Skip to content

Skip to table of contents

“মোৰ পৰা শিক্ষা লোৱা”

“মোৰ পৰা শিক্ষা লোৱা”

“মোৰ পৰা শিক্ষা লোৱা”

“তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।”মথি ১১:২৯.

১. যীচুৰ পৰা শিক্ষা গ্ৰহণ কৰাটো কিয় আনন্দদায়ক আৰু উন্নতজনক?

 যীচু খ্ৰীষ্টই সদায়ে সঠিকৰূপে বিবেচনা, শিক্ষা প্ৰদান আৰু সেই অনুসাৰে কাৰ্য্য কৰিছিল। পৃথিৱীত তেওঁৰ জীৱনকাল অতি কম হোৱাৰ স্বত্ত্বেও তেওঁ ঈশ্বৰৰ সেৱা কৰি আনন্দ আৰু সন্তুষ্টি লাভ কৰিছিল। তেওঁ শিষ্যসকলক একত্ৰিত কৰি কেনেকৈ ঈশ্বৰক উপাসনা, মানৱজাতিক প্ৰেম আৰু জগতখনৰ ওপৰত বিজয়ী হব পাৰে, তাৰ বিষয়ে শিক্ষা দিছিল। (যোহন ১৬:৩৩) তেওঁ তেওঁলোকক “শুভবাৰ্ত্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ” আনি তেওঁলোকৰ হৃদয়ক আশাৰে পূৰ্ণ কৰিছিল। (২ তীমথিয় ১:১০) যদি আপুনিও এজন যীচুৰ শিষ্য হয়, তেনেহʼলে তেওঁৰ শিষ্য হোৱা বুলিলে কি বুজে? যীচুৱে শিষ্য হোৱাৰ বিষয়ে যি কৈছিল, তাক বিবেচনা কৰাৰ দ্বাৰা আমি আমাৰ জীৱনটো উন্নত কৰিবলৈ কি কৰিব পাৰোঁ তাৰ বিষয়ে শিক্ষা পোৱা যায়। ইয়াত তেওঁৰ দৃষ্টিভঙ্গী আৰু কিছুমান মুখ্য সিদ্ধান্তক পালন কৰাটো জড়িত আছে।—মথি ১০:২৪, ২৫; লূক ১৪:২৬, ২৭; যোহন ৮:৩১, ৩২; ১৩:৩৫; ১৫:৮.

২, ৩. (ক) যীচুৰ এজন শিষ্য হোৱাৰ অৰ্থ কি? (ক) ‘মই কাৰ শিষ্য,’ বুলি নিজকে সুধা আৱশ্যক?

খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত উল্লেখ কৰা “শিষ্য” শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে, এজন ব্যক্তিয়ে নিজৰ মনটোক এনে কিহবালৈ নিৰ্দ্দেশিত কৰে বা যিজনে শিক্ষা লাভ কৰে। তেনে এক মিল খোৱা বাক্য আমাৰ মুখ্য বিষয়টোৰ শাস্ত্ৰীয় পদ অৰ্থাৎ মথি ১১:২৯ পদত এইদৰে উল্লেখ কৰিছে: “তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।” প্ৰকৃততে শিষ্য হোৱাৰ অৰ্থ হৈছে বিদ্যাৰ্থী হিচাবে শিক্ষা গ্ৰহণ কৰা। সাধাৰণতে পাঁচনিসকলে লিখা কিতাপত “শিষ্য” বুলা শব্দটো যীচুক নিবিড়ভাৱে অনুকৰণ কৰা অনুগামীসকলক বুজাইছে, যিসকলে যীচুৰ প্ৰচাৰ আৰু শিক্ষা দিয়াৰ সময়ত তেওঁৰ দ্বাৰা শিক্ষিত হʼবলৈ তেওঁৰ সৈতে যাত্ৰা কৰিছিল। কিছুমানে হয়তো যীচুৰ শিক্ষাক সৰলভাৱে গ্ৰহণ কৰিছিল কিন্তু গোপনে পদক্ষেপ লৈছিল। (লূক ৬:১৭; যোহন ১৯:৩৮) শুভবাৰ্ত্তাৰ কিতাপৰ লিখকসকলে “যোহনৰ [বাপ্তাইজক] আৰু ফৰীচীবিলাকৰ” শিষ্যবিলাকৰ বিষয়েও উল্লেখ কৰিছিল। (মাৰ্ক ২:১৮) দৰাচলতে যীচুৱে তেওঁৰ শিষ্যসকলক “ফৰীচী . . . উপদেশলৈহে . . . সাৱধানে থাকিবলৈ” কৈছিল, সেইবাবে আমিও নিজকে এইদৰে সুধা উচিত যে, ‘মই কাৰ শিষ্য?’—মথি ১৬:১২.

