Skip to content

Skip to table of contents

উৎপীড়নৰ পৰা মুক্তি লাভ কৰাৰ এক ব্যৱহাৰিক প্ৰতিকাৰ

উৎপীড়নৰ পৰা মুক্তি লাভ কৰাৰ এক ব্যৱহাৰিক প্ৰতিকাৰ

উৎপীড়নৰ পৰা মুক্তি লাভ কৰাৰ এক ব্যৱহাৰিক প্ৰতিকাৰ

“হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম।”মথি ১১:২৮.

১, ২. (ক) অত্যাধিক মানসিক বা শাৰীৰিকভাৱে হোৱা উৎপীড়নৰ পৰা ৰেহাই পোৱাৰ বিষয়ে বাইবেলে কি কৈছে? (খ) যীচুৰ শিক্ষাবোৰ কিমান ব্যৱহাৰিক আছিল?

 অধিক পৰিমাণে শাৰীৰিক বা মানসিকভাৱে উৎপীড়িত হোৱাটো আমাৰ বাবে হানিকাৰক, কিয়নো ইয়ে মনোবেদনা উৎপন্ন কৰে। আপুনি নিশ্চয়ে এই কথাফাঁকিৰ সৈতে মান্তি হʼব। বাইবেলে বৰ্ণনা কৰিছে যে আজি সমুদায় মানৱজাতিয়ে ভাৰাক্ৰান্তভাৱে জীৱন-যাপন কৰিবলগীয়া হোৱাৰ বাবে বহুতে ইয়াৰ পৰা মুক্তি পাবলৈ আশাৰে বাট চাই আছে। (ৰোমীয়া ৮:২০-২২) তদুপৰি, শাস্ত্ৰই এইদৰেও কৈছে যে আমি বৰ্ত্তমান সময়ত কেনেকৈ অলপ পৰিমাণে মুক্তি লাভ কৰিব পাৰোঁ। তেনে মুক্তি লাভ কৰিবলৈ হʼলে আমি আজিৰ পৰা দুহেজাৰ বছৰৰ আগতে জীয়াই থকা এজন ব্যক্তিৰ পৰামৰ্শ আৰু আৰ্হিক অনুকৰণ কৰা আৱশ্যক। তেওঁ যদিও এজন কাঠমিস্ত্ৰী আছিল, তথাপিও লোকসকলৰ প্ৰতি তেওঁৰ অতিশয় প্ৰেম আছিল। তেওঁ লোকসকলৰ হৃদয় স্পৰ্ষ, আৱশ্যকতাসমূহক পূৰণ, ছল, নিৰুৎসাহিত সকলক সহায় আৰু শান্ত্বনা প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ বহুতক আধ্যাত্মিকৰূপে দৃঢ় হবলৈ সহায় কৰিছিল। এইদৰে তেওঁলোকে অতিশয়ৰূপে শাৰীৰিক আৰু মানসিকভাৱে হোৱা উৎপীড়নৰ পৰা ৰেহাই পাইছিল আৰু আপুনিও তেওঁলোকৰ দৰে ৰেহাই পাব পাৰে।—লূক ৪:১৬-২১; ১৯:৪৭, ৪৮; যোহন ৭:৪৬.

সেই ব্যক্তিজন আছিল নাচৰতীয় যীচু যিজনে ৰোম, এথেনচ বা আলেকজেণ্ডেৰীয়া শিক্ষা যোগেদি পথ-প্ৰদৰ্শিত হোৱা নাছিল। তথাপিও তেওঁ দিয়া শিক্ষাবোৰ প্ৰসিদ্ধ আছিল। সেই শিক্ষাবোৰৰ প্ৰমুখ বিষয় হৈছিল: এনে এখন চৰকাৰ যাৰ দ্বাৰা ঈশ্বৰে এই পৃথিৱীত শান্তিৰ শাসন স্থাপিত কৰিব। তদুপৰি, যীচুৱে জীৱন-যাপন কৰাৰ মুখ্য প্ৰণালীৰ সম্বন্ধে উল্লেখ কৰিছিল, যিবোৰ বাস্তৱতে বৰ্তমান সময়ৰ বাবে ব্যৱহাৰিক প্ৰমাণিত হৈছে। যিসকলে যীচুৰ শিক্ষা অনুসাৰে জীৱন-যাপন কৰে তেওঁলোক মানসিক উৎপীড়নৰ পৰা মুক্তি লাভ কৰাৰ ওপৰিও পোনপটীয়াকৈ ঈশ্বৰৰ আশীৰ্ব্বাদসমূহ লাভ কৰে। আপুনিও তেনে ধৰণৰ আনন্দ উপভোগ কৰিবলৈ নিবিচাৰেনে?

৩. যীচুৱে কেনে এক মহান আমন্ত্ৰণ জনাইছিল?

আপোনাৰ মনত হয়তো সন্দেহ জাগিব পাৰে যে ‘কেনেকৈ বহু সময়ৰ আগতেই জীয়াই থকা সেই ব্যক্তিজনে মোৰ জীৱনটোক প্ৰভাৱিত কৰিব পাৰে?’ তেন্তে যীচুৱে দিয়া এই আমন্ত্ৰণৰ প্ৰতি ধ্যান দিয়ক, যʼত তেওঁ এইদৰে কৈছিল: “হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু।” (মথি ১১:২৮-৩০) তেওঁ তেনেদৰে কোৱা কথাশাৰীৰ অৰ্থ কি আছিল? আহঁক আমি তেওঁৰ কথাশাৰীৰ কিছুমান ভাগক বিতংকৈ আলোচনা আৰু বিবেচনা কৰোঁহঁক যে কেনেকৈ সেইবোৰে আমাক অত্যাধিকভাৱে হোৱা মানসিক উৎপীড়নৰ পৰা মুক্তি লাভ কৰিবলৈ পথ প্ৰদৰ্শন কৰে।

৪. যীচুৱে কোনসকলৰ সৈতে কথোপকথন কৰিছিল আৰু তেওঁলোকে কিয় ধৰ্ম্মগুৰুসকলে দিয়া আজ্ঞাক পালন কৰিবলৈ বোজা যেন অনুভৱ কৰিছিল?

