প্ৰভুৰ ভোজনে আপোনাৰ বাবে এক গভীৰ অৰ্থ ৰাখে
প্ৰভুৰ ভোজনে আপোনাৰ বাবে এক গভীৰ অৰ্থ ৰাখে
আপোনাৰ বাবে প্ৰভুৰ ভোজনে কোনো বিশেষ আৰু চিৰকলীয়া অৰ্থ ৰাখেনে? এই বিষয়ে জানিবলৈ আঁহক আমি সৰ্ব্বপ্ৰথমে যীচু খ্ৰীষ্টই স্থাপন কৰা সেই বিশেষ উদযাপন আৰু তাৰ সৈতে সন্মিলিত থকা গভীৰ অৰ্থক বিবেচনা কৰোঁহঁক।
সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখৰ সন্ধ্যাটোত যীচুৱে তেওঁৰ ১২ জন শিষ্যৰ সৈতে যিৰূচালেম নগৰত থকা কোনো এটা ঘৰৰ ওপৰৰ কোঠালীত বছেৰেকীয়া নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ একত্ৰিত হৈছিল। তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ আহাৰ গ্ৰহণ কৰাৰ পিছত বিশ্বাসঘাট কৰা যিহূদাই যীচুক প্ৰতাৰণা কৰিবলৈ সেই কোঠাৰ পৰা ওলাই গʼল। (যোহন ১৩:২১, ২৬-৩০) বাকী থকা ১১ জন শিষ্যৰ সৈতে যীচুৱে “প্ৰভুৰ ভোজ ভোজন” কৰিলে। (১ কৰিন্থীয়া ১১:২০) তদুপৰি এই ভোজনক স্মৰণীয় পৰ্ব্ব বুলিও কোৱা হয়, কিয়নো যীচুৱে তেওঁৰ শিষ্যসকলক এই আজ্ঞা দিছিল: “মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা।” খ্ৰীষ্টানসকলক কেৱল এই ঘটনাটোক সুঁৱৰিবলৈ আজ্ঞা দিয়া হৈছিল।—১ কৰিন্থীয়া ১১:২৪.
অভিধানৰ অনুসাৰে স্মৰণীয় শব্দৰ অৰ্থ হৈছে “স্মৃতি ৰক্ষণ” বা “স্মৃতি সজীৱ কৰি ৰখা।” বহুতো ঠাইৰ লোকসকলে কোনো ব্যক্তি বা বস্তুৰ সৈতে জড়িত থকা গুৰুত্বপূৰ্ণ ঘটনা অথবা নিৰ্দ্দিষ্ট কোনো দিনক সোঁৱৰণ কৰিবৰ অৰ্থে পালন কৰে। এই ক্ষেত্ৰত যীচুৱে স্মাৰক স্বৰূপে এটা ভোজৰ আয়োজন কৰিছিল। এইটো হৈছে এনে এটা ভোজ যিয়ে শিষ্যসকলক সেই গুৰুত্বপূৰ্ণ বিশেষ দিনটো সুঁৱৰিবলৈ সহায় কৰে। আনকি ভৱিষ্যতৰ শিষ্যসকলৰ বাবেও যীচুৱে সেই নিশা আয়োজন কৰা সেই বিশেষ উদযাপন আৰু স্মাৰকত ব্যৱহাৰ কৰা স্মাৰক চিহ্নই এক গুৰুত্বপূৰ্ণ অৰ্থ ৰাখিছিল। যীচুৱে সেই বিশেষ উদযাপনত কেনে প্ৰতীকসমূহ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰৰ অৰ্থ কি? সা.যু. ৩৩ চনৰ নিশাত কি ঘটিছিল আঁহক আমি বাইবেলৰ পৰা তাক নিৰীক্ষণ কৰোঁহঁক।
পবিত্ৰ প্ৰতীকসমূহ
“পিঠা লৈ তেওঁ স্তুতি কৰি, তাক ভাঙি তেওঁলোকক দি কলে, এয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ; মোক সুঁৱৰিবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.
