“তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক”
“তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক”
“সকলোকে সমাদৰ কৰা; ভাইমাত্ৰকেই প্ৰেম কৰা; ঈশ্বৰলৈ ভয় ৰাখা; ৰজাক সমাদৰ কৰা।”—১ পিতৰ ২:১৭.
১, ২. (ক) এজন সংবাদদাতাই যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কি কৈছিল? (খ) যিহোৱাৰ সাক্ষীসকলে কিয় আচাৰ-ব্যৱহাৰৰ প্ৰতি উচ্চ স্তৰ বজাই ৰাখে?
কিছু বছৰৰ পূৰ্ব্বে সংযুক্ত ৰাষ্ট্ৰৰ অমাৰিল’ দেইলি নিউজৰ সাংবাদিকজনে বিভিন্ন গীৰ্জা ঘৰবোৰত সাক্ষাৎ কৰাৰ পিছত এনে এক লোকসমূহৰ বিষয়ে পাহৰিব পৰা নাছিল যাৰ বিষয়ে তেওঁ এনেদৰে কৈছিল: “তিনি বছৰ ধৰি মই অমাৰিল’ চিভিক চেন্টাৰত আয়োজিত কৰা যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশনবোৰত উপস্থিত হৈছিলোঁ। তেওঁলোকৰ সৈতে সঙ্গতি কৰাৰ সময়ছোৱাত মই কাকো চিগাৰেট জ্বলোৱা, বিয়েৰ কেন খোলা বা কাৰো মুখত অশ্লীল ভাষা কোৱা শুনিবলৈ নাপালোঁ। তেওঁলোক সকলোৱে পৰিপাটিকৈ সাজ-পোছাক পিন্ধা আৰু উত্তম আচৰণ কৰা লোক আছিল যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ।” যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে তেনেধৰণৰ ৰিপৰ্ট বাৰম্বাৰ পঢ়িবলৈ পোৱা যায়। তেওঁলোকে কিয় আনৰ দ্বাৰা বাৰে বাৰে প্ৰশংসাৰ পাত্ৰ হয়?
২ প্ৰকৃততে উত্তম আচাৰ-ব্যৱহাৰৰ বাবে তেওঁলোকে প্ৰশংসাৰ পাত্ৰ হয়। যি সময়ত নৈতিক স্তৰৰ হ্ৰাস হৈছে তেনে সময়ত যিহোৱাৰ সাক্ষীসকলে আচাৰ-ব্যৱহাৰৰ প্ৰতি উচ্চ স্তৰ বজাই ৰখা নিজৰ কৰ্তব্য আৰু উপাসনাৰ এক ভাগ হিচাবে লয়। তেওঁলোকৰ উত্তম আচাৰ-ব্যৱহাৰে যিহোৱা আৰু আন ভাই-ভনীসকলৰ সৈতে প্ৰচাৰ কাৰ্য্যৰো সন্মান কঢ়িয়াই আনে বুলি তেওঁলোকে বিশ্বাস কৰে। (যোহন ১৫:৮; তীত ২:৭, ৮) তেন্তে আঁহক আমি কেনেকৈ নিজৰ উত্তম আচাৰ-ব্যৱহাৰে যিহোৱা আৰু তেওঁৰ সাক্ষীসকলৰ সন্মান বজাই ৰাখি লাভবান হʼব পাৰোঁ তাৰ বিষয়ে বিবেচনা কৰোঁহঁক।
খ্ৰীষ্টান পৰিয়ালৰ বিষয়ে
৩. খ্ৰীষ্টান পৰিয়ালক কিহৰ পৰা সুৰক্ষা প্ৰদান কৰা আৱশ্যক?
