“সেই জনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই”
“সেই জনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই”
‘সকলোৱে তেওঁৰ পক্ষে সাক্ষ্য দি তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্ময় মানিলে।’—লূক ৪:২২.
১, ২. (ক) যি সৈনিক বিষয়াসকলক যীচুক আটক কৰিবলৈ পঠোৱা হৈছিল, তেওঁলোকে কিয় শুদাহাতে উভটি আহিছিল? (খ) কিহে প্ৰকাশ কৰিছে যে কেৱল সৈনিক বিষয়াসকলে যীচুৰ শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল কিন্তু আনসকলেও প্ৰভাৱিত হৈছিল?
সৈনিক বিষয়াসকলৰ অভিযান বিফল হʼল। দৰাচলতে, যীচু খ্ৰীষ্টক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকক পঠোৱা হৈছিল কিন্তু তেওঁলোকে শুদা হাতে উভটি গʼল। তাকে দেখি প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে দাবী কৰি এইদৰে সুধিলে: “কি কাৰণে তাক নানিলি?” প্ৰকৃততে যিজনে শাৰীৰিকভাৱে কোনো প্ৰতিৰোধ নকৰিলেহেঁতেন, তেওঁলোকে তেনে ব্যক্তিক গ্ৰেপ্তাৰ কৰাত কিয় বিফল হʼল? এই বিষয়ে সৈনিক বিষয়াবিলাকে এইদৰে কʼলে: “সেই জনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই।” তেওঁলোকে যীচুৰ শিক্ষাৰ দ্বাৰা ইমানেই প্ৰভাৱিত হʼল যে, তেওঁলোকক তেনে এজন শান্তিপূৰ্ণ ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা আজ্ঞাক বিশ্বাস কৰিব নোৱাৰিলে। a—যোহন ৭:৩২, ৪৫, ৪৬.
২ সেই সৈনিক বিষয়াসকলে কেৱল যীচুৰ শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল, এনে নহয়। বাইবেলে এই বিষয়ে কৈছে যে এক বৃহৎ সংখ্যক লোকে যীচুৰ বাক্য শুনিবলৈ আহিছিল। যীচুৰ ঘৰুৱা চহৰখনৰ লোকসকলে ‘তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্ময় মানিলে।’ (লূক ৪:২২) তেওঁ কেইবা বাৰো গালীল সাগৰৰ পাৰত একত্ৰিত হোৱা বৃহৎ সংখ্যক লোকক নাৱত উঠি ভাষণ দিছিল। (মাৰ্ক ৩:৯; ৪:১; লূক ৫:১-৩) এটা উপলক্ষ্যত “বহু মানুহৰ এটা দল” কেইবাদিনো একো নোখোৱাকৈ তেওঁৰ সৈতে কটাইছিল।—মাৰ্ক ৮:১, ২.
৩. যীচুৱে সুপ্ৰতিষ্ঠিত শিক্ষক হিচাবে পৰিচিত হোৱাৰ মুখ্য কাৰণটো কি আছিল?
৩ যীচুক কিহে এক বৈশিষ্ট্যপূৰ্ণ শিক্ষক হোৱাৰ পৰিচয় দিছিল? সেইটো আছিল প্ৰেম যিয়ে তেওঁক এজন মহান শিক্ষক ৰূপে পৰিচয় দিছিল। b যীচুৱে কোৱা সত্যতাক প্ৰেম আৰু তেওঁ শিক্ষাদান কৰা সকলো লোককে প্ৰেম কৰিছিল। তদুপৰি, যীচুৰ ওচৰত শিক্ষাদান কৰাৰ অসাধাৰণ অৰ্হতা আছিল। এই সংখ্যাৰ অধ্যয়নৰ লেখটোত আমি যীচুৱে শিক্ষাদান কৰা কিছুমান ব্যৱহাৰিক পদ্ধতি আৰু তাক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ এই বিষয়ে আলোচনা কৰা হৈছে।
সৰল আৰু স্পষ্টতা
৪, ৫. (ক) যীচুৱে কিয় সহজ, সৰল ভাষাত শিক্ষাদান কৰিছিল আৰু তেওঁ তেনেদৰে দিয়া শিক্ষাৰ কেনে প্ৰভাৱ পৰিছিল? (খ) যীচুৰ পৰ্ব্বতীয়া উপদেশ কেনেকৈ সহজ আৰু সৰল ভাষাত শিক্ষাদান কৰাৰ এক উত্তম আৰ্হি আছিল?
