Skip to content

Skip to table of contents

যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰক

যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰক

যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰক

“হে ঈশ্বৰ, মোত শুদ্ধ মন সৃষ্টি কৰা; মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰায় জন্মোৱা।”গীতমালা ৫১:১০.

১, ২. আমি আমাৰ হৃদয়ৰ প্ৰতি কিয় আগ্ৰহী হোৱা উচিত?

 তেওঁ ওখ আৰু দেখাত সুন্দৰ আছিল। তাকে দেখি ভৱিষ্যতবক্তা চমূৱেলে ইমানেই প্ৰভাৱিত হʼল যে, সেইজন নিশ্চয়ে যিচয়ৰ ডাঙৰ পুত্ৰ বুলি ভাবি ভুল বুজিছিল। যিজনক ঈশ্বৰে চৌলৰ পাছত ৰজা হʼবলৈ বাছি ললে। কিন্তু যিহোৱাই চমূৱেলক এইদৰে কʼলে: “তুমি ইয়াৰ মুখলৈ আৰু দীৰ্ঘকায়লৈ দৃষ্টি নকৰিবা; কাৰণ মই তাক অগ্ৰাহ্য কৰিলোঁ। . . . কাৰণ মানুহে যি দেখিব পাৰি, তালৈ চায়, কিন্তু যিহোৱাই মনলৈ দৃষ্টি ৰাখে।” বাছনি কৰা যিচয়ৰ নুমলীয়া পুতেক, দায়ুদ—‘যিহোৱাই নিজ মনৰ দৰে বিচৰা এজন ব্যক্তিৰূপে’ প্ৰমাণিত হʼল।—১ চমূৱেল ১৩:১৪; ১৬:৭.

ইয়াত কোনো সন্দেহ নাই যে ঈশ্বৰে মানুহৰ হৃদয়ত কি আছে তাক পঢ়িব পাৰে। সেয়েহে তেওঁ এইদৰে কৈছিল: “মই যিহোৱাই প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁ।” (যিৰিমিয়া ১৭:১০) নিশ্চিতৰূপে যিহোৱা হৈছে, “হৃদয় পৰীক্ষা কৰোঁতা।” (হিতোপদেশ ১৭:৩) যিহোৱাই মানুহৰ হৃদয়ত কি পৰীক্ষা কৰে? আমি কেনেকৈ তেওঁৰ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰিব পাৰোঁ?

হৃদয়ৰ ‘গুপ্ত আন্তৰিক মনুষ্যত্ব’

৩, ৪. প্ৰাথমিকভাৱে বাইবেলত “হৃদয়” শব্দটোক কি অৰ্থত প্ৰকাশ কৰিছে? উদাহৰণ দিয়ক।

পবিত্ৰ শাস্ত্ৰত ‘হৃদয়’ শব্দটো প্ৰায় এহাজাৰ বাৰ উল্লেখ কৰা হৈছে। বেছিভাগ ক্ষেত্ৰত হৃদয় অৰ্থাৎ মনৰ ইচ্ছাক লাক্ষণিক অৰ্থত ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে, যিহোৱাই ভৱিষ্যতবক্তা মোচিক এইদৰে কৈছিল: “তুমি ইস্ৰায়েলৰ সন্তানবিলাকক মোৰ নিমিত্তে উপহাৰ আনিবলৈ কবা; যিবিলাকে মনৰ ইচ্ছাৰে দিব, তেওঁবিলাক প্ৰতিজনৰ পৰা তোমালোকে মোৰ সেই উপহাৰ গ্ৰহণ কৰিবা।” যিসকলে উপহাৰ দিলে, তেওঁলোকৰ “হৃদয়ত উৎসাহ জন্মিল।” (যাত্ৰাপুস্তক ২৫:২; ৩৫:২১) প্ৰকৃততে, এটা ক্ষেত্ৰত লাক্ষণিক হৃদয় উৎপ্ৰেৰিত হʼল অৰ্থাৎ মনৰ ইচ্ছাই আমাক কাৰ্য্য কৰিবলৈ উৎসাহ দিলে। লাক্ষণিক হৃদয়ে আমাৰ অনুভূতি, আমাৰ হাবিয়াহ আৰু প্ৰেম প্ৰকাশ কৰে। ইয়াৰ ওপৰিও আমাৰ হৃদয়ে ক্ৰোধ বা ভয়, দুখত জৰ্জৰিত হোৱা বা আনন্দ হোৱাকো প্ৰকাশ কৰিব পাৰে। (গীতমালা ২৭:৩; যোহন ১৬:২২; ৰোমীয়া ৯:২) তদুপৰি, আমাৰ হৃদয়ে অহঙ্কাৰী বা ধৈৰ্য্যশীল, প্ৰেমময় বা ঘৃণাও প্ৰকাশ কৰে।—হিতোপদেশ ১৬:৫; মথি ১১:২৯; ১ পিতৰ ১:২২.