যদি আমি যীচুৰ শিষ্য হৈ তেওঁৰ শিক্ষা গ্ৰহণ কৰিছোঁ, তেনেহʼলে আমাৰ উপস্থিতিত আনে আধ্যাত্মিৰূপে সতেজ হোৱা আৱশ্যক। আমি যে নম্ৰ আৰু কোমল চিত্তৰ ব্যক্তি আনে সেইটো বুজি পাব লাগিব। যদি আমি চাকৰিত কোনো উচ্চ পদত, পিত-মাতৃ বা খ্ৰীষ্টান মণ্ডলীত মেৰৰখীয়া দায়িত্ব বহন কৰিছোঁ, তেন্তে আমাৰ তত্বাৱধানত থকাসকলে যীচুৱে কৰা ব্যৱহাৰৰ নিচিনা অনুভৱ কৰেনে?

যীচুৱে লোকসকলৰ সৈতে কেনে আচৰণ কৰিছিল

৪, ৫. (ক) বিশেষকৈ যিসকলে শাৰীৰিক বা মানসিকভাৱে পীড়িত অৱস্থাত আছিল, তেওঁলোকৰ সৈতে যীচুৱে কৰা আচৰণৰ বিষয়ে জনাটো কিয় কঠিন নহয়? (খ) যেতিয়া এজন ফৰীচীৰ ঘৰত ভোজন কৰিবলৈ বহিছিল তেতিয়া যীচুৰ কেনে অনুভৱৰ অভিজ্ঞতা হৈছিল?

আমি এইটো জনা আৱশ্যক যে যীচুৱে লোকসকলৰ, বিশেষকৈ ৰোগীসকলৰ সৈতে কেনে আচৰণ কৰিছিল। সেই আচৰণক শিকাটো ইমান কঠিন নহয়; কিয়নো বাইবেলত যীচুৱে লোকসকলৰ সৈতে কৰা আচৰণৰ বিষয়ে বহুতো বৃতান্ত দাঙি ধৰিছে। তাৰ কেৱল কিছুমানৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে, যিসকলে শাৰীৰিক বা মানসিকভাৱে পীড়িত আছিল। আঁহক আমি এইটোও ধ্যান দিম যে ফৰীচীসকলে লোকসকলৰ তেনে পৰিস্থিতিত কেনে আচৰণ কৰিছিল। যীচুৰ আৰু ফৰীচীসকলৰ মাজত থকা পৃথকতাক দেখি আপুনি জ্ঞান লাভ কৰিব পাৰিব।

সা.যু. ৩১ চনত যীচুৱে গালীল চহৰত প্ৰচাৰ কৰিবলৈ যাত্ৰা কৰাৰ সময়ত “ফৰীচীবিলাক এজনে তেওঁক ভোজন কৰিবলৈ নিমন্ত্ৰণ কৰিল।” যীচুৱে তেওঁৰ নিমন্ত্ৰণ কোনো সংকোচবোধ নকৰাকৈ স্বীকাৰ কৰিছিল। “তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল। তাতে চোৱা, সেই নগৰত থকা কোনো পাতকী তিৰোতা এজনীয়ে, তেওঁক ফৰীচীৰ ঘৰত ভোজনত বহি থকা জানি, সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা আনি, তেওঁৰ পাছফালে, চৰণৰ ওচৰত থিয় হৈ কান্দি আছিল, আৰু তেওঁৰ চৰণ চকু-লোৰে তিয়াবলৈ ধৰি মূৰৰ চুলিৰে মচিলে, আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল ঘঁহিলে।”—লূক ৭:৩৬-৩৮.

৬. ফৰীচীজনে দিয়া ভোজলৈ সেই “পাতকী তিৰোতা” গৰাকীয়ে কিয় আহিব পাৰিলে?

আপুনি সেই দৃশ্যটোৰ বিষয়ে কল্পনা কৰিব পাৰিবনে? এটা উদ্ধৃতিত এইদৰে কোৱা হৈছে: “যিহেতু সেই সময়ৰ ৰীতি-নীতিৰ অনুসাৰে দৰিদ্ৰ লোকসকলে তেনে ভোজলৈ অৱশিষ্ট খাদ্যক খোৱাৰ সুযোগ থকাৰ বাবে সেই তিৰোতাগৰাকীয়ে (৩৭ পদ) সম্পৰ্ণৰূপে লাভ উঠাইছিল।” ইয়াত বৰ্ণনা কৰা অনুসাৰে সেই সময়ত আমন্ত্ৰণ নকৰা লোকসকলেও তেনে ভোজত প্ৰৱেশ কৰিব পাৰিছিল। তাত হয়তো আন দৰিদ্ৰ ব্যক্তিসকলেও খাদ্যৰ বাবে উপস্থিত হৈ ভোজ শেষ হোৱালৈ অপেক্ষা কৰিছিল। কিন্তু সেই তিৰোতা গৰাকীৰ আচাৰ-ব্যৱহাৰ আনতকৈ ভিন্ন আছিল। তাই কাষত ৰৈ সেই ভোজ শেষ হোৱালৈ বাট চোৱা নাছিল। তাইক এজনী “পাতকী তিৰোতা” বুলি সকলোৱে জানিছিল আৰু সেইবাবে যীচুৱে তাইক এইদৰে কৈছিল: “তেওঁৰ বহুত হোৱাতো পাপ ক্ষমা কৰা হল।”—লূক ৭:৪৭.

