বৰ্তমান সময়ত হোৱা যুদ্ধবোৰে এক অন্যৰূপ ধাৰণ কৰিছে
বৰ্তমান সময়ত হোৱা যুদ্ধবোৰে এক অন্যৰূপ ধাৰণ কৰিছে
যুদ্ধ সদায়ে অমানুষিকৰূপে প্ৰকাশ পাই আহিছে। কিয়নো ই সদায়ে সৈন্যসকলৰ জীৱন ধ্বংস আৰু সাধাৰণ নাগৰিকবিলাকক পীড়িত কৰিছে। কিন্তু চলিত বছৰবোৰত হোৱা যুদ্ধই এক অন্যৰূপ ধাৰণ কৰিছে। কেনে ধৰণৰ ৰূপ ধাৰণ কৰিছে?
বৰ্তমান সময়ত হোৱা যুদ্ধবোৰ প্ৰধানকৈ হৈছে অসামৰিক যুদ্ধ, যেনে, সাধাৰণ নাগৰিক বা একেই দেশৰ দুটা ভিন্ন গোটৰ মাজত হোৱা যুদ্ধ। সাধাৰণতে অসামৰিক যুদ্ধ দীঘলীয়া, জনসাধাৰণৰ অধিক ক্ষতিসাধন আৰু দুখন ৰাষ্ট্ৰৰ মাজত হোৱা যুদ্ধতকৈও দেশত অধিক ধ্বংস কৰে। স্পেইনৰ জুলিয়ান কাচনভা নামৰ বুৰঞ্জীবিদজনে মন্তব্য দি এইদৰে কয় “অসামৰিক যুদ্ধ অধিক নিষ্ঠুৰ, সৈন্যবাহিনীৰ নৃশংসক অভিযানত হাজাৰ হাজাৰ লোকৰ মৃত্যু, ধৰ্ষণ, বলপূৰ্বকভাৱে এজনক দেশ বা ঘৰৰ পৰা বাহিৰ কৰা আৰু বেছিভাগ ক্ষেত্ৰতে অধিককৈ গণহত্যা কৰা হয়।” প্ৰকৃততে যেতিয়া একেখন দেশৰ এটা গোটে আন এটা গোটৰ বিৰুদ্ধে বৰ্বৰতাৰে কাৰ্য্য কৰে তেতিয়া সেই পৰিস্থিতি ভাল হʼবলৈ বহু সময় লাগে।
যেতিয়াৰ পৰা শীতল যুদ্ধৰ সমাপ্তি ঘটিল তেতিয়াৰ পৰা ভিন্ন জাতিৰ সৈন্যৰ মাজত আনুপাতিকভাৱে কেৱল কেইখনমানহে যুদ্ধ হৈছিল। “কিন্তু ১৯৯০-২০০০ চনৰ ৰিপোৰ্টৰ অনুসাৰে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত তিনিটা প্ৰমুখ সংঘৰ্ষ হʼল” বুলি চুইডেনৰ স্তকহোম চহৰত থকা অন্তঃৰাষ্ট্ৰীয় শান্তি অন্বেষণ প্ৰতিষ্ঠানে (SIPRI) সংবাদ দিয়ে।
ঘটিত হোৱা আভ্যন্তৰিক সংঘৰ্ষবোৰ যদিও কম বিপদজনক যেন বোধ হয় বা অন্তঃৰাষ্ট্ৰীয় বাতৰিয়ে বৃহতভাৱে উপেক্ষা কৰে তথাপিও তাৰ পৰিণামস্বৰূপে সংঘটিত হোৱা ধ্বংস আৰু বিধ্বস্ততা সকলো ক্ষেত্ৰতে একেই হয়। ভিতৰুৱা যুদ্ধৰ বাবে কোটি কোটি লোকে মৃত্যুবৰণ কৰিবলগীয়া হয়। দাৰাচলতে যোৱা দুটা দশকত কেৱল তিনিখন যুদ্ধগ্ৰস্ত দেশ অৰ্থাৎ আফ্গানিস্তান, কঙ্গো আৰু ছুডানত প্ৰায় ৫০ লাখ লোকে নিজৰ প্ৰাণ হেৰুৱালে। বলকানৰ দেশবোৰত হোৱা জাতিগত সংঘৰ্ষত প্ৰায় ২,৫০,০০০ জন আৰু দীৰ্ঘ সময় ধৰি হোৱা গেৰিলা যুদ্ধত কলম্বিয়াত ১,০০,০০০ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
