যিহোৱা হৈছে আমাৰ আশ্ৰয়স্থান
যিহোৱা হৈছে আমাৰ আশ্ৰয়স্থান
‘কিয়নো, হে যিহোৱা, তুমিয়েই মোৰ আশ্ৰয়: . . . তোমালৈ কোনো বিপদ নঘটিব।’—গীতমালা ৯১:৯, ১০.
১. আমি যিহোৱাক আমাৰ আশ্ৰয়স্থান বুলি কিয় কʼব পাৰোঁ?
যিহোৱা তেওঁৰ লোকসকলৰ বাবে এক প্ৰকৃত আশ্ৰয়স্থান। যদি তেওঁক সম্পূৰ্ণ হৃদয়েৰে ভক্তি কৰোঁ তেন্তে আমি হয়তো ‘সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদ্বিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো বিনষ্ট নহম।’ কিয় নহম? কিয়নো যিহোৱাই আমাক “শক্তিৰ বাহুল্যতা” দিয়াৰ আশ্বাস দিছে। (২ কৰিন্থীয়া ৪:৭-৯) আমাৰ স্বৰ্গীয় পিতৃয়ে আমাক ধাৰ্ম্মিকতাৰ পথত চলিবলৈ সহায় কৰে আৰু এই সন্দৰ্ভত আমি গীতমালা লিখকে লিখা বাক্যফাঁকিৰ পৰা অধিক সাহস গোটাব পাৰোঁ। যʼত এইদৰে কোৱা হৈছে: ‘কিয়নো, হে যিহোৱা, তুমিয়েই মোৰ আশ্ৰয়: . . . তোমালৈ কোনো বিপদ নঘটিব, আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব।’—গীতমালা ৯১:৯, ১০.
২. গীতমালা ৯১ অধ্যায়ৰ বিষয়ে কি কব পৰা যায় আৰু ইয়াত কি প্ৰতিজ্ঞা কৰা হৈছে?
২ গীতমালা ৯১ অধ্যায়তো হয়তো মোচিয়ে লিখিছিল। আনকি গীতমালা ৯০ অধ্যায়ৰ শিৰোনামাতো লিখকজনৰ নাম উল্লেখ কৰা হৈছে আৰু আন কোনো লিখকৰ নাম উল্লেখ নকৰাকৈ ৯১ অধ্যায়ৰ বৃতান্তবোৰ লিখা হৈছে। সম্ভৱতঃ, গীতমালা ৯১ অধ্যায়টো দোহাৰূপে গোৱা গীত হিচাপে লিখা হৈছে অৰ্থাৎ আৰম্ভণীতে এজনে গোৱাৰ পাছত, (৯১:১, ২) সঙ্গীবৃন্দই সুৰ মিলাই গাইছিল। সম্ভৱ আৰম্ভণীত এজন ব্যক্তিয়ে গাইছিল (৯১:৩-৮) আৰু তেওঁৰ লগে লগে এক দলে সুৰ মিলাই গৈছিল (৯১:১ক)। গায়কজনে অকলেই সঙ্গীবৃন্দৰ প্ৰত্যুত্তৰ দি গীত গাইছিল (৯১:৯খ-১৩)। তাৰ পাছত গায়কজনে অৱিশিষ্ট বাক্যশাৰীক গাইছিল (৯১:১৪-১৬)। যিয়ে নহওঁক কিয়, গীতমালা ৯১ অধ্যায়ত উল্লেখ কৰা প্ৰতিজ্ঞাসমূহ অভিষিক্ত খ্ৰীষ্টানসকলক আৰু একেইদৰে তেওঁলোকৰ সমৰ্পিত সঙ্গী সকলক এক বৰ্গ হিচাপে আশ্বাস প্ৰদান কৰিছে। * গতিকে আহঁক আমি গীতমালাৰ এই বাক্যসমূহক যিহোৱাৰ সেই সকলো সেৱকসকলৰ দৃষ্টিভঙ্গীৰে চাওঁহঁক।
“সৰ্ব্বোপৰি জনাৰ গুপ্ত স্থানত” সুৰক্ষিত
৩. (ক) “সৰ্ব্বোপৰি জনাৰ গুপ্ত স্থান” কি? (খ) “যিহোৱাৰ তম্বুত বসতি” কৰাৰ দ্বাৰা আমি কিহৰ অভিজ্ঞতা হৈছোঁ?