৭, ৮. (ক) লূক ৭:৩৬-৩৮ পদত উল্লেখ কৰা পৰিস্থিতিত আমি কেনে প্ৰতিক্ৰিয়া দেখুৱালোহেঁতেন? (খ) চিমোনে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

কল্পনা কৰক যে সেই সময়ত আপুনি স্বয়ং যীচুৰ সলনি তাত উপস্থিত হৈছিল। সেই পৰিস্থিতিত আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন? তাইৰ তেনে ব্যৱহাৰ দেখি কি আপুনি অস্বস্তিকৰ যেন বোধ কৰিলেহেঁতেন নে? তেনে পৰিস্থিতিয়ে আপোনাৰ ওপৰত কেনে প্ৰভাৱ পেলাব? (লূক ৭:৪৫) তেনে পৰিস্থিতিত আপুনি আতঙ্কিত হʼলহেঁতেন নে?

যদি তাত আপুনি আনবিলাক অতিথিৰ সৈতে উপস্থিত থকাহʼলে কিছুমাত্ৰাত চিমোন নামৰ ফৰীচীজনৰ দৰে বিবেচনা কৰিলেহেঁতেনে? এই সন্দৰ্ভত বাইবেলত এইদৰে কৈছে যে, “তেওঁক [যীচু] নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি, নিজৰ মনতে কলে, এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এই জনী তিৰোতা কোন, আৰু কেনে লোক, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক জানিলেহেঁতেন।” (লূক ৭:৯) ইয়াৰ বিপৰীতে, যীচু এজন অত্যন্ত দয়াবান ব্যক্তি আছিল। তেওঁ তিৰোতা গৰাকীৰ অৱস্থা আৰু বেদনাক বুজি পাইছিল। ইয়াত আমাক এইটো কোৱা নাই যে তাই কেনেকৈ পাপত পৰিল। নিসন্দেহ, তাই যদি এজনী ব্যাভিচাৰী তিৰোতা হোৱা হʼলে চহৰত থকা সমৰ্পিত যিহুদীসকলে কেতিয়াও তাইক সহায় নকৰিলেহেঁতেন।

৯. যীচুৱে সেই মহিলা গৰাকীক কেনে উত্তৰ দিছিল আৰু ইয়াৰ পৰিণামস্বৰূপে কি হৈছিল?

আচলতে, যীচুৱে তাইক সহায় কৰিবলৈ বিচাৰিছিল। সেইবাবে তেওঁ তাইক কৈছিল: “তোমাৰ পাপ ক্ষমা হল।” আগলৈ তেওঁ এইদৰে কৈছিল: “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।” (লূক ৭:৪৮-৫০) সেই কথাশাৰীৰ সৈতে এই বৃত্তান্তৰ সামৰণি পৰে। কিছুমানে হয়তো এইদৰে কব পাৰে যে যীচুৱে তাইৰ বাবে যথেষ্ট কৰা নাছিল। দৰাচলতে, যীচুৱে তাইক আশীৰ্ব্বাদ কৰি পঠিয়ালে। আপুনি এইটো ভাবেনে যে তাই তাইৰ বেয়া পথলৈ পুনৰাই ঘূৰি গৈছিল? যদিও তাৰ বিষয়ে আমি সঠিকৈ কব নোৱাৰো, সেই বিষয়ে লূকে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। তেওঁ কৈছিল যে যীচুৱে, “নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে।” লূকে ইয়াকো কৈছিল যে, পাপৰ “পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা” যীচু আৰু তেওঁৰ শিষ্যসকলৰ সৈতে আছিল আৰু “[সেই মহিলাসকলে] নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা-শুশ্ৰূষা কৰিছিল।” ইয়াৰ দ্বাৰা এইটো জানিব পৰা যায় যে মন পৰিৱৰ্তন কৰা সেই তিৰোতাসকলৰ মাজত সম্ভৱতঃ তায়ো আছিল, যিসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিছিল, তেওঁৰ উদ্দেশ্যক বুজি পাইছিল আৰু ঈশ্বৰৰ প্ৰতি গম্ভীৰ প্ৰেম বিকাশিত কৰিছিল।—লূক ৮:১-৩.

যীচু আৰু ফৰীচীসকলৰ মাজত থকা ভিন্নতা

১০. যীচু আৰু চিমোনৰ ঘৰত উপস্থিত হোৱা সেই তিৰোতা গৰাকীৰ বৃত্তান্তক বিবেচনা কৰাটো কিয় লাভদায়ক?