“হৃদয়” শব্দটো প্ৰায়ে উত্তেজনা আৰু অনুভূতিৰ সৈতে সম্বন্ধ আছে। কিন্তু “মন” শব্দটো বিশেষকৈ চিন্তাধাৰা বা বুজ শক্তিৰ সৈতে জড়িত আছে। শাস্ত্ৰৰ একেই আনুষঙ্গিকত উল্লেখ কৰা “হৃদয়” শব্দটো সাধাৰণতে সেই অৰ্থতে এতিয়ালৈকে বুজিব পৰা গৈছে। (মথি ২২:৩৭; ফিলিপীয়া ৪:৭) কিন্তু হৃদয় আৰু মনৰ অৰ্থ হৈছে একেবাৰে ভিন্ন। উদাহৰণস্বৰূপে, মোচিয়ে ইস্ৰায়েলজাতিক এইদৰে কৈছিল: “যিহোৱায়েই যে ঈশ্বৰ, আন কোনো নাই, ইয়াক তুমি জানিব লাগে আৰু নিজৰ মনত [মূল হিব্ৰু ভাষাত হৃদয়ত] ৰাখিব লাগে।” (দ্বিতীয় বিবৰণ ৪:৩৯) যিসকল অধ্যাপকে যীচুৰ অহিতে কুকল্পনা কৰিছিল, তেওঁলোকক যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ অন্তৰত কিয় কুভাব কৰিছাহঁক?” (মথি ৯:৪) “বুদ্ধি,” “জ্ঞান” আৰু “সুবিবেচক” শব্দবোৰো অন্তৰৰ সৈতে জড়িত আছে। (১ ৰাজাৱলি ৩:১২; হিতোপদেশ ১৫:১৪; মাৰ্ক ২:৬) গতিকে লাক্ষণিক হৃদয়ত আমাৰ বিচাৰ শক্তি অৰ্থাৎ বিবেচনা বা বুজশক্তিও সংযোগ হৈ আছে।

৫. লাক্ষণিক হৃদয়ৰ অৰ্থ কি?

এটা অভিমতৰ অনুসাৰে লাক্ষণিক “হৃদয়” শব্দটোক এইদৰে বৰ্ণনা কৰিছে, “মুখ্যৰূপে সাধাৰণতে, এজন মানুহৰ ভিতৰুৱা অনুভূতি আৰু আন্তৰিকতা, ব্যক্তিজনৰ বিভিন্ন কাৰ্য্য, তেওঁৰ ইচ্ছা, প্ৰেম, আবেগ, অনুৰাগ, উদ্দেশ্য, তেওঁৰ বিচাৰধাৰা, উপলব্ধি, কল্পনা, বুদ্ধি, জ্ঞান, দক্ষতা, বিশ্বাস, যুক্তিধাৰা, স্মৃতিশক্তি আৰু তেওঁৰ চেতনাশক্তিত প্ৰকাশ হয়।” এইবিলাকে আচলতে আমাৰ হৃদয়ত কি আছে অৰ্থাৎ হৃদয়ৰ ‘গুপ্ত আন্তৰিক মনুষ্যত্বক’ প্ৰতিনিধিত্ব কৰে। (১ পিতৰ ৩:৪) যিহোৱাই সেইবোৰকহে দৃষ্টি আৰু পৰীক্ষা কৰে। সেয়েহে দায়ূদে প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে ঈশ্বৰ, মোত শুদ্ধ মন সৃষ্টি কৰা; মোৰ অন্তৰত সুস্থিৰ আত্মা পুনৰায় জন্মোৱা।” (গীতমালা ৫১:১০) আমি কেনেকৈ এক শুদ্ধ মন বিকাশিত কৰিব পাৰোঁ?

‘তোমালোকে ঈশ্বৰৰ বাক্যত মন দিয়া’

৬. ইস্ৰায়েলসকলে মোৱাবৰ সমথল ভূমিত একত্ৰিত হোৱাৰ সময়ত মোচিয়ে কেনে উপদেশ দিছিল?