৩ গীতমালাৰ লিখকে এইদৰে কৈছিল: “যি মানুহ সৰ্ব্বোপৰি জনাৰ গুপ্ত স্থানত থাকে, সেই জনে সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে। মই যিহোৱাৰ বিষয়ে কম, ‘তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোঁঠ, মই ভাৰসা ৰখা মোৰ ঈশ্বৰ।’” (গীতমালা ৯১:১, ২) ইয়াত উল্লেখ কৰা “সৰ্ব্বোপৰি জনাৰ গুপ্ত স্থান” হৈছে লাক্ষ্যণিকৰূপে আমাৰ আৰু বিশেষকৈ অভিষিক্ত লোকে থকা সুৰক্ষিত অঞ্চলক নিৰ্দ্দেশিত কৰিছে, কিয়নো চয়তানে তেওঁলোকক বিশেষভাৱে লক্ষ্য কৰিছে। (প্ৰকাশিত বাক্য ১২:১৫-১৭) যদি আমি ঈশ্বৰৰ সেই সুৰক্ষা স্থানত বসতি কৰা অভিষিক্তবৰ্গৰ সৈতে নথকাহʼলে, সি আমাৰ সকলোকে ধ্বংস কৰিলেহেঁতেন। আমি “যিহোৱাৰ তম্বুত বসতি” কৰাৰ দ্বাৰা তেওঁৰ ছাঁস্বৰূপ বা সুৰক্ষাদায়ক ছাঁ অনুভৱ কৰিছোঁ। (গীতমালা ১৫:১, ২; ১২১:৫) আমাৰ সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱাৰ বাহিৰে এনে কোনো আশ্ৰয়স্থান বা সুৰক্ষাস্থান নাই, যʼত আমি আশ্ৰয় লব পাৰোঁ।—হিতোপদেশ ১৮:১০.
৪. চয়তানে কেনেধৰণৰ ‘ব্যাধৰ ফান্দ’ ব্যৱহাৰ কৰে আৰু আমি তাৰ পৰা কেনেকৈ ৰক্ষা পাইছোঁ?
৪ আগলৈ গীতমালাৰ লিখকে এইদৰে লিখিছিল: “তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব, আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব।।” (গীতমালা ৯১:৩) প্ৰাচীনকালত ইস্ৰায়েলসকলে প্ৰায়ে ফান্দ পাতি পক্ষী ধৰিছিল। একেইদৰে চয়তানেও তাৰ দুষ্কৃতি সংগঠনৰ নানা বিধ “কুকল্পনাৰ” ফান্দ ব্যৱহাৰ কৰে। (ইফিচীয়া ৬:১১) আমাৰ আধ্যাত্মিক পথত সি গোপনে ফান্দ পাতি থৈছে যাতে আমি সেই ফান্দত পৰি দুষ্ট আৰু আধ্যাত্মিকভাৱে অৱনতি হওঁ। (গীতমালা ১৪২:৩) যিহেতু আমি অধাৰ্ম্মিক পথত চলিবলৈ ত্যাগ কৰাৰ বাবে ‘ব্যাধৰ ফান্দৰ পৰা সাৰি যোৱা পক্ষীৰ নিচিনাকৈ আমাৰ প্ৰাণ ৰক্ষা পৰিল।’ (গীতমালা ১২৪:৭, ৮) যিহোৱাই আমাক সেই দুষ্ট ব্যাধৰ ফান্দৰ পৰা মুক্ত কৰাৰ বাবে আমি কিমান যে ধন্য!—মথি ৬:১৩.
৫, ৬. কেনেধৰণৰ ‘মহামাৰীয়ে’ ‘বিনাশৰ’ কাৰণ হৈছিল, কিন্তু যিহোৱাৰ লোকসকলে কিয় তাৰ দ্বাৰা বশীভূত নহল?
৫ গীতমালাৰ লিখকে “বিনাশক মহামাৰীৰ” বিষয়ে উল্লেখ কৰিছিল। মাৰাত্মক সংক্ৰামক ৰোগৰ নিচিনাকৈ কিহবাই মানৱ পৰিয়ালক “বিনাশক” অৱস্থালৈ পৰিচালিত আৰু যিহোৱাৰ সাৰ্ব্বভৌমত্বক সমৰ্থন কৰা লোকসকলকো প্ৰভাৱিত কৰিছে। এই সন্দৰ্ভত আৰ্নল্ড টইনবি নামৰ এজন বুৰঞ্জীবিদে এইদৰে লিখিছিল: “দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তিত ৰাষ্ট্ৰীয়বাদৰ ভাৱনা ইমানেই প্ৰভাৱশালী আছিল যে আগতকৈ অধিক লোকে তেওঁলোকৰ ৰাজ্য স্বাধীন হোৱাটো বিচাৰিছিল . . . বৰ্তমান সময়ত মানৱজাতিৰ মনোবৃত্তি আগতকৈও বৃহতভাৱে বিভেদকাৰী হৈ পৰিছে।”
৬ শতাব্দী জুৰি কিছুমান শাসকে মানৱজাতিৰ মনত বিভেদতাৰ বীজ ৰোপণ কৰি অন্তৰাষ্ট্ৰীয় সংগ্ৰামৰ মনোবৃত্তি জগাই তুলিছিল। আনকি তেওঁলোকে নিজে বা বিভিন্ন মূৰ্ত্তি অথবা প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা লাভ কৰাৰ উদ্দেশ্যে দাবী কৰিছিল। কিন্তু যিহোৱাই নিজৰ লোকসকলক তেনে ‘মহামাৰীৰত’ আক্ৰন্ত হʼবলৈ কেতিয়াও দিয়া নাই। (দানিয়েল ৩:১, ২, ২০-২৭; ৬:৭-১০, ১৬-২২) এক অন্তৰাষ্ট্ৰীয় ভাতৃত্ব-সমাজ স্বৰূপে আমি যিহোৱালৈ অনন্য ভক্তি আগবঢ়াওঁ, নিৰপেক্ষতা বজাই ৰাখোঁ আৰু কোনো নিস্বাৰ্থভাৱে জ্ঞান লৈ “সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচাৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়” বুলি বিশ্বাস কৰোঁ। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫; যাত্ৰাপুস্তক ২০:৪-৬; যোহন ১৩:৩৪, ৩৫; ১৭:১৬; ১ পিতৰ ৫:৮, ৯) খ্ৰীষ্টান হোৱাৰ হেতুকে “বিনাশক” ৰূপী নিৰ্য্যাতনাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও আমি আনন্দিত আৰু আধ্যাত্মিকৰূপে “সৰ্ব্বোপৰি জনাৰ গুপ্ত” স্থানত সুৰক্ষিত অনুভৱ কৰোঁ।
৭. যিহোৱাই কেনেকৈ আমাক “তেওঁৰ ডেউকাৰে” সুৰক্ষা প্ৰদান কৰে?