৩ পৰিয়ালত হোৱা আমাৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে বিবেচনা কৰক। গেৰহাড বিজাৰ আৰু আৰউইন কে. চইক দ্বাৰা লিখা দায় নিইৱেন ইনকুইজিটৰেন: ৰিলিজিʼনচফ্ৰাইহাইট গ্ৰলবেনচিনʼইট নামৰ কিতাপখনত এইদৰে কৈছে: “[যিহোৱাৰ সাক্ষীসকলৰ] পৰিয়াল এক বিশেষভাৱে সুৰক্ষিত।” সেই কথাষাৰ একেবাৰে সত্য কিয়নো আজি বহুতো পৰিয়ালে অসুৰক্ষীত অনুভৱ কৰিছে। উদাহৰণস্বৰূপে, লʼৰা-ছোৱালীয়ে “পিতৃ-মাতৃক নমনা” আৰু সাবালক ব্যক্তিসকলৰ মাজত “স্হেনহীন” বা “ইন্দ্ৰিয় দমন” নোহোৱা দেখা গৈছে। (২ তীমথিয় ৩:২, ৩) তদুপৰি বিবাহ সঙ্গীৰ মাজত হিংসা ভাব, লʼৰা-ছোৱালীসকলৰ প্ৰতি দুৰ্ব্যৱহাৰ, তেওঁলোকৰ বিদ্ৰোহী মনোবৃত্তি, নিচাত আসক্ত, অনৈতিক কাৰ্য্যৰ অভ্যাস বা ঘৰ ত্যাগ দিয়াও সন্মিলিত আছে। তেনে পতনশীল পৰিস্থিতি ‘এই জগতৰ আত্মাৰ’ প্ৰভাৱ পৰাৰ বাবে সৃষ্টি হৈছে। (ইফিচীয়া ২:১, ২) গতিকে সেই আত্মাৰ প্ৰভাৱৰ পৰা আমাৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰা অতি আৱশ্যক হৈ পৰিছে। কেনেকৈ আমি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ? পৰিয়ালৰ সদস্যৰ সম্বন্ধে থকা যিহোৱাৰ নিৰ্দ্দেশনা আৰু তেওঁৰ পৰামৰ্শ পালন কৰাৰ দ্বাৰা তেনে পদক্ষেপ লʼব পাৰোঁ।
৪. খ্ৰীষ্টান পৰিয়ালৰ সদস্যই পৰস্পৰে কেনে দায়িত্বসমূহ পালন কৰিব লাগে?
৪ খ্ৰীষ্টান দম্পত্তিসকলে পৰস্পৰে থকা আধ্যাত্মিক, শাৰীৰিক আৰু আৱেগীকৰ প্ৰতি কেনে দায়িত্ব বহন কৰিব লাগে, তাক তেওঁলোকে জানে। (১ কৰিন্থীয়া ৭:৩-৫; ইফিচীয়া ৫:২১-২৩; ১ পিতৰ ৩:৭) সন্তানসকলৰ প্ৰতি খ্ৰীষ্টান পিতৃ-মাতৃবিলাকৰ গভীৰ দায়িত্ব আছে। (হিতোপদেশ ২২:৬; ২ কৰিন্থীয়া ১২:১৪; ইফিচীয়া ৬:৪) তদুপৰি সন্তানসকলৰো নিজা কিছুমান দায়িত্ব আছে। পৰিয়ালৰ দায়িত্বসমূহ পালন কৰিবলৈ প্ৰচেষ্টা, প্ৰতিশ্ৰুতি আৰু নিস্বাৰ্থ প্ৰেমৰ আৱশ্যক। যেতিয়া পৰিয়ালৰ সকলো সদস্যই মিলিজুলি নিজৰ দায়িত্ব বহন কৰে তেতিয়া পৰস্পৰ আৰু মণ্ডলীৰ বাবে আশীৰ্ব্বাদৰ কাৰণ হয়। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তেওঁলোকে পৰিয়ালৰ নিৰ্ম্মাণ কৰোঁতা যিহোৱা ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে।—আদিপুস্তক ১:২৭, ২৮; ইফিচীয়া ৩:১৫.
খ্ৰীষ্টান ভাতৃত্বসমাজৰ বিষয়ে
৫. সঙ্গী উপাসকসকলৰ সৈতে সঙ্গতি কৰি আমি কেনে আশীৰ্ব্বাদৰ অনুভৱ কৰোঁ?
৫ খ্ৰীষ্টান হোৱা হেতুকে সঙ্গী উপাসক আৰু ‘জগতত থকা . . . ভাইসকলৰ বন্ধন’ শক্তিশালী কৰোঁতাসকলৰ প্ৰতি আমাৰ কিছুমান দায়িত্ব আছে। (১ পিতৰ ৫:৯) আধ্যাত্মিকৰূপে শক্তিশালী হৈ থাকিবলৈ আমি মণ্ডলীৰ সৈতে সম্বন্ধ ৰাখাটো অতি আৱশ্যক। যেতিয়া আমি সঙ্গী উপাসকসকলৰ সৈতে সঙ্গতি কৰোঁ তেতিয়া তেওঁলোকৰ দৃঢ় বিশ্বাস আৰু “বিশ্বাসী বুদ্ধিমান দাসৰ” দ্বাৰা প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰৰ আনন্দ উপভোগ কৰোঁ। (মথি ২৪:৪৫-৪৭) যদি কোনো সমস্যাই দেখা দিয়ে তেন্তে আমি এনে ভাইসকলৰ কাষ চাপো যিসকলে শাস্ত্ৰীয় আধাৰিত পৰামৰ্শ আগবঢ়ায়। (হিতোপদেশ ১৭:১৭; উপদেশক ৪:৯; যাকোব ৫:১৩-১৮) যেতিয়া সহায়ৰ আৱশ্যক হয় তেতিয়া আমাৰ ভাইসকলে আগবাঢ়ি আহে। এনে সংগঠনৰ ভাগ হোৱাটো কিযে এক আনন্দৰ বিষয়!