যীচুৱে এনে ব্যক্তিসকলৰ সৈতে কথোপকথন কৰিছিল যিসকলে প্ৰকৃততে ব্যৱস্থাৰ অনুসাৰে চলিবলৈ বিচাৰিছিল। কিয়নো তেওঁলোকৰ ধৰ্ম্মীয় গুৰুসকলে “অসহনীয় ভাৰ” বান্ধি দিছিল যিটো জনসাধাৰণৰ বাবে অত্যন্ত বোজা যেন হৈ পৰিছিল। (মথি ২৩:৪) সেই ধৰ্ম্মগুৰুসকলে লোকসকলৰ জীৱনৰ প্ৰায়বোৰ ক্ষেত্ৰতে বিভিন্ন নীতি-নিয়ম বান্ধি দিছিল। যদি আপোনাক কোনোবাই সদায়েই “আপুনি নিশ্চয়ে” এইদৰে বা সেইদৰে কৰা উচিত বুলি কয়, তেনেহʼলে আপুনি মানসিক যান্ত্ৰণা অনুভৱ নকৰিবনে? কিন্তু ইয়াৰ বিপৰীতে যীচুৱে লোকসকলক এনে এক সত্যৰ বিষয়ে জানিবলৈ আমন্ত্ৰণ কৰিছিল যি ধাৰ্ম্মিক আৰু উত্তম জীৱনলৈ পৰিচালিত কৰিব পাৰে। বাস্তৱতে, সত্য ঈশ্বৰক জানিবলৈ হʼলে যীচুৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰা আৱশ্যক, কিয়নো তেওঁৰ যোগেদিহে মানুহে ঈশ্বৰৰ ব্যক্তিত্বৰ সৈতে পৰিচিত হʼব পাৰিব। সেয়েহে যীচুৱে এইদৰে কৈছিল: “যি জনে মোক দেখিলে; তেওঁ মোৰ পিতৃকেই দেখিল।”—যোহন ১৪:৯.

আপোনাৰ জীৱনটো অধিক ভাৰগ্ৰস্ত নে?

৫, ৬. যীচুৰ সময়ৰ শ্ৰমিকসকলৰ পৰিশ্ৰম আৰু দৰমহা, আমাৰ সময়ৰ সৈতে কেনেকৈ তুলনা কৰা হৈছে?

যদি আপুনি চাকৰি বা পৰিয়াল জীৱনটো বোজা যেন অনুভৱ কৰিছে অথবা আন দায়িত্বসমূহে বিহ্বল কৰি তুলিছে, তেন্তে এই বিষয়ে বিবেচনা কৰিলে উত্তম হʼব। কিয়নো আপুনিও সেই সৰল মনৰ লোকসকলৰ দৰে যিবিলাকক যীচুৱে সাক্ষাৎ কৰি সহায় কৰিছিল। উদাহৰণস্বৰূপে, অৰ্জন কৰা টকা-পইছাৰে পৰিয়ালটোক চলোৱাত সম্মুখীন হোৱা সমস্যাৰ বিষয়ে বিবেচনা কৰক।। যীচুৰ সময়ত লোকসকলে সম্মুখীন হোৱা সমস্যাৰ দৰে বৰ্তমান সময়টো বহুতে দৈনন্দিন জীৱনত সমস্যাৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে।

যীচুৰ সময়ত এজন শ্ৰমিকে দিনটোত ১২ ঘন্টাকৈ সপ্তাহত ৬ দিন কাম কৰিব লাগিছিল আৰু সাধাৰণতে গোটেই দিনটোৰ পৰিশ্ৰমৰ বাবে সেই শ্ৰমিকজনে কেৱল এক আধলিহে লাভ কৰিছিল। (মথি ২০:২-১০) সেই মূল্য আপোনাৰ বা নিজৰ বন্ধুসকলৰ দৰমহাৰ সৈতে কেনেকৈ তুলনা কৰিব? প্ৰাচীনকালৰ দৰমহা যদি বৰ্তমান সময়ত লাভ কৰা দৰমহাৰ সৈতে তুলনা কৰা হয়, তেন্তে ই এক জটিল কাৰ্য্য হʼব। কেৱল বস্তু কিনা-মেলা ক্ষেত্ৰতহে ধন ব্যৱহাৰ কৰাৰ একে সদৃশতা আছিল। এজন বিদ্বানে এইদৰে কৈছিল যে যীচুৰ সময়ত এটা পাউৰুটি তৈয়াৰ কৰিবলৈ চাৰি কাপ ঘেঁহুৰ আটা ব্যৱহাৰ কৰা হৈছিল, সেই আটাৰ মূল্য আছিল তেতিয়াৰ সময়ত এঘন্টা পৰিশ্ৰম কৰি পোৱা মূল্যৰ সমান। আন এজন বিদ্বানে কৈছিল যে দুকাপ দ্ৰাক্ষাৰসৰ মূল্য আছিল দুঘন্টা পৰিশ্ৰম কৰি পোৱাৰ মূল্যৰ সমান। এই বিবৰণীৰ পৰা জানিব পৰা যায় যে সেইসময়ত লোকসকলক জীয়াই থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগা হৈছিল। আমাৰ দৰে সেই ব্যক্তিসকলকো উপশম আৰু বিশ্ৰামৰ আৱশ্যক আছিল। যদি আপুনি এজন কৰ্ম্মচাৰী তেন্তে অধিক সময় লৈকে পৰিশ্ৰম কৰিবলগীয়া হোৱাৰ নিশ্চয়ে হেঁচা অনুভৱ কৰিছে। জীৱনত উত্তম নিৰ্ণয় লʼবলৈ আমাৰ ওচৰত প্ৰায়ে সময়ৰ অভাৱ হয়। আপুনি হয়তো মান্তি হʼব যে এইবোৰৰ পৰা উপশম পাবলৈ বহু সময়ৰ পৰা অপেক্ষা কৰি আছে।

৭. যীচুৰ বাৰ্ত্তাৰ প্ৰতি লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

স্পষ্টকৈ যীচুৱে “পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত” লোকক দিয়া আমন্ত্ৰণে তেওঁৰ বাক্য শুনোতাসকলৰ প্ৰায়ভাগ লোকৰে হৃদয় স্পৰ্ষ কৰিছিল। (মথি ৪:২৫; মাৰ্ক ৩:৭, ৮) “মই তোমালোকক জিৰণি দিম” বুলি কোৱা যীচুৰ এই প্ৰতিজ্ঞাটোক স্মৰণ কৰক। সেই প্ৰতিজ্ঞাটো বৰ্তমানে আমাৰ সময়তো প্ৰযোজ্য হয়। আমি যদি “পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত” অনুভৱ কৰিছোঁ, তেনেহʼলে সেই প্ৰতিজ্ঞাতো আমাৰ বাবেও প্ৰয়োগ হয়। এই প্ৰতিজ্ঞাটো সেই একেই পৰিস্থিতিত থকা আমাৰ প্ৰিয়জনৰ বাবেও প্ৰযোজ্য হয়।

৮. লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা আৰু বৃদ্ধ অৱস্থাই কেনেকৈ মানসিক হেঁচা বৃদ্ধি কৰিছে?

