দৰিদ্ৰতা ইয়াৰ স্থায়ী সমাধান বিচাৰি উলিওৱা
দৰিদ্ৰতা ইয়াৰ স্থায়ী সমাধান বিচাৰি উলিওৱা
দৰিদ্ৰতাৰ সম্পৰ্কে বিশ্বজুৰি নেতিবাচক ৰিপৰ্টসমূহ পোৱাৰ স্বত্ত্বেও যিসকলে আশাবাদী হৈ থাকে তেওঁলোকে অৱশ্যেই কিবা এটা নিৰ্দ্দিষ্ট কৰিব পাৰে। উদাহৰণস্বৰূপে, মেনিলা বুলেটিন নামৰ বাতৰি কাকতখনত প্ৰকাশ পোৱা মূখ্য বাতৰিৰ অনুসাৰে এছিয়া উন্নয়নশীল বেংকে এইদৰে ৰিপৰ্ট দিয়ে যে “এছিয়াই ২৫ বছৰৰ ভিতৰত দৰিদ্ৰতাক অন্ত কৰিব পাৰে।” সেই বেংকে লোকসকলক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ আৰ্থিক উৎপাদন বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে।
তদুপৰি বহুতো সংগঠন আৰু চৰকাৰে এই সমস্যাটো সমাধান কৰিবলৈ বহুতো পৰামৰ্শ দিছে আৰু পৰিকল্পনা তৈয়াৰ কৰিছে। সেইবোৰৰ কিছুমান হৈছে: সামাজিক বীমা কাৰ্য্যক্ৰম, উন্নত শিক্ষা, ঋণ বিলোপ কৰি দেশক উন্নতিৰ জখলালৈ আগবঢ়াই নিয়া, ৰপ্তানি কৰাৰ বাধাবোৰ আঁতৰাই দেশত থকা দৰিদ্ৰ লোকবিলাকক তেওঁলোকে কৰা উৎপাদনসমূহ অধিকমাত্ৰাত সহজে বিক্ৰি কৰিবলৈ সুযোগ দিয়া আৰু চৰকাৰে দুখীয়া লোকবিলাকলৈ ঘৰ নিৰ্ম্মাণ কৰা।
২০১৫ চনলৈকে দৰিদ্ৰতা, অনাহাৰ দূৰ কৰা আৰু দেশখনৰ ভিতৰত হোৱা উপাৰ্জ্জনত পৰিৱৰ্তন অনাৰ লক্ষ্য ৰাখি ২০০০ চনত সংযুক্ত ৰাষ্ট্ৰৰ সাধাৰণ সভাত এটা প্ৰস্তাৱ আগবঢ়োৱা হয়। এই বিষয়টো যিমানেই উৎকৃষ্ট নহওক কিয়, বহুতে এই বিভাজিত জগতত তেনে লক্ষ্যত উপনীত হোৱাটো সম্ভৱনে বুলি ভাবি সন্দেহ প্ৰকাশ কৰে।
দৰিদ্ৰতাৰ সৈতে সম্মুখীন হোৱাৰ ব্যৱহাৰিক পদক্ষেপ
যিহেতু এই জগতত দৰিদ্ৰতা প্ৰকৃতে আঁতৰ হোৱাটো কম আশা কৰিব পাৰি, তেনেহʼলে এজন ব্যক্তিয়ে কʼৰ পৰা সহায় লাভ কৰিব পাৰে? উপৰত উল্লেখ কৰা হʼল যে এক ব্যৱহাৰিক জ্ঞানে বৰ্তমান লোকসকলক সহায় কৰিব পাৰে। সেই ব্যৱহাৰিক জ্ঞান
কʼৰ পৰা পাব পাৰি? ইয়াক ঈশ্বৰৰ বাক্য বাইবেলৰ পৰা লাভ কৰিব পাৰি।বাইবেলখনক কিহে আন সকলোবোৰ সংবাদৰ উৎসৰ পৰা পৃথক কৰিলে? বাইবেলখন হৈছে উচ্চ অধিকাৰী অৰ্থাৎ আমাৰ সৃষ্টিকৰ্ত্তাৰ দ্বাৰা ৰচিত। তেওঁ ইয়াৰ পৃষ্ঠাসমূহত জ্ঞানৰ মণি-মুকুতা আৰু ব্যৱহাৰিক সিদ্ধান্তসমূহ অন্তৰ্ভূক্ত কৰিলে যিটো সকলো ঠাইৰ লোকৰ বাবে সকলো সময়তে আৱশ্যক। যদি এই সিদ্ধান্তসমূহ পালন কৰা হয় তেনেহʼলে দৰিদ্ৰসকলে বৰ্তমান এক সন্তুষ্টিদায়ক জীৱন নিৰ্বাহ কৰিব পাৰিব। আঁহক আমি কিছুমান উদাহৰণক লক্ষ্য কৰোঁহঁক।
ধনৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী ৰাখা। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “ধন যেনে ৰক্ষক, প্ৰজ্ঞাও তেনে ৰক্ষক; কিন্তু জ্ঞানৰ উপকাৰ এই যে, প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰে।” (উপদেশক ৭:১২) এই বাক্যশাৰীৰ যোগেদি কি কʼব বিচাৰিছে? ইয়াত এইটো কোৱা হৈছে যে ধনেই সকলো নহয়। এইটো সঁচা যে ধনে এক সীমিত নিৰাপত্তা প্ৰদান কৰে। ইয়াৰ বাবে আমি আমাক আৱশ্যক হোৱা বিশেষ কিছুমান বস্তু কিনিব পাৰোঁ, কিন্তু ইয়াৰ এটা সীমা আছে। তদুপৰি এনে কিছুমান বহুমূলীয়া বস্তু আছে যাক ধনৰ দ্বাৰা কিনিব নোৱাৰি। এই সত্যতাৰ প্ৰতি অৱগত হোৱাই আমাক ভৌতিক বস্তুৰ প্ৰতি ভাৰসাম্যতা বজাই ৰখাত সহায় কৰিব আৰু এইদৰে আমি ধন জমা কৰাৰ প্ৰতি ধ্যান কেন্দ্ৰিত নকৰি তাৰ পৰা উৎপন্ন হোৱা বিতুষ্টিৰ পৰা ৰক্ষা পাব পাৰিম। প্ৰকৃততে ধনে জীৱনটো কিনিব নোৱাৰে, কেৱল জ্ঞানেহে বৰ্তমান আমাৰ জীৱনটোত নিৰাপত্তা দিয়ে আৰু সম্ভৱতঃ ইয়ে আমাৰ বাবে অনন্তজীৱনৰ পথ মুকলি কৰিব পাৰে।
আপোনাৰ ওচৰত থকাখিনিতে সন্তুষ্টি হওক। আমি হেপাহ কৰাটো আমাক প্ৰয়োজন হোৱাৰ সৈতে একেই নহয়। সেয়েহে আমি আমাক প্ৰয়োজন হোৱাটোৰ প্ৰতিহে গুৰুত্ব দিয়া উচিত। আমাৰ সহজে প্ৰত্যয় জন্মিব পাৰে যে আমাক কিহবাৰ আৱশ্যক, কিন্তু আচলতে সেইটো হৈছে আমাৰ হেপাহ যিয়ে আমাৰ জীৱনৰ আৱশ্যকতাক সমৰ্থন নকৰে। এজন জ্ঞানী ব্যক্তিয়ে তেওঁৰ উপাৰ্জ্জনখিনি সৰ্ব্বপ্ৰথমে অতি আৱশ্যক হোৱা বস্তুবোৰৰ বাবে ব্যয় কৰিব, যেনে, অন্ন, বস্ত্ৰ, ঘৰ আৰু প্ৰয়োজন হোৱা অন্য বস্তু। তাৰ পিছত যদি তেওঁৰ ওচৰত ধন ৰাহি হয় তেতিয়াহে ওপৰঞ্চিখিনি কিনিবলৈ তেওঁৰ বাবে যথেষ্ট হʼব নে নহয় এই বিষয়ে বিবেচনা কৰিব। যীচুৱে তেওঁৰ এটা দৃষ্টান্তত এজন ব্যক্তিক এইদৰে কৰিবলৈ আমন্ত্ৰণ কৰিছিল যে, “প্ৰথমতে বহি, তাৰ কিমান খৰচ, আৰু তাক এঁটাবলৈ সমৰ্থ আছে নে নাই ইয়াক গণনা” কৰা।—লূক ১৪:২৮.