ইস্ৰায়েলৰ সন্তানবিলাকক প্ৰতিজ্ঞাত দেশত প্ৰবেশ কৰাৰ পূৰ্বেই মোৱাবৰ সমথল ভূমিত একত্ৰিত কৰি মোচিয়ে এইদৰে কৈছিল: “মই আজি তোমালোকক সাক্ষ্যস্বৰূপে যিবোৰ কথা কলোঁ, তোমালোকে তাত মন দিয়া; তোমালোকৰ সন্তানবিলাকে যেন এই ব্যৱস্থাৰ আটাই কথা পালন কৰি সেই মতে কাৰ্য্য কৰে, এই নিমিত্তে তেওঁবিলাকক তাক আজ্ঞা কৰা।” (দ্বিতীয় বিবৰণ ৩২:৪৬) ইস্ৰায়েলসকলে কেৱল “ভালদৰে মনোযোগ” দি ঈশ্বৰৰ আজ্ঞাবোৰৰ সৈতে সম্পূৰ্ণকৈ পৰিচিত হৈ তেওঁলোকৰ সন্তানসকলক শিক্ষা দিব লাগিছিল।—দ্বিতীয় বিবৰণ ৬:৬-৮.

৭. ঈশ্বৰৰ বাক্যৰ প্ৰতি “মন দিয়া” কাৰ্য্যত কি জড়িত আছে?

ঈশ্বৰৰ ইচ্ছা আৰু উদ্দেশ্যৰ বিষয়ে জ্ঞান লোৱাটোৱে হৈছে এক শুদ্ধ হৃদয় বিকাশিত কৰাৰ এক মুখ্য আৱশ্যকতা। সেই জ্ঞান আৰ্জন কৰাৰ একমাত্ৰ উৎস হৈছে ঈশ্বৰৰ প্ৰেৰিত বাক্য। (২ তীমথিয় ৩:১৬, ১৭) ঈশ্বৰৰ বাক্যৰ মুখ্য জ্ঞান থকাটোৱে যে আপোনাক ঈশ্বৰলৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰিবলৈ সহায় কৰে, এনে নহয়। সেই জ্ঞানে আমাৰ হৃদয়ত কাৰ্য্যকাৰী হʼবলৈ আমি যি শিকিছোঁ “তাত মন দিয়া” বা তাক হৃদয়েৰে পালন কৰা উচিত। (দ্বিতীয় বিবৰণ ৩২:৪৬) এইটো কেনেকৈ কৰিব পাৰি? এই সন্দৰ্ভত গীতমালা লিখকে এইদৰে লিখিছিল: “মই পূৰ্ব্বকালৰ দিন সোঁৱৰণ কৰিছোঁ, তোমাৰ সমুদায় কৰ্ম্ম ধ্যান কৰিছোঁ, তোমাৰ হাতৰ কাৰ্য্য আলোচনা কৰিছোঁ।”—গীতমালা ১৪৩:৫.

৮. আমি অধ্যয়ন কৰাৰ সময়ত কেনেধৰণৰ প্ৰশ্নসমূহক বিবেচনা কৰিব পাৰোঁ?

আমি যিহোৱাই কৰা কাৰ্য্যসমূহৰ ওপৰত কৃতজ্ঞতাৰে ধ্যান কৰা আৱশ্যক। যেতিয়া আমি বাইবেল আধাৰিত আলোচনীসমূহ পঢ়োঁ, তেতিয়া আমি নিজকে এনে প্ৰশ্নসমূহ কৰা আৱশ্যক: ‘এইবোৰে মোক যিহোৱাৰ বিষয়ে কি শিকাই?’ ‘ইয়াত মই যিহোৱাৰ কেনে গুণসমূহক দেখিবলৈ পাইছোঁ?’ ‘এই বৃতান্তটোৱে মোক যিহোৱাৰ পছন্দ আৰু নাপছন্দৰ বিষয়ে কি কৈছে?’ ‘যিহোৱাই ঘৃণা কৰা সকলৰ কাৰ্য্যৰ তুলনাত তেওঁ প্ৰেম কৰোঁতাসকলৰ আৰ্হিৰ অনুসাৰে চলিলে কেনে ফল পোৱা যায়?’ ‘এতিয়ালৈকে মই যি শিকিলোঁ তাৰ সৈতে এই বিষয়সমূহ কি দৰে জড়িত হৈ আছে?’

৯. ঈশ্বৰৰ বাক্যক ব্যক্তিগতৰূপে অধ্যয়ন আৰু তাৰ ওপৰত ধ্যান কৰাটো কিমান বহুমূলীয়া?

