“তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব”
“তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব”
“[ঈশ্বৰ] আমাৰ কাৰো পৰা দূৰ নহয়।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৭.
১, ২. (ক) নিশা যেতিয়া আকাশত আমি অসংখ্য তৰালৈ দৃষ্টি কৰোঁ তেতিয়া আমাৰ মনত সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে কেনে প্ৰশ্ন উদয় হয়? (খ) বাইবেলে আমাক কেনেকৈ আশ্বাস দিছে যে ঈশ্বৰৰ দৃষ্টিত মানুহ বৈশিষ্ট্যহীন নহয়?
আপুনি নিশা কেতিয়াবা কোটি কোটি তৰাৰে ভৰি থকা আকাশখনলৈ দৃষ্টি কৰি বিস্মিত হৈছেনে? ভৰি থকা অগণন তৰা আৰু আকাশৰ বিশালতাই আমাক সঁচাকৈ আতঙ্কিত কৰি তুলে। এই প্ৰকাণ্ড বিশ্বব্ৰহ্মাণ্ডখনত আমাৰ পৃথিৱীখনে এক ক্ষুদ্ৰ স্থান অৰ্থাৎ বিন্দু সমান ঠাই অধিকাৰ কৰি আছে। এতেকে ইয়াৰ অৰ্থ এইটো নে যে “সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা” অৰ্থাৎ সৃষ্টিকৰ্ত্তা জনৰ বিষয়ে মানুহে বিবেচনা কৰিবলৈ সাধ্য নাইনে বা তেওঁলোকৰ বুদ্ধিৰ অগম্য?—গীতমালা ৮৩:১৮.
২ বাইবেলে আশ্বাস দিছে যে যিহোৱাৰ দৃষ্টিত মানৱ বৈশিষ্ট্যহীন নহয়। দৰাচলতে ঈশ্বৰৰ বাক্যই তেওঁৰ বিষয়ে অনুসন্ধান কৰিবলৈ উৎসাহিত কৰি এইদৰে কৈছে: “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭; ১ বংশাৱলি ২৮:৯) যদি আমি ঈশ্বৰৰ ওচৰ চাপিবলৈ যত্ন কৰোঁ তেন্তে তেওঁ আমাৰ প্ৰচেষ্টাত সফল কৰাব। কি প্ৰকাৰে তেওঁ সফল কৰাব? এই বিষয়ে ২০০৩ চনৰ বাৰ্ষিক পাঠে আমাক এইদৰে এক হৃদয়স্পৰ্ষী উত্তৰ দিছে: “তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) এতেকে আঁহক আমি আলোচনা কৰোঁহঁক যে যিসকলে তেওঁৰ নিকটবৰ্তী হয়, তেওঁবিলাকক তেওঁ কেনে অত্যুত্তম আশীৰ্ব্বাদ প্ৰদান কৰে।
যিহোৱাৰ পৰা এক ব্যক্তিগত উপহাৰ
৩. যিহোৱাই তেওঁৰ কাষ চপাসকলক কেনে উপহাৰ প্ৰদান কৰে?
৩ সৰ্ব্বপ্ৰথমে যিহোৱাই তেওঁৰ সেৱকসকলৰ বাবে এক বহুমূলীয়া উপহাৰ সংৰক্ষিত কৰি ৰাখিছে। এই ৰীতি-ব্যৱস্থাৰ কোনো শক্তি, সা-সম্পত্তি আৰু শিক্ষাই তেনে উপহাৰ দিব নোৱাৰে। এইটো হৈছে এটা ব্যক্তিগত উপহাৰ যাক ঈশ্বৰে তেওঁৰ কাষ চাপি অহা লোকসকলক প্ৰদান কৰে। সেই উপহাৰটো কি? ঈশ্বৰৰ বাক্যই এইদৰে উত্তৰ দিছে: “তুমি যদি . . . সুবুদ্ধিৰ নিমিত্তে ৰিঙিওৱা, যদি ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা, তেন্তে তুমি যিহোৱাৰ ভয় বুজিব পাৰিবা, আৰু ঈশ্বৰবিষয়ক জ্ঞান পাবা। কিয়নো যিহোৱায়েই প্ৰজ্ঞা দিয়ে, তেওঁৰেই মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায়।” (হিতোপদেশ ২:৩-৬) কল্পনা কৰক যে অসিদ্ধ মানৱে “ঈশ্বৰবিষয়ক জ্ঞান” পাবলৈ সক্ষম হৈছে! সেই উপহাৰ ঈশ্বৰৰ বাক্যৰ যোগেদি পোৱা যায়, যাক “গুপ্ত ধনৰ” সৈতে তুলনা কৰা হৈছে। কিয় তেনে তুলনা কৰা হৈছে?