১০ এই বৃত্তান্তৰ পৰা আমি কি শিকিব পাৰোঁ? ই আমাৰ অনুভূতিক জগাই নুতুলেনে? কল্পনা কৰক যে, যদি আপুনি স্বয়ং চিমোনৰ ঘৰত উপস্থিত থকা হʼলে কেনে অনুভৱ কৰিলেহেঁতেন? আপুনি যীচুৰ দৰেনে নতুবা অলপমাত্ৰাত সেই ফৰীচীজনৰ দৰে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন? যীচু ঈশ্বৰৰ পুত্ৰ হোৱাৰ বাবে তেনে অনুভৱ কৰিব পাৰিলে। কিন্তু আমি হʼলে তেওঁৰ দৰে কৰিব নোৱাৰিলোহেঁতেন। আনহাতে, আমি হয়তো চিমোনৰ দৰেও বিবেচনা নকৰিলোহেঁতেন। কিন্তু কিছুমানে হয়তো ফৰীচীজনৰ দৰে অভিমান কৰিলেহেঁতেন।

১১. আমি কিয় ফৰীচীসকলৰ দৰে হোৱা উচিত নহয়?

১১ বাইবেল আৰু ইয়াত দিয়া প্ৰমাণসমূহক অধ্যয়ন কৰাৰ দ্বাৰা আমি কব পাৰোঁ যে ফৰীচীসকলে নিজকে সমাজ আৰু ৰাষ্ট্ৰৰ পথ-প্ৰদৰ্শনৰ বাবে অধ্যক্ষ পাতি নিজকে সকলোতকৈ উচ্চ বুলি জ্ঞান কৰিছিল। তেওঁলোকে সৰল আৰু স্পষ্টৰূপে দিয়া ঈশ্বৰৰ ব্যৱস্থাত সন্তুষ্ট হোৱা নাছিল। যেতিয়া তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থা পালন কৰিবলৈ অসুবিধা পাইছিল তেতিয়া তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থাক সাল-সলনি কৰি নিজৰ ব্যৱস্থাক স্থাপন কৰিছিল। এই ধৰ্ম্মগুৰুসকলে সকলো বিষয়তে শাসন কৰিব পৰাকৈ নিজৰ বিধি স্থাপিত কৰিছিল, আনকি সৰু সৰু বিষয়ৰ ওপৰতো অধিকাৰ চলাইছিল। *

১২. ফৰীচীসকলে নিজৰ সম্পৰ্কে কেনে দৃষ্টিভঙ্গী ৰাখিছিল?

১২ প্ৰথম শতাব্দীৰ যিহুদীসকলৰ ইতিহাস লিখক যোচেফাচে স্পষ্টকৈ দাঙি ধৰিছে যে ফৰীচীসকলে নিজকে দয়ালু, নম্ৰ, নিস্বাৰ্থপৰ আৰু তেওঁবিলাকে কৰা সকলো কাৰ্য্য উচিত বুলি ভাবিছিল। অৱশ্যেই, তেওঁলোকৰ কিছুমানে তেনেদৰেই বিবেচনা কৰিছিল। এই সন্দৰ্ভত আপুনি হয়তো নীকদীমৰ বিষয়ে বিবেচনা কৰিব পাৰে। (যোহন ৩:১, ২; ৭:৫০, ৫১) কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁলোকৰ কিছুমানে যীচুৱে উল্লেখ কৰা সত্য খ্ৰীষ্টান ধৰ্ম্মৰ বিচাৰ-ধাৰাৰ অনুসাৰে চলিব ধৰে। (পাঁচনিৰ কৰ্ম্ম ১৫:৫) এই বিষয়ে পাঁচনী পৌলে যিহূদী অৰ্থাৎ ফৰীচীসকলৰ সম্পৰ্কে এইদৰে লিখিছিল: “ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে; কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়।” (ৰোমীয়া ১০:২) তদুপৰি, শুভবাৰ্ত্তাৰ কিতাপৰ লিখকসকলে ফৰীচীসকলৰ সম্পৰ্কে থকা সাধাৰণ লোকসকলৰ দৃষ্টিভঙ্গীৰ বিষয়ে দাঙি ধৰিছিল। কিয়নো সাধাৰণ লোকসকলে ফৰীচীসকলক অহঙ্কাৰী, ধৰ্ম্মাভিমানী, দোষ-বিচাৰক, নীচ আৰু নিষ্পত্তিকৰ্ত্তা বুলি দৃষ্টি কৰিছিল।

যীচুৰ দৃষ্টিভঙ্গী

১৩. যীচুৱে ফৰীচীসকলৰ বিষয়ে কি কৈছিল?

১৩ যীচুৱে অধ্যাপক আৰু ফৰীচীসকলক কপটীয়া বুলি কৈ তীব্ৰভাৱে তিৰস্কাৰ কৰিছিল। কিয়নো, “তেওঁবিলাকে গধুৰ আৰু অসহনীয় ভাৰ বান্ধি, মানুহবিলাকৰ কান্ধত দিয়ে, কিন্তু নিজে, এটা আঙুলিৰেও তাক লৰাবলৈ ইচ্ছা নকৰে।” প্ৰকৃততে, তেওঁবিলাকৰ ভাৰ গধুৰ আৰু অসহনীয় আছিল। যীচুৱে অধ্যাপক আৰু ফৰীচীসকলক “নিৰ্ব্বোধ” বুলি কৈছিল। কিয়নো এজন নিৰ্ব্বোধ ব্যক্তিয়ে সমাজৰ বাবে বিপদ মাতি আনে। ইয়াৰ ওপৰিও যীচুৱে তেওঁলোকক ‘অন্ধৰ পথদৰ্শক’ আৰু “বিধানৰ মাজৰ গুৰুতৰ ভাগ যি ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাসৰ” বিপৰীতে চলোঁতা বুলি কৈছিল। যীচুৰ দৃষ্টিত কোন ব্যক্তিয়ে ফৰীচীৰ দৰে হʼব বিচাৰিব?—মথি ২৩:১-৪, ১৬, ১৭, ২৩.

