খ্ৰীষ্টই তেওঁৰ মণ্ডলীক নেতৃত্ব কৰে
খ্ৰীষ্টই তেওঁৰ মণ্ডলীক নেতৃত্ব কৰে
“চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”—মথি ২৮:২০.
১, ২. (ক) শিষ্যসকলক যেতিয়া শিষ্য বনাবলৈ আজ্ঞা দিয়া হৈছিল তেতিয়া পুনৰাই জী উঠা যীচুৱে তেওঁৰ শিষ্যসকলক কি দিবলৈ প্ৰতিজ্ঞা কৰিছিল? (খ) যীচুৱে প্ৰাচীন খ্ৰীষ্টান সকলক কেনেকৈ সক্ৰিয়ভাৱে পৰিচালনা কৰিছিল?
আমাৰ পুনৰুত্থিত হোৱা নেতা যীচু খ্ৰীষ্টই স্বৰ্গলৈ যোৱাৰ পূৰ্বেই তেওঁৰ শিষ্যসকলক সাক্ষাৎ কৰি এইদৰে কৈছিল: “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল। এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”—মথি ২৩:১০; ২৮:১৮-২০.
২ শিষ্যসকলক যীচুৱে কেৱল শিষ্য বনাই জীৱন ৰক্ষক কাৰ্য্যৰ দায়িত্ব অৰ্পন কৰিছিল এনে নহয়, তদুপৰি, তেওঁ তেওঁলোকৰ সৈতে থাকিবলৈ প্ৰতিজ্ঞা কৰিছিল। বাইবেলত উল্লেখ কৰা পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপখনত লিপিবদ্ধ কৰা প্ৰাচীন খ্ৰীষ্টানসকলৰ ইতিহাসে প্ৰকাশ কৰিছে যে ইয়াত কোনো সন্দেহ নাই যে নতুনকৈ স্থাপিত হোৱা মণ্ডলীসমূহক পৰিচালনা কৰিবলৈ খ্ৰীষ্টই নিজৰ ক্ষমতা ব্যৱহাৰ কৰিছিল। তেওঁ প্ৰতিজ্ঞা কৰা অনুসৰি শিষ্যসকলক শক্তিশালী আৰু পথপ্ৰদৰ্শন কৰিবলৈ “সহায়কৰ্ত্তা” অৰ্থাৎ পবিত্ৰ আত্মা পঠিয়াইছিল। (যোহন ১৬:৭; পাঁচনিৰ কৰ্ম্ম ২:৪, ৩৩; ১৩:২-৪; ১৬:৬-১০) পুনৰুত্থিত হোৱা যীচুৱে শিষ্যসকলক সহায় কৰিবলৈ স্বৰ্গদূতবোৰক আজ্ঞা দিছিল। (পাঁচনিৰ কৰ্ম্ম ৫:১৯; ৮:২৬; ১০:৩-৮, ২২; ১২:৭-১১; ২৭:২৩, ২৪; ১ পিতৰ ৩:২২) ইয়াৰ ওপৰিও আমাৰ নেতাই মণ্ডলীসমূহক নিৰ্দ্দেশনা দিবলৈ প্ৰশাসন গোষ্ঠীত উপযুক্ত পুৰুষবিলাকক নিযুক্ত কৰিলে।—পাঁচনিৰ কৰ্ম্ম ১:২০, ২৪-২৬; ৬:১-৬; ৮:৫, ১৪-১৭.
৩. পৰৱৰ্তী অনুচ্ছেদত কেনে প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰা হʼব?
৩ আমাৰ এই ‘জগতৰ শেষ’ সময়ৰ বিষয়ে কি কʼব পাৰি? বৰ্তমান সময়ত খ্ৰীষ্টই কেনেকৈ খ্ৰীষ্টান মণ্ডলীসমূহক পৰিচালনা কৰিছে? আৰু আমি যে তেওঁৰ নেতৃত্বক গ্ৰহণ কৰিছোঁ, তাক কিদৰে প্ৰকাশ কৰিম?
সেই প্ৰভুৰ এজন বিশ্বাসী সেৱক আছে
৪. (ক) “বিশ্বাসী বুদ্ধিমান দাস” কাক চিহ্নিত কৰিছে? (খ) প্ৰভুৱে সেই দাসৰ্বগক চোৱা-চিতা কৰিবলৈ কি প্ৰতিজ্ঞা কৰিছে?
