Skip to content

Skip to table of contents

প্ৰকৃত খ্ৰীষ্টানৰ সকলো ব্যক্তিয়ে শুভবাৰ্ত্তাৰ প্ৰচাৰক

প্ৰকৃত খ্ৰীষ্টানৰ সকলো ব্যক্তিয়ে শুভবাৰ্ত্তাৰ প্ৰচাৰক

প্ৰকৃত খ্ৰীষ্টানৰ সকলো ব্যক্তিয়ে শুভবাৰ্ত্তাৰ প্ৰচাৰক

“যিহোৱাৰ উদ্দেশে গান কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা।”গীতমালা ৯৬:২.

১. লোকসকলে কেনে শুভবাৰ্ত্তা শুনা আৱশ্যক আৰু তেনে বাৰ্ত্তা জনোৱাত যিহোৱাৰ সাক্ষীসকলে কেনে আৰ্হি প্ৰস্তুত কৰিছে?

 যিখন জগতত সদায়েই দুৰ্যোগ হোৱা দেখা গৈছে, তেনে অৱস্থাত বাইবেলত উল্লেখ কৰা অতি সোনকালে যুদ্ধ, অপৰাধ, ভোক, আৰু অত্যাচাৰৰ অন্ত হʼব বুলি জানি আমি সচাঁকৈ শান্ত্বনা লাভ নকৰোঁ নে বাৰু! (গীতমালা ৪৬:৯; ৭২:৩, ৭, ৮, ১২, ১৬) বাস্তৱতে, ই এটা ভাল খবৰ বা শুভ সংবাদ নহয়নে, যাক আমি সকলোকে জনোৱা আৱশ্যক? যিহোৱাৰ সাক্ষীসকলে ইয়াক শুভবাৰ্ত্তা বুলি কয়। সেয়েহে তেওঁলোকক পৃথিৱীৰ সকলো দিশতে “শুভবাৰ্ত্তা প্ৰচাৰ কৰা” লোক হিচাবে জনা যায়। (যিচয়া ৫২:৭) প্ৰকৃততে, আনক এই শুভবাৰ্ত্তা শুনাবলৈ দৃঢ় নিৰ্ণয় লোৱাৰ বাবে বহুতো সাক্ষীয়ে অত্যাচাৰৰ সম্মুখীন হʼবলগীয়া হৈছে। তথাপিও তেওঁলোকে লোকবিলাকক এই শুভবাৰ্ত্তাৰ বিষয়ে কʼবলৈ পিছহুহঁকা নাই। সাক্ষীসকলে এই কাৰ্য্যৰ প্ৰতি কিমান যে উদ্দীপনা আৰু প্ৰচেষ্টা বজাই ৰাখিছে!

২. যিহোৱাৰ সাক্ষীসকলে উৎসাহিত হৈ প্ৰচাৰ কৰাৰ প্ৰথমটো কাৰণ কি?

তেওঁলোকে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে একেই সাদৃশ্যৰে উৎসাহিত হৈ প্ৰচাৰকাৰ্য্য কৰিছিল। যিসকলৰ বিষয়ে লা’-অচাৰভেটৰ ৰোমান’ নামৰ এখন ৰোমান কেথলিক বাতৰিকাকতে উপযুক্তভাৱে এইদৰে কয়: “প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে বাপ্তিষ্মা লোৱাৰ ক্ষন্তেক পাছতেই শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্বক পালন কৰিছিল। শুভবাৰ্ত্তাৰ বিষয়সমূহ খ্ৰীষ্টৰ সেৱকসকলৰ মুখে মুখে বাগৰিব ধৰিলে।” প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে যিহোৱাৰ সাক্ষীসকলে কিয় ইমান উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰে? প্ৰথম কাৰণটো হৈছে, তেওঁলোকে জানে যে এই শুভবাৰ্ত্তা যিহোৱাৰ পৰা আহিছে। গতিকে উৎসাহিত হোৱাৰ ইয়াতকৈ অধিক আন কিবা উত্তম কাৰণ হʼব পাৰেনে? তেওঁলোকৰ এই কাৰ্য্য হৈছে গীতমালাৰ লিখকে উল্লেখ কৰা প্ৰশ্নৰ উত্তৰ, যʼত তেওঁ এইদৰে কৈছিল: “যিহোৱাৰ উদ্দেশে গান কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা।”—গীতমালা ৯৬:২.

৩. (ক) যিহোৱাৰ সাক্ষীসকলে উৎসাহিত হোৱাৰ দ্বিতীয়টো কাৰণ কি? (খ) “[ঈশ্বৰৰ] দ্বাৰা উদ্ধাৰ” কাৰ্য্যত কি সন্মিলিত আছে?

