আপোনাৰ হাত সবল কৰক
আপোনাৰ হাত সবল কৰক
বাইবেলত বহুবাৰ হাতৰ বিষয়ে উল্লেখ কৰিছে। হাতৰ সৈতে জড়িত থকা জটুৱা ঠাঁচবোৰক বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, হাত শুদ্ধতাৰ অৰ্থ হৈছে নিৰ্দোষ অৱস্থা। (২ চমূৱেল ২২:২১; গীতমালা ২৪:৩, ৪) হাত মেলাৰ অৰ্থ হৈছে আনৰ প্ৰতি উদাৰতা দেখুউৱা। (দ্বিতীয় বিবৰণ ১৫:১১; গীতমালা ১৪৫:১৬) যি জনক শত্ৰুৰ পৰা ৰক্ষা কৰা হয়, তাক কোৱা হয় তেওঁৰ প্ৰাণ শত্ৰুৰ হাতৰ পৰা নিস্তাৰ কৰা। (১ চমূৱেল ৪:৩) হাত শিথিল হোৱা মানে হৈছে নিৰুৎসাহিত হোৱা। (২ বংশাৱলি ১৫:৭) হাত সবল কৰাৰ অৰ্থ হৈছে কোনো কাৰ্য্যৰ বাবে শক্তিশালী কৰি তুলা।—১ চমূৱেল ২৩:১৬.
বৰ্তমানে আমি ‘শেষ-কালৰ ভয়ঙ্কৰ সময়ত’ বাস কৰাৰ বাবে আমাৰ হাত সবল কৰাটো অতি আৱশ্যক হৈ পৰিছে। (২ তীমথিয় ৩:১) যেতিয়া আমি নিৰুৎসাহিত হওঁ তেতিয়া আমি নিৰ্ব্বল বা হাত শিথিল হৈ পৰা অনুভৱ কৰোঁ। আজিৰ সময়ত কিশোৰ-কিশোৰীয়ে স্কুল, স্বামীয়ে পৰিবাৰ আৰু মাতৃয়ে লʼৰা-ছোৱালীক ত্যাগ কৰাটো এক সাধাৰণ বিষয় হৈ পৰিছে। যিহেতু প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে আমি ঈশ্বৰৰ সেৱা কৰাৰ বাবে বহুতো ধৰণৰ বাধাৰ সম্মুখীন হওঁ আৰু সেইবোৰত ধৈৰ্য্য ধৰিবলৈ আমাৰ হাত সবল হোৱা উচিত। (মথি ২৪:১৩) তেনে কৰাৰ দ্বাৰা আমি যিহোৱাৰ মন আনন্দিত কৰোঁ।—হিতোপদেশ ২৭:১১.
হাত কেনেকৈ সবল কৰিব পাৰি
ইজ্ৰাৰ সময়ত ইহুদীসকলে যিহোৱাৰ মন্দিৰ পুনৰ নিৰ্ম্মাণ কাৰ্য্য সম্পন্ন কৰিবলৈ তেওঁলোকৰ নিজ নিজ হাত সবল কৰা আৱশ্যক আছিল। তেওঁলোকে কেনেকৈ নিজ নিজ হাত সবল কৰিলে? এই সম্পৰ্কে বৃত্তান্তই এইদৰে কৈছে: “সাত দিনলৈকে, খমিৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে; কিয়নো যিহোৱাই তেওঁবিলাকক আনন্দিত কৰিছিল, আৰু ঈশ্বৰৰ, ইস্ৰায়েলৰ ঈশ্বৰৰ গৃহৰ কাৰ্য্যত তেওঁবিলাকৰ হাত সবল কৰিবৰ নিমিত্তে অচূৰৰ ৰজাৰ মন তেওঁবিলাকলৈ ঘূৰালে।” (ইজ্ৰা ৬:২২) ইয়াত কোনো সন্দেহ নাই যে ঈশ্বৰে নিজৰ পবিত্ৰ আত্মা অৰ্থাৎ সক্ৰিয় শক্তিৰ দ্বাৰা নিজৰ লোকসকলক তেওঁলোকৰ স্থানলৈ উভটি যাবলৈ অনুমতি দিয়াত “অচূৰৰ ৰজাৰ মন তেওঁবিলাকলৈ ঘূৰালে” আৰু তেওঁৰ লোকসকলক আৰম্ভ কৰা কাৰ্য্য শেষ কৰিবলৈ সহায় কৰিলে।
পিছলৈ যিৰূচালেমৰ ভগা গড়বোৰৰ মেৰামতি কৰিবলৈ নহিমিয়াই নিজৰ সঙ্গী ইহুদী ভাইসকলৰ হাত সবল কৰিলে। এই সম্পৰ্কে আমি এইদৰে পঢ়িবলৈ পাওঁ: “পাছে মোৰ ওপৰত থকা ঈশ্বৰৰ মঙ্গলময় হাতৰ কথা, আৰু ৰজাই মোক কোৱা বাক্য তেওঁবিলাকক জনালোঁ; তাতে তেওঁবিলাকে কলে, বাৰু আমি উঠি সাজোঁহঁক। এইদৰে তেওঁবিলাকে সেই ভাল কাৰ্য্যৰ অৰ্থে নিজ নিজ হাত সবল কৰিলে।” নিজ নিজ হাত সবল কৰাৰ যোগেদি নহিমিয়া আৰু তেওঁৰ সঙ্গী ইহুদীসকলে ৫২ দিনৰ মূৰত যিৰূচালেমৰ দেৱাল বন্ধা কাম শেষ কৰিছিল।—নহিমিয়া ২:১৮; ৬:৯, ১৫.