ফিলিপিন্সৰ ইউফৰচিনা নামৰ এগৰাকী একজনক মাতৃয়ে তাইৰ তিনিটা লʼৰা-ছোৱালীৰ সৈতে বাস কৰিছিল। মহিলা গৰাকীৰ স্বামীয়ে কিছুবছৰৰ আগতে পৰিয়ালটোক এৰি যোৱাৰ বাবে অতি কম উপাৰ্জ্জনত পৰিয়ালটো চলিবলৈ অসুবিধা হৈছিল। মহিলা গৰাকীয়ে তেনে অৱস্থাত থাকি তাইৰ লʼৰা-ছোৱালীক কম উপাৰ্জ্জনত আৱশ্যকতাখিনিক পূৰণ কৰাত অধিক গুৰুত্ব দিবলৈ প্ৰশিক্ষণ দিলে। উদাহৰণস্বৰূপে, যেতিয়া লʼৰা-ছোৱালীয়ে তেওঁলোকে পছন্দ কৰা কোনো বস্তু কিনিব বিচাৰিছিল তেতিয়া মহিলা গৰাকীয়ে নাই সেইটো কিনিব নালাগে বুলি কোৱাৰ পৰিৱৰ্তে যুক্তি দৰ্শাই এইদৰে কৈছিল: “ঠিক তোমালোকে সেইটো কিনিব পৰা, কিন্তু তোমালোকে নিজেই নিৰ্ণয় লʼব লাগিব। আমাৰ ওচৰত কেৱল এটা বস্তু কিনিবলৈহে টকা আছে। আমি তোমালোকে বিচৰা বস্তুটো কিনিম নতুবা এই সপ্তাহত ভাতৰ লগত খাবলৈ শাক-পাছলি বা অলপ মাংস কিনিব পাৰিম। তোমালোকে কিটো পছন্দ কৰা? নিজেই নিৰ্ণয় কৰা।” সাধাৰণতে লʼৰা-ছোৱালীয়ে মাকে কোৱা কথাষাৰৰ অৰ্থ সহজে বুজি পায় আৰু তেওঁলোকে নিজে বিচৰা বস্তু কিনাৰ পৰিৱৰ্তে খোৱা বস্তু কিনিবলৈ নিৰ্ণয় লয়।
সংযমী হওক। আন এটা বাইবেলৰ সিদ্ধান্তই এইদৰে কৈছে যে “আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” (১ তীমথিয় ৬:৮) ধনে আমালৈ আনন্দ কঢ়িয়াই আনিব নোৱাৰে। সেয়েহে বহুতে আজি ধনী হোৱাৰ স্বত্ত্বেও আনন্দিত নহয়, কিন্তু দুখীয়াসকলে আনন্দত আছে। এই দুখীয়া লোকসকলে নিজৰ জীৱনৰ প্ৰয়োজনীয়তাখিনি পূৰণ হʼলেই সন্তুষ্টি হয়। এই বিষয়ে যীচুৱে কৈছিল যে এটা ‘নিৰ্ম্মল চকুৱে’ কেৱল প্ৰয়োজনীয় হোৱা বস্তুতে মনোযোগ দিয়ে। (মথি ৬:২২) ইয়ে এজন ব্যক্তিক সন্তুষ্টি হʼবলৈ সহায় কৰে। বহুতো দুখীয়া লোকে আজি সন্তুষ্টিৰে জীৱন নিৰ্বাহ কৰিছে, কিয়নো তেওঁলোকে ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিছে আৰু তেওঁলোকৰ এক সুখী পৰিয়াল আছে যিবোৰক কোনো ধনে কিনিব নোৱাৰে।
বহুতো আৰ্হিৰ ভিতৰত ইয়াত কেৱল কিছুমান ব্যৱহাৰিক পৰামৰ্শৰ আৰ্হিহে উল্লেখ কৰা হৈছে যিয়ে দুখীয়া লোকবিলাকক তেওঁলোকৰ পৰিস্থিতিৰ সৈতে সম্মুখীন হʼবলৈ সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, ইয়াত চিগাৰেত খোৱা আৰু জুৱা খেলিবলৈ নিষেধ কৰিছে যʼত অবাবতে ধন ব্যয় হয়; জীৱনত সকলোতকৈ আৱশ্যক হোৱা প্ৰয়োজনীয়তাক চিনি বিশেষকৈ আধ্যাত্মিক লক্ষ্য ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে; যʼত চাকৰি পোৱাটো সহজ নহয় তেনেবোৰ ঠাইত আনক আৱশ্যক হোৱা দক্ষতাপূৰ্ণ সেৱা আগবঢ়াবলৈ কৈছে। (হিতোপদেশ ২২:২৯; ২৩:২১; ফিলিপীয়া ১:৯-১১) বাইবেলে “বুদ্ধি-কৌশল আৰু বহুদৰ্শিতাক” যত্নেৰে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে, কিয়নো “সেইবোৰ তোমাৰ প্ৰাণৰ জীৱন।”—হিতোপদেশ ৩:২১, ২২.