আন কিছুমান ক্ষেত্ৰত লোকসকলে বোজা যেন অনুভৱ কৰিছে। যেনে—লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা, আনকি সন্তানক জন্ম দিয়াটো এক প্ৰত্যাহ্বানজনক বিষয়। সকলো বয়সৰ ব্যক্তিয়ে মানসিক আৰু শাৰীৰিকৰূপে অসুস্থাতাৰ সম্মুখীন হৈছে। যিহেতু লোকসকলে দীৰ্ঘকাল জীয়াই থকাৰ আশা কৰে যদিও বৃদ্ধ ব্যক্তিসকলে উন্নত চিকিৎসাৰ স্বত্বেও বিশেষ কিছুমান সমস্যাৰ পৰা হাত হাৰিব পৰা নাই।—উপদেশক ১২:১.

যুৱলিৰ অধীনত কাৰ্য্য কৰা

৯, ১০. প্ৰাচীন সময়ত যুৱলি শব্দটোৱে কিহক চিহ্নিত কৰিছিল আৰু যীচুৱে কিয় লোকসকলক তেওঁৰ যুৱলি লʼবলৈ আমন্ত্ৰণ কৰিছিল?

মথি ১১:২৮, ২৯ পদত যীচুৱে কোৱা বাক্যশাৰীক আপুনি লক্ষ্য কৰিলেনে, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা।” সেই সময়ৰ এজন সাধাৰণ ব্যক্তিয়ে হয়তো বাস্তৱিকতে যীচুৰ বাক্যশাৰীৰ অৰ্থ সঁচাকৈ যুৱলি লৈ কাম কৰা বুলিহে বুজিলেহেঁতেঁন। প্ৰাচীন সময়ত যুৱলি লোৱাটো দাস বা গোলাম হৈ কাম কৰাক বুজাইছিল। (আদিপুস্তক ২৭:৪০; লেবীয়া পুস্তক ২৬:১৩; দ্বিতীয় বিবৰণ ২৮:৪৮) সেই সময়ত যিসকল লোকক যীচুৱে সাক্ষাৎ কৰিছিল তেওঁলোকে বাস্তৱতে নিজৰ কান্ধত গধুৰ বোজা ৰূপী যুৱলি কঢ়িয়াব লগা হৈছিল। সেই যুৱলি এইদৰে তৈয়াৰ কৰা হৈছিল, যাতে কোনো এজনে সেই যুৱলিক সহজে কান্ধ, ডিঙিত বা হাতেৰে কঢ়িয়াই নিব পাৰিছিল। যীচু নিজে এজন কাঠমিস্ত্ৰি হোৱাৰ বাবে তেৱোঁ হয়তো তেনে যুৱলি বনাইছিল আৰু সেইবাবে তেওঁ জানিছিল যে কেনে যুৱলি নিৰ্ম্মাণ কৰিলে কঢ়িয়াই নিওঁতাজনৰ বাবে “সুসহ্য” হয়। সম্ভৱত, তেওঁ হয়তো কান্ধ বা ডিঙিৰে কঢ়িয়াই নিয়া যুৱলিৰ সেই অংশটোত চামৰা বা কাপোৰ মেৰিয়াই দিছিল, যাতে কঢ়িয়াই নিওঁতাজনে আৰাম পাই।

১০ যীচুৱে কোৱা “তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা,” কথাষাৰৰ পৰিভাষা আছিল যে তেওঁ নিজকে এনে এজন কাঠমিস্ত্ৰীৰ সৈতে তুলনা কৰিছিল, যিজনৰ যুৱলি কান্ধ আৰু ডিঙিত কঢ়িয়াই নিয়াজনৰ বাবে “সুসহ্য” হয়। সেয়েহে তেওঁ এইদৰে কব পাৰিলে: “মোৰ যুৱলি . . . ভাৰো লঘু।” স্পষ্টৰূপে এই যুৱলি কঢ়িয়াই নিয়াত গধুৰ আৰু দাসত্ব যেন বোধ নহয়। বাস্তৱতে, যীচুৱে তেওঁৰ বাক্য শুনোতাসকলক তেওঁৰ যুৱলি গ্ৰহণ কৰাৰ আমন্ত্ৰণ দি এইটো কোৱা নাছিল যে সেই সময়ত তেওঁলোকে সম্মুখীন হোৱা সকলো প্ৰকাৰৰ অসহনীয় অৱস্থাৰ পৰা তৎক্ষণাত মুক্তি পাব। তথাপিও, তেওঁ দাঙি ধৰা এক সম্পূৰ্ণ বেলেগ দৃষ্টিভঙ্গীয়ে লোকসকলক সেই পৰিস্থিতিত কিছু পৰিমাণে সতেজ কৰি তুলিছিল। তেওঁলোকে জীৱনধাৰা আৰু তেওঁলোকে কৰা কাৰ্য্য-প্ৰণালীত সাল-সলনি কৰাৰ দ্বাৰাও সকাহ লাভ কৰিছিল। তদুপৰি, এক উজ্জ্বল আৰু দৃঢ় আশাই তেওঁলোকৰ জীৱনলৈ অহা হেঁচাক হ্ৰাস কৰাত সহায় কৰিছিল।

তেনেদৰে আপুনিও সতেজ হʼব পাৰে

১১. যীচুৱে উল্লেখ কৰা যুৱলিৰ পৰামৰ্শ এজনৰ পৰা আনজনলৈ যুৱলি সাল-সলনি কৰা অৰ্থত কিয় বুজোৱা নাই?

১১ অনুগ্ৰহ কৰি ধ্যান দিয়ক যে ইয়াত যীচুৱে এজনে আনজনৰ যুৱলি ভাৰ লোৱাৰ বিষয়ে উল্লেখ কৰা নাছিল। যিদৰে বৰ্ত্তমান সময়ত চৰকাৰে খীষ্টানসকলে বাস কৰা ঠাইবোৰৰ ওপৰত শাসন কৰে, ঠিক তেনেদৰে প্ৰাচীন খ্ৰীষ্টানসকলে থকা ঠাইবোৰতো ৰোমান চৰকাৰে শাসন কৰিছিল। প্ৰথম শতাব্দীতো তেওঁলোকে ৰোমান চাৰকাৰক কৰ দিব লাগিছিল। তেতিয়াও তেওঁলোকে আৰ্থিক আৰু শাৰীৰিক সমস্যাসমূহৰ পৰা ৰেহাই পোৱা নাছিল। তদুপৰি, পাপ আৰু অসিদ্ধতাই একেৰাহে লোকসকলৰ ওপৰত প্ৰভুতা কৰিছিল। তথাপিও তেওঁলোকে যীচুৰ শিক্ষা পালন কৰাৰ দ্বাৰা কিছু পৰিমাণে সকাহ পাইছিল। সেইদৰে আমিও পাব পাৰোঁ।

