Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাবে সম্পূৰ্ণকৈ সুসজ্জিত হোৱা

ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাবে সম্পূৰ্ণকৈ সুসজ্জিত হোৱা

ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাবে সম্পূৰ্ণকৈ সুসজ্জিত হোৱা

ঈশ্বৰে “আমাক . . . পৰিচাৰক হবৰ যোগ্য কৰিলে।”২ কৰিন্থীয়া ৩:৫, ৬.

১, ২. প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে কেনেধৰণৰ প্ৰচেষ্টা কৰা হৈছিল, কিন্তু তেওঁলোকে কিয় সফলতা পোৱা নাছিল?

 যদি আপোনাক এনে এটা চাকৰি কৰিবলৈ দিয়া হয় যাৰ বাবে আপুনি উপযুক্ত নহয়, তেনেহʼলে আপুনি কেনে অনুভৱ কৰিব? কল্পনা কৰক: আপোনাক আৱশ্যক হোৱা বস্তুবোৰ আপোনাৰ আগত ৰখা হৈছে আৰু তাত আপুনি ব্যৱহাৰ কৰিব লগা সঁজুলিও সাজু আছে। কিন্তু আপুনি নাজানে যে সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। যদি আপোনাক দিয়া কামটো অতি কম সময়ৰ ভিতৰত শেষ কৰিব লাগে, তেন্তে আপোনাৰ অৱস্থা একেবাৰে পুতৌজনক হʼব। তদুপৰি, লোকবিলাকে আপোনাক লক্ষ্য কৰিছে। সেইটো আপোনাৰ বাবে কিমান যে নিৰুৎসাহজনক অৱস্থা হʼব!

এনে দোধোৰ-মোধোৰ অৱস্থা সম্পূৰ্ণৰূপে কাল্পনিক নহয়। উদাহৰণস্বৰূপে, এটা সময়ত খ্ৰীষ্টীয়জগতৰ গীৰ্জাবোৰে ঘৰে ঘৰে প্ৰচাৰ কাৰ্য্য কৰাৰ উদ্দেশ্যেৰে সংগঠিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। কিন্তু সাধাৰণতে সপ্তাহ বা মাহটোৰ ভিতৰতে তেওঁলোকৰ এই প্ৰচেষ্টা বিফল হৈছিল। কিয় হৈছিল? কিয়নো খ্ৰীষ্টীয়জগতৰ লোকে তাইৰ অনুগামীসকলক সেই কাৰ্য্যৰ বাবে যোগ্য হʼবলৈ সহায় কৰা নাছিল। তদুপৰি, পাদুৰিসকলেও বছৰ পাছত বছৰ ধৰি ধৰ্ম্মীয় স্কুল আৰু পঢ়াশালিত শিক্ষা গ্ৰহণ কৰাৰ পাছটো প্ৰচাৰ কাৰ্য্যৰ বাবে উপযুক্ত নহয়। আমি তেনেদৰে কিয় কʼব পাৰোঁ?

৩. ২ কৰিন্থীয়া ৩:৫, ৬ পদত কোনটো উক্তিক তিনিবাৰকৈ উল্লেখ কৰা হৈছে আৰু ইয়াৰ অৰ্থ কি?

ঈশ্বৰৰ বাক্যই বৰ্ণনা কৰিছে যে কিহে এজন সত্য খ্ৰীষ্টান প্ৰচাৰকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ উপযুক্ত কৰি তুলে। এই সম্পৰ্কে পাঁচনি পৌলে প্ৰেৰিত হৈ এইদৰে লিখিছিল: “আমি নিজে নিজে মিমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়; তেৱেঁই আমাক . . . পৰিচাৰক হবৰ যোগ্য কৰিলে।” (২ কৰিন্থীয়া ৩:৫, ৬) লক্ষ্য কৰক যে ইয়াত তিনিবাৰকৈ “যোগ্য” শব্দটো উল্লেখ কৰা হৈছে। ইয়াৰ অৰ্থ কি? ৱাইনৰ এক্সপজেটেৰী ডিক্সেনেৰী অৱ বিবলিকেল ৱৰ্ডচʼত এইদৰে কোৱা হৈছে: “যেতিয়া [মূল গ্ৰীক শব্দত] কোনো বস্তুক বুজোৱা হয়, তেতিয়া ইয়াৰ অৰ্থ হৈছে ‘যথেষ্ট’ . . . ; কিন্তু যেতিয়া কোনো ব্যক্তিক বুজোৱা হয়, তেতিয়া ইয়াৰ অৰ্থ হৈছে ‘নিপুণ,’ ‘উপযুক্ত।’” সেয়েহে যিজন “যোগ্য,” তেওঁ হৈছে নিপুণ আৰু তেওঁক দিয়া দায়িত্বক সম্পন্ন কৰিবলৈ উপযুক্ত। বাস্তৱতে, শুভবাৰ্ত্তাৰ প্ৰকৃত প্ৰচাৰকসকল এই কাৰ্য্য কৰিবলৈ যোগ্য। তেওঁলোকে প্ৰচাৰ কৰিবলৈ উপযুক্ত বা নিপুণ লোক।

৪. (ক) খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যৰ বাবে হোৱা যোগ্য ব্যক্তিসকলৰ সংখ্যা যে সীমিত নহয়, সেই বিষয়ে কেনেকৈ পাঁচনি পৌলৰ উদাহৰণে প্ৰকাশ কৰিছে? (খ) যিহোৱাই কেনে তিনিটা পদ্ধতিৰ যোগেদি তেওঁৰ সেৱকসকলক পৰিচৰ্য্যা কাৰ্য্যৰ বাবে যোগ্য কৰিছে?

