখুৱাইছে, ই সকলোতকৈ মহান আৰু ভৰসাযুক্ত বিষয়। এই আলোচনীখনক পঢ়া কিছুমান ব্যক্তিয়ে হয়তো পিতৃ-মাতৃ নোহোৱাকৈ ডাঙৰ হৈছে। যদি আপোনাৰ ক্ষেত্ৰতো তেনে হৈছে, তেনেহʼলে উৎসাহিত হওঁক। আপুনি যদিও পিতৃ-মাতৃৰ প্ৰেম পোৱা নাই, তেতিয়াও ঈশ্বৰৰ ভৰসাযুক্ত প্ৰেমে আপোনাক সাৱতি ধৰিব।
৩. যিহোৱাই তেওঁৰ লোকসকলক নিজৰ প্ৰেমৰ সম্বন্ধে কেনেকৈ আশ্বাস দিছে?
৩ যিচয়া ভৱিষ্যতবক্তাৰ দ্বাৰা যিহোৱাই কৈছিল যে যদিও এগৰাকী মাতৃয়ে নিজৰ পিয়াহ খোৱা কেঁচুৱাক “পাহৰিব” পাৰে, কিন্তু তেওঁ হʼলে নিজৰ লোকক কেতিয়াও নাপাহৰিব। (যিচয়া ৪৯:১৫) ঠিক সেইদৰে ৰজা দায়ুদেও দৃঢ়ভাৱে এইদৰে কৈছিল: “কিয়নো, মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।” (গীতমালা ২৭:১০) এইটো কিমান যে ভৰসাযুক্ত বিষয়! আপোনোৰ পৰিস্থিতি যিয়েই নহওঁক কিয়, যদি আপুনি নিজকে সমৰ্পিত কৰি যিহোৱাৰ সৈতে সম্বন্ধ গঢ়ি তুলিছে, তেন্তে সদায়ে এইটো মনত ৰখা উচিত যে আপোনাৰ প্ৰতি থকা তেওঁৰ প্ৰেম সকলো মানুহে কৰা প্ৰেমতকৈ মহান!
আপুনি নিজকে ঈশ্বৰৰ প্ৰেমত বান্ধি ৰাখক
৪. প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কেনেকৈ ঈশ্বৰৰ প্ৰেমৰ আশ্বাস পাইছিল?
৪ সৰ্ব্বপ্ৰথমে আপুনি কেতিয়া যিহোৱাৰ প্ৰেমৰ বিষয়ে জানিব পাৰিলে? সম্ভৱতঃ, প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে আপুনিও অনুভৱ কৰিছিল। পাঁচনি পৌলে বিশ্বাসী ৰোমীয় খ্ৰীষ্টানসকললৈ লিখা ৰোমীয়া নামৰ পত্ৰখনৰ ৫ অধ্যায়ত স্পষ্টকৈ উল্লেখ কৰিছে যে কেনেকৈ এসময়ত ঈশ্বৰৰ বিপক্ষে থকা পাপীসকলে, পাছলৈ যিহোৱাৰ প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল। আমি ৫ পদত এইদৰে পঢ়িবলৈ পাওঁ: “কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।” আগলৈ ৮ পদত এইদৰে কৈছে: “ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্ব্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।”
৫. ঈশ্বৰে আপোনালৈ আগবঢ়োৱা প্ৰেমক আপুনি কেনেকৈ বুজিব পাৰিলে?
৫ সেই একেদৰে যেতিয়া আপুনি সত্যক জানি তাৰ অনুসাৰে চলিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই যিহোৱাৰ আত্মাই আপোনাৰ হৃদয়ত কাৰ্য্যকাৰীৰূপে কাম কৰিবলৈ আৰম্ভ কৰিলে। এইদৰে আপুনি যিহোৱাই আপোনাৰ পাপৰ নিমিত্তে কৰা তেওঁৰ পুত্ৰৰ বলিদানৰ প্ৰবন্ধৰ বিষয়ে জানিব পাৰি কৃতজ্ঞ হʼল। তদুপৰি, আপুনি জানিব পাৰিলে যে যিহোৱাই মানৱজাতিক কিমান প্ৰেম কৰে। যদিও আপুনি পাপী হিচাবে জন্ম গ্ৰহণ কৰিলে আৰু ঈশ্বৰৰ পৰা পৃথক আছিল, কিন্তু যিহোৱাই মানৱজাতিক ধাৰ্ম্মিক ঘোষণা কৰি অনন্ত জীৱন লাভ কৰিবলৈ পথ মুকলি কৰিলে। ইয়ে আপোনাৰ হৃদয় স্পৰ্ষ নকৰিলেনে বাৰু? ইয়াৰ ওপৰিও আপুনি যিহোৱালৈ প্ৰেম অনুভৱ কৰা নাছিলনে?—ৰোমীয়া ৫:১০.
