শুদ্ধতা প্ৰকৃততে ইয়াৰ অৰ্থ কি?
শুদ্ধতা প্ৰকৃততে ইয়াৰ অৰ্থ কি?
ইউৰোপ আৰু সংযুক্ত ৰাষ্ট্ৰত হঠাতে অস্বাস্থ্যকৰ পৰিস্থিতি হোৱাৰ বাবে ১৮ আৰু ১৯ শতাব্দীত মিছনাৰীসকলে প্ৰচাৰ কৰা বিষয়টোক “শুদ্ধতাৰ শিক্ষা” বুলি নামকৰণ কৰা হৈছিল। এই শিক্ষাত অপৰিষ্কাৰতাক পাপ আৰু শুদ্ধতাই ঈশ্বৰৰ কাষ চপাই নিয়া বুলি উল্লেখ কৰা হৈছিল। সম্ভৱতঃ তেনে শিক্ষাৰ বাবে “শুদ্ধতা হৈছে এক ঈশ্বৰীয় গুণ,” বুলি কোৱা নীতিবাক্যটো বিখ্যাত হৈ পৰিল।
উইলিয়াম আৰু কেথৰিন বুথে স্থাপনা কৰা চালৱেইশ্বন্ আৰ্মিৰ সদস্যসকলে তেনে ধৰণৰ দৃষ্টিভঙ্গী গ্ৰহণ কৰিছিল। হেলথ্ এণ্ড মেডিচিন ইন দি ঈভ্যানযেলিকেল ট্ৰেডিচন নামৰ কিতাপৰ অনুসাৰে তেওঁলোকে ব্যৱহাৰ কৰা প্ৰাচীন নীতিবাক্যটো আছিল: “চাবোন, দ্ৰাব আৰু উদ্ধাৰ” (ছপ, ছুপ এণ্ড চেলৱেইশ্বন্)। তেতিয়া লুই পাস্তুৰ আৰু অন্য ব্যক্তিসকলে জীৱাণুজনিত সৃষ্টি হোৱা ৰোগৰ কাৰণ দাঙি ধৰি বৰ্ণনা কৰিলে যে কেৱল বৈজ্ঞানীক আধাৰিত উদ্ভাৱনবোৰে ৰাইজক সুস্থ স্বাস্থ্য প্ৰদান কৰিব পাৰে।
ততালিকে কিছুমান অভ্যাসৰ বিৰুদ্ধে পদক্ষেপ লʼবলৈ কোনো প্ৰমাণৰ আৱশ্যকতা নহʼল। যেনে, আদালত সাক্ষী দিয়া সকলে বাইবেলক ধৰি চুমা খোৱা আৰু স্কুল বা ৰেলষ্টেছনত একেটা গিলাছেৰে সকলোৱে পানী খোৱা। আনকি ধৰ্মীয় অনুষ্ঠানবোৰত একেটা পিয়লাৰ পৰা পান কৰা প্ৰথাক দূৰ কৰি প্ৰত্যেকজনৰ বাবে একোটাকৈ পিয়লাৰ প্ৰবন্ধ কৰা হৈছিল। সঁচাকৈ সেই সময়ত থকা অগ্ৰণী ব্যক্তিসকলে বহুতো ক্ষেত্ৰত পৰিছন্নতাৰ প্ৰতি লোকবিলাকৰ দৃষ্টিভঙ্গীক সলনি কৰাত সফলতা লাভ কৰিলে। লোকসকলৰ মনোবৃত্তিত
ইমানেই প্ৰভাৱিত কৰি তুলিলে যে, সেইবাবে এজন লিখকে সেই পৰিণামক “শুদ্ধতাৰ প্ৰেম কথা” বুলি আখ্যা দিছিল।“শুদ্ধতাৰ প্ৰেম কথা” বুলি কোৱা এই আখ্যাটো যিহেতু কেৱল বাহ্যিক পৰিষ্কাৰৰ অৰ্থত লোৱা হʼল। সেয়েহে ব্যৱসায়ীসকলে সাধাৰণ চাবোন টুকুৰাক বিভিন্ন আকাৰ আৰু সুগন্ধেৰে তৈয়াৰ কৰিব ধৰিলে। গ্ৰাহকসকলক বিশ্বাস কৰাবলৈ বিজ্ঞাপনত এইদৰে উল্লেখ কৰিলে যে বিশেষ প্ৰকাৰৰ এই ব্যক্তিগত বীজাণুহীন উৎপাদনটোৱে ব্যৱহাৰ কৰোঁতাসকলক এনে সামাজিক স্থান প্ৰদান কৰিব, যাৰ বাবে আনসকলৰ চকুপোৰণি হʼব। টেলিভিছনে তেনে অবাস্তৱিকতাক স্থায়ী কৰি তুলিলে। প্ৰকৃততে, তেনে বিজ্ঞাপন আৰু কাৰ্য্যক্ৰমত সফলতা পোৱা জনপ্ৰিয় অভিনেতা বা অভিনেত্ৰীসকলক প্ৰদৰ্শন কৰিলে, যিসকলক কাচিৎহে নিজৰ ঘৰখন চফা, চৌহদৰ পৰা জাৱৰ-জোঁথৰ আঁতৰ কৰা বা তেওঁলোকৰ পোহনীয়া কুকুৰ-মেকুৰীয়ে লেতেৰা কৰা ঠাইবোৰ পৰিষ্কাৰ কৰা দেখা যায়।