৪ সাধাৰণতে উচ্চ শিক্ষা প্ৰাপ্ত কৰা লোকসকলে কোনো কথা কওঁতে এনেবোৰ শব্দ আৰু বাক্য ব্যৱহাৰ কৰে, যিবোৰক শ্ৰোতাসকলে সহজে বুজি নাপায়। কিন্তু যদি আমি কোৱা কথাবোৰ আনে বুজি নাপাই তেনেহʼলে লোকসকলে আমাৰ জ্ঞানৰ দ্বাৰা কেনেকৈ লাভবান হʼব? এজন শিক্ষক হিচাবে যীচুৱে আনে বুজিব নোৱাৰাকৈ জটিল বাক্য বা শব্দ ব্যৱহাৰ কৰা নাছিল। কল্পনা কৰক যে তেওঁ যদি বিচৰাহʼলে এনে শব্দসমূহ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। তেওঁৰ ওচৰত অসীম জ্ঞান থকাৰ স্বত্বেও তেওঁ নিজৰ বিষয়ে নহয়, কিন্তু শ্ৰোতাসকলৰ বিষয়ে চিন্তিত আছিল। তেওঁলোক “অপণ্ডিত সামান্য মানুহ” আছিল বুলি যীচুৱে জানিছিল। (পাঁচনিৰ কৰ্ম্ম ৪:১৩) এই মানুহবিলাকৰ হৃদয়স্পৰ্শ কৰি বুজাবলৈ তেওঁ সহজ আৰু সৰল ভাষাত কথা পাতিছিল। প্ৰকৃততে তেওঁ কোৱা বাক্যসমূহ একেবাৰে সৰল আছিল, কিন্তু তেওঁ প্ৰকাশ কৰা সত্য বিস্ময়জনক আছিল।
৫ উদাহৰণস্বৰূপে মথি ৫:৩-৭:২৭ পদত লিপিবদ্ধ কৰা পৰ্ব্বতীয়া উপদেশটোৰ বিষয়ে বিবেচনা কৰক। এই উপদেশটোক কবলৈ কেৱল ২০ মিনিট সময় লাগিব পাৰে। কিন্তু ইয়াৰ শিক্ষা হৈছে অতি গভীৰ, যেনে, ব্যভিচাৰ, বিবাহ-বিচ্ছেদ আৰু ভৌতিকবাদৰ বিষয়ে দিয়া শিক্ষা সহজে সকলোৰে হৃদয় স্পৰ্শ কৰে। (মথি ৫:২৭-৩২; ৬:১৯-৩৪) সেই উপদেশত কোনো কঠিন বা দম্ভপূৰ্ণ ভাৱধাৰা নাছিল। কিয়নো ইয়াক এটা সৰু লʼৰায়ো সহজে বুজিব পাৰে! সেয়েহে যেতিয়া যীচুৱে এই উপদেশ কৈ শেষ কৰিছিল তেতিয়া বহুতো খেতিয়ক, মেৰ ৰখীয়া আৰু মাছমৰীয়া দৰে অশিক্ষিত লোকসমূহে “তেওঁৰ উপদেশত বিস্ময় মানিলে।”—মথি ৭:২৮.
৬. গভীৰ অৰ্থ থকা বিষয়সমূহক যীচুৱে কেনেকৈ সহজ আৰু সৰল বাক্যত কৈছিল তাৰ এটা উদাহৰণ দিয়ক।
৬ যীচুৱে শিক্ষাদান কৰোঁতে প্ৰায়ে স্পষ্ট, চমু আৰু সৰল বাক্য ব্যৱহাৰ কৰিছিল, কিন্তু সেইবোৰৰ বহুত গভীৰ অৰ্থ আছিল। যীচুৱে এনে এটা সময়ত শিক্ষাদান কৰিছিল, যি সময়ছোৱাত কোনো কিতাপ ছপা কৰা নাছিল। তথাপিও শ্ৰোতাসকলৰ মন আৰু হৃদয়ত তেওঁৰ বাৰ্ত্তাৰ দকৈ ছাপ বহিছিল যাক তেওঁলোকে কেতিয়াও পাহৰিব পৰা নাছিল। তেওঁ কোৱা কিছুমান উদাহৰণৰ বিষয়ে লক্ষ্য কৰক: “কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে; . . . তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব নোৱাৰা।” “পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব।” “তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা।” “নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে।” “যিবোৰে তৰোৱাল ধৰে, সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হব।” “যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।” “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” c (মথি ৬:২৪; ৭:১, ২০; ৯:১২; ২৬:৫২; মাৰ্ক ১২:১৭; পাঁচনিৰ কৰ্ম্ম ২০:৩৫) যদিও যীচুৱে এই উপদেশবোৰ প্ৰায় ২,০০০ বছৰৰ পূৰ্বেই কৈছিল, কিন্তু তথাপিও সেইবোৰক সহজে সুঁৱৰিব পাৰি।
প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰা
৭. যীচুৱে কিয় প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিছিল?