লীজা * নামৰ এগৰাকী ৩২ বছৰীয়া মহিলাই, উদ্দেশ্য পূৰ্ণৰূপে অধ্যয়ন আৰু সেইবোৰৰ ওপৰত ধ্যান কৰাৰ মূল্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এইদৰে কৈছিল: “১৯৯৪ চনত মই বাপ্তিষ্মা লোৱাৰ পাছত, সত্যৰ কাৰ্য্যবোৰত প্ৰায় দুবছৰলৈ সক্ৰিয়ৰূপে ভাগ লৈছিলোঁ। মই মণ্ডলীৰ সভাবোৰত নিয়মীয়াকৈ ভাগ লৈছিলোঁ, প্ৰত্যেক মাহত প্ৰচাৰ কাৰ্য্যত ৩০-৪০ ঘন্টা সময় অতিবাহিত কৰিছিলোঁ আৰু ভাই-ভনীসকলৰ সৈতেও সঙ্গতি কৰিছিলোঁ। তাৰ পাছত মই ক্ৰমান্বয়ে সত্যৰ প্ৰতি দুৰ্ব্বল হৈ পৰোঁ। মই ইমানেই দুৰ্ব্বল হৈ পৰিছিলোঁ যে মই ঈশ্বৰৰ আজ্ঞাসমূহক উলঙ্ঘন কৰিবলৈও পিছ পৰা নাছিলোঁ। কিন্তু তাৰ পাছত মই সজাগ হলোঁ আৰু মই পুনৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে জীৱন-যাপন কৰিবলৈ সিদ্ধান্ত ললোঁ। মই কৰা কাৰ্য্যৰ বাবে হৃদয়েৰে অনুতাপ কৰিব ধৰিলোঁ আৰু যিহোৱাই মোক পুনৰ গ্ৰহণ কৰিলে, ইয়াৰ বাবে আজি মই কিমান যে আনন্দিত হৈছোঁ! মই প্ৰায়েই এইদৰে ভাবিছিলোঁ: ‘মই কেনেকৈ সত্যৰ পথৰ পৰা বিচলিত হৈছিলোঁ?’ এই প্ৰশ্নৰ এইদৰে উত্তৰ পাইছিলোঁ যে মই ঈশ্বৰৰ বাক্যক উদ্দেশ্যপূৰ্ণৰূপে অধ্যয়ন আৰু তাৰ ওপৰত ধ্যান কৰিবলৈ অৱজ্ঞা কৰাৰ বাবে মোৰ সৈতে এইদৰে ঘটিছিল। বাইবেলৰ সত্য জ্ঞান মোৰ হৃদয়ত প্ৰৱেশ কৰা নাছিল। এতিয়াৰ পৰা ব্যক্তিগতভাৱে ঈশ্বৰৰ বাক্যৰ অধ্যয়ন আৰু তাৰ ধ্যান কৰাটো মোৰ জীৱনৰ এক প্ৰমুখ ভাগ হʼব।” আমি যেনেকৈ যিহোৱা, তেওঁৰ পুত্ৰ যীচু আৰু তেওঁৰ বাক্যৰ জ্ঞানত বৃদ্ধি হʼম, তেতিয়া আমাৰ জীৱনত সেই জ্ঞানক অৰ্থপূৰ্ণৰূপে প্ৰতিফলিত কৰাটো কিমান যে গুৰুত্বৰ ভাগ হৈ পৰিব!

১০. আমি ব্যক্তিগত অধ্যয়ন আৰু তাৰ ওপৰত ধ্যান কৰিবলৈ কিয় সময় উলিওয়াটো অতি গুৰুত্বপূৰ্ণ?

১০ এই ব্যস্ত জগতত অধ্যয়ন আৰু তাৰ ওপৰত ধ্যান কৰাৰ বাবে সময় উলিওয়াটো এটা কঠিন কাৰ্য্য হʼব পাৰে। যিহেতু সত্য খ্ৰীষ্টানসকলে এটা আচৰিত প্ৰতিজ্ঞা অৰ্থাৎ ঈশ্বৰৰ ধাৰ্ম্মিক জগতৰ দুৱাৰদলিত থিয় দিছে। (২ পিতৰ ৩:১৩) তদুপৰি তেওঁলোকে অদ্ভুতজনক ঘটনা যেনে, ‘মহা-বাবিলৰ’ ধ্বংস আৰু ভৱিষ্যতে ‘মাগোগদেশীয় গোগে’ যিহোৱাৰ লোকসকলৰ ওপৰত কৰা আক্ৰমণৰ বাবে অপেক্ষা কৰি আছে। (প্ৰকাশিত বাক্য ১৭:১, ২, ৫, ১৫-১৭; যিহিষ্কেল ৩৮:১-৪, ১৪-১৬; ৩৯:২) এইবোৰে হয়তো যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমক পৰীক্ষা কৰিব পাৰে। গতিকে এতিয়াই সুসময়ক কিনি নিজৰ হৃদয়ত ঈশ্বৰৰ বাক্যক স্থান দিয়া আৱশ্যক!—ইফিচীয়া ৫:১৫, ১৬.

