অনুযোগৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰক
অনুযোগৰ উদ্দেশ্যৰ প্ৰতি মূল্যাঙ্কন কৰক
“অনুযোগ” শব্দটো শুনি আপোনাৰ মনত কেনে ভাৱধাৰা সৃষ্টি হয়? এই শব্দটোৰ বিষয়ে এখন অভিধানে এইদৰে বৰ্ণনা কৰি কৈছে যে, “সিদ্ধান্তসমূহ পালন কৰিবলৈ ইয়ে লোকসকলক বাধ্য কৰে আৰু যদি তেওঁলোকে তেনেদৰে নকৰে তেনেহʼলে তাৰ উপযুক্ত শাস্তি প্ৰদান কৰে।” কেৱল অভিধানতহে তেনেদৰে বৰ্ণনা কৰা হৈছে এনে নহয়, আনকি বহুতে অনুযোগ শব্দটোৰ সৈতে জড়িত থকা আন বিষয়বোৰকো ভুলভাৱে গ্ৰহণ কৰে।
কিন্তু বাইবেলে এই শব্দটোৰ অৰ্থ ভিন্নকৈ বৰ্ণনা কৰিছে। এই বিষয়ে জ্ঞানী ৰজা চলোমনে এইদৰে কৈছিল: “হে মোৰ বোপা, যিহোৱাৰ শাস্তি হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ অনুযোগত আমনি নাপাবা।” (হিতোপদেশ ৩:১১) এই বাক্যশাৰীয়ে সাধাৰণ অৰ্থত অনুযোগ দিয়াটো বুজোৱা নাই কিন্তু ঈশ্বৰৰ উচ্চ সিদ্ধান্তৰ ওপৰত আধাৰিত ‘যিহোৱাৰ অনুযোগকহে’ বুজাইছে। কেৱল তেনেধৰণৰ অনুযোগহে আধ্যাত্মিকভাৱে লাভদায়ক আৰু বাঞ্চনীয়। আনহাতে মানৱীয় বিচাৰধাৰাৰ ওপৰত আধাৰিত থকা অনুযোগ হৈছে হানিকাৰক আৰু অপমানজক। সেইবাবে বহুতে অনুযোগৰ প্ৰতি উচিত দৃষ্টিভঙ্গী নাৰাখে।
যিহোৱাৰ অনুযোগ গ্ৰহণ কৰিবলৈ আমাক কিয় আগ্ৰহ কৰা হৈছে? শাস্ত্ৰীয় পদবোৰত উল্লেখ কৰা ঈশ্বৰীয় অনুযোগ হৈছে মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ প্ৰেমৰ এক অভিব্যক্তি। সেইবাবে ৰজা চলোমনে এনেদৰে কব পাৰিলে: “পিতৃয়ে নিজ প্ৰিয় পুত্ৰক যেনে কৰে, তেনেকৈ ঈশ্বৰেও যাকে প্ৰেম কৰে, তাকেইহে অনুযোগ কৰে।”—হিতোপদেশ ৩:১২.
অনুযোগ আৰু শাস্তিৰ মাজত কেনে ভিন্নতা আছে?