৪, ৫. ‘ঈশ্বৰবিষয়ক জ্ঞানক’ কিয় “গুপ্ত ধনৰ” সৈতে তুলনা কৰিব পাৰি? বৰ্ণনা কৰক।
৪ এটা কথা নিশ্চিত যে ঈশ্বৰবিষয়ক জ্ঞান সকলোতকৈ মূল্যৱান। তাৰ এটা অমূল্য উপহাৰ হৈছে ভৱিষ্যতে অনন্তজীৱন। (যোহন ১৭:৩) সেই জ্ঞানে কেৱল ভৱিষ্যতে আমাৰ জীৱন উন্নত কৰিব এনে নহয়, কিন্তু বৰ্তমানেও কৰে। উদাহৰণস্বৰূপে, আমি মনোযোগেৰে বাইবেল অধ্যয়ন কৰা হেতুকে এনেবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ পাৰিলোঁ। যিবোৰ হৈছে: ‘ঈশ্বৰৰ নাম কি? (গীতমালা ৮৩:১৮) মৃত্যুবিলাক কেনে অৱস্থাত থাকে? প্ৰকৃততে মৃতবিলাকৰ অৱস্থা কি? (উপদেশক ৯:৫, ১০) এই পৃথিৱী আৰু মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি? (যিচয়া ৪৫:১৮) তদুপৰি বাইবেলৰ বুদ্ধিমতাপূৰ্বক পৰামৰ্শবোৰ পালন কৰি কেনেকৈ উত্তমৰূপে আমি জীৱন-যাপন কৰিব পাৰোঁ এই বিষয়েও জানিব পাৰিলোঁ। (যিচয়া ৩০:২০, ২১; ৪৮:১৭, ১৮) এইদৰে আমি এক উৎকৃষ্ট পথ-প্ৰদৰ্শন লাভ কৰিলোঁ যিয়ে আমাক জীৱনলৈ অহা সমস্যাবোৰৰ সৈতে যুঁজিবলৈ আৰু প্ৰকৃত আনন্দ আৰু সন্তুষ্টি লাভ কৰিবলৈ সহায় কৰে। ইয়াৰ উপৰিও ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰি আমি যিহোৱাৰ আচৰিত গুণসমূহৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ অধিককৈ কাষ চাপিবলৈ পাৰিলোঁ। সেয়েহে “ঈশ্বৰবিষয়ক জ্ঞানৰ” আধাৰিত কৰি যিহোৱাৰ সৈতে নিবিড় সম্বন্ধ বজাই ৰখাতকৈ আন কোনো বস্তু বহুমূলীয়া হʼব পাৰেনে?
৫ ঈশ্বৰবিষয়ক জ্ঞানক “গুপ্ত ধনৰ” সৈতে তুলনা কৰাৰ আন এটা কাৰণ আছে। এই পৃথিৱীত পোৱা বহুতো আপুৰুগীয়া গুপ্ত ধনৰ নিচিনা এই ঈশ্বৰবিষয়ক জ্ঞানো দুৰ্ল্লভ। পৃথিৱীত থকা ৬০০ কোটি জনসংখ্যা লোকৰ ভিতৰত প্ৰায় ৬০ লাখ যিহোৱাৰ সেৱকেহে “ঈশ্বৰবিষয়ক জ্ঞান” প্ৰাপ্ত কৰিছে। ঈশ্বৰৰ বাক্যৰ সত্যতাক জনাটো যে এটা আপুৰুগীয়া ধন লাভ কৰাৰ দৰে, তাক বুজিবলৈ বাইবেলৰ এই প্ৰশ্নটোক বিবেচনা কৰক: মৃত্যুত এজন ব্যক্তিলৈ কি ঘটে? বাইবেলৰ পৰা আমি জানিব পাৰিছোঁ যে সকলো প্ৰাণ মৰে আৰু মৃতবিলাকৰ কোনো জ্ঞান নাই। (যিহিষ্কেল ১৮:৪) কিন্তু এই পৃথিৱীত থকা সৰহভাগ ধৰ্ম্মই মৃত্যুৰ পিছত মানৱৰ প্ৰাণ জীয়াই থাকে বুলি ভূৱা বিশ্বাস কৰে। খ্ৰীষ্টীয়জগতৰ মাজত এনে শিক্ষাই প্ৰবলভাৱে শিপা ধৰি আছে। তদুপৰি ই প্ৰমুখ শিক্ষাৰূপে হিন্দু, ইছলাম, শিখ, বৌদ্ধ, জৈন, ইহুদী, টাউ আদি ধৰ্ম্মৰ মাজতো অধিককৈ প্ৰচলিত। কল্পনা কৰক যে এই মিছা শিক্ষাই কোটি কোটি লোকক প্ৰবঞ্চনা কৰিছে!
৬, ৭. (ক) কেৱল কোনসকলে “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰিব পাৰে? (খ) কেনে উদাহৰণে দেখুৱাইছে যে যিহোৱাই আমাক আধ্যাত্মিক অন্তৰ্দৃষ্টি প্ৰদান কৰিলে, যিবোৰক তেওঁ “জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ” পৰা গুপুতে ৰাখিলে?