১৪, ১৫. (ক) মথি নামৰ লেবী ব্যক্তিজনৰ সৈতে কৰা যীচুৰ আচৰণে ফৰীচীসকলৰ বিষয়ে কি প্ৰকাশ কৰিলে? (খ) এই বৃত্তান্তৰ পৰা আমি কেনে এক গুৰুত্বপূৰ্ণ পাঠ শিকিব পাৰোঁ?

১৪ শুভবাৰ্ত্তাৰ লিখনিসমূহক পঢ়োতা বেছিভাগ পাঠকে ফৰীচীসকলৰ কঠোৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে লক্ষ্য কৰিব পাৰিব। যীচুৱে কৰতোলা মথি নামৰ এজন লেবী বংশৰ ব্যক্তিক তেওঁৰ শিষ্য হʼবলৈ আমন্ত্ৰণ জনাইছিল। তেওঁ যীচুৰ শিষ্য হোৱাৰ আনন্দত তেওঁৰ বাবে এক ডাঙৰ ভোজৰ আয়োজন কৰিছিল। আগলৈ বৃত্তান্তই এইদৰে উল্লেখ কৰিছে: “ফৰীচীবিলাক আৰু তেওঁবিলাকৰ অধ্যাপকসকলে তেওঁৰ শিষ্যবিলাকৰ অহিতে গৰিহণা কৰি কলে, কৰতোলা আৰু পাপীৰ সৈতে কিয় ভোজন-পান কৰা? তাতে যীচুৱে উত্তৰ দি তেওঁবিলাকক কলে, . . . মই ধাৰ্ম্মিকক নহয়; কিন্তু মন পালটাবলৈ, পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”—লূক ৫:২৭-৩২.

১৫ এক সময়ত যীচুৱে কোৱা বাক্যফাঁকিৰ অৰ্থ লেবী ব্যক্তিজনে নিজেই বুজি পাইছিল, তেওঁ এইদৰে কৈছিল: “তোমালোক যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো।” (মথি ৯:১৩) যিহেতু ফৰীচীসকলে হিব্ৰু ভৱিষ্যতবক্তাই লিখা কিতাপসমূহৰ ওপৰত বিশ্বাস কৰিছিল, কিন্তু তেওঁলোকে হোচেয়া ৬:৬ পদত উল্লেখ কৰা পৰামৰ্শৰ বিপৰীতে চলিছিল। তেওঁলোকৰ অনুসাৰে পৰম্পৰাগত ৰীতি-নীতিক বজাই ৰাখিবলৈ কৰা ভুল কাৰ্য্য কোনো গম্ভীৰ পাপ নাছিল। গতিকে আমাৰ প্ৰত্যেকে নিজকে এইদৰে সুধিব পাৰোঁ, ‘আনে মোক ব্যক্তিগত বিষয় বা কোনো সৰু সৰু বিষয়সমূহত নেৰানেপেৰাকৈ বিশেষ কিছুমান নিৰ্ধাৰিত নিয়ম পালন কৰা ব্যক্তি বুলি বিবেচনা কৰেনে? অথবা সৰ্ব্বপ্ৰথমে আনে মোক দয়ালু আৰু উদাৰ মনৰ বুলি বিবেচনা কৰেনে?’

১৬. ফৰীচীসকলে কেনে মনোবৃত্তি ৰাখিছিল আৰু আমি কেনেকৈ তেনে মনোবৃত্তিৰ পৰা আঁতৰি থাকিব পাৰোঁ?

১৬ যি কোনো প্ৰকাৰে আনৰ ভুল খোঁচৰি ওলিয়াবলৈ সুবিধা বিচাৰি ফুৰাটো ফৰীচীসকলৰ মনোবৃত্তি আছিল। সচাঁই হওঁক বা মিছাই হওঁক, তেওঁবিলাকে সামান্য ভুলকো অপৰাধ বুলি গণ্য কৰিছিল। তদুপৰি, ফৰীচীসকলে লোকসকলক সদায়ে সতৰ্ক হৈ থাকিবলৈ কৈছিল আৰু লোকসকলৰ বিফলতাৰ বিষয়ে বাৰে বাৰে স্মৰণ কৰাই দিছিল। ফৰীচীসকলে পদিনা, গুৱমৌৰী আৰু জীৰৰ দৰে তৃণ-লতাৰ দশম ভাগ আগবঢ়াই নিজেই গৰ্ব্ব কৰিছিল। তেওঁলোকে নিজৰ সাজ-পোছাকৰ দ্বাৰা ঈশ্বৰৰ ভক্ত হোৱাৰ বিজ্ঞাপিত কৰি আনৰ ধ্যান আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল। স্পষ্টৰূপে, যদি আমাৰ কাৰ্য্য যীচুৱে প্ৰস্তুত কৰা আৰ্হিৰ সামঞ্জস্যত হয়, তেন্তে আমি আনৰ দোষ বিচৰি ওলিউৱা মনোবৃত্তিৰ পৰা আঁতৰি থাকিম।

যীচুৱে কেনেকৈ সমস্যাক সমাধান কৰিছিল?

