Skip to content

Skip to table of contents

‘আপুনি চিৰসহিষ্ণুতাক পৰিধান কৰক’

‘আপুনি চিৰসহিষ্ণুতাক পৰিধান কৰক’

‘আপুনি চিৰসহিষ্ণুতাক পৰিধান কৰক’

“কৰুণাময় স্নেহ, মধুৰ ভাব, . . . চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।”কলচীয়া ৩:১২.

১. চিৰসহিষ্ণুতাৰ এক উদাহৰণ দিয়ক।

 ফ্ৰান্স চহৰৰ দক্ষিণ-পশ্চিমে বাস কৰা ৰেজিচ্‌ নামৰ এজন ব্যক্তিয়ে ১৯৫২ চনত বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সাক্ষী হয়। কিন্তু তেওঁৰ পত্নীয়ে তেওঁক যিহোৱাৰ সেৱাৰ পৰা বিৰত ৰাখিবলৈ বহু চেষ্টা কৰে। তাই তেওঁক সভাত উপস্থিত নহবলৈ, তেওঁৰ গাড়ীৰ চকাৰ পৰা বতাহ উলিয়াই দিছিল আৰু কোনো কোনো সময়ত সেই ভাইজনে ঘৰে-ঘৰে বাইবেলৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ত তেওঁৰ পাছে পাছে গৈছিল। যেনেকৈ তেওঁ গৃহস্থক প্ৰচাৰ কৰিবলৈ ধৰে তাই তেওঁৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি ঠাট্টা কৰিছিল। একেৰাহে তেনে বিৰোধীতাৰ স্বত্ত্বেও ৰেজিচে চিৰসহিষ্ণুতা বজাই ৰাখিবলৈ এৰি দিয়া নাছিল। এইদৰে ৰেজিচে সকলো খ্ৰীষ্টানৰ বাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তদুপৰি, যিহোৱায়েও তেওঁৰ সেৱকসকলে আনৰ সৈতে চিৰসহিষ্ণুতাৰে আচৰণ কৰাটো বিচাৰে।

২. গ্ৰীক ভাষাত “চিৰসহিষ্ণুতাৰ” শব্দৰ প্ৰকৃত অৰ্থ কি আৰু এই শব্দটোৱে কি বুজাইছে?

গ্ৰীক ভাষাত “চিৰসহিষ্ণুতা” শব্দৰ প্ৰকৃত অৰ্থ হৈছে “আত্মাত ধীৰ।” ইংৰাজী নিউ ৱৰ্ল্ড ট্ৰান্সচেলেশ্বনʼত দহবাৰ “চিৰসহিষ্ণুতা,” তিনিবাৰ “ধৈৰ্য্যশীল,” আৰু এবাৰ “সহন কৰি থাকা,” বুলি উল্লেখ কৰিছে। হিব্ৰু আৰু গ্ৰীক এই উভয়তে “চিৰসহিষ্ণুতা” শব্দক ধৈৰ্য্য, সহন আৰু ক্ৰোধত ধীৰ বুলি অনুবাদ কৰা হৈছে।

৩. প্ৰথম শতাব্দীৰ গ্ৰীকবাসীৰ বিপৰীতে সত্য খ্ৰীষ্টানসকলে চিৰসহিষ্ণুতাৰ প্ৰতি কেনে দৃষ্টি কৰিছিল?

প্ৰথম শতাব্দীৰ গ্ৰীকবাসীসকলে চিৰসহিষ্ণুতাক সুগুণৰূপে দৃষ্টি কৰা নাছিল। সেয়েহে নিৰ্ব্বিকাৰপন্থী দাৰ্শনিক ব্যক্তিসকলে এই শব্দটোক কেতিয়াও ব্যৱহাৰ কৰা নাছিল। উইলিয়াম বাৰক্লেই নামৰ এজন বাইবেলৰ বিদ্বানৰ অনুসাৰে, চিৰসহিষ্ণুতা শব্দটো হৈছে “গ্ৰীকসকলৰ সদগুণৰ বিপৰীত।” কিয়নো এই গুণক আন গুণসমহূৰ সৈতে দৰ্প কৰা হয়—“কোনো অপমান বা অপকাৰক সহন কৰিবলৈ অস্বীকাৰ কৰা।” তেওঁ এইদৰেও বৰ্ণনা কৰি কৈছিল: “গ্ৰীকসকলে সেইজন ব্যক্তিকে মহান বুলি ভাবিছিল, যিজনে প্ৰতিশোধ লʼবলৈ আগুৱাই যায়। কিন্তু খ্ৰীষ্টানসকলৰ বাবে সেইজন ব্যক্তি মহান যিজনে প্ৰতিশোধ লʼবলৈ অগ্ৰাহ্য কৰে।” গ্ৰীকবাসীসকলে চিৰসহিষ্ণুতাক দুৰ্ব্বলতাৰ এক প্ৰতীক বুলি বিবেচনা কৰিছিল। কিন্তু ইয়াক আৰু আন ক্ষেত্ৰবোৰতো উল্লেখ কৰি কৈছে যে “ঈশ্বৰৰ মুৰ্খতাই মানুহতকৈ অধিক জ্ঞানযুক্ত আৰু ঈশ্বৰৰৰ দুৰ্ব্বলতাই মানুহতকৈ অধিক বলৱান।”—১ কৰিন্থীয়া ১:২৫.