৬ অধিকাংশ লোকে কিয় “ঈশ্বৰবিষয়ক জ্ঞান” বিচাৰি পাব পৰা নাই? কিয়নো ঈশ্বৰৰ সহায়ৰ অবিহনে আমি কেতিয়াও তেওঁৰ বাক্যৰ অৰ্থ সম্পূৰ্ণকৈ বুজিব নোৱাৰো। মনত ৰাখক যে এই জ্ঞান হৈছে এটা উপহাৰ। এই উপহাৰ যিহোৱাই কেৱল সেইসকলকহে দান কৰে, যিসকলে নম্ৰতা আৰু নিষ্ঠাৰে তেওঁৰ বাক্যক অনুসন্ধান কৰে। এই ব্যক্তিসকলে “মাংস অনুসাৰে জ্ঞানী” নহʼবও পাৰে। (১ কৰিন্থীয়া ১:২৬) তেওঁবিলাকৰ ভিতৰত এনে বহুতো ব্যক্তি আছে যিসকলে এই জগতৰ দৃষ্টিত “অপণ্ডিত সামান্য মানুহ।” (পাঁচনিৰ কৰ্ম্ম ৪:১৩) তথাপিও ই যিহোৱাৰ বাবে কোনো মহত্ব নাৰাখে। কিয়নো তেওঁ আমাৰ হৃদয়ত উত্তম গুণবোৰ দেখিহে “ঈশ্বৰবিষয়ক জ্ঞানেৰে’ পুৰস্কৃত কৰিছে।
৭ এই বিষয়ে এটা উদাহৰণক বিবেচনা কৰক। খ্ৰীষ্টীয়জগতৰ বহুতো বিদ্বানে বাইবেলক লৈ বিস্তৃতৰূপে অনুসন্ধান কৰি বিভিন্ন মন্তব্য দাঙি ধৰিছে। তেনেবোৰ অনুসন্ধানে হয়তো ঐতিহাসিক পৃষ্ঠভূমি, হিব্ৰু আৰু গ্ৰীক শব্দৰ ভাঙনি আৰু তাতকৈ অধিক বুজাব পাৰে। এই সকলোবোৰ শিক্ষা প্ৰাপ্ত কৰি বিদ্বানসকলে “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰিলেনে? নতুবা তেওঁলোকে বাইবেলৰ মূল বিষয়বস্তু অৰ্থাৎ স্বৰ্গীয় ৰাজ্যৰ দ্বাৰা যিহোৱাৰ সাৰ্ব্বভৌমত্বক পবিত্ৰকৰণ কৰাৰ বিষয়ে স্পষ্টকৈ বুজি পালেনে? যিহোৱা যে কোনো ত্ৰিমূৰ্ত্তিৰ ভাগ নহয় বুলি তেওঁলোকে বুজি পাইছেনে? আনহাতে, এনে বিষয়বোৰৰ ওপৰত আমাৰ সঠিক বুজ আছে। কিয় তেনে বুজ আছে? কিয়নো যিহোৱাই সেইবোৰ বিষয়ে আমাক আধ্যাত্মিক সত্যৰে অন্তৰ্দৃষ্টি প্ৰদান কৰিছে যিবোৰক তেওঁ “জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ” পৰা গুপুতে ৰাখিলে। (মথি ১১:২৫) যিহোৱাই তেওঁৰ কাষ চপা লোকসকলক কিমান যে প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ কৰিছে!
“যিহোৱাই তেওঁক প্ৰেম কৰোঁতা সকলোকে ৰক্ষা কৰে”
৮, ৯. (ক) ঈশ্বৰৰ কাষ চপাসকলে লাভ কৰা আন এটা আশীৰ্ব্বাদৰ বিষয়ে ৰজা দায়ূদে কেনেকৈ বৰ্ণনা কৰিছিল? (খ) প্ৰকৃত খ্ৰীষ্টানসকলক কিয় ঈশ্বৰীয় সুৰক্ষাৰ আৱশ্যক?