এই যোগ্যতাসমূহ কʼৰ পৰা লাভ কৰিব পাৰি? ব্যক্তিগতভাৱে থকা কোনো স্বাভাবিক গুণৰ পৰানে? কোনো উচ্চতৰ বুদ্ধিশক্তিৰ পৰানে? বিশেষভাৱে শিক্ষা দিয়া কোনো স্কুলৰ পৰানে? সম্ভৱতঃ পাঁচনি পৌলে সেই সকলো বিষয়ে শিক্ষা লাভ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২২:৩; ফিলিপীয়া ৩:৪, ৫) তেওঁ প্ৰচাৰ কৰাৰ সেই যোগ্যতা কোনো স্কুলৰ পৰা নহয়, কিন্তু নম্ৰভাৱে যিহোৱা ঈশ্বৰৰ পৰাহে গ্ৰহণ কৰিছিল। কেৱল কিছুমান নিৰ্ব্বাচিত লোকেহে এনে শিক্ষা লাভ কৰিছেনে? পৌলে কৰিন্থীয়া মণ্ডলীলৈ লিখোঁতে “আমাৰ সেই যোগ্যতা” বুলি উল্লেখ কৰিছিল। অৱশ্যেই ইয়াত এইটো পৰামৰ্শ দিয়া হৈছে যে যিহোৱাই তেওঁ দিয়া কাৰ্য্য সম্পন্ন কৰিবলৈ সকলো বিশ্বাসী সেৱকক যোগ্য কৰে। বৰ্তমান সময়ত যিহোৱাই সত্য খ্ৰীষ্টানসকলক কেনেকৈ তেওঁৰ কাৰ্য্যৰ বাবে যোগ্য কৰিছে? আহঁক আমি যিহোৱাই যোগ্য কৰিবলৈ ব্যৱহাৰ কৰা তিনিটা পদ্ধতিৰ বিষয়ে বিবেচনা কৰোঁহঁক: (১) তেওঁৰ বাক্য, (২) তেওঁৰ পবিত্ৰ আত্মা আৰু (৩) তেওঁৰ পাৰ্থিৱ সংগঠন।

যিহোৱাৰ বাক্যই আমাক যোগ্য কৰে

৫, ৬. সত্য খ্ৰীষ্টানসকলক পবিত্ৰ শাস্ত্ৰই কিদৰে প্ৰভাৱিত কৰে?

সৰ্ব্বপ্ৰথমে, ঈশ্বৰৰ বাক্যই কেনেকৈ আমাক পৰিচাৰক হʼবলৈ যোগ্য কৰে? এই বিষয়ে পৌলে এইদৰে লিখিছিল: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) গতিকে আমি লোকসকলক ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়া “সৎকৰ্ম্মৰ” বাবে “সুসজ্জিত” হʼবলৈ পবিত্ৰ শাস্ত্ৰই আমাক সহায় কৰে। তেনেহʼলে খ্ৰীষ্টীয়জগতৰ গীৰ্জাৰ অনুগামীসকলৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকৰ ওচৰতো বাইবেল আছে। কেনেকৈ এখন পুস্তকে কিছুমান ব্যক্তিক পৰিচৰ্য্যা কাৰ্য্য আৰু আনক সহায় কৰিবলৈ নিপুণ কৰিব পাৰে? বাইবেলৰ প্ৰতি আমি ৰখা মনোবৃত্তিৰ ওপৰত ইয়াৰ উত্তৰ নিৰ্ভৰ কৰে।