৬. আমাৰ সঙ্গী খ্ৰীষ্টানৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে পাঁচনি পৌলে কেনেকৈ দাঙি ধৰিছিল?
৬ তথাপিও মণ্ডলীত আমি কেৱল গ্ৰহণ কৰা নহয় কিন্তু দান কৰাৰ উদ্দেশ্যৰে উপস্থিত হওঁ। এই সম্বন্ধে যীচুৱে কৈছিল: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) পাঁচনি পৌলে ইব্ৰী খ্ৰীষ্টানসকললৈ লিখা সময়ত এনেদৰে কৈছিল: “আমাৰ শৰীৰ শুদ্ধ পানীৰে ধুউৱা হলত, আমি স্বীকাৰ কৰা আশা লৰ নোহোৱাকৈ ৰাখোঁহঁক; কিয়নো যি জনাই প্ৰতিজ্ঞা কৰিলে, তেওঁ বিশ্বাসী। আৰু প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।”—ইব্ৰী ১০:২৩-২৫.
৭, ৮. আমাৰ নিজা মণ্ডলীত আৰু অন্য দেশত থকা ভাই-ভনীসকলৰ প্ৰতি আমি কেনেকৈ দান কৰা মনোবৃত্তি দেখুৱাওঁ?
৭ যেতিয়া আমি সভাবোৰত উত্তৰ দিওঁ বা কাৰ্য্যক্ৰমত ভাগ লওঁ তেতিয়া নিজৰ ‘আশাৰ বিষয়ে স্বীকাৰ কৰোঁ।’ আমাৰ প্ৰচেষ্টাবোৰে নিশ্চই ভাই-ভনীসকলক উৎসাহী কৰি তুলে। সভাৰ আৰম্ভণি বা সামৰণিৰ পিছত হোৱা কথোপকথনৰ দ্বাৰাও তেওঁলোকে শক্তিশালী হোৱা অনুভৱ কৰে। এইয়া হৈছে সময় যʼত আমি দুৰ্ব্বল লোকক সাহায্য, অল্প-সাহসীবিলাকক আশ্বাস আৰু অসুস্থক শান্ত্বনা দিব পাৰোঁ। (১ থিচলনীকীয়া ৫:১৪) যিহেতু প্ৰকৃত খ্ৰীষ্টানসকলৰ তেনে আচাৰ-ব্যৱহাৰ দেখি সভাত উপস্থিত হোৱা বহুতো আগ্ৰহী ব্যক্তিয়ে আকৰ্ষিত হৈছে।—গীতমালা ৩৭:২১; যোহন ১৫:১২; ১ কৰিন্থীয়া ১৪:২৫.
৮ আমাৰ প্ৰেম কেৱল নিজৰ মন্ডলীত থকা ভাই-ভনীসকলৰ বাবেই সীমিত নহয়। বাস্তৱতে এই প্ৰেমে বিশ্বজুৰি থকা ভাতৃত্বসমাজখনক আঁকোৱালি লৈছে। তাৰে এটা প্ৰমাণ হৈছে ৰাজ্যগৃহত থকা দান-বৰঙণীৰ বাকচ। আমাৰ নিজা ৰাজ্যগৃহ হয়তো সুব্যৱস্থিত আছে কিন্তু এনে বহুতো ভাই-ভনীসকলৰ নিজা বুলি কোনো ৰাজ্যগৃহ নহʼবও পাৰে। দান-বৰঙণীৰ দ্বাৰা আমাৰ প্ৰেম তেনে ভাই-ভনীসকলক প্ৰকাশ কৰোঁ, যিসকলক আমি ব্যক্তিগতভাৱে নাজানিব পাৰোঁ।
৯. কি প্ৰমুখ কাৰণৰ বাবে যিহোৱাৰ সাক্ষীসকলে পৰস্পৰে প্ৰেম কৰে?