যিহোৱাৰ সাক্ষীসকলে উৎসাহিত হোৱাৰ দ্বিতীয়টো কাৰণৰ বিষয়ে গীতমালাৰ লিখকে আমাক সোঁৱৰাই দিছে। তেওঁলোকে সকলোলৈ এক উদ্ধাৰৰ বাৰ্ত্তা কঢ়িয়াই আনে। কিছুমান ব্যক্তিয়ে আনৰ উন্নতিৰ বাবে চিকিৎসা, সমাজ, আৰ্থিক বা বিভিন্ন ক্ষেত্ৰত কাৰ্য্য কৰে। তেওঁলোকে কৰা প্ৰচেষ্টা সঁচাকৈ প্ৰশংসাৰ যোগ্য। কিন্তু, “[ঈশ্বৰৰ] দ্বাৰা উদ্ধাৰৰ” তুলনাত এজন ব্যক্তিয়ে আনৰ বাবে কেৱল এক সীমিত কাৰ্য্য কৰিব পাৰে। যিহোৱাই যীচুৰ দ্বাৰা নম্ৰ মনৰ লোকসকলক পাপ, ৰোগ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিব। যিসকলে ইয়াৰ দ্বাৰা লাভবান হʼব, তেওঁলোকে চিৰকাললৈকে জীয়াই থাকিব! (যোহন ৩:১৬, ৩৬; প্ৰকাশিত বাক্য ২১:৩, ৪) বৰ্তমান সময়ত খ্ৰীষ্টানসকলে কৰা “আচৰিত কৰ্ম্ম” অৰ্থাৎ উদ্ধাৰ কাৰ্য্যক, বাইবেলত উল্লেখ কৰা এই আজ্ঞা পালন কৰা হিচাবে দৃষ্টি কৰে। যʼত এইদৰে কোৱা হৈছে: “জাতিবিলাকৰ মাজত [ঈশ্বৰৰ] গৌৰৱ প্ৰকাশ কৰা, সমুদায় লোকসমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম বৰ্ণনা কৰা। কিয়নো যিহোৱা মহান, আৰু অতি প্ৰশংসনীয়, তেওঁ আটাই দেৱতাত্‌কৈ ভয়ানক।”—গীতমালা ৯৬:৩, ৪.

মহান শিক্ষকৰ আৰ্হি

৪-৬. (ক) যিহোৱাৰ সাক্ষীসকলে উৎসাহিত হোৱাৰ তৃতীয়টো কাৰণ কি? (খ) শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ প্ৰতি যীচুৱে কেনেকৈ নিজৰ উদ্দীপনাক প্ৰকাশ কৰিলে?

যিহোৱাৰ সাক্ষীসকলে উৎসাহিত হোৱাৰ তৃতীয়টো কাৰণ হৈছে, তেওঁলোকে যীচুৰ আৰ্হিক অনুকৰণ কৰে। (১ পিতৰ ২:২১) কিয়নো সেই সিদ্ধ ব্যক্তিজনে অৰ্থাৎ যীচুৱে নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্বক সম্পূৰ্ণ হৃদয়েৰে পালন কৰিছিল। (যিচয়া ৬১:১; লূক ৪:১৭-২১) এইদৰে তেওঁ শুভবাৰ্ত্তাৰ প্ৰচাৰক হৈ পৰিছিল। তেওঁ গোটেইখন গালীল আৰু যিহূদা দেশত যাত্ৰা কৰি “ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ” কৰিছিল। (মথি ৪:২৩) তদুপৰি, তেওঁ জানিছিল যে বহুতে এই শুভবাৰ্ত্তাক গ্ৰহণ কৰিব আৰু সেইবাবে তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “শস্য সৰহ, কিন্তু বনুৱা তাকৰ। এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।”—মথি ৯:৩৭, ৩৮.

তেওঁ কৰা প্ৰাৰ্থনা অনুসাৰে আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিছিল। এবাৰ তেওঁ শিষ্যসকলক প্ৰচাৰ কৰিবলৈ পঠোৱাৰ সময়ত এইদৰে আজ্ঞা দিছিল: “যাওঁতে যাওঁতে, ঘোষণা কৰি কবা, স্বৰ্গৰাজ্য ওচৰ হল।” তেওঁলোকে প্ৰচাৰ কৰাৰ পৰিৱৰ্ত্তে যদি লোকসকলৰ সমস্যা দূৰ কৰিবলৈ কোনো ব্যৱস্থা স্থাপনা কৰা হʼলে অধিক ব্যৱহাৰিক হʼলহেঁতেন নে? বা যদি তেওঁলোকে ব্যক্তিগতৰূপে অত্যাচাৰক শেষ কৰিবলৈ ৰাজনৈতিকত ভাগ লোৱাহʼলে উচিত হʼলহেঁতেন নে? অৱশ্যেই নহয়। ইয়াৰ বিপৰীতে যীচুৱে খ্ৰীষ্টানসকলৰ বাবে এক নিৰ্দ্ধাৰিত স্তৰ স্থাপন কৰিছিল, যেতিয়া তেওঁৰ শিষ্যসকলক আজ্ঞা দি এইদৰে কৈছিল: “যাওঁতে যাওঁতে ঘোষণা কৰি কবা।”—মথি ১০:৫-৭.