যীচুৱে এক চিৰসহিষ্ণুতাৰ আৰ্হি ৰখা

৪, ৫. চিৰসহিষ্ণুতাৰ সম্পৰ্কে যীচুৱে কেনে এক উল্লেখনীয় আৰ্হি দাঙি ধৰিলে?

যিহোৱাৰ পাছত চিৰসহিষ্ণুতা গুণ প্ৰকাশ কৰা দ্বিতীয়জন ব্যক্তি হৈছে যীচু খ্ৰীষ্ট, তেৱোঁ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। যীচুৱে অত্যন্ত অত্যাচাৰৰ মাজতো আচৰিতভাৱে সহনশীল হৈ থাকিল। তেওঁৰ সম্বন্ধে এইদৰে ভৱিষ্যৎবাণী কৰা হৈছিল: “তেওঁ উপদ্ৰৱ পালে, তথাপি নম্ৰ হৈ তেওঁৰ মুখ নেমেলিলে; তেওঁ কাটিবলৈ নিয়া মেৰ পোৱালিৰ, বা নোম-কটিয়াৰ আগত নিজম দি থকা মাইকী মেৰৰ নিচিনা আছিল, এনে কি, নিজ মুখকে নেমেলিলে।”—যিচয়া ৫৩:৭.

যীচুৱে এই পৃথিৱীত পৰিচৰ্য্যা কাৰ্য্যত অতিবাহিত কৰা সময়ছোৱাত কিমান যে চিৰসহিষ্ণুতাৰে কাৰ্য্য কৰিলে! তেওঁ শত্ৰুসকলৰ ভণ্ডামিপূৰ্ণ প্ৰশ্ন আৰু অপমানক সহন কৰিছিল। (মথি ২২:১৫-৪৬; ১ পিতৰ ২:২৩) আনকি তেওঁৰ শিষ্যসকলে একৰাহে সকলোতকৈ মহান কোন এই বিষয়টোক লৈ বাদ-বিবাদ কৰি থকাৰ সময়তো সহনশীলতা প্ৰকাশ কৰিছিল। (মাৰ্ক ৯:৩৩-৩৭; ১০:৩৫-৪৫; লূক ২২:২৪-২৭) তদুপৰি, তেওঁক শত্ৰুৰ হাতত গতাই দিয়াৰ আগৰাতিত তেওঁ পিতৰ আৰু যোহনক “পৰ দি” থাকিবলৈ কোৱাৰ স্বত্বেও যেতিয়া তেওঁলোকে টোপনি গৈছিল তেতিয়াও যীচুৱে ধৈৰ্য্য ধৰি কিযে এক উল্লেখনীয় উদাহৰণ প্ৰস্তুত কৰিলে!—মথি ২৬:৩৬-৪১.

৬. যীচুৰ চিৰসহিষ্ণুতা গুণৰ পৰা পাঁচনি পৌলে কেনেকৈ লাভৱান হৈছিল আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