১২, ১৩. যীচুৱে সতেজ কৰিব পৰা কেনে বৈশিষ্ট্যসমূহক দাঙি ধৰিছিল আৰু তাৰ প্ৰতি কিছুমানে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১২ দৰাচলতে যীচুৱে কোৱা যুৱলি শিষ্য-বনোৱা কাৰ্য্যৰ বাবে বিশেষৰূপে প্ৰযোজ্য হৈছিল। সেয়েহে ইয়াত সন্দেহৰ কোনো কাৰণ নাই যে যীচুৰ মুখ্য কাৰ্য্য আছিল আনক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিয়া। (মথি ৪:২৩) গতিকে, “তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা” বুলি কোৱা তেওঁৰ কথাষাৰৰ অৰ্থ আছিল তেওঁক অনুকৰণ কৰা অৰ্থাৎ আমিও তেওঁৰ দৰে একেই কাৰ্য্য কৰা। পাঁচনিসকলে লিখা বৃত্তান্তসমূহে দেখুৱাইছে যে সৰল মনৰ লোকসকলৰ জীৱন-যাপনৰ প্ৰণালীত সাল-সলনি কৰাটোৱে যীচুৰ চিন্তাধাৰাৰ মুখ্য বিষয় আছিল। যীচুৱে তেওঁৰ তিনিজন শিষ্য আন্দ্ৰিয়, যাকোব আৰু পিতৰক কোৱা কথাশাৰীক মন দিয়ক, তেওঁ এইদৰে তেওঁলোকক কৈছিল: “মই তোমালোকক মানুহ ধৰা জালোৱাই কৰিম।” (মাৰ্ক ১:১৬-২০) যীচুৱে সেই মাছমৰীয়াসকলক প্ৰদৰ্শন কৰি দেখুৱালে যে যদি তেওঁলোকে নিজৰ জীৱনত প্ৰচাৰকাৰ্য্যক প্ৰথম স্থান দিয়ে আৰু তেওঁৰ সহায়ৰ দ্বাৰা আৰু নিৰ্দ্দেশনা অনুসাৰে কাৰ্য্য কৰে, তেনেহʼলে তেওঁলোকে সুখী হʼব।

১৩ ইয়াকে শুনি কিছুমান যিহুদী শ্ৰোতাই তেওঁ কোৱা কথাশাৰীৰ অৰ্থ বুজি পালে আৰু সেই অনুসাৰে জীৱন যাপন কৰিলে। লূক ৫:১-১১ পদত উল্লেখ কৰা চাৰিজন মাছমৰীয়াৰ বিষয়ে কল্পনা কৰক। তেওঁলোকে গোটেই নিশা মাছ ধৰিবলৈ সমুদ্ৰত জাল পেলোৱাৰ স্বত্বেও কোনো মাছ বিচাৰি নাপালে। হঠাতে তেওঁলোকৰ জালবোৰ মাছেৰে ইমানেই ভৰিপূৰ হʼল যে নাৱত উঠাব নোৱাৰাকৈ সেইবোৰ গধুৰ হৈ পৰিল! তেনেদৰে আপুনা-আপুনিকৈ ঘটা নাছিল; দৰাচলতে সেই কাৰ্য্যত যীচুৱে তেওঁলোকক সহায় কৰিলে। যেনেকৈ তেওঁলোকে সমুদ্ৰৰ দাঁতিলৈ উভটি আহিল, তেওঁলোকে লক্ষ্য কৰিলে যে এক বৰ লোকসমূহ যীচুৰ শিক্ষা শুনিবলৈ অপেক্ষা কৰি আছে। ইয়াকে দেখি তেওঁলোকে যীচুৰ এই বাক্য বুজিবলৈ পলম নকৰিলে যে, “এতিয়াৰ পৰা তুমি [জীৱিত মানুহক ধৰোঁতা, NW] হবা।” তাৰ প্ৰতি তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? এই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “পাছে নাও কেইখন বামলৈ আনিলত, তেওঁলোকে সকলোকে ত্যাগ কৰি, তেওঁৰ অনুগামী হল।”

১৪. (ক) বৰ্ত্তমান সময়ত আমি কেনেকৈ সতেজতা লাভ কৰিব পাৰোঁ? (খ) যীচুৱে কেনে সতেজ কৰি তুলা শুভবাৰ্ত্তাৰ বিষয়ে ঘোষণা কৰিছিল?

১৪ প্ৰকৃততে, আপুনিও তেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাব পাৰে। কিয়নো আজিও লোকসকলক বাইবেলৰ সত্য শিকোৱা কাৰ্য্যক্ৰম চলি আছে। প্ৰায় ষাঠি লাখ যিহোৱাৰ সাক্ষীয়ে, “তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা” বুলি কোৱা যীচুৰ এই আমন্ত্ৰণক গ্ৰহণ কৰি “মানুহ ধৰা জালোৱাই” হৈছে। (মথি ৪:১৯) কিছুমানে এই কাৰ্য্যত পূৰ্ণ-সময়ৰ অগ্ৰগামী হিচাবে আৰু আনসকলে তেওঁলোকৰ সময় অনুসাৰে ভাগ লৈছে। সকলোৱে বিশ্ৰাম পাইছে, সেইবাবে তেওঁলোকে জীৱনত কম হেঁচা অনুভৱ কৰিছে। তদুপৰি, তেওঁলোকে আনক “ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি” আনন্দ লাভ কৰিছে। (মথি ৪:২৩) আমি নিতৌ আনক কোনো ভাল বাৰ্ত্তা কৈ আনন্দিত হওঁ, কিন্তু বিশেষকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনোৱা এই শুভবাৰ্ত্তাই আমাক অধিক আনন্দিত কৰে। বাইবেলত এনে মুখ্য বিষয়সমূহ উল্লেখ কৰা হৈছে যিয়ে বেছিভাগ লোকক মানসিক হেঁচা হ্ৰাস হোৱা জীৱনলৈ পৰিচালিত কৰিবলৈ সহায় কৰে।—২ তীমথিয় ৩:১৬, ১৭.

১৫. জীৱনৰ সম্বন্ধে দিয়া যীচুৰ শিক্ষাৰ অনুসাৰে চলি আপুনি কেনেকৈ লাভৱান হব পাৰে?