৬. আমি কিয় কেতিয়াবা যিহোৱাৰ পৰা দূৰ হোৱা যেন অনুভৱ কৰোঁ?
৬ স্বৰ্গীয় পিতৃৰ প্ৰতি থকা প্ৰেমে আপোনাক তেওঁৰ কাষ চপা আৰু সেই অনুসাৰে নিজ জীৱনত সাল-সলনি কৰি নিজকে ঈশ্বৰলৈ সমৰ্পিত কৰিবলৈ প্ৰেৰিত কৰিলে। এতিয়া আপুনি তেওঁৰ সৈতে শান্তিৰ আনন্দ উপভোগ কৰিছে। তথাপিও, কেতিয়াবা আপুনি নিজকে ঈশ্বৰৰ পৰা অলপ দূৰ হোৱা যেন অনুভৱ কৰিছেনে? আমি কোনোবাই হয়তো তেনে অনুভৱ কৰিব পাৰো। কিন্তু সদায়ে মনত ৰাখা আৱশ্যক যে তেওঁ কেতিয়াও পৰিৱৰ্তন নহয়। তেওঁৰ প্ৰেম সূৰ্য্যৰ দৰে স্থিৰ যি সদায়েই পৃথিৱীখনত নিজৰ পোহৰ পেলায়। (মলাখী ৩:৬; যাকোব ১:১৭) আনহাতে আমি হয়তো অস্থায়ীৰূপে পৰিৱৰ্তন হʼব পাৰোঁ। উদাহৰণস্বৰূপে, যেতিয়া পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে তেতিয়া ইয়াৰ আধা অংশ আন্ধাৰ হৈ থাকে। ঠিক তেনেদৰে যেতিয়া আমি যিহোৱাৰ পৰা কিছু সময়ৰ বাবে দূৰ হওঁ তেতিয়া হয়তো আমি ভাবিব পাৰোঁ যে তেওঁৰ সৈতে থকা আমাৰ সম্বন্ধ চেঁচা হৈ পৰিছে। আমি তেনে অৱস্থাক ঠিক কৰিবলৈ কি কৰিব পাৰোঁ?
৭. আত্মসমীক্ষা কৰাৰ দ্বাৰা আমি কেনেকৈ ঈশ্বৰৰ প্ৰেমত থাকিবলৈ সহায় লাভ কৰিম?
৭ যদি আমি তেনেদৰে অনুভৱ কৰোঁ তেন্তে নিজকে এইদৰে সুধিব পাৰোঁ: ‘মই ঈশ্বৰৰ প্ৰেম সহজভাৱে গ্ৰহণ কৰিছোঁনে? মই ক্ৰমান্বয়ে জীৱিত আৰু প্ৰেমময় ঈশ্বৰ পৰা আতঁৰি গৈ জীৱনৰ বিভিন্ন ক্ষেত্ৰত নিজৰ বিশ্বাস হ্ৰাস হোৱাৰ প্ৰমাণ দিছোঁনে? মই “আত্মাৰ অনুসাৰে” চলাৰ পৰিৱৰ্ত্তে “মাংসৰ অনুসাৰে” চলিছোঁনে?’ (ৰোমীয়া ৮:৫-৮; ইব্ৰী ৩:১২) যদি আমি যিহোৱাৰ পৰা আঁতৰি গৈছোঁ, তেনেহʼলে তাক শুধৰাবলৈ আৰু তেওঁৰ কাষ চাপিবলৈ বিনা কোনো পলমে পদক্ষেপ লোৱা আৱশ্যক। এই সন্দৰ্ভত যাকোবে এইদৰে কৈছিল: “ঈশ্বৰলৈ কাষ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) তদুপৰি, যিহূদাই কোৱা এই বাক্যশাৰীৰ প্ৰতিও কাণ দিয়ক, যʼত তেওঁ এইদৰে কৈছিল: “হে প্ৰিয়বিলাক, তোমালোকে হলে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁথি, আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি, ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখা।”—যিহূদা ২০, ২১.