যীচুয়ে তেওঁৰ মৃত্যু আৰু পুনৰত্থানৰ পাছতো একেৰাহে চিৰসহিষ্ণুতাৰ গুণ বজাই ৰাখিছিল। পাঁচনি পৌলেও এই গুণটো অভ্যাস কৰিবলৈ বিশেষভাৱে চেষ্টা কৰিব লাগিছিল, কিয়নো পূৰ্বতে তেওঁ খ্ৰীষ্টানসকলক অত্যাচাৰ কৰোঁতা ব্যক্তি আছিল। সেইবাবে তেওঁ এইদৰে লিখিছিল: “পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে, যীচু খ্ৰীষ্ট যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য, আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য; সেই পাপী লোকৰ মাজত ময়েই প্ৰধান। কিন্তু যিবিলাকে অনন্ত জীৱনৰ নিমিত্তে তেওঁত বিশ্বাস কৰিব, তেওঁবিলাকৰ আৰ্হিৰ অৰ্থে, যীচু খ্ৰীষ্টে তেওঁৰ সকলো চিৰসহিষ্ণুতা, প্ৰধান যি মই, মোত যেন প্ৰকাশ কৰে, এই কাৰণে মই দয়া পালোঁ।” (১ তীমথিয় ১:১৫, ১৬) আমি অতীত যিয়ে নাছিলোঁ কিয়, যদি যীচুত বিশ্বাস কৰোঁ তেন্তে তেওঁ আমালৈ চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিব অৰ্থাৎ আমি যেন “মনপালটনৰ যোগ্য কৰ্ম্ম কৰোঁ” তাৰ বাবে তেওঁ অপেক্ষা কৰে। (পাঁচনিৰ কৰ্ম্ম ২৬:২০; ৰোমীয়া ২:৪) এছিয়াত থকা সাতোটা মণ্ডলীলৈ পঠোৱা যীচুৰ বাৰ্ত্তাই প্ৰকাশ কৰিছিল যে তেওঁ চিৰসহিষ্ণুতা হোৱাৰ ওপৰিও তেওঁলোকৰ আচাৰ-ব্যৱহাৰত উন্নতি কৰাৰ অপেক্ষা কৰিছিল।—প্ৰকাশিত বাক্য ২ আৰু অধ্যায়।

আত্মাৰ ফল

৭. চিৰসহিষ্ণুতা আৰু পবিত্ৰ আত্মাৰ মাজত কি সম্পৰ্ক আছে?

গালাতীয়া মণ্ডলীলৈ লিখা পত্ৰখনৰ ৫ অধ্যায়ত পাঁচনি পৌলে আত্মাৰ ফলৰ বিপৰীতে মাংসৰ কাৰ্য্যসমূহৰ বিষয়ে উল্লেখ কৰিছিল। (গালাতীয়া ৫:১৯-২৩) যিহেতু চিৰসহিষ্ণুতা হৈছে যিহোৱাৰ এক মুখ্য গুণ, এই গুণ তেওঁৰ সৈতে আৰম্ভ হয় আৰু ই হৈছে তেওঁৰ আত্মাৰ এক ফল। (যাত্ৰাপুস্তক ৩৪:৬, ৭) অৱশ্যে পাঁচনি পৌলে উল্লেখ কৰা চিৰসহিষ্ণুতাই আত্মাৰ গুণসমূহৰ চতুৰ্থ স্থান অধিকাৰ কৰিছিল। সেই গুণবোৰ আছিল, প্ৰেম, আনন্দ, শান্তি, . . . মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন। (গালাতীয়া ৫:২২, ২৩) গতিকে যেতিয়া তেওঁৰ সেৱকসকলে ঈশ্বৰীয় সহনশীলতা বা চিৰসহিষ্ণুতাৰ গুণৰ অভ্যাস কৰে তেতিয়া তেওঁলোকে পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হয়।

৮. কিহে আত্মা ফলৰ ওপৰিও চিৰসহিষ্ণুতা গুণ বিকাশিত কৰিবলৈ সহায় কৰিব?

ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাই এজন ব্যক্তিৰ ওপৰত বলেৰে তেওঁৰ আত্মা প্ৰদান কৰে। ইয়াৰ বাবে আমি নিশ্চয়ে পৰিচালিত হʼবলৈ আগ্ৰহী হোৱা উচিত। (২ কৰিন্থীয়া ৩:১৭; ইফিচীয়া ৪:৩০) আত্মাৰ ফলবোৰ উৎপন্ন কৰাৰ দ্বাৰা ইয়াক আমাৰ জীৱনত কাৰ্য্যকাৰী হবলৈ অনুমতি দিওঁ। মাংসৰ কাৰ্য্য আৰু আত্মাৰ ফলবোৰ উল্লেখ কৰা পাছত পাঁচনি পৌলে আগলৈ এইদৰে কৈছিল: “আমি যদি আত্মাৰে জীওঁ, তেন্তে আত্মাৰে চলোঁহঁক। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়; কিয়নো মানুহে যিহকে বয়, তাকেহে দাব। কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশে বয়, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশে বয়, আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।” (গালাতীয়া ৫:২৫; ৬:৭, ৮) যদি আমি চিৰসহিষ্ণুতা হোৱাত সফলতা লাভ কৰিব বিচাৰোঁ, তেনেহʼলে আমাক এজন খ্ৰীষ্টানে উৎপন্ন কৰা পবিত্ৰ আত্মাৰ বাকী গুণবোৰো বিকাশিত কৰা উচিত।

“প্ৰেমে অনেক দিন সহে”

৯. সম্ভৱতঃ, পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলক “প্ৰেমে অনেক দিন সহে” বুলি কিয় কৈছিল?