৮ যিসকলে ঈশ্বৰৰ কাষত থাকে তেওঁলোকে আন এটা আশীৰ্ব্বাদ অৰ্থাৎ ঈশ্বৰীয় সুৰক্ষা লাভ কৰে। দুখ-কষ্টৰ সম্মুখীন হোৱা গীতমালাৰ ৰচোঁতা ৰজা দায়ূদে এইদৰে লিখিছিল: “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব। যিহোৱাই তেওঁক প্ৰেম কৰোঁতা সকলোকে ৰক্ষা কৰে।” (গীতমালা ১৪৫:১৮-২০) বাস্তৱতে যিহোৱাই সেইসকলৰ কাষত থাকে যিসকলে তেওঁক প্ৰেম কৰে আৰু সেইবাবে তেওঁ তেওঁবিলাকৰ কাতৰোক্তি শুনি শ্ৰীঘ্ৰেই উত্তৰ দিয়ে।
৯ আমাক কিয় ঈশ্বৰীয় সুৰক্ষাৰ আৱশ্যক? কিয়নো প্ৰকৃত খ্ৰীষ্টানসকলে ‘শেষকালৰ ভয়ঙ্কৰ সময়ত’ জীৱন-যাপন কৰাৰ বাবে যিহোৱাৰ মুখ্য শত্ৰু চয়তানৰ বিশেষ লক্ষ্যবিন্দু হৈ পৰিছে। (২ তীমথিয় ৩:১) সেই ধূৰ্ত্ত শত্ৰুৱে আমাক “গ্ৰাহ কৰিব” ইচ্ছাৰে উপায় বিচাৰি ফুৰিছে। (১ পিতৰ ৫:৮) সি আমাক নিৰ্য্যাতন, বিভিন্ন প্ৰকাৰে হেঁচা আৰু প্ৰলোভিত কৰে। তদুপৰি সি এনে দুৰ্বল মন আৰু হৃদয় বিচাৰি ফুৰিছে যʼত সি প্ৰভুত্ব কৰিব পাৰে। আমাৰ আধ্যাত্মিকতা আৰু বিশ্বাসক দুৰ্বল কৰাটোৱেই হৈছে তাৰ এটা অভিপ্ৰায়। (প্ৰকাশিত বাক্য ১২:১২, ১৭) যিহেতু এনে এজন শক্তিশালী শত্ৰুৰ সম্মুখীন হʼবলগীয়া হোৱাৰ বাবে আমি “যিহোৱাই তেওঁক প্ৰেম কৰোঁতাসকলক ৰক্ষা কৰে” বুলি জানি আশ্বাস নাপাওঁনে বাৰু?
১০. (ক) যিহোৱাই কেনেকৈ নিজৰ লোকসকলক সুৰক্ষা প্ৰদান কৰে? (খ) কেনে প্ৰকাৰৰ সুৰক্ষা পোৱাটো অতি আৱশ্যক আৰু কিয়?
১০ যিহোৱাই কেনেকৈ তেওঁৰ লোকসকলক সুৰক্ষা প্ৰদান কৰে? সুৰক্ষাৰ সম্বন্ধে কৰা প্ৰতিজ্ঞাৰ অৰ্থ এইটো নহয় যে আমি বৰ্তমানে কোনো সমস্যা নোহোৱাকৈ জীৱন-যাপন কৰিম বা তেওঁ আমাৰ বাবে অলৌকিক কাৰ্য্য কৰিব। তথাপিও, তেওঁ নিজৰ লোকবিলাকক সমূহীয়াকৈ শাৰীৰিক সুৰক্ষা প্ৰদান কৰে। তেওঁৰ উপাসকবিলাকক এই পৃথিৱীৰ পৰা সম্পূৰ্ণকৈ ধ্বংস কৰিবলৈ চয়তানক কেতিয়াও অনুমতি নিদিব! (২ পিতৰ ২:৯) তদুপৰি যিহোৱাই আমাক আধ্যাত্মিকভাৱে সুৰক্ষা প্ৰদান কৰে। তেওঁ পৰীক্ষাৰ সৈতে সম্মুখীন হʼবলৈ ধৈৰ্য্য আৰু তেওঁৰ সৈতে সম্বন্ধক বজাই ৰাখিবলৈ আমাক সুসজ্জিত কৰি তুলে। অৱশেষত আধ্যাত্মিক সুৰক্ষা হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। কিয় গুৰুত্বপূৰ্ণ বিষয়? যেতিয়ালৈকে যিহোৱাৰ সৈতে আমাৰ সম্বন্ধ দৃঢ় থাকিব তেতিয়ালৈকে কোনেও আনকি মৃত্যুৱেও আমাৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিব।—মথি ১০:২৮.
১১. যিহোৱাই নিজৰ লোকৰ আধ্যাত্মিক সুৰক্ষাৰ বাবে কেনে প্ৰবন্ধবোৰ কৰিছে?