পৰিস্থিতিৰ সাল-সলনিক ঈশ্বৰৰ প্ৰেমত ব্যাঘাত জন্মাবলৈ দিয়া উচিত নহয়
৮. আকস্মিকভাৱে আমাৰ জীৱনত কেনে পৰিৱৰ্ত্তন আহিব পাৰে?
৮ যিহেতু এই বৰ্ত্তমান ৰীতি-ব্যৱস্থাত থকাৰ হেতুকে আমাৰ জীৱনত বহুতো সাল-সলনি হয়। ৰজা চলোমনে এনে পৰিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখি কৈছিল যে “সকলোলৈকে [আমালৈ] সময় আৰু দৈব্যক্ৰম ঘটে।” (উপদেশক ৯:১১) সেয়েহে, হয়তো একে ৰাতিৰ ভিতৰতে আমাৰ জীৱনত পৰিৱৰ্তন ঘটিব পাৰে। আজি আমি হয়তো সুস্থ অৱস্থাত আছোঁ কিন্তু কালিলৈ আমি কোনো গুৰুত্বৰ বেমাৰ দ্বাৰা পীড়িত হʼব পাৰোঁ। আজি হয়তো আমাৰ ভাল চাকৰি আছে কালিলৈ তাক হেৰুৱাবলগা হʼব পাৰে। কোনো আগজাননী নোপোৱাকৈ আমি হয়তো অকস্মাতে আপোনজনক মৃত্যুত হেৰুৱাব পাৰোঁ। কোনো এক দেশত সত্য খ্ৰীষ্টানসকলে আজি হয়তো আনন্দেৰে জীৱন-নিৰ্বাহ কৰিছে কিন্তু কালিলৈ হঠাতে তাড়নাৰ সম্মুখীন হʼব পাৰে। নতুবা আমাক মিছা অভিযোগ দিয়াৰ বাবে হয়তো আমি অন্যায়ৰ সম্মুখীন হʼব পাৰোঁ। সঁচাকৈ আমাৰ জীৱনটো স্থায়ী বা সম্পূৰ্ণকৈ সুনিশ্চিত নহয়।—যাকোব ৪:১৩-১৫.
৯. ৰোমীয়া ৮ অধ্যায়ত উল্লেখ কৰা সান্ত্বনাদায়ক পৰামৰ্শসমূহক বিবেচনা কৰিলে কিয় উত্তম হʼব?
৯ আমাৰ জীৱনত আকস্মিকভাৱে ঘটা কোনো ঘটনাৰ বাবে আমি হয়তো পৰিত্যক্ত বা ঈশ্বৰৰ প্ৰেমৰ পৰা বঞ্চিত হোৱা বুলি অনুভৱ কৰিব পাৰোঁ। দৰাচলতে আমি সকলোৱে তেনে পৰিস্থিতিৰ সম্মুখীন হোৱাতো অনিবাৰ্য্য। সেইবাবে আমি পাঁচনি পৌলে ৰোমীয়া ৮ অধ্যায়ত উল্লেখ কৰা সান্ত্বনাদায়ক পৰামৰ্শসমূহক বিবেচনা কৰিলে উত্তম হʼব। যিহেতু সেই বাক্যফাঁকি অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে লিখা হৈছে। তথাপিও তাত থকা সিদ্ধান্তবোৰ অন্য মেৰ অৰ্থাৎ বৃহত লোকসমূহৰ বাবেও ব্যৱহাৰিক, যিসকলক ঈশ্বৰে প্ৰাচীনকালৰ অব্ৰাহামৰ দৰে ধাৰ্ম্মিক আৰু নিজৰ বন্ধু বুলি কোৱা হৈছে।—ৰোমীয়া ৪:২০-২২; যাকোব ২:২১-২৩.
১০, ১১. (ক) কেতিয়াবা বিৰোধীসকলে ঈশ্বৰৰ লোকসমূহৰ ওপৰত কেনেধৰণৰ অভিযোগ দিয়ে? (খ) তেনেধৰণৰ মিছা অভিযোগবোৰৰ প্ৰতি সত্য খ্ৰীষ্টানসকলে কিয় চিন্তিত নহয়?