বাইবেলে যদিও বৰ্তমান সময়ত দৰিদ্ৰ অৱস্থাত সংগ্ৰাম কৰিবলগীয়া হোৱাসকলৰ বাবে সহায়কাৰী উপশম আগবঢ়াই, কিন্তু ভৱিষ্যতে কি হʼব তাক জানিবলৈ এতিয়াও বাকী আছে। দুখীয়াবিলাক চিৰকালৰ বাবে তেনে দৰিদ্ৰ অৱস্থাত থাকিবনে? বৰ্তমান একেবাৰে ধনী আৰু একেবাৰে দুখীয়াৰ মাজত থকা প্ৰভেদতা অস্তিত্ববান হৈ থাকিবনে? আঁহক আমি এনে এটা সমাধানৰ বিষয়ে আলোচনা কৰিম যাৰ বিষয়ে বহুতে আজি নাজানে।
বাইবেলে তেনে আশা ৰখাৰ যুক্তিসঙ্গত কাৰণ দাঙি ধৰিছে
বহুতে স্বীকাৰ কৰে যে বাইবেলখন হৈছে এখন ভাল কিতাপ। কিন্তু তেওঁলোকে প্ৰায়ে নাজানে যে ইয়াত ভৱিষ্যতে অতি শীঘ্ৰেই এটা ডাঙৰ পৰিৱৰ্তন হোৱাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
ঈশ্বৰে দৰিদ্ৰতাৰ সৈতে সকলোবোৰ মানৱজাতিৰ সমস্যাসমূহ আঁতৰ কৰিবলৈ অতি সোনকালেই পদক্ষেপ লʼব। কিয়নো মানৱ চৰকাৰবিলাকে এই ক্ষেত্ৰত মিছা প্ৰমাণিত হৈছে বা তেওঁলোকে তেনে কৰিবলৈ ইচ্ছা নকৰে, সেয়েহে ঈশ্বৰে সেই মানৱ চৰকাৰবিলাকক আঁতৰ কৰিব। কেনেকৈ আঁতৰ কৰিব? বাইবেলৰ দানিয়েল ২:৪৪ পদত দৃঢ়ভাৱে এইদৰে বৰ্ণনা কৰিছে: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”
এই “ৰাজ্য” বা চৰকাৰবিলাকক আঁতৰ কৰিবলৈ ঈশ্বৰৰ নিযুক্ত ৰজাজনে কাৰ্য্য কৰিব। সেই ৰজাজন কোনো সাধাৰণ মানৱ নহয়, কিন্তু তেওঁ হৈছে স্বৰ্গত থকা ঈশ্বৰৰ দৰে এজন শক্তিশীল ব্যক্তি। বৰ্তমান বিদ্যামান হোৱা সকলোবোৰ পৰিস্থিতিক নাটকীয়ভাৱে পৰিৱৰ্তন কৰিবলৈ তেওঁৰ ক্ষমতা আছে। সেই ৰজাজন হৈছে যীচু খ্ৰীষ্ট অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যিজনক তেনে কৰিবলৈ যিহোৱা ঈশ্বৰে মনোনিত কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১৭:৩১) গীতমালা ৭২:১২-১৪ পদত সেই ৰজাজনে কি কৰিব তাৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “দুখীয়াই কাতৰোক্তি কৰিলে তেওঁ তাক উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব; তেওঁ দৰিদ্ৰবিলাকৰ প্ৰাণ ৰক্ষা কৰিব। অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সিবিলাকৰ তেজ বহুমূল্য হব।” সেইটো কিমান যে আচৰিতজনক আশা আৰু উপশম! বাস্তৱতে ঈশ্বৰৰ নিযুক্ত ৰজাজনে সকলো দৰিদ্ৰতা আৰু নিঃকিন লোকৰ হৈ কাৰ্য্য কৰিব।
গীতমালা ৭২:১৬ পদত এইদৰে কোৱা হৈছে: “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব।” তাত খাদ্যৰ অভাৱৰ বাবে হোৱা আকাল, ধনৰ অভাৱ বা ত্ৰুটিযুক্ত প্ৰশাসন নহʼব।
সেই সময়ছোৱাত দৰিদ্ৰতাৰ সৈতে সন্মিলিত থকা সকলোবোৰ সমস্যাক সমাধান কৰা হʼব।ইয়াৰ উপৰিও আন বহুতো সমস্যাৰ সমাধান কৰা হʼব। উদাহৰণস্বৰূপে, বৰ্তমান অধিক শতাংশ লোকৰ নিজা ঘৰ নাই। কিন্তু ঈশ্বৰে এইদৰে প্ৰতিজ্ঞা কৰিছে: “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হব, আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।” (যিচয়া ৬৫:২১, ২২) প্ৰত্যেকৰ নিজা ঘৰ হʼব আৰু নিজৰ পৰিশ্ৰমৰ ফল ভোগ কৰিব পাৰিব। তদুপৰি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে সম্পূৰ্ণকৈ দৰিদ্ৰতা অৱস্থাক আঁতৰ কৰা হʼব। বৰ্তমান ধনী আৰু দৰিদ্ৰতাৰ মাজত অস্তিত্বত থকা বৃহৎ পৃথকতা আৰু পুনৰাই দেখা নাযাব।
বাইবেলত তেনে বিষয়ে কৰা প্ৰতিজ্ঞাক বহুতে বাস্তৱিকতে তেনে হʼব বুলি সন্দেহ প্ৰকাশ কৰিব পাৰে। যিহেতু বাইবেলখনক ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰি জানিব পৰা গৈছে যে ঈশ্বৰে প্ৰাচীন সময়ৰ লোকসকলক কৰা প্ৰতিজ্ঞাসমূহ বাস্তৱিকতে পূৰ্ণ হʼল। (যিচয়া ৫৫:১১) তেনেদৰে যদি পূৰ্ণ নোহোৱা হʼলে এনে প্ৰতিজ্ঞা কৰাটো কোনো অৰ্থ নাথাকিলেহেঁতেন। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে সেই প্ৰতিজ্ঞাসমূহ পূৰ্ণ হোৱাৰ পৰা লাভৱান হʼবলৈ আপুনি কি কৰা উচিত?