৪ তেওঁৰ উপস্থিতিৰ বিষয়ে চিহ্ন দি ভৱিষ্যতবাণীত যীচুৱে এইদৰে কৈছিল: “দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ, যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন? প্ৰভুৱে অহা কালত, যি দাসক এইদৰে কৰা দেখে, সেই দাস ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।” (মথি ২৪:৪৫-৪৭) ‘প্ৰভু’ অৰ্থাৎ আমাৰ নেতা যীচু খ্ৰীষ্টই “বিশ্বাসী বুদ্ধিমান দাস” অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকলক পৃথিৱীত থকা তেওঁৰ সৰ্ব্বস্বৰ ওপৰত নিযুক্ত কৰিলে।
৫, ৬. (ক) পাঁচনি যোহনে দৰ্শনত দেখা “সাতোটা সোণৰ দীপাধাৰা” আৰু “সাতোটা তৰা” কিহক চিহ্নিত কৰে? (খ) কিহে প্ৰমাণ কৰিছে যে সেই “সাতোটা তৰা” যীচু খ্ৰীষ্টৰ সোঁ হাতক নিৰ্দ্দেশিত কৰে?
৫ বাইবেলৰ প্ৰকাশিত বাক্যৰ কিতাপে দেখুৱাইছে যে সেই বিশ্বাসী বুদ্ধিমান দাস পোনপটীয়াকৈ যীচু খ্ৰীষ্টৰ অধীনত আছে। পাঁচনি যোহনে দেখা দৰ্শনত “প্ৰভুৰ দিনত” উপস্থিত হৈ “সাতোটা সোণৰ দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক” দেখিছিল, যিজনৰ “সোঁ হাতত সাতোটা তৰা” আছিল। এই দৰ্শনক বৰ্ণনা কৰি যীচুৱে যোহনক এইদৰে কৈছিল: “মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ আৰু সাতোটা সোণৰ দীপাধাৰৰ নিগূঢ়-তত্ত্ব লিখা। সেই সাতোটা তৰাই সাত মণ্ডলীৰ দূত, আৰু সেই সাতোটা দীপাধাৰেই সাত মণ্ডলী।”—প্ৰকাশিত বাক্য ১:১, ১০-২০.
৬ ‘সাতোটা সোণৰ দীপাধাৰা’ সকলো খ্ৰীষ্টান মণ্ডলীক নিৰ্দ্দেশিত কৰিছে, যিবোৰ “প্ৰভুৰ দিনত” অৰ্থাৎ ১৯১৪ চনত বিদ্যামান হʼল। কিন্তু সেই ‘সাতোটা তৰাই’ কিহক চিহ্নিত কৰিছে? প্ৰাথমিক অৰ্থত সেইবোৰে সকলো আত্মাৰে অভিষিক্ত অধ্যক্ষসকলক চিহ্নিত কৰিলে, যিসকলক প্ৰথম শতাব্দীত খ্ৰীষ্টান মণ্ডলীক চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰা হৈছিল। a এই অধ্যক্ষসকল যীচুৰ নিৰ্দ্দেশন আৰু নিয়ন্ত্ৰণৰ অধীনত সোঁ হাতস্বৰূপ আছিল। বাস্তৱতে যীচু খ্ৰীষ্টই এই সংযুক্ত দাসবৰ্গক পৰিচালনা কৰিছিল। যিহেতু এতিয়া এই অভিষিক্ত অধ্যক্ষসকলৰ সংখ্যা হ্ৰাস হৈছে। তেতিয়াহʼল, বৰ্তমান সময়ত গোটেই পৃথিৱীত অস্তিত্বত থকা যিহোৱাৰ সাক্ষীসকলৰ ৯৩,০০০ টা মণ্ডলীক কেনেকৈ নেতৃত্ব কৰিব পাৰিলে?
৭. (ক) গোটেই পৃথিৱীত থকা মণ্ডলীসমূহক নেতৃত্ব কৰিবলৈ যীচুৱে প্ৰশাসন গোষ্ঠীৰ দ্বাৰা কেনেকৈ কাৰ্য্য কৰিছে? (খ) খ্ৰীষ্টান প্ৰাচীনসকলক পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত বুলি কোৱাটো কিয় উপযুক্ত হʼব?