৯ যিহোৱাৰ সাক্ষীসকলে কিয় পৰস্পৰে প্ৰেম কৰে? কিয়নো তেওঁলোকে যীচুৰ আজ্ঞাক পালন কৰে। (যোহন ১৫:১৭) তেওঁলোকৰ এই পৰস্পৰ প্ৰেমে ঈশ্বৰৰ আত্মা ব্যক্তিগত আৰু সমূহীয়া হিচাবে কাৰ্য্যকাৰী হোৱাৰ প্ৰমাণ দিয়ে। এই প্ৰেম হৈছে ‘আত্মাৰ এক ফল।’ (গালাতীয়া ৫:২২, ২৩) বাইবেল অধ্যয়ন, সভাত উপস্থিতি আৰু নিৰন্তৰে প্ৰাৰ্থনা কৰাৰ দ্বাৰা তেওঁলোকৰ প্ৰেম এনে এখন জগতত জীৱিত আছে, যʼত ‘অনেকৰ প্ৰেম চেঁচা হৈ গৈছে।’—মথি ২৪:১২.
জগতৰ লোকসকলৰ সৈতে ব্যৱহাৰ কৰা বিষয়ে
১০. এই জগতৰ প্ৰতি আমাৰ কি দায়িত্ব আছে?
১০ ‘সকলোৰ আগতে আশাৰ স্বীকাৰ’ কৰা বুলি উল্লেখ কৰা পাঁচনি পৌলৰ এই কথাষাৰে আন এক দায়িত্বৰ বিষয়ে সোঁৱৰায়। সকলোৰ আগত এই আশা স্বীকাৰ কৰাৰ সৈতে তেনে ব্যক্তিসকলকো শুভবাৰ্ত্তা শুনোৱাতো সন্মিলিত আছে যিসকল আমাৰ খ্ৰীষ্টান ভাই-ভনী নহয়। (মথি ২৪:১৪; ২৮:১৯, ২০; ৰোমীয়া ১০:৯, ১০, ১৩-১৫) এনে প্ৰচাৰ কাৰ্য্য হৈছে দান কৰাৰ আন এক পদ্ধতি। ইয়াৰ সৈতে সময়, শক্তি, আগতিয়াকৈ প্ৰস্তুতি, প্ৰশিক্ষণ আৰু ব্যক্তিগত সম্পত্তিও ব্যৱহাৰ কৰাটো সন্মিলিত আছে। তদুপৰি পাঁচনি পৌলে ইয়াকো কৈছিল: “গ্ৰীক আৰু অসভ্য, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে মই ধৰুৱা হৈ আছোঁ; এইহেতুকে ৰোমত থকা যি তোমালোক, তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।” (ৰোমীয়া ১:১৪, ১৫) আমাৰ এই ‘ধাৰ’ পৰিশোধ কৰোঁতে পাঁচনি পৌলৰ দৰে আমিও কৃপণ নহওঁহঁক।
১১. জগতৰ সৈতে ৰখা সম্পৰ্কত ভাৰসাম্য বজাই ৰাখিবলৈ কেনে দুটা শাস্ত্ৰীয় সিদ্ধান্তই সহায় আগবঢ়াই, কিন্তু আমি কি মনত ৰখা আৱশ্যক?
১১ যিসকল আমাৰ সঙ্গী উপাসক নহয়, তেওঁলোকৰ প্ৰতি আপোনাৰ কিবা দায়িত্ব আছেনে? নিশ্চয়ে আছে। যিহেতু আমি জানো যে “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) যীচুৱে তেওঁৰ শিষ্যসকলক কোৱা এই কথাষাৰ আমাৰ মনত আছে: “মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” (যোহন ১৭:১১, ১৫, ১৬) তথাপিও এই জগতত জীয়াই থাকিবলৈ আমাক চাকৰি কৰাৰ আৱশ্যক। (যোহন ১৭:১১, ১৫, ১৬) গতিকে আমি কিছুমান দায়িত্ব বহন কৰিব লাগিব। কেনে দায়িত্ববোৰ বহন কৰিব লাগিব? এই প্ৰশ্নটোৰ উত্তৰ পাঁচনি পিতৰে দাঙি ধৰিছে। যিৰূচালেম পতন হোৱা কিছু সময়ৰ পূৰ্ব্বেই তেওঁ এছিয়া মাইনৰ খ্ৰীষ্টানসকললৈ লিখা পত্ৰ এখনত উল্লেখ হোৱা এষাৰ বাক্যই আমাক জগতৰ সৈতে ৰখা সম্পৰ্কত ভাৰসাম্য বজাই ৰাখিবলৈ সহায় কৰে।
১২. প্ৰকৃত খ্ৰীষ্টানসকলে কি ধৰণে “পৰদেশী আৰু প্ৰবাসী” হৈছে আৰু তেওঁলোকে কিহৰ পৰা দূৰত থকা উচিত?