১১ যিহোৱাই তেওঁৰ কাষ চপাসকলক আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰচুৰমাত্ৰাত প্ৰবন্ধ কৰিছে। তেওঁৰ বাক্য বাইবেলৰ যোগেদি আমালৈ অহা বিভিন্ন পৰীক্ষাৰ সম্মুখীন হʼবলৈ সুবুদ্ধি প্ৰদান কৰিছে। (যাকোব ১:২-৫) বাইবেলত উল্লেখ কৰা ব্যৱহাৰিক পৰামৰ্শ পালন কৰাটোৱেই হৈছে সুৰক্ষা লাভ কৰা। ইয়াৰ উপৰিও যিহোৱাই তেওঁক “খোজাবিলাকক পবিত্ৰ আত্মা” প্ৰদান কৰিছে। (লূক ১১:১৩) সেই পবিত্ৰ আত্মা হৈছে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ শক্তিশালী শক্তি, ই যিকোনো পৰীক্ষা বা প্ৰলোভনত সফলতাৰে সম্মুখীন হʼবলৈ সুসজ্জিত কৰি তুলে। যিহোৱাই যীচুৰ দ্বাৰা “মানুহবিলাকক নানা বৰ” প্ৰদান কৰিছে। (ইফিচীয়া ৪:৮) আধ্যাত্মিকৰূপে উপযুক্ত এই ব্যক্তিসকলে সঙ্গী উপাসকবিলাকক সহায় কৰাত যিহোৱাৰ আন্তৰিক সহানুভূতি প্ৰকাশ কৰিছে।—যাকোব ৫:১৪, ১৫.
১২, ১৩. (ক) কিহৰ যোগেদি যিহোৱাই আমালৈ উচিত সময়ত আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰিছে? (খ) যিহোৱাই আমাৰ আধ্যাত্মিক হিতৰ বাবে কৰা প্ৰবন্ধবোৰৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?
১২ যিহোৱাই আমাৰ বাবে উচিত সময়ত আধ্যাত্মিক আহাৰ প্ৰদান কৰি আন এক প্ৰকাৰে নিৰাপত্তাৰ প্ৰবন্ধ কৰে। (মথি ২৪:৪৫) যিহোৱাই প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী, সভা, সন্মিলন আৰু জিলা অধিৱেশনসমূহৰ যোগেদি আমাক আৱশ্যক হোৱা আধ্যাত্মিক আহাৰ প্ৰদান কৰিছে। আপুনি খ্ৰীষ্টান সভা, সন্মিলন বা অধিৱেশনত শিকোৱা এনে এটা বিষয়ৰ সম্পৰ্কে মনত পেলাব পাৰেনে যিয়ে আপোনাৰ হৃদয় স্পৰ্ষ কৰি বিশ্বাসক দৃঢ় আৰু সান্ত্বনা প্ৰদান কৰিছিল? আপুনি কেতিয়াবা ওপৰত উল্লেখ কৰা আলোচনীবোৰৰ এটা প্ৰবন্ধ পঢ়ি ‘এইটো আপোনাৰ বাবে লিখা হৈছে’ বুলি অনুভৱ কৰিছিলনে?
১৩ চয়তানে আমাক পৰাভূত কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰভাৱকাৰী অস্ত্ৰ হৈছে নিৰুৎসাহিত কৰা আৰু যাৰ প্ৰভাৱৰ পৰা আমি ৰেহাই পাব নোৱাৰো। সি ভালদৰে জানে যে গভীৰ আশাহীন মনোভাৱে আমাক দুৰ্বল কৰি আনকি ক্ষতি কৰিব পাৰে। (হিতোপদেশ ২৪:১০) গতিকে চয়তানে আমাৰ নিৰুৎসাহিত ভাৱনাক দৃঢ় কৰিবলৈ চেষ্টা কৰাৰ বাবে আমাক সহায়ৰ আৱশ্যক। প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰত সময়ে সময়ে এনে উল্লেখ প্ৰকাশ কৰা হয় যিয়ে আমাক নিৰুৎসাহিত ভাৱনাৰ সৈতে যুঁজিবলৈ সহায় কৰে। তেনে এটা লেখৰ সম্বন্ধে এগৰাকী খ্ৰীষ্টান ভনীয়ে এইদৰে লিখিছিল: “মই সেই লেখসমূহ প্ৰায়ে পঢ়োঁ আৰু মোৰ চকুলো ওলাই আহে। মই ইয়াক সদায়েই মোৰ বিচনাত ৰাখোঁ যাতে যেতিয়া নিৰুৎসাহিত হওঁ তেতিয়াই ইয়াক পঢ়িব পাৰোঁ। একমাত্ৰ মই অনুভৱ কৰিব পাৰোঁ যে যিহোৱাই এনে লেখবোৰৰ দ্বাৰা মোক নিজৰ বাহুত আঁকোৱালি লয়।” a যিহোৱাই সময় অনুসাৰে আধ্যাত্মিক আহাৰ প্ৰবন্ধ কৰাৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ নহওঁনে? মনত ৰাখক যে আমালৈ আধ্যাত্মিকভাৱে যোগান ধৰা প্ৰবন্ধবোৰে প্ৰমাণ কৰে যে তেওঁ আমাৰ কাষত আছে আৰু তেওঁ আমাক নিৰাপত্তা প্ৰদান কৰিছে।
‘প্ৰাৰ্থনা শুনোতা জনাৰ’ কাষ চপা
১৪, ১৫. (খ) যিহোৱাৰ কাষত থকাসকলৰ বাবে তেওঁ কেনে এক ব্যক্তিগত আশীৰ্ব্বাদ প্ৰদান কৰিছে? (খ) নিচিন্ত মনেৰে প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ কাষ চপাতো কিয় এক বিশেষাধিকাৰ?