যুদ্ধৰ অমানুষিক বৰ্বৰতাই সকলো ঠাইতে লʼৰা-ছোৱালীৰ ওপৰত আগতকৈ অধিক প্ৰভাৱ পেলাইছে। শৰণাৰ্থীৰ যুক্তৰাষ্ট্ৰ উচ্চ আয়ুক্তৰ অনুসাৰে যোৱা দশকত অসামৰিক সংঘৰ্ষত ২০ লাখতকৈ অধিক লʼৰা-ছোৱালীয়ে নিজৰ প্ৰাণ হেৰুৱালে আৰু ৬০ লাখ আহত হয়। ডাঙৰ হৈ অহা লʼৰা-ছোৱালীক সৈন্য সেৱাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। এই বিষয়ে এজন লʼৰা সৈন্যই এইদৰে কয়: “তেওঁলোকে মোক প্ৰশিক্ষণ দিলে। তেওঁলোকে মোক এটা বন্দুক দিলে। মই ড্ৰাগ লʼবলৈ আৰম্ভ কৰিলোঁ। মই বহুতো নাগৰিকক হত্যা কৰিলোঁ। মোৰ বাবে এইটো কেৱল এখন যুদ্ধ আছিল . . . মই কেৱল আজ্ঞা পালন কৰিলোঁ। মই জানিছিলোঁ যে এইটো এটা জঘন্য কাৰ্য্য আছিল। তেনে কৰাটো মোৰ ইচ্ছা নাছিল।”
বহুতো দেশত লʼৰা-ছোৱালীৰ বাবে অসামৰিক যুদ্ধই তেওঁলোকৰ জীৱনধাৰা হৈ পৰিছে আৰু তেওঁলোকে শান্তি কি তাক অনুভৱ নকৰাকৈ ডাঙৰ-দীঘল হৈছে। তেওঁলোকে এনেবোৰ দেশত বাস কৰিছে যʼত স্কুলবোৰ ধ্বংস কৰা হৈছে আৰু মাহৰ পিছত মাহ ধৰি কেৱল বন্দুকৰ গুলীৰে ইজনে সিজনক প্ৰত্যুত্তৰ দিছে। এই বিষয়ে ১৪ বছৰীয়া দুঞ্জাই এইদৰে কয়: “বহুতো লোক মৰা পৰিল . . . আপুনি কোনো চৰাই-চিৰিকতিয়ে গীত গোৱা শুনিবলৈ নাপাব, কেৱল লʼৰা-ছোৱালীয়ে তেওঁলোকৰ মাতৃ বা পিতৃ, ভায়েক অথবা ভনীয়েকক হেৰুৱাই কন্দন কৰাৰ শব্দহে শুনিবলৈ পোৱা যায়।”
তেনে হোৱাৰ কাৰণবোৰ কি?
কিহে তেনে ঘৰুৱা যুদ্ধক উত্তেজিত কৰিছে? তাৰ গুৰুত্বপূৰ্ণ কাৰণবোৰ হৈছে, জাতিগত ঘৃণা, ধৰ্ম্মৰ প্ৰভেদতা, অন্যায় আৰু ৰাজনৈতিক বিপ্লৱ। ইয়াৰ উপৰিও আন কাৰণসমূহ হৈছে ৰাজনৈতিক শক্তি আৰু ধনৰ প্ৰতি থকা লোভ। ৰাজনৈতিক নেতাবিলাকে প্ৰায়ে লোভৰ দ্বাৰা প্ৰেৰিত হৈ সংঘৰ্ষৰ বাবে ঘৃণা উৎপন্ন কৰে। চুইডেনৰ স্তকহোম চহৰত থকা অন্তঃৰাষ্ট্ৰীয় শান্তি অন্বেষণ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এটা ৰিপোৰ্টত এইদৰে কয় যে হাতত অস্ত্ৰ তুলি লোৱা বহুতো অংশগ্ৰহণকাৰীয়ে “ব্যক্তিগত লাভৰ দ্বাৰা প্ৰেৰিত হৈ” সংঘৰ্ষ কৰে। আগলৈ ৰিপোৰ্টে এইদৰে কয়: “লোভ বহুতো প্ৰকাৰে প্ৰকাশ পাইছে। বৃহৎমাত্ৰাত থকা চৰকাৰী সৈন্যবাহিনী, ৰাজনৈতিক নেতাৰ পৰা লৈ গাওঁ অঞ্চলত থকা ডেকা ব্যক্তিসকলে হাতত অস্ত্ৰ লৈ লোট বা চুৰ কৰে।
মৰণাস্ত্ৰবোৰ কম দামত আৰু সহজে উপলব্ধ হোৱাৰ বাবে বিশ্বজুৰি হাত্যাকাণ্ডৰ সংখ্যাও বৃদ্ধি হৈছে। প্ৰত্যেক বছৰে তথা-কথিত সৰু অস্ত্ৰৰ দ্বাৰা প্ৰায় ৫,০০,০০০ জন লোকৰ মৃত্যু হয়, যʼত অধিক সংখ্যাত মহিলা আৰু শিশু সন্মিলিত আছে। আফ্ৰিকাৰ এখন দেশত এটা একে-৪৭ ৰাইফল হাঁহ-কুকুৰাৰ দৰত পাব পাৰি। দুখৰ বিষয় এই যে কিছুমান ঠাইত ঘৰচীয়া হাঁহ-কুকুৰাৰ দৰে যথেষ্ট মাত্ৰাত বন্দুক পোৱা যায়। অনুমান কৰামতে গোটেই বিশ্বত পোৱা সৰু অস্ত্ৰৰ সংখ্যা হৈছে ৫০ কোটি অৰ্থাৎ প্ৰত্যেক ১২ জন জীৱিত ব্যক্তিৰ বাবে এটা বন্দুক।