৭ যীচুৱে বৈশিষ্ট্যপূৰ্ণভাৱে প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিছিল। তেওঁ নিজৰ শ্ৰোতাসকলক কোনো এটা বিষয়ে কবলৈ অলপ সময় থকাৰ স্বত্বেও প্ৰায় প্ৰশ্ন সুধিছিল। তেওঁ শ্ৰোতাসকলক কিয় প্ৰশ্ন সুধিছিল? সময়ে সময়ে তেওঁ বিৰোধীসকলৰ অভিপ্ৰায়ক প্ৰকাশ কৰিবলৈ মৰ্মভেদী প্ৰশ্নসমূহ ব্যৱহাৰ কৰি তেওঁলোকক নিস্তব্ধ কৰিছিল। (মথি ১২:২৪-৩০; ২১:২৩-২৭; ২২:৪১-৪৬) আন কোনো কোনো সময়ত সত্যতাক প্ৰকাশ কৰিবলৈ প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিছিল, যাতে তেওঁৰ শ্ৰোতাসকলে হৃদয়ত কি তাক প্ৰকাশ, তেওঁলোকক উৎসাহিত আৰু শিষ্যসকলৰ ভাৱধাৰাক প্ৰশিক্ষণ দিব পাৰে। আঁহক আমি পাঁচনি পিতৰে জড়িত থকা দুটা উদাহৰণক বিবেচনা কৰোঁহঁক।
৮, ৯. মন্দিৰৰ কৰ দিয়াৰ সম্পৰ্কে পিতৰক সঠিক সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিবলৈ যীচুৱে কেনে প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিছিল?
৮ প্ৰথমটো উদাহৰণ হৈছে, এবাৰ কৰ সংগ্ৰহকৰোঁতা এজনে পিতৰক সুধিছিল যে যীচুৱে মন্দিৰৰ কৰ দিয়ে নে নিদিয়ে। d পিতৰে আবেগীক হৈ “দিয়ে” বুলি উত্তৰ দিলে। তাৰ কিছু সময়ৰ পিছত যীচুৱে তেওঁৰ সৈতে যুক্তি দেখুৱাই এইদৰে কʼলে: “হে চিমোন, পৃথিবীৰ ৰজাবিলাকে মাচুল বা খাজনা কাৰ পৰা লয়? নিজৰ সন্তানৰ পৰা নাইবা আন লোকৰ পৰা? তোমাৰ মনে কি ধৰে? আন লোকৰ পৰা বুলি তেওঁ কলত, যীচুৱে তেওঁক কলে, তেনেহলে সন্তানবিলাক মুক্ত হৈ আছে।” (মথি ১৭:২৪-২৭) যীচুৱে প্ৰশ্ন কৰা উদ্দেশ্যৰ বিষয়ে পিতৰে স্পষ্টকৈ বুজি পালে। কিয় বুজি পালে?
৯ যীচুৰ সময়ত ৰাজঘৰীয়া পৰিয়ালৰ সদস্যসকলে কৰ দিয়াৰ পৰা ৰেহাই পাইছিল। যীচুৱে স্বৰ্গীয় ৰাজ্যৰ ৰজা হোৱাৰ বাবে মন্দিৰত উপাসনা কৰিবলৈ কোনো কৰ দিয়াতো প্ৰয়োজন নাছিল। লক্ষ্য কৰক যে পিতৰক তেওঁ পোনপটিয়াকৈ সঠিক উত্তৰ দিয়াৰ পৰিৱৰ্তে, এনে প্ৰশ্ন সুধিলে যাৰ দ্বাৰা পিতৰে সঠিক সিদ্ধান্তত উপনীত হʼবলৈ আৰু ইয়াৰ উপৰিও সম্ভৱতঃ কোনো বিষয়ৰ সম্পৰ্কে কোৱাৰ পূৰ্বেই ভালদৰে বিবেচনা কৰা আৱশ্যক বুলি বুজিবলৈ সহায় পালে।
১০, ১১. সা.যু. ৩৩ চনৰ নিস্তাৰ-পৰ্ব্বৰ নিশা যেতিয়া পিতৰে যীচুক আটক কৰিবলৈ অহা লোকসমূহৰ এজন ব্যক্তিৰ এখন কাণ কাটিছিল তেতিয়া যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?
১০ দ্বিতীয় উদাহৰণটোত যীচুক লোকসমূহে সা.যু. ৩৩ চনত পালন কৰা নিস্তাৰ-পৰ্ব্বৰ সময়ছোৱাত গ্ৰেপ্তাৰ কৰিবলৈ অহাৰ সময়ত ঘটা এটা ঘটনা সন্মিলিত আছে। তেতিয়া শিষ্যসকলে যীচুক ৰক্ষা কৰাৰ উদ্দেশ্যৰে সেই লোকসমূহৰ সৈতে যুদ্ধ কৰাৰ বিষয়ে তেওঁৰ পৰা আজ্ঞা বিচাৰিছিল। (লূক ২২:৪৯) কিন্তু যীচুৰ পৰা কোনো উত্তৰ পাবলৈ অপেক্ষা নকৰি পিতৰে তৰোৱালেৰে সেই লোকসমূহৰ এজন ব্যক্তিৰ এখন কাণ কাটি পেলালে (সম্ভৱতঃ পিতৰে ইয়াতকৈ অধিক হানি কৰিব বিচাৰিছিল)। পিতৰে তেওঁৰ গুৰুৰ ইচ্ছাৰ বিপৰীতে কাৰ্য্য কৰিলে, কিয়নো যীচুৱে নিজকে লোকসমূহৰ হাতত সোধাই দিবলৈ সাজু আছিল। এনে অৱস্থাত যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? তেওঁ ধৈৰ্য্যশীল হৈ পিতৰক এনেদৰে তিনিটা প্ৰশ্ন কৰিলে: “পিতৃয়ে মোক যি পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?” “মোৰ পিতৃয়ে যিহতে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গদূত পঠাই দিব, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে? কিন্তু তাক কৰিলে, এইদৰে ঘটিব লাগে বুলি কোৱা শাস্ত্ৰীয় বচন কেনেকৈ সিদ্ধ হব?”—যোহন ১৮:১১; মথি ২৬:৫২-৫৪.