১০ ৰোমীয়া ৮:৩১-৩৪ পদক পঢ়ক। যʼত পাঁচনি পৌলে এইদৰে কৈছিল: “যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হʼব পাৰে?” বাস্তৱতে আমাৰ বিপক্ষে চয়তান আৰু তাৰ দুষ্ট জগতখন থিয় হৈ আছে। সেয়েহে শত্ৰুবিলাকে হয়তো আদালতত আমাৰ বিপক্ষে মিছা অভিযোগ দিব পাৰে। যেনে, কিছুমান খ্ৰীষ্টান পিতৃ-মাতৃক তেওঁলোকৰ সন্তানক ঘৃণা কৰা বুলি অভিযোগ দিয়ে, কিয়নো তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ ব্যৱস্থাক ভঙ্গ কৰিবলৈ তেজ সঞ্চাৰণ কৰাৰ বাবে অনুমতি বা মূৰ্ত্তি পূজাত ভাগ লবলৈ নিদিয়ে। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯; ২ কৰিন্থীয়া ৬:১৪-১৬) আন সত্য খ্ৰীষ্টানসকলে যুদ্ধত আন লোকক হত্যা কৰাত বা ৰাজনৈতিকত কোনো ভাগ নোলোৱাৰ বাবে ৰাজদ্ৰোহী বুলি মিছাকৈ অভিযোগ দিয়ে। (যোহন ১৭:১৬) কিছুমান বিৰোধীয়ে বাতৰি মাধ্যমৰ যোগেদি যিহোৱাৰ সাক্ষীসকলক বিপদজনক পন্থা বুলি মিছা অভিযোগ লগায়।
১১ কিন্তু এইটো পাহৰি যোৱা উচিত নহয় যে প্ৰাচীন সময়ত থকা পাঁচনীসকলেও তেনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল। তেওঁলোকৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে।” (পাঁচনিৰ কৰ্ম্ম ২৮:২২) তেনেহʼলে এই মিছা অভিযোগবোৰ আমাৰ বাবে প্ৰকৃততে বিবেচনা কৰাৰ বিষয় নে? ঈশ্বৰে তেওঁলোকক সত্য ধাৰ্ম্মিক খ্ৰীষ্টান বুলি অনুমোদন দিছে, কিয়নো তেওঁলোকে যীচুৰ মুক্তিপণ বলিদানৰ ওপৰত দৃঢ়ভাৱে বিশ্বাস কৰে। যিহোৱাই যি উপাসকসকলৰ বাবে নিজৰ একমাত্ৰ পুত্ৰক বলিদান দিলে, তেনে উপাসকসকলক ঈশ্বৰে প্ৰেম কৰিবলৈ ত্যাগ দিবনে? (১ যোহন ৪:১০) এতিয়া সেই পুত্ৰজন অৰ্থাৎ যীচু খ্ৰীষ্ট পুনৰুত্থিত হৈ ঈশ্বৰৰ সোঁহাতে বহিল আৰু সক্ৰিয়ৰূপে সত্য খ্ৰীষ্টানসকলৰ হৈ প্ৰতিবাদ কৰে। যীচুৱে তেওঁৰ অনুগামীসকলৰ হৈ কৰা প্ৰতিবাদ বা তেওঁৰ বিশ্বাসীসকলৰ হৈ দিয়া ঈশ্বৰৰ সমৰ্থনসূচক সফল প্ৰত্যাহ্বানৰ কোনে সম্মুখীন হʼব পাৰে? বাস্তৱতে কোনেও নোৱাৰে!—যিচয়া ৫০:৮, ৯; ইব্ৰী ৪:১৫, ১৬.
১২, ১৩. (ক) কেনে অৱস্থা বা পৰিস্থিতিসমূহে আমাক ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে? (খ) চয়তানে কি উদ্দেশ্যেৰে আমাৰ ওপৰত ক্লেশ আনে? (গ) খ্ৰীষ্টানসকলে কিয় সম্পূৰ্ণৰূপে বিজয় প্ৰাপ্ত কৰিব?