যীচুৱে “এয়ে . . . মোৰ শৰীৰ” বুলি কৈ প্ৰতীক হিচাবে খমীৰ নোহোৱা পিঠাক নিৰ্দ্দেশিত বা তেওঁৰ নিষ্পাপ শৰীৰক চিহ্নিত কৰিছিল যিটো তেওঁ “জগতৰ জীৱনৰ নিমিত্তে” দান কৰিলে। (যোহন ৬:৫১) যদিও কিছুমান বাইবেল অনুবাদত “এয়া মোৰ শৰীৰ হয় [গ্ৰীক ভাষাত, ইচ-টিন্]” বুলি উল্লেখ কৰিছে, কিন্তু থাইয়েৰচ গ্ৰীক ইংলিচ লেক্সিকান অৱ দ্যা নিউ টেষ্টামেন্টে কৈছে যে সেই ক্ৰিয়াপদটোৰ অৰ্থ হৈছে “প্ৰতীকস্বৰূপ, চিহ্নস্বৰূপ, সংকেত দিয়া।” গতিকে সেই শব্দটোৰ অৰ্থ সাদৃশ আৰ্হিস্বৰূপ বা প্ৰতীকস্বৰূপ।—মথি ২৬:২৬.
সেই সত্যতা পান-পাত্ৰৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। যʼত যীচুৱে এইদৰে কৈছিল: “সেইদৰে পান-পাত্ৰকো লৈ কলে, তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে।”—মথিৰ বৃতান্তত যীচুৱে পান-পাত্ৰৰ বিষয়ে এইদৰে কৈছিল: “মোৰ যি তেজ, অৰ্থাৎ নিয়মৰ তেজ, পাপ-মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।” (মথি ২৬:২৮) যীচুৱে দ্ৰাক্ষাৰসৰ পান-পাত্ৰক প্ৰতিনিধিত্ব বা তেওঁৰ নিজৰ তেজৰ চিহ্নস্বৰূপে ব্যৱহাৰ কৰিছিল। তেওঁৰ বোৱতী তেজ আত্ম-অভিষিক্ত শিষ্যসকলৰ বাবে “এটি নতুন নিয়ম” স্থাপনৰ আধাৰ আছিল, যিসকলে স্বৰ্গত যীচুৰ সৈতে পুৰোহিত আৰু ৰজাৰূপে শাসন কৰিব।—যিৰিমিয়া ৩১:৩১-৩৩; যোহন ১৪:২, ৩; ২ কৰিন্থীয়া ৫:৫; প্ৰকাশিত বাক্য ১:৫, ৬; প্ৰকাশিত বাক্য ৫:৯, ১০; প্ৰকাশিত বাক্য ২০:৪, ৬.
দ্ৰাক্ষাৰসৰ পাত্ৰ স্মাৰক স্বৰূপে যীচুৰ বোৱতী তেজক চিহ্নিত কৰে, যাৰ আধাৰত ‘পাপ-মোচন’ সম্ভৱ হʼল আৰু তাৰ যোগেদি যীচুৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ সেই প্ৰতীক চিহ্নত ভাগ লোৱাসকলক আমন্ত্ৰিত কৰাৰ বাবে পথ মুকলি হʼল। এইটো বুজিব পৰা যায় যে সেই স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰিত লোকসকলৰ সংখ্যা সীমিত আৰু কেৱল সেই লোকসকলকহে আমন্ত্ৰিত কৰা হয়, যিসকলে স্মৰণীয় পৰ্ব্ব উদযাপনৰ প্ৰতীকস্বৰূপ পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে।—লূক ১২:৩২; ইফিচীয়া ১:১৩, ১৪; ইব্ৰী ৯:২২; ১ পিতৰ ১:৩, ৪.
যিসকল সেই নতুন ব্যৱস্থাৰ অন্তৰ্গত নাই, তেওঁলোকৰ বিষয়ে কি কʼব পাৰি? সেইসকলক প্ৰভুৰ ‘অন্য মেৰ’ বুলি কোৱা হয়। তেওঁলোকে যীচুৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ নহয় কিন্তু এই পৃথিৱীত অনন্তকাল জীয়াই থকাৰ আনন্দ লাভ কৰিবলৈ আশা ৰাখে। (যোহন ১০:১৬; লূক ২৩:৪৩; প্ৰকাশিত বাক্য ২১:৩, ৪) “বৰ লোকসমূহ” হিচাবে এই বিশ্বাসী খ্ৰীষ্টানসকলে সেই অন্তিম ভোজন অৰ্থাৎ প্ৰভুৰ ভোজ পৰ্ব্বৰ উদযাপনত শ্ৰদ্ধাৰে উপস্থিত থাকিবলৈ আনন্দিত হৈ “দিনে-ৰাতিয়ে [ঈশ্বৰৰ] মন্দিৰত তেওঁৰ আৰাধনা কৰে।” তেওঁলোকে বাক্য আৰু কাৰ্য্যৰে এইদৰে ঘোষণা কৰিছে: “পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰ আৰু মেৰ পোৱালিৰহে।”—প্ৰকাশিত বাক্য ৭:৯, ১০, ১৪, ১৫.