পাঁচনি পৌলে প্ৰেম আৰু চিৰসহিষ্ণুতাৰ মাজত গঢ়ি উঠা এক বিশেষ সম্বন্ধৰ বিষয়ে উল্লেখ কৰি এইদৰে কৈছিল: “প্ৰেমে অনেক দিন সহে।” (১ কৰিন্থীয়া ১৩:৪) আলবাৰট্‌ বাৰ্নজ্‌ নামৰ এজন বাইবেল বিদ্বানে কৈছিল যে পৌলে কৰিন্থীয়া মণ্ডলীত হোৱা বাদ-বিবাদৰ বাবে এই পৰামৰ্শ প্ৰদান কৰিছিল। (১ কৰিন্থীয়া ১:১১, ১২) তেওঁ এইদৰেও কৈছিল: “ইয়াত ব্যৱহাৰ হোৱা শব্দটোৰ [চিৰসহিষ্ণুতা] অৰ্থ হৈছে অধৈৰ্য্য অৰ্থাৎ ক্ৰোধৰ অভিব্যক্তি, ভাৱনা আৰু অসহিষ্ণুতাৰ বিপৰীত। তদুপৰি, ই হৈছে এনে এক অৱস্থা, যʼত খং উঠাৰ স্বত্ত্বেও সহনশীল মন বজাই ৰখা।” আজিও প্ৰেম আৰু চিৰসহিষ্ণুতাই খ্ৰীষ্টান মণ্ডলীত শান্তি বজাই ৰখাত সহায় কৰে।

১০. (ক) প্ৰেমে কেনেকৈ আমাক চিৰসহিষ্ণুতা হবলৈ সহায় কৰে আৰু এই সন্দৰ্ভত পাঁচনি পৌলে কি পৰামৰ্শ আগবঢ়াইছে? (খ) চিৰসহিষ্ণুতা আৰু দয়াৰ বিষয়ে এজন বাইবেল বিদ্বানে কেনে মন্তব্য দিছিল? (ফোটনোটত চাওঁক)

১০ “প্ৰেমে অনকে দিন সহে আৰু মৰমো কৰে। প্ৰেমে . . . নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়।” যিহেতু প্ৰেমে বহু প্ৰকাৰে চিৰসহিষ্ণুতা গুণ উৎপন্ন কৰিবলৈ সহায় কৰে। * (১ কৰিন্থীয়া ১৩:৪-৬) প্ৰেমে ইজনে সিজনক সহিবলৈ আৰু আমি সকলোৱে অসিদ্ধ হোৱাৰ বাবে যে ভুল কৰোঁ, এই কথা মনত ৰাখিবলৈ সহায় কৰে। ই আমাক আনৰ প্ৰতি বিবেচনাশীল আৰু ক্ষমাশীল হবলৈ সহায় আগবঢ়ায়। এই সন্দৰ্ভত পাঁচনি পৌলে আমাক এইদৰে আগ্ৰহী হবলৈ কৈছিল যে, “সকলো নম্ৰতা আৰু মৃদুতাৰে, আৰু চিৰসষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি, যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা, তাৰ যোগ্য আচৰণ কৰা; আৰু শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা।”—ইফিচীয়া ৪:১-৩.

১১. খ্ৰীষ্টান সম্প্ৰদায়ত বিশেষকৈ চিৰসহিষ্ণুতা বজাই ৰখাটো কিয় আৱশ্যক?

১১ চিৰসহিষ্ণুতাই খ্ৰীষ্টান সদস্যসকলক তেওঁলোকৰ সহ-কৰ্ম্মী, সহপাঠী, ওচৰ-চুবুৰীয়া, মণ্ডলী, বেথেল আৰু মিছনাৰী গৃহ নিৰ্ম্মাণ কৰোঁতা সকলৰ সৈতে শান্তি বজাই ৰাখিবলৈ সহায় কৰে। কিয়নো বিভিন্ন পৃষ্টভূমি, অভ্যাস, আচাৰ-ব্যৱহাৰ, স্বাস্থ্যবিধি হোৱাৰ বাবে কেতিয়াবা অসন্তুষ্টিকৰ পৰিৱেশ সৃষ্টি হʼব পাৰে। ঠিক একেইদৰে পৰিয়ালতো এনে পৰিস্থিতি সৃষ্টি হʼব পাৰে। এনে অৱস্থাত ক্ৰোধত ধীৰ হোৱাটো অতি আৱশ্যক। (হিতোপদেশ ১৪:২৯; হিতোপদেশ ১৫:১৮; হিতোপদেশ ১৯:১১) এতেকে সকলোকে এনে ক্ষেত্ৰত চিৰসহিষ্ণুতা অৰ্থাৎ ধৈৰ্য্যশীল, সহনশীল হৈ পৰিস্থিতি উত্তমতালৈ সলনি হোৱাৰ আশা ৰখা প্ৰয়োজন।—ৰোমীয়া ১৫:১-৬.