৭ প্ৰথম শতাব্দীৰ দৰে বৰ্তমান সময়ত অভিষিক্ত অধ্যক্ষৰ এক ক্ষুদ্ৰসমূহৰ উপযুক্ত লোকবিলাকে প্ৰশাসন গোষ্ঠী হিচাবে কাৰ্য্য কৰিছে, যিসকলক সমূহীয়াকৈ বিশ্বাসী বুদ্ধিমান দাস বুলি কোৱা হয়। প্ৰশাসন গোষ্ঠীৰ দ্বাৰা আমাৰ নেতাই স্থানীয় মণ্ডলীসমূহত উপযুক্ত পুৰুষসকলক—অভিষিক্ত বৰ্গৰ ব্যক্তি হওঁক বা নহওঁক—প্ৰাচীন হিচাবে নিযুক্ত কৰে। এই সন্দৰ্ভত যিহোৱাই যীচুক প্ৰদান কৰিবলৈ অধিকাৰ দিয়া পবিত্ৰ আত্মাই এক মুখ্য ভূমিকা আদায় কৰে। (পাঁচনিৰ কৰ্ম্ম ২:৩২, ৩৩) সৰ্বপ্ৰথমে এই অধ্যক্ষসকলে নিশ্চয়ে পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ লিখা ঈশ্বৰৰ বাক্যৰ আৱশ্যকতাসমূহত উপনীত হোৱা উচিত। (১ তীমথিয় ৩:১-৭; তীত ১:৫-৯; ২ পিতৰ ১:২০, ২১) এই অনুমোদন আৰু নিযুক্তিকৰণ প্ৰাৰ্থনা আৰু পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনাৰ দ্বাৰা কৰা হয়। তদুপৰি, নিযুক্ত কৰা এই ব্যক্তিসকলে আত্মাৰ ফল উৎপন্ন কৰাৰ প্ৰমাণ দিয়ে। (গালাতীয়া ৫:২২, ২৩) পাঁচনী পৌলে দিয়া পৰামৰ্শসমূহ অভিষিক্ত বৰ্গৰ হওঁক বা নহওঁক সকলো প্ৰাচীনৰ বাবে প্ৰযোজ্য হয়। তেওঁ এইদৰে কৈছিল: “তোমালোকে নিজলৈ, আৰু পবিত্ৰ আত্মাই যি জাকৰ মাজত তোমালোকক অধ্যক্ষ পাতিলে, সেই গোটেই জাকলৈকো সাৱধান হৈ, . . . তাক প্ৰতিপালন কৰা।” (পাঁচনিৰ কৰ্ম্ম ২০:২৮) এই নিযুক্ত ব্যক্তিসকলে প্ৰশাসন গোষ্ঠীৰ নিৰ্দ্দেশনাৰ অনুসৰি আগ্ৰহেৰে মণ্ডলীৰ লোকবিলাকক প্ৰতিপালন কৰে। এইদৰে খ্ৰীষ্টই সক্ৰিয় হৈ মণ্ডলীসমূহক পৰিচালনা কৰিছে।
৮. যীচুৱে তেওঁৰ শিষ্যসকলক পৰিচালিত কৰিবলৈ কেনেকৈ স্বৰ্গদূতবোৰক ব্যৱহাৰ কৰে?
৮ তদুপৰি, যীচুৱে বৰ্তমান সময়ত তেওঁৰ শিষ্যসকলক পৰিচালিত কৰিবলৈ স্বৰ্গদূতবোৰকো ব্যৱহাৰ কৰে। বিনৈ বন আৰু ভাল কঠীয়াৰ দৃষ্টান্তত বৰ্ণনা কৰা দাবৰ সময়েই হৈছে এই “জগতৰ শেষ।” দাবৰ বাবে প্ৰভুৱে কোনসকলক ব্যৱহাৰ কৰিব? সেই “দোৱাবিলাকেই স্বৰ্গৰ দূত।” তেওঁ এইদৰে কৈছিল: “মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয়, আৰু অধৰ্ম্মাচাৰীবোৰক” গোটাব। (মথি ১৩:৩৭-৪১) ইয়াৰ ওপৰিও যেনেকৈ এজন স্বৰ্গদূতে কুচ-দেশীয় নপুংসকক বিচাৰি উলিয়াবলৈ ফিলিপক নিৰ্দ্দেশনা দিছিল, তেনেদৰে বৰ্তমান সময়তো নম্ৰলোকবিলাকক বিচাৰিবলৈ সত্য খ্ৰীষ্টানসকলক নিৰ্দ্দেশনা দিয়াৰ অনেক প্ৰমাণ পোৱা গৈছে।—পাঁচনিৰ কৰ্ম্ম ৮:২৬, ২৭; প্ৰকাশিত বাক্য ১৪:৬.
৯. (ক) বৰ্তমান সময়ত খ্ৰীষ্টই কেনেকৈ খ্ৰীষ্টান মণ্ডলীসমূহক পৰিচালিত কৰিছে? (খ) আমি খ্ৰীষ্টৰ নেতৃত্বৰ পৰা লাভবান হʼবলৈ কেনে প্ৰশ্নসমূহক বিবেচনা কৰাটো উত্তম হʼব?
৯ যীচু খ্ৰীষ্টই যে বৰ্তমান সময়ত তেওঁৰ শিষ্যসকলক প্ৰশাসন গোষ্ঠী, পবিত্ৰ আত্মা আৰু স্বৰ্গদূতৰ যোগেদি নেতৃত্ব কৰিছে, তাকে জানি কিমান যে আশ্বাস পাওঁ! কিছুমান যিহোৱাৰ সেৱকে অত্যাচাৰ বা তাড়নাৰ বাবে যদিও প্ৰশাসন গোষ্ঠীৰ পৰা কিছুসময়ৰ বাবে পৃথক হয়, কিন্তু তথাপিও যীচু খ্ৰীষ্টই তেওঁৰ পবিত্ৰ আত্মা আৰু স্বৰ্গদূতৰ নিৰ্দ্দেশনাৰ দ্বাৰা পৰিচালিত কৰি থাকিব। বাস্তৱতে আমি তেওঁৰ নেতৃত্বৰ পৰা তেতিয়াহে লাভবান হʼম, যেতিয়া আমি ইয়াক গ্ৰহণ কৰিম। খ্ৰীষ্টৰ নেতৃত্বক যে আমি গ্ৰহণ কৰিছোঁ তাক কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?