১৫ যি সকলে কিছু পৰিমাণে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকিছে, তেওঁলোকেও যীচুৱে কোৱা অনুসাৰে জীৱন-যাপন কৰি লাভৱান হৈছে। বহুতে আকৌ এইদৰে কৈছে যে তেওঁলোকে যীচুৰ শিক্ষাৰ দ্বাৰা বাস্তৱতে সতেজতা লাভ কৰিছে আৰু তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। বিশেষকৈ যীচুৰ জীৱনী আৰু পৰিচৰ্য্যা কাৰ্য্যৰ বিষয়ে লিখা মথি, মাৰ্ক আৰু লূকৰ বিবৰণীৰ কিছুমান সিদ্ধান্তক নিৰীক্ষণ কৰি তাৰ অনুসাৰে চলি আপুনিও জীৱনত কম হেঁচা অনুভৱ কৰিব পাৰে।

সতেজতাৰ এক পথ বিচাৰি পোৱা

১৬, ১৭. (ক) যীচুৰ কিছুমান মুখ্য শিক্ষাৰ বিষয়ে আমি কʼত বিচাৰি পাব পাৰোঁ? (খ) যীচুৰ শিক্ষাবোৰৰ দ্বাৰা সতেজতা লাভ কৰিবলৈ কি কৰা আৱশ্যক?

১৬ বসন্ত কালৰ সা.যু. ৩১ চনত যীচুৱে এক উপদেশ দিছিল, যিটো আজিলৈকে প্ৰসিদ্ধ হৈ আছে। সাধাৰণতে ইয়াক পৰ্ব্বতীয় উপদেশ নামেৰে জনা যায়। ইয়াক মথি ৫ অধ্যায় পৰা লৈ ৭ অধ্যায়লৈকে, লূক ৬ অধ্যায়ত পোৱা যায় আৰু তদুপৰি, ইয়াত যীচুৰ আন-আন শিক্ষাসমূহৰ বিষয়ো চমুকৈ উল্লেখ কৰা হৈছে। আপুনি আন-আন যীচুৰ শিক্ষাসমূহক শুভবাৰ্ত্তা পুস্তকৰ যিকোনো ভাগতে পাব পাৰে। তেওঁ কোৱা পৰামৰ্শসমূহে স্বয়ং ব্যাখ্যা কৰিছে যদিও সেইবোৰক নিজৰ জীৱনত অভ্যাস কৰাটো এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। সেইবাবে সেই অধ্যায়সমূহক কিয় মনোযোগেৰে নপঢ়ে? গতিকে আঁহক আপুনি তেওঁৰ বোধ শক্তিক আপোনাৰ বিচাৰধাৰাত আৰু দৃষ্টিভঙ্গীত প্ৰভাৱিত হʼবলৈ দিয়ক।

১৭ অৱশ্যে যীচুৰ শিক্ষাবোৰক বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰি। আঁহক আমি তেওঁৰ সকলো মুখ্য শিক্ষাবোৰক মাহৰ প্ৰত্যেকদিনা আমাৰ জীৱনত প্ৰয়োগ কৰাৰ লক্ষ্য ৰাখোঁহঁক। কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ? সেই শিক্ষাবোৰক গুৰুত্বহীন ৰূপে দৃষ্টি নকৰক। এই সন্দৰ্ভত এজন ধনী শাসনকৰ্ত্তাই যীচুক কৰা প্ৰশ্নটোৰ বিষয়ে স্মৰণ কৰক, যʼত তেওঁ এইদৰে সুধিছিল: “মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” ইয়াৰ উত্তৰত যীচুৱে তেওঁক ঈশ্বৰৰ ব্যৱস্থাত থকা প্ৰমুখ আজ্ঞাবোৰক পালন কৰিবলৈ কৈছিল। কিন্তু তেওঁ কৈছিল যে ইতিমধ্যেই তেওঁ সেইবোৰক পালন কৰিছে। তথাপিও যীচুৱে চিনাক্ত কৰিব পাৰিছিল যে তেওঁ তাতকৈ অধিক কৰা প্ৰয়োজন। সেয়েহে যীচুৱে কৈছিল যে এজন কাৰ্য্যকাৰী শিষ্য হʼবলৈ, তেওঁক সকলো প্ৰচেষ্টাৰে ঈশ্বৰীয় সিদ্ধান্তবোৰ পালন কৰা আৱশ্যক। কিন্তু সেই শাসনকৰ্ত্তাজনে তেনে কৰিবলৈ ইচ্ছুক নাছিল। (লূক ১৮:১৮-২৩) সেই হেতুকে বৰ্ত্তমান সময়ত যিসকলে যীচুৰ শিক্ষাবোৰৰ জ্ঞান লবলৈ বিচাৰে, তেওঁলোকক মনত ৰাখা উচিত যে সেই শিক্ষাবোৰৰ সৈতে সন্মত হোৱা আৰু পালন কৰাৰ মাজত এক ভিন্নতা আছে, যিয়ে মানসিক হেঁচাক হ্ৰাস কৰিব পাৰে।

১৮ বৰ্ণনা কৰি কওঁক বক্সটোত দিয়া পৰামৰ্শসমূহক আপুনি কেনেকৈ লাভদায়ক হিচাবে ব্যৱহাৰ কৰিব পাৰে।

১৮ যীচুৰ শিক্ষাবোৰৰ বিষয়ে বিবেচনা আৰু পালন কৰাৰ পূৰ্বেই এই লেখত দিয়া বক্সৰ ১ নম্বৰৰ বিষয়টো চাওঁক। ইয়াত মথি ৫:৩-৯ পদটো উল্লেখ কৰা হৈছে। দৰাচলতে, আমি সকলোৱে সেই অনুচ্ছেদবোৰত উল্লেখ কৰা উত্তম পৰামৰ্শক ধ্যান কৰিবলৈ অধিক সময় অতিবাহিত কৰা আৱশ্যক। সেইবোৰক সম্পূৰ্ণকৈ বিবেচনা কৰাৰ সময়ত আপুনি আপোনাৰ মনোবৃত্তিৰ বিষয়ে কি কব পাৰে? যদি আপুনি সচাঁকৈ অত্যাধিকৰূপে হোৱা মানসিক হেঁচাৰ পৰা মুক্তি পাবলৈ বিচাৰিছে তেন্তে কিহে আপোনাক সহায় আগবঢ়াব? যদি আপুনি আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি অধিক মনোযোগ আৰু সেইবোৰক কাৰ্য্যকাৰী হʼবলৈ দিয়ে, তেনেহʼলে ই কেনেকৈ আপোনাৰ পৰিস্থিতিক উন্নত কৰিব পাৰে? আপোনাৰ জীৱনত এনে কোনো বিষয় আছেনে যʼত অধিক গুৰুত্ব দি আধ্যাত্মিক বিষয়বোৰত কম গুৰুত্ব দিছে? যদি আপুনি এই প্ৰশ্নসমূহৰ বিবেচনা কৰি সঠিক পদক্ষেপ লয়, তেনেহʼলে ই আপোনাৰ বৰ্তমান জীৱনলৈ আনন্দ কঢ়িয়াই আনিব।

১৯. অতিৰিক্ত অন্তৰ্দৃষ্টি আৰু অৰ্থ বুজি পাবলৈ আপুনি কি কৰিব পাৰে?