দুখৰ বিষয় এই যে, গীৰ্জাৰ বহুতো সদস্যই বাইবেলখনৰ বাৰ্ত্তাক “ঈশ্বৰৰ বাক্য বুলি . . . গ্ৰাহ্য” নকৰে। (১ থিচলনীকীয়া ২:১৩) এই সম্পৰ্কে খ্ৰীষ্টীয়জগতৰ লোকসকলে এক লজ্জাজনক বিবৰণী দাঙি ধৰিছে। পাদুৰিসকলে থিয়লজিকেল (ধৰ্ম্মজ্ঞানমূলক) প্ৰতিষ্ঠানসমূহত ভালেমান সময় অতিবাহিত কৰি শিক্ষা লাভ কৰাৰ পাছত ঈশ্বৰৰ বাক্যৰ শিক্ষক হʼবলৈ সুসজ্জিত হয়নে? অৱশ্যেই নহয়। সেয়েহে কিছুমান বিদ্যাৰ্থীয়ে বাইবেলত বিশ্বাস কৰি ধৰ্ম্মীয় স্কুলত শিক্ষা আৰম্ভ কৰে, কিন্তু অধ্যয়নৰ শেষত তেওঁলোকে সন্দেহবাদী হৈ পৰে! তেওঁলোকে ঈশ্বৰৰ বাক্যক বিশ্বাস কৰিবলৈ ত্যাগ দিয়াৰ বাবে ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে যাক তেওঁলোকে প্ৰায়ে বিশ্বাস কৰিবলৈ ত্যাগ দিছে আৰু লগতে নিজ ইচ্ছা অনুসাৰে তেওঁলোকৰ পৰিচৰ্য্যাত আন বিষয়সমূহ, ৰাজনৈতিকবাদৰ সৈতে জড়িত থকা আলোচনা, সামাজিক উপদেশ বা মানুহৰ দৰ্শনশাস্ত্ৰৰ শিক্ষাক সন্মিলিত কৰে। (২ তীমথিয় ৪:৩) কিন্তু ইয়াৰ বিপৰীতে সত্য খ্ৰীষ্টানসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰে।

৭, ৮. ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা যীচুৰ মনোবৃত্তি তেওঁৰ সময়ত থকা ধৰ্ম্মীয় নেতাসকলতকৈ কেনেকৈ ভিন্ন আছিল?

যীচুৱে তেওঁৰ সময়ত থকা ধৰ্ম্মীয় নেতাসকলক তেওঁৰ বিচাৰধাৰাত প্ৰভাৱিত কৰিবলৈ কোনো অনুমতি দিয়া নাছিল। এক সৰু সমূহ হওঁক বা বৃহত সমূহৰ লোক নহওঁক কিয়, যীচুৱে সকলোকে উত্তমৰূপে পবিত্ৰ শাস্ত্ৰৰ শিক্ষা প্ৰদান কৰিছিল। (মথি ১৩:১০-১৭; ১৫:১-১১) যীচুৰ শিক্ষা দিয়াৰ প্ৰণালী সেই সময়ৰ ধৰ্ম্মীয় নেতাসকলতকৈ একেবাৰে ভিন্ন আছিল। কিয়নো সেই সময়ৰ ধৰ্ম্মীয় নেতাসকলে দিয়া শিক্ষাই সাধাৰণ লোকসকলক ঈশ্বৰৰ গভীৰ বিষয়সমূহৰ বিষয়ে জ্ঞান লবলৈ নিৰুৎসাহিত কৰিছিল। দৰাচলতে, সেই সময়ৰ শিক্ষকে বাইবেলৰ কিছুমান উক্তিৰ অত্যন্ত গভীৰতাৰে কেৱল তেওঁৰ অন্তৰঙ্গ ছাত্ৰৰ সৈতে আলোচনা কৰাটো এটা নিয়ম হৈ পৰিছিল। ইয়াৰ ওপৰিও তেওঁলোকে সেই শিক্ষা অতি নিম্ন কণ্ঠস্বৰ আৰু কাপোৰেৰে মুৰ আবৃত কৰি দিছিল। বাইবেলৰ নিৰ্দ্দিষ্ট কিছুমান ভাগত উল্লেখ কৰা ঈশ্বৰৰ নামক উচ্চাৰণ কৰাৰ সম্পৰ্কে সেই ধৰ্ম্মীয় নেতাসকলে অন্ধবিশ্বাস কৰিছিল!

ইয়াৰ বিপৰীতে যীচু খ্ৰীষ্ট একেবাৰে ভিন্ন আছিল। তেওঁ জনসাধাৰণৰ কেৱল নিৰ্দ্দিষ্ট কিছুমান ব্যক্তিক নহয় কিন্তু সকলো লোকে “ঈশ্বৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক” বাক্য শিকা আৱশ্যক বুলি বিবেচনা কৰিছিল। যীচুৱে বিশেষ কোনো বিদ্বানসমূহৰ লোকক সেই জ্ঞানৰ চাবিৰ বিষয়ে শিকাবলৈ ইচ্ছুক আছিল, এনে নহয়। তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “আন্ধাৰত মই তোমালোকক যি কওঁ, তাক তোমালোকে পোহৰতে কবা; কাণত যি শুনা, তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰিবা।” (মথি ৪:৪; মথি ১০:২৭) যীচুৱে ঈশ্বৰ জ্ঞানৰ বিষয়ে সকলো লোককে কʼবলৈ আগ্ৰহী আছিল।

৯. সত্য খ্ৰীষ্টানসকলে বাইবেলখন কিদৰে ব্যৱহাৰ কৰে?