বাইবেলত উল্লেখ কৰা অনুযোগৰ বহুতো দিশ আছে, যেনে—নিৰ্দ্দেশনা, প্ৰশিক্ষণ, শুধৰণি আৰু শাস্তি। কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰেমেৰে প্ৰেৰিত হৈ যিহোৱাই অনুযোগ দিছে আৰু পাওঁতাজনৰ লাভৰ অৰ্থে দিয়া হৈছে। যিহোৱাই কেৱল শাস্তি দিবলৈহে অনুযোগ দিয়ে এনে নহয়।
ইয়াৰ বিপৰীতে ঈশ্বৰে দিয়া শাস্তিত সংশোধন বা শিক্ষাদান কৰা কাৰ্য্য সন্মিলিত আছে। উদাহৰণস্বৰূপে, যিদিনাই আদম আৰু হৱাই পাপ কৰিলে সেইদিনাৰ পৰাই তেওঁলোকে অৱজ্ঞাকাৰী হোৱাৰ পৰিণাম ভোগ কৰিবলৈ ধৰিলে। কিয়নো যিহোৱাই তেওঁলোকক এদন বাগিছাৰ পৰা উলিয়াই পঠালে আৰু তেওঁলোকে অসিদ্ধতা, ৰোগ আৰু বৃদ্ধ অৱস্থাৰ সম্মুখীন হʼবলগীয়া হʼল। তেওঁলোকে কেইবা শ বছৰ জীয়াই থকাৰ পিছত মৃত্যু বৰণ কৰিলে। যদিও সেইয়া এক ঈশ্বৰে দিয়া অনুযোগ আছিল তথাপিও ইয়াক সংশোধনৰ বাবে দিয়া নাছিল। কিয়নো আদম আৰু হৱাই কৰা ইচ্ছাকৃত পাপৰ কোনো সংশোধন নাছিল।
আন আন বৃতান্তসমূহতো নোহৰ দিনৰ জলপ্ৰলয়, চদোম আৰু ঘমোৰা নগৰৰ ধ্বংস, চূফ সাগৰত মিচৰীয়া সৈন্যৰ বিনাশ সন্মিলিত আছে। যিহোৱাই লোৱা এনে পদক্ষেপত কোনো ধৰণৰ নিৰ্দ্দেশনা, প্ৰশিক্ষণ বা শিক্ষা সন্মিলিত নাছিল। এনে শাস্তি দিয়াৰ সম্পৰ্কে লোৱা পদক্ষেপবোৰৰ বিষয়ে পাঁচনি পিতৰে এইদৰে লিখিছিল: “পুৰাতন জগতক মৰম নকৰিলে, কিন্তু যেতিয়া ভক্তিহীনবিলাকৰ ওপৰলৈ জনপ্লাবন আনিলে, তেতিয়া ধৰ্ম্মপ্ৰচাৰক নোহক আন সাত জনে সৈতে ৰক্ষা কৰিলে; আৰু চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি উৎপাটনৰূপ দণ্ড দি, ভক্তিলঙ্ঘনকাৰী ভাবী মানুহবিলাকলৈ আৰ্হি কৰি থলে।”—২ পিতৰ ২:৫, ৬.
তেনে উদ্দেশ্যৰে শাস্তি দিয়া কাৰ্য্যই কি অৰ্থত “ভক্তিলঙ্ঘনকাৰী ভাবী মানুহবিলাকলৈ আৰ্হি” হিচাবে প্ৰমাণিত হʼল? থিচলনীকিয়াসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে আমাৰ সময়ৰ বিষয়েও কৈছিল, যʼত যীচুৰ দ্বাৰা ২ থিচলনীকীয়া ১:৬, ১০) অৱশ্যে ঈশ্বৰে তেনে ধৰণৰ শাস্তি শিক্ষা বা সংশোধন কৰিবলৈ দিয়া নাছিল। যিহেতু তেওঁ নিজৰ উপাসকসকলক আগ্ৰহ কৰা অনুযোগ একেবাৰে ভিন্ন। কিয়নো ই মন পালনটন নকৰা পাপীক দিয়া অনুযোগৰ দৰে নহয়।
“ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” আগলৈ তেওঁ এইদৰে কৈছিল: “তেওঁবিলাকে অনন্ত সংহাৰৰূপ দণ্ড ভোগ কৰিব।” (মন কৰিবলগীয়া এই যে বাইবেলে কেতিয়াও যিহোৱাক শাস্তি দিওঁতা ঈশ্বৰ হিচাবে পৰিচয় দিয়া নাই। তাৰ পৰিৱৰ্তে তেওঁক মৰমীয়াল শিক্ষক আৰু ধৈৰ্য্যশীল প্ৰশিক্ষক বুলিহে উল্লেখ কৰিছে। (ইয়োব ৩৬:২২; গীতমালা ৭১:১৭; যিচয়া ৫৪:১৩) বাস্তৱতে সঠিক উদ্দেশ্যৰে দিয়া ঈশ্বৰীয় অনুযোগত সদায়ে প্ৰেম আৰু ধৈৰ্য্য সন্মিলিত থাকে। অনুযোগৰ উদ্দেশ্যক বুজি প্ৰকৃত খ্ৰীষ্টানসকলে উত্তমভাৱে গ্ৰহণ আৰু উচিত মনোবৃত্তিৰে ইয়াক ব্যৱহাৰ কৰে।
মৰমীয়াল পিতৃ-মাতৃয়ে দিয়া অনুযোগ
পৰিয়াল আৰু মণ্ডলীত দিয়া অনুযোগৰ উদ্দেশ্যক সকলোৱে বুজি পোৱা আৱশ্যক। বিশেষকৈ মণ্ডলীত থকা পিতৃ-মাতৃয়ে অনুযোগৰ বিষয়ে বুজি পোৱা আৱশ্যক। এই বিষয়ে হিতোপদেশ ১৩:২৪ পদত এইদৰে বৰ্ণনা কৰিছে: “যি জনে নিজৰ পুতেকক চেকনী নিদিয়ে, তেওঁ তাক ঘিণ কৰে, কিন্তু যি জনে তাক স্নেহ কৰে, তেওঁ উচিত সময়ত তাক শাস্তি দিয়ে।”
পিতৃ-মাতৃয়ে কেনেকৈ অনুযোগ প্ৰদান কৰিব পাৰে? বাইবেলে বৰ্ণনা কৰি এইদৰে কৈছে: “হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪) এই পৰামৰ্শটোক এইদৰে পুনাৰাবৃত্তি কৰিব পৰা যায়: “হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকক কেচ্কেচাই নথাকিবা, জানোচা সিহঁত নিৰাশ হয়।”—কলচীয়া ৩:২১.
যিসকল প্ৰকৃত খ্ৰীষ্টান পিতৃ-মাতৃয়ে অনুযোগৰ সঠিক উদ্দেশ্যক বুজি পাই তেওঁলোকে কেতিয়াও ইয়াক কঠোৰতাৰে প্ৰয়োগ নকৰে। এই ক্ষেত্ৰত মৰমীয়াল পিতৃ-মাতৃয়ে ২ তীমথিয় ২:২৪ পদত উল্লেখ কৰা সিদ্ধান্তটোক পালন কৰিব পাৰে, যʼত পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰভুৰ দাসে বিৰোধ কৰাব নালাগে; কিন্তু সকলোলৈকে মৃদুভাৱে শিক্ষা দিয়াত নিপুণ, আৰু অপকাৰত সহনীয়” হোৱা উচিত। অতিপাত ক্ৰোধ, চিঞৰি কথা কোৱা বা কটুবাক্য কোৱাটো কেতিয়াও প্ৰেমময় অনুযোগৰ ভাগ হʼব নোৱাৰে আৰু এজন প্ৰকৃত খ্ৰীষ্টানৰ জীৱনত ইয়াৰ কোনো স্থান নাই।—ইফিচীয়া ৪:৩১; কলচীয়া ৩:৮.
লʼৰা-ছোৱালীয়ে কৰা কোনো ভুলৰ বাবে পিতৃ-মাতৃয়ে ততালিকে আৰু কঠোৰ মনেৰে শাস্তি দিয়াতকৈ তেওঁলোকক প্ৰেমপূৰ্বকভাৱে সংশোধন কৰা আৱশ্যক। বেছিভাগ সময়ত লʼৰা-ছোৱালীক তেওঁলোকৰ অনুচিত বিচাৰধাৰাবোৰ ত্যাগ দিবলৈ বাৰে বাৰে পৰামৰ্শ দিয়া আৱশ্যক। ইয়াৰ বাবে পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰা, ধৈৰ্য্য ধৰা আৰু কি প্ৰকাৰে অনুযোগ দিব সেই বিষয়ে চিন্তা কৰা আৱশ্যক। তদুপৰি তেওঁলোকে মনত ৰাখা উচিত যে “[যিহোৱাৰ NW] শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা” আৱশ্যক। ইয়াৰ অৰ্থ হৈছে লʼৰা-ছোৱালীক এনে ধৰণে প্ৰশিক্ষণ দিয়া যাতে তেওঁলোকে গোটেই জীৱন সেইবোৰক মনত ৰাখিব পাৰে।