১২ ইয়াক আৰম্ভ কৰিবলৈ পিতৰে এনেদৰে কৈছিল: “হে প্ৰিয়বিলাক, তোমালোক পৰদেশী আৰু প্ৰবাসী বুলি, তোমালোকক মিনতি কৰোঁ, জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক আভিলাষৰ পৰা পৃথকে থাকা।” (১ পিতৰ ২:১১) আধ্যাত্মিক ভাষাত কবলৈ হʼলে, প্ৰকৃত খ্ৰীষ্টানসকল হৈছে “পৰদেশী আৰু প্ৰবাসী,” কিয়নো অভিষিক্তসকলে স্বৰ্গীয় আশা আৰু অন্য ‘মেৰসকলে’ পাৰ্থিৱ জীৱনৰ আশাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰে। (যোহন ১০:১৬; ফিলিপীয়া ৩:২০, ২১; ইব্ৰী ১১:১৩; প্ৰকাশিত বাক্য ৭:৯, ১৪-১৭) তেন্তে মাংসৰ অভিলাষৰ বিষয়ে কি কব পৰা যায়? ইয়াৰ সৈতে ধনৱন্ত, শ্ৰেষ্ঠ, অনৈতিক, “লোভ” আৰু “অহঙ্কাৰ” হোৱা অভিলাষো সন্মিলিত আছে।—কলচীয়া ৩:৫; ১ তীমথিয় ৬:৪, ৯; ১ যোহন ২:১৫, ১৬.
১৩. মাংসৰ অভিলাষে কেনেকৈ [আমাৰ] “জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ” কৰে?
১৩ তেনে অভিলাষবোৰে “জীৱাত্মাৰ বিৰুদ্ধে যুদ্ধ” কৰে। এইবোৰে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক ভাঙি আশাক (“প্ৰাণ” বা জীৱন) বিপদত পেলায়। উদাহৰণস্বৰূপে, যদি আমি অনৈতিক কাৰ্য্যৰ প্ৰতি আগ্ৰহী হওঁ তেন্তে কেনেকৈ “নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ” কৰিব পাৰিম? যদি ভৌতিক বস্তুৰ প্ৰতি লোভ কৰোঁ তেন্তে আমি কেনেকৈ ‘প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰিব’ পাৰিম? (ৰোমীয়া ১২:১, ২; মথি ৬:৩৩; ১ তীমথিয় ৬:১৭-১৯) সকলোতকৈ বুদ্ধিমানপূৰ্বক কাৰ্য্য হৈছে মোচিৰ আৰ্হিক অনুকৰণ কৰা, জগতৰ অভিলাষবোৰক ত্যাগ আৰু যিহোৱাৰ সেৱাক প্ৰথম স্থান দিয়া। (মথি ৬:১৯, ২০; ইব্ৰী ১১:২৪-২৬) ইয়ে হৈছে এক ভাৰসাম্য সম্বন্ধ বজাই ৰখাৰ গুৰুত্বপূৰ্ণ বিষয়।
‘উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখক’
১৪. খ্ৰীষ্টান হোৱা হেতুকে আমি উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখিবলৈ কিয় অধিক প্ৰচেষ্টা কৰা উচিত?
১৪ পাঁচনি পিতৰে কোৱা পিছৰ বাক্যসমূহত আমি আন এক নিৰ্দ্দেশনাৰ বিষয়ে এনেদৰে পঢ়িবলৈ পাওঁ: “পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।” (১ পিতৰ ২:১২) খ্ৰীষ্টান হোৱা হেতুকে আমি অনুকৰণীয় হোৱা উচিত। উদাহৰণস্বৰূপে, স্কুলত মনোযোগ দি পঢ়া আৰু কৰ্ম্ম স্থলত যদিও অধিকাৰীজন পক্ষপাতী তথাপিও আমি পৰিশ্ৰমী আৰু সদাচাৰ বজাই ৰখা উচিত। বিভাজিত পৰিয়ালত সাক্ষীসকলে বাইবেলীয় সিদ্ধান্তসমূহ পালন কৰিবলৈ অধিক প্ৰচেষ্টা কৰে। যিহেতু তেনে কৰা সদায়েই সহজ নহʼব পাৰে কিন্তু আমি জানো যে আমাৰ উত্তম আচাৰ-ব্যৱহাৰে যিহোৱাক সন্তুষ্ট কৰাৰ উপৰি সাক্ষী নোহোৱা লোককো প্ৰভাৱিত কৰে।—১ পিতৰ ২:১৮-২০; ৩:১.