ঠিক সেইদৰে যিহোৱাই তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আমাৰ হাত সবল কৰে। (মথি ২৪:১৪) ‘তেওঁৰ সকলো ইচ্ছা সাধনৰ অৰ্থে, সকলো সদবিষয়ত সিদ্ধ’ কৰাৰ দ্বাৰা আমাৰ হাত সবল কৰে। (ইব্ৰী ১৩:২০) তেওঁ আমাৰ হাত সবল কৰিবলৈ উত্তম প্ৰবন্ধবোৰৰ প্ৰদান কৰিছে। যেনে, পৃথিৱীৰ সকলো ব্যক্তিক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ বাইবেলখনৰ উপৰিও আমাৰ ওচৰত বাইবেল আধাৰিত কিতাপ, আলোচনী, ব্ৰচাৰ, ট্ৰেক্ট, অদিঅ আৰু ভিদিঅ ৰেকৰ্ডিং আছে। প্ৰকৃততে, আমাৰ প্ৰকাশনসমূহ প্ৰায় ৩৮০ টা ভাষাত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও সেই উত্তম প্ৰকাশনসমূহ কেনেকৈ কাৰ্য্যকাৰীৰূপে প্ৰচাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে প্ৰশিক্ষণ দিবলৈ আমাৰ বাবে যিহোৱাই মণ্ডীলত সভা, সন্মিলন আৰু অধিৱেশনবোৰৰ প্ৰবন্ধ কৰিলে।
যদিও যিহোৱাই বিভিন্ন ধৰণে আমাৰ হাত সবল কৰিছে তথাপিও তেওঁ বিচাৰে যে আমাৰ হাত সবল কৰিবলৈ নিজেই চেষ্টা কৰা। স্মৰণ কৰক যে ৰজা যোৱাচে অৰামীয়া শত্ৰুবিলাকৰ সৈতে কেনেকৈ যুদ্ধ কৰিব লাগে তাৰ বিষয়ে পৰামৰ্শ লবলৈ ভৱিষ্যতবক্তা ইলীচাৰ কাষ চপাত তেওঁ কেনে পৰামৰ্শ দিছিল। ইলীচাই তেওঁক কিছুমান শৰ লৈ ভূমিত মাৰিবলৈ কʼলে। আগলৈ বাইবেল বৃত্তান্তই এইদৰে বৰ্ণনা কৰিছে: “বাণবোৰ লোৱা; তাতে ইস্ৰায়েলৰ ৰজাই তাক লোৱাত, তেওঁ ৰজাক কলে, মাটিত কোবোৱা; তাতে তেওঁ মাটিত তিনিবাৰ কোবাই ৰল। তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্ৰুদ্ধ হৈ কলে, তুমি পাঁচ কি ছবাৰমান কোবাব লাগিছিল; সেয়ে হোৱা হলে; তুমি অৰামক, নিঃশেষে বিনষ্ট নোহোৱালৈকে আঘাত কৰিব পাৰিলাহেঁতেন; এতিয়া হলে, কেৱল তিনিবাৰহে অৰামীয়াহঁতক প্ৰহাৰ কৰিব পাৰিবা।” (২ ৰাজাৱলি ১৩:১৮, ১৯) কিন্তু তেওঁ সম্পূৰ্ণ মনেৰে যত্ন নকৰাৰ বাবে অৰমীয়াসকলৰ বিৰুদ্ধে হোৱা যুদ্ধত সীমিত জয় লাভ কৰিছিল।
যিহোৱাই আমাক দিয়া কাৰ্য্যবোৰক যদি সম্পন্ন কৰিবলৈ বিচাৰিছোঁ, তেতিয়া আমিও সেই একেই সিদ্ধান্তক পালন কৰা আৱশ্যক। আমাৰ পথত অহা বাধাসমূহৰ প্ৰতি চিন্তিত নহৈ আমাক কৰিবলৈ দিয়া কাৰ্য্য যিমানেই কঠিন নহওক কিয়, তাক সম্পন্ন কৰিবলৈ আমি সম্পূৰ্ণ মনে আৰু উৎসাহেৰে কাৰ্য্য কৰা আৱশ্যক। আমি যিহোৱাৰ সহায়ৰ ওপৰত ভৰসা কৰি আমাৰ হাত সবল কৰা আৱশ্যক।—যিচয়া ৩৫:৩, ৪.