পাছলৈ যীচুৱে শিষ্যৰ আন এটা সমূহক পঠিয়াই এইদৰে ঘোষণা কৰি কʼবলৈ কৈছিল: “ঈশ্বৰৰ ৰাজ্য . . . ওচৰ পালেহি।” যেতিয়া তেওঁলোকে উভটি আহি যীচুক প্ৰচাৰ কাৰ্য্যত পোৱা সাফলতাৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ অতিশয় আনন্দিত হৈছিল। তেওঁ প্ৰাৰ্থনা কৰি কৈছিল: “হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ।” (লূক ১০:১, ৮, ৯, ২১) যীচুৰ শিষ্যসকলে শুভবাৰ্ত্তাৰ প্ৰচাৰক হোৱাৰ পূৰ্বেই, তেওঁলোকে কঠিন পৰিশ্ৰম কৰা মাছমৰীয়া আৰু খেতিয়ক আছিল। তেওঁলোক উচ্চ শিক্ষা প্ৰাপ্ত কৰা ধৰ্ম্মগুৰুসকলৰ তুলনাত শিশুৰ নিচিনা আছিল। কিন্তু শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ তেওঁলোকে সকলোতকৈ উত্তম প্ৰশিক্ষণ লাভ কৰিছিল।

৭. যীচু স্বৰ্গাৰোহণ হোৱাৰ পাছত তেওঁৰ শিষ্যসকলে সৰ্ব্বপ্ৰথমে কেনে ব্যক্তিসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল?

যীচু স্বৰ্গাৰোহণ হোৱাৰ পাছতো তেওঁৰ শিষ্যসকলে একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৱশ্যক আছিল। (পাঁচনিৰ কৰ্ম্ম ২:২১, ৩৮-৪০) প্ৰথমতে, তেওঁলোকে কেনে লোকবিলাকৰ ওচৰলৈ গৈ প্ৰচাৰ কৰিছিল? তেওঁলোকে এনে লোকবিলাকৰ ওচৰলৈ গৈছিল নে যিবিলাকে ঈশ্বৰৰ বিষয়ে একোকে নাজানে? নিশ্চয়ে নহয়। সৰ্ব্বপ্ৰথমে তেওঁলোকে ইস্ৰায়েলৰ লোকবিলাকৰ ওচৰলৈ গৈছিল, যিসকলে ১,৫০০ বছৰৰো অধিক সময় ধৰি যিহোৱাৰ সৈতে পৰিচিত আছিল। এনে এখন ঠাইত তেওঁলোকে গৈ প্ৰচাৰ কৰাটো উচিত আছিল নে, যʼত লোকসকলে ইতিমধ্যেই যিহোৱাৰ সেৱা কৰিছিল? অৱশ্যে উচিত আছিল। কিয়নো যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” (পাঁচনিৰ কৰ্ম্ম ১:৮) অন্য জাতিবিলাকৰ তুলনাত ইস্ৰায়েলসকলে এই শুভবাৰ্ত্তাৰ প্ৰতি অধিক মনোযোগ দিয়া আৱশ্যক আছিল।

৮. বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ আৰ্হিক অনুকৰণ কৰে?

ঠিক একেইদৰে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত প্ৰচাৰ কৰিছে। তেওঁলোকে পাঁচনি যোহনে দেখা স্বৰ্গদূতৰ সৈতে সহযোগ কৰিছে, যিজনে “পৃথিবীত বসতি কৰাবিলাকক, অৰ্থাৎ সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা পাই, বৰ মাতেৰে কলে।” (প্ৰকাশিত বাক্য ১৪:৬) ২০০১ চনত যিহোৱাৰ সাক্ষীসকলে প্ৰায় ২৩৫ খন দেশ, অঞ্চল আৰু খ্ৰীষ্টান এলেকাৰূপে বিবেচনা কৰা কিছুমান স্থানতো সক্ৰিয়ভাৱে প্ৰচাৰ কৰিছিল। যিবোৰ স্থানত খ্ৰীষ্টীয়ধৰ্ম্মৰ লোকসকলে ইতিমধ্যেই গীৰ্জা স্থাপন কৰিছে, সেইবোৰ ঠাইলৈ যিহোৱাৰ সাক্ষীসকলে গৈ প্ৰচাৰ কৰাটো অনুচিত নহয়নে বাৰু? কিছুমানে কয় যে তেনে কৰাটো নিশ্চয়ে অনুচিত আৰু তেনে কাৰ্য্যই “ভেৰ নিচিনা লোকক” বিভ্ৰান্ত কৰে। যিহেতু যিহোৱাৰ সাক্ষীসকলে যীচুৱে তেওঁৰ সময়ত থকা নম্ৰ হৃদয়ৰ যিহূদীসকলৰ প্ৰতি ৰখা মনোবৃত্তিক স্মৰণ কৰে। এই যিহূদীসকলৰ ওচৰত পুৰোহিত বৰ্গ থকাৰ স্বত্বেও যীচুৱে তেওঁলোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সংকোচ বোধ কৰা নাছিল। তেওঁ “মানুহবিলাকক দেখি, তেওঁবিলাকলৈ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত আছিল।” (মথি ৯:৩৬) যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে জানিবলৈ আগ্ৰহী থকা নম্ৰ হৃদয়ৰ লোকক যেতিয়া যিহোৱাৰ সাক্ষীসকলে সাক্ষাৎ কৰে, তেতিয়া তেনে ব্যক্তিসকলৰ ওপৰত তথা-কথিত ধৰ্ম্মৰ অধিকাৰ থকাৰ বাবে তেনে লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰাত কুণ্ঠাবোধ কৰা উচিত নে? যীচুৰ শিষ্যসকলৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আমি নিশ্চয়ে উচিত নহয় বুলি উত্তৰ দিম। এতেকে কোনো অব্যাহতি নোহোৱাকৈ সেই শুভবাৰ্ত্তা নিশ্চয়ে “সকলো জাতিৰ আগত . . . প্ৰচাৰিত হব লাগে।”—মাৰ্ক ১৩:১০.