প্ৰকৃত খ্ৰীষ্টান অধ্যক্ষসকলে মৃদুভাৱে অনুযোগ দিয়ে
সেই একেই সিদ্ধান্তটো প্ৰকৃত খ্ৰীষ্টান প্ৰাচীনসকলৰ বাবেও ব্যৱহাৰিক। তেওঁলোক প্ৰেমময়ৰূপে অধ্যক্ষতা কৰি ঈশ্বৰৰ জাকটিক নিৰ্দ্দেশনা আৰু আৱশ্যকতা অনুসাৰে সংশোধন কৰাৰ দ্বাৰা উৎসাহিত কৰিবলৈ চেষ্টা কৰে। তেনে কৰাৰ সময়ত তেওঁলোকে অনুযোগৰ বাস্তৱিক উদ্দেশ্যৰ বিষয়ে মনত ৰাখে। (ইফিচীয়া ৪:১১, ১২) যদি তেওঁলোকে কেৱল শাস্তি দিয়াটোৰ ওপৰতহে ধ্যান কেন্দ্ৰিত কৰে তেন্তে তাৰ অৰ্থ হʼব বিপথগামী জনক শাস্তি দি এৰি দিয়া। কিন্তু ঈশ্বৰীয় অনুযোগত ইয়াতকৈ অধিক কিছু সন্মিলিত হৈ আছে। প্ৰেমৰ দ্বাৰা পৰিচালিত হৈ প্ৰাচীনসকলে তেওঁলোকৰ পৰামৰ্শৰ যোগেদি বিপথে যোৱা ব্যক্তিজনক সহায় কৰে। তদুপৰি তেনে ধৰণৰ ব্যক্তিৰ প্ৰতি চিন্তিত হোৱাৰ হেতুকে তেওঁলোকে তেনে ব্যক্তিক উৎসাহিত আৰু প্ৰশিক্ষণ দিবলৈ কেইবাটাও বৈঠকৰ প্ৰবন্ধ কৰে।
২ তীমথিয় ২:২৫, ২৬ পদৰ পৰামৰ্শ অনুসাৰে চলি “মৃদুভাৱে” নিৰ্দ্দেশনা দিয়ে। এই শাস্ত্ৰীয় পদটোৱে অনুযোগ দিয়াৰ বিষয়ে এনেদৰে কৈছে: “চয়তানৰ ইচ্ছাসাধনৰ অৰ্থে, তাৰ দ্বাৰাই ধৃত হোৱাত, তেওঁবিলাক তাৰ ফান্দৰূপ ৰাগিৰ পৰা হুচ পাব।”
অনতিপলমে অনুযোগ গ্ৰহণ নকৰা ব্যক্তিসকলৰ সৈতে আচৰণ কৰোঁতে প্ৰাচীনসকলেকেতিয়াবা মন পালটন নকৰোঁতাসকলক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰাৰ আৱশ্যকতা আহি পৰে। (১ তীমথিয় ১:১৮-২০) তেনে ধৰণে লোৱা কঠোৰ পদক্ষেপক তেতিয়াও সাধাৰণ শাস্তি ৰূপে নহয় কিন্তু অনুযোগ হিচাবে লোৱা উচিত। মাজে সময়ে প্ৰাচীনসকলে এনে বহিষ্কৃত ব্যক্তিসকলক সাক্ষাৎ কৰে যিসকলে সক্ৰিয়ভাৱে ভুলকাৰ্য্যত জড়িত হৈ থকা নাই। তেনেদৰে সাক্ষাৎ কৰাৰ সময়ত প্ৰাচীনসকলে ব্যক্তিজনক পুনৰাই মণ্ডলীলৈ উভটি আহিবলৈ কেনে পদক্ষেপ লোৱা উচিত, তাক কোৱাৰ দ্বাৰা অনুযোগৰ উদ্দেশ্যৰ অনুসাৰে কাৰ্য্য কৰে।
যিহোৱা হৈছে সম্পূৰ্ণ ন্যায়কৰ্ত্তা ঈশ্বৰ
পিতৃ-মাতৃ, প্ৰাচীন আৰু আধ্যাত্মিক দায়িত্ব থকা অধিকাৰীসকলে অনুযোগৰ বিষয়টোক গম্ভীৰভাৱে লোৱা আৱশ্যক। আনবিলাকে কেতিয়াও সঠিক পথলৈ ঘূৰি আহিব নোৱাৰে বুলি বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰা উচিত নহয়। তেওঁলোকে দিয়া অনুযোগ কেতিয়াও পৰিশোধ বা কঠোৰ শাস্তি বিহা ভাৱধাৰাৰ ওপৰত আধাৰিত হোৱা উচিত নহয়।
