ঈশ্বৰৰ যথাৰ্থ জ্ঞানৰ পৰা শান্ত্বনা
ঈশ্বৰৰ যথাৰ্থ জ্ঞানৰ পৰা শান্ত্বনা
ঈশ্বৰ প্ৰেম আৰু দয়াশীল বুলি বাইলেত উল্লেখ কৰা বাক্যশাৰী কিছুমান লোকৰ বাবে সন্দেহজনক বিষয়। তেওঁলোকে এইদৰে প্ৰশ্ন কৰে: এই দুষ্টতাক সমূলিকৈ ধ্বংস কৰিবলৈ যদি ঈশ্বৰৰ শক্তি আছে আৰু জানে যে তাক কেনেকৈ কৰিব লাগে, তেনেহʼলে তেওঁ এই দুষ্টতাক কিয় আজি পৰ্য্যন্তলৈকে অনুমতি দিছে? তেওঁলোকৰ বাবে এই তিনটা বৰ্ণনাক বুজিবলৈ অসুবিধা হয়: (১) ঈশ্বৰ সৰ্ব্বশক্তিমান; (২) ঈশ্বৰ মঙ্গলময় আৰু প্ৰেমী; আৰু (৩) দুৰ্দশাপূৰ্ণ ঘটনা একেৰাহে ঘটি থাকিব। তেওঁলোকে কাৰণ দৰ্শাই যে যিহেতু শেষৰ বৰ্ণনাটো এক অপৰিহাৰ্য্য সত্য হʼলেও অন্ততঃ আন দুটাৰ এটা সঁচা হʼব নোৱাৰে। তেওঁলোকৰ অনুসাৰে এই দুষ্টতাক প্ৰতিৰোধ কৰিবলৈ নতুবা ঈশ্বৰৰ শক্তি আছে বা সেইবোৰৰ প্ৰতি তেওঁ কোনো চিন্তা কৰে।
নিউয়ৰ্ক চহৰত থকা বিশ্ব বাণিজ্যিক কেন্দ্ৰ ধ্বংস হোৱাৰ ভালেমান দিনৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এজন প্ৰসিদ্ধ ধৰ্ম্মীয় নেতাই এইদৰে কয়: “মোৰ জীৱনত মোক . . . বহুবাৰ প্ৰশ্ন কৰা হʼল যে কিয় ঈশ্বৰে এনে দুৰ্ঘটনা আৰু দুখ-কষ্টৰ অনুমতি দিছে। মই স্বীকাৰ কৰিব লাগিব যে দৰাচলতে সেই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ মোৰ ওচৰত নাই।”
সেই মন্তব্যৰ প্ৰত্যুত্তৰত এজন ধৰ্ম্মতত্ত্ব অধ্যাপকে এইদৰে লিখিছিল যে এই ধৰ্ম্মীয় নেতাজনে প্ৰচাৰ কৰা “সেই ভাল ধৰ্ম্মতত্ত্বত” তেওঁ অতিশয়ৰূপে প্ৰভাৱিত হʼল। ইয়াৰ উপৰিও তেওঁ আন এজন বিদ্বানৰ দৃষ্টিভঙ্গীক সমৰ্থন কৰিলে, যিজনে এইদৰে লিখিছিল: “বুজিব নোৱাৰা এই দুখ-কষ্টসমূহ হৈছে ঈশ্বৰক বুজিব নোৱাৰা এটা দিশ।” কিন্তু ঈশ্বৰে কিয় এই দুষ্টতাক অনুমতি দিছে তাৰ বিষয়ে বুজাতো বাস্তৱতে অসম্ভৱনে?