চিৰসহিষ্ণুতাই আমাক ধৈৰ্য্যশীল হোৱাত সহায় কৰে

১২. জটিল পৰিস্থিতিৰ সময়তো কিয় চিৰসহিষ্ণুতা বজাই ৰখা আৱশ্যক?

১২ চিৰসহিষ্ণুতাই আমাক অন্তহীন বা সমাধান নোহোৱা যেন লগা জটিল পৰিৱেশতো ধৈৰ্য্যশীল হʼবলৈ সহায় কৰে। আৰম্ভণীত উল্লেখ কৰা ৰেজিচ্‌ নামৰ ব্যক্তিজনৰ সৈতেও সেই একেই অভিজ্ঞতা হৈছিল। কেইবা বছৰো তেওঁৰ পত্নীৰ দ্বাৰা বাধা সম্মুখীন হোৱাৰ স্বত্ত্বেও তেওঁ সেৱাত লাগি থাকিল। কিন্তু এদিনাখন তেওঁৰ পত্নীয়ে ক্ৰন্দন কৰি এইদৰে কৈছিল: “মই জানো যে এইটোৱে সত্য। ময়ো অধ্যয়ন কৰিব বিচাৰোঁ, গতিকে অনুগ্ৰহ কৰি মোক সহায় কৰক।” পাছলৈ তাই বাপ্তিষ্মা লৈ এগৰাকী যিহোৱাৰ সাক্ষী হৈ পৰে। এই সন্দৰ্ভত ৰেজিচে এইদৰে কৈছিল: “এইটো স্পষ্টকৈ দেখা পোৱা গʼল যে তেনে সময়ছোৱাত ধৈৰ্য্যশীল, সহনশীল হোৱা ব্যক্তিসকলক যিহোৱাই নিশ্চয়ে আশীৰ্ব্বাদ কৰে।” প্ৰমাণিত হৈছে যে যিসকলে বছৰধৰি সাৰ নামানে আৰু ধৈৰ্য্য ধৰে, যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ দিয়ে।” ৰেজিচ চিৰসহিষ্ণুতা হোৱাৰ ফলস্বৰূপে তেওঁলৈ আনন্দ কঢ়িয়াই আনিলে।

১৩. কিহে পাঁচনি পৌলক ধৈৰ্য্যশীল হবলৈ সহায় কৰিছিল আৰু তেওঁৰ উদাহৰণে আমাক কেনেকৈ ধৈৰ্য্য ধৰাত সহায় কৰিব পাৰে?

১৩ প্ৰথম শতাব্দীত পাঁচনি পৌলে চিৰসহিষ্ণুতাৰ এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে। (২ কৰিন্থীয়া ৬:৩-১০; ১ তীমথিয় ১:১৬) জীৱনৰ শেষ সময়ছোৱাত পাঁচনি পৌলে ডেকা তীমথিয়ক, সকলো খ্ৰীষ্টানে পৰীক্ষাৰ সম্মুখীন হʼব বুলি সতৰ্ক কৰি পৰামৰ্শ দিছিল। এই ক্ষেত্ৰত পাঁচনি পৌলে নিজৰ উদাহৰণ আৰু ধৈৰ্য্যশীল হʼবলৈ খ্ৰীষ্টান গুণসমূহৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্বতাক দাঙি ধৰিছিল। সেয়েহে তেওঁ এইদৰে লিখিছিল: “তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈৰ্য্য, তাড়না, আৰু দুখভোগৰ অনুগামী হলা; তুমি জানিলা, আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ৰূপ ঘটনা ঘটিছিল, আৰু কি ৰূপ তাড়না মই সহন কৰিছিলো; কিন্তু সেই সকলোৰ পৰা প্ৰভুৱে মোক উদ্ধাৰ কৰিলে। বাস্তৱিক খ্ৰীষ্ট্‌ যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১০-১২; পাঁচনিৰ কৰ্ম্ম ১৩:৪৯-৫১; ১৪:১৯-২২) আমি সকলোৱে ধৈৰ্য্যশীল হবলৈ বিশ্বাস, প্ৰেম আৰু চিৰসহিষ্ণুতাৰ আৱশ্যক।

চিৰসহিষ্ণুতাক পৰিধান কৰক

১৪. চিৰসহিষ্ণুতাৰ দৰে ঈশ্বৰীয় গুণসমূহক পাঁচনি পৌলে কিহৰ সৈতে তুলনা কৰিছিল আৰু কলচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলক কেনে উপদেশ দিছিল?