আমাৰ শিক্ষা ঈশ্বৰৰ বাক্যত কেন্দ্ৰীত হোৱা উচিত। উদাহৰণস্বৰূপে, যেতিয়া আমি যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কোনো ভাষণ দিওঁ, সাধাৰণতে তেতিয়া আমি বাইবেলৰ পৰা বাচি লোৱা শাস্ত্ৰৰ পদবোৰ পঢ়োঁ। সেই পদবোৰক আমি হয়তো বৰ্ণনা, ব্যাখ্যা আৰু বিষয়টোৰ সৈতে পদবোৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি এই সম্পৰ্কে কʼবলগীয়া হয়। আমাৰ লক্ষ্য হৈছে লিখিত পৃষ্ঠাবোৰত উল্লেখ কৰা বাইবেলৰ বাৰ্ত্তাৰে নিজৰ শ্ৰোতাসকলৰ হৃদয় স্পৰ্ষ কৰা। (নহিমিয়া ৮:৮, ১২) যেতিয়া কোনো অনুশাসন বা পৰামৰ্শ দিয়া হয়, তেতিয়াও বাইবেলখন ব্যৱহাৰ কৰাটো অতি আৱশ্যক। যদিও যিহোৱাৰ সেৱকসকলে বিভিন্ন ভাষা কয় আৰু বিভিন্ন পৃষ্ঠভূমিৰ পৰা আহিছে, কিন্তু তথাপিও তেওঁলোকৰ সকলোৱে বাইবেলখনক সন্মান কৰে।

১০. বাইবেলৰ প্ৰেৰিত বাৰ্ত্তাই আমাক কেনেকৈ সহায় কৰিব পাৰে?

১০ যেতিয়া এনে সন্মানৰ সৈতে বাইবেলখন ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ বাৰ্ত্তাসমূহ শক্তিশালী হৈ উঠে। ইয়ে লোকসকলক তেওঁলোকৰ জীৱন প্ৰণালীত পৰিৱৰ্তন কৰি অশাস্ত্ৰীয় অভ্যাসবোৰক ত্যাগ দিবলৈ পৰিচালিত কৰে, যেনে, ব্যভিচাৰ, মূৰ্ত্তিপূজা, মতলীয়া আৰু চুৰ কৰা। তদুপৰি, ইয়ে বহুতকে তেওঁলোকৰ পুৰণি ব্যক্তিত্ব সলনি কৰি নতুন ব্যক্তিত্বক ধাৰণ কৰিবলৈ সহায় কৰিছে। (ইফিচীয়া ৪:২০-২৪) অৱশ্যে, যদি আমি ইয়াক কোনো মানুহৰ অভিমত বা ৰীতি-নীতিকৈ অধিক সন্মান কৰোঁ আৰু ইয়াৰ প্ৰতি বিশ্বাসী হওঁ, তেনেহʼলে বাইবেলে আমাক ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাবে সুসজ্জিত হʼবলৈ সহায় কৰিব পাৰে।

যিহোৱাৰ আত্মাই আমাক যোগ্য কৰে

১১. যিহোৱাৰ পবিত্ৰ আত্মাক “সহায়কৰ্ত্তা” বুলিও কিয় কোৱা হয়?

১১ দ্বিতীয়তে, আহঁক আমি আলোচনা কৰোঁহঁক যে যিহোৱাৰ পবিত্ৰ আত্মা অৰ্থাৎ সক্ৰিয় শক্তিয়ে আমাক কেনেকৈ সুসজ্জিত কৰিব পাৰে। যিহোৱাৰ আত্মা হৈছে এটা শক্তিশালী শক্তি, এই বিষয়ে আমি কেতিয়াও পাহৰি যোৱা উচিত নহয়। সত্য খ্ৰীষ্টানসকলক সেই শক্তিশালী শক্তি প্ৰদান কৰিবলৈ যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক অধিকাৰ দিলে। সেয়েহে যীচুৱে পবিত্ৰ আত্মাক “সহায়কৰ্ত্তা” বুলি উল্লেখ কৰিছিল। (যোহন ১৬:৭) যিহোৱাই যে তেওঁলোকক উদাৰভাৱে সেই সহায়কৰ্ত্তা প্ৰদান কৰিব তাক ভাৰাসা কৰি তেওঁৰ পৰা সেই পবিত্ৰ আত্মা বিচাৰিবলৈ যীচুৱে শিষ্যসকলক আগ্ৰহ কৰিছিল।—লূক ১১:১০-১৩; যাকোব ১:১৭.

১২, ১৩. (ক) আমাৰ পৰিচৰ্য্যা কাৰ্য্যত সহায়ৰ বাবে পবিত্ৰ আত্মা বিচাৰাটো কিয় অতি গুৰুত্বপূৰ্ণ? (খ) পবিত্ৰ আত্মা যে তেওঁলোকৰ কাৰ্য্যত নাছিল তাক ফৰীচীসকলে কেনেকৈ প্ৰকাশ কৰিছিল?