যিহোৱাই আমাৰ হাত সবল কৰিব
যিহোৱাই তেওঁৰ কাৰ্য্য কৰাত আমাৰ হাত সবল কৰিবলৈ কেতিয়াও বিফল নহয়। ইয়াৰ মানে এইটো নহয় যে তেওঁ আমাৰ বাবে কোনো অলৌকিক কাৰ্য্য আৰু আমাৰ বাবে সকলোবোৰ কৰিব। ইয়াৰ পৰিৱৰ্তে তেওঁ অপেক্ষা কৰে যে আমি যেন নিতৌ বাইবেল পাঠ, সভাৰ বাবে তৈয়াৰী হৈ তাত উপস্থিত, প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু নিৰন্তৰে প্ৰাৰ্থনা কৰা। যি কোনো সুযোগতে যদি আমি বিশ্বাসী আৰু পৰিশ্ৰমেৰে যিহোৱাই অপেক্ষা কৰা কাৰ্য্যবোৰ কৰোঁ তেনেহʼলে যিহোৱাই অৱশ্যেই আমাক তেওঁৰ শক্তি প্ৰদান কৰিব।—ফিলিপীয়া ৪:১৩.
উদাহৰণস্বৰূপে, এজন খ্ৰীষ্টান ভাইৰ বিষয়ে বিবেচনা কৰক, যিজনে এবছৰৰ ভিতৰত নিজৰ পত্নী আৰু মাতৃ উভয়কে মৃত্যুত হেৰুৱাব লগীয়া হয়। এই বেদনা মাৰ নৌ যাওঁতেই তেওঁৰ বোৱাৰীয়েকে ভাইজনৰ পুতেকক ত্যাগ কৰে আৰু খ্ৰীষ্টান মণ্ডলী এৰি যায়। এই বিষয়ে ভাইজনে এনেদৰে কৈছিল: “মই জানিব পাৰিলোঁ যে কোন সময়ত কেনেধৰণৰ পৰীক্ষা আমাৰ ওপৰত আহিব পাৰে তাক আমি কেতিয়াও অনুমান কৰিব নোৱাৰোঁ।” সেইবোৰৰ সম্মুখীন হʼবলৈ তেওঁৰ বিশ্বাসক কিহে দৃঢ় কৰিলে? আগলৈ তেওঁ এনেদৰে কয়: “এনে সমস্যাৰূপী সাগৰত ডুব নাযাবলৈ নিমজ্জনৰক্ষা কবচস্বৰূপ (লাইফ্ জেকেট্) প্ৰাৰ্থনা আৰু ব্যক্তিগত অধ্যয়নে মোক সহায় কৰিলে। ইয়াৰ উপৰিও আধ্যাত্মিক ভাই-ভনীসকলৰ পৰা পোৱা সমৰ্থনৰ দ্বাৰা মই অধিক সান্ত্বনা লভিলোঁ। তদুপৰি মই জানিব পাৰিলোঁ যে কোনো কঠিন পৰিস্থিতিসমূহ উত্থাপন হোৱাৰ পূৰ্বেই যিহোৱাৰ সৈতে নিবিড় সম্বন্ধ বিকাশিত কৰাটো অধিক গুৰুত্বপূৰ্ণ।”
আপুনি জীৱনত যিয়েই পৰিস্থিতিৰ অনুভৱ নকৰক কিয়, আমাৰ হাত সবল কৰিবলৈ যিহোৱাত সম্পূৰ্ণৰূপে ভাৰসা আৰু তেওঁ ব্যৱস্থা কৰা সকলো প্ৰবন্ধক উত্তমভাৱে ব্যৱহাৰ কৰা আৱশ্যক। এনে কৰাৰ দ্বাৰা আপুনি উত্তমৰূপে যিহোৱাৰ সেৱা আৰু তেওঁৰ মূল্যৱান নামক সন্মান আৰু স্তুতি কৰিব পাৰিব।—ইব্ৰী ১৩:১৫. (w02 12/1)
[৩১ পৃষ্ঠাৰ ছবি]
যোৱাচে সম্পূৰ্ণ মনেৰে যত্ন নকৰাৰ বাবে অৰমীয়াহঁতৰ সৈতে হোৱা যুদ্ধত কেৱল সীমিতৰূপে বিজয়ী হʼব পাৰিলে