১৪ পাঁচনি পৌলে চিৰসহিষ্ণুতা আৰু ঈশ্বৰীয় অন্য গুণবোৰক বস্ত্ৰৰ সৈতে তুলনা কৰিছিল, যিবোৰক সকলো খ্ৰীষ্টানে “পুৰাতন পুৰুষক” ত্যাগ দি, পৰিধান কৰিব লাগে। (কলচীয়া ৩:৫-১০) তেওঁ এইদৰে কৈছিল: “এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা; তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা; আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা; সেয়ে সৰ্ব্বসিদ্ধিৰ বান্ধনি। আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক।”—কলচীয়া ৩:১২-১৪.

১৫. যেতিয়া খ্ৰীষ্টানসকলে চিৰসহিষ্ণুতাৰ সৈতে আন ঈশ্বৰীয় গুণবোৰো ‘পৰিধান কৰে’, তেতিয়া কেনে পৰিণাম দেখা যায়?

১৫ যেতিয়া মণ্ডলীৰ সদস্যসকলে কৰুণাময় স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা, আৰু চিৰসহিষ্ণুতা আদি ‘পৰিধান কৰে,’ তেতিয়া তেওঁলোকে সমস্যাৰ সমাধান কৰিব পাৰে আৰু একত্ৰিত হৈ যিহোৱাৰ সেৱাত আগবাঢ়ি যাবলৈ সক্ষম হয়। বিশেষকৈ, খ্ৰীষ্টান অধ্যক্ষসকলক চিৰসহিষ্ণুতা হোৱা আৱশ্যক। কেতিয়াবা হয়তো তেওঁলোকক আন খ্ৰীষ্টান ব্যক্তিক অনুযোগ দিবলগীয়া হʼব পাৰে। কিন্তু তেনে কৰিবলৈ বিভিন্ন প্ৰণালী আছে। এই বিষয়ে পাঁচনি পৌলে তীমথিয়ক উত্তম মনোবৃত্তি ৰাখিবলৈ পৰামৰ্শ দি এইদৰে কৈছিল: “সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূৰ্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগী কৰা, ডবিওৱা, আৰু উদগোৱা।” (২ তীমথিয় ৪:২) প্ৰকৃততে, যিহোৱাৰ মেৰস্বৰূপ লোকৰ সৈতে সদায়ে চিৰসহিষ্ণুতা, সমাদৰ আৰু স্নেহেৰে আচৰণ কৰা উচিত।—মথি ৭:১২; ১১:২৮; পাঁচনিৰ কৰ্ম্ম ২০:২৮, ২৯; ৰোমীয়া ১২:১০.

‘সকলোলৈকে চিৰসহিষ্ণুতা হোৱা’

১৬. যেতিয়া আমি “সকলোলৈকে চিৰসহিষ্ণুতা হওঁ” তেতিয়া কেনে ফলাফল লাভ কৰিব পাৰিম?

১৬ মানৱজাতিৰ প্ৰতি থকা যিহোৱাৰ চিৰসহিষ্ণুতাই আমাক নৈতিক বাধ্যতাৰ বিষয়ে মনত পেলাই যাতে আমিও “সকলোলৈকে চিৰসহিষ্ণুতা হওঁ।” (১ থিচলনীকীয়া ৫:১৪) ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টান নোহোৱা পৰিয়ালৰ সদস্য, চুবুৰীয়া, সহকৰ্ম্মীসকলৰ সৈতে ধৈৰ্য্য ধৰা। বহুতো যিহোৱাৰ সাক্ষীৰ ওপৰত এসময়ত সহপাঠী বা সহকৰ্ম্মীসকলে কৰা ঠাট্টা বা বিৰোধীতাৰ ফলত হোৱা অবিচাৰজনিত ক্ষতিৰ পৰা সকাহ পাইছে। (কলচীয়া ৪:৫, ৬) এই সন্দৰ্ভত পাঁচনি পিতৰে এইদৰে কৈছিল: “পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।”—১ পিতৰ ২:১২.