‘ঈশ্বৰৰ ব্যৱস্থাৰ বুজ লবলৈ আপোনাৰ মন থিৰ কৰক’

১১. আমি আমাৰ হৃদয়ক কেনেকৈ ভূমিৰ সৈতে তুলনা কৰিব পাৰোঁ?

১১ লাক্ষণিক হৃদয়ক আমি সত্যৰ বীজ বোৱা ভূমিৰ সৈতে তুলনা কৰিব পাৰোঁ। (মথি ১৩:১৮-২৩) সাধাৰণতে প্ৰাকৃতিক ভূমিত ৰুৱা শস্য ভালদৰে বৃদ্ধি হʼব বুলি নিশ্চিত কৰা হয়। একেইদৰে হৃদয়ত ঈশ্বৰৰ বাক্যৰ জ্ঞানক বৃদ্ধি কৰিবলৈ ভালদৰে প্ৰস্তুত বা তৈয়াৰ কৰা উচিত। এই সন্দৰ্ভত ইস্ৰায়েলৰ পুৰোহিত ইজ্ৰাই “যিহোৱাৰ ব্যৱস্থাৰ বুজ লৈ সেই মতে কাৰ্য্য কৰিবলৈ . . . নিজ মন থিৰ কৰিছিল।” (ইজ্ৰা ৭:১০) আমি আমাৰ হৃদয়ক কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ?

১২. আমাৰ হৃদয়ক অধ্যয়নৰ বাবে প্ৰস্তুত কৰিবলৈ কিহে সহায় কৰিব?

১২ আমি ঈশ্বৰৰ বাক্যৰ বুজ লৈ নিজৰ হৃদয়ক উত্তমৰূপে প্ৰস্তুত কৰিবলৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা আৱশ্যক। সেইবাবে খ্ৰীষ্টান মণ্ডলীবোৰৰ সভা প্ৰাৰ্থনাৰ দ্বাৰা আৰম্ভণী আৰু সমাপ্তি কৰা হয়। গতিকে আমাৰ ব্যক্তিগত অধ্যয়ন প্ৰাৰ্থনাৰ যোগেদি আৰম্ভ কৰা আৰু অধ্যয়নৰ সময়ছোৱাত প্ৰাৰ্থনাপূৰ্বক মনোবৃত্তি বজাই ৰখাটো কিমান যে উত্তম হʼব!

১৩. আমি যিহোৱাৰ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰিবলৈ কি কৰা উচিত?

১৩ আমি লাক্ষণিক হৃদয়ক আগৰে পৰা ধাৰণা কৰিবৰ বাবে প্ৰস্তুত কৰা উচিত। যীচুৰ সময়ত থকা ধৰ্ম্মগুৰুসকলে তেনে কৰিবলৈ আগ্ৰহী নাছিল। (মথি ১৩:১৫) আনহাতে যীচুৰ মাতৃ মৰিয়মে সত্যৰ বিষয়ে যি শুনিলে, সেই কথা বিবেচনা কৰি “মনত ৰাখিলে।” পাছলৈ তাই যীচুৰ এগৰাকী বিশ্বাসী শিষ্য হৈ পৰিছিল। থুয়াতীৰা নগৰত থকা লুদিয়াই পৌলৰ কথা শুনিলে আৰু ‘যিহোৱাই তাইৰ মন মুকলি কৰিলে।’ তায়ো বিশ্বাসী শিষ্য হৈ পৰিল। (পাঁচনিৰ কৰ্ম্ম ১৬:১৪, ১৫) দৰাচলতে আমি কঠোৰ মনৰ হৈ নিজৰ ব্যক্তিগত ধাৰণা বা মূলনীতিকে ধৰি থাকিব নালাগে। ইয়াৰ পৰিৱৰ্তে, আমি আগ্ৰহী হৈ, “সকলো মানুহ মিছলীয়া হলেও, ঈশ্বৰ সত্য বুলি মনা হওঁক।”—ৰোমীয়া ৩:৪.

১৪. খ্ৰীষ্টান সভাবোৰত কোৱা ভাষণসমূহ শুনিবলৈ আমাৰ হৃদয়ক কেনেকৈ তৈয়াৰী কৰিব পাৰোঁ?