কিছুমান লোকে যুক্তি দাঙি কয় যে বাহিৰলৈ গৈ পৰিষ্কাৰ-পৰিছন্নতা প্ৰদৰ্শন কৰিলে ধন আৰ্জন কৰিব পাৰি, কিন্তু ঘৰখন বা ঘৰুৱা কামত পৰিষ্কাৰ হʼলে কোনো লাভ নহয়। যিহেতু পৰিষ্কাৰ-পৰিছন্নতাৰ পৰিবেশ বজাই কোনো আৰ্থিক লাভ নহয়, তেনেহʼলে আমি কিয় সেই পৰিবেশৰ প্ৰতি বিবেচনা কৰা উচিত? ফলস্বৰূপে, বৰ্তমান সময়ত দেখা গৈছে যে কিছুমান লোকে পৰিছন্নতাক কেৱল এক ব্যক্তিগত স্বাস্থ্যবিধিৰ বিষয় বুলি বিবেচনা কৰে।
শুদ্ধতাৰ প্ৰতি ঈশ্বৰীয় দৃষ্টিভঙ্গী
প্ৰাচীন সময়ত শুদ্ধতা বজাই ৰাখিবলৈ দিয়া শিক্ষাই নিসন্দেহে লোকসকলৰ জীৱনত উন্নতি সাধন কৰিছিল। সেয়েহে, শুদ্ধতা হৈছে এনে এটা গুণ, যিটো পবিত্ৰ আৰু সিদ্ধ ঈশ্বৰ যিহোৱাৰ পৰা উৎপন্ন আৰু যথাৰ্থভাৱে তেওঁৰ সৈতে খাপ খায়। তাৰ পৰা আমি লাভৱান হʼবলৈ, তেওঁ আমাক সকলো প্ৰকাৰে পবিত্ৰ আৰু শুদ্ধ হৈ থাকিবলৈ শিক্ষা প্ৰদান কৰিছে।—যিচয়া ৪৮:১৭; ১ পিতৰ ১:১৫.
এই ক্ষেত্ৰত যিহোৱা ঈশ্বৰে এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিছে। তেওঁৰ সৃষ্টি আৰু আন অদৃশ্য গুণসমূহত শুদ্ধতা দেখিবলৈ পোৱা যায়। (ৰোমীয়া ১:২০) আমি দেখিব পাৰিছোঁ যে তেওঁৰ সৃষ্টিয়ে আপুনা-আপুনিকৈ দীৰ্ঘস্থায়ীভাৱে দূষিত হʼব নোৱাৰে। উদাহৰণস্বৰূপে, এই পৃথিৱীখনত থকা বহুতো পাৰিপাৰ্শ্ব্যক প্ৰণালীয়ে আঁচৰিতভাৱে আপোনা-আপুনিকৈ পৰিষ্কাৰ কৰে। ইয়াৰ উদ্দেশ্যে হৈছে পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ জীৱন প্ৰদান কৰা। এনেধৰণৰ পৰিষ্কাৰ কৰা কাৰ্য্য কেৱল শুদ্ধতা বজাই ৰখা সৃষ্টিকৰ্ত্তাৰ মনৰ পৰাহে আহিব পাৰে। ইয়াৰ দ্বাৰা এইটো মীমাংসাত উপনীত হʼব পাৰোঁ যে ঈশ্বৰৰ উপাসকসকলে তেওঁলোকৰ জীৱনৰ সকলো ক্ষেত্ৰত শুদ্ধতা বজাই ৰাখা উচিত।
শুদ্ধতাৰ চাৰিটা দিশ
বাইবেলত শুদ্ধতাৰ চাৰিটা দিশৰ বিষয়ে বৰ্ণনা কৰিছে, যিটোক বজাই ৰাখিবলৈ ঈশ্বৰৰ উপাসকসকলে মনে প্ৰাণে চেষ্টা কৰা উচিত। আহঁক আমি তাৰে প্ৰত্যেকটোৰ বিষয়ে বিবেচনা কৰি চাওঁ।