১৯ ইয়াৰ ওপৰিও আপুনি অধিক কৰিব পাৰে। আপুনি সেই পদবোৰ আন সঙ্গী সেৱক, আপোনাৰ বিবাহিত সঙ্গী, আত্মীয় স্বজন বা বন্ধুৰ সৈতে কিয় আলোচনা নকৰে? (হিতোপদেশ ১৮:২৪; ২০:৫) স্মৰণ কৰক যে সেই ধনৱান শাসনকৰ্ত্তাজনে যীচুক এনে এক যুক্তিসঙ্গত সম্বন্ধ থকা বিষয়ে প্ৰশ্ন কৰিছিল। যদি সেই শাসনকৰ্ত্তাজনে উচিত মনোবৃত্তি দেখুৱা হʼলে তেওঁৰ জীৱন আনন্দময় আৰু অনন্তকলীয়া হʼলহেতেঁন। অৱশ্যে যি সঙ্গী উপাসকৰ সৈতে আপুনি সেই পদবোৰৰ আলোচনা কৰে নিশ্চয়ে যীচুৰ সমান নহʼব; তথাপিও, যীচুৰ শিক্ষাবোৰক আলোচনাৰ কৰাৰ যোগেদি উভয়ে লাভৱান হʼব। গতিকে আপুনি শীঘ্ৰেই তেনে পদক্ষেপ লʼব বিচাৰিব।

২০, ২১. যীচুৰ শিক্ষাবোৰৰ বিষয়ে শিকিবলৈ আপুনি কেনে কাৰ্য্যক্ৰম অনুকৰণ কৰিব আৰু নিজৰ উন্নতিৰ বাবে কেনেকৈ বিবেচনা কৰিব পাৰে?

২০ “শিক্ষাসমূহ যি আপোনাক সহায় কৰে” নামৰ বক্সটোৰ বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰক। তাত দিয়া শিক্ষাবোৰক সমূহীয়াকৈ উল্লেখ কৰা হৈছে, যাক আপুনি দিনে এটাকৈ বিবেচনা কৰিব পাৰে। সৰ্ব্বপ্ৰথমে যীচুৱে সেই পদবোৰৰ যোগেদি কি কব বিচাৰিছিল তাৰ বিষয়ে পঢ়ক। তাৰ পাছত তেওঁৰ বাক্যবোৰৰ ওপৰত বিবেচনা কৰক। সেইবোৰক আপুনি কেনেকৈ নিজৰ জীৱনত কাৰ্য্যকাৰী ৰূপে ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে বিবেচনা কৰক। যদি আপুনি ইতিমধ্যেই সেইবোৰক পালন কৰিছে, তেনেহʼলে তাতকৈ অধিক কৰিবলৈ চেষ্টা কৰক। সেই দিনটোত এইবোৰক পালন কৰিবলৈ চেষ্টা কৰক। যদি আপোনাক সেইবোৰ বুজিবলৈ আৰু পালন কৰিবলৈ সেই দিনটোত কঠিন যেন বোধ হয় তেন্তে পুনৰাই আন দিনাখন সেইবোৰৰ ওপৰত ধ্যান দিয়ক। মনত ৰাখক যে সেই শিক্ষাত পাৰ্গত হোৱাৰ পাছতেহে আনটোৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব পাৰে এনে নহয়। পিছৰ দিনটোত আপুনি আন এটা বিষয়ে ধ্যান কৰিব পাৰে। সপ্তাটোৰ শেষত আপুনি পুনৰাই সেই বিষয়বোৰক বিচাৰ কৰি চাওঁক আৰু দেখিব যে আপুনি যীচুৰ শিক্ষাৰ চাৰিটা বা পাচঁটা বিষয়ক গ্ৰহণ কৰাত সফল হৈছে। তেনেদৰে দ্বিতীয় সপ্তাহটোত দিনে দিনে সফলতা লাভ কৰিব। যদি আপুনি তাৰেই কিছুমান শিক্ষাক পালন কৰাত বিফল হৈছে তেন্তে নিৰুৎসাহিত নহʼব। কিয়নো সকলো সত্য খ্ৰীষ্টানৰ তেনে অভিজ্ঞতা হৈছে। (২ বংশাৱলি ৬:৩৬; গীতমালা ১৩০:৩; উপদেশক ৭:২০; যাকোব ৩:৮) সেইবোৰক তৃতীয় আৰু চতুৰ্থ সপ্তাহৰ ভিতৰত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক।

২১ এমাহ বা তাতকৈ অধিক সময়ৰ পাছত আপুনি হয়তো ৩১ টা বিষয়ক বিবেচনা কৰিবলৈ সক্ষম হʼব। যিয়ে নহওঁক, তাৰ পৰা পোৱা পৰিণামসমূহত আপুনি কেনে অনুভৱ কৰিব? আপুনি জানো আগতকৈ অধিক সুখী আৰু সতেজ অনুভৱ কৰা নাইনে? যদিও আপুনি অলপহে উন্নতি কৰিব পাৰিছে, তথাপিও আপোনাৰ মানসিক হেঁচা কম পৰিমাণে হ্ৰাস হʼব বা সফলতাৰে সমস্যাসমূহৰ সমাধান কৰিব পাৰিব আৰু একেৰাহে তেনে পদ্ধতিৰ অনুসাৰে চলি থাকিবলৈ সক্ষম হʼব। কিন্তু এইটো পাহৰি নাযাব যে যীচুৰ আন-আন শিক্ষাসমূহো আছে, যিবোৰক এই তালিকাখনত অন্তৰ্ভূক্ত কৰা নাই। তাৰ কিছুমানৰ বিষয়ে অনুসন্ধান কৰি পালন কৰিবলৈ চেষ্টা নকৰে কিয়?—ফিলিপীয়া ৩:১৬.

২২. যীচুৰ শিক্ষাক গ্ৰহণ কৰাৰ যোগেদি কেনে পৰিণাম পাব পাৰি, কিন্তু কি অতিৰিক্ত দিশৰ বিষয়ে অধ্যয়ন কৰা আৱশ্যক?