কিমানবাৰ সেই স্মৰণীয় পৰ্ব্বৰ উদযাপন পালন কৰা আৱশ্যক?
“মোক সুঁৱৰিবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.
যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় দিৱসক সোঁৱৰণ কৰিবলৈ কিমানবাৰ সেই স্মৰণীয় পৰ্ব্বৰ উদযাপন পালন কৰা আৱশ্যক? এই বিষয়ে যীচুৱে স্পষ্টকৈ একো কোৱা নাছিল। তেওঁ নিচান মাহৰ ১৪ তাৰিখে নিস্তাৰ-পৰ্ব্বৰ সময়ছোৱাত প্ৰভুৰ ভোজ উদযাপনৰ আৰম্ভ কৰিছিল। ইহুদীসকলে সেই নিস্তাৰ-পৰ্ব্ব বছেৰেকীয়া হিচাবে পালন কৰিছিল, গতিকে স্পষ্টৰূপে যীচুৱে সেই একেই প্ৰথাৰ অনুসাৰে স্মৰণীয় পৰ্ব্বৰ উদযাপন কৰিবলৈ আজ্ঞা দিছিল। ইহুদীসকলে মিচৰ দেশৰ দাসত্ব বন্ধনৰ পৰা স্বাধীনতা লাভ কৰা দিনটোক সুঁৱৰিবৰ অৰ্থে বছেৰেকীয়া হিচাবে পালন কৰিছিল। একেইদৰে প্ৰকৃত খ্ৰীষ্টানসকলে পাপ আৰু মৃত্যুৰ পৰা স্বাধীনতা লাভ কৰাৰ সোঁৱৰণী হিচাবে যীচুৱে স্থাপন কৰা উদযাপনক বছৰত এবাৰকৈ পালন কৰা আৱশ্যক।—যাত্ৰাপুস্তক ১২:১১, ১৭; ৰোমীয়া ৫:২০, ২১.
কোনো এক বিশেষ ঘটনা সোঁৱৰণীৰ অৰ্থে বছেৰেকীয়া হিচাবে উদযাপন পালন কৰা ধাৰণাটো কোনো আচৰিত বিষয় নহয়। উদাহৰণস্বৰূপে, বৈবাহিক দম্পতীয়ে নিজৰ বৰ্ষ পূৰ্তি বা কোনো এখন দেশে ইতিহাসত ঘটা কোনো বিশেষ ঘটনা স্মৰণৰ অৰ্থে সেই দিনটোক পালন কৰে। সাধাৰণতে তেনে উদযাপন বছেৰেকত এবাৰকৈ সেই বিশেষ দিনটোক পালন কৰা হয়। মন কৰিবলগীয়া এই যে যীচুৰ মৃত্যুৰ কেইবা শতিকাৰ পিছটো নিচান মাহৰ ১৪ তাৰিখে হোৱা যীচুৰ মৃত্যুৰ দিবসটোক বছৰত এবাৰকৈ পালন কৰাৰ বাবে বহুতো খ্ৰীষ্টান ব্যক্তিক কোৱাট্ৰডেচিমানচ্ অৰ্থাৎ ‘চতুৰ্দশ তিথিৰ পালনকাৰী’ বুলি কোৱা হৈছিল।
সাধাৰণ কিন্তু অন্তৰ্দৃষ্টি সম্পন্ন
পাঁচনি পৌলে বৰ্ণনা কৰি কৈছিল যে, প্ৰভুৰ ভোজনৰ উদযাপনে যীচুৰ শিষ্যসকলক “প্ৰভু নহালৈকে . . . তেওঁৰ মৃত্যু প্ৰচাৰ” কৰাৰ সম্পৰ্কে সোঁৱৰাই দিছিল। (১ কৰিন্থীয়া ১১:২৬) প্ৰকৃততে এই উদযাপনে যীচুৰ মৃত্যুৰ দ্বাৰা ঈশ্বৰৰ উদ্দেশ্যত বহন কৰা এক গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত কেন্দ্ৰীভূত কৰে।
বিশ্বাসী হৈ যীচুৱে মৃত্যুবৰণ কৰাৰ দ্বাৰা তেওঁ যিহোৱা ঈশ্বৰক এজন বুদ্ধিমান প্ৰেমময় সৃষ্টিকৰ্ত্তা আৰু এজন ধাৰ্ম্মিক সম্ৰাট হিচাবে প্ৰতিপন্ন কৰিলে। চয়তানৰ দাবীৰ বিপৰীতে যীচুৱে আদমৰ বিসদৃশ হৈ প্ৰমাণ কৰি দেখুৱালে যে অত্যন্ত অত্যাচাৰ বা হেঁচাৰ সম্মুখীন হৈও মানুহে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰে।—ইয়োব ২:৪, ৫.