প্ৰথম শতাব্দীৰ সকলো খ্ৰীষ্টানে প্ৰচাৰক আছিল

৯. প্ৰথম শতাব্দীত থকা খ্ৰীষ্টান মণ্ডলীৰ কোনসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল?

প্ৰথম শতাব্দীত কোনসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল? প্ৰমাণসমূহে দেখুৱাইছে যে সেই সময়ত থকা সকলো খ্ৰীষ্টান ব্যক্তিয়ে প্ৰচাৰক আছিল। এই বিষয়ে উইলিয়াম চমূৱেল উইলিয়ামচে এইদৰে কৈছিল: “সাধাৰণতে প্ৰমাণসমূহে প্ৰকাশ কৰিছে যে প্ৰাচীন গীৰ্জাৰ সকলোবোৰ সদস্যই . . . শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল।” সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত ঘটা ঘটনাৰ সম্পৰ্কে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তেওঁবিলাক সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, আত্মাই কবলৈ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।” সেই সময়ত পুৰুষ, স্ত্ৰী, ডেকা, বৃদ্ধ, সেৱক আৰু স্বাধীন লোক, এই সকলোৱে শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যত জড়িত আছিল। (পাঁচনিৰ কৰ্ম্ম ১:১৪; ২:১, ৪, ১৭, ১৮; যোৱেল ২:২৮, ২৯; গালাতীয়া ৩:২৮) যেতিয়া তেওঁলোকে অত্যাচাৰৰ সম্মুখীন হৈছিল, তেতিয়া তেওঁলোকৰ বহুতে যিৰূচালেমৰ পৰা পলাই গৈ “যিবিলাকে গোট গোট হʼল, তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি, শুভবাৰ্ত্তাৰ বাক্য প্ৰচাৰ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:৪) ইয়াত উল্লেখ কৰা “যিবিলাক গোট গোট হʼল,” তেওঁলোকৰ মাজত থকা কেৱল নিযুক্ত কিছুমান লোকেহে প্ৰচাৰ কৰিছিল এনে নহয়, সকলোৱে প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল।

১০. যিহূদী ব্যৱস্থা পতন হোৱাৰ পূৰ্ব্বেই কেনে দুই প্ৰকাৰৰ আজ্ঞা পূৰ্ণ হৈছিল?

১০ গোটেই জগতত শুভবাৰ্ত্তা প্ৰচাৰ কৰা সম্বন্ধে কৰা যীচুৰ ভৱিষ্যতবাণী, সেই সময়ছোৱাত সত্যৰূপে প্ৰমাণিত হʼল। তেওঁ এইদৰে কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) প্ৰথম শতাব্দীত ৰোমী সেনাৰ দ্বাৰা যিহূদী ব্যৱস্থা আৰু তেওঁলোকৰ ৰাজনৈতিক প্ৰণালী ধ্বংস হোৱাৰ পূৰ্ব্বেই, ভৱিষ্যবাণীত উল্লেখ কৰা গোটেই জগতত শুভবাৰ্ত্তা ঘোষণা কৰা বাক্যশাৰী পূৰ্ণ হৈছিল। (কলচীয়া ১:২৩) যীচুৰ সকলো শিষ্যই তেওঁৰ এই আজ্ঞাক পালন কৰিছিল, যʼত এইদৰে কোৱা হৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) বৰ্তমান সময়ত কিছুমান প্ৰচাৰকে নম্ৰসকলক যীচুত বিশ্বাস আৰু তেওঁলোকৰ সুবিধা অনুসাৰে ঈশ্বৰক সেৱা কৰিবলৈ কয়। কিন্তু প্ৰাচীন খ্ৰীষ্টানসকলে তেনে কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে যীচুৰ শিষ্য হবলৈ শিক্ষা, মণ্ডলীত একত্ৰিত আৰু আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰি শিষ্য বনাবলৈ প্ৰশিক্ষণ দিছিল। (পাঁচনিৰ কৰ্ম্ম ১৪:২১-২৩) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে সেই একেই আৰ্হিক অনুকৰণ কৰে।

১১. মানৱজাতিৰ বাবে বৰ্তমান সময়ত কোনসকলে উত্তম শুভবাৰ্ত্তা ঘোষণা কৰিছে?