১৪ আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যেতিয়া কোনো মানুহে কোনো উচ্চ পদ বা ক্ষমতা লাভ কৰে তেতিয়া তেওঁৰ অধীনত কাম কৰা ব্যক্তিসকলৰ বাবে তেওঁৰ কাষ চপাতো কঠিন হৈ পৰে? তেন্তে যিহোৱাৰ বিষয়ে কি কব পাৰি? মানৱে ধাৰণা কৰাৰ অনুসাৰে তেওঁ আমাৰ পৰা বহু আঁতৰত আছেনে? অৱশ্যেই নহয়! কিয়নো যিহোৱাই তেওঁৰ কাষত থকা সকলৰ বাবে অন্য এক উপহাৰ প্ৰদান কৰিছে আৰু সেইয়া হৈছে প্ৰাৰ্থনা। নিচিন্ত মনেৰে ‘প্ৰাৰ্থনা শুনোতা জনাৰ’ কাষ চপাতোঁ বাস্তৱতে এক বিশেষাধিকাৰ। (গীতমালা ৬৫:২) কিয় এক বিশেষাধিকাৰ?
১৫ এই বিষয়ে বুজিবলৈ এই উদাহৰণটোক বিবেচনা কৰক: ধৰি লওক এটা ডাঙৰ কোম্পানীৰ মুখ্য কাৰ্য্যনিৰ্বাহকৰ ভালেমান দায়িত্ব আছে। তেওঁ নিৰ্ণয় কৰে যে কোনবোৰ বিষয়ক তেওঁ নিজেই আৰু কোনবোৰ বিষয়ক প্ৰতিনিধিসকলে চোৱা-চিতা কৰিব। ঠিক সেইদৰে বিশ্বৰ শাসনকৰ্ত্তাজনেও কোনবোৰ বিষয়ত নিজে জড়িত আৰু কোনবোৰত আনক নিযুক্তি কৰিব, তাৰ নিৰ্ণয় তেওঁ নিজেই কৰে। যেনে, তেওঁৰ প্ৰিয় পুত্ৰ যীচুক গতাই দিয়া সকলোবোৰ দায়িত্বৰ ভিতৰত এটা হৈছে ‘সোধ-বিচাৰ কৰিবলৈ’ ক্ষমতা প্ৰদান কৰা। (যোহন ৫:২৭) স্বৰ্গদূতবিলাকে “তেওঁৰ বশীভূত হল।” (১ পিতৰ ৩:২২) পৃথিৱীত থকা তেওঁৰ শিষ্যসকলক পৰিচালনা কৰিবলৈ যীচুক যিহোৱাৰ শক্তিশালী পবিত্ৰ আত্মা দান কৰা হʼল। (যোহন ১৫:২৬; ১৬:৭) সেইবাবে যীচুৱে এইদৰে কʼব পাৰিলে: “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা মোক দিয়া হল।” (মথি ২৮:১৮) কিন্তু আমি কৰা প্ৰাৰ্থনাৰ বিষয়ত যিহোৱাই নিজে জড়িত থাকিবলৈ নিৰ্ণয় ললে। সেইকাৰণে বাইবেলে আমাক যীচুৰ দ্বাৰা একমাত্ৰ যিহোৱালৈহে প্ৰাৰ্থনা কৰিবলৈ নিৰ্দ্দেশনা দিছে।—গীতমালা ৬৯:১৩; যোহন ১৪:৬, ১৩.
১৬. যিহোৱাই বাস্তৱতে আমাৰ প্ৰাৰ্থনা শুনে বুলি আমি কিয় নিশ্চিত হʼব পাৰোঁ?
১৬ যিহোৱাই প্ৰকৃততে আমাৰ প্ৰাৰ্থনা শুনেনে? যদি ঈশ্বৰে বিবেচনাশীল নোহোৱা হʼলে তেওঁ কেতিয়াও আমাক “প্ৰাৰ্থনাত লাগি থাকা” বা সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া বুলি নকলেহেঁতেন। (ৰোমীয়া ১২:১২; গীতমালা ৫৫:২২; ১ পিতৰ ৫:৭) প্ৰাচীন সময়ৰ বিশ্বাসী সেৱকসকলে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনে বুলি সম্পূৰ্ণকৈ বিশ্বাস কৰিছিল। (১ যোহন ৫:১৪) সেইহেতুকে গীতমালা ৰচোঁতা ৰজা দায়ূদে এইদৰে কৈছিল: “[যিহোৱাই] মোৰ মাত শুনিব।” (গীতমালা ৫৫:১৭) এতেকে যিহোৱাই যে আমি কৰা প্ৰাৰ্থনা শুনিব, সদায়েই কাষত থাকিব আৰু যত্ন লʼব বুলি বিশ্বাস কৰাৰ আমাৰ ওচৰত সকলো কাৰণ আছে।—গীতমালা ৫৫:১৭.