১২ ৰোমীয়া ৮:৩৫-৩৭ পদটো পঢ়ক। এনে কোনো এজনে বা কিহবাই আমাক যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচুৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব পাৰেনে? খ্ৰীষ্টানসকলৰ ওপৰত নানা দুখ-কষ্ট আনিবলৈ চয়তানে হয়তো তেওঁৰ পাৰ্থীব প্ৰতিনিধিসকলক ব্যৱহাৰ কৰিব পাৰে। বিগত শতাব্দীবোৰত আমাৰ বহুতো ভাই-ভনীয়ে অত্যাধিক তাড়নাৰ সম্মুখীন হৈছিল। বৰ্তমান সময়তো কিছুমান ঠাইত আমাৰ ভাই-ভনীসকলে নিতৌ অৰ্থনৈতিক সমস্যাৰ সম্মুখীন হʼবলগীয়া হয়। কিছুমানৰ হয়তো খাদ্যহীন বা বস্ত্ৰহীনতাৰ অভিজ্ঞতা হৈছে। চয়তানে এনেধৰণৰ সমস্যা উৎপন্ন কৰাৰ কাৰণ কি? চয়তানে তেনে কৰাৰ লক্ষ্য হৈছে যে, সেই পৰিস্থিতিবোৰৰ দ্বাৰা সি সত্য সেৱকসকলক যিহোৱাৰ উপাসনা নকৰিবলৈ নিৰুৎসাহিত কৰা। চয়তানে আমাত থকা ঈশ্বৰৰ প্ৰেম হ্ৰাস বুলি বিশ্বাস জন্মাব বিচাৰে। আপুনিও তেনে অনুভৱ কৰিছেনে?
১৩ পাঁচনি পৌলৰ দৰে আমিও গীতমালা ৪৪:২২ পদত কোৱা ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰিছোঁ। গতিকে আমি জানিব পাৰিছোঁ যে ঈশ্বৰৰ “মেৰ” অৰ্থাৎ আমি তেওঁৰ নাম গ্ৰহণ কৰাৰ বাবে চয়তানৰ তেনে অত্যাচাৰৰ সম্মুখীন হʼবলগীয়া হৈছোঁ। কিয়নো ঈশ্বৰৰ নামৰ সৈতে তেওঁৰ বিশ্ব সাৰ্ব্বভৌমত্ব আৰু তেওঁৰ নামক পবিত্ৰকৰণ কৰাটো সন্মিলিত আছে। এই মুখ্য কাৰণৰ বাবেহে তেওঁ এনে পৰীক্ষাসমূহক অনুমতি দিছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাক প্ৰেম নকৰে। গতিকে পৰিস্থিতি যিয়েই নহওঁক কিয়, আমাৰ প্ৰত্যেকজনে নিশ্চিত হʼব পাৰে যে ঈশ্বৰে তেওঁৰ লোকসকলক সদায়ে প্ৰেম কৰে। যদি আমি নিষ্ঠা বজাই ৰাখোঁ, তেন্তে আমালৈ অহা সকলোবোৰ পৰীক্ষাত আমি বিজয় প্ৰাপ্ত কৰিব পাৰিম। আমি তেওঁৰ অটুট প্ৰেমত ভৰসা ৰাখি বিশ্বাসত দৃঢ় আৰু স্থিৰে থাকিম।
১৪. পাঁচনি পৌলে কেনেকৈ দৃঢ় নিশ্চয়তাৰে কʼব পাৰিলে যে খ্ৰীষ্টানসকলে সম্মুখীন হোৱা কঠিন যন্ত্ৰণাইও তেওঁলোককক ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে?
১৪ ৰোমীয়া ৮:৩৮, ৩৯ পদটো পঢ়ক। পাঁচনি পৌলে কেনেকৈ নিশ্চয়তাৰে কʼব পৰিলে যে একোৱেই সত্য খ্ৰীষ্টানসকলক ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে? নিসন্দেহ, পৌলে নিজেই প্ৰচাৰকাৰ্য্যত বিভিন্ন যন্ত্ৰণাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও একোৱেই তেওঁক ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰিলে। সেয়েহে তেওঁ দৃঢ় নিশ্চয়তাৰে সেইদৰে কʼব পাৰিছিল। (২ কৰিন্থীয়া ১১:২৩-২৭; ফিলিপীয়া ৪:১৩) তদুপৰি, তেওঁ যিহোৱাৰ অনন্তকলীয়া উদ্দেশ্য আৰু অতীতত ঈশ্বৰে তেওঁৰ লোকসকলৰ সৈতে কৰা আচৰণৰ বিষয়ে জানিছিল। যিসকলে বিশ্বাসী ঈশ্বৰৰ সেৱা কৰিছিল, মৃত্যুৱে তেওঁলোকক ঈশ্বৰৰ প্ৰেমৰ পৰা বঞ্চিত কৰিব পাৰিলে নে? অৱশ্যেই নোৱাৰিলে! সেই বিশ্বাসী লোকসকলে মৰিও যিহোৱাৰ স্মৰণত জীৱিতহৈ থাকিল আৰু তেওঁ তেওঁলোকক যথাসময়ত পুনৰাই জীয়াই তুলিব।—লূক ২০:৩৭, ৩৮; ১ কৰিন্থীয়া ১৫:২২-২৬.