১১ ক্ষন্তেকৰ বাবে ঘটনাটোক বিবেচনা কৰক। ক্ৰোধত উত্তেজিত হোৱা লোকসমূহে যীচুক আগুৰি আছে আৰু তেওঁৰ ওপৰত যিহোৱাৰ নাম দোষ নিবাৰণ কৰা, মানৱজাতিক পৰিত্ৰাণ কৰাৰ দায়িত্ব আছে। তথাপিও যীচুৱে সেই মুহূৰ্ত্ততে এক গুৰুত্বপূৰ্ণ সত্যতাৰ বিষয়ে সুঁৱৰাই দিবলৈ পিতৰক এটা প্ৰশ্ন সুধিছিল। প্ৰকৃততে ইয়াত স্পষ্টৰূপে এইটো প্ৰকাশ পোৱা নাইনে যে যীচুৱে সোধা সেই প্ৰশ্নসমূহক তেওঁ গভীৰতাৰে মূল্যাঙ্কন কৰিছিল?
অতিৰঞ্জিত কৰি বৰ্ণনাসমূহক সজীৱ কৰি তুলা
১২, ১৩. (ক) অতিৰঞ্জিত কৰাৰ অৰ্থ কি? (খ) আমাৰ ভায়ে কৰা ক্ষুদ্ৰ ভুল কাৰ্য্যবোৰক ছিদ্ৰান্বেষণ কৰাটো যে মূৰ্খামীৰ কাৰ্য্য, তাক যীচুৱে কেনেকৈ অতিৰঞ্জিত কৰি বৰ্ণনা কৰিছিল?
১২ যীচুৱে শিক্ষাদান কৰাত প্ৰায়ে আন এক প্ৰণালী ব্যৱহাৰ কৰিছিল। সেইয়া আছিল তেওঁ অতিৰঞ্জিত কৰি বৰ্ণনাসমূহক সজীৱ কৰি শিক্ষা প্ৰদান কৰা। এইটো হৈছে এনে এটা পদ্ধতি যাৰ দ্বাৰা কোনো এটা উদ্দেশ্যক বুজাবলৈ ৰহন হানি বৰ্ণনা কৰা হয়। তেনে অতিৰঞ্জিত কৰি বৰ্ণনাসমূহক সজীৱ কৰাৰ বাবে লোকবিলাকৰ মন আৰু হৃদয়ত গভীৰ প্ৰভাৱ পেলাইছিল। আঁহক আমি তাৰে কিছুমান উদাহৰণক নিৰীক্ষণ কৰোঁহঁক।
১৩ যেতিয়া পৰ্ব্বতীয়া উপদেশত “পৰৰ বিচাৰ নকৰিবা” বুলি উল্লেখ কৰিছিল তেতিয়া যীচুৱে এইদৰে কৈছিল: “তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি, ভায়েৰাৰ চকুত থকা কুটাডালিলৈ কিয় চাইছা?” (মথি ৭:১-৩) আপুনি সেই ঘটনাটোক মানস পাটত দৃষ্টি কৰিব পাৰিবনে? কোনো এজন ব্যক্তিয়ে নিজৰ ভাইৰ “চকুত” থকা ক্ষুদ্ৰ কুটাডালিক বলেৰে উলিয়াবলৈ চেষ্টা কৰিছে। সেই ব্যক্তিজনে হয়তো কব পাৰে যে তেওঁৰ ভাইজনে সেই বিষয়টোত স্পষ্টকৈ দৃষ্টি কৰিব পৰা নাই, সেয়েহে বিচাৰ কৰাটো যুক্তিসঙ্গত। কিন্তু সেই ব্যক্তিজনৰ বিচাৰ কৰা ক্ষমতাৰ ‘চতি’—ই হৈছে এটা কাঠৰ খুঁটা বা মূধচত কেঁচীয়াকৈ দিয়া কাঠ—ইতিমধ্যেই ক্ষতিগ্ৰস্ত হৈছে। আমি নিজৰ গুৰুত্বৰ ভুলবোৰৰ প্ৰতি দৃষ্টি নকৰি আমাৰ ভায়ে কৰা ক্ষুদ্ৰ ভুল কাৰ্য্যবোৰক ছিদ্ৰান্বেষণ কৰাটো যে মূৰ্খামীৰ কাৰ্য্য, তাক পাহৰিব নোৱাৰাকৈ কিমান যে উত্তমভাৱে যীচুৱে বৰ্ণনা কৰিলে!