১১ যিহোৱাৰ সাক্ষীসকলৰ ভিতৰত অলপ সংখ্যক লোকে প্ৰথম শতাব্দীত থকা পৌল, বাৰ্ণব্বা আৰু আন ব্যক্তিসকলৰ দৰে মিছনাৰী হৈ বিভিন্ন দেশলৈ গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। তেওঁলোকে কৰা প্ৰচাৰ কাৰ্য্য সঁচাকৈ লাভজনক আছিল, কিয়নো তেওঁলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ পৰা বিৰত নাছিল আৰু কোনো ৰাজনৈতিকতো ভাগ লোৱা নাছিল। তেওঁলোকে কেৱল যীচুৱে দিয়া আজ্ঞাক পালন কৰিছিল, যʼত তেওঁ এইদৰে কৈছিল: “যাওঁতে যাওঁতে ঘোষণা কৰি কবা।” বেছিভাগ যিহোৱাৰ সাক্ষীয়ে মিছনাৰী হৈ বিভিন্ন দেশলৈ গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰা নাই। তেওঁলোকৰ বহুতে চাকৰি কৰি জীৱন-যাপন আৰু আন সাক্ষীসকলে এতিয়াও স্কুলত শিক্ষা লাভ কৰি আছে। ইয়াৰ ওপৰিও তেওঁলোকৰ কিছুমানক আকৌ লʼৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ দায়িত্ব বহন কৰিবলগা হৈছে। কিন্তু তেওঁলোকৰ ডেকা, বৃদ্ধ, পুৰুষ আৰু স্ত্ৰী সকলোৱে শুভবাৰ্ত্তা প্ৰচাৰ কৰাত অংশ গ্ৰহণ কৰে। তেওঁলোকে বাইবেলত কোৱা এই কথাফাঁকিৰ প্ৰতি আনন্দেৰে সঁহাৰি জনাই, যʼত এইদৰে কোৱা হৈছে: “তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা।” (২ তীমথিয় ৪:১, ২) তেওঁলোকে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে একেৰাহে “ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট্‌ বুলি প্ৰচাৰ কৰিবলৈ” ত্যাগ দিয়া নাই। (পাঁচনিৰ কৰ্ম্ম ৫:৪২) মানৱজাতিৰ বাবে তেওঁলোকে উত্তম শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে।

প্ৰচাৰ বা ধৰ্মান্তৰিত কৰাটো সঠিকনে?

১২. ধৰ্মান্তৰিত মানে কি আৰু ইয়াক কেনেদৰে দৃষ্টি কৰা হৈছে?

১২ গ্ৰীক ভাষাত প্ৰ·চিলাই·ট্‌চ বুলা শব্দটো আছে, যাৰ অৰ্থ হৈছে “ধৰ্মান্তৰিত কৰা।” এই শব্দটো ইংৰাজী ভাষাৰ “প্ৰচিলাইটিজমৰ” পৰা আহিছে, যাৰ মূল অৰ্থ হৈছে “ধৰ্মান্তৰিত কৰা কাৰ্য্য।” বৰ্তমান সময়ত কিছুমান লোকে ধৰ্মান্তৰিত কৰা মানে হানিকাৰক বুলি কয়। বিশ্ব পৰিষদ গীৰ্জাৰ দ্বাৰা প্ৰকাশিত হোৱা এটা প্ৰমাণপত্ৰত ইয়াক “ধৰ্মান্তৰিত পাপ” বুলি উল্লেখ কৰিছিল। কিয়? কিয়নো কেথলিক ৱৰ্ল্ড ৰিপৰ্টে এইদৰে ব্যাখ্যা কৰিছে: “অৰ্থডক্স লোকসকলে কৰা নিৰন্তৰ আপত্তিৰ বাবে ‘প্ৰচিলাইটিজম’ শব্দটোক বলপূৰ্বকৰূপে কৰা ধৰ্মান্তৰিত কাৰ্য্য বুলি মানি লোৱা হৈছে।”

১৩. হানিকাৰক ধৰ্মান্তৰিত কৰা কাৰ্য্যৰ কিছুমান উদাহৰণ কি?