৭ যিহোৱাক নিজৰ আশ্ৰয়স্থান কৰাৰ পাছত আমি তেওঁৰ বাক্যৰ পৰা এনেদৰে সান্ত্বনা লাভ কৰিছোঁ, যʼত কোৱা হৈছে: “তেওঁ তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব; তাতে তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা; তেওঁৰ সত্যতা ঢাল আৰু বাৰূস্বৰূপ।” (গীতমালা ৯১:৪) উৰি ফুৰা চৰাইয়ে নিজৰ পোৱালীক ৰক্ষা কৰাৰ নিচিনাকৈ যিহোৱাই আমাক ৰক্ষা কৰে। (যিচয়া ৩১:৫) ‘নিজৰ ডেউকা মেলি আমাৰ তত্বাৱধান লয়।’ বিতংকৈ কবলৈ গʼলে যেনেকৈ এজনী চৰায়ে নিজৰ পাখী বা ডেউকা মেলি নিজৰ পোৱালীক বিপদৰ পৰা ৰক্ষা কৰে। ঠিক তেনেদৰে যিহোৱাৰ লাক্ষ্যণিক ডেউকাৰ তলত আমি সুৰক্ষা লাভ কৰোঁ। কিয়নো আমি প্ৰকৃত খ্ৰীষ্টানৰ সংগঠনত আশ্ৰয় লৈছোঁ।—ৰূথ ২:১২; গীতমালা ৫:১, ১১.
৮. যিহোৱাৰ “সত্যতা” কেনেকৈ এক প্ৰকাণ্ড ঢ়াল আৰু বাৰূস্বৰূপে কাৰ্য্য কৰে?
৮ আমি তেওঁৰ “সত্যতা” বা বিশ্বাসযোগ্যতাত, ভাৰসা কৰোঁ। ই হৈছে প্ৰাচীন সময়ত ব্যৱহাৰ কৰা এক প্ৰকাণ্ড ঢালস্বৰূপ যাৰ আকাৰ এখন দুৱাৰৰ দৰে আৰু এজন ব্যক্তিৰ সম্পূৰ্ণ শৰীৰক ঢাকিব পাৰিছিল। (গীতমালা ৫:১২) তেনেধৰণৰ সুৰক্ষাই আমাক ভয়ৰ পৰা মুক্ত কৰিবলৈ নিশ্চয়তা প্ৰদান কৰে। (আদিপুস্তক ১৫:১; গীতমালা ৮৪:১১) আমাৰ বিশ্বাসৰ দৰে ঈশ্বৰৰ সত্যতা হৈছে এক প্ৰকাণ্ড ঢালস্বৰূপ যিয়ে চয়তানৰ পৰা অহা অগ্নি-শৰ আৰু শত্ৰুসকলৰ আঘাতবোৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। (ইফিচীয়া ৬:১৬) এই বাৰূস্বৰূপক এক শক্তিশালী প্ৰতিৰক্ষামূলক গড় বুলিও কোৱা হয় যাৰ আঁৰত আমি দৃঢ়ভাৱে থিয় হৈ আছোঁ।
‘আমি ভয়াভীত নহম’
৯. ৰাতিৰ সময়ছোৱা কিয় ভয়লগা বুলি কব পাৰি, কিন্তু আমি কিয় ভয়াভীত নহওঁ?