১২ আমি নিতৌ, বিশেষকৈ আমাৰ পৰিচৰ্য্যাত সহায় কৰিবলৈ পবিত্ৰ আত্মা বিচাৰা আৱশ্যক। সেই সক্ৰিয় শক্তিয়ে আমাক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে? এই শক্তিয়ে আমাৰ মন আৰু হৃয়ত প্ৰভাৱ, আমাক পুৰণি ব্যক্তিত্বক সলনি কৰি নতুন ব্যক্তিত্বক ধাৰণ কৰিবলৈ সহায় কৰে। (কলচীয়া ৩:৯, ১০) তদুপৰি, এই সক্ৰিয় শক্তিয়ে আমাক খ্ৰীষ্টৰ দৰে গুণসমূহ বিকাশিত কৰাত সহায় কৰে। আমাৰ বহুতে তেওঁলোকৰ হৃদয়েৰে গালাতীয়া ৫:২২, ২৩ পদত উল্লেখ কৰা গুণসমূহক পুনৰুক্তি কৰিব পাৰে। সেই পদবোৰত ঈশ্বৰৰ আত্মাৰ ফলসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। সৰ্ব্বপ্ৰথমে উল্লেখ হোৱা গুণটো হৈছে প্ৰেম। এই গুণটোক আমাৰ পৰিচৰ্য্যা কাৰ্য্যত অতি আৱশ্যক। কিয় আৱশ্যক?

১৩ প্ৰেমে বৃহৎভাৱে প্ৰেৰিত কৰে। যিহোৱাৰ আৰু সঙ্গী মানৱৰ বাবে থকা প্ৰেমে আমাক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে। (মাৰ্ক ১২:২৮-৩১) এই প্ৰেমৰ অবিহনে আমি কেতিয়াও ঈশ্বৰৰ বাক্যৰ শিক্ষক হʼবৰ উপযুক্ত নহওঁ। যীচু আৰু ফৰীচীসকলৰ মাজত থকা ভিন্নতাৰ বিষয়ে মনোযোগ দিয়ক। মথি ৯:৩৬ পদত যীচুৰ বিষয়ে এইদৰে কোৱা হৈছে: “মানুহবিলাকক দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” ফৰীচীসকলে সাধাৰণ লোকক কেনে দৃষ্টি কৰিছিল? তেওঁলোকে এইদৰে কৈছিল: “বিধান নজনা এই লোকসমূহ শাও পোৱা।” (যোহন ৭:৪৯) লোকবিলাকৰ প্ৰতি এই ফৰীচীসকলৰ প্ৰেম নাছিল, কিন্তু তেওঁলোকক অধিকৈ হেয়জ্ঞান কৰিছিল। এইটো সঁচা যে তেওঁলোকৰ কাৰ্য্যত যিহোৱাৰ আত্মা নাছিল।

১৪. যীচুৱে দেখুৱা প্ৰেমৰ আৰ্হিয়ে আমাক পৰিচৰ্য্যা কাৰ্য্যৰ বাবে কেনেকৈ প্ৰেৰিত কৰিব?

১৪ যীচুৱে লোকসকলৰ প্ৰতি দয়া অনুভৱ কৰিছিল। কিয়নো তেওঁ তেওঁলোকৰ দুখ-কষ্টৰ বিষয়ে জানিছিল। তদুপৰি, তেওঁ জানিছিল যে তেওঁলোকক অপব্যৱহাৰ কৰা হৈছিল আৰু তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল। যোহন ২:২৫ পদত এইদৰে কোৱা হৈছে যে যীচুৱে “মানুহৰ অন্তৰত কি আছে, তাক তেওঁ নিজে জানিলে।” সৃষ্টিৰ সময়ত যীচুৱে যিহোৱাৰ সৈতে প্ৰধান কাৰ্য্যকৰ হিচাবে কাম কৰাৰ বাবে মানুহৰ স্বভাৱৰ বিষয়ে বিতংকৈ জানিছিল। (হিতোপদেশ ৮:৩০, ৩১) সেই বুজি পোৱা শক্তি তেওঁৰ প্ৰেমৰ ওপৰত নিৰ্ভৰশীল আছিল। তেনে প্ৰেমে আমাক পৰিচৰ্য্যা কাৰ্য্যৰ বাবে উৎসাহিত কৰিবলৈ এক প্ৰেৰিত শক্তি হিচাবে কাৰ্য্য নকৰিবনে বাৰু! যদি আমি বুজি পাইছোঁ যে আমাক অধিক উন্নতি কৰা আৱশ্যক, তেনেহʼলে আহঁক আমি যিহোৱালৈ তেওঁৰ পবিত্ৰ আত্মা বিচাৰি নিবেদন আৰু আমাৰ প্ৰাৰ্থনাৰ সামঞ্জস্যত কাৰ্য্য কৰোঁহঁক। যিহোৱাই নিশ্চয়ে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। যীচুৱে শুভবাৰ্ত্তা প্ৰচাৰৰ বাবে উপযুক্তভাৱে যোগ্য হোৱাৰ দৰে আমাক তেওঁৰ সক্ৰিয় শক্তিৰে সহায় কৰিব।

১৫. যিচয়া ৬১:১-৩ পদত উল্লেখ কৰা বাক্যশাৰী যীচুত কেনেকৈ প্ৰযোজ্য হয় আৰু শিক্ষক, ফৰীচীসকল উন্মোচন কৰে?