১৪. পোক এটাক ছাকি পেলাই উটক গিলা বুলি যীচুৱে কোৱা বাক্যশাৰী বিশেষকৈ কেনেকৈ অতিৰঞ্জিত কৰি কোৱা এটা শক্তিশালী বিষয় আছিল?
১৪ আন এটা সময়ত যীচুৱে ফৰীচীসকলক এইদৰে কৈছিল “অন্ধ পথদৰ্শকবিলাক তোমালোকে পোক এটাকে ছাকি পেলাই, উটকে গিলাহঁক।” (মথি ২৩:২৪) এইটো বিশেষকৈ অতিৰঞ্জিত কৰি কোৱা এটা শক্তিশালী বিষয় আছিল। কিয় আছিল? পোক আৰু উটৰ মাজত সম্পূৰ্ণকৈ পাৰ্থক্যতা আছিল। যীচুৰ শ্ৰোতাসকলে উট এটা ডাঙৰ জন্তু বুলি জানিছিল, সেয়েহে তেওঁলোকক প্ৰভাৱিত কৰি তুলিছিল। এইটো অনুমান কৰিব পাৰি যে এটা উটৰ ওজনৰ সমান হʼবলৈ হʼলে প্ৰায় সাত কোটি পোকৰ আৱশ্যক! তদুপৰি, যীচুৱে জানিছিল যে ফৰীচীসকলে দ্ৰাক্ষাৰস কাপোৰৰ চালনীৰে চাকিছিল। কিয়নো এটা পোক আনুষ্ঠানিকৰূপে অশুচি হোৱাৰ বাবে সেই পৰদোষদৰ্শীসকলে তাক নিগিলিবলৈ তেনেদৰে চাকিছিল। তথাপিও তেওঁলোকে লাক্ষণিকৰূপে অশুচি উটক গিলিছিল। (লেবীয়া পুস্তক ১১:৪, ২১-২৪) যীচুৱে স্পষ্টকৈ বুজাই দিছিল যে ফৰীচীবিলাকে নিয়ম ব্যৱস্থাৰ সৰু সৰু আৱশ্যকতাৰ প্ৰতি অধিককৈ গুৰুত্ব দিয়ে, কিন্তু ‘ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাসৰ’ দৰে গম্ভীৰ বিষয়বোৰৰ প্ৰতি লঘুজ্ঞান কৰে। (মথি ২৩:২৩) যীচুৱে কিমান যে স্পষ্টকৈ তেওঁলোকৰ প্ৰকৃত ব্যক্তিত্বক প্ৰকাশ কৰিলে!
১৫. যীচুৱে অতিৰঞ্জিত কৰি দৃষ্টান্তৰ যোগেদি প্ৰদান কৰা শিক্ষাসমূহ কি?
১৫ পৰিচৰ্য্যাৰ সময়ছোৱাত যীচুৱে প্ৰায়ে অতিৰঞ্জিত কৰি বিষয়বোৰক প্ৰস্তুত কৰিছিল। তাৰ কিছুমান উদাহৰণক বিবেচনা কৰক। যীচুৱে কৈছিল যে “এটি সৰিয়হ গুটিৰ মানো তোমালোকৰ যদি বিশ্বাস হয়,” তেনেহʼলে তাৰ দ্বাৰা এটা পৰ্ব্বতক আঁতৰাব পাৰে। অল্প বিশ্বাসেৰে অধিক সম্পন্ন কৰিব পাৰি বুলি বুজাবলৈ ইয়াতকৈ আন একোৱেই ব্যৱহাৰিক উদাহৰণ হʼব নোৱাৰিলেহেঁতেন। (মথি ১৭:২০) আন এক সংক্ৰান্তত যীচুৱে কৈছিল, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু—এই উদাহৰণটো সেই সকলৰ বাবে কিমান যে উপযুক্ত, যিসকল ধনবানে ভৌতিক বস্তুৰ প্ৰতি আক্ৰোহ হৈ ঈশ্বৰক সেৱা কৰিব বিচাৰে! (মথি ১৯:২৪) যীচুৱে এনেদৰে অলপ কথাক অত্যন্ত প্ৰভাৱশালী কৰিবলৈ প্ৰাণৱন্ত কৰি কথা কোৱা তেওঁৰ পাৰ্গতালিত আপুনি আঁচৰিত নহয়নে বাৰু?
অখন্ডনীয় যুক্তিসঙ্গত কাৰণ
১৬. যীচুৱে সদায়ে কেনে ক্ষেত্ৰত তেওঁৰ মানসিক কাৰ্য্যক্ষমতাক ব্যৱহাৰ কৰিছিল?