১৫, ১৬. ঈশ্বৰে তেওঁৰ উপাসকসকলক প্ৰেম কৰাত যে একোৱেই বাধা দিব নোৱাৰে তাৰে কিছুমান বিষয়ক উল্লেখ কৰক।
১৫ বৰ্তমান সময়ত জীৱনলৈ যিয়ে আস্কমিক পৰিৱৰ্তন নঘটক কিয় যেনে—কোনো দুৰ্ঘটনাৰ বাবে শাৰীৰিকভাৱে অক্ষম হৈ পৰা, মাৰাত্মক ৰোগ, আৰ্থিক সমস্যা। যিকোনো সমস্যায়ে দেখা নিদিয়ক কিয়—একোৱেই ঈশ্বৰৰ সেৱকসকলক তেওঁৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। শক্তিশালী স্বৰ্গদূত অৰ্থাৎ যিজনে পাছলৈ চয়তান হৈ পৰিছিল, তেওঁ নিজেও কোনো প্ৰকাৰে যিহোৱাক তেওঁৰ উপাসকসকলক প্ৰেম কৰাত বাধা দিব নোৱাৰে। (ইয়োব ২:৩) চৰকাৰেও হয়তো তেওঁলোকৰ কাৰ্য্যত প্ৰতিবন্ধ লগাব, জেইলত দিব আৰু ঈশ্বৰৰ লোকসকলৰ সৈতে দুব্যৱহাৰ বা তেওঁলোকক “অস্বীকৃত” (পাৰচনা নন্ গ্ৰেটা) লোক বুলি আখ্যা দিব পাৰে। (১ কৰিন্থীয়া ৪:১৩) এনেধৰণৰ অন্যায়ী ঘৃণাত হয়তো লোকসকলে আমাৰ বিপক্ষে থিয় দিব পাৰে, কিন্তু আমি নিশ্চিত হʼব পাৰোঁ যে সৰ্ব্বশক্তিমান ঈশ্বৰে আমাক কেতিয়াও ত্যাগ নকৰে।
১৬ খ্ৰীষ্টান হোৱাৰ হেতুকে আমি ভয় কৰাৰ কোনো কাৰণ নাই। কিয়নো পাঁচনি পৌলে কৈছিল যে “বৰ্ত্তমান” সময়ৰ ঘটনা, পৰিস্থিতি, এই জগতৰ ৰীতি-ব্যৱস্থা নতুবা ‘ভৱিষ্যতে হʼবলগীয়া কোনো বিষয়েও’ তেওঁৰ লোকসকলক ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে। দুষ্ট আত্মিক শক্তি বা পাৰ্থীৱ শক্তিয়ে যদিও আমাৰ বিৰুদ্ধে থিয় হয়, তথাপিও ঈশ্বৰৰ প্ৰেমে আমাক অটল কৰি ৰাখিব। পাঁচনি পৌলে কোৱা অনুসাৰে ‘পৰাক্ৰম বা তলেও’ ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক বঞ্চিত কৰিব নোৱাৰে। বাস্তৱতে কোনো বস্তু বা আধিপত্যই আমাক ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে; অথবা সৃষ্টিৰ কোনো বস্তুৱেই ঈশ্বৰৰ সৈতে থকা তেওঁৰ বিশ্বাসী সেৱকসকলৰ সম্বন্ধক নষ্ট কৰিব নোৱাৰে। ঈশ্বৰৰ প্ৰেম কেতিয়াও বিফল নহয়; ই হৈছে চিৰস্থায়ী।—১ কৰিন্থীয়া ১৩:৮.
ঈশ্বৰৰ দয়াৰ অমূল্য সম্পদক চিৰকালৰ বাবে সাঁচি ৰাখক
১৭. (ক) ঈশ্বৰৰ প্ৰেম কিয় “জীৱনতকৈয়ো উত্তম”? (খ) আমি কেনেকৈ প্ৰকাশ কৰি দেখুৱাম যে আমি ঈশ্বৰৰ দয়াৰ যি অমূল্য সম্পদক সাঁচি থৈছোঁ?