দুষ্টতাৰ আৰম্ভণ
সেই ধৰ্ম্মীয় নেতাজনে কোৱা কথাষাৰৰ বিপৰীতে আমি কʼব পাৰোঁ যে বাইবেলত ঈশ্বৰে এই দুষ্টতাক অনুমতি দিয়াৰ বিষয়ে বুজাত কঠিন বুলি উল্লেখ কৰা নাই। দুষ্টতাৰ সম্বন্ধে থকা প্ৰশ্নটোক বুজিবলৈ, মুখ্য বিষয়টো হৈছে যিহোৱাই এই দুষ্ট জগতখনক যে সৃষ্টি কৰা নাছিল তাক চিনাক্ত কৰা। তেওঁ প্ৰথম মানৱ দম্পতীক সিদ্ধ আৰু পাপবিহীন কৰি স্ৰজিছিল। যিহোৱাই সৃষ্টি কৰা সকলো বস্তুক দৃষ্টি কৰি “অতি উত্তম দেখিলে।” (আদিপুস্তক ১:২৬, ৩১) তেওঁৰ উদ্দেশ্য আছিল আদম আৰু হৱাই পৃথিৱীৰ পৰমদেশীয় এদন বাগিছাত তেওঁলোকৰ বংশ বৃদ্ধি কৰি আনন্দেৰে তেওঁৰ প্ৰেমময় আধিপত্যৰ অধীনত বাস কৰা।—যিচয়া ৪৫:১৮.
কিন্তু দুষ্টতা, আদিতে ঈশ্বৰৰ বিশ্বাসী হোৱা এজন আত্মিক প্ৰাণীৰ দ্বাৰা আৰম্ভ হʼল। তেওঁ ঈশ্বৰলৈ থকা উপাসনা নিজেই পাবলৈ ইচ্ছা কৰিলে। (যাকোব ১:১৪, ১৫) সেই আত্মিক প্ৰাণীয়ে স্বয়ং পৃথিৱীত থকা প্ৰথম মানৱ দম্পতীক ঈশ্বৰৰ বিৰোদ্ধে কৰি নিজৰ লগত জড়িত কৰাৰ দ্বাৰা বিদ্ৰোহ প্ৰকাশ কৰিলে। সেই মানৱ দম্পতী অৰ্থাৎ আদম আৰু হৱাই ঈশ্বৰে ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল নাখাবলৈ বা স্পৰ্শ নকৰিবলৈ কোৱাৰ স্পষ্ট আজ্ঞাক উলঙ্ঘন কৰি তেওঁলোকে সেই ফল খালে। (আদিপুস্তক ৩:১-৬) এইদৰে কাৰ্য্য কৰি তেওঁলোকে ঈশ্বৰৰ প্ৰতি কেৱল অৱজ্ঞাকাৰীয়েই নহয় কিন্তু তেওঁৰ পৰা স্বাধীন হৈ জীৱন-যাপন কৰাৰ ইচ্ছাও প্ৰকাশ কৰিলে।
এক নৈতিক বিবাদ উত্থাপন হʼল
এদন বাগিছাত হোৱা বিদ্ৰোহাত্মক কাৰ্য্যই এক নৈতিক বিবাদ অৰ্থাৎ বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ উত্থাপন
কৰিলে। সেই মানৱ দম্পতীয়ে কৰা বিদ্ৰোহে যিহোৱাই তেওঁৰ সৃষ্টিৰ ওপৰত শাসন কৰাৰ বাবে উপযুক্ত নে অনুপযুক্ত এই বিষয়ে এক সন্দেহৰ সৃষ্টি কৰিলে। মানৱজাতীয়ে সম্পূৰ্ণভাৱে সৃষ্টিকৰ্ত্তাজনৰ অধীন হোৱাটো তেওঁৰ অধিকাৰ আছিলনে? মানুহে স্বাধীন হৈ উত্তমভাৱে নিজেই চলিব পাৰিলেহেঁতেননে?