৯ ঈশ্বৰৰ সুৰক্ষাৰ কথা মনত ৰাখি গীতমালাৰ লিখকে এইদৰে কৈছিল: “ৰাতিৰ আপদলৈ আৰু দিনত উড়ি অহা কাঁড়লৈ তুমি ভয় নকৰিবা; আন্ধাৰত ফূৰা মহামাৰীলৈ আৰু দুপৰ বেলাত সংহাৰ কৰোঁতা ৰোগলৈ তুমি ভয় নকৰিবা।” (গীতমালা ৯১:৫, ৬) যিহেতু বহুতো দুষ্টতাৰ কাৰ্য্য আন্ধাৰৰ সময়ছোৱাত কৰা হয় যিটো হয়তো ভয়লগা হʼব পাৰে। আজি গোটেই পৃথিৱীখনক আধ্যাত্মিক অন্ধকাৰে বেৰি আছে, যʼত আমাৰ শত্ৰুসকলে তেওঁলোকৰ গোপন কাৰ্য্যৰ দ্বাৰা আমাৰ প্ৰচাৰকাৰ্য্যক বন্ধ কৰিবলৈ প্ৰচেষ্টা কৰিছে। কিন্তু ‘আমি হʼলে ৰাতি আপদলৈ ভয় নকৰোঁ’, কিয়নো যিহোৱাই আমাক সুৰক্ষা প্ৰদান কৰে।—গীতমালা ৬৪:১, ২; ১২১:৪; যিচয়া ৬০:২.
১০. (ক) “দিনত উড়ি অহা কাঁড়” কিহক চিত্ৰিত কৰিছে আৰু ইয়াৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুউৱা উচিত? (খ) “আন্ধাৰত ফুৰা মহামাৰীৰ” চৰিত্ৰ কেনেকুৱা আৰু আমি তাক দেখি কিয় ভয়াভীত নহওঁ?
১০ “দিনত উড়ি অহা কাঁড়” হয়তো মৌখিকৰূপে হোৱা আক্ৰমণ হʼব পাৰে। (গীতমালা ৬৪:৩-৫; ৯৪:২০) যেনেকৈ আমি সত্যৰ বাৰ্ত্তা শুনাবলৈ প্ৰচেষ্টা চলাওঁ, তেতিয়া এনে ধৰণৰ বিৰোদ্ধে আমাৰ সেৱাক অৰ্থহীন কৰিবলৈ চেষ্টা কৰে। তথাপিও, আমি “আন্ধাৰত ফূৰা মহামাৰীলৈ” ভয় নকৰোঁ। এইয়া হৈছে লাক্ষ্যণিক মহামাৰী যিটো চয়তানৰ অধীনত থকা জগতখনত নৈতিক আৰু ধৰ্ম্মত ৰোগ হিচাপে উৎপন্ন হৈছে। (১ যোহন ৫:১৯) ই মানুহৰ মন আৰু হৃদয়ক প্ৰায়ে আন্ধাৰময় কৰি তুলে যাতে তেওঁলোকে যিহোৱাৰ উদ্দেশ্য আৰু তেওঁৰ প্ৰেমময় প্ৰবন্ধবোৰক অস্বীকাৰ কৰে। (১ তীমথিয় ৬:৪) এই অন্ধকাৰৰ মাজত থাকিও ভয়াভীত নহওঁ, কিয়নো আমি প্ৰচুৰমাত্ৰাত আধ্যাত্মিক পোহৰত দ্বীপ্তিময় হৈছোঁ।—গীতমালা ৪৩:৩.
১১. যিসকলে ‘দুপৰ বেলাত সংহাৰ কৰোঁতা ৰোগৰ’ সম্মুখীন হয় তেওঁলোকলৈ কি ঘটে?
১১ আনকি আমি “দুপৰ বেলাত সংহাৰ কৰোঁতা ৰোগৰ” দ্বাৰাও ভয়াভীত নহওঁ। ইয়াত “দুপৰ বেলা” উল্লেখ হোৱা শব্দটো হয়তো তথাকথিত জ্ঞান লাভ কৰা জগতখনক বুজাইছে। যিসকলে ভৌতিকবাদত বশীভূত হৈ পৰিছে তেওঁলোকে আধ্যাত্মিক ধ্বংসলৈ গতি কৰিছে। (১ তীমথিয় ৬:২০, ২১) যেনেকৈ আমি নিৰ্ভয়ে ৰাজ্যৰ বাৰ্ত্তাৰ ঘোষণা কৰোঁ, তেতিয়া আমি কোনো প্ৰতিপক্ষৰ পৰা ভয়াভীত নহওঁ। কিয়নো যিহোৱা হৈছে আমাৰ ৰক্ষক।—গীতমালা ৬৪:১; হিতোপদেশ ৩:২৫, ২৬.
১২. হাজাৰ হাজাৰ লোকে কাৰ কাষত ‘পতিত’ হৈছে আৰু কি প্ৰকাৰে?
১২ গীতমালা লিখকে আগলৈ এইদৰে কৈছিল: “তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হব; কিন্তু সেয়ে তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজ চকুৰে চাই দুষ্টবোৰৰ প্ৰতিফল দেখিবা।” (গীতমালা ৯১:৭, ৮) কিয়নো বহুতে যিহোৱাক নিজৰ আশ্ৰয়স্থান কৰাত বিফল হোৱাৰ বাবে আমাৰ “কাষত” আধ্যাত্মিকৰূপে “পতিত” হোৱা দেখা গৈছে। আনকি আজিও আধ্যাত্মিক ইস্ৰায়েলসকলৰ হাজাৰ হাজাৰ লোকে “সোফাঁলে” পতিত হৈছে। (গালাতীয়া ৬:১৬) কিন্তু আমি অভিষিক্ত খ্ৰীষ্টান হওঁ বা তেওঁলোকৰ সঙ্গী উপাসকেই নহওঁ কিয়, যিহোৱাৰ “গুপ্ত স্থানত” হʼলে সুৰক্ষিত আছোঁ। সাধাৰণতে আমি ‘নিজ চকুৰে দুষ্টবিলাকে প্ৰতিফল’ পোৱা দেখিবলৈ পাইছোঁ, বিষেশকৈ যিসকলে ব্যৱসায়ী, ধাৰ্ম্মিক আৰু অন্য কাৰণসমূহৰ বাবে কষ্ট ভূগীবলগা হৈছে।—গালাতীয়া ৬:৭.