১৭. আমি কেনেকৈ যিহোৱাৰ প্ৰেম আৰু চিৰসহিষ্ণুতাক অনুকৰণ কৰিব পাৰোঁ আৰু কিয় তেনে কৰা উচিত?

১৭ যিহোৱাই চিৰসহিষ্ণুতা হোৱাৰ অৰ্থ হৈছে কোটি সংখ্যক লোকে উদ্ধাৰ লাভ কৰা। (২ পিতৰ ৩:৯, ১৫) যদি আমি যিহোৱাৰ প্ৰেম আৰু চিৰসহিষ্ণুতাক অনুকৰণ কৰোঁ, তেতিয়াহʼলে আমি ধৈৰ্য্যশীল হৈ আনক একেৰাহে ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ আৰু যীচুৰ ৰাজ্যৰ অধীন হবলৈ শিক্ষা দিয়াত সক্ষম হম। (মথি ২৮:১৮-২০; মাৰ্ক ১৩:১০) যদি আমি প্ৰচাৰকাৰ্য্য কৰিবলৈ এৰি দিওঁ, তেন্তে এনে হʼব আমি যেন যিহোৱাৰ চিৰসহিষ্ণুতাক সীমিত কৰিব বিচাৰিছোঁ আৰু তেওঁৰ উদ্দেশ্যক পোৱাত বিফল হৈছোঁ, যিহে লোকসকলক মন পালটন কৰাব পাৰে।—ৰোমীয়া ২:৪.

১৮. কলচিয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলৰ উদ্দেশ্যে পাঁচনি পৌলে কেনে প্ৰাৰ্থনা কৰিছিল?

১৮ পাঁচনি পৌলে এছিয়া মাইনৰ আৰু কলচিয়া মণ্ডলীত থকা খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত এইদৰে কৈছিল: “এই কাৰণে, সেই কথা শুনা দিনৰে পৰা, আমি তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ নেৰি, তোমালোকে যেন সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়ি, সকলো সৎকৰ্ম্মত ফলৱন্ত হৈ আৰু আনন্দৰে সৈতে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিমন্ত হৈ, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ যোগ্যৰূপে আচৰণ কৰা, এনে যাচ্‌না কৰি আছোঁ।”—কলচীয়া ১:৯-১১.

১৯, ২০. (ক) যিহোৱাৰ চিৰসহিষ্ণুতাক আমি কেনেকৈ পৰীক্ষা কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ? (খ) চিৰসহিষ্ণুতা হোৱাৰ দ্বাৰা কেনেধৰণৰ লাভসমূহ পোৱা যাব?

১৯ যদি আমি “জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়ি” যাওঁ, তেন্তে যিহোৱাই একেৰাহে চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিব। যাৰ অৰ্থ হৈছে “সকলো মানুহ পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান” লাভ কৰা। (১ তীমথিয় ২:৪) তদুপৰি, আমি কৰা ‘ৰাজ্যৰ এই শুভবাৰ্ত্তাৰ’ প্ৰচাৰ “সকলো সৎকৰ্ম্মত ফলৱন্ত” হʼব। (মথি ২৪:১৪) যদি আমি বিশ্বাসী হৈ একেৰাহে এই কাৰ্য্য কৰি থাকোঁ তেন্তে যিহোৱাই আমাক “আনন্দেৰে সৈতে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতা” হʼবলৈ “যোগ্য কৰিব।” তেনে কৰিলে আমি “যিহোৱাৰ সৈতে যোগ্য হৈ চলিবলৈ” আৰু “তেওঁক সন্তুষ্টি” কৰাৰ বিষয়ে জানি শান্তি লাভ কৰিব পাৰিম।