১৫ যীচুৱে কʼৰ পৰা সেই যোগ্যতা লাভ কৰিছিল? এই বিষয়ে তেওঁ কৈছিল যে, “প্ৰভুৰ [যিহোৱাৰ, NW] আত্মা মোৰ ওপৰত আছে।” (লূক ৪:১৭-২১) বাস্তৱতে যিহোৱাই নিজেই যীচুক তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত কৰিলে। সেয়েহে যীচুক আন কোনো পৰিচয় পত্ৰৰ আৱশ্যক নাছিল। তেওঁৰ সময়ত থকা ধৰ্ম্মীয় নেতাসকলক পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত কৰা হৈছিলনে? অৱশ্যেই নহয়। ইয়াৰ ওপৰিও তেওঁলোকে যিচয়া ৬১:১-৩ পদত যীচুৱে উচ্চ স্বৰত পঢ়া আৱশ্যকতাসমূহকো পূৰণ কৰিবলৈ যোগ্য নাছিল। অনুগ্ৰহ কৰি আপুনি নিজেই সেই পদটো পঢ়ি স্বাৰ্থপৰ শিক্ষক আৰু ফৰীচীসকলে সেই আৱশ্যকতাক পূৰণ কৰিব নোৱাৰা কাৰণসমূহক পৰীক্ষা কৰক। তেওঁলোকে দৰিদ্ৰসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগিছিল। তেওঁলোকে বন্দীয়াৰবিলাকক মুক্তি আৰু অন্ধবিলাকক পুনৰাই চকু পোৱাৰ কথা কেনেকৈ ঘোষণা কৰিব পাৰিলেহেঁতেঁন? কিয়নো, তেওঁলোকেই নিজেই আধ্যাত্মিক অৰ্থত মানুহে নিৰ্ম্মাণ কৰা পৰম্পৰাত অন্ধ আৰু বন্দী হৈ আছিল! আমি যদি তেনে প্ৰকাৰৰ ব্যক্তি হওঁ, তেনেহʼলে লোকসকলক শিক্ষা দিয়াৰ বাবে আমি যোগ্য নে?

১৬. বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে পৰিচৰ্য্যা কাৰ্য্যৰ বাবে যোগ্য হোৱাৰ ফলত তেওঁলোকে কেনে নিশ্চয়তা অনুভৱ কৰিব পাৰে?

১৬ বাস্তৱতে আমি খ্ৰীষ্টজগতৰ স্কুলসমূহত কোনো উচ্চ শিক্ষা গ্ৰহণ কৰা নাই। তদুপৰি, আমাক থিয়লজিকেল প্ৰতিষ্ঠানে শিক্ষক হিচাবে নিযুক্ত কৰা নাই। তেতিয়াহʼলে আমাৰ ওচৰত কোনো যোগ্যতা নাইনে বাৰু? অৱশ্যেই আছে! যিহোৱাৰ সাক্ষী হিচাবে আমি তেওঁৰ পৰা নিযুক্তি লাভ কৰোঁ। (যিচয়া ৪৩:১০-১২) যদি আমি তেওঁৰ আত্মাৰ বাবে প্ৰাৰ্থনা আৰু ইয়াৰ সামঞ্জস্যৰ অনুসাৰে কাৰ্য্য কৰোঁ, তেন্তে আমি অধিক উপযুক্তভাৱে যোগ্য হʼব পাৰিম। প্ৰকৃততে আমি অসিদ্ধ আৰু পতিত হোৱাৰ বাবে যীচু অৰ্থাৎ আমাৰ মহান শিক্ষকে ৰখা এক আৰ্হি প্ৰস্তুত কৰিলে। যিয়েই নহওঁক কিয়, যিহোৱাই আমাক তেওঁৰ বাক্যৰ শিক্ষক হʼবলৈ যোগ্য কৰাৰ বাবে আমি তেওঁক ধন্যবাদ নিদিম নে?

যিহোৱাৰ সংগঠনে আমাক যোগ্য কৰে

১৭-১৯. যিহোৱাৰ সংগঠনে প্ৰবন্ধ কৰা পাঁচখন সপ্তাহিক সভাই আমাক পৰিচাৰক হিচাবে যোগ্য কৰিবলৈ কেনেকৈ সহায় কৰে?