১৭ আপোনাৰ বাবে ঈশ্বৰৰ প্ৰেম কিমান গুৰুত্বপূৰ্ণ? আপুনি ৰজা দায়ুদৰ দৰে অনুভৱ কৰিছেনে, যʼত তেওঁ এইদৰে কৈছিল: “কিয়নো তোমাৰ দয়া জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি কৰিব। এইদৰে, মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামে হাত মেলিম”? (গীতমালা ৬৩:৩, ৪) বাস্তৱতে, ঈশ্বৰৰ প্ৰেম আৰু তেওঁৰ সৈতে প্ৰকৃত বন্ধু হোৱাৰ আনন্দ লাভ কৰাটোক এই জগতৰ কোনো বস্তু বা বিষয়ৰ সৈতে তুলনা কৰিব পাৰিনে? উদাহৰণস্বৰূপে, ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক থকাৰ বাবে মানসিক শান্তি অনুভৱ কৰিছোঁ, কিন্তু সেই শান্তি আমি আমাৰ লাভদায়ক চাকৰিৰ পৰা লাভ কৰিব পাৰোঁনে? (লূক ১২:১৫) কিছুমান খ্ৰীষ্টান ভাই-ভনীয়ে এনে পৰিস্থিতিৰো সম্মুখীন হʼবলগীয়া হৈছিল, যʼত তেওঁলোকক কোৱা হৈছিল যে হয় যিহোৱাক ত্যাগ কৰা অথবা প্ৰাণ ত্যাগ কৰা। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নাজী যাতনা শিবিৰত বহুতো যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে তেনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল। অলপ সংখ্যক ভাই-ভনীৰ বাহিৰে অধিক সংখ্যক ভাই-ভনীয়ে ঈশ্বৰৰ প্ৰেমত থাকিবলৈ মৃত্যুকো আঁকোৱালি লʼবলৈ সাজু আছিল। যিসকলে বিশ্বাসী হৈ ঈশ্বৰৰ প্ৰেমত থাকে, তেওঁলোকলৈ এইটো নিশ্চিত যে তেওঁলোকক ঈশ্বৰে ভৱিষ্যতে এক চিৰকলীয়া জীৱন প্ৰদান কৰিব। যিটো এই জগতে আমাক কেতিয়াও দিব নোৱাৰে। (মাৰ্ক ৮:৩৪-৩৬) কিন্তু এই অনন্তকলীয়া জীৱনৰ ওপৰিও বহুকিছু সন্মিলিত আছে।
১৮. অনন্তকালৰ জীৱন কিয় আকৰ্ষণীয় হʼব?
১৮ স্পষ্টৰূপে যিহোৱাৰ অৱিহনে অনন্তকলীয়া জীৱন জীয়াই থকাটো সম্ভৱ নহয়, কিন্তু বিবেচনা কৰি চাওঁক যে সৃষ্টিকৰ্ত্তাৰ অৱিহনে দীৰ্ঘকাল জীয়াই থকাতোঁ কেনেকুৱা হʼলহেঁতেঁন। প্ৰকৃত কোনো উদ্দেশ্য নথকাকৈ, জীৱন অৰ্থহীন হʼলহেঁতেঁন। সেইবাবে এই শেষকালত যিহোৱাই তেওঁৰ লোকসকলক প্ৰচুৰমাত্ৰাত কাৰ্য্যৰ দায়িত্ব গতাই দিছে। এতেকে আমি ভাৰসা কৰিব পাৰোঁ যে যেতিয়া আমাৰ উদ্দেশ্যপূৰ্ণ আৰু মহান প্ৰবন্ধকে অনন্ত জীৱন দান কৰিব, তেতিয়া আমাৰ জীৱনটো সঁচাকৈ অতি আকৰ্ষণীয়, শিকিবলৈ বহুতো অৰ্থপূৰ্ণ বিষয় আৰু কৰিবলৈ বহুতো কাৰ্য্য থাকিব। (উপদেশক ৩:১১) সেয়েহে সন্নিকট ভৱিষ্যতৰ হাজাৰ বছৰৰ কালছোৱাতো আমাৰ জ্ঞান তেতিয়াও সম্পূৰ্ণ বোধগম্য নহʼব, কিয়নো “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ।”—ৰোমীয়া ১১:৩৩.
পিতৃয়ে আপোনাক প্ৰীতি কৰে
১৯. যীচুৱে তেওঁৰ শিষ্যসকলক কেনে আশ্বাস দিছিল?