যিহোৱাই তেওঁৰ সেৱকসকলক পুৰষ্কৃত কৰে
১৭, ১৮. (খ) যিহোৱাই সৃষ্টি কৰা তেওঁৰ বুদ্ধিমান প্ৰাণী অৰ্থাৎ সেৱকসকলে বিশ্বাসী হৈ কৰা কাৰ্য্যৰ প্ৰতি কেনে অনুভৱ কৰে? (খ) বৰ্ণনা কৰক যে হিতোপদেশ ১৯:১৭ পদত আমি দয়াৰে কৰা কাৰ্য্যৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি কৰে বুলি উল্লেখ কৰিছে?
১৭ সামান্য মানৱে যিয়ে কৰিবলৈ সিদ্ধান্ত লওক বা অস্বীকাৰ নকৰক কিয়, কিন্তু ই সৰ্ব্বোপৰি যিহোৱাৰ স্থানত একো হানি কৰিব নোৱাৰে। যিয়েই নহওক যিহোৱা এজন গুণগ্ৰাহী ঈশ্বৰ। যিহোৱাই সৃষ্টি কৰা তেওঁৰ বুদ্ধিমান প্ৰাণী অৰ্থাৎ বিশ্বাসী সেৱকসকলৰ সেৱাত সন্তুষ্ট হয়। (গীতমালা ১৪৭:১১) এয়াই হৈছে আন এটা উপকাৰ যাৰ যোগদি যিহোৱাৰ কাষত থকাসকলে পুৰস্কাৰ লাভ কৰে।—ইব্ৰী ১১:৬.
১৮ বাইবেলে স্পষ্টকৈ দেখুৱাইছে যে যিহোৱাই তেওঁৰ সেৱকবিলাকে কৰা কাৰ্য্যক বহুমূল্য বুলি জ্ঞান কৰে। উদাহৰণস্বৰূপে, সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব।” (হিতোপদেশ ১৯:১৭) দৰিদ্ৰসকলৰ প্ৰতি যিহোৱা যে দয়ালু তাক মোচিৰ নিয়মত উল্লেখ কৰা হৈছিল। (লেবীয়া পুস্তক ১৪:২১; ১৯:১৫) যেতিয়া আমি দৰিদ্ৰ লোকসকলৰ প্ৰতি দয়াশীল হওঁ তেতিয়া যিহোৱাই কেনে অনুভৱ কৰে? যেতিয়া আমি কোনো অপেক্ষা নকৰাকৈ দৰিদ্ৰ লোকসকলক দান কৰোঁ তেতিয়া যিহোৱাই তেওঁক ধাৰ দিয়া যেন দৃষ্টি কৰে। যিহোৱাই সেই ধাৰ, অনুগ্ৰহ আৰু আশীৰ্ব্বাদৰ সৈতে পৰিশোধ কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। (হিতোপদেশ ১০:২২; মথি ৬:৩, ৪; লূক ১৪:১২-১৪) যেতিয়া আমি সঙ্গী উপাসকসকলক আৱশ্যকতাৰ সময়ত সহায় কৰোঁ তেতিয়া ই যিহোৱাৰ হৃদয় স্পৰ্ষ কৰে। দয়াশীল হৈ আমি কৰা কাৰ্য্যৰ প্ৰতি যিহোৱাই দৃষ্টি কৰে বুলি জানি আমি কিমান যে কৃতজ্ঞতা অনুভৱ কৰোঁ!—মথি ৫:৭.
১৯. (ক) আমি কিয় নিশ্চিত হʼব পাৰোঁ যে ৰাজ্যৰ প্ৰচাৰ আৰু শিষ্য বনোৱাৰ বাবে আমি কৰা কাৰ্য্যক যিহোৱাই মূল্যাঙ্কন কৰে? (খ) তেওঁৰ ৰাজ্যক সমৰ্থন কৰি কৰা কাৰ্য্যৰ বাবে যিহোৱাই কেনেকৈ পুৰস্কৃত কৰে?