১৭ যিহোৱাই আমাক তেওঁৰ বাক্যৰ শিক্ষক হʼবলৈ সুসজ্জিত কৰি তোলাৰ তৃতীয়টো পদ্ধতিৰ বিষয়ে বিবেচনা কৰোঁহঁক। সেই পদ্ধতিটো হৈছে যিহোৱাৰ পাৰ্থিৱ মণ্ডলী বা সংগঠন, যাৰ দ্বাৰা আমি পৰিচাৰক হʼবলৈ প্ৰশিক্ষণ লাভ কৰোঁ। কেনেকৈ? ক্ষন্তেকৰ বাবে নিৰ্দেশনা দিয়া কাৰ্য্যক্ৰমৰ পৰা আমি আনন্দ লাভ কৰাৰ বিষয়ে বিবেচনা কৰক! সাধাৰণতে সপ্তাহটোত পাঁচখনকৈ খ্ৰীষ্টান সভাৰ আয়োজন কৰা হৈছে। (ইব্ৰী ১০:২৪, ২৫) মণ্ডলীৰ পুস্তক অধ্যয়নত এক সৰু সমূহত একত্ৰিত হৈ আমি যিহোৱাৰ সংগঠনে ব্যৱস্থা কৰা পাঠ্যপুস্তকৰ দ্বাৰা বাইবেলখনক গভীৰতাৰ বিষয়ে শিকি আনন্দ লাভ কৰোঁ। তাত মনোযোগেৰে শুনি, মন্তব্য দি আৰু শিক্ষা লাভ কৰাৰ দ্বাৰা আমি এজনে আনজনক উৎসাহিত কৰোঁ। তদুপৰি, আমি ব্যক্তিগতভাৱে নিৰ্দ্দেশনা আৰু তেওঁৰ প্ৰতি পুস্তক অধ্যয়নৰ অধ্যক্ষই মনোযোগ দিব। ৰাজহুৱা ভাষণ আৰু প্ৰহৰীবুৰুজ অধ্যয়নত আমি অতিৰিক্ত আধ্যাত্মিক আহাৰ লাভ কৰোঁ।

১৮ আমি কিদৰে লোকসকলক শিকাব পাৰোঁ, এই বিষয়ে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত নিৰ্দেশনা দিয়া হয়। বিদ্যাৰ্থীৰ ভাষণক প্ৰস্তুত কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্যৰ বিষয়বোৰক বহুলভাৱে বুজাবলৈ শিক্ষা লাভ কৰোঁ। (১ পিতৰ ৩:১৫) আপুনিও কেতিয়াবা ভালদৰে পৰিচিত হোৱা বিষয় এটাৰ ওপৰত ভাষণ দিবলৈ সুযোগ পাইছেনে, যাৰ যোগেদি আপুনি নিজেই সেই বিষয়টোৰ ওপৰত নতুনকৈ কিবা শিকিব পাৰিছে? তেনেদৰে প্ৰায়ে অনুভৱ হোৱাটো দেখা যায়। মনত ৰাখক যে আমি আনক শিক্ষা দিয়াৰ দ্বাৰা আমাৰ জ্ঞান অধিকৈ বৃদ্ধি হয়। যদিও আমাৰ ভাষণৰ বাবে কোনো নিযুক্তি নাই, তেতিয়াও আমি ভাষণবোৰৰ যোগেদি এজন উপযুক্ত শিক্ষক হʼবলৈ শিক্ষা লাভ কৰিব পাৰিম। আমি প্ৰত্যেকজন বিদ্যাৰ্থীতে উত্তম গুণসমূহ দেখিবলৈ পাওঁ আৰু সেইবোৰক কেনেকৈ অনুকৰণ কৰিব পাৰি তাৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ।

১৯ আমাক ঈশ্বৰৰ বাক্যত শিক্ষক হিচাবে সুসজ্জিত কৰিবলৈ সেৱা সভাও এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। সপ্তাহৰ পাছত সপ্তাহ ধৰি আমি প্ৰাণচঞ্চল ভাষণ, আলোচনা আৰু আমাৰ পৰিচৰ্য্যাৰ বাবে তৈয়াৰ কৰা প্ৰস্তুতিবোৰৰ পৰা আনন্দ লাভ কৰোঁ। আমি কেনে প্ৰস্তুতি ব্যৱহাৰ কৰিম? আমাৰ প্ৰচাৰ কাৰ্য্যত সম্মুখীন হোৱা বিশেষ কিছুমান সমস্যাক কেনেকৈ সমাধান কৰিব পাৰোঁ? আগলৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ আমাৰ বাবে কেনেধৰণৰ সুযোগ মুকলি হʼব পাৰে? আমি পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন কৰাৰ সময়ত কিহে আমাক কাৰ্য্যকাৰী শিক্ষক হʼবলৈ সহায় কৰিব? (১ কৰিন্থীয়া ৯:১৯-২২) এনে ধৰণৰ প্ৰশ্নবোৰ সেৱা সভাত উল্লেখ আৰু বিতংকৈ আলোচনা কৰা হয়। তদুপৰি, সেই সভাৰ বেছিভাগ অংশই আমাৰ পৰিচৰ্য্যাʼৰ ওপৰত আধাৰিত, যিয়ে আমাক আমাৰ কাৰ্য্যৰ বাবে সুসজ্জিত কৰি তুলিবলৈ প্ৰস্তুত কৰা হৈছে।

২০. আমি সভা আৰু সন্মিলনৰ পৰা কেনেকৈ সম্পূৰ্ণভাৱে লাভবান হʼব পাৰোঁ?