ইয়াৰ উপৰিও প্ৰভুৰ ভোজনে যীচুৱে প্ৰকাশ কৰা আত্মাহুতি প্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈ সোঁৱৰাই দিয়ে। যীচুৱে অত্যন্ত যাতনা আৰু অত্যাচাৰৰ সম্মুখীন হোৱাৰ স্বত্বেও নিজ পিতৃৰ প্ৰতি বিশ্বাসী হৈ থাকিল। এইদৰে তেওঁ নিজৰ সিদ্ধ মানৱ জীৱনৰ দ্বাৰা আদমৰ পাপৰ বিপুল মূল্য পৰিশোধ কৰি মুক্তিপণ দিয়াত সক্ষম হʼল। এই বিষয়ে যীচুৱে স্বয়ং এইদৰে বৰ্ণনা কৰিছিল যে, তেওঁ “অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) এতেকে যিসকলে যীচুত বিশ্বাস কৰে তেওঁলোকে পাপৰ পৰা ক্ষমা আৰু যিহোৱাৰ আচল উদ্দেশ্যৰ অনুসাৰে অনন্ত জীৱন লাভ কৰিব পাৰে।—ৰোমীয়া ৫:৬, ৮, ১২, ১৮, ১৯; ৰোমীয়া ৬:২৩; ১ তীমথিয় ২:৫, ৬. *
তদুপৰি ঈশ্বৰে কৰা সকলো প্ৰবন্ধৰ পৰা প্ৰচুৰ পৰিমাণে দেখুউৱা উত্তমতা আৰু মানৱজাতিৰ উদ্ধাৰৰ বাবে কৰা ব্যৱস্থাৰ দ্বাৰা তেওঁৰ মহা অনুগ্ৰহ প্ৰকাশিত হʼল। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “ঈশ্বৰক একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে, আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে; ইয়াতেই প্ৰেম আছে।”—১ যোহন ৪:৯, ১০.
এতেকে স্মৰণীয় পৰ্ব্বটো কিমান যে একে আচৰিত উদযাপন! বিশ্বজুৰি যিকোনো পৰিস্থিতিতে এই পৰ্ব্ব পালন কৰাটো সহজ আৰু ব্যৱহাৰিক। তদুপৰি এই পৰ্ব্বত ব্যৱহাৰ কৰা প্ৰতীকসমূহ শতাব্দীৰ পিছত শতাব্দী ধৰি অৰ্থপূৰ্ণ স্মাৰক হিচাবে প্ৰমাণিত হৈছে।
আপোনাৰ বাবে ইয়াৰ অৰ্থ
বলিদানৰূপে আমাৰ প্ৰভুৰ যীচুৰ মৃত্যুত যীচু স্বয়ং আৰু তেওঁৰ পিতৃ যিহোৱাই অবুজ পৰিমাণে মূল্য পৰিশোধ ৰোমীয়া ৫:১২; ইব্ৰী ৭:২৬) তেওঁ চিৰকালৰ বাবে জীয়াই থাকিব পাৰিলেহেঁতেন। তদুপৰি অনুমতিৰ অবিহনে কোনো মানুহে বলপূৰ্বকভাৱে তেওঁৰ প্ৰাণ লʼব নোৱাৰিলেহেঁতেন। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “কোনোবাই মোৰ পৰা তাক কাঢ়ি নিয়ে, এনে নহয়; মই নিজেই তাক এৰি দিওঁ।”—যোহন ১০:১৮.