১৫. আমি কেনেকৈ জানো যে যিহোৱাৰ সাক্ষীসকলৰ উত্তম আচাৰ-ব্যৱহাৰৰ বিষয়ে সকলোৱে শলাগ লয়?
১৫ সময়ে সময়ে যিহোৱাৰ সাক্ষীসকলৰ উত্তম আচাৰ-ব্যৱহাৰ প্ৰশংসাৰ বিষয়ে পঢ়ি জানিব পৰা যায় যে তেওঁলোকে নিশ্চই ইয়াত সফলতা লাভ কৰিছে। উদাহৰণস্বৰূপে, ইটালীৰ এলটেমপো বাতৰি কাকতখনে এনেদৰে কৈছিল: যিহোৱাৰ সাক্ষী কৰ্ম্মীসকল হৈছে সদাচাৰী আৰু যদিও তেওঁলোকৰ বিশ্বাসৰ কাৰণে সকলোৱে ভাল নাপাই তথাপিও তেওঁলোকৰ নৈতিকতাৰ শলাগ লবলগীয়া।” আৰ্জেন্টিনাৰ ৰাজধানী বুয়েনাছ আয়াৰ্ছত ছপা হেৰল্ড নামৰ ইংৰাজী বাতৰি কাকতখনে কৈছিল: গোটেই বছৰজুৰি যিহোৱাৰ সাক্ষীসকলে পৰিশ্ৰমী, ধীৰ, উন্নতিশীল আৰু ঈশ্বৰৰ ভয় মানোতা লোক হোৱা প্ৰমাণ দিছে।” ৰাছিয়াৰ চাৰ্গে ইভানেনক’ নামৰ বিদ্বানজনৰ মতে: “গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকল নিয়ম উলঙ্ঘন নকৰা লোক আৰু বিশেষকৈ কৰ দিয়া ক্ষেত্ৰত তেওঁলোক সত্যনিষ্ঠা।” জিম্বাবুৱে চহৰত যিহোৱাৰ সাক্ষীসকলে অধিৱেশনৰ বাবে ব্যৱহাৰ কৰা ভৱনৰ মেনেজাৰ গৰাকীয়ে কৈছিল: মই সাক্ষীসকলৰ কিছুমানক মাটিত পৰি থকা কাগজ বুটলা আৰু শৌচালয় গৃহ চফা কৰা দেখিছোঁ। আগতকৈ অধিক সুন্দৰভাৱে ঠাইবোৰ পৰিষ্কাৰ কৰা হৈছে। আপোনালোকৰ যুৱক-যুৱতীবিলাক আদৰৰ পাত্ৰ। মই আশা কৰোঁ যে গোটেই পৃথিৱীখনত যিহোৱাৰ সাক্ষীৰ দৰে লোকসকল হোৱা উচিত।”
খ্ৰীষ্টান অধীনস্থৰ বিষয়ে
১৬. উচ্চ অধিকাৰীসকলৰ সৈতে আমি কেনে সম্বন্ধ ৰাখোঁ?
১৬ উচ্চ অধিকাৰীসকলৰ সৈতে থকা আমাৰ সম্বন্ধৰ বিষয়ে পাঁচনি পিতৰে এনেদৰে কৈছে: “তোমালোকে প্ৰভুৰ নিমিত্তে মনুষ্যস্থাপিত সকলো ৰীতিৰ বশীভূত হোৱা; অৰ্থাৎ ৰজাক সকলোৰে ওপৰ বুলি, আৰু দেশাধিপতিসকলক, দুষ্কৰ্ম্মকাৰীবিলাকৰ প্ৰতিকাৰৰ, আৰু সৎকৰ্ম্মকাৰীবিলাকৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হোৱা। কিয়নো তোমালোকে সৎকৰ্ম্ম কৰি কৰি যেন নিৰ্ব্বোধ মানুহবিলাকৰ অজ্ঞানতাক নিৰুত্তৰ কৰা, ঈশ্বৰৰ এই ইচ্ছা।” (১ পিতৰ ২:১৩-১৫) সুব্যৱস্থিত চৰকাৰৰ দ্বাৰা হোৱা লাভসমূহৰ প্ৰতি আমি কৃতজ্ঞ হোৱাৰ উপৰিও পিতৰে নিয়ম আৰু কৰবোৰৰ সম্বন্ধে কোৱা বাক্যকো পালন কৰোঁ। আমি নিয়ম উলঙ্ঘন কৰাৰ ফলত পোৱা শাস্তিৰ ভয়ত নহয় কিন্তু “প্ৰভুৰ নিমিত্তে” অধিকাৰীৰ অধীন হওঁ আৰু ঈশ্বৰৰো এয়ে ইচ্ছা। তদুপৰি নিয়ম উলঙ্ঘন কৰাৰ ফলত পোৱা শাস্তিৰ দ্বাৰা আমি ঈশ্বৰৰ নামক কলঙ্কিত কৰিব নিবিচাৰোঁ।—ৰোমীয়া ১৩:১, ৪-৭; তীত ৩:১; ১ পিতৰ ৩:১৭.
১৭. যেতিয়া “নিৰ্ব্বোধ মানুহবিলাকৰ” দ্বাৰা বিৰোধীতাৰ সম্মুখীন হওঁ তেতিয়া আমি কি আশ্বাস ৰাখিব পাৰোঁ?
১৭ কিন্তু অধিকাৰত “নিৰ্ব্বোধ মানুহবিলাক” থকাৰ বাবে আমি তাড়না বা বিৰোধীতাৰ সম্মুখীন হʼবলগীয়া হয়। যেনে, আমাৰ বিৰুদ্ধে ৰাইজৰ মনত ভুল ধাৰণা সৃষ্টি কৰা। তথাপিও যিহোৱাই সময় অনুযায়ী তেওঁলোকৰ ভুল কাৰ্য্য আৰু “অজ্ঞানতাক” প্ৰকাশ কৰিছে। উত্তম আচাৰ-ব্যৱহাৰে আমাৰ পৰিচয় দাঙি ধৰিছে। সেইবাবে সদাচাৰ অধিকাৰীসকলে বাৰম্বাৰ আমাক উত্তম নাগৰিক বুলি গণ্য কৰে।—ৰোমীয়া ১৩:৩; তীত ২:৭, ৮.
ঈশ্বৰৰ দাসবিলাক
১৮. খ্ৰীষ্টান হোৱা হেতুকে আমি কি ধৰণে নিজৰ স্বতন্ত্ৰ ইচ্ছাক দুৰ্ব্যৱহাৰ নকৰোঁ?
১৮ এতিয়া পাঁচনি পিতৰে এনেদৰে সতৰ্ক কৰি কৈছে: “তোমালোক স্বাধীন লোকৰ দৰে হোৱা; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিবা, বৰং ঈশ্বৰৰ দাসবিলাকৰ দৰে হোৱা।” (১ পিতৰ ২:১৬; গালাতীয়া ৫:১৩) বাইবেলৰ জ্ঞানৰ দ্বাৰা আমি মিছা ধৰ্ম্মৰ সকলো শিক্ষাৰ পৰা মুক্ত হৈছোঁ। (যোহন ৮:৩২) তদুপৰি আমি স্বতন্ত্ৰ ইচ্ছাৰ ব্যক্তি হোৱা হেতুকে পছন্দ বা নাপছন্দ কি তাৰ নিৰ্ণয় লব পাৰোঁ। তথাপিও এই ইচ্ছাক আমি দুৰ্ব্যৱহাৰ নকৰোঁ। যেতিয়া সঙ্গতি, সাজ পৰিধান, বেশভূষা, মনোৰঞ্জন আৰু আনকি খোৱা-বোৱা সম্বন্ধে নিৰ্ণয় লবলগা হয় তেতিয়া আমি নিজৰ ইচ্ছাৰ নহয় কিন্তু ঈশ্বৰৰ দাস হোৱা বুলিহে মনত ৰাখোঁ। মাংসৰ অভিলাষ বা জগতৰ অনুসাৰে চলাৰ পৰিৱৰ্ত্তে আমি ঈশ্বৰৰ ইচ্ছাক পালন কৰোঁ।—গালাতীয়া ৫:২৪; ২ তীমথিয় ২:২২; তীত ২:১১, ১২.
১৯-২১. (ক) আমি চৰকাৰী অধিকাৰী পদত থকাসকলৰ প্ৰতি কেনে দৃষ্টি ৰখা আৱশ্যক? (খ) কিছুমানে কেনেকৈ “ভাইমাত্ৰকেই প্ৰেম” কৰে বুলি প্ৰমাণ দিছিল? (গ) আমাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব কি?