১৯ সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখৰ শেষ ৰাতিত যীচুৱে তেওঁৰ ১১ জন শিষ্যক ভৱিষ্যতে ঘটিবলগীয়া বহুতো বিষয় দাঙি ধৰি তেওঁলোকক শক্তিশালী কৰি তুলিছিল। তেওঁলোকে যীচুৰ পৰীক্ষাৰ সময়ছোৱাত তেওঁৰ সৈতে আছিল, ব্যক্তিগতৰূপে তেওঁলোকৰ প্ৰতি থকা যীচুৰ প্ৰেমকো অনুভৱ কৰিছিল। (লূক ২২:২৮, ৩০; যোহন ১:১৬; ১৩:১) সেইবাবে যীচুৱে তেওঁলোকক আশ্বাস দি এইদৰে কৈছিল: “পিতৃয়ে নিজেই তোমালোকক প্ৰীতি কৰে।” (যোহন ১৬:২৬) যীচুৰ সেই বাক্যশাৰীয়ে শিষ্যসকলক, তেওঁলোকৰ প্ৰতি থকা স্বৰ্গীয় পিতৃৰ মৰমীয়াল অনুভূতিক বুজি পোৱাত নিশ্চয়ে সহায় কৰিছিল!
২০. আপুনি কি কৰিবলৈ নিৰ্ণয় লৈছে আৰু কিহৰ বাবে আপুনি নিশ্চিত হʼব পাৰে?
২০ বৰ্ত্তমান সময়ত বেছিভাগ ভাই-ভনীয়ে বহু বছৰ ধৰি বিশ্বাসেৰে যিহোৱাৰ সেৱা কৰি আহিছে। কিন্তু ইয়াত কোনো সন্দেহ নাই যে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ অন্ত নহালৈকে আমি বহু ধৰণৰ পৰীক্ষাৰ সম্মুখীন হম। সেয়েহে আমি কেতিয়াও তেনেধৰণৰ পৰীক্ষাবোৰক, আমাৰ সৈতে থকা ঈশ্বৰৰ বিশ্বস্ত প্ৰেমত সন্দেহ উৎপন্ন কৰিব দিয়া উচিত নহয়। যিহোৱাই যে আমাক প্ৰীতি কৰে, তাক প্ৰয়োজনতকৈ অতিৰিক্ত গুৰুত্ব দি বুজোৱাতো কঠিন হʼব। (যাকোব ৫:১১) গতিকে আহঁক আমি সকলোৱে বিশ্বাসী হৈ যিহোৱাৰ আজ্ঞাবোৰক পালন কৰোঁহঁক। (যোহন ১৫:৮-১০) প্ৰত্যেক সুযোগতে আমি তেওঁৰ নাম প্ৰশংসা কৰোঁহঁক। আমি নিয়মিতৰূপে বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা কৰাৰ দ্বাৰা যিহোৱাৰ সমীবৰ্তী হৈ নিজকে বিশ্বাসত দৃঢ় কৰা উচিত। অহা কালিলৈ আমালৈ যিয়ে নঘটক কিয়, যদি আমি যিহোৱাক সন্তুষ্ট কৰিবলৈ সম্পূৰ্ণ হৃদয় আৰু মনেৰে চেষ্টা কৰোঁ, তেতিয়া আমি শান্তিত থাকি সম্পূৰ্ণৰূপে তেওঁৰ চিৰস্থায়ী প্ৰেমৰ আনন্দ প্ৰাপ্ত কৰিব পাৰিম।—২ পিতৰ ৩:১৪. (w01 10/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• আধ্যাত্মিক আৰু আৱেগীৰূপে ভাৰসাম্য বজাই ৰাখিবলৈ আমাক বিশেষকৈ কাৰ প্ৰেমৰ আৱশ্যক?
• কেনে কাৰণসমূহে যিহোৱাৰ সেৱকসকলক তেওঁক প্ৰেম কৰাৰ পৰা কেতিয়াও বাধা দিব নোৱাৰে?
• যিহোৱাৰ প্ৰেমক অনুভৱ কৰাটো কিয় “জীৱনতকৈয়ো উত্তম”?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৯ পৃষ্ঠাৰ ছবি]
যদি আমি ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন হোৱা যেন অনুভৱ কৰিছোঁ, তেন্তে নিজকে সংশোধন কৰিবলৈ কাৰ্য্য কৰা আৱশ্যক
[২১ পৃষ্ঠাৰ ছবি]
পাঁচনি পৌলে বুজিব পাৰিলে যে কিয় তেওঁক অত্যাচাৰ কৰা হৈছিল