১৪ আমি বিশেষকৈ খ্ৰীষ্টান সভাবোৰত হৃদয়েৰে শুনিবলৈ প্ৰস্তুত হোৱা উচিত। অন্যথা সভাবোৰত কোৱা বিষয়বোৰৰ পৰা আমাৰ মন সহজে বিচলিত হʼব পাৰে। যদি আমি বৰ্তমান সময়ত হোৱা ঘটনা বা ভৱিষ্যতে কি অপেক্ষা কৰি আছে, তাক জানিবলৈ প্ৰচেষ্টা কৰোঁ তেনেহʼলে আমাৰ হৃদয়ে সভাত কোৱা বাক্যবোৰক শুনিবলৈ প্ৰভাৱিত কৰিব। এতেকে সভাত কোৱা বাক্যৰ পৰা লাভবান হʼবলৈ হʼলে, আমি শুনিবলৈ আৰু শিকিবলৈ দৃঢ়ভাৱে সিদ্ধান্ত লোৱা উচিত। আমি শাস্ত্ৰৰ পদৰ পৰা বৰ্ণনা কৰা আৰু অৰ্থ ভাঙণিসমূহ বুজিবলৈ দৃঢ় সঙ্কল্প লোৱাৰ যোগেদি কিমান যে লাভবান হব পাৰিম!—নহিমিয়া ৮:৫-৮, ১২.

১৫. নম্ৰতাই আমাক অধিকৈ শিক্ষিত কৰিবলৈ কেনেকৈ সহায় কৰে?

১৫ যিদৰে প্ৰাকৃতিক ভূমিত সঠিকভাৱে সাৰ দিলে তাৰ উৰ্বৰতা বৃদ্ধি হয়, তেনেদৰে সহনশীলতা, আধ্যাত্মিক আহাৰৰ প্ৰতি থকা হাবিয়াহে লাক্ষণিক হৃদয়ত ঈশ্বৰৰ প্ৰতি ভয় আৰু প্ৰেম বিকাশিত কৰে। সহনশীলতাই আমাৰ হৃদয়ক কোমল কৰে আৰু অধিক শিক্ষা লʼবলৈ সহায় কৰে। এই সংক্ৰান্তত যিহোৱাই যিহূদাৰ ৰজা যোচিয়াক এইদৰে কৈছিল: “মই কোৱা বাক্য তুমি শুনামাত্ৰে তোমাৰ মন কোমল কৰিলা, যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা . . . মোৰ আগত ক্ৰন্দন কৰিলা, এই নিমিত্তে যিহোৱাই কৈছে, মইও তোমাৰ কথা শুনিলো।” (২ ৰাজাৱলি ২২:১৯) যোচিয়াৰ হৃদয় নম্ৰ আৰু বেগতে ধাৰণা কৰিব পৰা আছিল। নম্ৰতাই যীচুৰ শিষ্যসকলক “সামান্য মানুহ” হোৱাৰ স্বত্ত্বেও আধ্যাত্মিক সত্যক বুজি পাবলৈ আৰু নিজৰ জীৱনত প্ৰয়োগ কৰি “জ্ঞানী আৰু বুদ্ধিমন্ত” হʼবলৈ সহায় কৰিলে। (পাঁচনিৰ কৰ্ম্ম ৪:১৩; লূক ১০:২১) আঁহক আমি ‘ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ’ কৰি যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰোঁহঁক।—ইজ্ৰা ৮:২০-২২.

১৬. আমি আধ্যাত্মিক আহাৰৰ প্ৰতি থকা অভিৰুচিক বৃদ্ধি কৰিবলৈ কিয় প্ৰচেষ্টা কৰা উচিত?

১৬ যীচুৱে এইদৰে কৈছিল: “আত্মাত দৰিদ্ৰবিলাকৰ ধন্য।” (মথি ৫:৩) যিহেতু আমাক আধ্যাত্মিকতা গ্ৰহণ কৰাৰ গুণ প্ৰদান কৰা হৈছে। কিন্তু এই দুষ্ট জগতৰ পৰা অহা হেঁচা বা গুণসমূহে যেনে, এলেহুৱাই আমাৰ আধ্যাত্মিক আৱশ্যকতাৰ সম্পৰ্কে থকা চেতনাশক্তিক নিস্তেজ কৰিব পাৰে। (মথি ৪:৪) সেয়েহে আমাক আধ্যাত্মিক আহাৰৰ প্ৰতি থকা অভিৰুচিক স্ফুৰ্তিদায়ক কৰা উচিত। হয়তো আমাক প্ৰথম অৱস্থাত বাইবেল পঢ়া আৰু ব্যক্তিগত অধ্যয়ন কৰাটো আমনিদায়ক যেন বোধ হʼব পাৰে। কিন্তু একেৰাহে অধ্যয়ন কৰা বা পঢ়া কাৰ্য্যত লাগি থাকিবলৈ কৰা চেষ্টাৰ ফলত আমাৰ জ্ঞান বৃদ্ধি হʼব। সেই ‘জ্ঞান আমাৰ প্ৰাণৰ সুখজনক হʼব’ আৰু আমি অধ্যয়ন কৰিবলৈ অধিক ইচ্ছুক হʼব পাৰিম।—হিতোপদেশ ২:১০, ১১.