১৬ যীচু সিদ্ধ ব্যক্তি হোৱাৰ বাবে লোকসকলক যুক্তি দৰ্শাই ব্যাখ্যা কৰাত পাকৈত আছিল। তথাপিও তেওঁ নিজত থকা ক্ষমতাক কেতিয়াও দুৰ্ব্যৱহাৰ কৰা নাছিল। কেৱল সত্যতাৰ বিষয়ে শিক্ষাদান কৰাৰ ক্ষেত্ৰতহে তেওঁ নিজৰ মানসিক কাৰ্য্যক্ষমতাক ব্যৱহাৰ কৰিছিল। এটা সময়ত ধৰ্ম্মীয় বিৰোধীসকলে তেওঁৰ অহিতে লগোৱা অভিযোগক মিছা প্ৰমাণ কৰিবলৈ শক্তিশালী যুক্তি দৰ্শাইছিল। বেছিভাগ ক্ষেত্ৰত তেওঁ নিজৰ শিষ্যসকলক গুৰুত্বপূৰ্ণ বিষয়ে শিক্ষা দিবলৈ যুক্তি দৰ্শাই বৰ্ণনা কৰিছিল। এতেকে আঁহক আমি যীচুৱে দক্ষতা সম্পন্নতাৰে যুক্তি দৰ্শাই বৰ্ণনা কৰাৰ সম্পৰ্কে বিবেচনা কৰোঁহঁক।
১৭, ১৮. ফৰীচীবিলাকে যীচুৰ অহিতে লগোৱা অভিযোগক তেওঁ কেনেকৈ শক্তিশালী যুক্তিসঙ্গত কাৰণ দৰ্শাই তাক মিছা বুলি প্ৰমাণিত কৰিলে?
১৭ ভূতে পোৱাৰ বাবে কথা কব নোৱাৰা আৰু এজন অন্ধ ব্যক্তিক যীচুৱে আৰোগ্য কৰাৰ বিষয়ে বিবেচনা কৰক। ইয়াকে শুনি ফৰীচীসকলে এইদৰে কʼলে: “ভূতবোৰৰ ৰজা বেলচবূবৰ সহায়ৰ বিনে, ই ভূতক নেখেদায়।” লক্ষ্য কৰক, ফৰীচীসকলে স্বীকাৰ কৰিছিল যে চয়তানৰ ভূতবিলাকক খেদিবলৈ কোনো অমানৱীয় শক্তিৰ আৱশ্যকতা আছিল। লোকবিলাকে যাতে যীচুৰ ওপৰত বিশ্বাস নকৰে তাৰবাবে ফৰীচীবিলাকে তেওঁৰ শক্তিক চয়তানৰ শক্তি বুলি বৰ্ণনা কৰিছিল। ফৰীচীবিলাকে নভবা-নিচিন্তাকৈ উত্থাপন কৰা তৰ্ক-বিতৰ্কৰ প্ৰতি নিৰ্দ্দেশ কৰি যীচুৱে যুক্তি দৰ্শাই এইদৰে উত্তৰ দিলে: “কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, সেই ৰাজ্য উচ্ছন্ন হয়; আৰু যি নগৰ বা ঘৰ নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, সিও থাকিব নোৱাৰে। আৰু চয়তানেও যদি চয়তানক খেদায়, তেন্তে সি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়; এতেকে তাৰ ৰাজ্য কেনেকৈ থাকিব?” (মথি ১২:২২-২৬) দৰাচলতে যীচুৱে এইদৰে কৈছিল: ‘তোমালোকে কোৱাৰ দৰে যদি মই চয়তানৰ প্ৰতিনিধি হৈ তাৰ কাৰ্য্যবোৰক প্ৰতিৰোধ কৰোঁ, তেনেহʼলে চয়তানে নিজৰ ইচ্ছাৰ বিৰুদ্ধে কাৰ্য্য কৰি অতি শীঘ্ৰেই পতন হʼব।’ এইটো এক শক্তিশালী যুক্তিধাৰা নাছিলনে বাৰু?
১৮ এই সম্পৰ্কে তেওঁ আগলৈ যুক্তি দৰ্শাই বৰ্ণনা কৰিছিল। যীচুৱে জানিছিল যে তেওঁলোকৰ কিছুমান ফৰীচীয়ে ভূতবিলাকক খেদাইছিল। সেয়েহে তেওঁ অতি সাধাৰণ কিন্তু বিধ্বস্ত কৰা এটা প্ৰশ্ন সুধিছিল: “মই যদি বেলচবূবৰ দ্বাৰাই ভূতক খেদাওঁ, তেন্তে তোমালোকৰ পুত্ৰবিলাকে কাৰ দ্বাৰাই খেদায়?” বাস্তৱতে যীচুৱে এইদৰে যুক্তি দাঙি ধৰিছিল: ‘যদি মই চয়তানৰ শক্তিৰ দ্বাৰা ভূতবোৰক খেদাওঁ তেন্তে তোমালোকৰ শিষ্যবোৰো নিশ্চয়ে সেই একেই শক্তিৰ দ্বাৰাই ভূতবিলাকক খেদাইছে।’ ফৰীচীবিলাকে কি উত্তৰ দিলেহেঁতেন? প্ৰকৃততে তেওঁলোকৰ অনুগামীবোৰেও যে চয়তানৰ শক্তিৰ দ্বাৰা ভূতবিলাকক খেদোৱা বুলি কেতিয়াও মানি নলʼলেহেঁতেন। এনেদৰে অখন্ডনীয় যুক্তিসঙ্গত কাৰণ দৰ্শাই যীচুৱে তেওঁৰ অহিতে লগোৱা অভিযোগক ন্যায়সঙ্গত নহয় বুলি প্ৰমাণ কৰিলে।
১৯, ২০. (ক) কেনে যথাৰ্থ প্ৰকাৰে যীচুৱে যুক্তি দৰ্শাইছিল? (খ) ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ শিকোৱাৰ বাবে শিষ্যসকলে কৰা অনুৰোধৰ প্ৰতি প্ৰত্যুত্তৰ দি যীচুৱে যুক্তি দৰ্শোৱাৰ সময়ত কেনেকৈ ‘তাতকৈয়ো অধিক’ বুলি কোৱা উক্তিটো ব্যৱহাৰ কৰিছিল?