২০ শিক্ষক হিচাবে সভাত উপস্থিত হʼবলৈ সভাৰ বাবে তৈয়াৰী কৰা আৰু শিকা বিষয়বোৰক প্ৰয়োগ কৰাৰ দ্বাৰা আমি ব্যাপকভাৱে প্ৰশিক্ষণ লাভ কৰোঁ। ইয়াত কেৱল ইমানেই প্ৰশিক্ষণ পোৱা যায় এনে নহয়, কিন্তু ইয়াতকৈও অধিক জড়িত আছে। ইয়াৰ ওপৰিও আমাৰ বাবে বৃহৎ সভা অৰ্থাৎ সন্মিলন আৰু অধিবেশনৰ প্ৰবন্ধ কৰা হৈছে, যাতে আমি ঈশ্বৰৰ বাক্যত শিক্ষক হিচাবে সুসজ্জিত হʼব পাৰোঁ। আমি মনোযোগেৰ সেই পৰামৰ্শবোৰ শুনিবলৈ আৰু সেইবোৰক কাৰ্য্যত প্ৰয়োগ কৰিবলৈ আশাৰে বাট চাওঁহঁক!—লূক ৮:১৮.

২১. কিহে প্ৰমাণ কৰিছে যে আমি কাৰ্য্যকাৰী প্ৰশিক্ষণ লাভ কৰিছোঁ আৰু ইয়াৰ বাবে কোনে প্ৰশংসা পোৱা আৱশ্যক?

২১ যিহোৱাই প্ৰবন্ধ কৰা প্ৰশিক্ষণ কাৰ্য্যকাৰী নে? আহঁক আমি সেই প্ৰমাণসমূহক পৰীক্ষা কৰোঁহঁক। প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোকক বাইবেলৰ প্ৰাথমিক শিক্ষা শিকিবলৈ আৰু তেওঁলোকৰ পৰা ঈশ্বৰে বিচৰা অনুসাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰা হয়। আমাৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে, কিন্তু কোনেও তাৰ বাবে ব্যক্তিগতভাৱে গৌৰৱ কৰিব নোৱাৰে। আমি যীচুৱে কৰাৰ দৰে এই বিষয়টোৰ ওপৰত স্বাভাৱিক দৃষ্টি ৰখা উচিত। তেওঁ এইদৰে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” আমাৰ বেছিভাগেই প্ৰাচীন সময়ৰ পাঁচনিসকলৰ দৰে অপণ্ডিত সামান্য মানুহ। গতিকে আমি পোৱা সফলতা যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰে, কিয়নো তেওঁ নম্ৰ হৃদয়ৰ লোকক সত্যলৈ আকৰ্ষিত কৰে। এই সম্পৰ্কে উপযুক্তভাৱে পাঁচনি পৌলে এইদৰে কৈছিল: “মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে।”—১ কৰিন্থীয়া ৩:৬.

২২. আমি খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লʼবলৈ কিয় কেতিয়াও নিৰুৎসাহী হোৱা উচিত নহয়?

২২ ঈশ্বৰৰ বাক্যত আমি শিক্ষক হিচাবে কাৰ্য্য কৰিবলৈ, যিহোৱাই সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে। আমি প্ৰায়ে শিক্ষক হোৱাৰ বাবে যোগ্য নহওঁ বুলি অনুভৱ কৰিব পাৰোঁ। কিন্তু মনত ৰাখক যে যিহোৱা আৰু তেওঁৰ পুত্ৰইহে লোকসকলক আকৰ্ষণ কৰে। বাস্তৱতে, যিহোৱাহে তেওঁৰ পাৰ্থিৱ সংগঠন, তেওঁৰ বাক্য আৰু পবিত্ৰ আত্মাৰ দ্বাৰা আমাক নতুন ব্যক্তিসকলক পৰিচৰ্য্যা কৰাত যোগ্য হʼবলৈ সহায় কৰে। আহঁক আমি বৰ্তমানে যিহোৱাই প্ৰদান কৰা প্ৰশিক্ষণৰ প্ৰতি সঁহাৰি জনাই আৰু সেই প্ৰশিক্ষণৰ অনুসাৰে সৎকৰ্ম্মত কৰি ঈশ্বৰৰ বাক্যত শিক্ষক হিচাবে সুসজ্জিত হওঁহঁক! (w02 2/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• বাইবেলে আমাক প্ৰচাৰ কাৰ্য্যৰ বাবে কেনেকৈ সুসজ্জিত কৰি তুলে?

• পৰিচাৰক হিচাবে আমি যোগ্য হʼবলৈ পবিত্ৰ আত্মাই কেনে ভূমিকা আদায় কৰে?

• শুভবাৰ্ত্তাৰ প্ৰচাৰক হিচাবে যোগ্য হʼবলৈ যিহোৱাৰ পাৰ্থিৱ সংগঠনে আমাক কি প্ৰকাৰে সহায় কৰে?

• যেতিয়া আমি প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ কৰোঁ, তেতিয়া কিয় আত্মপ্ৰত্যয়শীল হʼব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাবে, যীচুৱে লোকসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিলে