যীচুৰ জন্ম কেনেকৈ আৰু কিয় তেনেদৰে হ’ল
যীচুৰ জন্ম কেনেকৈ আৰু কিয় তেনেদৰে হʼল
খ্ৰীষ্টান নোহোৱা বহুতো ব্যক্তিয়ে যীচুৰ জন্মৰ বৃত্তান্তৰ বিষয়ে শুনি এইদৰে কয়: “তেওঁৰ জন্ম তেনেদৰে হোৱাটো অসম্ভৱ!” তেওঁলোকে অনুভৱ কৰে যে বৈজ্ঞানিক দৃষ্টিৰে এগৰাকী কুমাৰী ছোৱালীয়ে কোনো পুৰুষৰ সৈতে দৈহিক সম্পৰ্ক নৰখাকৈ গৰ্ভধাৰণ আৰু সন্তান জন্ম দিয়াটো অবিশ্বাসনীয়। আপুনি এই বিষয়ে কি ভাবে?
১৯৮৪ চনত লণ্ডনৰ দ্যা টাইমচ্ নামৰ আলোচনীখনত প্ৰকাশ পোৱা এখন পত্ৰত যুক্তি দাঙি ধৰি এইদৰে বৰ্ণনা কৰিছিল: “বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে অলৌকিক ঘটনাৰ বিপৰীতে বাদ-বিবাদ কৰাটো যুক্তিসঙ্গত নহয়। কোনো অলৌকিক ঘটনা ঘটিব নোৱাৰে বুলি বিশ্বাস কৰিবলৈ সেই একেই বিশ্বাসৰ প্ৰয়োজন যিদৰে অলৌকিক ঘটনা ঘটিব পাৰে বুলি বিশ্বাস কৰা হয়।” সেই পত্ৰখনত বৃটেইনত থকা বিশ্ববিদ্যালয়ৰ ১৪ জন বিজ্ঞান অধ্যাপকে চহী কৰে। তেওঁলোকে আগলৈ এইদৰে কৈছিল: “শুভবাৰ্ত্তাৰ কিতাপত উল্লেখ কৰা এগৰাকী কুমাৰীৰ দ্বাৰা যীচুৰ জন্ম আৰু তেওঁৰ পুনৰুত্থানৰ ঐতিহাসিক ঘটনাবোৰ আমি গ্ৰহণ কৰিবলৈ কোনো সঙ্কোচবোধ কৰা নাই।”
প্ৰকৃততে, এগৰাকী কুমাৰীৰ দ্বাৰা যীচুৰ জন্ম হোৱাৰ বিষয়ে শুনি আৰম্ভণিতে এজন ব্যক্তি বিবুদ্ধিত পৰিব। স্বয়ং যীচুৰ মাতৃ মৰিয়মেও ঈশ্বৰৰ স্বৰ্গদূতজনে এইদৰে কোৱা শুনি বিবুদ্ধিত পৰিছিল। সেই স্বৰ্গদূতে তাইক এইদৰে কৈছিল: “চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা; আৰু তেওঁৰ নাম যীচু থবা।” এই কথাষাৰ শুনি মৰিয়মে এইদৰে কʼলে: “মই পুৰুষৰ মুখ দেখা নাই, তেনেস্থলত এনে কথা কেনেকৈ হব পাৰে?” তেতিয়া স্বৰ্গদূতে তাইক কৈছিল যে ঈশ্বৰে এই কাৰ্য্য তেওঁৰ সক্ৰিয় শক্তি অৰ্থাৎ পবিত্ৰ আত্মাৰ দ্বাৰা সফল কৰিব, আগলৈ স্বৰ্গদূতজনে এইদৰে কৈছিল: “ঈশ্বৰৰ পৰা ওলোৱা কোনো কথা শক্তিহীন নহব।” (লূক ১:৩১, ৩৪-৩৭) নিঃসন্দেহ, যিজনে মানৱক প্ৰজনন শক্তিৰে সৃষ্টি কৰিলে, তেওঁৰ বাবে এগৰাকী কুমাৰীৰ জৰিয়তে যীচুক জন্ম দিয়াটো অৱশ্যেই কঠিন কাৰ্য্য নহয়। তদুপৰি যিজনে এই বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰি তাক স্থিৰ কৰিলে, তেওঁৰ বাবে মৰিয়মৰ কোষত থকা এটা ডিম্বাণুক ব্যৱহাৰ কৰি সিদ্ধ পুত্ৰক জন্ম দিয়াটো কোনো ডাঙৰ কথা নহয়।
কিয় তেনে হোৱাটো আৱশ্যক আছিল