যিহোৱাই তেওঁৰ শাসনৰ ওপৰত থকা সেই প্ৰত্যাহ্বানক এনেদৰে স্বীকাৰ কৰিলে, যাৰ যোগেদি তেওঁ নিজৰ প্ৰেম, ন্যায়, বুদ্ধি আৰু শক্তিৰ সিদ্ধ ভাৰসাম্যতা প্ৰকাশ পায়। তেওঁ বিচৰাহʼলে সেই মুহূৰ্ত্ততে বিদ্ৰোহীক ধ্বংস কৰিব পাৰিলেহেঁতেন। যিহেতু ঈশ্বৰৰ ক্ষমতা থকাৰ বাবে তেনে কৰাটো ন্যায় যেন বোধ হʼলেহেঁতেন। কিন্তু তেনে কৰাৰ দ্বাৰা উত্থাপন হোৱা সেই নৈতিক বিবাদৰ প্ৰশ্নৰ সঠিক উত্তৰ পোৱা নগলহেঁতেন। আনহাতে ঈশ্বৰে সহজে সেই পাপ কাৰ্য্যক উপেক্ষা কৰিব পাৰিলেহেঁতেন। তেনেদৰে কৰাৰ দ্বাৰা সম্ভৱতঃ আজিৰ বাবে এক প্ৰেমময় কাৰ্য্য যেনে বোধ হʼলেহেঁতেন। যিহেতু তেনে কাৰাৰ দ্বাৰা চয়তানে, মানুহে ঈশ্বৰৰ পৰা স্বাধীন হৈ নিজেই উত্তমভাৱে শাসন কৰিব পাৰে বুলি দাবী কৰাৰ প্ৰতি সঠিক জবাব দিয়াৰ পৰা বিফল হʼলহেঁতেন। ইয়াৰ উপৰিও তেনে কাৰ্য্যই আনক যিহোৱাৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ উৎসাহিত নকৰিলেহেঁতেন নে? যাৰ পৰিণামস্বৰূপে চিৰকালৰ বাবে দুখ-কষ্ট ভোগীবলগীয়া হʼলহেঁতেন।
যিহোৱা জ্ঞানী হোৱাৰ বাবে মানুহক তেওঁলোকে বিচাৰাৰ অনুসাৰে চলিবলৈ অলপ সময়ৰ বাবে অনুমতি দিলে। তেওঁ দুষ্টতাক অস্থায়ীৰূপে অনুমতি দিয়াৰ দ্বাৰা মানুহক ঈশ্বৰৰ পৰা স্বাধীন হৈ তেওঁলোকৰ ব্যৱস্থাৰ অনুসাৰে চলি কি সঁচা আৰু কি মিছা তাক প্ৰমাণ কৰিবলৈ অনুমতি দিলে। ইয়াৰ পৰিণামস্বৰূপে কি হʼল? মানৱ ইতিহাসে প্ৰকাশ কৰিছে যে মানুহে কেৱল যুদ্ধ, অন্যায়, নিৰ্য্যাতন আৰু ক্লেশত ভোগী আছে। এদন বাগিছাত বিদ্ৰোহ কৰি যিহোৱাৰ অহিতে উত্থাপন কৰা সকলোবোৰ বিবাদক চিৰকালৰ বাবে সমাধান কৰিব।
এই সময়ছোৱাত ঈশ্বৰে নিজ পুত্ৰ যীচু খ্ৰীষ্টক তেওঁৰ মানৱ জীৱনক বলিদানৰূপে উৎসৰ্গ কৰিবলৈ ব্যৱস্থা কৰি মানৱজাতিৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিলে। এনে প্ৰেমময় কাৰ্য্যই আজ্ঞাকাৰী মানৱজাতিক আদমে অৱজ্ঞাকাৰী হোৱাৰ বাবে উত্তৰাধিকাৰৰূপে পোৱা পাপ আৰু মৃত্যুৰ পৰা মুক্তি হোৱাৰ সুযোগ দিলে। সেই বলিদানে যীচুক বিশ্বাস কৰি অনন্তজীৱন লাভ কৰাৰ পথ মুকলি কৰিলে।—যোহন ৩:১৬.
গীতমালা ৩৭:১০, ১১.