বাইবেলে যিহোৱা ঈশ্বৰক এজন উপযুক্ত পৰিচালক আৰু শেষ শাস্তি দিয়া ব্যক্তি হিচাবে বৰ্ণনা কৰিছে। আনকি শাস্ত্ৰীয় পদে কৈছে যে “জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ঙ্কৰ কথা।” (ইব্ৰী ১০:৩১) গতিকে এই ক্ষেত্ৰত বা আন আন বিষয়বোৰত এজন ব্যক্তিয়ে নিজকে যিহোৱাৰ সৈতে তুলনা কৰাটো কেতিয়াও উচিত নহয়। তদুপৰি কোনো এজনে পিতৃ-মাতৃ বা মণ্ডলীৰ নিৰ্দ্দিষ্ট প্ৰাচীনৰ হাতত পৰাটো অতি ভয়ঙ্কৰ বিষয় বুলি বিবেচনা কৰাৰ কোনো কাৰণ নাই।
যিহোৱাৰ ওচৰত সঠিকভাৱে অনুযোগ দিয়াৰ ক্ষমতা আছে। কিন্তু মানুহৰ ওচৰত তেনে ক্ষমতা নাই। ঈশ্বৰে মানুহৰ মন আৰু হৃদয় পঢ়িব পাৰে, সেয়েহে যেতিয়া কোনো এজনে নিজকে সংশোধন নকৰে তেওঁক উপযুক্তৰূপে শেষ শাস্তি দিব পাৰে। ইয়াৰ বিপৰীতে মানুহে তেনেধৰণৰ ন্যায়-বিচাৰ কৰিব নোৱাৰে। সেইবাবে যিসকলে উচ্চ পদাধিকাৰত আছে, তেওঁলোকে সদায়ে সংশোধন কৰাৰ উদ্দেশ্যৰেহে অনুযোগ দিয়া আৱশ্যক।
যিহোৱাৰ অনুযোগ গ্ৰহণ কৰক
আমি সকলোৱে যিহোৱাৰ অনুযোগ গ্ৰহণ কৰা আৱশ্যক। (হিতোপদেশ ৮:৩৩) তদুপৰি ঈশ্বৰৰ বাক্যৰ আধাৰিত অনুযোগৰ প্ৰতি আমি হাবিয়াহ কৰা উচিত। বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা আমি অনুযোগ গ্ৰহণ কৰিব পাৰিম, কিয়নো ইয়াৰ উৎস হৈছে স্বয়ং যিহোৱা ঈশ্বৰ। (২ তীমথিয় ৩:১৬, ১৭) আমি কেতিয়াবা হয়তো সঙ্গী উপাসকসকলৰ পৰাও অনুযোগ পাব পাৰোঁ। যদি আমি অনুযোগ দিয়াৰ উদ্দেশ্যক বুজি পাওঁ তেতিয়া ইয়াক স্বইচ্ছাৰে গ্ৰহণ কৰিব পাৰিম।
পাঁচনি পৌলৰ অনুসাৰে, “সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়।” আগলৈ তেওঁ এইদৰে কৈছিল: “তথাপি পাছত, তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক, ধাৰ্ম্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।” (ইব্ৰী ১২:১১) যিহোৱাই প্ৰদান কৰা অনুযোগে আমাৰ প্ৰতি থকা তেওঁৰ গভীৰ প্ৰেম প্ৰকাশ কৰে। আমি অনুযোগ গ্ৰহণ কৰোঁতা বা দিওঁতাই নহওঁ কিয়, কিন্তু ইয়াৰ উদ্দেশ্যক সদায়েই মনত ৰাখা আৰু এই পৰামৰ্শক মানি চলা উচিত, যʼত এইদৰে কৈছে: “শিক্ষাক দৃঢ়ৰূপে ধৰা, এৰি নিদিবা; তেওঁক ধৰি ৰাখা, কিয়নো তেৱেঁই তোমাৰ জীৱনস্বৰূপ।”—হিতোপদেশ ৪:১৩. (w03 10/1)