২২ আপুনি নিজেই লক্ষ্য কৰিব পাৰিব যে যীচুৰ যুৱলি কেৱল লঘুৱেই নহয় কিন্তু সুসহ্যও হয়। তেওঁৰ শিক্ষা ভাৰ লঘু আৰু শিষ্য বনোৱাটো সহজ। জীৱনৰ ৬০ বছৰতকৈও অধিক সময় ধৰি ব্যক্তিগতভাৱে অভিজ্ঞতা হোৱা যীচুৰ প্ৰিয় বন্ধু পাঁচনি যোহনে এইদৰে কৈছিল: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) আপুনিও সেই একেইদৰে নিশ্চিত হʼব পাৰে। কিয়নো যিমানেই যীচুৰ শিক্ষাবোৰক পালন কৰিব সিমানেই আপুনি আপোনাৰ জীৱনত অন্য ব্যক্তিসকলৰ তুলনাত কম মানসিক হেঁচা অনুভৱ কৰিব। আপুনি যথেষ্ট পৰিমাণে সতেজতা লাভ কৰিছে তাকো জানিব পাৰিব। (গীতমালা ৩৪:৮) আপুনি যীচুৰ লঘু যুৱলিৰ আন এটা দিশৰ বিষয়েও বিবেচনা কৰা আৱশ্যক। যীচুৱে স্বয়ং নিজেই “নম্ৰ আৰু কোমল চিত্তৰ মানুহ” বুলি উল্লেখ কৰিছিল। যীচুক অনুকৰণ কৰাটো আমাৰ শিক্ষাৰ সৈতে কেনেকৈ খাপ খায়? এই বিষয়ে পৰৱৰ্তী অধ্যয়নত আলোচনা কৰা হʼব।—মথি ১১:২৯. (w01 12/15)

আপুনি কেনেদৰে উত্তৰ দিব?

• অত্যাধিকৰূপে হোৱা উৎপীড়নৰ পৰা মুক্তি পাবলৈ আমাক কিয় যীচুৰ পৰামৰ্শ পালন কৰা আৱশ্যক?

• যুৱলি কিহৰ প্ৰতীক আছিল আৰু কিয়?

• যীচুৱে কিয় লোকসকলক তেওঁৰ যুৱলি লবলৈ আমন্ত্ৰণ কৰিছিল?

• আপুনি কেনেকৈ আধ্যাত্মিক সতেজতা পাব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ ব্লাৰ্ব]

২০০২ চনৰ বাবে যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পাঠৰ বিষয় হৈছে: “মোৰ ওচৰলৈ আহাঁ; মই তোমালোকক জিৰণি দিম।”—মথি ১১:২৮.

[২১, ২২ পৃষ্ঠাৰ বক্স]

আপোনাক সহায় কৰিবলৈ আগবঢ়োৱা শিক্ষাসমূহ

মথি ৫ পৰা ৭ অধ্যায়লৈকে আপুনি কেনে উত্তম বিষয়সমূহ বিচাৰি পাব পাৰে? এই অধ্যায়বোৰত মহান শিক্ষক যীচুৱে গালীল প্ৰদেশত থকা পৰ্ব্বতীয়া অঞ্চলত দিয়া শিক্ষাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। অনুগ্ৰহ কৰি তলত দিয়া এই পদসমূহক নিজৰ ব্যক্তিগত বাইবেলৰ পৰা পঢ়ক আৰু নিজকে সেই পদবোৰৰ সৈতে সম্বন্ধ থকা প্ৰশ্নসমূহ সোধক।

১.৫:৩-৯ এই পদটোৱে মোৰ মনোবৃত্তিৰ বিষয়ে কি প্ৰকাশ কৰে? অধিক আনন্দিত হবলৈ মই কি কৰা আৱশ্যক? মই মোৰ আধ্যাত্মিক আৱশ্যকতাসমূহৰ প্ৰতি কেনেকৈ অতিৰিক্ত মনোযোগ দিব পাৰোঁ?

২.৫:২৫, ২৬ বেছি ভাগ লোকৰ মাজত দেখা দিয়া বিবাদপ্ৰিয় মনোবৃত্তিক অনুকৰণ কৰাৰ বিপৰীতে আমি কেনে উত্তম কাৰ্য্য কৰিব পাৰোঁ?—লূক ১২:৫৮, ৫৯.

৩.৫:২৭-৩০ যীচুৰ বাক্যই অনৈতিক বিকাৰগ্ৰস্ত কল্পনাৰ বিষয়ে কেনেদৰে উল্লেখ কৰিছে? মই তেনে বিষয়বোৰৰ পৰা আঁতৰি থকাৰ দ্বাৰা মানসিক শান্তি বজাই ৰাখি কেনেকৈ আনন্দিত হʼব পাৰোঁ?

৪.৫:৩৮-৪২ বৰ্তমান সময়ৰ সমাজে সুপ্ৰতিষ্ঠিতৰ ওপৰত অধিক জোৰ দিয়া মনোবৃত্তিৰ পৰা আঁতৰি থাকিবলৈ মই কিয় একেৰাহে চেষ্টা কৰা উচিত?

৫.৫:৪৩-৪৮ যিজনক মোৰ শত্ৰু হিচাপে বিবেচনা কৰোঁ, তেওঁৰ সৈতে সঙ্গতি কৰি মই কেনেকৈ লাভৱান হʼব পাৰোঁ? ই কেনেকৈ মোৰ মানসিক বিহ্বলতাক হ্ৰাস বা আঁতৰ কৰাত সহায় কৰিব পাৰে?

৬.৬:১৪, ১৫ ঈৰ্ষা বা প্ৰতিশোধেই মুখ্য কাৰণ নে যাৰ বাবে মই আনক ক্ষমা কৰিবলৈ আগ্ৰহী নহওঁ? মই কেনেকৈ এনে মনোভাবক ত্যাগ কৰিব পাৰোঁ?

৭.৬:১৬-১৮ নিজৰ বিবেকক বিবেচনা কৰাৰ পৰিৱৰ্ত্তে, মই মোৰ বাহ্যিকৰূপৰ বিষয়ে অধিক বিবেচনা কৰোঁনে? মই কিহৰ প্ৰতি অধিক সতৰ্ক হোৱা উচিত?

৮.৬:১৯-৩২ মই ধন-সম্পত্তিৰ প্ৰতি যদি অধিক বিবেচনাশীল হওঁ তেন্তে ইয়াৰ পৰিণাম কি হʼব পাৰে? কি বিবেচনা কৰাৰ দ্বাৰা মই এই বিষয়টোৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখিব পাৰিম?