‘আমালৈ কোনো বিপদ নঘটিব’
১৩. আমালৈ কেনে ধৰণৰ বিপদ নঘটিব আৰু কিয়?
১৩ যিহেতু আজি জগতত যদিও সুৰক্ষা ব্যৱস্থাৰ পতন হৈছে, কিন্তু আমি ঈশ্বৰক প্ৰথমস্থান দি গীতমালাৰ লিখকে কোৱা এই বাক্যসমূহৰ দ্বাৰা উৎসাহিত হওঁ। যʼত তেওঁ কৈছিল: “(কিয়নো, হে যিহোৱা, তুমিয়েই মোৰ আশ্ৰয়:) তুমি সৰ্ব্বোপৰি জনাক তোমাৰ বাসস্থান কৰিছা; তোমালৈ কোনো বিপদ নঘটিব, আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব।” (গীতমালা ৯১:৯, ১০) সচাঁকৈ যিহোৱা হৈছে আমাৰ আশ্ৰয়স্থান। যিয়ে নহওঁক আমি সৰ্ব্বোপৰি জনাক ‘নিজৰ বাসস্থান’ কৰি লৈছোঁ, যʼত আমি সুৰক্ষা অনুভৱ কৰিছোঁ। আমি যিহোৱাক বিশ্বৰ সৰ্ব্বশক্তিমান ঈশ্বৰৰ বুলি মানি, সুৰক্ষাৰ উৎস হিচাবে তেওঁৰ ‘আশ্ৰয়’ আৰু ৰাজ্যৰ বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছোঁ। (মথি ২৪:১৪) এতেকে ‘আমালৈ কোনো বিপদ নঘটিব’—ইয়াৰ আগতেই উল্লেখ কৰা ভাগত গীতমালাৰ লিখকে কোনো প্ৰকাৰৰ বিপদ ঘটাৰ বিষয়ে কোৱা নাছিল। আনকি যেতিয়া আমি অন্যলোকৰ সৈতে ভূমিকম্প, ধুমুহা-বতাহ, ক্লেশ, জল-প্লাৱন আৰু যুদ্ধৰ সম্মুখীন হওঁ, তেতিয়াও আমাৰ বিশ্বাস বা আধ্যাত্মিক সুৰক্ষাৰ পতন নহয়।
১৪. যিহোৱাৰ সাক্ষী হোৱাৰ হেতুকে আমি কিয় সেই ভয়ানক মহামাৰীৰ দ্বাৰা পীড়িত হোৱা নাই?
১৪ অভিষিক্ত খ্ৰীষ্টানসকলে এই ৰীতি-ব্যৱস্থাৰ পৰা পৃথক হৈ পৰদেশীৰ দৰে তম্বুত বাস কৰিছে। (১ পিতৰ ২:১১) ‘আনকি মহামাৰীয়েও তেওঁলোকৰ তম্বুৰ কাষ চাপিব পৰা নাই।’ আমাৰ আশা স্বৰ্গৰে হওঁক বা পৃথিৱীৰে হওঁক, আমি এই জগতৰ কোনো ভাগ নহওঁ আৰু আধ্যাত্মিক ক্লেশ যেনে, অনৈতিক, ভৌতিকবাদ, মিছা ধৰ্ম্মৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই। লগতে এই “পশু” আৰু তাৰ “প্ৰতিমূৰ্ত্তি” অৰ্থাৎ সংযুক্ত ৰাষ্ট্ৰৰ উপাসনাত ভাগ লোৱাৰ পৰাও আতঁৰি আছোঁ।—প্ৰকাশিত বাক্য ৯:২০, ২১; ১৩:১-১৮; যোহন ১৭:১৬.
১৫. কি প্ৰকাৰে আমি স্বৰ্গদূতৰ সাহয্য লাভ কৰিছোঁ?