১৯ ইয়াৰ উপৰিও যীচুৱে তেওঁৰ বিৰোধীসকলক নিস্তব্ধ কৰিবলৈ আৰু যিহোৱাৰ বিষয়ে সত্যতাক যথাৰ্থতাৰে শিক্ষা দিবলৈ যুক্তিসঙ্গত কাৰণ দৰ্শাইছিল। তেওঁ নিজৰ শ্ৰোতাসকলক সত্যতাক অধিক গুৰুত্বভাৱে বিশ্বাস কৰাবলৈ অতিৰিক্ত যুক্তিসঙ্গত কাৰণ দৰ্শাই বহুবাৰ ‘তাতকৈয়ো অধিক’ বুলি উল্লেখ কৰিছিল। আঁহক আমি তাৰে দুটা কাৰণক বিবেচনা কৰোঁহঁক।
২০ ঈশ্বৰলৈ কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে এই বিষয়ে শিকিবলৈ শিষ্যসকলে যীচুক অনুৰোধ কৰাত, তেওঁ উদাহৰণ দি এইদৰে বৰ্ণনা কৰিলে যে, “ঘনে ঘনে খুজি” থকা এজন ব্যক্তিৰ বন্ধুৱে অনিচ্ছুক হোৱাৰ স্বত্বেও তেওঁৰ অনুৰোধক প্ৰত্যাখ্যান নকৰিলে। ইয়াৰ উপৰিও যীচুৱে পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক “ভাল বস্তু” দিবলৈ থকা ইচ্ছাৰ বিষয়েও বৰ্ণনা কৰিছিল। তাৰ পিছত তেওঁ এইদৰে কৈ সামৰণী মাৰিছিল: “তোমালোকে দুৰ্জন হৈয়ো নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” (লূক ১১:১-১৩) যীচুৱে উল্লেখ কৰা বিষয়টোত কোনো সাদৃশ্যতাৰ ওপৰত নহয় কিন্তু বৈপৰীত্যতাৰ ওপৰত আধাৰিত আছিল। যদি এজন বন্ধুৱে অনিচ্ছুক হোৱাৰ স্বত্বেও নিজৰ চুবুৰীয়াৰ আৱশ্যকতাক পূৰণ কৰে আৰু পিতৃ-মাতৃয়ে অসিদ্ধ হোৱা স্বত্বেও যদি নিজৰ লʼৰা-ছোৱালীৰ প্ৰয়োজনীয়তাক পূৰ্ণ কৰে, তেনেহʼলে প্ৰেমময় স্বৰ্গীয় পিতৃয়ে পবিত্ৰ আত্মা বিচৰি প্ৰাৰ্থনা কৰা তেওঁৰ সেৱকসকলক তাতকৈও অধিক নিদিবনে!
২১, ২২. (ক) ভৌতিক বস্তুৰ বাবে হোৱা মানসিক ব্যাকুলতাক হ্ৰাস কৰাৰ সম্পৰ্কে যীচুৱে প্ৰদান কৰা উপদেশত কেনে যুক্তি দাঙি ধৰিছিল? (খ) যীচুৱে শিক্ষা দিয়াৰ কিছুমান পদ্ধতিক পৰীক্ষা কৰি আমি কেনে সিদ্ধান্তত উপনীত হওঁ?