আপুনি সেই প্ৰতিজ্ঞাসমূহ পূৰ্ণ হোৱাটো চাব বিচাৰেনে?
যিহেতু সেই চৰকাৰ হৈছে ঈশ্বৰৰ, গতিকে আমিও তেওঁ বিচৰাৰ দৰে হোৱা আৱশ্যক তেহে সেই ৰজাৰ অধীনত অহা ৰাজ্যৰ বাসিন্দা হʼবলৈ অনুমতি পাম। ইয়াৰ বাবে আমি কেনেকৈ উপযুক্ত হʼব পাৰোঁ এই বিষয়ে তেওঁ আমাক নজনোৱাকৈ ৰখা নাই। সেই বিষয়ে তেওঁ নিজৰ বাক্য বাইবেলত স্পষ্টকৈ বৰ্ণনা কৰিছে।
সেই ৰাজ্যৰ নিযুক্ত ৰজাজন হৈছে ঈশ্বৰৰ পুত্ৰ, তেওঁ হৈছে এজন ধাৰ্ম্মিক ৰজা। (যিচয়া ১১:৩-৫) গতিকে যিসকলে তেওঁৰ ৰাজ্যত স্থান পাবলৈ আশা কৰে তেওঁলোকেও ধাৰ্ম্মিক হোৱা আৱশ্যক। এই বিষয়ে হিতোপদেশ ২:২১, ২২ পদত এইদৰে কৈছে: “সৰল লোকবিলাকে দেশত নিবাস কৰিব, আৰু সিদ্ধ লোকবিলাক তাত অৱশিষ্ট থাকিব; কিন্তু দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব, আৰু বিশ্বাস-ঘাতকবোৰক দেশৰ পৰা উঘলা যাব।”
এনে আৱশ্যকীয় বিষয়টোৰ সম্পৰ্কে শিকিবলৈ কোনো উপায় বা পথ আছেনে? হয়, অৱশ্যেই আছে। বাইবেলখন অধ্যয়ন আৰু ইয়াত দিয়া নিৰ্দ্দেশনাবোৰ পালন কৰি আপুনি নিশ্চয়ে সেই উজ্জ্বল ভৱিষ্যতৰ প্ৰয়োজনীয়তাবোৰ আহৰণ কৰিব পাৰিব। (যোহন ১৭:৩) এই সংক্ৰান্তত যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পাই অতি আনন্দিত হʼব। এতেকে আমি আপোনাক কোনো প্ৰকাৰৰ অন্যায় নোহোৱা সমাজত যোগদান কৰাৰ সুযোগ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ। (w03 8/1)
[৫ পৃষ্ঠাৰ ছবি]
ইউফৰচিনা: “সীমিত উপাৰ্জ্জনত এক নিৰ্ধাৰিত আয়-ব্যয়ৰ পৰিকল্পনাই মোৰ পৰিয়ালটোৰ আৱশ্যকতা পূৰণ কৰাত সহায় কৰিলে”
[৬ পৃষ্ঠাৰ ছবিসমূহ]
ঈশ্বৰৰ সৈতে এক উত্তম সম্পৰ্ক গঢ়ি তুলা আৰু এক সুখী পৰিয়াল কোনো ধনে প্ৰদান কৰিব নোৱাৰে