১৭. (ক) আমি যিহোৱাক কিয় সম্পূৰ্ণৰূপে ভাৰসা কৰিব পাৰোঁ? (খ) আমি কেনেকৈ ঈশ্বৰৰ প্ৰতি থকা আমাৰ ভাৰসাক বৃদ্ধি কৰিব পাৰোঁ?

১৭ ৰজা চলোমনে এইদৰে কৈছিল: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।” (হিতোপদেশ ৩:৫) গতিকে যি হৃদয়ে যিহোৱাক ভাৰসা কৰে, সেই হৃদয়ে তেওঁৰ নিৰ্দেশনা বা বাক্যই যি কয় সেয়া সদায়ে সঠিক বুলি পালন কৰে। (যিচয়া ৪৮:১৭) কিয়নো যিহোৱা হৈছে বাস্তৱতে ভাৰসা কৰাৰ যোগ্য। নিজৰ উদ্দেশ্যক সম্পন্ন কৰিবলৈ কেৱল তেওঁৰহে সামৰ্থ আছে। (যিচয়া ৪০:২৬, ২৯) সেয়েহে তেওঁৰ নামৰ উপযুক্তভাৱে অৰ্থ হৈছে “তেওঁ অস্তিত্বত আনে,” যিহে তেওঁ যে নিজৰ প্ৰতিজ্ঞাসমূহক পূৰ্ণ কৰিব তাৰ ওপৰত আমাৰ নিশ্চয়তা গঢ়ি তুলে! ইয়াৰ ওপৰিও যিহোৱা “তেওঁৰ সকলো পথতে ধাৰ্ম্মিক, আৰু তেওঁৰ সমুদায় কাৰ্য্যতে দয়াৱান।” (গীতমালা ১৪৫:১৭) অৱশ্যে আমি তেওঁৰ প্ৰতি ভাৰসা বৃদ্ধি কৰিবলৈ হʼলে, আমি বাইবেলত দিয়া পৰামৰ্শ অনুসৰি জীৱন-যাপন কৰি আৰু যি ভাল তাক কৰাৰ যোগেদি, “যিহোৱা যে মঙ্গলময়” তাক আমি পৰীক্ষা কৰি চোৱা আৱশ্যক।—গীতমালা ৩৪:৮.

১৮. ঈশ্বৰীয় ভয়ে আমাৰ হৃদয়ক ঈশ্বৰৰ নিৰ্দ্দেশনা গ্ৰহণ কৰাত কেনেকৈ সহায় কৰে?

১৮ তথাপিও আন এক অতিৰিক্ত গুণলৈ নিৰ্দেশিত কৰা হৈছে, যিহে আমাৰ হৃদয়ত ঈশ্বৰৰ নিৰ্দ্দেশনা গ্ৰহণ কৰাত সহায় কৰে। এই সম্পৰ্কে ৰজা চলোমনে এইদৰে বৰ্ণনা কৰিছিল: “যিহোৱালৈ ভয় ৰাখা, আৰু বেয়াৰ পৰা আঁতৰ হোৱা।” (হিতোপদেশ ৩:৭) যিহোৱাই প্ৰাচীন ইস্ৰায়েলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “তেওঁবিলাক আৰু তেওঁবিলাকৰ সন্তানবিলাক চিৰকাল মঙ্গলে থাকিবৰ নিমিত্তে, মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰিবলৈ, তেওঁবিলাকৰ তেনে মন সদায় থকা হলে কেনে ভাল আছিল!” (দ্বিতীয় বিবৰণ ৫:২৯) প্ৰকৃততে যিসকলে ঈশ্বৰক ভয় কৰে, তেওঁলোকে তেওঁৰ আজ্ঞাক পালন কৰে। কিয়নো “যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে” আৰু যিসকলে তেওঁৰ আজ্ঞাক উলঙ্ঘন কৰে তেওঁলোকক শাস্তি বিহিবলৈ কেৱল যিহোৱাৰহে সামৰ্থ আছে। (২ বংশাৱলি ১৬:৯) আঁহক আমি যিহোৱাৰ প্ৰতি ৰখা ভক্তিমান ভয়ক আমাৰ সকলো কাৰ্য্য, বিচাৰধাৰা আৰু অনুভূতিক পৰিচালিত কৰিব দি তেওঁক অসন্তুষ্ট কৰাৰ পৰা বিৰত থাকোঁহঁক।