২০ এতেকে আঁহক আমি যিহোৱাই প্ৰকাশ কৰা চিৰসহিষ্ণুতাৰ প্ৰজ্ঞাত সম্পূৰ্ণকৈ বিশ্বাস কৰোঁহঁক। কিয়নো এই কাৰ্য্যৰ দ্বাৰা আমি উদ্ধাৰ পাম আৰু যিসকলে আমাৰ প্ৰচাৰ আৰু শিক্ষাৰ প্ৰতি কাণ দিয়ে তেওঁলোকো উদ্ধাৰ পাব। (১ তীমথিয় ৪:১৬) গতিকে আত্মাৰ ফল যেনে, প্ৰেম, দয়া, মঙ্গলভাব, মৃদু-ভাব, ইন্দ্ৰিয়-দমন আদিক বিকাশিত কৰিলে আমি আনন্দেৰে চিৰসহিষ্ণুতা হবলৈ সহায় লাভ কৰিম। আমি আমাৰ পৰিয়ালৰ সদস্য আৰু ঠিক তেনেদৰে খ্ৰীষ্টান মণ্ডলীত থকা সকলো ভাই-ভনীৰ মাজত শান্তি বজাই ৰখাত সক্ষম হʼম। ইয়াৰ ওপৰিও চিৰসহিষ্ণুতাই আমাক আমাৰ সহকৰ্ম্মী আৰু সহপাঠীসকলৰ সৈতে সহনশীল হʼবলৈ সহায় আগবঢ়াব। আমাৰ চিৰসহিষ্ণুতাই পাপীসকলৰ জীৱন ৰক্ষা আৰু সকলোতকৈ বিশালভাৱে চিৰসহিষ্ণুতা প্ৰকাশ কৰা যিহোৱা ঈশ্বৰৰ মহিমাৰ অৰ্থে কাৰ্য্য কৰিব। (w01 11/01)

[ফুটনোট]

^ পাঁচনি পৌলে কোৱা “প্ৰেমে অনেক দিন সহে আৰু মৰমো কৰে” বাক্যশাৰীৰ ওপৰত মন্তব্য দি গৰ্‌ডন ডি. ফি. নামৰ এজন বাইবেল বিদ্ধানে এইদৰে লিখিছে: “পৌলৰ ধৰ্ম্মতত্ত্বত সেইবোৰে [চিৰসহিষ্ণুতা আৰু ধৈৰ্য্য] ঈশ্বৰে মানুহৰ প্ৰতি দেখুৱা দুই ধৰণৰ মনোবৃত্তিক নিৰ্দ্দেশিত কৰিছে (ৰোমীয়া ২:৪ পদটো তুলনা কৰক)। প্ৰথমটোত বিদ্ৰোহ মানৱৰ বিৰোদ্ধে ঈশ্বৰে প্ৰকোপ নকৰি, তেওঁলোকৰ প্ৰতি প্ৰেমময় সহনশীলতা প্ৰকাশ কৰিলে; দ্বিতীয়তে তেওঁৰ দয়াত হাজাৰ প্ৰকাৰৰ কৰুণাৰ বিবৃতি পোৱা যায়। সেইবাবে পৌলে ঈশ্বৰৰ প্ৰেমক দুই প্ৰকাৰৰ অভিব্যক্তিৰ যোগেদি প্ৰকাশ কৰিছিল, কিয়নো তেওঁ নিজেই যীচু খ্ৰীষ্টৰ দ্বাৰা ক্ষমা পাইছিল আৰু ঈশ্বৰৰ দণ্ডজ্ঞা পাবলগীয়া সকলকো যিহোৱাই দয়া দেখুৱাইছিল।”

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• খ্ৰীষ্টই কি প্ৰকাৰে চিৰসহিষ্ণুতাৰ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

• কিহে আমাক চিৰসহিষ্ণুতা বিকাশিত কৰাত সহায় কৰিব?

• চিৰসহিষ্ণুতাই কেনেকৈ পৰিয়াল, খ্ৰীষ্টান সমাজ আৰু প্ৰাচীনসকলক সহায় আগবঢ়ায়?

• আমি চিৰসহিষ্ণুতা হোৱাৰ দ্বাৰা ব্যক্তিগত আৰু আনৰ প্ৰতি কেনে লাভসমূহ কঢ়িয়াই আনিব পাৰিম?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

আনকি কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱা স্বত্ত্বেও যীচুৱে নিজৰ শিষ্যসকলৰ প্ৰতি সহনশীলতা প্ৰদৰ্শন কৰিছিল

[১৬ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টান অধ্যক্ষসকলক মণ্ডলীৰ ভাই-ভনীসকলৰ সৈতে আচৰণ কৰাৰ সময়ত চিৰসহিষ্ণুতাৰ এক উত্তম আৰ্হি ৰাখিবলৈ উৎসাহিত কৰা হৈছে

[১৭ পৃষ্ঠাৰ ছবি]

যদি আমি যিহোৱাৰ প্ৰেম আৰু চিৰসহিষ্ণুতাক অনুকৰণ কৰোঁ, তেন্তে একেৰাহে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰি থাকিম

[১৮ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলে যাতে চিৰসহিষ্ণুতা বজাই ৰাখিব পাৰে তাৰ বাবে পাঁচনি পৌলে প্ৰাৰ্থনা কৰিছিল