১৫ যি সুৰক্ষাৰ বিষয়ে আমি অনুভৱ কৰিছোঁ তাৰ বিষয়ে গীতমালাৰ লিখকে এইদৰে কৈছিল: “তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ [যিহোৱা] তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব।” (গীতমালা ৯১:১১, ১২) আমাক সুৰক্ষা প্ৰদান কৰিবলৈ স্বৰ্গদূতসকলক ক্ষমতা দিয়া হৈছে। (২ ৰাজাৱলি ৬:১৭; গীতমালা ৩৪:৭-৯; ১০৪:৪; মথি ২৬:৫৩; লূক ১:১৯) তেওঁলোকে আমাক “আমাৰ সকলো পথৰ” বাবে মাৰ্গ-দৰ্শন দিয়ে। (মথি ১৮:১০) আমি ৰাজ্যৰ প্ৰচাৰক হোৱাৰ নিমিত্তে স্বৰ্গদূতৰ নিৰ্দ্দেশনা আৰু অভিভাৱকত্ত্ব অনুভৱ কৰিছোঁ। তদুপৰি, আমি প্ৰচাৰ কৰোঁতে আধ্যাত্মিকৰূপে উজুটি খাই পৰা নাই। (প্ৰকাশিত বাক্য ১৪:৬, ৭) আনকি আমাৰ কাৰ্য্যৰ ওপৰত পৰা ‘শিলৰূপী’ প্ৰতিবন্ধ লগোৱাৰ স্বত্ত্বেও উজুটি খাই ঈশ্বৰৰ অনুগ্ৰহৰ পৰা আঁতৰি যোৱা নাই।
১৬. এটা ‘ডেকা সিংহই’ কৰা আক্ৰমণ ‘নাগ’ সাপৰ পৰা কেনেকৈ বেলেগ আৰু সেইবোৰৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুউৱা উচিত?
১৬ আগলৈ গীতমালাৰ লিখকে এইদৰে প্ৰকাশ কৰিছিল: “তুমি সিংহ আৰু কালসৰ্পৰ ওপৰত ভৰি দিবা; ডেকা সিংহ আৰু নাগক তুমি গচকিবা।” (গীতমালা ৯১:১৩) যেনেকৈ এটা ডেকা সিংহই সম্মুখৰ পৰা পোনপটীয়াকৈ আক্ৰমণ কৰে, ঠিক তেনেদৰে আমাৰ শত্ৰুসকলেও সাৰ্ব্বজনিকৰূপে আমাৰ প্ৰচাৰকাৰ্য্য বন্ধ কৰিবলৈ আইন ব্যৱস্থা প্ৰয়োগ কৰে। কেতিয়াবা আকৌ নাগ সাপৰ নিচিনাকৈ তেওঁলোকে লুকায়ো আক্ৰমণ কৰে। যেনে পাদুৰীবৰ্গসকলে ব্যৱস্থাপক, ন্যায়কৰ্ত্তা আৰু আন অধিকাৰীসকলৰ আঁৰত থাকি আক্ৰমণ কৰে। কিন্তু যিহোৱাৰ সমৰ্থনৰ দ্বাৰা আমি শান্তিপূৰ্ণতাৰে ন্যায়লয়ৰ পৰা সমাধান পাবলৈ অপেক্ষা কৰোঁ, যাতে ‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিওঁ।’—ফিলিপীয়া ১:৭; গীতমালা ৯৪:১৪, ২০-২২.
১৭. আমি কেনেকৈ ‘ডেকা সিংহক’ ভৰিৰে গচকিব পাৰোঁ?
১৭ গীতমালাৰ লিখকে “ডেকা সিংহ আৰু নাগক” ভৰিৰে গচকাৰ বিষয়ে উল্লেখ কৰিছে। এটা ডেকা সিংহ হিংস্ৰ আৰু এটা বৰ নাগৰ আকাৰ হয়তো বিশাল হʼব পাৰে। (যিচয়া ৩১:৪) এটা ডেকা সিংহই যিমানে হিস্ৰভাবে সম্মুখৰ পৰা আক্ৰমণ নকৰক কিয়, আমি সিংহ সদৃশ্য মানুহ বা সংগঠনৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰি লাক্ষণিকৰূপে তেনে সিংহক ভৰিৰে গচকিব পাৰোঁ। (পাঁচনিৰ কৰ্ম্ম ৫:২৯) সেয়েহে এনে হিস্ৰাত্মক ‘সিংহই’ আধ্যাত্মিকৰূপে আমাৰ কোনো অনিষ্ট কৰিব পৰা নাই।
১৮. সেই ‘মহা-নাগে’ আমাক কাৰ বিষয়ে স্মৰণ কৰাই দিয়ে আৰু যদি আমি তাৰ আক্ৰমণৰ সম্মুখীন হৈছোঁ তেন্তে কি কৰা আৱশ্যক?
১৮ গ্ৰীক চেপ্টুৱেজেইণ্ট্ অনুসাৰে এই “কালসৰ্পক” “মহা-নাগ” বুলি কোৱা হৈছে। ইয়ে আমাক সেই ‘মহা-নাগ, অৰ্থাৎ দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপৰ’ বিষয়ে স্মৰণ কৰাই দিয়ে। (প্ৰকাশিত বাক্য ১২:৭-৯; ) সি হৈছে এক ভয়ানক সাপৰ নিচিনা, যাৰ নিজ চিকাৰক গুড়ি কৰি গিলি পেলোৱাৰ ক্ষমতা আছে। ( আদিপুস্তক ৩:১৫যিৰিমিয়া ৫১:৩৪) যেতিয়া চয়তানে আমাক তাৰ কুণ্ডলীতৰূপী জাগতিক হেঁচাৰ দ্বাৰা গুড়ি কৰি গিলিবলৈ চেষ্টা কৰে, তেতিয়া আমি তাৰ বন্ধনৰ পৰা মুক্ত হৈ এই ‘মহা নাগক’ গচকি পেলাওহঁক। (১ পিতৰ ৫:৮) এতেকে অভিষিক্ত খ্ৰীষ্টানসকলে ৰোমীয়া ১৬:২০ পদত উল্লেখ কৰা বাক্যসমূহৰ পূৰ্ণতাৰ ভাগী হʼবলৈ নিশ্চয়ে এইধৰণৰ পদক্ষেপ লোৱা উচিত।
যিহোৱা আমাৰ মুক্তিৰ উৎস
১৯. আমি যিহোৱাত কিয় আশ্ৰয় লোৱা আৱশ্যক?