“মান্য কৰি . . . বশীভূত হোৱা”
১০. মণ্ডলীত নিযুক্ত কৰা প্ৰাচীনসকলক আমি কেনেকৈ সন্মান দেখুৱাব পাৰোঁ?
১০ আমাৰ নেতাই মণ্ডলীসমূহত “মানুহবিলাকক নানা বৰ দিলে।” যেনে, “কিছুমানক শুভবাৰ্ত্তা, কিছুমানক ৰক্ষক আৰু শিক্ষক হবলৈ দিলে।” (ইফিচীয়া ৪:৮, ১১-১৩) তেওঁলোকৰ প্ৰতি দেখুৱা আমাৰ মনোবৃত্তি আৰু কাৰ্য্যই প্ৰকাশ কৰে যে আমি খ্ৰীষ্টৰ নেতৃত্বক স্বীকাৰ কৰোঁ নে নকৰোঁ। সেয়েহে খ্ৰীষ্টই এনে আধ্যাত্মিকত উপযুক্ত হোৱা ব্যক্তিসকলক দিয়াৰ বাবে আমি কেৱল ‘কৃতজ্ঞতা’ জ্ঞাপন কৰাটো সঠিক হʼব। (কলচীয়া ৩:১৫-১৬) তদুপৰি, তেওঁলোক আমাৰ সন্মান পোৱাৰ যোগ্য। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে লিখিছিল: “বৃদ্ধলোকে উত্তমৰূপে শাসন কৰে, . . . তেওঁবিলাক দুগুণ সমাদৰৰ যোগ্যপাত্ৰ বুলি গণিত হওক।” (১ তীমথিয় ৫:১৭) আমি মণ্ডলীত থকা বৃদ্ধলোক অৰ্থাৎ প্ৰাচীন বা অধ্যক্ষসকলৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ? পৌলে এইদৰে উত্তৰ দিছিল: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা।” (ইব্ৰী ১৩:১৭) বাস্তৱতে আমি তেওঁলোকৰ আজ্ঞাকাৰী হৈ অধীন হোৱাটোৱে আমাৰ উপযুক্ত কাৰ্য্য হʼব।
১১. প্ৰাচীনৰ ব্যৱস্থাটোৰ প্ৰতি সন্মান দেখুৱাটো আমাৰ বাপ্তিষ্মাৰ সৈতে কেনেকৈ জড়িত হৈ আছে?
১১ আমাৰ নেতাজন হৈছে সম্পূৰ্ণকৈ সিদ্ধ। কিন্তু তেওঁ যিসকলক দান হিচাবে দিলে তেওঁলোক হৈছে অসিদ্ধ। সেয়েহে কেতিয়াবা তেওঁলোকে কোনো ভুল কৰে। তথাপিও খ্ৰীষ্টই কৰা প্ৰবন্ধৰ প্ৰতি আমি বিশ্বাসী হৈ থকাটো গুৰুত্বপূৰ্ণ। দৰাচলতে আমি আমাৰ বাপ্তিষ্মা লোৱাৰ অনুসাৰে জীৱন-যাপন কৰাৰ অৰ্থ হৈছে আমি স্বইচ্ছাৰে মণ্ডলীত পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা অধিকাৰীসকলৰ অধীন হোৱা। “পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লোৱাৰ অৰ্থ হৈছে যিহোৱাৰ উদ্দেশ্যত পবিত্ৰ আত্মাই আদায় কৰা মুখ্য ভূমিকাক আমি ৰাজহুৱাভাৱে চিনাক্ত আৰু তাক স্বীকাৰ কৰা। (মথি ২৮:১৯) এনেধৰণৰ বাপ্তিষ্মাত, খ্ৰীষ্টৰ অনুগামীসকলত কাৰ্য্য কৰা পবিত্ৰ আত্মাক বাধা জন্মোৱাই এনে কোনো কাম নকৰা আৰু তাক সহযোগ কৰাটো সন্মিলিত আছে। যিহেতু প্ৰাচীনসকলক অনুমোদন আৰু নিযুক্তিকৰণত পবিত্ৰ আত্মাই এক মুখ্য ভূমিকা আদায় কৰে। গতিকে আমি আমাৰ সমৰ্পণৰ অনুসাৰে বিশ্বাসী হৈ থাকিম নে নতুবা মণ্ডলীত কৰা প্ৰাচীনসকলৰ ব্যৱস্থাৰ প্ৰতি সহযোগ কৰাত বিফল হʼম?
১২. প্ৰাচীনসকলক অসন্মান কৰাৰ সম্পৰ্কে যিহূদাই কেনেকৈ উদাহৰণ দাঙি ধৰিছে আৰু সেইবোৰৰ পৰা আমি কি শিকিব পাৰোঁ?