আধ্যাত্মিক শুদ্ধতা. এই ক্ষেত্ৰত শুদ্ধতা বজাই ৰখাটো হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ ওপৰত এজন ব্যক্তিৰ অনন্ত জীৱন নিৰ্ভৰ কৰে। সাধাৰণতে এই দিশতেই পৰিছন্নতা বজাই ৰখাৰ প্ৰতি প্ৰায়ে অৱহেলা কৰা হয়। সৰল ভাষাত আধ্যাত্মিক শুদ্ধতাৰ অৰ্থ হৈছে সঁচা আৰু মিছা উপাসনাৰ মাজত ঈশ্বৰে যি ৰেখাচিত্ৰ অঙ্কিত কৰিছে তাক কেতিয়াও অতিক্ৰম নকৰা। কিয়নো ঈশ্বৰে যিকোনো ধৰণৰ মিছা উপাসনাক অশুদ্ধ বুলি দৃষ্টি কৰে। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “তোমালোক সিহঁতৰ মাজৰ পৰা ওলাই আহি পৃথক হোৱা, আৰু কোনো অশুচিকে নুচুবা।” (২ কৰিন্থীয়া ৬:১৭) এই বিষয়ে আনকি যাকোবেও স্পষ্টকৈ এইদৰে কৈছিল: “. . . সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।”—যাকোব ১:২৭.
সত্য উপাসনাৰ সৈতে মিছা উপাসনা সংমিশ্ৰিত কৰাৰ বাবে ঈশ্বৰে স্পষ্টৰূপে অসন্তুষ্টি প্ৰকাশ কৰিছিল। মিছা উপাসনাত প্ৰায়ে অশুচি কাৰ্য্য, ঘৃণনীয় মূৰ্ত্তি আৰু দেৱতাবোৰ সন্মিলিত আছে। (যিৰিমিয়া ৩২:৩৫) সেইবাবে প্ৰকৃত খ্ৰীষ্টানসকলক অশুদ্ধ উপাসনাৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।—১ কৰিন্থীয়া ১০:২০, ২১; প্ৰকাশিত বাক্য ১৮:৪.
নৈতিক শুদ্ধতা. এই ক্ষেত্ৰতো ঈশ্বৰে স্পষ্টৰূপে শুদ্ধ আৰু অশুদ্ধতাৰ মাজত থকা প্ৰভেদতা দাঙি ধৰিছে। ইফিচীয়া ৪:১৭-১৯ পদত গোটেই জগতখন কেনে পৰিস্থিতিত আছে এই বিষয়ে বৰ্ণনা কৰি এইদেৰে কোৱা হৈছে: “তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হল; . . . ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল; আৰু তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে সাৰ নাইকিয়া হৈ, অতি লোভৰে সকলো অশুচি কৰ্ম্ম কৰিবলৈ, লম্পট-আচৰণত নিজকে শোধাই দিলে।” তেনে ধৰণৰ অনৈতিক বিচাৰধাৰা আপোনা-আপুনিকৈ বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। সেইবাবে প্ৰকৃত খ্ৰীষ্টানসকলে সতৰ্কতা অৱলম্বন কৰা আৱশ্যক।
ঈশ্বৰক প্ৰেম কৰোঁতাসকলে জানে যে ব্যভিচাৰ, সমলিঙ্গৰতি, বিবাহ পূৰ্বে যৌন সম্বন্ধ ৰখা আৰু অশ্লীল সাহিত্য বা চলচিত্ৰ চোৱা আদি কাৰ্য্য কৰাৰ অৰ্থ হৈছে যিহোৱাৰ নৈতিক স্তৰক উলঙ্ঘন কৰা। দৰাচলতে, এনেধৰণৰ কাৰ্য্যৰ অভিব্যক্তিবোৰ আজিৰ জগতৰ বাবে মনোৰঞ্জন আৰু ফেচনৰ বিষয়। গতিকে প্ৰকৃত খ্ৰীষ্টানসকলে নিশ্চয়ে সেইবোৰৰ পৰা আঁতৰি থকা উচিত। খ্ৰীষ্টান সভা বা সামাজিক সমাবেশবোৰত চুটি বা অঙ্গ প্ৰদৰ্শন কৰা পোছাক পৰিধান কৰাৰ অৰ্থ হৈছে অনাবশ্যকভাৱে লোকসমূহক আকৰ্ষিত কৰা আৰু নিজকে চৰিত্ৰহীন হোৱাৰ পৰিচয় দিয়া। তদুপৰি, তেনেধৰণৰ পৰিধানে খ্ৰীষ্টান সঙ্গতি কৰা আনৰ মনত অশুদ্ধ মনোভাৱ সৃষ্টি কৰে। এইটো হৈছে এনে এটা দিশ যʼত খ্ৰীষ্টানসকলে “ওপৰৰ পৰা অহা জ্ঞান” পাবলৈ কঠিন পৰিশ্ৰম কৰা উচিত।
