উত্তম নেতৃত্ব—এক বিশ্বব্যাপী প্ৰত্যাহ্বান
উত্তম নেতৃত্ব—এক বিশ্বব্যাপী প্ৰত্যাহ্বান
তেওঁ এজন লিখক আৰু কবি আছিল। তেওঁৰ সম্পূৰ্ণ মনেৰে ভৱিষ্যতৰ প্ৰতি আশা কৰিছিল। প্ৰায় ৯০ বছৰৰ আগতে তেওঁ এনে এখন স্থানৰ বিষয়ে কল্পনা কৰিছিল, “যʼত মনত কোনো ভয় নাথাকিব আৰু জীৱনত এক সঠিক দৃষ্টিভঙ্গী হʼব; যʼত বিনামূল্যেই জ্ঞান পোৱা যাব; এই পৃথিৱীখনক কোনো পক্ষপাতমূলক জাতীয়তাবাদৰ প্ৰাচীৰে পৃথক নকৰিব; যি স্থানত গভীৰ সত্যৰে কথোপকথন কৰা হʼব আৰু তাত সিদ্ধতালৈ আগবাঢ়ি যাবলৈ ক্লান্তহীনভাৱে চেষ্টা কৰা হʼব।”
লিখকজনে পিছলৈ সেই আশা কৰা ভৱিষ্যতৰ বিষয়ে এইদৰে কৈছিল যে এদিন তেওঁৰ দেশ, একেদৰে সমূদায় পৃথিৱীখন তেনেধৰণৰ স্থানৰ প্ৰতি জাগৃত হʼব। সেই নোবেল পুৰস্কাৰ পোৱা কবিজন যদি আজি জীয়াই থকা হʼলে, তেওঁ নিশ্চয়ে হতাশাগ্ৰস্ত হʼলহেঁতেন। দৰাচলতে, সকলো উন্নতিসাধন আৰু অগ্ৰগতি লাভ কৰাৰ স্বত্ত্বেও বৰ্তমান সময়ত পৃথিৱীখনত আগতকৈও অধিক খণ্ডত বিভাজিত হৈছে। সাধাৰণভাৱে সমূদায় মানুহৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিছে।
এজন খেতিয়কক যেতিয়া দেশত হঠাতে ঘটিত হোৱা কোনো সংঘৰ্ষৰ কাৰণ সোধা হয়, তেতিয়া তেওঁ এটা কাৰণ দৰ্শাই এইদৰে কৈছিল যে, “ভ্ৰষ্টাচাৰী নেতাসকল হৈছে ইয়াৰ মুখ্য কাৰণ।” যোনাথন গ্লভাৰ নামৰ এজন ইতিহাস লিখকে তেওঁ লিখা মানৱতা—বিশং শতাব্দীৰ এটা নৈতিক বুৰঞ্জী, নামৰ কিতাপখনত সেই একেই দৃষ্টিভঙ্গীক প্ৰকাশ কৰি এইদৰে কৈছিল: “[একেখন দেশৰ] জনজাতিৰ মাজত সংঘটিত হোৱা গণহত্যা হঠাতে ঘটিত নহয়, প্ৰকৃততে এইটো হৈছে তেনে ব্যক্তিসকলৰ পৰিকল্পনা যি সকলে ক্ষমতা লাভ কৰিব বিচাৰে।”
১৯৯০ চনৰ আৰম্ভণীত পূৰ্বৰ য়ুগʼশ্লাভিয়াত যেতিয়া দুখন গণতন্ত্ৰ দেশৰ মাজত হঠাতে যুদ্ধ হৈছিল, তেতিয়া সেই সম্পৰ্কে এগৰাকী মহিলা সাংবাদিকে এইদৰে লিখিছিল: “আমি বহু সময়ৰ পৰা একেলগে আনন্দেৰে বাস কৰিছিলোঁ, কিন্তু এতিয়া আমি ইজনে সিজনৰ শিশুবোৰক হত্যা কৰিছোঁ। আমি কিয় এনেদৰে আচৰণ কৰিছোঁ?”
প্ৰবন্ধটোৰ আৰম্ভণীতে উল্লেখ কৰা কবিজনে ইউৰোপ আৰু আফ্ৰিকা দেশৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ আঁতৰত থকা ভাৰতত জন্ম গ্ৰহণ কৰিছিল। লিখক প্ৰণয় গুপ্তাই “এখন ৰাষ্ট্ৰ হিচাবে ভাৰতবৰ্ষখন ৰক্ষা পাবনে?” নামে এটা ভাষণত এইদৰে কৈছিল: ‘ভাৰতৰ বৃহৎ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ লোকৰ বয়স যদিও ৩০ বছৰৰ ভিতৰত, তেওঁলোকৰ মাজত এনে কোনো নেতা নাই যিয়ে এক উত্তম আদৰ্শ ৰাখিব পাৰে।’
কিছুমান দেশত নেতাবোৰে ভ্ৰষ্টাচাৰত দায়ী হোৱাৰ বাবে তেওঁলোকৰ পদৰ পৰা ত্যাগপত্ৰ দিবলগীয়া হয়। স্পষ্টৰূপে আজি জগতখনে বিভিন্ন কাৰণসমূহৰ বাবে উত্তম নেতৃত্বৰ অভাৱৰ অভিজ্ঞতা হৈছে। প্ৰমাণসমূহে প্ৰকাশ কৰিছে যে আজিৰ পৰা প্ৰায় ২,৬০০ বছৰৰ পূৰ্বেই থকা ভৱিষ্যতবক্তা জনৰ কথাবোৰ সত্য বুলি প্ৰমাণিত হʼল। তেওঁ এইদৰে কৈছিল: “মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।”—যিৰিমিয়া ১০:২৩.
বৰ্তমান পৃথিৱীত হোৱা পৰিস্থিতিবোৰক সমাধান কৰাৰ কোনো পথ আছেনে? কোনে মানৱজাতিক এনে এখন জগতলৈ পৰিচালিত কৰিব পাৰে, যʼত মানৱ সমাজে হাই-কাজিয়া নকৰিব বা ভয়ভীত নহʼব, যি খন স্থানত প্ৰচুৰমাত্ৰাত সত্য জ্ঞান প্ৰাপ্ত আৰু মানৱজাতিয়ে সিদ্ধতালৈ আগবাঢ়ি যাব? (w02 3/15)
[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Fatmir Boshnjaku