১২ শাস্ত্ৰত পোৱা উদাহৰণবোৰে আমাক আজ্ঞাকাৰী আৰু অধীন হৈ থাকিবলৈ এক মূল্যবান শিক্ষা প্ৰদান কৰে। যিসকলে মণ্ডলীত নিযুক্ত কৰা প্ৰাচীনসকলক অপমানজনক কথা কয়, তেওঁলোকক সাৱধান কৰি যিহূদাই এইদৰে কৈছিল: “তেওঁবিলাক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁবিলাকে কয়িনৰ পথত গমন কৰিলে, আৰু বেচৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে, আৰু কোৰহৰ প্ৰতিবাদত তেওঁবিলাক বিনষ্ট হল।” (যিহূদা ১১) কিয়নো, কয়িনে যিহোৱাৰ প্ৰেমময় পৰামৰ্শক হেয়জ্ঞান কৰি ইচ্ছাকৃতভাৱে এক জঘণ্য হত্যাকাৰী হৈ পৰিল। (আদিপুস্তক ৪:৪-৮) বিলিয়মক বাৰে বাৰে ঈশ্বৰে সতৰ্ক কৰাৰ স্বত্ত্বেও তেওঁ ঈশ্বৰৰ লোকসকলৰ আৰ্থিক আশীৰ্ব্বাদক শাও দিবলৈ চেষ্টা কৰিছিল। (গণনা পুস্তক ২২:৫-২৮, ৩২-৩৪; দ্বিতীয় বিবৰণ ২৩:৫) কোৰহই ইস্ৰায়েলত এক সন্মানীয় পদ লাভ কৰিছিল, কিন্তু সেইটো তেওঁৰ বাবে যথেষ্ট নাছিল। তেওঁ এই পৃথিৱীত আটাইতকৈ নম্ৰ ব্যক্তি যিহোৱাৰ সেৱক মোচিৰ বিৰোদ্ধে বিদ্ৰোহ কৰিবলৈ লোকবিলাকক উত্তেজিত কৰে। (গণনা পুস্তক ১২:৩; ১৬:১-৩, ৩২, ৩৩) ফলস্বৰূপে, কয়িন, বিলিয়ম আৰু কোৰহে তাৰ বেয়া পৰিণাম ভূগিবলগীয়া হয়। এই শিক্ষামূলক উদাহৰণসমূহে সেই ব্যক্তিসকলক সন্মান কৰিবলৈ পৰামৰ্শ নিদিয়েনে যিসকলক যিহোৱাই দায়িত্বভাৰ অৰ্পণ কৰিছে!
১৩. যিসকলে মণ্ডলীৰ প্ৰাচীন ব্যৱস্থাৰ প্ৰতি অধীন হয়, তেওঁলোকে কেনে আশীৰ্ব্বাদ লাভ কৰাৰ বিষয়ে ভৱিষ্যতবক্তা যিচয়াই ভৱিষ্যতবাণী কৰিছিল?
১৩ খ্ৰীষ্টান মণ্ডলীক চোৱা-চিতা কৰিবলৈ আমাৰ নেতাই ব্যৱস্থা কৰা মহান প্ৰবন্ধটোৰ পৰা কোনে লাভবান হʼবলৈ নিবিচাৰিব? ইয়াৰ পৰা পোৱা আশীৰ্ব্বাদৰ বিষয়ে যিচয়া ভৱিষ্যতবক্তাই এইদৰে কৈছিল: “চোৱা, এজন ৰজাই ধাৰ্ম্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্ত্তাবিলাকে ন্যায় বিচাৰেৰে শাসন কৰিব। তেওঁবিলাক প্ৰতিজনে বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই, খৰাং ঠাইৰ পানীৰ সোঁত, আৰু মৰুভূমিৰ বৃহৎ শিলৰ ছাঁ যেন হব।” (যিচয়া ৩২:১, ২) প্ৰত্যেকজন প্ৰাচীনে হৈছে “বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা” স্থান। মণ্ডলীত প্ৰবন্ধ কৰা প্ৰাচীনসকলৰ অধীন হʼবলৈ যদিও আমাৰ বাবে কঠিন হয়, তথাপিও আমি প্ৰাৰ্থনাপূৰ্বক সেই ঈশ্বৰীয় ব্যৱস্থাৰ প্ৰতি আজ্ঞাকাৰী আৰু অধীন হোৱা আৱশ্যক।
প্ৰাচীনসকলে কেনেকৈ খ্ৰীষ্টৰ নেতৃত্বৰ অধীনতা স্বীকাৰ কৰে
১৪, ১৫. যি সকলে মণ্ডলীক পৰিচালনা কৰে, সেই প্ৰাচীনসকলে কেনেকৈ প্ৰকাশ কৰি দেখুৱাই যে তেওঁলোকে খ্ৰীষ্টৰ নেতৃত্বৰ অধীন?