‘আপুনি সকলো চিত্তৰে যিহোৱাক প্ৰেম কৰক’

১৯. যিহোৱাৰ নিৰ্দ্দেশনাবোৰক আমাৰ হৃদয়ে গ্ৰহণ কৰিবলৈ প্ৰেমে কেনে ভূমিকা আদায় কৰে?

১৯ আন সকলো গুণতকৈ, বাস্তৱতে প্ৰেমেহে আমাৰ হৃদয়ক যিহোৱাৰ নিৰ্দ্দেশনাসমূহ গ্ৰহণ কৰাত প্ৰস্তুত কৰি তুলে। প্ৰেমময় হৃদয়ে এজন ব্যক্তিক ঈশ্বৰে কিহত সন্তুষ্টি হয়, এই বিষয়ে শিকিবলৈ আগ্ৰহী কৰি তুলে। (১ যোহন ৫:৩) সেয়েহে যীচুৱে এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মথি ২২:৩৭) আঁহক আমি ঈশ্বৰৰ সদগুণবোৰক আমাৰ অভ্যাসৰ দ্বাৰা প্ৰতিফলিত কৰিবলৈ নিতৌ তেওঁৰ সৈতে এজন ঘনিষ্ঠ বন্ধুৰ দৰে কথা-বতৰা আৰু আনক তেওঁৰ বিষয়ে কৈ যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমক স্পষ্টকৈ প্ৰকাশ কৰোঁহঁক।

২০. আমি কেনেকৈ যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰিব পাৰিম?

২০ এইদৰে আমি: যিহোৱাৰ বাক্যৰ অনুসাৰে আমি আন্তিৰকতাৰে কাৰ্য্য কৰা যোগেদি এনে এক হৃদয় বিকাশিত কৰিব পাৰিম, যিটো যিহোৱালৈ গ্ৰহণযোগ্য। ইয়াৰ বাবে আমি অৰ্থপূৰ্ণভাৱে ব্যক্তিগত অধ্যয়ন আৰু তাৰ মূল্যাঙ্কণ বুজি তাক ধ্যান কৰা আৱশ্যক। তদুপৰি, আমি শিক্ষিত হʼবলৈ আমাৰ হৃদয়ৰ পৰা সকলো প্ৰকাৰৰ নিজস্ব ধাৰণা আঁতৰাই ঈশ্বৰীয় গুণসমূহক ধাৰণ কৰিলে কিমান যে উত্তম হʼব! ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ সহায়ৰ দ্বাৰা আমি যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰিব পাৰিম। কিন্তু আমি কিমান পৰ্য্যন্তলৈকে আমাৰ হৃদয়ক ৰক্ষা কৰিব পাৰিম? (w01 10/15)

[ফুটনোট]

^ ইয়াত আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

আপুনি কিদৰে উত্তৰ দিব?

• যিহোৱাই কেনে লাক্ষণিক হৃদয়ক পৰীক্ষা কৰে?

• আমি আমাৰ ‘হৃদয়ত’ কেনেকৈ ঈশ্বৰৰ বাক্য প্ৰয়োগ কৰিব পাৰোঁ?

• আপুনি ঈশ্বৰৰ বাক্যৰ অনুসাৰে কেনেকৈ আপোনাৰ হৃদয়ক তৈয়াৰী কৰিব পাৰে?

• এই বিষয়টোক বিবেচনা কৰাৰ যোগেদি আপোনাৰ হৃদয়ে কৰিবলৈ প্ৰেৰিত হʼব বুলি আপুনি ভাবেনে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ পূৰ্বেই আপোনাৰ হৃদয়ক প্ৰস্তুত কৰক

[২৫ পৃষ্ঠাৰ ছবি]

ৰজা দায়ুদে গভীৰ মূল্যাঙ্কণ বুজি আধ্যাত্মিক বিষয়সমূহৰ ওপৰত ধ্যান কৰিছিল। আপুনিও তেনেদৰে কৰেনে?