১৭-১৯. (ক) যীচুৱে সমাধান কৰা এনে এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰক, যিটোৰ পৰিণাম অতি গম্ভীৰ হʼলহেঁতেঁন। (খ) সেই মহিলা গৰাকীৰ অৱস্থাটোক কিহে কষ্টদায়ক আৰু অসন্তুষ্ট কৰি তুলিছিল? (গ) সেই মহিলা গৰাকীয়ে যীচুৰ কাষ চপাৰ সময়ত যদি আপুনি উপস্থিত থকা হʼলে কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন?

১৭ সমস্যাসমূহক সমাধান কৰা যীচু আৰু ফৰীচীসকলৰ পদ্ধতিৰ মাজত এক বৃহত পৃথকতা দেখিবলৈ পোৱা গৈছিল। যীচুৱে সমাধান কৰা এক গম্ভীৰ সমস্যাৰ বিষয়ে বিবেচনা কৰক। যʼত এগৰাকী তিৰোতাই ১২ বছৰ ধৰি ৰক্তস্ৰাৱ ৰোগত ভোগীছিল। এই বৃত্তান্তৰ বিষয়ে আপুনি লূক ৮:৪২-৪৮ পদত পঢ়ি চাব পাৰে।

১৮ মাৰ্কৰ বৃত্তান্তত সেই তিৰোতা গৰাকীৰ বিষয়ে এইদৰে কৈছিল যে, তাই “ভয় পাই কঁপি কঁপি” আহিছিল। (মাৰ্ক ৫:৩৩) কিয়? নিসন্দেহ, তাই জানিছিল তেনে কৰাৰ দ্বাৰা তাই ঈশ্বৰৰ নিয়ম ভঙ্গ কৰিছিল। লেবীয়া পুস্তক ১৫:২৫-২৮ পদৰ অনুসাৰে যদি এগৰাকী তিৰোতাই ৰক্তস্ৰাৱ ৰোগত আক্ৰান্ত হয়, তেনেহʼলে তাইক প্ৰায় এসপ্তাহলৈকে অশুচি বুলি বিবেচনা কৰা হৈছিল। যিবোৰ বস্তু আৰু যিসকল ব্যক্তিৰ সৈতে তাইৰ সম্পৰ্ক ৰাখিছিল, সেই সকলোবোৰ অশুচি হৈছিল। গতিকে যীচুৰ কাষ চাপিবলৈ সেই তিৰোতা গৰাকীক বহুখিনি কষ্ট কৰিবলগা হৈছিল। যেতিয়া আমি বৰ্তমান অৰ্থাৎ ২০০০ বছৰৰ পাছত এই বৃত্তান্তটোৰ বিষয়ে বিবেচনা কৰোঁ তেতিয়া আমাৰ হৃদয় সেই তিৰোতা গৰাকীৰ প্ৰতি দয়াৰে পূৰ্ণ হয়।

১৯ সেই সময়ত যদি আপুনি তাত উপস্থিত থকা হʼলে, কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন? আপুনি কি কৰিলেহেঁতেন? ধ্যান দিয়ক যে যীচুৱে সেই তিৰোতা গৰাকীৰ বাবে হোৱা আন সমস্যাবোৰৰ প্ৰতি গুৰুত্ব নিদি, তেওঁ তাইৰ প্ৰতি দয়া, প্ৰেম আৰু সহানুভূতিৰে আচৰণ কৰিলে।—মাৰ্ক ৫:৩৪.

২০ লেবীয়া পুস্তক ১৫:২৫-২৮ পদ কেইটা যদি আজিও প্ৰযোজ্য হোৱা হʼলে আমি হয়তো কেনে প্ৰত্যাহ্বানৰ সম্মুখীন হʼবলগীয়া হʼলহেঁতেন?