গৰ্ভৱতী হোৱাৰ সময়ত মৰিয়মৰ বাগবদ্ধ ঈশ্বৰীয় ভয় মানোতা যোচেফ নামৰ এজন ব্যক্তিৰ সৈতে হৈছিল। সপোনৰ দ্বাৰা ঈশ্বৰৰ দূতে যোচেফক তেওঁৰ কুমাৰী বাগদত্তা মৰিয়ম গৰ্ভৱতী হোৱাৰ অপূৰ্ব কাৰণৰ বিষয়ে জনাই আৰু এইদৰে কৈছিল: “হে দায়ূদৰ সন্তান যোচেফ, তোমাৰ ভাৰ্য্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব।” (মথি ১:২০, ২১) হিব্ৰু ভাষাত যীচুৰ নামৰ অৰ্থ, “যিহোৱা হৈছে ত্ৰাণকৰ্ত্তা।” এই বাক্যশাৰীয়ে পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ পোৱাৰ আৱশ্যকতাৰ বিষয়ে আৰু যিহোৱাই যে যীচুৰ দ্বাৰা সেই প্ৰবন্ধ কৰিলে তাৰ বিষয়ে সোঁৱৰাই দিয়ে।
কিয়নো প্ৰথম মানৱ আদমে পাপত বশীভূত হোৱাৰ বাবে তেওঁৰ সকলো সন্তানেই অসিদ্ধ আৰু ঈশ্বৰৰ ব্যৱস্থাক উলঙ্ঘন কৰা প্ৰবণতাৰে জন্ম হʼল। (ৰোমীয়া ৫:১২) গতিকে আদমৰ সন্তানবিলাকক পাপৰ পৰা মুক্তি কৰি তেওঁলোকক সিদ্ধতালৈ আগুৱাই নিয়াটো কেনেকৈ সম্ভৱ হʼলহেঁতেন? সেই ন্যায়ৰ তৰ্জ্জুত ভাৰসাম্য বজাই ৰাখি আদমে হেৰুৱা সিদ্ধতাৰ মূল্য পৰিশোধ কৰিবলৈ আন এজন সিদ্ধ মানৱ প্ৰাণৰ আৱশ্যক আছিল। সেইবাবে যিহোৱাই অলৌকিকভাৱে যীচুক সিদ্ধ মানৱৰূপে জন্ম দিয়ালে আৰু তেওঁক শত্ৰুৰ হাতত মৃত্যু হʼবলৈ অনুমতি দিলে। (যোহন ১০:১৭, ১৮; ১ তীমথিয় ২:৫, ৬) সেয়েহে যীচুৰ পুনৰুত্থান আৰু স্বৰ্গাৰোহণ হোৱাৰ পিছত তেওঁ দৃঢ়ভাৱে এইদৰে কʼব পাৰিছিল: “মই মৃত হলোঁ, আৰু চোৱা, অনন্ত কাললৈকে জীয়াই আছোঁ; আৰু মৃত্যুৰো পৰলোকৰো [মানৱৰ সাধাৰণ কবৰ] চাবিবোৰ মোৰ হাতত আছে।”—প্ৰকাশিত বাক্য ১:১৮.
যীচুৱে লাক্ষণিক চাবিবোৰেৰে মৃত্যু আৰু পৰলোকৰ পৰা উভটি অহাৰ দুৱাৰ মুকলি কৰিলে যাতে অসিদ্ধ মানৱে আদমে হেৰুৱা সিদ্ধতাক পুনৰাই লাভ কৰিব পাৰে। এই সম্পৰ্কে যীচুৱে বৰ্ণনা কৰি এইদৰে কৈছিল: “ময়েই পুনৰুত্থানো আৰু জীৱনো যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীব; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব।” (যোহন ১১:২৫, ২৬) কিযে এক অভূতপূৰ্ব প্ৰতিজ্ঞা! তদুপৰি যীচুয়ে জন্ম গ্ৰহণ কৰাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ আছে।
সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণটো
মৰিয়মৰ গৰ্ভতে যে যীচুৰ জীৱনৰ আৰম্ভণ হৈছিল এনে নহয়। কিয়নো এই বিষয়ে তেওঁ স্বয়ং স্পষ্টকৈ কৈছিল: “মোক পঠোৱা জনাৰহে বাঞ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ।” (যোহন ৬:৩৮) প্ৰকৃততে যীচুৱে সৃষ্টিৰ পূৰ্বৰ পৰাই তেওঁৰ পিতৃৰ সৈতে আত্মিক ব্যক্তিৰূপে স্বৰ্গত বাস কৰিছিল। সেইবাবে বাইবেলে তেওঁক “ঈশ্বৰৰ সৃষ্টিৰ আদি” বুলি উল্লেখ কৰিছে। (প্ৰকাশিত বাক্য ৩:১৪) যেতিয়া এজন দুষ্ট স্বৰ্গদূতে প্ৰথম মানৱ দম্পতীক বিপথে পৰিচালিত কৰিলে তেতিয়া যীচুৱে সাক্ষী হিচাবে স্বৰ্গৰ পৰা সকলোবোৰ দৃষ্টি কৰিছিল। ইয়ে যীচুক ঈশ্বৰৰ পূত্ৰ হৈ সিদ্ধ মানৱৰূপে পৃথিৱীত জন্ম গ্ৰহণ কৰাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণ প্ৰদান কৰিলে। সেই কাৰণটো কি আছিল?