একবিংশ শতাব্দীত অমানুষিক সামৰিক যুদ্ধ এটা উল্লেখনীয় প্ৰমাণাঙ্ক হʼবনে? সামৰিক যুদ্ধবোৰ নিয়ন্ত্ৰণ কৰা হʼবনে? মানুহে অৱশেষত হত্যা কৰাটো বন্ধ কৰিবনে? পৰৱৰ্তী লেখত এই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। (w04 1/01)
[৪ পৃষ্ঠাৰ বক্স]
সামৰিক যুদ্ধৰ বাবে হোৱা শোকাৱহ ক্ষতিগ্ৰস্ত
নিম্ন-প্ৰযুক্ত কিন্তু অমানুষিক যুদ্ধবোৰত ভাগ লোৱা লোকতকৈ ৯০ শতাংশ নাগৰিকে যুদ্ধত মৃত্যুবৰণ কৰিছে। এই বিষয়ে গ্ৰেচা মেছেল্ নামৰ যুক্তৰাষ্ট্ৰৰ মহা সচিবৰ এজন বিশেষজ্ঞই অস্ত্ৰ-সস্ত্ৰ যুঁজত লʼৰা-ছোৱালীৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে এইদৰে কয়: “স্পষ্টকৈ এইটো দেখিবলৈ পোৱা গৈছে যে যুদ্ধত ভাগ লোৱাসকলতকৈ কিশোৰ-কিশোৰীবোৰেহে অধিক পীড়িত হʼবলগীয়া হৈছে।”
ধৰ্ষণ হৈছে সৈনিকসকলৰ এটা ইচ্ছাকৃত কাৰ্য্যপ্ৰণালী। কিছুমান যুদ্ধগ্ৰস্ত এলেকাত শত্ৰু পক্ষৰ গাৱঁত পোৱা প্ৰায় প্ৰত্যেকজনী কিশোৰীক ৰাজদ্ৰোহীবিলাকে ধৰ্ষণ কৰে। ধৰ্ষণকাৰীসকলে তেনে কৰাৰ উদ্দেশ্য হৈছে জাতিগত শত্ৰুবিলাকৰ পৰিয়ালৰ বান্ধোন ধ্বংস বা তেওঁলোকক সন্ত্ৰাসিত কৰি তুলা।
যুদ্ধৰ লগে লগে বেমাৰ আৰু দুৰ্ভিক্ষ আৰম্ভ হয়। এখন অসামৰিক যুদ্ধ হোৱাৰ অৰ্থ হৈছে অলপমাত্ৰাত শস্যৰ খেতি কৰা আৰু চপোৱা, কেৱল অলপমাত্ৰাতহে চিকিৎসা সেৱা উপলব্ধ আৰু আৱশ্যক থকাসকলে প্ৰায়ে কম পৰিমাণে অন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰে। আফ্ৰিকাৰ অসামৰিক যুদ্ধৰ ওপৰত কৰা এটা অধ্যয়নে প্ৰকাশ কৰিছে যে ২০ শতাংশ পীড়িত লোকে বেমাৰ আৰু ৭৮ শতাংশ লোকে খাবলৈ নাপাই মৃত্যুবৰণ কৰিবলগীয়া হয়। কেৱল ২ শতাংশ লোকেহে যুদ্ধৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়।
মাটিত পোতা মাইন অৰ্থাৎ ভূমিস্ফোৰকত ভৰি দিয়াৰ বাবে গড় হিচাপে প্ৰত্যেক ২২ মিনিটত কোনোবা এজনে নিজৰ এখন ভৰি বা জীৱন হেৰুৱাবলগীয়া হয়। অনুমান কৰা অনুসাৰে ৬০ খনতকৈ অধিক দেশৰ ভূমিত পোতি ৰাখা মাইনৰ সংখ্যা হৈছে প্ৰায় ছয়ৰ পৰা সাত কোটি।
লোকসকলে বলপূৰ্বকভাৱে ঘৰ এৰি পলাই যাবলগীয়া হৈছে। বিশ্বজুৰি শৰণাৰ্থী আৰু ঘৰ এৰি পলাই অহাসকলৰ সংখ্যা হৈছে প্ৰায় পাঁচ কোটি, তেওঁলোকৰ আধা সংখ্যকেই হৈছে কিশোৰ-কিশোৰী।
[২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
বেটুপাট: Boy: Photo by Chris Hondros/Getty Images
[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Photo by Chris Hondros/Getty Images