২০ এই বৃত্তান্তটোৰ পৰা আমি কিবা শিকিব পাৰোঁনে? ধৰি লওঁক আপুনি মণ্ডলীৰ এজন প্ৰাচীন আৰু লেবীয়া পুস্তক ১৫:২৫-২৮ পদত দিয়া পৰামৰ্শটো আজিও প্ৰযোজ্য। তেনে অৱস্থাত এগৰাকী খ্ৰীষ্টান ভনীয়ে নিৰুপায় হৈ সেই আজ্ঞা উলঙ্ঘন কৰিলে। আপুনি সেই অৱস্থাত কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন? আপুনি ৰাজহুৱাভাৱে সমাজৰ আগত সেই ভনী গৰাকীক কঠোৰভাৱে সমালোচনা কৰিলেহেঁতেন নে? আপুনি হয়তো নিশ্চয়ে এইদৰে কব যে, “তেনে পৰিস্থিতিত, মই সেই ভনী গৰাকীৰ সৈতে কঠোৰতাৰে আচৰণ কৰাটোৰ বিষয়ে কেতিয়াও ভাবিব নোৱাৰোঁ! যীচুৰ দৰে ময়ো তাইৰ প্ৰতি দয়া, প্ৰেম আৰু সহানুভূতিৰে সৈতে আচৰণ কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিলোঁহেঁতেন।” তেনে কোৱাটো অতি উত্তম! কিন্তু, যীচুৰ আৰ্হিৰ অনুসাৰে কাৰ্য্য কৰাটো এটা প্ৰত্যাহ্বানজনক বিষয়।

২১ ব্যৱস্থাৰ বিষয়ে যীচুৱে লোকসকলক কেনেদৰে শিকাইছিল?

২১ সাধাৰণতে লোকসকলে যীচুৰ দ্বাৰা সজীৱ, উল্লাসিত আৰু উৎসাহিত অনুভৱ কৰিছিল। তদুপৰি, যীচুৱে কৈছিল যে ঈশ্বৰৰ ব্যৱস্থাত যিবোৰৰ বিষয়ে স্পষ্টকৈ কোৱা হৈছে তাৰ কোনো সাল-সলনি নহয়। কিন্তু যিবোৰ বিষয়ৰ বাবে কোনো ব্যৱস্থা নাই, সেইবোৰৰ প্ৰতি লোৱা নিৰ্ণয় এজন ব্যক্তিৰ বিবেকৰ ওপৰত নিৰ্ভৰ কৰিছিল। যি নিৰ্ণয়ৰ যোগেদি এজনে ঈশ্বৰৰ প্ৰতি থকাৰ প্ৰেমক প্ৰকাশ কৰিব পাৰিলেহেঁতেন। এই ব্যৱস্থাই তেওঁলোকক বিবেচনাশীল হৈ আৰেমেৰে জীৱন-যাপন কৰিবলৈ সহায় আগবঢ়াইছিল। (মাৰ্ক ২:২৭, ২৮) ঈশ্বৰে তেওঁৰ লোকসকলক প্ৰেম কৰাৰ কাৰণে একেৰাহে তেওঁলোকৰ হিতৰ বাবে কাৰ্য্য কৰিছিল আৰু যেতিয়া তেওঁলোকে কোনো ভুল কৰিছিল, তেতিয়া তেওঁ ক্ষমা কৰিবলৈ আগ্ৰহী আছিল। ঠিক তেনেদৰে যীচুও আছিল।—যোহন ১৪:৯.

যীচুৱে দিয়া শিক্ষাৰ পৰিণামসমূহ

২২. যীচুৰ পৰা লাভ কৰা শিক্ষাই তেওঁৰ শিষ্যসকলৰ মনত কেনে মনোভাৱ জগাই তুলিলে?

২২ যিবিলাকে যীচুৰ শিক্ষা গ্ৰহণ কৰি শিষ্য হৈছিল, তেওঁলোকে তেওঁ কোৱা এই বাক্যৰ সত্যতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছিল, যʼত তেওঁ এইদৰে কৈছিল: “কিয়নো মোৰ যুৱলি সুসহ্য, আৰু ভাৰো লঘু।” (মথি ১১:৩০) তেওঁলোকে এই যুৱলি গ্ৰহণ কৰি কেতিয়াও বোজা বা আমনি যেন অনুভৱ কৰা নাছিল। ইয়াৰ বিপৰীতে, তেওঁলোকে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলাৰ দ্বাৰা আনন্দিত, সুথিল আৰু আত্মপ্ৰত্যয়শীল অনুভৱ কৰিছিল। (মথি ৭:১-৫; লূক ৯:৪৯, ৫০) তেওঁৰ পৰা তেওঁলোকে ইয়াকো জানিব পাৰিলে যে আধ্যাত্মিক আগৰণুৱা হোৱাৰ অৰ্থ হৈছে, নম্ৰ আৰু উদাৰ মনেৰে আনক সতেজ কৰা।—১ কৰিন্থীয়া ১৬:১৭, ১৮; ফিলিপীয়া ২:৩.

২৩. যীচুৰ সৈতে থকা শিষ্যসকলে কেনে গুৰুত্বতাৰ শিক্ষা লাভ কৰিব পাৰিলে আৰু ইয়ে তেওঁলোকক কেনে সিদ্ধান্তত উপনীত হʼবলৈ সহায় কৰিছিল?