তেওঁৰ একমাত্ৰ স্বৰ্গীয় পিতৃ যিহোৱাই হৈছে গোটেই বিশ্বত শাসন কৰাৰ একমাত্ৰ উপযুক্ত শাসক। যীচুৱে জন্মৰ পৰা মৃত্যুলৈকে বিশ্বাসী হৈ থাকি প্ৰমাণ কৰিলে যে তেওঁ স্বইচ্ছাৰে যিহোৱাই সৃষ্টিক শাসন কৰাৰ পদ্ধতিৰ প্ৰতি নিজই অধীনস্থ হৈছে। শত্ৰুবিলাকৰ হাতত মৃত্যু হোৱাৰ পূৰ্ব্বেই তেওঁ স্পষ্টকৈ বৰ্ণনা কৰি যুক্তি দাঙি ধৰিলে যে তেওঁ কিয় বলিদানৰূপী মৃত্যু হʼবলৈ ইচ্ছা কৰিছিল। সেয়েহে যীচুৱে এইদৰে কৈছিল, তেওঁ যে পিতৃক প্ৰেম কৰে, তাক জগতে জানক। (যোহন ১৪:৩১) যদি প্ৰথম মানৱ দম্পতী আদম আৰু হাৱাই ঈশ্বৰৰ প্ৰতি তেনে প্ৰেম প্ৰকাশ কৰা হʼলে, তেওঁলোকে তেনে পৰীক্ষাত সহজে বিশ্বাসী প্ৰমাণিত হʼব পাৰিলেহেঁতেন।—আদিপুস্তক ২:১৫-১৭.
তদুপৰি যীচুৰ বিশ্বাসযোগ্যতাই দুষ্ট স্বৰ্গদূত চয়তানক মিছলীয়া প্ৰমাণ কৰিলে। কিয়নো সি স্বৰ্গত উপস্থিত থকা স্বৰ্গদূতবিলাকৰ সম্মুখত যিহোৱা আৰু মানুহৰ অহিতে মিছা ইয়োব ২:১, ৪) সকলো মানুহে নিজৰ প্ৰাণ ৰক্ষাৰ অৰ্থে ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰিব বুলি চয়তানে মিছা অভিযুক্ত কৰিছিল।
অভিযোগ কৰি এইদৰে কৈছিল: “প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।” (পূৰ্বৱৰ্তী এই বাদবিষয়টোৱে ঈশ্বৰৰ ধাৰ্মিক শাসনক প্ৰতিদ্বন্দ্বিতা কৰিলে। এই বাদবিষয়টোক সমাধান কৰিবলৈ যীচুৱে ইচ্ছাকৃতভাৱে মানৱৰূপে জন্ম গ্ৰহণ কৰি আৰু মৃত্যুলৈকে বিশ্বাসী প্ৰমাণিত কৰিলে।
সেইবাবে যীচুয়ে পৃথিৱীত মানৱৰূপে জন্ম গ্ৰহণ কৰাৰ গুৰুত্বপূৰ্ণ কাৰণৰ বিষয়ে তেওঁ নিজেই স্বয়ং এইদৰে কৈছিল, “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ” তেওঁ জন্ম ধৰি এই জগতলৈ আহিল। (যোহন ১৮:৩৭) ঈশ্বৰৰ শাসন যে সম্পূৰ্ণকৈ ধাৰ্ম্মিক আৰু সেই শাসনৰ অধীনস্থ হোৱাৰ ফলস্বৰূপে চিৰস্থায়ী সুখ লাভ কৰিব পাৰি তাক তেওঁ বাক্য আৰু কাৰ্য্যৰ দ্বাৰা প্ৰমাণ কৰিলে। ইয়াৰ উপৰিও যীচুৱে ইয়াকো কৈছিল যে এই পৃথিৱীত তেওঁ “মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল” যাতে অসিদ্ধ মানৱৰ বাবে সিদ্ধতা আৰু চিৰকলীয়া জীৱন লাভ কৰাৰ দুৱাৰ মুকলি হয়। (মাৰ্ক ১০:৪৫) মানৱজাতিক এই গুৰুত্বপূৰ্ণ বিষয়টোৰ অৰ্থ বুজাবলৈ যীচুৰ জন্মৰ বৃত্তান্তটোৰ অতি আৱশ্যক আছিল। ইয়াৰ উপৰিও যীচুৰ জন্মৰ সময়ছোৱাত ঘটা আন ঘটনাবোৰৰ দ্বাৰাও বহুতো গুৰুত্বপূৰ্ণ শিক্ষা পোৱা যায়, যাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 12/15)
[৪ পৃষ্ঠাৰ ছবিসমূহ]
আদমৰ সন্তানবিলাকক কেনেকৈ পাপৰ পৰা উদ্ধাৰ কৰিব পাৰিলেহেঁতেন?