১৩ ধৰ্মান্তৰিত কৰাটো হানিকাৰক নে? এইটো তেতিয়াহে হানিকাৰক হʼব পাৰে যেতিয়া ইয়াক নিজৰ স্বাৰ্থৰ অৰ্থে কৰা হয়। এই সন্দৰ্ভত যীচুৱে কৈছিল যে অধ্যাপক আৰু ফৰীচীবিলাকে কৰা ধৰ্মান্তৰিত কাৰ্য্য হানিকাৰক। (মথি ২৩:১৫) তদুপৰি, বলপূৰ্ব্বকভাৱে ধৰ্মান্তৰিত কৰাটো উচিত নহয়। এই বিষয়ে যোচেফাচ নামৰ ইতিহাসবিদে এটা বিবৃতি দাঙি ধৰি এইদৰে কৈছিল যে, মেকাবিয়ানৰ ৰজা জন্‌ হায়ৰকানাচে ইদুমীয়া জাতিৰ ওপৰত জয় লাভ কৰে। ইদুমীয়াসকলে “যেতিয়ালৈকে নিজেই চুন্নৎ হৈ যিহূদী ধৰ্ম্ম পালন কৰে, তেতিয়ালৈকে তেওঁলোকক সেই দেশত থাকিবলৈ অনুমতি দিয়া হয়।” দৰাচলতে, ইদুমীয়াসকলে সেই দেশত যিহূদী শাসনৰ অধীনত নাগৰিক হিচাবে বাস কৰিবলৈ হʼলে, তেওঁলোকে যিহূদী ধৰ্ম্মৰ অনুসাৰে জীৱন-যাপন কৰিব লাগিছিল। তদুপৰি, ইতিহাস লিখকজনে এইদৰেও কয় যে, অষ্টম শতাব্দীত চাৰ্লিমাগ্নে নামৰ এজন ৰজাই উত্তৰ ইউৰোপত থকা চেক্সন জাতিৰ ওপৰত জয় লাভ কৰে আৰু তেওঁলোকক বলেৰে ধৰ্মান্তৰিত কৰাইছিল। a চেক্সন আৰু ইদুমীয়াসকলে স্বইচ্ছাৰে ধৰ্ম্ম পৰিৱৰ্ত্তন কৰা নাছিল। উদাহৰণস্বৰূপে, নিজকে যিহূদী বুলি দাবী কৰা ইদুমীয়া বংশৰ ৰজা হেৰোদ, যিজনে শিশু অৱস্থাত যীচুক বধ কৰিব বিচাৰিছিল। তেওঁ হৃদয়েৰে সৈতে মোচিৰ ব্যৱস্থা পালন কৰা নাছিল।—মথি ২৩:১৫.

১৪. লোকসকলক ধৰ্মান্তৰিত কৰিবলৈ কিছুমান খ্ৰীষ্টীয়জগতৰ মিছনাৰীয়ে কেনেকৈ বল প্ৰয়োগ কৰে?

১৪ বৰ্তমান সময়ত বলেৰে ধৰ্মান্তৰিত কৰোৱা হৈছেনে? কিছুমান ক্ষেত্ৰত তেনে হোৱাটো দেখা যায়। ৰিপৰ্টৰ অনুসাৰে বিশেষ কিছুমান খ্ৰীষ্টীয়জগতৰ মিছনাৰীয়ে ফলদায়কৰূপে লোকসকলক ধৰ্মান্তৰিত কৰাবলৈ বিদেশী বৃত্তি আগবঢ়ায়। অথবা কিছুমান খ্ৰীষ্টয়জগতৰ মিছনাৰীয়ে খাদ্য অভাৱত থকা শৰণাৰ্থীসকলৰ শিবীৰলৈ গৈ আহাৰৰ ব্যৱস্থা প্ৰবন্ধ কৰি তেওঁলোকৰ ভাষণ শুনিবলৈ আমন্ত্ৰণ কৰে। ১৯৯২ চনত অৰ্থডক্স বিশ্বপসকলৰ এখন সন্মিলনত প্ৰকাশ পোৱা এটা বিবৃতিত এইদৰে বৰ্ণনা কৰা হৈছিল: “ধৰ্মান্তৰিত কৰোৱাটো কেতিয়াবা ভৌতিক প্ৰলোভন আৰু কেতিয়াবা বিভিন্ন প্ৰকাৰৰ অত্যাচাৰৰ দ্বাৰা কৰা হয়।”

১৫. যিহোৱাৰ সাক্ষীসকলে আধুনিক অৰ্থত প্ৰকাশ হোৱা ধৰ্মান্তৰিত শব্দটোৰ অনুসাৰে কাৰ্য্য কৰেনে? বৰ্ণনা কৰক

১৫ ধৰ্মান্তৰিত কৰিবলৈ লোকসকলৰ ওপৰত হেঁচা বা বল প্ৰয়োগ কৰাটো উচিত নহয়। দৰাচলতে, যিহোৱাৰ সাক্ষীসকলে তেনেধৰণৰ কোনো কাৰ্য্য নকৰে। b তেওঁলোকে আধুনিক অৰ্থত প্ৰকাশ হোৱা ধৰ্মান্তৰিত শব্দটোৰ অনুসাৰে কাৰ্য্য নকৰে। বৰঞ্চ, তেওঁলোকে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে সকলোৰে আগত এটা শুভবাৰ্ত্তা প্ৰচাৰ কৰে। যদি কোনো ব্যক্তিয়ে নিজ ইচ্ছাৰে সেই শুভসংবাদৰ বিষয়ে শিকিবলৈ বিচাৰে, কেৱল তেনেলোককহে যিহোৱাৰ সাক্ষীসকলে বাইবেল অধ্যয়নৰ যোগেদি সেই জ্ঞান প্ৰদান কৰে। তেনে আগ্ৰহী ব্যক্তিসকলে বাইবেলৰ সঠিক জ্ঞানৰ দ্বাৰা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ ওপৰত দৃঢ়ভাৱে বিশ্বাস কৰিবলৈ শিকি লাভৱান হয়। পৰিণামস্বৰূপে, তেওঁলোকে উদ্ধাৰ পাবলৈ যিহোৱাৰ নামত প্ৰাৰ্থনা কৰে। (ৰোমীয়া ১০:১৩, ১৪, ১৭) লোকসকলে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাওক বা নেদেখুৱাওক, এইয়া হৈছে সম্পূৰ্ণভাৱে তেওঁলোকৰ ব্যক্তিগত বিষয়। ই কোনো বাধ্যতামূলক নহয়। যদি তেনে কৰা হয় তেনেহʼলে ধৰ্মান্তৰিত হোৱাটো অৰ্থহীন। ঈশ্বৰৰ গ্ৰহণযোগ্য হবলৈ হʼলে সম্পূৰ্ণ মন, প্ৰাণ আৰু সকলো শক্তিৰে তেওঁক উপাসনা কৰা উচিত।—দ্বিতীয় বিবৰণ ৬:৪, ৫; ১০:১২.

বৰ্তমান সময়ত শুভবাৰ্ত্তা প্ৰচাৰ কৰা

১৬. বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰকাৰ্য্য কিমানলৈকে বৃদ্ধি পাইছে?

১৬ বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে মথি ২৪:১৪ পদত উল্লেখ কৰা ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যক বৃহতৰূপে সম্পন্ন কৰিছে। তেওঁলোকে এই কাৰ্য্যক সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা প্ৰধান সজুলি হৈছে প্ৰহৰীবুৰুজ নামৰ আলোচনীখন। c ১৮৭৯ চনত যেতিয়া ইয়াৰ প্ৰথম কপিখন এটা ভাষাত ছপা কৰি প্ৰকাশ কৰা হʼল, তেতিয়া সংখ্যা আছিল প্ৰায় ৬০০০ খন। কিন্তু ২০০১ চন অৰ্থাৎ ১২২ বছৰতকৈও অধিক সময় অতিক্ৰম কৰাৰ পাছত এই আলোচনীখন ১৪১ টা ভাষাত ছপা কৰাৰ সংখ্যা হৈছে ২৩,০৪২,০০০ খন। এই বৃদ্ধিৰ সৈতে যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰকাৰ্য্যও বৃদ্ধি হৈছে। ১৯ শতাব্দীত কিছু সংখ্যক প্ৰচাৰকে অতিবাহিত কৰা ঘন্টাৰ তুলনাত, ২০০১ চনত প্ৰচাৰকসকলে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ১,১৬৯,০৮২,২২৫ ঘন্টা অতিবাহিত কৰিলে। প্ৰত্যেক মাহত গড় হিচাপে ৪,৯২১,৭০২ জন গৃহস্থৰ সৈতে বিনামূলীয়া বাইবেল অধ্যয়ন পৰিচালিত কৰাৰ বিষয়ে বিবেচনা কৰক।। শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক কিযে এক বৃহতৰূপে সম্পন্ন কৰা হৈছিল! তদুপৰি, এই কাৰ্য্যক সম্পন্ন কৰিবলৈ ৬,১১৭,৬৬৬ জন ৰাজ্যৰ প্ৰচাৰকে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল।

১৭ (ক) বৰ্তমান সময়ত কেনে ধৰণৰ ভুৱা দেৱতাবিলাকৰ উপাসনা কৰা দেখা গৈছে? (খ) লোকসকলে বিভিন্ন ভাষা, জাতি বা সমাজ যিয়ে নহওঁক কিয়, তেওঁলোকৰ প্ৰত্যেকজনে কিহৰ বিষয়ে জনা আৱশ্যক?