৯.৭:১-৫ যিসকলে সদায়ে আনৰ দোষ আৰু বেয়া বিচাৰে তেওঁলোকৰ মাজত থাকি মই কেনে অনুভৱ কৰোঁ? মই তেনেলোকৰ দৰে মনোবৃত্তি বিকাশিত কৰাৰ পৰা আঁতৰি থকাটো মোৰ বাবে কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

১০.৭:৭-১১ যদি মই একেৰাহে বিচাৰি ঈশ্বৰক নিৱেদন কৰাটো প্ৰশংসনীয় হয়, তেনেহʼলে জীৱনৰ আন আৱশ্যকতাসমূহৰ বিষয়ে কি কʼব পাৰি?—লূক ১১:৫-১৩.

১১.৭:১২ যদিও মই সোণালী নিয়মৰ বিষয়ে জানো, কিন্তু আনৰ সৈতে আচৰণ কৰোঁতে মই কিমানবাৰ এই পৰামৰ্শক পালন কৰোঁ?

১২.৭:২৪-২৭ নিজৰ জীৱনটোত মাৰ্গ-দৰ্শন কৰাৰ বাবে মোৰ ব্যক্তিগত দায়িত্ব, গতিকে সঙ্কটৰ ধুমুহা আৰু ক্লেশৰ জলপ্লাৱনৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ মই নিজকে কেনেকৈ সাজু কৰিব পাৰোঁ? মই এই বিষয়ে কিয় এতিয়াৰে পৰা বিবেচনা কৰা উচিত—লূক ৬:৪৬-৪৯.

অতিৰিক্ত শিক্ষাসমূহ যাৰ বিষয়ে মই বিবেচনা কৰিব পাৰোঁ:

১৩.৮:২, ৩ মই কেনেকৈ যীচুৰ দৰে দুৰ্ভগীয়া লোকৰ প্ৰতি সহানুভূতি দেখুৱাব পাৰোঁ?

১৪.৯:৯-৩৮ মোৰ জীৱনৰ কোনটো ভাগে দয়া প্ৰদৰ্শন কৰিছে আৰু মই কেনেকৈ ইয়াতকৈ অধিক দয়া দেখুৱাব পাৰোঁ?

১৫.১২:১৯ যীচুৰ সম্পৰ্কে থকা ভবিষ্যতবাণীৰ বিষয়ে শিকি, মই তৰ্কমূলক আলোচনা কৰাৰ পৰা আঁতৰি থাকোঁনে?

১৬.১২:২০, ২১ মোৰ কাৰ্য্য বা কথা-বতৰাই আনৰ মনত আঘাত নিদিবলৈ মই কেনে উত্তম কাৰ্য্য কৰিব পাৰোঁ?

১৭.১২:৩৪-৩৭ বেছিভাগ সময়ত মই কিহৰ বিষয়ে বেছিকৈ কথা-বতৰা পাতো? মই জানো যে যেতিয়া এটা সুমথিৰা টেঙাক চেপা হয় তেতিয়া তাৰ পৰা ৰস বাহিৰ হয়, গতিকে মই মোৰ হৃদয়ক আৰু মনত কি আছে তাক চেপি বিবেচনা কৰাটো কিয় উচিত নহʼব?—মাৰ্ক ৭:২০-২৩.

১৮.১৫:৪-৬ বৃদ্ধ ব্যক্তিসকলক মৰমেৰে চোৱা-চিতা কৰাৰ সম্পৰ্কে দিয়া যীচুৰ মন্তব্যৰ পৰা মই কি শিকিব পাৰোঁ?

১৯.১৯:১৩-১৫ মই কাৰ্য্য কৰিবলৈ কিয় সময় উলিওৱা আৱশ্যক?

২০.২০:২৫-২৮ নিজৰ স্বাৰ্থৰ বাবে অধিকাৰ লাভ কৰাটো কিয় হিতকাৰক নহয়? এই সন্দৰ্ভত মই কেনেকৈ যীচুক অনুকৰণ কৰিব পাৰোঁ?

মাৰ্কে লিখা অতিৰিক্ত বিচাৰধাৰা:

২১.৪:২৪, ২৫ মই আনৰ সৈতে কৰা আচৰণৰ বৈশিষ্টতা কি?

২২.৯:৫০ যদি মই কোৱাৰ অনুসাৰে কাৰ্য্য কৰোঁ তেনেহʼলে কেনে পৰিণাম পোৱা যাব?

অৱশেষত, লূকৰ দ্বাৰা উদ্ধৃত কৰা কিছুমান শিক্ষাৰ বিষয়ে বিবেচনা কৰক

২৩.৮:১১, ১৪ যদি মই জীৱনটোক ধন-সম্পত্তি আৰু ভোগ-বিলাসৰ চিন্তাই দমন কৰিবলৈ দিওঁ, তেনেহʼলে ঈশ্বৰৰ বাক্যৰ সৈতে কেনে পৰিণাম হʼব পাৰে?

২৪.৯:১-৬ যীচুৰ ৰোগীয়া ব্যক্তিসকলক আৰোগ্য কৰিবলৈ ক্ষমতা থকাৰ স্বত্ত্বেও তেঁও কেনে কাৰ্য্যক প্ৰথম স্থান দিছিল?

২৫.৯:৫২-৫৬ মই বিনাকোনো পলমে প্ৰতিশোধ লওঁনে? মই প্ৰতিশোধ লোৱা মনোভাৱৰ পৰা বিৰত থাকোঁনে?

২৬.৯:৬২ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা দায়িত্বৰ প্ৰতি মই কেনে দৃষ্টিভঙ্গী ৰখা উচিত?

২৭.১০:২৯-৩৭ মই যে কোনো অচিনাকি ব্যক্তি নহয় কিন্তু চুবুৰীয়াহে হওঁ বুলি তাক কেনেকৈ প্ৰমাণ কৰিম?

২৮.১১:৩৩-৩৬ মই সৰলভাৱে জীৱন-যাপন কৰিবলৈ কেনে সাল-সলনি কৰা আৱশ্যক?

২৯.১২:১৫ জীৱন আৰু ধন-সম্পত্তিৰ মাজত কেনে সম্বন্ধ আছে?

৩০.১৪:২৮-৩০ যদি মই গম্ভীৰ নিৰ্ণয়বোৰ লবলৈ অধিক সময় অতিবাহিত কৰোঁ, তেনেহʼলে কেনে পৰিণামৰ পৰা হাত হাৰিব পাৰিম আৰু কেনেকৈ লাভৱান হʼম?

৩১.১৬:১০-১২ ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰখা জনৰ পৰা মই কেনে লাভসমূহ প্ৰাপ্ত কৰিব পাৰিম?

[১৮ পৃষ্ঠাৰ ছবি]

যীচুৰ যুৱলিৰ অধীনত জীৱন-ৰক্ষক কাৰ্য্য কৰি সতেজতা হʼব পাৰি