২১ ভৌতিক বস্তুৰ বাবে হোৱা মানসিক ব্যাকুলতাক হ্ৰাস কৰাৰ সম্বন্ধেও যীচুৱে দিয়া পৰামৰ্শটোৱে সেই একেই যুক্তি দাঙি ধৰিছিল। তেওঁ এইদৰে কৈছিল: “কাউৰীবোৰলৈ গমি চোৱা; সিহঁতে নবয়, নাদায়; সিহঁতৰ ভঁৰাল বা মেৰ নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! আৰু পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢে, তাক গমি চোৱা; সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে; . . . যি বন, আজি আছে, কাইলৈ জুইশালত পেলোৱা হব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেন্তে, হে অল্প-বিশ্বাসীবিলাক, তাতকৈয়ো তোমালোকক ভূষিত নকৰিব নে? (লূক ১২:২৪, ২৭, ২৮) যিহেতু ঈশ্বৰে সামান্য চৰাই-চিৰিকটি আৰু ফুলবোৰক চোৱা-চিতা কৰে, তেনেহʼলে তেওঁ নিশ্চয়ে তেওঁৰ সেৱকবিলাকক তাতকৈয়ো অধিক চোৱা-চিতা কৰিব! ইয়াত কোনো সন্দেহ নাই যে যীচুৱে কোৱা সাধাৰণ কিন্তু শক্তিশালী যুক্তিবোৰে অৱশ্যেই তেওঁৰ শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিছিল।
২২ যীচুৱে শিক্ষাদান কৰাৰ কিছুমান পদ্ধতিক পৰীক্ষা কৰাৰ পিছত আমি সহজে এই সিদ্ধান্তত উপনীত হʼব পাৰোঁ যে বাস্তৱতে সেই সৈনিক বিষয়াসকলে কোনো ৰহন সানি তেওঁৰ বিষয়ে কথা কোৱা নাছিল, যেতিয়া তেওঁলোকে এইদৰে কৈছিল: “সেই জনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই।” কিন্তু যীচুৱে উদাহৰণ বা দৃষ্টান্ত ব্যৱহাৰ কৰি শিক্ষাদান কৰাৰ বাবেহে সম্ভৱতঃ তেওঁৰ শিক্ষা দিয়া পদ্ধতি প্ৰসিদ্ধ হৈছিল। তেওঁ কিয় তেনে পদ্ধতি ব্যৱহাৰ কৰিছিল? কিহে তেওঁ ব্যৱহাৰ কৰা দৃষ্টান্তসমূহক অধিক প্ৰভাৱশালী কৰি তুলিছিল? এই প্ৰশ্নসমূহ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 9/1)
[ফুটনোটবোৰ]
a সেই সৈনিক বিষয়াসকল সম্ভৱতঃ ধৰ্ম্মধামৰ অভিকৰ্ত্তা আৰু প্ৰধান পুৰোহিতৰ অধীনত কাৰ্য্য কৰিছিল।
b আগষ্ট ১, ২০০২ চনৰ প্ৰহৰীবুৰুজ আলোচনীত প্ৰকাশ পোৱা ‘মই তোমালোকক আৰ্হি দেখুৱালোঁ’ আৰু “মোৰ পাছে পাছে আহক” নামৰ লেখটো চাওক।
c শেষৰ উক্তিটো যদিও পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পদত কেৱল পাঁচনি পৌলৰ দ্বাৰা উল্লেখ কৰা হৈছিল, দৰাচলতে শুভবাৰ্ত্তাৰ কিতাপবোৰত এই বাক্যশাৰীৰ অভিপ্ৰায় প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়। সম্ভৱতঃ পৌলে হয়তো সেই বিবৃতি মৌখিকভাৱে (যীচুৱে এইদৰে কোৱা শুনিবলৈ পোৱা কোনো এজন শিষ্যৰ পৰা বা পুনৰুত্থান প্ৰাপ্ত স্বয়ং যীচু) অথবা ঈশ্বৰে প্ৰকাশ কৰা শুনিবলৈ পাইছিল।—পাঁচনিৰ কৰ্ম্ম ২২:৬-১৫; ১ কৰিন্থীয়া ১৫:৬, ৮.
d ইহুদীসকলে বছেৰেকীয়া মন্দিৰৰ কৰ হিচাপে দুটা অদৰ্কোণ (প্ৰায় দুইদিনৰ বেতন) দিব লাগিছিল। সেই কৰ মন্দিৰৰ মেৰামতি আৰু নিতৌ ইহুদীজাতিৰ হৈ কৰা বলিদানৰ বাবে ব্যয় কৰা হৈছিল।
আপোনাৰ মনত আছেনে?
• কেনে প্ৰমাণসমূহে প্ৰকাশ কৰিছে যে যীচুৱে সহজ আৰু সৰল ভাষাত স্পষ্টকৈ শিক্ষাদান কৰিছিল?
• যীচুৱে শিক্ষা দিওঁতে কিয় প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিছিল?
• অতিৰঞ্জিত কৰাৰ অৰ্থ কি আৰু যীচুৱে কেনেকৈ শিক্ষাদান কৰোঁতে ব্যৱহাৰ কৰিছিল?
• যিহোৱাৰ বিষয়ে সত্যতাক শিকোৱাৰ সময়ত যীচুৱে কেনেকৈ যুক্তি দৰ্শাই শিষ্যসকলক শিক্ষাদান কৰিছিল?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৯ পৃষ্ঠাৰ ছবি]
যীচুৱে সাধাৰণ লোকসকলে বুজিব পৰাকৈ সহজ আৰু সৰল ভাষাত কথোপকথন কৰিছিল