২৩ তদুপৰি, বহুতে খ্ৰীষ্টত এক হৈ থকাৰ গুৰুত্বতাক বুজি তাৰ প্ৰতি প্ৰভাৱিত হৈছিল আৰু তেওঁ দেখুৱা মনোভাৱক ধাৰণ কৰিছিল। তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ, তোমালোক মোৰ প্ৰেমতে থাকা, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ।” (যোহন ১৫:৯, ১০) এতেকে তেওঁলোকে ঈশ্বৰৰ সেৱক হোৱাৰ সফলতা লাভ কৰি, যীচুৰ পৰা যি শিকিলে তাক তেওঁলোকে আনন্দেৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ, ৰাজহুৱাভাৱে শিক্ষা দিয়া, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে প্ৰয়োগ কৰিব লাগিছিল। যেনেকৈ মণ্ডলীত থকা ভাতৃ-সমাজৰ বৃদ্ধি হৈছিল, তেওঁলোকে নিজে সময়ে সময়ে স্মৰণ কৰিব লাগিছিল যে যীচুৱে দেখুৱা পথ সঠিক। ইয়াৰ ওপৰিও যীচুৱে যি শিক্ষা দান কৰিলে সেয়া সত্য আৰু তেওঁৰ অনুসাৰে জীৱন-যাপন কৰাটো প্ৰকৃততে উন্নতজনক।—যোহন ১৪:৬; ইফিচীয়া ৪:২০, ২১.

২৪. আমি যীচুৰ আৰ্হিৰ পৰা লাভ কৰা কেনেবোৰ বিষয়ত উৎসাহিত হোৱা আৱশ্যক?

২৪ ওপৰত আলোচনা কৰা বিষয়বোৰৰ প্ৰতি যেতিয়া আপুনি বিবেচনা কৰে, তেতিয়া কোনবোৰ ক্ষেত্ৰত আপোনাক উন্নতি কৰা আৱশ্যক বুলি লক্ষ্য কৰিব? যীচুৱে সদায়েই বিবেচনাশীল হৈ শিক্ষা আৰু সঠিকৰূপে কাৰ্য্য কৰিছিল বুলি আপুনি মান্তি হয়নে? তেনেহʼলে উৎসাহিত হওঁক। কিয়নো যীচুৰ বাক্যই আমাক এইদৰে কৈছে: “এইবোৰ জানি যদি পালন কৰা, তেন্তে তোমালোক ধন্য।”—যোহন ১৩:১৭. (w01 12/15)

[ফুটনোট]

^ “স্পষ্টৰূপে দেখি পোৱা [যীচুৰ আৰু ফৰীচীসকলৰ] মুখ্য পৃথকতাই যে ঈশ্বৰৰ সম্পৰ্কে দুই প্ৰকাৰৰ বিপৰীত অৰ্থ বুজাই দিয়া হৈছে, তাক স্পষ্টকৈ বুজিবলৈ সহায় কৰে। ফৰীচীসকলৰ বৰ্ণনাৰ অনুসাৰে যিহোৱা হৈছে এজন দাবী কৰোঁতা ঈশ্বৰ; যীচুৰ অনুসাৰে তেওঁ হৈছে এজন ক্ষমাশীল আৰু কৃপালু ঈশ্বৰ। অৱশ্যে ফৰীচীসকলে ঈশ্বৰৰ প্ৰেম আৰু অনুগ্ৰহক যদিও অস্বীকাৰ নকৰে, তেওঁবিলাকৰ অনুসাৰে সেই গুণবোৰ টৰাহত [ব্যৱস্থা] দানৰূপে উল্লেখ কৰিছে আৰু সম্ভৱত, দাবী কৰা কাৰ্য্যক পূৰ্ণ কৰা। . . . ব্যৱস্থা নিয়মৰ অৰ্থ ভাঙণিৰ সৈতে থকা পৰম্পৰাগত ৰীতি-নিয়মক ফৰীচীসকলে টৰাহত দিয়া আজ্ঞাক পালন কৰা হিচাবে দৃষ্টি কৰিছিল। . . . কিন্তু, যীচুৱে দাঙি ধৰা প্ৰেমৰ দ্বিগুণ পৰিমাণৰ আজ্ঞাই ফৰীচীসকলৰ পৰম্পৰাগত ৰীতি-নিয়ম আৰু তেওঁলোকৰ শিক্ষাৰ একেবাৰে বিপৰীত আছিল।”—দ্যা নিউ ইন্টাৰনেচেল ডিকচেনেৰী অৱ নিউ টেষ্টামেন্ট থিউলজি।

আপুনি কিদৰে উত্তৰ দিব?

• যীচুৰ শিষ্য হোৱা মানে আপুনি কি বুজে?

• যীচুৱে লোকসকলৰ সৈতে কেনে আচৰণ কৰিছিল?

• যীচুৱে দিয়া শিক্ষাৰ পৰা আমি কি শিকিব পাৰোঁ?

• যীচু আৰু ফৰীচীসকলৰ মাজত কেনে পৃথকতা আছিল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৭, ২৮ পৃষ্ঠাৰ ছবি]

লোকসকলৰ প্ৰতি দেখুৱা যীচুৰ মনোবৃত্তি ফৰীচীসকলৰ পৰা কিমান যে ভিন্ন আছিল!