মানসিক শুদ্ধতা. এজন ব্যক্তিৰ মনৰ গুপনীয়তাত অশুচি বিচাৰবোৰ জন্ম হʼবলৈ দিয়া উচিত নহয়। যীচুৱে এনে অশুদ্ধ বিচাৰধাৰাৰ অহিতে সতৰ্ক কৰি এইদৰে কৈছিল: “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই তাইৰে সৈতে ব্যভিচাৰ কৰিলে।” (মথি ৫:২৮; মাৰ্ক ৭:২০-২৩) এই একেই সিদ্ধান্তটো অশ্লীল ছবি, ছিনেমা চোৱা, অশ্লীল কিতাপ পঢ়া আৰু সঙ্গীত শুনাৰ বাবেও প্ৰযোজ্য হয়। খ্ৰীষ্টানসকলে নিজকে অশুচি বিচাৰধাৰাৰ পৰা আঁতৰাই ৰাখা উচিত, কিয়নো ইয়ে অশুদ্ধ, হানিকাৰক কথা-বতৰা আৰু অসৎ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে।—মথি ১২:৩৪; ১৫:১৮.
শাৰীৰিক শুদ্ধতা. বাইবেলত উল্লেখ কৰা অনুসাৰে পবিত্ৰতা আৰু শাৰীৰিক শুদ্ধতাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। উদাহৰণস্বৰূপে, পাঁচনি পৌলে এইদৰে লিখিছিল: “হে প্ৰিয়বিলাক, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰি, ঈশ্বৰলৈ ভয় ৰাখি, পবিত্ৰতা সিদ্ধ কৰোঁহঁক।” (২ কৰিন্থীয়া ৭:১) প্ৰকৃত খ্ৰীষ্টানসকলে নিজ শৰীৰ, ঘৰ আৰু তাৰ চাৰিওফালে পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰাখিবলৈ যিমান সম্ভৱ প্ৰায়ে চেষ্টা কৰা উচিত। তদুপৰি, কাপোৰ বা গা ধুৱা ঘৰত কম মাত্ৰাত পানী উপলব্ধ থকাৰ স্বত্ত্বেও পৰিষ্কাৰকৈ ৰাখিবলৈ চেষ্টা কৰা উচিত।
শাৰীৰিক শুদ্ধতাৰ সৈতে ধুম্ৰপান আৰু অধিক মাত্ৰাত মদ্যপান কৰাৰ পৰা আঁতৰি থকাও সন্মিলিত আছে, কিয়নো এইবোৰ শৰীৰৰ বাবে হানিকাৰক। চলোমনে লিখা পৰমগীতত বৰ্ণনা কৰা ৰক্ষীয়াজনে তেওঁৰ চূলম্মীৎ প্ৰেমিকাৰ বস্ত্ৰৰ পৰা অহা সুগন্ধৰ আনন্দ উপভোগ কৰিছিল। (পৰমগীত ৪:১১) যেনেকৈ আমি ওচৰ-পাজৰে থকা আৱৰ্জনাৰ দুৰ্গন্ধৰ পৰা আঁতৰি থাকিব বিচাৰোঁ, তেনেদৰে ব্যক্তিগতৰূপে নিজেও পৰিষ্কাৰ হৈ থকা উচিত। আঁতৰ বা সুগন্ধি দ্ৰব্যৰ সুবাস মনোৰম হʼব পাৰে, কিন্তু সেইবোৰে নিয়মীয়াকৈ গা ধোৱা আৰু কাপোৰ পৰিষ্কাৰ ৰাখাৰ বিকল্প হʼব নোৱাৰে।
এক ভাৰসাম্যৰ দৃষ্টিভঙ্গী বজাই ৰখা
যেতিয়া শাৰীৰিক শুদ্ধতাৰ বিষয়ে প্ৰশ্ন উদয় হয়, তেতিয়া লোকসকলে এই ক্ষেত্ৰত অতিশয়ৰূপে শুদ্ধ হোৱাৰ উপায় অৱলম্বন কৰিব পাৰে। শুদ্ধতাৰ প্ৰতি থকা অবাস্তৱিক বিচাৰধাৰাই আমাৰ জীৱনৰ আনন্দ কাঢ়ি নিব পাৰে।