১৭ গীতমালাৰ লিখকে কৈছে: “জাতিবিলাকৰ আটাই দেৱতা ছা মাথোন, কিন্তু যিহোৱাইহে আকাশ-মণ্ডল সৃষ্টি কৰিলে।” (গীতমালা ৯৬:৫) বৰ্তমান সময়ত জগতখনে জাতীয়তাবাদ, ৰাষ্ট্ৰীয় প্ৰতীক, প্ৰমুখ ব্যক্তি, ভৌতিক বস্তু আৰু ধন-সম্পত্তিক উপাসনাৰ ৰূপ দিছে। (মথি ৬:২৪; ইফিচীয়া ৫:৫; কলচীয়া ৩:৫) এই বিষয়ে মোহনদাস কৰমচাঁন্দ গান্ধীয়ে এবাৰ এইদৰে কৈছিল: “মই সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে . . . বৰ্তমান সময়ত ইউৰোপ দেশত থকা লোকসকল হৈছে তথা-কথিত খ্ৰীষ্টান। আচলতে, তেওঁলোকে কুবেৰক [ধন-সম্পত্তি] উপাসনা কৰে।” সেইবাবে, সকলোকে শুভবাৰ্ত্তাৰ বিষয়ে কোৱাটো অতি আৱশ্যক হৈ পৰিছে। লোকসকলে বিভিন্ন ভাষা, জাতি বা সমাজ যিয়ে নহওঁক কিয়, প্ৰত্যেকজনকে যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনোৱা আৱশ্যক। আমি আশা কৰোঁ যে সকলোৱে গীতমালা লিখকে কোৱাৰ দৰে প্ৰতিক্ৰিয়া দেখুৱাব, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু মহিমা কীৰ্ত্তন কৰা।” (গীতমালা ৯৬:৭, ৮) যিহোৱাৰ সাক্ষীসকলে আনক যিহোৱাৰ বিষয়ে শিকিবলৈ সহায় কৰে, যাতে তেওঁলোকেও যিহোৱাক সঠিকৰূপে গৌৰৱ আৰু মহিমা কীৰ্ত্তন কৰিব পাৰে। যিসকলে সঠিক প্ৰতিক্ৰিয়া দেখুৱাই, তেওঁলোকে অধিকৈ লাভৱান হয়। তেওঁলোকে কেনে ধৰণৰ লাভৱান হʼব পাৰে? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 1/1)

[ফুটনোটবোৰ]

a দ্যা কেথলিক এনচাইক্লপেডীয়া নামৰ বিশ্বকোষে এইদৰে কয় যে ধৰ্ম্ম সংস্কাৰৰ সময়ত লেটিন ভাষাত কোৱা এটা নীতিবাক্য: “দেশত যিজনে শাসন কৰে, তেওঁৱেই সেই দেশৰ ধৰ্ম্ম নিৰ্ণয় কৰে” বুলি কোৱাৰ যোগেদি কোনো এটা ধৰ্ম্মৰ লোকক আন ধৰ্ম্ম পালন কৰিবলৈ বল প্ৰয়োগ কৰা হয়।

b ২০০০ চনৰ নবেম্বৰ ১৬ তাৰিখে সযুক্ত ৰাষ্ট্ৰত আয়োজিত কৰা অন্তৰাষ্ট্ৰীয় ধৰ্ম্মীয় স্বাধীন সমিতিত ভাগ লোৱা এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ আৰু বলেৰে ধৰ্মান্তৰিত কৰা ব্যক্তিসকলৰ কাৰ্য্যৰ মাজত থকা পৃথকতাৰ সম্বন্ধে এক মন্তব্য দাঙি ধৰিছিল। তাত এইটো লক্ষ্য কৰা হʼল যে যিহোৱাৰ সাক্ষীসকলে আনৰ ওচৰলৈ গৈ এইদৰে শুভ সংবাদৰ বিষয়ে প্ৰচাৰ কৰে, যদি এজন ব্যক্তিয়ে শুনিবলৈ আগ্ৰহী নহয় তেনেহʼলে তেওঁ সহজে “মই শুনিবলৈ ইচ্ছুক নহওঁ” বুলি কʼব পাৰে।

c এই আলোচনীখনৰ সম্পূৰ্ণ নামটো হৈছে প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে।

আপুনি কিদৰে বৰ্ণনা কৰিব?

• যিহোৱাৰ সাক্ষীসকলে কিয় উৎসাহিত হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰে?

• যিহোৱাৰ সাক্ষীসকলে, খ্ৰীষ্টীয়জগতৰ গীৰ্জ্জা থকা এলেকাবোৰলৈ গৈ কিয় শুভবাৰ্ত্তা প্ৰচাৰ কৰে?

• আধুনিক অৰ্থত প্ৰকাশ হোৱা ধৰ্মান্তৰিত শব্দটোৰ অনুসাৰে যিহোৱাৰ সাক্ষীসকলে কিয় কাৰ্য্য নকৰে?

• বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰকাৰ্য্য কেনেকৈ বৃদ্ধি পাইছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

যীচুৱে উৎসাহিত হৈ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰিছিল আৰু আনকো তেনে কৰিবলৈ প্ৰশিক্ষণ দিছিল

[১০ পৃষ্ঠাৰ ছবি]

প্ৰথম শতাব্দীত থকা সকলো মণ্ডলীৰ সদস্যই শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল

[১১ পৃষ্ঠাৰ ছবি]

আনক ধৰ্ম্মান্তৰিত কৰিবলৈ কোনো প্ৰকাৰৰ বল বা হেঁচা দিয়াটো একেবাৰে অনুচিত