১৯ সত্য উপসাকলৰ বিষয়ে গীতমালা লিখকে ঈশ্বৰৰ প্ৰতিনিধিত্ব কৰি এইদৰে কৈছিল: “সি মোত আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰিম; সি মোৰ নাম জনাৰ কাৰণে মই তাক ওখ ঠাইত স্থাপন কৰিম।” (গীতমালা ৯১:১৪) ইয়াত উল্লেখ কৰা “মই তাক উদ্ধাৰ কৰিম”, এই বাক্যশাৰীৰ প্ৰকৃততে অৰ্থ হৈছে “মই তাক ওখ ঠাইত স্থাপন কৰিম,” যʼত কোনেও ঢুকি পাব নোৱাৰে। যিহোৱাৰ উপাসক হোৱাৰ হেতুকে আমি তেওঁত শৰণ লৈছোঁ কিয়নো আমি ‘তেওঁক প্ৰেম কৰিলোঁ।’ (মাৰ্ক ১২:২৯, ৩০; ১ যোহন ৪:১৯) ইয়াৰ পৰিৱৰ্ত্তে ঈশ্বৰে আমাক শত্ৰুসকলৰ পৰা ‘ৰক্ষা পোৱা আশ্ৰয়স্থানৰ প্ৰবন্ধ কৰিছে।’ আমি কেতিয়াও এই পৃথিৱীৰ পৰা উচ্ছন্ন নহম। ইয়াৰ বিপৰীতে আমি উদ্ধাৰ পাম, কিয়নো আমি ঈশ্বৰৰ নাম জানো আৰু বিশ্বাসেৰে তেওঁৰ নাম লওঁ। (ৰোমীয়া ১০:১১-১৩) তদুপৰি, আমি “চিৰকাললৈকে ঈশ্বৰ যিহোৱাৰ নামেৰে” চলি থাকিবলৈ দৃঢ় নিৰ্ণয় লৈছোঁ।—মীখা ৪:৫; যিচয়া ৪৩:১০-১২.
২০. গীতমালা ৯১ অধ্যায়ৰ শেষৰ ভাগত যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকসকলৰ বাবে কিহৰ প্ৰতিজ্ঞা কৰিছে?
২০ গীতমালা ৯১ অধ্যায়ৰ সমাপ্তিত যিহোৱাই তেওঁৰ বিশ্বাসী দাসসকলক এইদৰে কৈছে: “তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই তেওঁক ৰক্ষা কৰিম, মই তেওঁক মৰ্য্যদাৱান কৰিম। দীৰ্ঘায়ুৰে মই তেওঁক তৃপ্ত কৰিম; মই তেওঁক মোৰ পৰিত্ৰাণপ্ৰাপ্ত কৰিম।” (গীতমালা ৯১:১৫, ১৬) যেতিয়া আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁলৈ প্ৰাৰ্থনা কৰোঁ তেতিয়া তেওঁ তাৰ উত্তৰ দিব। (১ যোহন ৫:১৩-১৫) চয়তানৰ পৰা অহা বিৰোধিতাৰ বাবে আমি ইতিমধ্যেই ভালেমান দুখ-কষ্টৰ সম্মুখীন হৈছোঁ। কিন্তু “মই তেওঁক মৰ্য্যদাৱান কৰিম” কোৱা বাক্যফাঁকিয়ে আমাক ভৱিষ্যতে আহিবলগা পৰীক্ষাৰ বাবে সাজু কৰিছে আৰু দুষ্ট ৰীতি-ব্যৱস্থাৰ অন্তত যে ঈশ্বৰে আমাক উদ্ধাৰ কৰিব, তাৰো আশ্বাস দিছে।
২১. অভিষিক্ত লোকসকলক ইতিমধ্যেই কেনেকৈ মহিমাম্বিতকৰা হৈছে?