১৯ আগলৈ পিতৰে এনেদৰে কৈছে: “সকলোকে সমাদৰ কৰা ভাইমাত্ৰকেই প্ৰেম কৰা; ঈশ্বৰলৈ ভয় ৰাখা; ৰজাক সমাদৰ কৰা।” (১ পিতৰ ২:১৭) যিহেতু যিহোৱাই মানৱক তেনে উচ্চ অধিকাৰী পদত বহিবলৈ অনুমতি দিছে, সেইবাবে আমি তেওঁলোকৰ প্ৰতি সমাদৰ দেখুৱাওঁ। আনকি এই জগতখন শেষ নোহোৱালৈকে আমি কৰিবলগা প্ৰচাৰ কাৰ্য্যত যাতে তেওঁলোকে আমাৰ পক্ষ হয় তাৰ বাবেও প্ৰাৰ্থনা কৰোঁ। (১ তীমথিয় ২:১-৪) সেই একেই সময়ছোৱাত আমি “ভাইমাত্ৰকেই প্ৰেম” কৰোঁ। আমি ভাই-ভনীসকলৰ বাবে সদায়েই হিতজনক কাৰ্য্য কৰোঁ।
২০ উদাহৰণস্বৰূপে, যেতিয়া আফ্ৰিকা মহাদেশত জাতিগতক লৈ যুদ্ধ আৰম্ভ হৈছিল তেতিয়া যিহোৱাৰ সাক্ষীসকলে উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখিবলৈ ত্যাগ দিয়া নাছিল। এই বিষয়ে ছুইজাৰলেণ্ডত প্ৰকাশ হোৱা ৰেফʼৰমিয়েৰটে প্ৰেছে নামৰ বাতৰি কাকতখনে কৈছিল: “১৯৯৫ চনত আফ্ৰিকাত নিজ নিজ অধিকাৰক প্ৰমাণ কৰিবলৈ যিহোৱাৰ সাক্ষীসকলৰ বাহিৰে সকলো গীৰ্জাৰ সদস্যই সেই সংগ্ৰামত ভাগ লৈছিল।” যেতিয়া এই বিষয়ে ইউৰোপৰ সাক্ষীসকলে জানিব পাৰিলে তেতিয়া তেওঁলোকে সেই যুদ্ধগ্ৰস্ত দেশৰ ভাই-ভনীসকলৰ বাবে খাদ্য-সামগ্ৰী আৰু দৰৱ-পাতিৰ যোগান ধৰিছিল। (গালাতীয়া ৬:১০) তেওঁলোকে হিতোপদেশ ৩:২৭ পদত উল্লেখ কৰা এই বাক্যশাৰী পালন কৰিছিল: “তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, উপকাৰ কৰিব লগীয়াক উপকাৰ নকৰাকৈ নাথাকিবা।”
২১ উচ্চ অধিকাৰীক সমাদৰ বা ভাই-ভনীসকলক প্ৰেম কৰাৰ দায়িত্বৰ উপৰিও আমি অন্য এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগে। সেই গুৰুত্বপূৰ্ণ দায়িত্বটো কি? পাঁচনি পিতৰে কৈছে: “ঈশ্বৰলৈ ভয় ৰাখা।” মানুহতকৈ অধিক আমি যিহোৱাৰ প্ৰতি থকা দায়িত্বক পালন কৰোঁ। এইটো যে সত্য তাক কেনেকৈ প্ৰমাণ কৰিব পাৰি? উচ্চ অধিকাৰীৰ সৈতে থকা আমাৰ দায়িত্বত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব পাৰোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 11/1)
আপুনি কেনেকৈ উত্তৰ দিব?
• পৰিয়ালত খ্ৰীষ্টানসকলে কেনে দায়িত্ব বহন কৰে?
• আমি মণ্ডলীত কেনেকৈ দান কৰা মনোবৃত্তি দেখুৱাব পাৰোঁ?
• জাগতিক অধিকাৰীসকলৰ প্ৰতি আমাৰ দায়িত্ব কি?
• উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰখাৰ দ্বাৰা কেনে লাভসমূহ পোৱা যায়
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২১ পৃষ্ঠাৰ ছবি]
খ্ৰীষ্টান পৰিয়াল কেনেকৈ আনন্দৰ এক কাৰণ হʼব পাৰে?
[২২ পৃষ্ঠাৰ ছবি]
যিহোৱাৰ সাক্ষীসকলে কিয় পৰস্পৰে প্ৰেম কৰে?
[২২ পৃষ্ঠাৰ ছবি]
ব্যক্তিগতভাৱে নজনা ভাই-ভনীসকলৰ প্ৰতি আমি প্ৰেম দেখুৱাব পাৰোঁনে?