১৪ প্ৰত্যেক খ্ৰীষ্টান, বিশেষকৈ প্ৰাচীনসকলে নিশ্চয়ে খ্ৰীষ্টৰ নেতৃত্বৰ অধীন হোৱা আৱশ্যক। মণ্ডলীত অধ্যক্ষ বা প্ৰাচীনসকলক কিছু পৰিমাণৰ অধিকাৰ দিয়া হৈছে। কিন্তু তেওঁলোকে ‘সঙ্গী বিশ্বাসীসকলৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব’ কৰি তেওঁলোকৰ জীৱনক নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰাটো উচিত নহয়। (২ কৰিন্থীয়া ১:২৪) প্ৰাচীনসকলে যীচুৰ এই বাক্যক নিজৰ হৃদয়ত ৰাখা আৱশ্যক। তেওঁ এইদৰে কৈছিল: “পৰজাতিৰ শাসনকৰ্ত্তাসকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে, আৰু ডাঙৰীয়াসকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। তোমালোকৰ মাজত তেনে নহব।” (মথি ২০:২৫-২৭) যেনেকৈ এজন প্ৰাচীনে তেওঁৰ দায়িত্ব পালন কৰে, তেওঁলোকে সৰলভাৱে আনৰ সহায় কৰে।
১৫ খ্ৰীষ্টানসকলক এইদৰে কোৱা হৈছে: “তেওঁবিলাকক সোঁৱৰা; আৰু তেওঁবিলাকৰ আচৰণ শেষগতি চাই চিন্তি, তেওঁবিলাকৰ বিশ্বাসৰ অনুকাৰী হোৱা।” (ইব্ৰী ১৩:৭) দৰাচলতে, প্ৰাচীনসকলে পৰিচালনা কৰাৰ বাবে তেওঁলোকক অনুকৰণ কৰিবলৈ কৈছে, এনে নহয়। যীচুৱে এইদৰে কৈছিল: “কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ নেতা।” (মথি ২৩:১০, NW) ইয়াত আমাক প্ৰাচীনসকলে কৰা একেই বিশ্বাসক অনুকৰণ কৰিবলৈ কৈছে, কিয়নো তেওঁলোকে আমাৰ প্ৰকৃত নেতাক অনুকৰণ কৰে। (১ কৰিন্থীয়া ১১:১) খ্ৰীষ্টৰ দৰে প্ৰাচীনসকলে মণ্ডলীৰ আন ব্যক্তিৰ সৈতে সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰাৰ বাবে কিছুমান দিশৰ বিষয়ে বিবেচনা কৰক।
১৬. যীচুৰ ওচৰত সম্পূৰ্ণ অধিকাৰ থকাৰ স্বত্ত্বেও, তেওঁ নিজৰ অনুগামীসকলৰ সৈতে কেনে আচৰণ কৰিছিল?
১৬ যীচুৱে যদিও সকলো প্ৰকাৰে অসিদ্ধ মানৱতকৈ শ্ৰেষ্ঠ আছিল আৰু তেওঁৰ পিতৃৰ পৰা অনেক অধিকাৰ পাইছিল, তথাপিও তেওঁ নিজৰ শিষ্যসকলৰ সৈতে বিনয়ী হৈ আচৰণ কৰিছিল। তেওঁ নিজৰ শ্ৰোতাসকলক নিজৰ প্ৰভাৱকাৰী জ্ঞান প্ৰদৰ্শন কৰি অভিভূত কৰা নাছিল। যীচুৱে নিজৰ অনুগামীসকলৰ প্ৰতি সংবেদনশীল আৰু কৰুণাময় আছিল। তদুপৰি, তেওঁ মানৱৰ আৱশ্যকতাৰ প্ৰতি বিবেচনাশীল আছিল। (মথি ১৫:৩২; ২৬:৪০, ৪১; মাৰ্ক ৬:৩১) তেওঁ নিজৰ শিষ্যসকলৰ পৰা কেতিয়াও তেওঁলোকে দিব পৰাতকৈ অধিক বিচৰা নাছিল আৰু তেওঁলোকে বহন কৰিব পৰাতকৈ অধিক দিয়া নাছিল। (যোহন ১৬:১২) যীচু “নম্ৰ আৰু কোমল চিত্তৰ মানুহ” আছিল। সেয়েহে বহুতে তেওঁৰ ওচৰলৈ আহি সতেজ হʼব পাৰিছিল।—মথি ১১:২৮-৩০.
১৭. মণ্ডলীত আনৰ সৈতে আচৰণ কৰোঁতে প্ৰচীনসকলে কেনেকৈ খ্ৰীষ্টৰ দৰে নম্ৰতাৰ গুণক বজাই ৰাখিব পাৰে?