২১ চয়তানৰ উন্মত্ত বিৰোধিতাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও আমাৰ মাজত থকা অভিষিক্তসকলক যিহোৱাৰ নিযুক্ত সময়ত অৰ্থাৎ পৃথিৱীত “দীৰ্ঘ কাল” অতিবাহিত কৰাৰ পাছত মহিমাম্বিত কৰা হʼব। বাস্তৱতে, যিহোৱাই আচৰিতভাৱে কৰা উদ্ধাৰৰ যোগেদি অভিষিক্তসকলে ইতিমধ্যেই আধ্যাত্মিকৰূপে মহিমাম্বিত হৈছে। তদুপৰি, এই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলক নেতৃত্ব কৰিবলৈ পোৱাত তেওঁলোকৰ বাবে কিযে এক গৌৰৱৰ বিষয়! (যিচয়া ৪৩:১০-১২) যিহোৱাই সেই মহাদিন অৰ্থাৎ হৰমাগিদোনত তেওঁৰ লোকসকলক উদ্ধাৰ কৰাৰ যোগেদি তেওঁৰ সাৰ্ব্বভৌমত্বক প্ৰতিষ্ঠা আৰু নিজৰ নামক পবিত্ৰকৰণ কৰিব।—গীতমালা ৮৩:১৮; যিহিষ্কেল ৩৮:২৩; প্ৰকাশিত বাক্য ১৬:১৪, ১৬.
২২. কোন ব্যক্তিসকলে ‘যিহোৱাৰ দ্বাৰা পৰিত্ৰাণ লাভ’ কৰিব?
২২ আমি অভিষিক্ত বৰ্গৰে হওঁ বা তেওঁলোকৰ সহসঙ্গীয়ে নহওঁ কিয়, আমি উদ্ধাৰৰ বাবে ঈশ্বৰৰ সহায়ৰ আশা কৰোঁ। যিসকলে একনিষ্ঠাৰে ঈশ্বৰৰ সেৱা কৰি থাকিব, তেওঁলোকেহে ‘সেই মহৎ আৰু ভয়ানক দিনত’ উদ্ধাৰ পাব। (যোৱেল ২:৩০-৩২) আমাৰ যিসকলে “বৰ লোকসমহূৰ” সদস্য তেওঁলোকে আহিবলগীয়া নতুন পৃথিৱীৰ উত্তৰজীৱি আৰু বিশ্বাসী হৈ শেষ-পৰীক্ষাত সফলতাৰে সম্মুখীন হʼব। তদুপৰি, তেওঁলোকেহে ‘তেওঁৰ দ্বাৰা দীৰ্ঘকাল পাই সন্তুষ্টি হব’ অৰ্থাৎ অনন্তকালৰ জীৱন লাভ কৰিব। ঈশ্বৰে হাজাৰ হাজাৰ জনৰ পুনৰত্থানো কৰিব। (প্ৰকাশিত বাক্য ৭:৯; ২০:৭-১৫) যীচুৰ দ্বাৰা আমাৰ পৰিত্ৰাণ হোৱা দেখি যিহোৱাই নিশ্চয়ে আনন্দিত হʼব। (গীতমালা ৩:৮) সম্মুখত তেনে অদ্ভুত আশা থকাৰ নিমিত্তে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তেওঁলৈ সহায়ৰ বাবে বাট চাওঁহঁক। যিহোৱাই যে আমাৰ আশ্ৰয়স্থান তাক আমি নিজৰ বাক্য আৰু কাৰ্য্যৰ দ্বাৰা প্ৰমাণ কৰোঁহঁক। (w01 11/15)
[ফুটনোট]
^ গ্ৰীক শাস্ত্ৰৰ লিখকসকলে গীতমালা ৯১ অধ্যায়ক মচীহা ভৱিষ্যতবাণীৰ দৃষ্টিভঙ্গীৰে আলোচনা কৰা নাছিল। অৱশ্য, যিহোৱাই যীচুৰ নিমিত্তে আশ্ৰয়স্থান আৰু দৃঢ় কোঠ আছিল। আনকি এক বৰ্গ হিচাবে যিহোৱাই যীচুৰ অভিষিক্ত বৰ্গ আৰু তেওঁলোকৰ সমৰ্পিত সহসঙ্গীসকলৰ বাবেও “শেষকাললৈকে” আশ্ৰয়স্থান।—দানিয়েল ১২:৪.
আপুনি কিদৰে উত্তৰ দিব?
• “সৰ্ব্বোপৰি জনাৰ গুপ্ত” স্থান কি?
• আমি কিয় ভয়াভীত নহওঁ?
• আমাৰ ওপৰত কেনেকৈ “কোনো বিপদ নঘটিব”?
• যিহোৱাই হৈছে আমাৰ উদ্ধাৰৰ মূল উৎস বুলি আমি কিয় কব পাৰোঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৭ পৃষ্ঠাৰ ছবি]
আপুনি জাননে যিহোৱাৰ সত্যতা আমাৰ বাবে কিমান ডাঙৰ ঢালস্বৰূপ?
[২৮ পৃষ্ঠাৰ ছবি]
[২৮ পৃষ্ঠাৰ ছবি]
যিহোৱাই সেৱকসকলৰ ওপৰত অহা বিৰোধ আৰু অপ্ৰত্যাশিতভাৱে হোৱা আক্ৰমণৰ স্বত্ত্বেও তেওঁৰ পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰিবলৈ সহায় কৰে
[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
ফেটীসাপ: A. N. Jagannatha Rao, Trustee, Madras Snake Park Trust