কৰিবলগীয়া হৈছিল। এজন সিদ্ধ মানৱৰূপে তেওঁ আমাৰ নিচিনাকৈ মৃত্যুৰ সম্মুখীন হোৱাৰ কোনো আৱশ্যক নাছিল। (দৰাচলতে যীচুৱে নিজৰ সিদ্ধ মানৱ জীৱন বলিদানৰূপে দিবলৈ ইচ্ছুক আছিল, যাতে “মৃত্যুৰ পৰাক্ৰম থকাটোক, অৰ্থাৎ চয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্ম্মণ্য কৰিবলৈ, আৰু যিবিলাকে মৃত্যুৰ ভয়ত গোটেই আয়ুসৰ দিন দাসত্বৰ অধীন আছিল, তেওঁবিলাকক মুক্ত কৰিবলৈ, তেওঁ নিজেও একে দৰে সেই উভয়ৰ ভাগী হল।” (ইব্ৰী ২:১৪, ১৫) তেওঁ যি প্ৰকাৰে নিজে মৃত্যু হʼবলৈ বাছি লʼলে, ইয়ে খ্ৰীষ্টৰ আত্মবলিদানমূলক প্ৰেমৰ প্ৰমাণ দিলে। প্ৰকৃততে তেওঁ কি প্ৰকাৰে মৃত্যুবৰণ কৰিব লাগিব এই বিষয়ে তেওঁ পূৰ্বৰে পৰা জানিছিল।—মথি ১৭:২২; ২০:১৭-১৯.
আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই যে আমাৰ প্ৰতি তেওঁৰ মহৎ প্ৰেমৰ অভিব্যক্তি প্ৰকাশ কৰিলে এই বিষয়েও স্মৰণীয় পৰ্ব্বই আমাক সোঁৱৰাই দিয়ে। “অতি স্নেহৱান আৰু দয়ালু” জনাই তেওঁৰ একমাত্ৰ পুত্ৰক গেৎচিমানী বাগিছাত “অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিবেদন” কৰা, তেওঁক ক্ৰুৰতাৰে চাবুকেৰে কোবোৱা, যাতনা স্তম্ভত দিয়া, মন্থৰ গতিৰে যন্ত্ৰণাদায়ক মৃত্যুবৰণ কৰা দেখি মনত কিমান যে দুখ পাইছিল। (যাকোব ৫:১১; ইব্ৰী ৫:৭; যোহন ৩:১৬; ১ যোহন ৪:৭, ৮) যীচুৱে যন্ত্ৰনাদায়ক মৃত্যুবৰণ কৰা কাৰ্য্যৰ বিষয়ে শুনি বৰ্তমানেও বহুতে মানসিকৰূপে বেদনা অনুভৱ কৰে।
ক্ষন্তেক বিবেচনা কৰক যে মানৱজাতিক পাপৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই কিমান যে অবুজ পৰিমাণে মূল্য পৰিশোধ কৰিবলগীয়া হʼল! (ৰোমীয়া ৩:২৩) বাস্তৱতে প্ৰত্যেক দিনা আমি নিজৰ পাপময় আচৰণ আৰু অসিদ্ধতাৰ বাবে দুখ ভুগীবলগীয়া হয়। কিন্তু আমি যীচু খ্ৰীষ্টৰ মুক্তিপণ বলিদানত বিশ্বাস কৰি যিহোৱাৰ ওচৰত ক্ষমা বিচাৰি নিবেদন কৰিব পাৰোঁ। (১ যোহন ২:১, ২) এনে প্ৰেমময় প্ৰবন্ধৰ বাবে যিহোৱাৰ সৈতে উদাৰ চিত্তেৰে কথা হʼবলৈ আৰু এক শুদ্ধ বিবেক বজাই ৰখাত সক্ষম হলোঁ। (ইব্ৰী ৪:১৪-১৬; ৯:১৩, ১৪) ইয়াৰ উপৰিও ভৱিষ্যতে আমি অনন্তকালৰ বাবে পৰমদেশীয় পৃথিৱীত জীয়াই থকাৰ আশীৰ্ব্বাদ লাভ কৰিলোঁ। (যোহন ১৭:৩; প্ৰকাশিত বাক্য ২১:৩, ৪) এই সকলো আৰু আন আশীৰ্ব্বাদসমূহ কেৱল যীচুৱে আত্মবলিদান কৰা মহৎ কাৰ্য্যৰ বাবেহে সম্ভৱ হʼল।
প্ৰভুৰ ভোজৰ প্ৰতি মূল্যাঙ্কন দেখুউৱা
ইয়াত কোনো সন্দেহ নাই যে প্ৰভুৰ ভোজৰ দ্বাৰা ঈশ্বৰ যিহোৱাই তেওঁৰ “মহৎ অনুগ্ৰহ” প্ৰকাশ কৰিলে। প্ৰবন্ধ কৰা মহৎ মুক্তিপণ বলিদান অৰ্থাৎ যিটো যীচুৰ আত্মবলিদান প্ৰেমৰ দ্বাৰা সম্ভৱ হʼল, সেইটো অৱশ্যেই যিহোৱাই দান কৰা এক ‘বৰ্ণনাতীত দান’ আছিল। (২ কৰিন্থীয়া ৯:১৪, ১৫) ঈশ্বৰে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰা প্ৰকাশ কৰা উত্তমতাৰ অভিব্যক্তিয়ে আপোনাক গভীৰ মূল্যাঙ্কন দেখুৱাবলৈ আৰু তাৰ অৰ্থ বুজিবলৈ উৎকণ্ঠিত নকৰেনে বাৰু?