১৭ যেতিয়া আমাৰ নেতা যীচুৱে নম্ৰতাৰে আচৰণ কৰে, তেনেহʼলে মণ্ডলীত নেতৃত্ব লওঁতাসকলে কিমান নম্ৰৰে আচৰণ কৰা আৱশ্যক! প্ৰকৃততে তেওঁলোকক দিয়া অধিকাৰক অপব্যৱহাৰ নকৰিবলৈ সাৱধানতা অৱলম্বন কৰা উচিত। তদুপৰি, তেওঁলোকে আনক প্ৰভাৱিত কৰিবলৈ “জ্ঞানৰ উত্তমতাৰে” কথা কোৱাতো অনুচিত। (১ কৰিন্থীয়া ২:১, ২) ইয়াৰ বিপৰীতে তেওঁলোকে সৰল আৰু নম্ৰতাৰে শাস্ত্ৰীয় সত্যৰ বিষয়ে কোৱা উচিত। ইয়াৰ ওপৰিও প্ৰাচীনসকলে আনৰ পৰা যুক্তিসঙ্গতভাৱে আশা কৰা উচিত আৰু তেওঁলোকৰ আৱশ্যকতাৰ প্ৰতি বিবেচক হোৱা উচিত। (ফিলিপীয়া ৪:৫) যিজন প্ৰাচীন নম্ৰ আৰু কোমল চিত্তৰ ব্যক্তি তেওঁৰ পৰা আনে প্ৰকৃততে সতেজ নহয় নে? অৱশ্যেই হয়।
১৮. যীচুৱে যিদৰে লʼৰা-ছোৱালীবোৰৰ সৈতে আচৰণ কৰিছিল, তাৰ পৰা প্ৰাচীনসকলে কি শিকিব পাৰে?
১৮ দৰিদ্ৰ লোকসকলে সহজে যীচুৰ কাষ চাপিবলৈ পাৰিছিল। যেতিয়া লোকবিলাকে “শিশুবিলাকক . . . তেওঁৰ ওচৰলৈ আনিলে,” তেতিয়া শিষ্যসকলে তেওঁলোকক ডাবি দিওঁতে যীচুৱে কি কৈছিল, এই বিষয়ে বিবেচনা কৰক। তাতে যীচুৱে শিষ্যসকলক এইদৰে কলে: “শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া, নিষেদ নকৰিবা।” পাছে “তেওঁ সিহঁতক কোলাত লৈ, সিহঁতৰ গাত হাত দি আশীৰ্ব্বাদ কৰিলে।” (মাৰ্ক ১০:১৩-১৬) যীচু মৰমীয়াল আৰু দয়ালু আছিল, সেয়েহে আনে তেওঁৰ ওচৰলৈ আহিবলৈ আকৰ্ষিত হৈছিল। লোকবিলাকে যীচুক ভয় কৰা নাছিল। আনকি শিশুবোৰেও তেওঁৰ আগমনত ভাল পাইছিল। গতিকে প্ৰাচীনসকলেও মৰমীয়াল আৰু দয়ালু হোৱা আৱশ্যক, যাতে আন লোকবিলাক বিশেষকৈ শিশুবোৰে সহজে তেওঁলোকৰ ওচৰলৈ আহিবলৈ পাৰে।
১৯. “খ্ৰীষ্টৰ মন” ৰাখাৰ অৰ্থ কি আৰু ইয়াত কেনে প্ৰচেষ্টাৰ আৱশ্যকতা আছে?
১৯ প্ৰাচীনসকলে কিমানলৈকে ভালদৰে যীচুক জানে তাৰ ওপৰত তেওঁলোকে তেওঁক অনুকৰণ কৰাটো নিৰ্ভৰ কৰে। এই সম্পৰ্কে পৌলে এইদৰে প্ৰশ্ন কৰিছিল যে, “[যিহোৱাক, NW] শিকাবলৈ, তেওঁৰ মন নো কোনে জানে? তাৰ পিছত তেওঁ এইদৰে কৈছিল: “কিন্তু খ্ৰীষ্টৰ মন আমাৰ আছে।” (১ কৰিন্থীয়া ২:১৬) খ্ৰীষ্টৰ মন জনাৰ অৰ্থ হৈছে তেওঁৰ বিচাৰধাৰা আৰু তেওঁৰ সম্পূৰ্ণ ব্যক্তিত্বৰ সৈতে ভালকৈ পৰিচিত হোৱা, যাতে আমি জানিব পাৰিম যে সেই বিশেষ পৰিস্থিতিত তেওঁ কি কৰিলেহেঁতেন। আমাৰ নেতাক ভালদৰে জনাৰ বিষয়ে কল্পনা কৰক! প্ৰকৃততে ইয়াৰ বাবে পাঁচনীসকলৰ বিৱৰণীক একেৰাহে মনোযোগ দিয়া আৰু যীচুৰ জীৱনধাৰা, তেওঁৰ আৰ্হিক আমাৰ মনে ভালদৰে বুজি পোৱা আৱশ্যক। যেতিয়া প্ৰাচীনসকলে খ্ৰীষ্টৰ নেতৃত্বক যিমান পৰিমাণে অনুকৰণ কৰিব, তেওঁলোকৰ মণ্ডলীয়েও সিমান পৰিমাণে বিশ্বাসক অনুকৰণ কৰিব। তদুপৰি, আনসকলে মহান নেতাক আনন্দেৰে অনুকৰণ কৰা দেখি প্ৰাচীনসকলে সন্তুষ্ট লাভ কৰিব।
একেৰাহে খ্ৰীষ্টৰ নেতৃত্বৰ অধীন হওঁক
২০, ২১. আমি যেনেকৈ প্ৰতিজ্ঞাত নতুন জগতলৈ বাট চাই আছোঁ, আমি কেনে সঙ্কল্প লোৱা উচিত?