যিহোৱাই আমাক এক শান্ত্বনাদায়ক আশ্বাস প্ৰদান কৰিছে যে এই ক্লেশদায়ক পৰিস্থিতিবোৰ হৈছে অস্থায়ী। এই বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল “কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব; তুমি তাৰ ঠাইত যত্নেৰে বিচাৰিলেও তাক নাপাবা। কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—এক আনন্দ আৰু নিৰাপত্তাৰ ভৱিষ্যৎ
পূৰ্ণ হোৱা বাইবেলৰ ভৱিষ্যতবাণীবোৰে দেখুৱাইছে যে অতি সোনকালে ঈশ্বৰে বেমাৰ-আজাৰ, বেদনা আৰু মৃত্যুক লুপ্ত কৰিব। মনোযোগ দিয়ক যে পাঁচনি যোহনে দৰ্শনত কেনে এক আচৰিত দৃশ্য দেখিবলৈ পাইছিল। যʼত তেওঁ এইদৰে লিখিছিল: “পাছে মই নতুন আকাশ-মন্ডল আৰু নতুন পৃথিবী দেখিলোঁ; কিয়নো প্ৰথম আকাশ-মন্ডল আৰু প্ৰথম পৃথিবী গুচিল; সমুদ্ৰও আৰু নাই। . . . তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; . . . আৰু [মানুহৰ] চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” এই প্ৰতিজ্ঞা বাক্যশাৰীৰ সত্যতাৰ ওপৰত জোৰ দি যোহনে এইদৰে কৈছিল: “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”—প্ৰকাশিত বাক্য ২১:১-৫.
কিন্তু এদন বাগিছাত বিদ্ৰোহ কৰা সময়ছোৱাৰ পৰা মৃত্যু হোৱা সেই অসংখ্য নিৰ্দোষী লোকবিলাকৰ কি হʼব? যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁলোকক মৃত্যুৰ পৰা পুনৰাই জীয়াই তুলা হʼব। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি তেওঁবিলাকে যি আশাৰে বাট চাইছে ঈশ্বৰত ময়ো সেই আশা কৰোঁ।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) তেনে লোকবিলাকে “ধাৰ্ম্মিকতা নিবাস” কৰা জগতত পুনৰাই জী উঠাৰ আশা আছে।—২ পিতৰ ৩:১৩.
যিদৰে এজন প্ৰেমময় পিতৃয়ে নিজৰ সন্তানক চিৰদিনৰ বাবে বেমাৰৰ পৰা সুস্থ হʼবলৈ যন্ত্ৰণাদায়ক অস্ত্ৰোপচাৰ কৰা আৱশ্যকতাৰ বিষয়ে জানি তেওঁ সন্তানক অস্ত্ৰোপচাৰৰ বাবে অনুমতি দিয়ে, তেনেদৰে যিহোৱা ঈশ্বৰেও মানুহক এই পৃথিৱীত অস্থায়ী দুষ্টতাক ভোগীবলৈ অনুমতি দিছে। অধিকন্তু ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ বিচৰাসকলে ভৱিষ্যতে এক চিৰকলীয়া আশীৰ্ব্বাদ লাভ কৰিব। সেয়েহে পৌলে এইদৰে বৰ্ণনা কৰিছিল: “সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হল, এনে নহয়; কিন্তু বশ্কৰ্ত্তাৰ কাৰণেহে হল এই আশাৰে হল যে, সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।”—ৰোমীয়া ৮:২০, ২১.
এইটো হৈছে এনে এটা বাস্তৱিক শুভবাৰ্ত্তা, যিটো কোনো বাতৰি কাকত বা দুৰদৰ্শনৰ জড়িয়তে লাভ কৰিব নোৱাৰি। তদুপৰি এইটো হৈছে “শান্ত্বনাৰ ঈশ্বৰৰ” পৰা পোৱা এনে এটা বাৰ্ত্তা, যিজনে বাস্তৱতে আমাৰ প্ৰতি যত্ন লয়।—২ কৰিন্থীয়া ১:৩. (w02 10/1)
[৬ পৃষ্ঠাৰ ছবিসমূহ]
সময় অতিক্ৰম কৰাত স্পষ্টকৈ প্ৰকাশ পালে যে মানুহে ঈশ্বৰৰ স্বাধীন হৈ স্বয়ং সফলতাৰে শাসন কৰিব নোৱাৰে
[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
চমলীয়া পৰিয়াল: UN PHOTO 159849/M. GRANT; পাৰমাণৱিক বোমা: USAF photo; যাতনা শিবিৰ: U.S. National Archives photo