১৯ আমি ৰাজ্যৰ হিতৰ সম্পৰ্কে কৰা কাৰ্য্যক যিহোৱাই বিশেষভাৱে মূল্যাকন কৰে। প্ৰকৃততে যিহোৱাৰ কাষ চপাৰ অৰ্থ হৈছে তেওঁৰ ৰাজ্যৰ প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত সম্পূৰ্ণভাৱে আমাৰ সময়, শক্তি আৰু সা-সম্পত্তিক ব্যৱহাৰ কৰা। (মথি ২৮:১৯, ২০) কেতিয়াবা হয়তো এনে বোধ হʼব পাৰে যে আমি কেৱল অলপমাত্ৰাতহে তেওঁৰ সেৱা কৰিছোঁ। আনকি কেতিয়াবা আমাৰ অসিদ্ধ হৃদয়ে যিহোৱাৰ মন সন্তুষ্ট কৰিছোঁ নে নাই এই বিষয়ে সন্দেহ প্ৰকাশ কৰিব পাৰে। (১ যোহন ৩:১৯, ২০) কিন্তু আমি সম্পূৰ্ণ হৃদয়ৰে কৰা সকলো দান যিমানেই ক্ষুদ্ৰ নহওক কিয়, তেওঁ তাৰ প্ৰতি মূল্যাঙ্কন কৰে। (মাৰ্ক ১২:৪১-৪৪) বাইবেলে আমাক আশ্বাস দি কৈছে: “তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) আনকি যিহোৱাই ৰাজ্যৰ হিতৰ বাবে ক্ষুদ্ৰ পৰিমাণে কৰা কাৰ্য্যৰ বিষয়েও মনত ৰাখি আশীৰ্ব্বাদ প্ৰদান কৰে। বৰ্তমানে আশীৰ্ব্বাদসমূহ লাভ কৰি আধ্যাত্মিকৰূপে ধনী হোৱাৰ উপৰিও আমি ভৱিষ্যতে নতুন জগতত জীৱনৰ আনন্দ লাভ কৰিবলৈ আশা কৰিব পাৰোঁ, যʼত যিহোৱাই তেওঁৰ কাষত থকাসকলক নিজৰ হাত মেলি তেওঁলোকৰ সকলো বাঞ্ছা পূৰণ কৰিব।—গীতমালা ১৪৫:১৬; ২ পিতৰ ৩:১৩.
২০. ২০০৩ চনৰ বাৰ্ষিক পাঠটোক আমি কেনেকৈ গোটেই বছৰ মনত ৰাখিব পাৰোঁ আৰু ইয়াৰ কেনে ফলাফল লাভ কৰিম?
২০ আঁহক ২০০৩ চনৰ গোটেই বছৰজুৰি ঈশ্বৰৰ কাষ চাপিবলৈ একেৰাহে চেষ্টা কৰোঁহঁক। যদি আমি তেনে কৰিবলৈ সফল হওঁ, তেন্তে আমি নিশ্চিত হʼব পাৰিম যে তেওঁ নিজৰ প্ৰতিজ্ঞা অৱশ্যেই পূৰণ কৰিব। যিহেতু আমি জানো যে তেওঁ হৈছে ‘মিছা নোকোৱা ঈশ্বৰ।’ (তীত ১:২) যদি আমি তেওঁৰ কাষ চাপো তেন্তে তেৱোঁ আমাৰ কাষ চাপিব। (যাকোব ৪:৮) ইয়াৰ পৰা কেনে ফলাফল লাভ কৰিব পাৰিম? বৰ্তমানে আমি তেওঁৰ আশীৰ্ব্বাদ লাভ কৰিম আৰু আহিবলগা ভৱিষ্যতে আগতকৈও অধিক নিবিড়ভাৱে চিৰকালৰ বাবে তেওঁৰ কাষ চাপিবলৈ পাৰিম! (w02 12/15)
[ফুটনোট]
a ভনীগৰাকীয়ে মে ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ২৮-৩১ পৃষ্ঠাত উল্লেখ কৰা “যিহোৱা আমাৰ হৃদয়ৰ তুলনাত অধিক মহান” নামৰ লেখটো পঢ়ি তেনে মন্তব্য দিছিল।
আপোনাৰ মনত আছেনে?
• যিহোৱাই তেওঁৰ কাষ চপাসকলক কেনে উপহাৰ প্ৰদান কৰিছে?
• যিহোৱাই তেওঁৰ লোকসকলক আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰিবলৈ কেনে ব্যৱস্থা কৰিছে?
• নিচিন্ত মনেৰে প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ কাষ চপা কিয় এক বিশেষাধিকাৰ?
• নিষ্ঠাৰে কৰা সেৱকসকলৰ কাৰ্য্যৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি কৰে বুলি বাইবেলে প্ৰকাশ কৰিছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৫ পৃষ্ঠাৰ ছবি]
যিহোৱাই আমাক আধ্যাত্মিক সত্যতাক বুজিবলৈ অন্তৰ্দৃষ্টি প্ৰদান কৰিছে
[২৭, ২৮ পৃষ্ঠাৰ ছবিসমূহ]
যিহোৱাই আমাক আধ্যাত্মিক সুৰক্ষা প্ৰদান কৰিছে
[২৮ পৃষ্ঠাৰ ছবি]
যিহোৱাই আমাৰ সকলো প্ৰাৰ্থনা শুনিবলৈ প্ৰস্তুত থাকে আৰু তেওঁ আমাৰ কাষ চাপে