২০ খ্ৰীষ্টৰ নেতৃত্বৰ অধীন হোৱাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। যেনেকৈ এই জগতৰ ধ্বংস কাষ চাপি আহিছে, আমাৰ অৱস্থাক সা.যু.পূ. ১৪৭৩ চনত মোৱাবৰ এলেকাত থকা ইস্ৰায়েলৰ সৈতে তুলনা কৰিব পাৰি। তেওঁলোকে প্ৰতিজ্ঞাত দেশৰ সীমাত আছিল আৰু ঈশ্বৰে মোচিৰ দ্বাৰা এইদৰে কৈছিল: “যিহোৱাই ইবিলাকক যি দেশ দিম বুলি ইবিলাকৰ পূৰ্ব্ব-পুৰুষবিলাকৰ আগত শপত কৰিছিল, সেই দেশত এই লোকবিলাকেৰে সৈতে তুমিহে [যিহোচূৱা] সোমাবা।” (দ্বিতীয় বিবৰণ ৩১:৭, ৮) যিহোচূৱাক নেতা নিযুক্ত কৰা হৈছিল। ইস্ৰায়েলসকলে প্ৰতিজ্ঞাত দেশত সোমাবলৈ যিহোচূৱাৰ নেতৃত্বৰ অধীন হʼব লাগিছিল।
২১ বাইবেলে আমাক এইদৰে কৈছে: “এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ নেতা।” ধাৰ্ম্মিকতা বাস কৰা সেই প্ৰতিজ্ঞাত নতুন জগতত প্ৰবেশ কৰিবলৈ কেৱল খ্ৰীষ্টৰ নেতৃত্বৰ যোগেদিহে সম্ভৱ হʼব। (২ পিতৰ ৩:১৩) এতেকে আঁহক আমি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে তেওঁৰ নেতৃত্বৰ অধীন হʼবলৈ দৃঢ় সঙ্কল্প লওঁহঁক। (w02 3/15)
[ফুটনোট]
a ইয়াত উল্লেখ কৰা “তৰা” প্ৰকৃত স্বৰ্গদূতক বুজোৱা নাই। কিয়নো, যীচুৱে অদৃশ্য আত্মিক প্ৰাণীৰ সম্পৰ্কে বৃতান্ত লিখিবলৈ মানুহক কেতিয়াও ব্যৱহাৰ কৰা নাছিল। সেয়েহে ইয়াত উল্লেখ কৰা “তৰা” নিশ্চয়ে মণ্ডলীত থকা মানৱ অধ্যক্ষ বা প্ৰাচীনসকলক বুজাইছে, যিসকলক যীচুৰ বাৰ্ত্তাবাহক হিচাবে দৃষ্টি কৰা হৈছে। তেওঁলোকৰ সংখ্যা হৈছে সাত জন। এই সাত সংখ্য, ঈশ্বৰে নিৰ্দ্ধাৰিত কৰা সম্পূৰ্ণতাক বুজাইছে।
আপোনাৰ মনত আছেনে?
• খ্ৰীষ্টই কেনেকৈ প্ৰাচীন খ্ৰীষ্টান মণ্ডলীসমূহক নেতৃত্ব কৰিছিল?
• খ্ৰীষ্টই কেনেকৈ বৰ্তমান সময়ৰ মণ্ডলীক নেতৃত্ব কৰে?
• যিসকলে মণ্ডলীক নেতৃত্ব কৰে আমি কিয় তেওঁলোকৰ অধীন হোৱা উচিত?
• খ্ৰীষ্টই যে প্ৰাচীনসকলৰ নেতা তাক তেওঁলোকে কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱায়?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৭ পৃষ্ঠাৰ ছবি]
খ্ৰীষ্টই মণ্ডলীক নেতৃত্ব কৰে আৰু অধক্ষ্যসকলক নিজৰ সোঁ হাতত ৰাখে।
[২৮ পৃষ্ঠাৰ ছবিসমূহ]
“তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা”
[৩০ পৃষ্ঠাৰ ছবি]
যীচু মৰমীয়াল আৰু অভিগম্য আছিল। খ্ৰীষ্টান প্ৰাচীনসকলেও তেওঁৰ দৰে হʼবলৈ প্ৰাণপণে চেষ্টা কৰা আৱশ্যক।