আমি নিশ্চিত যে সেইবোৰে অৱশ্যেই প্ৰেৰিত কৰে। সেয়েহে আমি আপোনাক যিহোৱাৰ সাক্ষীসকলৰ সৈতে যীচুৰ মৃত্যুক সুঁৱৰিবৰ অৰ্থে একত্ৰিত হʼবলৈ আমন্ত্ৰিত কৰিছোঁ। এই বছৰত বুধবাৰ, এপ্ৰিল ১৬ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পিছত স্মৰণীয় পৰ্ব্ব পালন কৰা হʼব। আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে স্মৰণীয় পৰ্ব্ব পালন কৰা সঠিক স্থান আৰু সময়ৰ বিষয়ে জনাবলৈ পাই নথৈ আনন্দিত হʼব। (w03 4/1)
[ফুটনোট]
^ মুক্তিপণৰ বিষয়ে বিতংকৈ জানিবলৈ অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা, জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন চাওক।
[৬ পৃষ্ঠাৰ বক্স/ছবি]
“এয়ে . . . দান কৰা মোৰ শৰীৰ” অথবা “এয়ে মোৰ শৰীৰ” বুলি উল্লেখ কৰা উক্তিটোৱে প্ৰকৃততে কিহক বুজাইছে?
যেতিয়া যীচুৱে “দুৱাৰ ময়েই” আৰু “ময়েই প্ৰকৃত দ্ৰাক্ষালতা” বুলি উল্লেখ কৰিছিল তেতিয়া তেওঁ কোৱা অৰ্থ প্ৰকৃততে বাস্তৱিক দুৱাৰ বা বাস্তৱিক দ্ৰাক্ষালতা নাছিল। (যোহন ১০:৭; ১৫:১) একেইদৰে দ্যা নিউ যিৰূচালেম বাইবেলʼত যীচুৱে কোৱা কথাশাৰীক এইদৰে উল্লেখ কৰিছে: “এই পান-পাত্ৰ হৈছে নতুন নিয়ম।” আমি ইয়াৰ অৰ্থক এই অৰ্থত লোৱা উচিত নহয় যে এই পান-পাত্ৰই হৈছে বাস্তৱিকতে নতুন নিয়ম। গতিকে ইয়াত কোনো সন্দেহ নাই যে যেতিয়া যীচুৱে কৈছিল, এই পিঠা তেওঁৰ শৰীৰ ‘আছিল’ তেতিয়া সেই পিঠা লাক্ষণিকৰূপে তেওঁৰ শৰীৰক চিহ্নিত কৰিছিল। সেয়েহে চাৰ্লচ বি. উইলিয়াম নামৰ অনুবাদকজনে এইদৰে কৈছে: “এয়া মোৰ শৰীৰক চিহ্নিত কৰে।”—লূক ২২:১৯, ২০.
[৫ পৃষ্ঠাৰ ছবি]
প্ৰতীকস্বৰূপে ব্যৱহাৰ কৰা খমীৰ নোহোৱা পিঠা আৰু দ্ৰাক্ষাৰস হৈছে উপযুক্তৰূপে যীচুৰ সিদ্ধ শৰীৰ আৰু তেওঁৰ বোৱতী তেজ
[৭ পৃষ্ঠাৰ ছবি]
যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই প্ৰকাশ কৰা মহৎ প্ৰেমৰ অভিব্যক্তিৰ বিষয়ে স্মৰণীয় পৰ্ব্বৰ উদযাপনে আমাক সোঁৱৰাই দিয়ে