ইয়াৰ ওপৰিও ইয়ে আমাৰ বহুমূল্য সময়কো নষ্ট কৰিব পাৰে। আনহাতে, ঘৰবোৰ যদি অপৰিষ্কাৰকৈ ৰাখা হয়, তেনেহʼলে ঘৰখনৰ অনিষ্ট সাধন হʼব যাক মেৰামতি কৰিবলৈ যথেষ্ট খৰচ হʼব পাৰে। এতেকে পৰিষ্কাৰৰ চূড়ান্ত অৱস্থা আৰু ব্যৱহাৰিক পদক্ষেপৰ মাজত ভাৰসাম্য বজাই ৰাখি আমাৰ ঘৰখন পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখোঁহঁক।ঘৰখনক শৃংখলাকৈ ৰাখক. বিশৃংখলাকৈ থকা এখন ঘৰ বা কোঠাবোৰ পৰিষ্কাৰ কৰিবলৈ আৰু চাৰিওফালে দেখা দিয়া আৱৰ্জনাবোৰ আঁতৰাবলৈ ইমান সহজ নহয়। শৃংখলাকৈ ৰাখা এখন ঘৰক কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰিব পাৰি। বাইবেলে সৰলভাৱে জীৱন-যাপন কৰা প্ৰণালীক প্ৰশংসা কৰি এইদৰে কৈছে: “আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।”—১ তীমথিয় ৬:৮.
ঘৰখন পৰিপাটিকৈ ৰাখক. ঘৰখনক পৰিপাটিকৈ ৰাখাতোঁ প্ৰত্যেকজন সদস্যৰে কৰ্তব্য। ঘৰখনৰ অপৰিপাটি অৱস্থা প্ৰায়ে কোঠালিৰ পৰাই আৰম্ভ হয়। পৰিপাটিকৈ ৰাখাৰ অৰ্থ হৈছে সকলোবোৰ বস্তু যথাস্থানত থকা। উদাহৰণস্বৰূপে, মলিয়ন কাপোৰ আমি শুৱনি কোঠাত ৰাখা উচিত নহয়। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে পুতলা, খেলনা আৰু সজুঁলিবোৰ সিঁচৰিত কৰি ৰাখা উচিত নহয়। অপৰিপাটিকৈ ৰাখা এনে অভ্যাসৰ বাবে ঘৰখনত বহুতো দুৰ্ঘটনা হোৱা দেখা যায়।
স্পষ্টৰূপে, প্ৰকৃত খ্ৰীষ্টানৰ জীৱন-প্ৰণালী আৰু শুদ্ধতাৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। ঈশ্বৰৰ পথৰ অনুসাৰে জীৱন-যাপনক ভৱিষ্যতবক্তা যিচয়াই “পবিত্ৰ আলি” বুলি কৈছিল। ইয়াৰ ওপৰিও তেওঁ বিবেচনাযুক্ত বিচাৰধাৰা দাঙি এইদৰেও কৈছিল যে “কোনো অশুচি লোক অহা-যোৱা নকৰিব।” (যিচয়া ৩৫:৮) বাস্তৱতে, শুদ্ধতা বজাই ৰাখিবলৈ অভ্যাসত পৰিণত কৰাৰ দ্বাৰাই এইটো প্ৰমাণ দিওঁ যে ঈশ্বৰে প্ৰতিজ্ঞা কৰা এখন শুদ্ধ অৰ্থাৎ পৰিষ্কাৰ পৃথিৱী অতি সোনকালে স্থাপন হʼব বুলি আমি বিশ্বাস কৰোঁ। তেতিয়া এই সুন্দৰ পৃথিৱীৰ সকলো ঠাইত থকা লোকসকলে শুদ্ধতাৰ স্তৰসমূহক পালন কৰি যিহোৱা ঈশ্বৰৰ নাম মহিমান্বিত কৰিব।—প্ৰকাশিত বাক্য ৭:৯. (w02 2/1)
[৬ পৃষ্ঠাৰ ছবি]
ঘৰখন পৰিষ্কাৰকৈ ৰাখাতোঁ প্ৰত্যেকজন সদস্যৰে কৰ্তব্যকৰ্ম্ম
[৬ পৃষ্ঠাৰ ছবি]
পৃথিৱীখনে নিজকে পৰিষ্কাৰকৈ ৰাখিবলৈ আশ্বৰ্য্যজনক প্ৰণালী আছে